আমি সাধাৰণতে সময়ক সৰ্বত্ৰ একে গতিৰে প্ৰবাহমান বুলি ভাবোঁ, কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে দেখুৱাইছে যে সময়ৰ গতি সকলো ঠাইতে একে নহয়। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্ব অনুসৰি সময়ৰ প্ৰবাহ মাধ্যাকর্ষণ আৰু পদাৰ্থৰ গতিৰ ওপৰত নিৰ্ভৰশীল। এই তত্ত্বৰ আধাৰত বিজ্ঞানীসকলে এটা আমোদজনক সত্যৰ সন্ধান উলিয়াইছে — মংগল গ্ৰহত ঘড়ীৰ কাটা পৃথিৱীৰ তুলনাত অলপ বেছি দ্ৰুত গতিৰে প্ৰবাহিত হয়।
ঘড়ীৰ কাটাৰ এই দ্ৰুততাৰ কাৰণবোৰৰ ভিতৰত মাধ্যাকর্ষণৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাধাৰণ আপেক্ষিকতাৰ মতে শক্তিশালী মাধ্যাকর্ষণে সময়ক অলপ ধীৰ কৰি তোলে। যিমানেই মাধ্যাকর্ষণ বেছি হয়, সময় সিমানেই ধীৰে প্ৰবাহিত হয়। আমাৰ পৃথিৱীখন মংগল গ্ৰহতকৈ ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। পৃথিৱীৰ ভৰ প্ৰায় 5.97 × 10²⁴ কিলোগ্ৰাম, আৰু মংগল গ্ৰহৰ ভৰ প্ৰায় 6.42 × 10²³ কিলোগ্ৰাম। অৰ্থাৎ মংগল গ্ৰহৰ ভৰ পৃথিৱীৰ প্ৰায় এক-দশমাংশ। পৃথিৱীত মাধ্যাকর্ষণ শক্তি প্ৰায় 9.8 m/s², কিন্ত মংগল গ্ৰহত এই মান মাত্ৰ 3.7 m/s²। মংগল গ্ৰহত মাধ্যাকর্ষণ কম হোৱাৰ বাবে তাত সময় ধীৰ হয়, ফলত মঙলত থকা ঘড়ী পৃথিৱীৰ ঘড়ীতকৈ অলপ বেছি দ্ৰুত গতিৰে চলে।
বিশেষ আপেক্ষিকতাৰ মতে পদাৰ্থৰ গতিৰ বাবেও সময় ধীৰ হয়। কোনো বস্তু যিমানেই বেছি বেগেৰে গতি কৰে, সেই বস্তুটোৰ সময় সিমানেই ধীৰে হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰায় 29.8 km/s বেগেৰে পৰিভ্ৰমণ কৰে, আনহাতে মংগল গ্ৰহৰ কক্ষীয় বেগ প্ৰায় 24.1 km/s। পৃথিৱীৰ গতি বেছি হোৱাৰ বাবে তাত সময় অলপ বেছি ধীৰ হয়। মংগল গ্ৰহ তুলনামূলকভাৱে ধীৰে চলাৰ বাবে তাত এই প্ৰভাৱ কম, যাৰ ফলত মঙলত ঘড়ীৰ কাটা অলপ বেছি দ্ৰুত গতিৰে আগবাঢ়ে।
মাধ্যাকর্ষণ আৰু গতি — এই দুয়োটা প্ৰভাৱ একেলগে বিবেচনা কৰিলে দেখা যায় যে মংগল গ্ৰহত মাধ্যাকর্ষণ কম আৰু কক্ষীয় গতি ধীৰ হোৱাৰ বাবে, পৃথিৱীৰ তুলনাত তাত সময় অলপ বেছি দ্ৰুত গতিৰে বয়। বিজ্ঞানীসকলৰ গণনাৰ মতে এই পাৰ্থক্য এদিনত মাথোঁ কেইটামান মাইক্র'ছেকেণ্ড। যদিও সাধাৰণ জীৱনত এই সময়ৰ পাৰ্থক্য প্ৰায় নগণ্য, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি। মহাকাশযানৰ পথ-নির্দেশনা, উপগ্ৰহ যোগাযোগ আদিৰ ক্ষেত্ৰত এই পাৰ্থক্য অতি গুৰুত্বপৰ হৈ পৰে। সেয়েহে মঙল গ্ৰহলৈ অভিযান চলাওঁতে বিজ্ঞানীসকলে সময়ৰ এই আপেক্ষিকতাৰ প্ৰভাৱবোৰ সঠিকভাৱে ধৰি চলে। এই তথ্যই পুনৰ বাৰ প্ৰমান কৰে যে সময় স্থিৰ বা সৰ্বজনীন নহয়; বৰং সময় মাধ্যাকর্ষণ আৰু গতিৰ দ্বাৰা প্ৰভাৱিত হয়।
✍️ প্ৰণৱজ্যোতি দাস, টংলা।

