বুধ গ্ৰহত এদিনতেই দুবাৰ সূৰ্যোদয় হয় । বুধে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি অতি ধীৰ গতিৰে আবৰ্তন কৰে বাবে বুধৰ এটা দিন আমাৰ পৃথিৱীৰ প্ৰায় 59 দিনৰ সমান । আনহাতে বুধ গ্ৰহই নিজৰ কক্ষপথেৰে অতি বেছি বেগত সূৰ্যৰ চাৰিওফালে ঘূৰে । এতিয়া ধৰা হ’ল বুধত সূৰ্যোদয় হৈছে আৰু সূৰ্যই স্বাভাৱিক ভাবে পূৱৰ পৰা পশ্চিমলৈ গতি কৰিছে (সূৰ্য প্ৰকৃততে স্থিৰ) । এনে ক্ষেত্রত বুধৰ কক্ষিক বেগ আবৰ্তন বেগতকৈ বেছি হোৱা বাবে সূৰ্যই থিক মুৰৰ ওপৰত স্থান লোৱাৰ পিছত পুণৰ পূৱ দিগন্তলৈ উভটি যায় । কিন্তু কিছু সময়ৰ পিছত বুধ সূৰ্যৰ পৰা আঁতৰি যোৱাৰ লগে লগে ইয়াৰ কক্ষিক বেগো কমি যোৱাত সূৰ্যক পুনৰ পশ্চিমলৈ ধাবিত হোৱা দেখা যায় ।
Saturday, 14 November 2015
এদিনতেই দুবাৰ সূৰ্যোদয় হোৱা গ্ৰহ বুধ
বুধ গ্ৰহত এদিনতেই দুবাৰ সূৰ্যোদয় হয় । বুধে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি অতি ধীৰ গতিৰে আবৰ্তন কৰে বাবে বুধৰ এটা দিন আমাৰ পৃথিৱীৰ প্ৰায় 59 দিনৰ সমান । আনহাতে বুধ গ্ৰহই নিজৰ কক্ষপথেৰে অতি বেছি বেগত সূৰ্যৰ চাৰিওফালে ঘূৰে । এতিয়া ধৰা হ’ল বুধত সূৰ্যোদয় হৈছে আৰু সূৰ্যই স্বাভাৱিক ভাবে পূৱৰ পৰা পশ্চিমলৈ গতি কৰিছে (সূৰ্য প্ৰকৃততে স্থিৰ) । এনে ক্ষেত্রত বুধৰ কক্ষিক বেগ আবৰ্তন বেগতকৈ বেছি হোৱা বাবে সূৰ্যই থিক মুৰৰ ওপৰত স্থান লোৱাৰ পিছত পুণৰ পূৱ দিগন্তলৈ উভটি যায় । কিন্তু কিছু সময়ৰ পিছত বুধ সূৰ্যৰ পৰা আঁতৰি যোৱাৰ লগে লগে ইয়াৰ কক্ষিক বেগো কমি যোৱাত সূৰ্যক পুনৰ পশ্চিমলৈ ধাবিত হোৱা দেখা যায় ।
এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন
ভাৰতৰ মহাকাশ বিজ্ঞানীৰ দ্বাৰা এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন সম্পন্ন হল । সৌ সিদিনা ইছৰোৰ বিজ্ঞানী সকলে সফলতাৰে আৰু সম্পূৰ্ণ নিজস্ব কাৰিকৰী কৌশলেৰে তথা নুন্যতম খৰছত মংগল গ্ৰহলৈ MOMক প্ৰেৰণ কৰি পৃথিৱীক চমক খুৱাই আজি পুনৰ এষ্ট্ৰোচাট নামৰ মহাকাশ অভিযান সফলতাৰে সম্পণ্ণ কৰে । এই উৎক্ষেপনৰ জৰিয়তে ভাৰতে প্ৰথম বাৰলৈ নিজস্ব মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী হোৱাৰ গৌৰৱ আহৰণ কৰিলে । এষ্ট্ৰোচাটৰ কাৰ্যপদ্ধতি আমেৰিকাৰ হাবল মহাকাশ নিৰীক্ষণ যন্ত্ৰৰ লেখিয়া হ’ব । আমেৰিকা, ইউৰোপ, জাপান আৰু ৰাচিয়াৰ পিছতেই ইয়াৰ দ্বাৰা ভাৰত মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী বিশ্বৰ পঞ্চমখন দেশ হিচাবে পৰিগণিত হ’ল । 1513 কেজি ওজনৰ এষ্ট্ৰোচাটক লৈ PSLV প্ৰক্ষেপক যানখন আজি পুৱা দহ বজাত উৎক্ষেপিত হয় আৰু মাত্র 22 মিনিটৰ ভিতৰতে পৃথিৱীৰ পৰা 650 কিমি ওপৰৰ কক্ষপথত স্থাপন কৰা হয় । এই অভিযানত ভাৰতে এষ্ট্ৰোচাটৰ লগতে কানাডা, ইন্দোনেচিয়া আৰু আমেৰিকাৰ 6টা কৃত্ৰিম উপগ্ৰহও কঢ়িয়াই নি সফলতাৰে কক্ষপথত স্থাপন কৰে । ভাৰতীয় হিচাবে আমি গৌৰৱ অনুভৱ কৰিছো । ইছৰোৰ বিজ্ঞানী সকললৈ শুভেচ্ছা যাচিলোঁ ।
জোনবাইৰ কথাৰে
জোনবাই প্ৰতিদিনেই প্ৰায় ৫০ মিনিট পলমকৈ ওলায় । জোনবায়ে আকাশত পশ্চিমৰ পৰা পূৱলৈ পৃথিৱীৰ চাৰিওফালে ঘুৰে । পৃথিৱীৰ চাৰিওফালে এপাক ঘুৰিবলৈ জোনবাইক ২৭.৩ দিন লাগে । পৃথিৱীৰ চৌদিশে ৩৬০ ডিগ্ৰী ঘুৰিবলৈ যিহেতু জোনবাইক ২৭.৩ দিন লাগে, সেয়ে জোনবায়ে যোৱা ৰাতিৰ স্থানৰ পৰা ২৪ ঘণ্টাত পৃথিৱীৰ চৌদিশে ৩৬০/২৭.৩ ডিগ্ৰী অৰ্থাৎ ১৩.১৮ ডিগ্ৰী পূৱলৈ ঘুৰে । প্ৰতি ডিগ্ৰী দ্ৰাঘিমাত ৪ মিনিটকৈ সময়ৰ পাৰ্থক্যৰ বাবে এদিনত মুঠ সময়ৰ পাৰ্থক্য হৈ পৰে ১৩.১৮ x ৪ মিনিট অৰ্থাৎ ৫২.৭ মিনিট । যিহেতু জোনবায়ে পূৱলৈ গতি কৰে, পৃথিৱীৰ পৰা আমি জোনবাইক প্ৰায় ৫০ মিনিট পলমকৈ ওলোৱা দেখা পাওঁ ।
সময় কি ?
এটা বৰ জটিল প্ৰশ্ন । আজি একবিংশ শতিকাত আমি বৈজ্ঞানিক অৱদানেৰে এনেদৰে ধন্য হৈছো যে ক্ষুদ্ৰতকৈয়ো ক্ষুদ্ৰতম সময় আমি সঠিক ভাবে জুখি উলিয়াব পাৰিছোঁ । কিন্তু পৰিতাপৰ কথা এইটোৱেই যে যেতিয়াই আমাক সোধা হয়, “সময় কি” – আমি দোমোজাত পৰিছোঁ, উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ । এৰা, সময় এক জটিল বিষয় । সময়ৰ স্বৰূপ কি অথবা সময়ৰ বৈশিষ্ট্য কি ? সময় কেতিয়া জন্ম হৈছিল, সময়ৰ মৃত্যু হব নকি ? – এইবোৰ প্ৰশ্নৰ উত্তৰ সতকাই পোৱা কঠিন । ইতিহাসবিদ, দাৰ্শনিক, মনোবৈজ্ঞানিক, ধৰ্মযাজক অথবা সাম্প্ৰতিক সময়ৰ বিজ্ঞানী – সকলোৱেই সময় সম্বন্ধে আলোচনা কৰিছে বা ব্যাখ্যা আগবঢ়াইছে । মহান বিজ্ঞানী ষ্টিফেন হকিঙে তেখেতৰ “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ গ্ৰন্থ খনতো সময়ৰ ব্যাখ্যা আগবঢ়াইছে । প্ৰায় ২৫০০ বছৰ আগতে দাৰ্শনিক এৰিষ্ট’টলে কৈছিল, “Time is the most unknown of all unknown things” – এৰা সময় বৰ আচৰিত ভাবে জটিল বিষয় !
সৌৰজগতৰ বিক্ষিপ্ত বৰষুণজাক !
আমাৰ পৃথিৱীত বৰষুণ হয় বুলি আমি সকলোৱে জানো । কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বৰষুণ হয়নে ? অথবা সৌৰজগতৰ বাহিৰৰ কোনোবা অজানতিমুলুকত ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয় । এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয় । এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে । শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয় । শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে । শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় । আচৰিত নহ’ব – HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ গ্ৰহটোত বৰষুণত সৰে আইনাৰ টুকুৰা আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰে শিলৰ অজস্ৰ টুকুৰা !!!
পালচাৰ : মৃত নক্ষত্ৰৰ অস্থিভষ্ম
পালচাৰ তৰাবোৰক বিশ্বব্ৰহ্মাণ্ডৰ পোহৰৰ উৎস বোলা হয় কাৰণ এই তৰাবোৰে নিজৰ অক্ষত ঘূৰ্ণীয়মান অৱস্থাত চৌদিশে বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ কৰি থাকে । পালচাৰ তৰা সমূহ একপ্ৰকাৰৰ নিউট্ৰন তৰা । সূৰ্যতকৈ প্ৰায় ৮ গুণ বেছি ভৰৰ তৰাবোৰৰ বাৰ্ধক্যজনিত মৃত্যুৰ সময়ত এনে তৰাবোৰ একোটা অতি উজ্জ্বল তৰা বা Super Novaলৈ পৰিবৰ্তিত হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ বহু দুৰলৈ আলোকৰ মেলা পাতে । এনে অৱস্থাত প্ৰকৃততে তৰাটোৰ বাহিৰৰ আৱৰণখন বিষ্ফোৰণৰ দ্বাৰা চিটিকি যায় আৰু ভিতৰৰ আৱৰণখন তৰাটোৰ মাধ্যাকৰ্ষণৰ ফলত ক্ৰমান্বয়ে সংকুচিত হবলৈ ধৰে । এই মাধ্যকৰ্ষণ ইমানেই শক্তিশালী যে তৰাটোৰ আভ্যন্তৰত থকা পৰমাণুবোৰো প্ৰভাৱিত হয় । এনে অৱস্থাত তৰাটোৰ কেন্দ্ৰভাগত থকা পৰমাণুবোৰৰ প্ৰোটন আৰু ইলেকট্ৰণবোৰ একেলগে বান্ধ খাই নিউট্ৰনলৈ সলনি হয় । এই তৰাবোৰৰ কেন্দ্ৰভাগৰ মাধ্যাকৰ্ষণৰ মান আমাৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰায় ২০০০০০০০০০০০ গুণ বেছি হয় ! এই প্ৰচণ্ড মাধ্যাকৰ্ষণৰ বাবে ভৰ অনুসৰি তৰাবোৰ বিষ্ফোৰিত হৈ একোটা Super Nova অথবা সংকুচিত হৈ একোটা কৃষ্ণগহ্বৰ বা Black Hole হ’ব পাৰে । আনহাতে সূৰ্যৰ দৰে কম ভৰৰ তৰাবোৰ একোটা শ্বেত-বামণ বা White Dwarf লৈ সলনি হয় । কিন্তু সূৰ্যতকৈ প্ৰায় 4 গুণ মান ডাঙৰ তৰাবোৰ তুলনামূলক ভাৱে কম ভৰযুক্ত হোৱা বাবে এনেবোৰ তৰা কৃষ্ণ-গহ্বৰ হোৱাৰ সলনি একোটা নিউট্ৰন তৰা বা পালচাৰ হিচাবে ৰৈ যায় । এনে নিউট্ৰন বা পালচাৰ তৰাবোৰ আয়তনত অতি ক্ষুদ্ৰাকৃতিৰ হোৱা বাবে এইবোৰক চকুৰে দেখা পোৱা নেযায়, মাথোন এই তৰাবোৰে বিকিৰণ কৰা বিদ্যুৎ-চুম্বকীয় তৰংগৰ জৰিয়তে এইবোৰৰ উপস্থিতি নিৰ্ধাৰণ কৰিব পৰা যায় । 1967 চনত জোচেলিন বেল আৰু এন্টনী হেৱিছ নামৰ দুজন গৱেষক ছাত্ৰই অতি আচম্বিত ভাবে এই মৃত নক্ষত্ৰৰ অৱস্থিত অংশ – পালচাৰ তৰাৰ আৱিষ্কাৰ কৰিছিল ।
মাইকেল ফেৰাডে !
ৰয়েল ইনষ্টিটিউটলৈ এজন ডেকা বিজ্ঞানী আহি গৱেষণাৰ কামত ব্ৰতী হ’ল । কেইবাদিনো পাৰ হৈ গ’ল । তেওঁ পিছে মন কৰি আহিছিল গৱেষণাগাৰৰ এচুকত নিৰলে কিবাকিবি কৰি থকা বয়সীয়াল, বিবৰ্ণ পোছাক পৰিহিত জধলা লোকজনক । এদিন ডেকা বিজ্ঞানীজন আগবাঢ়ি গৈ তেখেতৰ ওচৰ পালেগৈ ।
: নমস্কাৰ ।
বয়সীয়াল লোকজনে মুৰ দাঙি চাই ঈষৎ হাঁহি এটাৰে মাত লগালে : নমস্কাৰ ।
: আপুনি কিজানি বহু বছৰ ধৰি ইয়াত কাম কৰি আহিছে !
: হয় ।
: দৰমহাও নিশ্চয় ভাল !
: হয় ।
: আপুনি নিশ্চয় এই গৱেষণাগাৰৰ কেয়াৰটেকাৰ !
বয়সীয়াল ব্যক্তিজনে হাঁহি এটা মাৰিলে ।
ডেকা বিজ্ঞানীয়ে পুনৰ সুধিলে: আপোনাৰ নাম ?
: মাইকেল ফেৰাডে !
আমাৰ ডেকা বিজ্ঞানীজন সৰগ পৰা মানুহৰ দৰে হৈ কোনোমতে সেপ ঢুকি অস্ফুত মাতেৰে ক’লে : ক্ষমা কৰিব মহাশয় ! মই আপোনাক চিনি পোৱা নাছিলোঁ !!!
বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-গ্ৰহান্তৰৰ গছ লতিকাবোৰ !
এইয়া সচাঁনে ? কল্পকাহিনীৰ পটভূমি নহয়তো ! আমাৰ মনলৈ প্ৰায়েই আহি থকা অযুত প্ৰশ্নৰ ভিতৰত ইয়ো এটা : আছেনে পৃথিৱীৰ বাহিৰেও কোনো অজানতিমুলুকত গছ লতিকাৰে ভৰা অন্য এখন পৃথিৱী !!! বিশ্বব্ৰহ্মাণ্ডৰ অসীমতা কল্পনাৰ উৰ্ধত । এই বিশাল ব্ৰহ্মাণ্ডৰ কোনোবা অজান কেইটামান গ্ৰহৰ বুকুতো থাকিব পাৰে গছ বিৰিখৰ ছাঁ । থাকিব পাৰে পক্ষীৰ কলৰোল সেই বিৰিখৰ ডালত । এই সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই নাছাৰ বিজ্ঞানী সকলে । সৌৰজগতৰ বাহিৰত এতিয়ালৈকে বিজ্ঞানীসকলে বহুতো তাৰকা আৰু সেইবোৰৰ চৌদিশে ঘূৰি থকা অসংখ্য গ্ৰহ আৱিষ্কাৰ কৰিছে । তেনেবোৰ গ্ৰহৰ মাজত কেইটামান পৃথিৱী সদৃশ গ্ৰহও আৱিষ্কাৰ কৰিছে । বিজ্ঞানীসকলৰ মতে সেইবোৰ গ্ৰহত জীৱনৰ সম্ভাৱনা নথকা নহয় । তেখেতসকলৰ মতে সেই গ্ৰহবোৰত থকা জীৱবোৰৰ জীৱন ধাৰণৰ পদ্ধতি আমাৰ পৃথিৱীৰ জীৱবোৰৰ দৰে একে নহবও পাৰে কাৰণ গ্ৰহবোৰৰ পৰিবেশ অনুসৰি তাৰ ক্ৰমবিবৰ্তনৰ পথবোৰো ভিন্ন । সেইবাবেই সৌৰজগতৰ বাহিৰৰ এই গ্ৰহবোৰৰ জীৱবোৰৰ জীৱন প্ৰক্ৰিয়া সমূহো আমাৰ পৃথিৱীতকৈ বেলেগ হোৱাৰ সম্ভাৱনা বেছি । অৰ্থাৎ সেই গ্ৰহৰ জীৱবোৰে অক্সিজেন অথবা পানী অবিহনে জীয়াই থাকিব পৰাকৈ অভিযোজিত হোৱাৰ সম্ভাৱনা প্ৰবল । তেনে জীৱবোৰৰ দেহত আমাৰ পৃথিৱীৰ জীৱৰ দৰে কাৰ্বন যৌগৰ সলনি চিলিকনৰ যৌগ থকাৰ সম্ভাৱনাৰ কথা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে । এই গ্ৰহবোৰ বিজ্ঞানীসকলৰ মতে গছ লতিকাৰে জাতিষ্কাৰ । পাৰ্থক্য ইমানেই যে সেই গছ লতাবোৰ আমাৰ পৃথিৱীৰ গছবোৰৰ দৰে সেউজীয়া নহৈ হালধীয়া, ক’লা অথবা কমলা ৰঙৰ হ’ব পাৰে, সালোক সংশ্লেষণৰ পদ্ধতি বেলেগ হ’ব পাৰে । আমাৰ প্ৰতিবেশী গ্ৰহ মংগলতো কোনো কোনো বিজ্ঞানীৰ মতে ক’লা ৰঙৰ উদ্ভিদ আছে । অৱশ্যে এইয়া প্ৰমাণিত হোৱা নাই । নাছাৰ এদল জীৱ বিজ্ঞানীয়ে জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা পৰীক্ষাগাৰত এক বিশেষ গছৰ উদ্ভাৱন কৰাৰ বাবে মন বান্ধি লৈ গৱেষণাত ব্ৰতী হৈছে, যিবোৰ উদ্ভিদ মংগল গ্ৰহৰ শুষ্ক, কঠিন শিলাময় বুকুত গজি উঠিব পাৰিব । একবিংশ শতিকাৰ শেষৰ পিনে মানুহে মংগল গ্ৰহত উপনিবেশ স্থাপন কৰাৰ আশা মনত পুহি ৰাখিছে । মানুহৰ বাবে মংগল গ্ৰহক বাসোপযোগী কৰি তুলিবলৈ, মংগল গ্ৰহৰ বুকুত সেউজীয়া সপোন ৰচাৰ গুৰু দায়িত্বও এই জীৱ বিজ্ঞানীসকলৰ ওপৰত ন্যস্ত । আৰু যদি এইয়া সম্ভৱ হৈ উঠে এদিন ৰঙচুৱা মংগল গ্ৰহ পৃথিৱীৰ দৰেই সেউজীয়া হ’ব । হয়তো বিশ্বব্ৰহ্মাণ্ডৰ আন আন বহুতো গ্ৰহত হালধীয়া, ক’লা অথবা কমলাৰঙী গছবোৰৰ পাতেও বতাহত দেও দি দি নাচিব !!!
সূৰ্য প্ৰকৃততে উদয় হয়নে ?
দোকমোকালিৰ ক্ষন্তেক পিছতেই আমি সুৰুযে পূব আকাশত ভূমুকি মৰা দেখো । কিন্তু প্ৰকৃততে কথাটো সচাঁ নহয় । সৌৰজগতৰ কতোৱেই সূৰ্য উদয় নহয় । পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে সুৰুযক পূব আকাশত ভূমুকি মাৰি সন্ধিয়া পুনৰ পশ্চিম আকাশত অস্ত যোৱা দেখো । সূৰ্য উদয় হোৱা বা অস্ত যোৱা- এই দুয়োটা পৰিঘটনাই আমাৰ একো একোটা দৃষ্টিভ্ৰম । এই দুয়োটা পৰিঘটনাৰেই কোনো যুক্তিযুক্ততা নথকা স্বত্তেও আমি ইয়াক চিৰন্তন সত্য বুলি মানি আহিছোঁ ।
জোনবাইৰ দেশতো আছে বায়ুমণ্ডল
জোনবাইৰ বুকুত আমি জীয়াই থাকিব পাৰিমনে ? আমি জনাত জোনবাইৰ কোনো বায়ুমণ্ডল নাই । এক শুষ্ক মৰুময় দেশ; যত নাই প্ৰাণৰ স্পন্দন । আমেৰিকাৰ এপ’লো কাৰ্যক্ৰমৰ সময়ত মহাকাশযাত্ৰী সকলে কিন্তু জোনবাইৰ এক আচৰ্যকৰ ছবি সংগ্ৰহ কৰিছিল যত জোনবাইৰ আঁৰত লুকাই থকা সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত বায়ুমণ্ডলৰ উপস্থিতিৰ সম্ভাৱনাৰ দিশটো সম্বন্ধে বিজ্ঞানীসকলক ভবাই তোলে । সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত সৃষ্টি কৰা এই পোহৰৰ দৃশ্যক বিজ্ঞানীসকলে Lunar Horizon Glow (LHG) বুলি নামাকৰণ কৰিছে । ইয়াৰ পিছৰ পৰাই বিজ্ঞানীসকলে কৰা গৱেষণাত এইটো প্ৰতিপন্ন হয় যে জোনবাইৰ দেশত আছে প্ৰায় 25000 কেজি ওজনৰ এক পাতল বায়ুমণ্ডল । এই বায়ুমণ্ডলত বিজ্ঞানীসকলৰ মতে আৰ্গন-40, হিলিয়াম-4, কাৰ্বনডাই-অক্সাইড, মিথেন, এমোনিয়া, নাইট্ৰজেন আৰু সামান্য মাত্ৰাত অক্সিজেন গেছো আছে । বিজ্ঞানীসকলৰ মতে জোনবাইৰ মাটিৰ আভ্যন্তৰত সংঘটিত হৈ থকা তেজস্ক্ৰিয় পদাৰ্থৰ বিভংগনৰ ফলত এই গেছবোৰ সৃষ্টি হৈছে আৰু এইবোৰ গেছেই সৃষ্টি কৰিছে জোনবাইৰ দেশৰ বায়ুমণ্ডল । ওপৰৰ ছবিত জোনবাইৰ LHG আৰু বাওঁফালে ওপৰত শুক্ৰ গ্ৰহটো দেখা গৈছে ।
Subscribe to:
Posts (Atom)









