১৯৩১ চনৰ শৰৎকাল। আমেৰিকাৰ নিউ-জাৰ্ছীৰ West Orange নামৰ এখন শান্ত, নীৰৱ চহৰ। সেই চহৰ খনতেেই শুই আছিল এজন লোক, যিজনে পৃথিৱীৰ এন্ধাৰ আঁতৰাই পোহৰ আনিছিল। সেইজনেই আছিল Thomas Edison।
যিজনে মানুহে নিজৰ আৱিষ্কাৰেৰে যেনে ইলেক্ট্ৰিক বাল্ব, ফোনোগ্ৰাফ, চলচিত্ৰ আদিৰে মানুহৰ জীৱন সলনি কৰি পেলাইছিল, আজি, সেই মহান আৱিষ্কাৰক জনেই নিজৰ জীৱনৰ শেষ অন্তিম ক্ষণত উপনীত হৈছিল। সময় যেন লাহে লাহে থমকি ৰৈছিল।
এটা নীৰৱ কোঠাত শয্যাশায়ী হৈ জীৱনৰ অন্তিম ক্ষণলৈ অপেক্ষা কৰি আছিল এডিচনে। ঘৰটোৰ পৰিবেশ অতি শান্ত। পৰিয়ালৰ মানুহবোৰ নিস্তব্ধ হৈ বহি আছে। সকলোৰে মুখত উদ্বেগৰ ছাপ। ঘৰটোৰ বাহিৰতো গুণমুগ্ধ লোক, সাংবাদিক, ফটোগ্ৰাফাৰ আদিয়ে গিজগিজাই আছে। সকলোৰে চকুত উদ্বেগ আৰু বেদনাৰ চিন।
এডিচনৰ এই অৱস্থা দেখি বৰকৈ ব্যাথিত হৈ পৰিছিল এসময়ত তেওঁৰ অধীনত কাম কৰা স্বনামধন্য বিজ্ঞানী হেনৰি ফ'ৰ্ড। পিছলৈ তেওঁ এডিচনৰ সকলোতকৈ প্ৰিয় বন্ধু হৈ পৰিছিল। হেনৰী ফ'ৰ্ডে এডিচনক হেৰুৱাবলৈ যেন মুঠেও প্ৰস্তুত নাছিল। সেয়ে এদিন তেওঁ টমাচ এলভা এডিচনৰ পুত্ৰ চাৰ্লচ এডিচনক মতাই আনি এক অদ্ভুত প্ৰস্তাৱ দাঙি ধৰিলে।
তেওঁ চাৰ্লছৰ হাতত কেইটামান খালী টেষ্ট টিউব দি ক'লে : চাৰ্লছ, তুমি তোমাৰ পিতৃৰ অন্তিমটো শ্বাস এই টেষ্টটিউবৰ ভিতৰত ধৰি ৰাখি টেষ্টটিউবকেইটা মোক ওভটাই দিব লাগিব। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ এই অন্তিম শ্বাসটো মোৰ জীৱনৰ এক প্ৰেৰণা হৈ ৰ'ব।
এডিচন মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈছিল। লাহে লাহে তেওঁৰ শৰীৰৰ অৱস্থা বেছি বেয়ালৈ ঢাল খাইছিল। চিকিৎসকৰ মতে এয়া তেওঁৰ অন্তিম সময়। পৰিয়ালৰ মানুহবোৰ আহি গোট খাইছেহি। কাৰণ, তেওঁলোক সকলোৱেই এইটো গম পাইছিল যে মহান বিজ্ঞানী এডিচনে জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যৰ "মৃত্যু"ৰ সতে হয়তো আৰু বেছি যুঁজিব নোৱাৰিব।
ইতিমধ্যে এডিচনৰ শয্যাৰ কাষৰ এখন টেবুলত কিছুমান সৰু সৰু টেষ্টটিউৱ ৰাখি থোৱা হৈছিল। একো একোটা সাধাৰণ কাঁচৰ টিউৱ। কিন্তু সেইবোৰৰ ভিতৰত এটা অসাধাৰণ মুহূৰ্ত ধৰি ৰাখিবলৈ ইতিমধ্যে সাজু হৈ ৰৈছিল এডিচনৰ পুত্ৰ চাৰ্লছ আৰু এডিচনৰ চিকিৎসক।
১৮ অক্টোৱৰ, ১৯৩১ চনৰ এটা দুপৰীয়া। এডিচনৰ নিশ্বাসবোৰ লাহে লাহে ক্ষীণ হৈ আহিছিল। কোঠাটো একেবাৰেই নিৰৱ হৈ পৰিছিল। আত্মীয় স্বজন আৰু গুণমুগ্ধ সকলৰ দুচকুত বিষাদৰ ছাঁ। কিছুপৰৰ অস্বস্তিকৰ নীৰৱতাৰ পিছত যেতিয়া এডিচনৰ দেহটো প্ৰায় অসাৰ হৈ আহিছিল, তেতিয়াই চাৰ্লছ আৰু চিকিৎসকজনে এটা টেষ্টটিউৱ এডিচনৰ মুখৰ ওচৰত দাঙি ধৰি এডিচনৰ অন্তিমটো নিশ্বাস সংগ্ৰহ কৰি টেষ্টটিউৱটোৰ মুখখন বন্ধ কৰি দিলে। তেওঁলোকে এনেদৰে ৮টা টেষ্টটিউৱ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ চিল কৰি সংৰক্ষণ কৰিছিল।
সেই সময়ত এনে লাগিছিল যেন তেওঁলোকে টিউৱবোৰৰ ভিতৰত কেৱল বায়ু নহয়, এজন মহান বিজ্ঞানীৰ জীৱনৰ কিবা এটা অদৃশ্য অংশ সংৰক্ষণ কৰি পেলালে।
এডিচন গ'লগৈ। কিন্ত, সযতনে সংগ্ৰহ কৰি ৰখা এডিচনৰ অন্তিমটো শ্বাসৰ টেষ্টটিউৱবোৰ তেওঁৰ প্ৰাণৰ বন্ধু হেনৰী ফ'ৰ্ডৰ ঘৰলৈ পঠিওৱা হ'ল। হেনৰি ফৰ্ডে এই টেষ্টটিউৱবোৰ নিজৰ ব্যক্তিগত সংগ্ৰহত বহু বছৰ ধৰি ৰাখিছিল। পিছলৈ এই ঐতিহাসিক টেষ্টটিউৱবোৰ Henry Ford Museum of American Innovation লৈ স্থানান্তৰ কৰা হয়।
বৰ্তমান এডিচনৰ অন্তিম শ্বাসটো সংৰক্ষণ কৰি ৰখা এই টেষ্টটিউৱটো চাবলৈ সমগ্ৰ বিশ্বৰ মানুহে ভিৰ কৰেহি। যিজন ব্যক্তিয়ে সমগ্ৰ পৃথিৱীখন পোহৰাই পোহৰাই তুলিছিল, তেৱো মৃত্যুৰ ৰহস্য ভেদ কৰিব নোৱাৰি কোনো অজানতিমুলুকৰ এখন অন্ধকাৰ দেশলৈ গুছি গ'ল, কিন্তু এৰি থৈ গ’ল—
এটা নিশ্বাস, কিছু অনুভূতি, আৰু এটা কাঁচৰ টিউবত বন্ধ হৈ থকা অনন্ত ৰহস্য…
https://youtu.be/ChxLMVi2Y_w?si=ikXJiY1lT9JcoDA_







