1661 চনত কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত পঢ়িবলৈ এজন 19 বছৰীয়া চফল ডেকা আহিল। লগত লৈ আহিছিল এটা তলা, এটা নোটবুক, এপেকেট মমবাতি, এবটল চিয়াঁহী, এটা পাখি কলম আৰু পিন্ধিবলৈ দুসাজ কাপোৰ। কৌতুহলী সকলে তেওঁক সীমিত বয়বস্তু লৈ অহাৰ কাৰণ সোধাত তেওঁ কৈছিল: কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ হে মই ইয়ালৈ আহিছোঁ.....! কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত তেওঁ খোৱা-বোৱা ৰেহাই পোৱা এজন ছাত্ৰ (subsizer) হিচাপে হে নামভৰ্তি কৰাৰ সুযোগ পাইছিল। এনে ছাত্ৰ সকলে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰি দিব লাগিছিল। ভাগ্যৰ পৰিহাস আছিল এয়ে যে, তেওঁ এজন জমিদাৰৰ পুত্ৰ আছিল অথচ পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁ পখিলা খেদি ফুৰা বয়সৰ পৰাই কিছু কষ্টকৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল। ত্ৰিনিটি কলেজৰ এই বিশেষ ছাত্ৰজনেই আছিল মহান বিজ্ঞানী চাৰ আইজাক নিউটন।
Sunday, 17 January 2016
Tuesday, 12 January 2016
পৃথিৱীৰ ত্ৰাণকৰ্তা হিচাবে বৃহস্পতি গ্ৰহ
পৃথিৱী মানুহ আৰু অন্যান্য জীৱকুলৰ বাবে বাসোপযোগী হোৱাৰ আঁৰত বৃহস্পতি গ্ৰহৰ অৱদান অনস্বীকাৰ্য। সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ শক্তিশালী মাধ্যাকৰ্ষণ বলে বিভিন্ন সময়ত আমাৰ পৃথিৱীখন দীৰ্ঘম্যাদী ধুমকেতু আৰু কক্ষচ্যুত গ্ৰহানুৰ লগত হ'ব পৰা সংঘৰ্ষৰ পৰা ৰক্ষা কৰি আহিছে। উদাহৰণস্বৰূপে বিগত 1994 চনৰ শ্বুমেকাৰ-লেভি 9 নামৰ ধুমকেতুটোৰ কথাকেই লোৱা যাওঁক। বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে এই ধুমকেতুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ লগত ছেদিত, অৰ্থাৎ এক অনিবাৰ্য সংঘৰ্ষ। কিন্তু গাণিতিক ভাবে বৈজ্ঞানিক সকলে পালে যে বৃহস্পতি গ্ৰহৰ প্ৰবল মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই ধুমকেতুটো বৃহস্পতি অভিমুখে আকৰ্ষিত হ'ব আৰু পৃথিৱী এক সংঘৰ্ষৰ পৰা বাচি যাব। আৰু প্ৰকৃততে 1994 চনত সেয়াই হ'ল। শ্বুমেকাৰ-লেভি বৃহস্পতি গ্ৰহৰ বুকুত জাহ যোৱাৰ দৃশ্য পৃথিৱীবাসীয়ে প্ৰত্যক্ষ কৰিলে নাছা টেলিভিশ্বনৰ যোগেদি। 2009 চনতো নাছাৰ বিজ্ঞানীসকলে অনুৰূপ ঘটনা প্ৰত্যক্ষ কৰিছিল। বৃহস্পতি গ্ৰহ অবিহনে আমাৰ পৃথিৱীত জীৱন ধাৰণৰ বাবে অনুকুল পৰিস্থিতিয়েই সৃষ্টি নহ'লহেতেন !
Sunday, 10 January 2016
এন্টিভেনম: এক জীৱন ৰক্ষাকাৰী মহৌষধ
সৰ্প দংশনৰ চিকিৎসাত একমাত্ৰ জীৱন ৰক্ষাকাৰী দৰব হিচাবে ব্যৱহাৰ কৰা পদ্ধতিটোৱেই হ'ল এন্টিভেনম বেজী। কিন্তু এই এন্টিভেনম কি অথবা ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? সাপৰ বিষৰ একমাত্ৰ চিকিৎসা অৰ্থাৎ এন্টিভেনামৰ কথাৰ প্ৰসংগত যাৰ নাম প্ৰথমেই ল’ব লাগিব তেওঁ হ'ল ফ্ৰান্সৰ জীৱবিজ্ঞানী এলবাৰ্ট কেলমেট যিজন বিজ্ঞানীয়ে লুইচ পাস্তুৰৰ এন্টিভেনমৰ উন্নীতকৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই এন্টিভেনম প্ৰস্তুত কৰাৰ বাবে জংঘলৰ সাপ বা সাপৰ ফাৰ্মৰ পৰা বিষধৰ সাপৰ বিষ সংগ্ৰহ কৰা হয়। সাপৰ বিষ সংগ্ৰহ কৰা এটি অতি বিপদজনক কাম। সাপৰ বিষ সাধাৰণতে এটি পাত্ৰৰ মুখত প্লাষ্টিকৰ দ্বাৰা বন্ধ কৰিলৈ তাত সাপৰ দাঁত সুমুৱাই দি সংগ্ৰহ কৰা হয়। এনেদৰে সংগ্ৰহ কৰা বিষ মাইনাছ ২০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাত ৰাখিলে সাপৰ বিষৰ পৰা জলীয় অংশখিনি বেলেগহৈ সাপৰ বিষ গুড়ি পাউডাৰলৈ ৰূপান্তৰিত হয়। এটি সাপৰ পৰা খুবেই কম পৰিমানৰ এনে পাউডাৰ পোৱা যায়। সেয়ে সাপৰ বিষৰ পৰা আহৰণ কৰা পাউদাৰ সোণতকৈও দামী এক অমূল্য প্ৰাকৃতিক সম্পদ। বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে সৰ্প দংশনত ঘোঁৰাৰ মৃত্যু প্ৰায় নহয়েই। ইয়াৰ কাৰণ হিচাবে তেওঁলোকে গম পালে যে ঘোঁৰাৰ দেহত সাপৰ বিষ প্ৰতিৰোধ কৰাৰ এক বিশেষ ক্ষমতা আছে। সেইবাবে বিজ্ঞানী সকলে ইতিমধ্যে সংগ্ৰহ কৰি থোৱা সাপৰ বিষ ইনজেকশ্বনৰ মাধ্যমত ঘোঁৰাৰ ধমনীত প্ৰয়োগ কৰে। এই বিষৰ প্ৰতিক্ৰিয়াৰ ফলত ঘোঁৰাটোৰ দেহত লাহে লাহে এন্টিভেনম উৎপাদন হোৱা আৰাম্ভ হৈ যায়। প্ৰায় ৩ দিনমান ঘোঁৰাটো অসুস্থ অৱস্থাত থাকে যদিও ৩ দিনৰ পিছত ঘোঁৰাটো সম্পূৰ্ণভাৱে সুস্থ হৈ উঠে। এতিয়া ঘোঁৰাটোৰ দেহৰ পৰা তেজ উলিয়াই লৈ তাৰ ৰঙা অংশখিনি আঁতৰ কৰা হয়। তেজৰ বগা অংশখিনি অৰ্থাৎ মেট্ৰিক্সৰ পৰা ঘোঁৰাৰ দেহত সৃষ্টি হোৱা এন্টিভেনম খিনি সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত এই এন্টিভেনমৰ বিশুদ্ধিকৰণ কৰি ইয়াৰ পৰা প্ৰস্তুত কৰা হয় সৰ্প দংশনৰ একমাত্র জীৱন ৰক্ষাকাৰী ঔষধ এন্টিভেনম বেজী।
শৈশৱৰ ষ্টিফেন হকিং
৮ জানুৱাৰী ১৯৪২ চনত ষ্টিফেন উইলিয়াম হকিং নামৰ এটি সুস্থ শিশুৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃ আছিল ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং। ছেন্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৬২ চনত অক্সফ’ৰ্ড ৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তেওঁ তাতেই মহাকাশ বিজ্ঞান অধ্যয়ন কৰে ৷ পিছলৈ তেওঁ ক্ৰমে ট্ৰিনিটি আৰু কেম্ব্ৰিজত সিদ্ধান্তগত (theoritical) মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে। ষ্টিফেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ ৰ’জাৰ পেনৰ’জৰ সৈতে তেওঁ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ আঁত ধৰি গৱেষণা কৰি প্ৰমাণ কৰি দেখুৱাইছিল মহাকাশ আৰু সময়ৰ আৰম্ভণি হৈছিল বিগ বেঙৰ জৰিয়তে আৰু ইয়াৰ সমাপ্তি হয় কৃষ্ণগহ্বৰত ৷ তেওঁ বৰ্তমানে কেম্ব্ৰিজৰ চেন্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জিত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ ষ্টিফেন উইলিয়াম হকিঙৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱন্ত কালতেই এক অনন্য কিম্বদন্তীত পৰিণত কৰিছে ৷ তেওঁ 'ৰয়েল ছ’ছাইটি অব আৰ্টছ'ৰ সন্মানীয় ফেল’ আৰু 'পন্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য। তদুপৰি তেওঁক ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম' সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ মটৰ নিউৰনৰ ৰোগৰ দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্বা হিচাপে নিজকে উপস্থাপন কৰি হকিঙে পৃথিৱীৰ সকলো শ্ৰেণীৰ মানুহকেই তবধ মানিবলৈ বাধ্য কৰাইছে। তেওঁলৈ আজি 74তম ওপজা দিনত আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
Saturday, 9 January 2016
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু মহানাদ তত্ব
আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ ৰহস্য মহানাদ তত্বৰ জৰিয়তে দিয়াৰ চেষ্টা কৰা হৈছে। মহানাদ তত্ব সৃষ্টি বিজ্ঞানৰ নমুনা হিচাবে বহু চৰ্চিত এটা তত্ব। এই তত্ব মতে মহাবিস্ফোৰণৰ থিক পিছতেই বিশ্বব্ৰহ্মাণ্ডখন সংঘাতিক ধৰণে উত্তপ্ত আৰু অতিঘনত্ব সম্পন্ন অবস্থাত আছিল। এই অৱস্থাত বিশ্বব্ৰহ্মাণ্ডখন অতি বেগত প্ৰসাৰিত হৈছিল। এই ক্ষীপ্ৰ প্ৰসাৰণৰ ফলত বিশ্বব্ৰহ্মাণ্ডখন শীতল হবলৈ আৰম্ভ কৰে আৰু বৰ্তমানৰ নিৰবচিন্ন প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ অবস্থা প্ৰাপ্ত হয়। বিজ্ঞানী সকলৰ মতে মহানাদ সৃষ্টি হোৱা সময়টো প্ৰায় ১৩.৭৫ বিলিয়ন বছৰৰ আগত আছিল। আৰম্ভণিৰ প্ৰসাৰণৰ পিছত বিশ্বব্ৰহ্মাণ্ড যথেষ্ট শীতল হৈছিল আৰু এই শীতলীকৰণ প্ৰক্ৰিয়া চলি থকা অবস্থাত বিশ্বব্ৰহ্মাণ্ডৰ শক্তি বিভিন্ন মৌলিক কণালৈ যেনে প্ৰ’ট’ন, নিউট্ৰ’ন আৰু ইলেক্ট্ৰ’ন আদিলৈ ৰূপান্তৰিত হৈছিল। এই প্ৰট’ন আৰু নিউট্ৰ’নসমূহে মহানাদৰ কেইটামান মূহুৰ্তৰ পিচতেই যুক্ত হৈ প্ৰথম বিধ আদি পৰমাণু গঠিত কৰিছিল। পিছলৈ এনে আদি পৰমাণুৰ লগত ইলেক্ট্ৰ’ন যুক্ত হ'বলৈ আৰু হেজাৰ হেজাৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। ইলেকট্ৰণৰ সংযোজনৰ ফলত ক্ৰমান্বয়ে আধানহীন বা স্বাভাৱিক পদাৰ্থসমুহ সৃষ্টি হ'বলৈ লয়। এনে প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰথম মৌলিক কণা হিচাবে গঠিত হৈছিল হাইড্ৰ’জেন। অৱশ্যে হাইড্ৰজেনৰ লগত হিলিয়াম আৰু লিথিয়ামো কিছু পৰিমানে সৃষ্টি হৈছিল। এই মৌলিক কণাসমূহে সৃষ্টিৰ পাতনিতেই একগোট হৈ কেতবোৰ ডাৱৰৰ দৰে গঠন লাভ কৰিছিল। প্ৰচণ্ড মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ডাৱৰৰ মৌলিক কণিকাবোৰৰ পৰাই শত সহস্ৰ নক্ষত্ৰ আৰু তাৰকা মণ্ডলৰ লগতে আমাৰ হাতীপটীও সৃষ্টি হৈছিল। এই মহানাদ তত্ব বৰ্তমান বিজ্ঞানৰ এনে এক ধাৰা যিটো তত্ব বৈজ্ঞানিক সমাজত বহুলভাৱে প্ৰচাৰিত আৰু ইয়াক বৈজ্ঞানিক দিশৰ পৰা গ্ৰহণো কৰা হৈছে।
Thursday, 7 January 2016
পৰ্যাবৃত্ত তালিকাত সংযোজিত 4টা নতুন মৌল
2011 চনত পৰ্যাবৃত্ত তালিকাত নতুনকৈ দুটা মৌল (পৰমাণু ক্ৰমাংক 114 আৰু 116) সংযোজিত কৰাৰ পিছতো পৰ্যাবৃত্ত তালিকাৰ সপ্তম পৰ্যায়ত পৰমাণু ক্ৰমাংক 113, 115, 117 আৰু 118 ৰ স্থান কেইটা ৰিক্ত হৈ আছিল। পৰমাণু ক্ৰমাংক 114 হ'ল Flerovium (Fl) আৰু পৰমাণু ক্ৰমাংক 116 হ'ল Livermorium (Lv)। যোৱা 30 ডিচেম্বৰ, 2015 তাৰিখে International Union of Pure and Applied Chemistry (IUPAC)ৰ অনুমোদন ক্ৰমে পৰমাণু ক্ৰমাংক 113, 115, 117 আৰু 118 ৰ মৌল কেইটা পৰ্যাবৃত্ত তালিকাত পুনৰ সংযোজিত কৰা হয়। এই নতুনকৈ সংযোজিত হোৱা মৌলকেইটা হ'ল - Ununtrium-113 (Uut), Ununpentium-115 (Uup), Ununseptium-117 (Uus) আৰু Ununoctium-118 (Uuo). অৱশ্যে এই মৌলকেইটা প্ৰাকৃতিক নহয়, বৰং বিজ্ঞানীসকলে এই মৌলকেইটা কৃত্ৰিম ভাৱে সংশ্লেষণ কৰি উলিয়াইছে। এই নতুন মৌলকেইটাৰ প্ৰতিটোৱেই একোটা অতি গধুৰ তেজস্ক্ৰিয় মৌল আৰু এই মৌল কেইটা পৰীক্ষাগাৰত আপেক্ষিক ভাৱে কম ভৰৰ মৌলৰ মাজত সংঘৰ্ষ সৃষ্টি কৰি তৈয়াৰ কৰা হৈছে।
Monday, 4 January 2016
লাইকা : মহাকাশ যুগৰ প্ৰথম ছহিদ
মস্কোৰ অলিয়ে গলিয়ে ঘুৰি ফুৰা এটি নাম পৰিচয় বিহীন মাইকী কুকুৰ। অলপ খেদাখেদি কৰি কুকুৰটো ধৰা হ'ল আৰু তাইক লৈ অনা হ'ল যাৱতীয় প্ৰশিক্ষণৰ বাবে। সেয়া আছিল 1957 চনৰ ছেপ্তেম্বৰ মাহৰ কথা। হাতত সময় মাত্ৰ চাৰি সপ্তাহ। কুকুৰটোক নাম দিয়া হ'ল - "লাইকা"। ছোভিয়েট বিজ্ঞানীসকল ব্যস্ত স্পুটনিক-2 নামৰ ক্ষুদ্ৰ মহাকাশযান খনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষাত। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই উৎক্ষেপণ কৰা হ'ব স্পুটনিক ২ নামৰ এই ইতিহাস প্ৰসিদ্ধ মহাকাশ যানখন। এইখন যানেই প্ৰথম বাৰলৈ মহাকাশলৈ লৈ যাব এটি জীৱন্ত প্ৰাণী, যাৰ নাম লাইকা। ইতিমধ্যে মহাকাশ যানখনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল। উৎক্ষেপণৰ তিনি দিন পূৰ্বেই লাইকাক মহাকাশ যানখনৰ ভিতৰলৈ অনা হৈছিল যাতে যানখনৰ পৰিবেশৰ লগত লাইকা অভ্যস্ত হৈ পৰিব পাৰে। লাইকাৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে খাদ্যৰো নিয়ন্ত্ৰণ কৰা হ'ল আৰু খাবলৈ দিয়া হ'ল মহাকাশৰ খাদ্য। মহাকাশৰ পৰিবেশত, বিশেষকৈ মাধ্যাকৰ্ষণহীন পৰিবেশ আৰু মহাজাগতিক বিকিৰণৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ প্ৰয়োজনীয় মহাকাশৰ পোচাকযোৰো লাইকাক পিন্ধাই অভ্যস্ত কৰা হৈ গ'ল। 1957ৰ 3 নৱেম্বৰ। এটা উৎকণ্ঠাৰ দিন। মহাকাশ বিজ্ঞানী সকলে তন্ন তন্নকৈ শেষ বাৰলৈ সকলো পৰীক্ষা কৰি চাই আৰম্ভ কৰিলে কাউণ্ট ডাউন :
5_4__ 3 _2 _1 _0 !
ক্ষন্তেক সময়ৰ ভিতৰতেই আকাশৰ বুকুত সুমথিৰা ৰঙৰ ধোঁৱাৰ ৰেখা আঁকি মহাকাশৰ বুকুলৈ ধাৱমান হ'ল স্পুটনিক ২ নামৰ মহাকাশ যানখন। ছোভিয়েট বিজ্ঞানীসকলে এক নতুন যুগৰ নতুন অধ্যায়ৰ সূচনা কৰিলে। যথেষ্ট উত্তেজিত যদিও লাইকাক মহাকাশ যানখনৰ সৰু কেপচুলটোৰ ভিতৰত সতেজ ভাৱেই দেখা গ'ল। সময় অতিবাহিত হোৱাৰ লগতে স্পুটনিক ২এ পূৰ্বনিৰ্ধাৰিত কক্ষপথেৰে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ ল'লে। ভাৰহীন অৱস্থাত লাইকাই কেপচুলটোৰ ভিতৰত সুস্থ ভাৱেই থাকি প্ৰথম জীৱিত মহাকাশচাৰী ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখিলে। এইখিনিলৈ সকলো থিকেই আছিল। হঠাতে যেন কিবা এটা খেলিমেলি লাগিল। স্পুটনিক-2ৰ তাপ নিয়ন্ত্রণ ব্যবস্থাত কিবা এটা বিজুতি ঘটিল। মহাকাশযান খনৰ আভ্যন্তৰত তাপমান ক্ৰমে অনিয়ন্ত্ৰিত হৈ পৰিল। একে সময়তে মহাকাশযান খনৰ চাপো বৃদ্ধি হ'বলৈ ধৰিলে। এই দুই দূৰ্ভাগ্যজনক পৰিস্থিতিৰ প্ৰভাৱত লাইকা বাৰুকৈয়ে আক্ৰান্ত হৈ পৰিল আৰু উৎক্ষেপণৰ সাত-আঠ ঘণ্টাৰ পিছতেই মহাকাশযানৰ ভিতৰত লাইকাৰ মৃত্যু হয়। ছোভিয়েট বিজ্ঞানী সকলৰ লগতে সমগ্ৰ বিশ্ব শোকত ম্ৰিয়মাণ হৈ পৰিল। লাইকা মহাকাশ যুগৰ প্ৰথম গৰাকী ছহিদ (শ্বহীদ) হ'ল। লাইকাৰ মৃত্যুৱে মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও ছোভিয়েট বিজ্ঞানী সকলে এই অভিযানত হোৱা ভুলৰ পৰা যথেষ্ট শিক্ষা ল'লে আৰু তাৰ তাৎক্ষণিক শুধৰণি কৰি পৰবৰ্তী সময়ত য়ুৰি গেগাৰিনক সফলতাৰে মহাকাশৰ পৰা জীৱিত অৱস্থাত ঘুৰাই আনি বিশ্ববাসীক চমকিত কৰি তোলে। লাইকাৰ আত্মত্যাগে মহাকাশ বিজ্ঞানক এক সঠিক পথ দেখুৱাই আজিৰ অৱস্থালৈ অনাত নিসন্দেহে এক ভূমিকা গ্ৰহণ কৰিছে। লাইকাৰ আত্মত্যাগক বিশ্বৰ প্ৰতিজন লোকেই শ্ৰদ্ধাৰে সোঁৱৰে। লাইকা তোমাক চালাম ! তুমি য'তেই নেথাকা কিয়, সুখেৰে থাকা ! তোমাৰ আত্মই লাভ কৰক চিৰশান্তি !
Friday, 1 January 2016
জীৱবিজ্ঞানীয়ে দিবলৈ ওলাইছে অমৰ হোৱাৰ মন্ত্ৰ
আমি কিয় বুঢ়া হওঁ ? আমি বাৰু মৰণশীল কিয় ? কাৰনো মন নেযায় অমৰ হবলৈ অথবা আজীৱন বুঢ়া নোহোৱাকৈ থকাৰ ! শতিকা জুৰি এনেবোৰ বাসনাই আমাৰ লগতে বিজ্ঞানীসকলকো আমনি কৰি আহিছে। শেহতীয়াকৈ জীৱবিজ্ঞানীসকলে হাইড্ৰা নামৰ এবিধ অমেৰুদণ্ডী প্ৰাণীৰ ওপৰত কৰা গৱেষণাৰ পৰা তেনে এক সম্ভাৱনা প্ৰকট হৈ পৰিছে। Proceedings of the National Academy of Sciences (PNAS) নামৰ জাৰ্ণালখনত প্ৰকাশিত গৱেষণা পত্ৰত এই তথ্য প্ৰকাশ পাইছে। হাইড্ৰাৰ দেহত থকা বায়বীয় কোষ বা Stem cell বোৰে নিৰবচিন্ন ভাৱে বিভাজিত হৈ নতুন নতুন কোষ উৎপন্ন কৰিব পাৰে আৰু এই নতুন কোষবোৰে হাইড্ৰাৰ দেহৰ পুৰণি আৰু বৃদ্ধ কোষবোৰৰ স্থানত নিজে সংস্থাপিত হৈ হাইড্ৰাক চিৰ যৌৱন প্ৰদান কৰে। হাইড্ৰাৰ দৰে মানুহৰ দেহতো থাকে বায়বীয় কোষ কিন্তু মানুহৰ বায়বীয় কোষবোৰে বয়স বাঢ়ি অহাৰ লগে লগে একেলেথাৰিয়ে বিভাজিত হোৱাৰ ক্ষমতা হেৰুৱাই পেলায়। ফলত মানুহৰ দেহত কম বয়সীয়া কোষৰ অভাবে দেখা দিয়ে আৰু মানুহ ক্ৰমে বৃদ্ধ হ'বলৈ ধৰে। বৃদ্ধ কোষৰ বিভাজন ক্ষমতা লোপ হয় বাবে দেহৰ বিভিন্ন স্থানত কোষৰ দ্ৰুত হাৰত মৃত্যু হ'বলৈ ধৰে। উদাহৰণ স্বৰূপে আমাৰ মাংসপেশীৰ কোষবোৰ বৃদ্ধাৱস্থাত ক্ৰমে শুকাই যাবলৈ ধৰে। হাইড্ৰা আৰু মানুহৰ মাজত কোষৰ এনে পাৰ্থক্যৰ কাৰণ হিচাবে বিজ্ঞানীসকলে বিচাৰি পাইছে হাইড্ৰাৰ দেহৰ এটি জিন। হাইড্ৰাৰ অমৰত্বৰ এইবিধ জিনক বিজ্ঞানীসকলে "FoxO3 Gene" বুলি নামাকৰণ কৰিছে। জীৱবিজ্ঞানীসকলে এই FoxO3 gene হাইড্ৰাৰ দেহৰ অনুৰূপত কৃত্ৰিম ভাবে সংশ্লেষণ কৰি প্ৰাপ্তবয়স্ক এন্দুৰৰ দেহত প্ৰয়োগ কৰি দেখা পায় যে সেই বৃদ্ধ এন্দুৰৰ দেহত বায়বীয় কোষ বা Stem cell বোৰ পুনৰ সক্ৰিয় হৈ উঠিছে আৰু স্বাভাৱিক ভাৱে কোষৰ বিভাজন সম্পন্ন কৰিছে। এই পৰীক্ষাই বিজ্ঞানীসকলক উৎসাহিত কৰি তুলিছে আৰু তেখেতসকলে অদূৰ ভৱিষ্যতে মানুহক চিৰ যৌৱন প্ৰদান কৰিব পাৰিব বুলি আশা কৰিছে।
Saturday, 26 December 2015
তেজস্ক্ৰিয় কাৰ্বনৰ সহায়ত জীৱাশ্মৰ বয়স নিৰ্ধাৰণ
মহাকাশৰ বিভিন্ন গ্রহ, নক্ষত্র বা মহাজাগতিক অন্যান্য পদাৰ্থসমূহৰ পৰা সদায়ে এক ধৰণৰ তেজস্ক্রিয় ৰশ্মি বিকিৰণ হৈ আমাৰ বায়ুমণ্ডলত প্ৰবেশ কৰে। এই ৰশ্মিক মহাজাগতিক ৰশ্মি বোলে। মহাজাগতিক ৰশ্মিত যিবোৰ নিউট্রন থাকে সেইবোৰে বায়ুমণ্ডলৰ নাইট্রোজেন পৰমাণুৰ নিউক্লিয়াচত আঘাত কৰাৰ ফলত নিউক্লিয় বিক্রিয়া সংঘটিত হয় আৰু নাইট্রোজেন নিউক্লিয়াচৰ ভঙ্গন হয়। ইয়াৰ ফলত সম্পূর্ণ নতুন ভৰ সংখ্যাৰ দুটি ভিন ভিন পৰমাণুৰ নিউক্লিয়াচ সৃষ্টি হয়। নবগঠিত এই পৰমাণু দুটাৰ এটা হ'ল হাইড্রোজেন আৰু আনটো তেজস্ক্রিয় কার্বন। উৎপন্ন হোৱাৰ অলপ সময়ৰ পিছতেই তেজস্ক্রিয় কার্বন পৰমাণুবোৰে বায়ুমণ্ডলৰ অক্সিজেন পৰমাণুৰ সতে যুক্ত হৈ তেজস্ক্রিয় কার্বন-ডাই-অক্সাইড অনু গঠন কৰে। সেউজীয়া উদ্ভিদে খাদ্য তৈয়াৰ কৰাৰ উদ্দেশ্যে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড (স্থিতিশীল ও তেজস্ক্রিয় উভয় প্রকাৰৰ) শোষণ কৰে আৰু শোষণ কৰা এই কার্বন-ডাই-অক্সাইড অণুবোৰে উদ্ভিদৰ দেহৰ ভিতৰত ৰাসায়নিক বিক্রিয়া কৰি কাবর্ন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) আৰু অক্সিজেন পৰমাণুত বিভক্ত হৈ যায়। পৰিবর্তিত এই অক্সিজেন পৰমাণুবোৰ পৰ্যায়ক্ৰমে উদ্ভিদৰ দেহৰ পৰা বিভিন্ন জৈৱিক প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই আহে কিন্তু তেজস্ক্রিয় ও অতেজস্ক্রিয় উভয় প্রকাৰৰ কার্বন পৰমাণুবোৰ উদ্ভিদ দেহৰ ভিতৰতে থাকি যায়। যিহেতু পশু পক্ষীৰ আৰু মানুহে খাদ্য হিচাবে উদ্ভিদ, ফলমূল ও শস্যৰ দানা গ্রহণ কৰে, ফলত উদ্ভিদৰ দেহত জমা হৈ থকা কার্বন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) পশু পক্ষী আৰু মানুহৰ শৰীৰত প্ৰবেশ কৰে।
উদ্ভিদ আৰু প্রাণীৰ দেহত কার্বনৰ এই সৰবৰাহ এনেদৰে ঘটি থাকে যে, মৃত্যুৰ সময়ত প্রতিটো জীবদেহত তেজস্ক্রিয় আৰু অতেজস্ক্রিয় কার্বনৰ অনুপাত সদায় সমান অৰ্থাৎ ১:১ অনুপাতত থাকে। মৃত্যুৰ পিছত জীৱদেহৰ তেজস্ক্রিয় কার্বনৰ পৰমাণুবোৰে তেজস্ক্রিয় ৰশ্মি বিকিৰণ কৰি ধীৰে ধীৰে ক্ষয়প্রাপ্ত হৈ থাকে। কিন্তু অতেজস্ক্রিয় কার্বন পৰমাণুবোৰৰ নিউক্লিয়াচ সুস্থিৰ। সেয়ে মৃতদেহত যুগ যুগ ধৰি অতেজস্ক্রিয় কার্বনৰ প্রতিটো পৰমাণু অক্ষুন্ন হৈ থাকে। গবেষণাত এইটো প্রমাণিত হৈছে যে তেজস্ক্রিয় কার্বনৰ অর্ধায়ু কাল ৫৭৬০ বছৰ। অর্থাৎ ৫৭৬০ বছৰৰ পিছত কোনো মৃতদেহত থকা তেজস্ক্রিয় কার্বন পৰমাণুৰ সংখ্যা কমি পূৰ্বৰ আধা হৈ পৰে।
এতিয়া ধৰা হওঁক, এটা জীৱাশ্মত ৫০০টা তেজস্ক্রিয় ও ১০০০টা অতেজস্ক্রিয় কার্বন পৰমাণু আছে। তেন্তে জীৱাশ্মটোত তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.৫ : ১। অৰ্থাৎ জীৱাশ্মটো অর্ধায়ু কালত উপস্থিত হৈছে। সেয়ে এই জীৱাশ্মটোৰ বর্তমান বয়স ৫৭৬০ বছৰ। তেনেদৰে জীৱাশ্মটোত যেতিয়া তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.২৫ : ১ হ'ব, তেতিয়া জীৱাশ্মটোৰ বয়স হ'বগৈ ৫৭৬০ x ২ = ১১৫২০ বছৰ। বিজ্ঞানত এনেদৰেই তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত নির্ণয় কৰি কার্বনৰ অর্ধায়ু কালৰ দ্বাৰা এটি গাণিতিক সমীকৰণৰ সহায়ত যিকোনো পুৰণি বস্তু, শিলাখণ্ড, জীৱাশ্ম আনকি পৃথিৱী বা আন গ্ৰহৰ বয়স নির্ণয় কৰা হয়।
Thursday, 24 December 2015
জোনবাইৰ বুকুত এখন সপোনৰ ঘৰ
1969ৰ পৰা 1972 চনলৈ সৰ্বমুঠ 12 জন মানুহে চন্দ্ৰত পদাৰ্পণ কৰাৰ পিছত আজিলৈকে যিবোৰ চন্দ্ৰ অভিযান সম্পণ্ণ হৈছে, সেইবোৰ মানববিহীন। ভাৰতৰ মহান বিজ্ঞানী এ পি জে আব্দুল কালামে পোন প্ৰথম বাৰৰ বাবে কৈছিল : "পৃথিৱীৰ বাহিৰেও বহি:বিশ্বৰ কোনোবা গ্ৰহ-গ্ৰহান্তৰত এদিন মানুহে বসতি স্থাপন কৰিব লাগিব আৰু প্ৰাথমিক পদক্ষেপ হিচাবে মানুহে জোনবাইকে বাচি ল'ব লাগিব"। ডঃ কালামৰ সেই সপোন আজি সাৰ্থক হোৱাৰ পথত। ইউৰোপীয় মহাকাশ সংস্থা, ৰাচিয়াৰ ফেডাৰেল স্পেচ এজেন্সী আৰু চীনৰ বিজ্ঞানীসকলে বৰ্তমান ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে জোনবাইৰ বুকুত মানুহৰ বসতি স্থাপনৰ সপোন সাৰ্থক কৰাৰ বাবে। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হিচাবে বিভিন্ন ৰবট আৰু ৰবটিক যান প্ৰেৰণ কৰি জোনবাইৰ দেশত এখন উপনিবেশ স্থাপন কৰা হ'ব। উপনিবেশ তৈয়াৰ হোৱাৰ পিছত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু পানী চন্দ্ৰপৃষ্ঠৰ মাটিৰ পৰাই আহৰণ কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ আশাকৰা মতে অহা বছৰ অৰ্থাৎ 2016 চনৰ পৰাই এই প্ৰজেক্টৰ কাম আৰম্ভ হ'ব আৰু সকলো সুচাৰুৰূপে পৰিচালিত হ'লে 2040 চনৰ ভিতৰত মানুহে জোনবাইৰ সপোনৰ ঘৰত কটাব পাৰিব জীৱনৰ সেই অপূৰ্ব সময়বোৰ। হয়তো আপোনাৰ জোনবাইৰ ঘৰলৈ এপাক ফুৰি অহাৰ চলেৰে কোনোবা এটা গ্ৰীষ্মৰ বন্ধত আমাৰো যোৱাৰ সৌভাগ্য হ'ব পাৰে।
Subscribe to:
Posts (Atom)









