বচন কণিকাৰ শ্ৰেণীভুক্ত আৰু ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম কণিকাবোৰৰ ভিতৰৰ অন্যতম হিচাবে পৰিগণিত হোৱা এবিধ ক্ষুদ্ৰ কণাই হ'ল ফ'টন কণিকা। আকাৰত ক্ষুদ্ৰ হ'লেও বেগৰ ক্ষেত্ৰত অসাধাৰণ এই কণিকাবোৰে মহাবিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ড আলোকিত কৰি ৰখা ভৰহীন ফ'টন কণিকাবোৰৰ জীৱনকালো অনন্ত। ফ'টন কণিকাবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তিৰ যোগান ধৰি সম্ভৱ কৰি তুলিছে পৃথিৱীত জীৱনৰ অন্যতম প্ৰয়োজনীয় উপাদান খাদ্য। মহাবিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিভিন্ন বাৰ্তা সমূহ তড়িৎ গতিৰে কঢ়িয়াই লৈ ফুৰিছে এই ফ'টন কণিকাবোৰে। বিশ্বব্ৰহ্মাণ্ডত ফ'টন কণিকাবোৰৰ যাত্ৰাৰ কোনো নিৰ্দিষ্ট সময় অথবা সীমাৰেখা নাই। অনাদি অনন্ত কাললৈ বিশ্বব্ৰহ্মাণ্ডৰ কৌটি কৌটি আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিও ভাগৰি নপৰে এই ফ'টন কণাবোৰ। বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত বিভিন্ন পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত এই ফ'টন কণাবোৰৰ জন্ম হয়। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতৰ অধিকাংশ পোহৰ সূৰ্যৰ পৰাই পাওঁ। সূৰ্যৰ পোহৰত থকা ফ'টন কণিকাবোৰ সূৰ্যৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ সময়ত সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰভাগত প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হাইড্ৰজেন পৰমাণুবোৰৰ কক্ষপথত পৰিভ্ৰমণ কৰা ইলেকট্ৰণ উত্তেজিত হৈ পৰমাণুটোৰ পৰা আঁতৰি যায়। ফলত সূৰ্যৰ কেন্দ্ৰত হাইড্ৰজেনৰ অৱশিষ্ট হিচাপে কেৱল প্ৰ'টন কণাবোৰহে ৰৈ যায়। সমধৰ্মী আধানযুক্ত এই প্ৰ'টনবোৰ স্বাভাৱিকতে দূৰে দূৰে থাকিব লাগে যদিও সূৰ্যৰ কেন্দ্ৰভাগৰ প্ৰচণ্ড চাপে এনে প্ৰ'টনবোৰক পৰস্পৰৰ কাষ চপাই আনে আৰু একেলগে থাকিবলৈ বাধ্য কৰে। সূৰ্যৰ কেন্দ্ৰত থকা এনে দুটা প্ৰ'টন কণাৰ এটা নিউট্ৰন কণালৈ ৰূপান্তৰিত হয় আৰু এনে অৱস্থাত আনটো প্ৰ'টনৰ লগত নতুনকৈ সৃষ্টি হোৱা এই নিউট্ৰন কণাটো লগ হৈ পুনৰ এটা ডয়টেৰিয়াম পৰমাণু সৃষ্টি কৰে। পৰবৰ্তী সময়ত এই ডয়টেৰিয়াম পৰমাণুৰ লগত পুনৰ প্ৰ'টন কণিকাৰ নিউক্লিয় সংযোজন হয় আৰু প্ৰথমে এটি হিলিয়াম-3 আৰু পিছত এটি হিলিয়াম-4 পৰমাণু সৃষ্টি কৰে। এই প্ৰ'টন-প্ৰ'টন শৃংখল বিক্ৰিয়াৰ সময়ত সূৰ্যৰ কেন্দ্ৰত ফ'টন কণা সমূহৰ সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এই ফ'টন কণাবোৰ সূৰ্যৰ কেন্দ্ৰভাগৰ পৰা পৰিচলন আৰু বিকিৰণ পদ্ধতিৰে সূৰ্যৰ আলোকমণ্ডল ভেদ কৰি সূৰ্যৰ পৃষ্ঠ পাবলৈ প্ৰয়োজন হয় কেইবা হেজাৰ বছৰ। সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বিপৰীতে সংঘৰ্ষ কৰি সূৰ্যৰ পৃষ্ঠলৈ ওলাই অহা ফ'টন কণিকাবোৰৰ এই প্ৰথম ভূমুকি আমাৰ দৃষ্টিত সূৰুজৰ প্ৰথম কিৰণ হ'লেও এই ফ'টন কণাবোৰ কেইবা হেজাৰ বছৰ পুৰণি। এতিয়া সূৰুজৰ বুকুৰ পৰা তৰংগৰ মাধ্যমেৰে এই ফ'টন কণিকাবোৰে গতি কৰি সৌৰজগতৰ চৌদিশে সিঁচৰতি হৈ পৰে। তেনে কিছুমান ফ'টনকণা সূৰুজৰ পৰা প্ৰায় 14,95,00000 কিলোমিটাৰ বাট 8 মিনিট 20 ছেকেণ্ড সময়ত অতিক্ৰম কৰি আমাৰ পৃথিৱীলৈ আহি পৃথিৱীখনো আলোকিত কৰি তোলে।
Thursday, 27 October 2016
Sunday, 23 October 2016
চন্দ্ৰযান-১ উৎক্ষেপণৰ বৰ্ষপূৰ্তি উপলক্ষে
1999 চনত ইছৰোৰ সেই সময়ৰ Chairman তথা প্ৰসিদ্ধ ভাৰতীয় মহাকাশ বিজ্ঞানী K Kasturiranganএ ঘোষণা কৰে যে 2008 চনত ভাৰতবৰ্ষৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্ৰযান-১ উৎক্ষেপক যান PSLVৰ সহায়ত চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিব পৰা হ'ব। তেতিয়াৰ পৰাই ভাৰতীয় বিজ্ঞানীসকলে একানপতীয়া প্ৰচেষ্টাৰে ভাৰতৰ চন্দ্ৰযান-১ প্ৰকল্পৰ কামত মগ্ন হৈ পৰে। 2003 চনৰ 15 আগষ্টত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই প্ৰকল্পৰ আনুস্থানিক ঘোষণা কৰে। 2008 চনৰ 22 অক্টোবৰ তাৰিখে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা ভাৰতীয় বিজ্ঞানীসকলে PSLV সহায়ত 1380 কেজি ওজনৰ চন্দ্ৰযান-১ নামৰ ভাৰতীয় মহাকাশ প্ৰকল্পটো সফলতাৰে উৎক্ষেপণ কৰে। 2008 চনৰ 14 নৱেম্বৰৰ দিনা ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8:06 বজাত Moon Impact Probe নামৰ অংশটো চন্দ্ৰযান-১ৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত সফলতাৰে নামে।
ইয়াৰ কিছু সময় পিছত সন্ধিয়া 8:31ত Moon Impact Probeএ জোনবাইৰ বুকুত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি জোনবাইৰ বুকুত পদাৰ্পণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰতৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে। আজি চন্দ্ৰযান-১ৰ উৎক্ষেপণৰ গৌৰৱময় আঠ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত ইছৰোৰ মহান বিজ্ঞানীসকলক আমাৰ শুভেচ্ছা যাচিলোঁ।
Thursday, 20 October 2016
জোনবাইৰ বুকুৰ পৰা পৃথিৱী উদয়
সূৰ্যোদয় অথবা সূৰ্যাস্তৰৰ মনোৰম দৃশ্যই আমাক পুলকিত কৰে। সঁচাকৈয়ে এক মন প্ৰাণ সঞ্জীৱিত কৰিব পৰা এটি দৃশ্য।জোনবাইৰ বুকুত সূৰ্যোদয় বা সূৰ্যাস্ত হোৱাৰ লগতে আন এক মনোৰম দৃশ্য দেখা পোৱা যায় আৰু সেয়া হ'ল পৃথিৱী উদয় বা Earth Rise. জোনবাইৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰা মহাকাশযান Apollo-8ৰ মহাকাশচাৰী William Andersৰ কেমেৰাই 1968 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখে ধৰি ৰখা ফটোখনে সেই কথাকেই প্ৰতীয়মান কৰে। পৃথিৱীৰ পৰা পূৰ্ণিমাৰ ৰাতি আমি দেখা জোনবাইটোতকৈ প্ৰায় 5 গুণ ডাঙৰকৈ জোনবাইৰ বুকুত উদিত হোৱা পৃথিৱীৰ দৃশ্য দূৰ মহাকাশত এক অন্যান্য সুন্দৰ দৃশ্য বুলি ইতিমধ্যে চৰ্চিত হৈছে। পৃথিৱীৰ পৰা আমি যেনেদৰে জোনবাইৰ বৰ্ধিত আৰু ক্ষয়িষ্ণু ৰূপ দেখা পাওঁ, থিক তেনেদৰেই জোনবাইৰ পৰাও পৃথিৱীৰ একে ৰূপ দেখা যায়। অৱশ্যে পৃথিৱীত যেতিয়া পূৰ্ণিমা হয়, তেতিয়া জোনবাইৰ বুকুত অমানিশা আৰু পৃথিৱীৰ অমাৱস্যাৰ নিশাটো জোনবাইৰ বুকুত পৃথিৱীয়ে পূৰ্ণিমাৰ অপৰূপ দৃশ্য অংকন কৰে।
Saturday, 15 October 2016
আকাশৰ তৰাবোৰৰ জন্ম বৃত্তান্ত
হাতীপটী তাৰকাৰাজ্যৰ লগতে অন্যান্য তাৰকাৰাজ্য বোৰত যথেষ্ট পৰিমাণৰ গেছীয় পদাৰ্থ আৰু মহাজাগতিক ধূলিকণা থাকে। প্ৰাথমিক অৱস্থাত এইবোৰক নীহাৰিকা বা নেবুলা বুলি কোৱা হয়। তাৰকাৰাজ্য বোৰত এনে নীহাৰিকাবোৰ বহু আলোকবৰ্ষ দূৰত্বলৈ বিস্তৃত হৈ থাকে। এই নীহাৰিকাবোৰত ইমানেই বেছি পৰিমাণৰ গেছীয় পদাৰ্থ আৰু ধূলিকণা থাকে যে আমাৰ সূৰ্যৰ দৰে কেইবা হাজাৰটা নক্ষত্ৰ বা তৰাৰ বাবে প্ৰয়োজনীয় গেছীয় উপাদানৰ বাবে যথেষ্ট। নীহাৰিকা বোৰৰ গেছীয় পদাৰ্থ সমূহ মূলতঃ অতি পাতল হাইড্ৰজেন আছে হিলিয়াম গেছ। নীহাৰিকাবোৰৰ এই গেছ আৰু ধূলিকণাবোৰৰ কিছু অংশ ঘনীভূত হৈ যেতিয়া তাৰকাৰাজ্যৰ কোনো এক বিশেষ অঞ্চলত কেন্দ্ৰীভূত হয়, তেতিয়া এইবোৰৰ মাজত প্ৰবল অভিকৰ্ষণ বল সৃষ্টি হয়। ফলস্বৰূপে এই গেছীয় পদাৰ্থবোৰ ক্ৰমে সংকুচিত হৈ থাকে। এই সংকোচনৰ ফলত গেছ আৰু ধূলিকণাবোৰৰ মাজত প্ৰবল শক্তিশালী চৌম্বকক্ষেত্র সৃষ্টি হয় আৰু এই চৌম্বকক্ষেত্ৰ আৰু অভিকৰ্ষণ বলৰ সন্মিলিত প্ৰভাৱত গেছ আৰু ধূলিকণাবোৰ ইমানেই সংকুচিত হয় যে গেছীয় পদাৰ্থবোৰৰ মাজত নিজস্ব মাধ্যাকৰ্ষণ বল সৃষ্টি হোৱাৰ লগতে নীহাৰিকাৰ এই গেছ আৰু ধূলিকণাবোৰৰ উত্তাপ বাঢ়িবলৈ আৰম্ভ কৰে। এই গেছীয় পিণ্ডটোৰ অন্তৰ্ভাগত সংকোচনৰ মাত্ৰা বেছি হয় বাবে অন্তৰ্ভাগত উষ্ণতাৰ মানো বৃদ্ধি পায়। আপেক্ষিক ভাবে বহিৰ্ভাগৰ তাপমান কম আৰু বহিৰাংশৰ গেছীয় পদাৰ্থবোৰ গেছীয় পিণ্ডটোৰ কেন্দ্ৰৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত থাকি সামগ্ৰিক ভাবে গেছীয় পিণ্ডটোৰ কৌণিক ভৰবেগ নিয়ন্ত্ৰণ কৰি ৰাখে। এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান যেতিয়া 2000 কেলভিনলৈ বৃদ্ধি হয়, তেতিয়া গেছীয় পিণ্ডটোৰ কেন্দ্ৰত থকা হাইড্ৰজেন গেছ হাইড্ৰজেনৰ পৰমাণুলৈ ভাঙি যায়। ইয়াৰ পিছতো ক্ৰমান্বয়ে তাপমান বৃদ্ধি হৈ এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান 10,000 কেলভিন হয় আৰু এনে অৱস্থাত কেন্দ্ৰভাগত থকা হাইড্ৰজেন পৰমাণুবোৰ নিউক্লিয় সংযোজন প্ৰক্ৰিয়াৰ সহায়ত হিলিয়ামলৈ ৰূপান্তৰিত হয়। ফলত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগত প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন হয় আৰু পিণ্ডটোৰ কেন্দ্রৰ পৰা তাপৰ লগতে ফোটন কণিকা নিৰ্গত হ'বলৈ ধৰে। এই অৱস্থাত গেছীয় পিণ্ডটো এটি "ভ্ৰূণ তৰা" বা Proto Star লৈ ৰূপান্তৰিত হয়। ভ্ৰূণ তৰাৰ কেন্দ্ৰত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে ইয়াৰ কেন্দ্ৰভাগত এক বহিৰ্মূখী চাপ সৃষ্টি হয় আৰু এই বহিৰ্মুখী চাপে তৰাটোৰ অভিকৰ্ষণ চাপৰ বিপৰীতে ক্ৰিয়া কৰে। এই দুই বিপৰীতমুখী চাপৰ টনা-আজোৰা প্ৰতিটো তৰাৰ কেন্দ্রভাগত সংঘটিত হোৱা এক নৈমিত্তিক ঘটনা। এই বহিৰ্মূখী চাপে ভ্ৰূণ তৰাবোৰ এইবাৰ সংকোচনৰ বিপৰীতে সম্প্ৰসাৰিত কৰে আৰু তৰাটোৰ আয়তন বৃদ্ধি হয়। এনেদৰে এটি ভ্ৰণ তৰা ক্ৰমে পূৰ্ণ বিকশিত তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাবোৰে নিউক্লিয় সংযোজন বিক্ৰিয়াৰ পৰা আহৰণ কৰা শক্তি ইয়াৰ কেন্দ্ৰৰ পৰা তাপ, পোহৰ আৰু বিভিন্ন ৰশ্মি হিচাবে বিকিৰণ কৰি থাকে। বহু কৌটি বছৰ এনেদৰে শক্তি বিকিৰণ কৰি অহা তৰাবোৰৰ কেন্দ্ৰত যেতিয়া নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ অভাৱ ঘটে, তেতিয়াই তৰাবোৰৰ জীৱনৰ অন্তিম কাল আহি পৰে। এটা সময়ত এক জটিল পৰিক্ৰমাৰ মাজেদি তৰাবোৰ মৃত্যু মুখত পৰে। তৰাৰ মৃত্যুৰ কাহানিও বৰ ৰহস্যময়। পিছলৈ তৰাৰ জীৱনৰ অন্তিম কালৰ বিষয়ে আলোচনা কৰিম।
বুধ আৰু শুক্ৰ দুয়ো উপগ্ৰহহীন গ্ৰহ
আমাৰ সৌৰজগতৰ আঠটা গ্ৰহ আৰু বাওঁনা গ্ৰহ সমূহৰ সামুহিক ভাবে মুঠ 182 টা উপগ্ৰহ আছে। অৱশ্যে এই সংখ্যা বিজ্ঞানী সকলৰ নৈমিত্তিক অনুসন্ধানৰ ফলত সঘনাই বৃদ্ধি হ'ব ধৰিছে। সৌৰজগতৰ এই উপগ্ৰহবোৰৰ 163 টা উপগ্ৰহই আকাৰত গোলাকাৰ নহয়। ভৰ আৰু আয়তনৰ দিশৰ পৰা এই উপগ্ৰহবোৰ যথেষ্ট সৰু হোৱা হেতুকে এই উপগ্ৰহবোৰৰৰ মাধ্যাকৰ্ষণ বলৰ মান তেনেই কম। তাকৰীয়া মাধ্যাকৰ্ষণ বলৰ বাবেই এই উপগ্ৰহ কেইটা আকৃতিত গোলাকাৰ নহয়। মংগল গ্ৰহৰ দুই উপগ্ৰহ ফোবচ্ আৰু ডিম'চ এনে উপগ্ৰহৰ উদাহৰণ। আনহাতে বাকী 19 টা উপগ্ৰহ আকৃতিত গোলাকাৰ আৰু আয়তন তথা ভৰৰ দিশৰ পৰা তুলনামূলক ভাবে যথেষ্ট ডাঙৰ। আমাৰ জোনবাইটো এনে এটি উপগ্ৰহ। এইখিনিতেই এটা প্ৰশ্নই আমাৰ মনত দোলা দিয়েহি - সৌৰজগতত 182 টা উপগ্ৰহ থকাৰ পিছতো বুধ আৰু শুক্ৰ গ্ৰহৰ বাৰু উপগ্ৰহ কিয় নাই ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এচাম বিজ্ঞানীয়ে কৈছে যে সূৰ্যৰ নিকটবৰ্তী এই দুই গ্ৰহৰ ওপৰত সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱ অতি বেছি। সেয়ে এই দুই গ্ৰহৰ চৌদিশে এটা স্থিৰ কক্ষপথত কোনো উপগ্ৰহ বৰ্তি থাকিব নোৱাৰে। এই দুই গ্ৰহৰ চৌদিশে উপগ্ৰহ এটা বৰ্তি থাকিবলৈ যি স্থানত কক্ষপথ থাকিব লাগে, সেই স্থান তেনেই সংকীৰ্ণ। ফলস্বৰূপে এই দুই গ্ৰহ আজিও উপগ্ৰহ বিহীন। আন এচাম বিজ্ঞানীৰ মতে সৌৰজগতৰ বেছিভাগ উপগ্ৰহই ইয়াৰ গ্ৰহসমূহৰ বিভিন্ন গেছীয় উপাদানৰ ঘনীভূত অংশ, শিলাখণ্ড আদিৰ দ্বাৰা অথবা মহাজাগতিক সংঘৰ্ষৰ ফলত চিটিকি যোৱা পদাৰ্থৰ পৰাই সৃষ্টি হৈছে। যিহেতু বুধ আৰু শুক্ৰ গ্ৰহ সূৰ্যৰ নিকটবৰ্তী আৰু এই গ্ৰহ দুটাৰ ওপৰত সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাবো বেছি, সেয়ে মহাজাগতিক সংঘৰ্ষৰ ফলত বা আন কোনো কাৰণত সৃষ্টি হোৱা এনে পদাৰ্থ সমূহ বা গেছৰ ঘনীভূত অংশসমূহ ক্ষুদ্ৰাকৃতিৰ গ্ৰহ দুটাৰ সলনি সূৰ্যৰ দিশে আকৰ্ষিত হয় আৰু সূৰ্যৰ বুকুত জাহ যায়। ইয়াৰ ফলত গ্ৰহ দুটাই কোনো উপগ্ৰহ ধৰি ৰাখিব নোৱাৰিলে।
Tuesday, 11 October 2016
কীটগহ্বৰ সম্বন্ধে এটি ধাৰণা
কেতিয়াবা এক দীঘলীয়া আৰু আমনিদায়ক যাত্ৰা এটিৰ আৰম্ভণিতে প্ৰায়েই আমাৰ মনলৈ আহিব পৰা এটা চিন্তা - কেনেবাকৈ এই দীঘলীয়া পথটো যদি তেনেই চমু কৰি মূহুৰ্তৰ ভিতৰতে যাত্ৰাটো সম্পূৰ্ণ কৰিব পৰা হ'লহেতেন ! হয়, আপুনি বা মই ভবাৰ দৰেই এইটো সম্ভৱ হৈ উঠিব পৰা এটি ধাৰণাই হ'ল কীটগহ্বৰ বা Wormhole. বিজ্ঞানৰ ভাষাত বিশাল মহাকাশৰ কেইবা লক্ষ আলোকবৰ্ষ দূৰত্বত অৱস্থিত দুখন তাৰকাৰাজ্যৰ মাজৰ এটি পোনপটীয়া আৰু অতি চমু সংযোগ ব্যৱস্থাকেই কীটগহ্বৰ বোলা হয়। বিজ্ঞানীসকলৰ মাজত সততে আলোচনা হোৱা এই কীটগহ্বৰৰ ধাৰণাটো যদি বাস্তৱসন্মত হয়, তেন্তে মহাকাশৰ বিশালতা মানুহৰ বাবে তেনেই নগন্য হৈ পৰিব। কীটগহ্বৰৰ ধাৰণাটো মনীষী এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ আলমত গঢ় লৈ উঠিছিল। তেখেতৰ মতে স্থান আৰু সময় দুয়োটাই অভিন্ন আৰু এই দুয়োটাই মহাকৰ্ষণ বলৰ প্ৰভাৱত বা কোনো পদাৰ্থৰ ভৰৰ বাবে সমতলীয় ভাবে নেথাকি বক্ৰ হৈ থাকিব পাৰে। যেতিয়াই স্থান আৰু কাল (সময়) বক্ৰ হৈ পৰে, তেতিয়াই বহু দূৰত অৱস্থিত দুটা স্থান তেনেই ওচৰ চাপি আহিব পাৰে।
কথাটো সহজ ভাবে বুজিবলৈ এখন ফুলস্কেপ কাগজৰ দুই মূৰে দুটা সৰু বৃত্ত আঁকি লৈ লক্ষ্য কৰিলে দেখা যাব যে সমতল কাগজখনৰ পিঠিত বৃত্ত দুটাৰ মাজত সমতলীয় ভাবে যথেষ্ট দূৰত্ব আছে। এতিয়া কাগজখন সাৱধানে এনেদৰে দুভাঁজ কৰা হ'ল যাতে কাগজত অঁকা বৃত্ত দুটা এটা আনটোৰ থিক ওপৰত অৱস্থান কৰে।
এতিয়া গঁজাল এটাৰে ফুটা কৰি কাগজত অঁকা বৃত্ত দুটা সংলগ্ন কৰিলে, এই ফুটাটোৱেই হ'ব বেঁকাকৈ ভাঁজ কৰা কাগজত অঁকা বৃত্ত দুটাৰ মাজৰ পোনপটীয়া আৰু আটাইতকৈ চমু পথ। ধৰি লওক কাগজৰ বৃত্ত দুটা আমাৰ মহাবিশ্বৰ দুখন তাৰকাৰাজ্য, তেন্তে গঁজালেৰে কাগজত কৰা ফুটাটোৱেই হ'ব দুই তাৰকাৰাজ্যৰ মাজৰ আটাইতকৈ চমু পথ বা কীটগহ্বৰ।
Sunday, 9 October 2016
সৌৰজগতৰ জন্মকুণ্ডলী
বিজ্ঞানী সকলৰ মতে আজিৰ পৰা প্ৰায় 460 কৌটি বছৰ বা 4.6 বিলিয়ন বছৰ আগতে সৌৰজগতৰ প্ৰাণকেন্দ্ৰ সূৰ্যৰ জন্ম হৈছিল। তেতিয়া সূৰ্যৰ উত্তাপ এতিয়াৰ সূৰ্যতকৈয়ো বেছি আছিল। প্ৰায় 60 কৌটি বছৰ পিছত সূৰ্যৰ উত্তাপ সামান্য মাত্রাত কমি যোৱাৰ ফলত সূৰ্যৰ চৌদিশে বিভিন্ন আনবিক মেঘৰ গেছীয় পদাৰ্থ সমূহ একত্ৰিত হৈ এক ভ্ৰূণগ্ৰহীয় চাক বা Protoplanetory Disc গঠিত হৈছিল। এই ভ্ৰূণগ্ৰহীয় চাকৰ গেছীয় উপাদান সমূহ সূৰ্যৰ মহাকৰ্ষণীয় বলৰ প্ৰভাৱত সূৰ্যৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত আছিল। কালক্ৰমত এই গেছীয় উপাদান সমূহৰ পৰাই সূৰ্যৰ বিভিন্ন গ্ৰহ আৰু গ্ৰহসমূহৰ বিভিন্ন উপগ্ৰহবোৰ সৃষ্টি হৈছিল। সৌৰজগতৰ গঠন সম্বন্ধে এই "নীহাৰিকা অনুকল্প" নামৰ সৰ্বজনবিদিত মডেলটো আগবঢ়াইছিল ইমানুৱেল চিডেনবৰ্গ নামৰ বিজ্ঞানীজনে। পিছলৈ বিজ্ঞানীসকলে এই মডেলটোৰ যথেষ্ট সালসলনি ঘটাই ইয়াক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে। শক্তিশালী দূৰবীন যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত 1990 দশকত সৌৰজগতৰ বাহিৰৰ আন আন নক্ষত্ৰৰ চৌপাশে পৰিভ্ৰমণ কৰি থকা এলানি গ্ৰহৰ আৱিষ্কাৰ হয়। সেই গ্ৰহবোৰৰ ওপৰত অধ্যয়ন কৰি বৰ্তমানৰ বিজ্ঞানীসকলে এনেধৰণৰ সালসলনি কৰি লৈছে। প্ৰাথমিক অৱস্থাৰ পৰা আজিলৈকে আমাৰ সৌৰজগতৰ বহুখিনি বিবৰ্তন হৈছে। বিভিন্ন সময়ত গ্ৰহবোৰৰ চৌদিশৰ গেছীয় পদাৰ্থৰ পৰাও উপগ্ৰহ সৃষ্টি হৈছে। কোনোবাটো উপগ্ৰহ আকৌ মহাজাগতিক সংঘৰ্ষৰ ফলতো সৃষ্টি হৈছে। বিজ্ঞানী সকলে জানিবলৈ দিয়া অনুসৰি আমাৰ পৃথিৱীৰ একমাত্র উপগ্ৰহ জোনবাইটো এনে মহাজাগতিক সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছে। কোনো কোনো গ্ৰহই আকৌ আন এটি গ্ৰহৰ সৈতে পৰস্পৰৰ স্থান সলনি কৰি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। আজিৰ পৰা প্ৰায় 500 কৌটি বছৰৰ পিছত আমাৰ সূৰ্যটো শীতল হৈ পৰাৰ ফলত ইয়াৰ বহিৰাংশ যথেষ্ট সম্প্ৰসাৰিত হ'ব আৰু সূৰ্যৰ আয়তন অকল্পনীয় ভাবে বৃদ্ধি হৈ বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহক গ্ৰাস কৰি এটা "ৰঙা দৈত্য" হিচাবে আকাশত জিলিকি উঠিব। কালক্ৰমত ৰঙা দৈত্য ৰূপী সূৰ্যৰ বহিৰাংশ সূৰ্যৰ পৰা বিচিন্ন হৈ পুনৰ আন এক আনবিক মেঘৰ গেছীয় পদাৰ্থৰে ভৰা ভ্ৰূণগ্ৰহীয় চাক তৈয়াৰ কৰিব। আনহাতে সূৰ্যৰ আভ্যন্তৰীণ অংশটো এটি "শ্বেত-বামণ" বা বগা বাওনা হিচাবে ৰৈ যাব। তেনে অৱস্থাত সূৰ্য এক মৃতপ্ৰায় নক্ষত্ৰ অৱশিষ্ট অংশ হিচাবে ৰৈ যাব। তেতিয়া সূৰ্যই সৌৰজগতখন নিয়ন্ত্ৰণ কৰিব পৰাকৈ শক্তিশালী হৈ নেথাকিব। সূৰ্যৰ আনবোৰ গ্ৰহ, যিবোৰ প্ৰকৃততে একোটা বৃহৎ গেছীয় পিণ্ড যেনে বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন আদি সৌৰজগতত বিভ্ৰান্ত হৈ যেনিতেনি ঘুৰি ফুৰিব আৰু কোনো মহাজাগতিক সংঘৰ্ষত পতিত হৈ ধ্বংসপ্ৰাপ্ত হ'ব। আৰু এনেদৰেই আমাৰ সূৰ্যটোৰ লগতে সৌৰজগতৰ মৃত্যু ঘটিব।
Sunday, 2 October 2016
এনে লোকক বাৰু কি বুলি ক'ব ?
কপি কৰি নিজৰ নামত প্ৰকাশ মোৰ লিখনি প্ৰকাশ কৰা এনে লোকক বাৰু কি বুলি ক'ব ? আপোনালোকে দুয়োটা লিখনিয়েই মোৰ ৱালত পঢ়িবলৈ পাব। আৰু এটা উদাহৰণ.....
মূল লিখনি দুটা :
https://www.facebook.com/photo.php?fbid=1085462051490852&set=a.556564884380574.1073741835.100000812021191&type=3&theater
আৰু
https://www.facebook.com/photo.php?fbid=1083095435060847&set=a.879820808721645.1073741855.100000812021191&type=3&theater
Thursday, 29 September 2016
চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী
যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ আগৰ কথা। গ্ৰীচৰ এজন সাধাৰণ ভেড়া ৰখীয়া। তেওঁৰ নাম মেগনাচ। মেগনাচে সদায় ৰাতিপুৱা ভেড়াৰ জাক এটা লৈ পাহাৰৰ দাঁতিৰ এঢলীয়া ঠাই টুকুৰালৈ যায়। পাহাৰৰ এঢলীয়া ঠাইত খোজকঢ়াৰ বাবে অসুবিধা নহ'বলৈ মেগনাচে তেওঁৰ জোতাৰ তলিত কেইটামান গঁজাল মাৰি লৈছিল। এদিনাখনৰ কথা। আবেলি পৰত মেগনাচে ঘৰলৈ ঘুৰি অহাৰ সময়ত মন কৰিলে যে তেওঁৰ এটা ভেড়া কমি আছে। ইফালে-সিফালে বিচাৰি মেগনাচ ক্ৰমে আগবাঢ়ি গ'ল পাহাৰৰ আওঁহতীয়া শিলাময় অঞ্চলটোৰ দিশে। কিছুদূৰ আগবঢ়াৰ পিছত মেগনাচে অনুভৱ কৰিলে যে তেওঁৰ ভৰি দুখন ক্ৰমে গধুৰ হৈ আহিছে। বেছি গুৰুত্ব নিদি মেগনাচ হেৰোৱা ভেড়াটোৰ সন্ধানত আগবাঢ়িল। পিছে সময় আগবঢ়াৰ লগে লগে মেগনাচৰ ভৰি দুখনো বেছিকৈ গধুৰ অনুভৱ হোৱাত মেগনাচে শিল এটুকুৰাৰ ওপৰত বহি ভৰি দুখন লক্ষ্য কৰিলে। থিকেই তো আছে ! কোনো আঘাত নাই, বিষ নাই, একোৱেই তো হোৱা নাই ! তেন্তে ভৰি দুখন গধুৰ কিয় হ'ল ? এইবাৰ মেগনাচে ভৰিত পিন্ধি থকা জোতাযোৰলৈ চালে। হয়, জোতাযোৰতেই সমস্যাটো। তেওঁ শিলাময় অঞ্চলটোৰ ওপৰেৰে খোজকাঢ়ি যাওঁতে জোতাৰ তলিখনত শিলবোৰ লাগি ধৰা বাবে জোতাযোৰ গধুৰ হৈছে। ভেড়া খেদিবলৈ ব্যৱহাৰ কৰা লাঠিডালেৰে মেগনাচে শিলবোৰ এৰুৱাবলৈ যত্ন কৰিলে। মেগনাচ এইবাৰ আচৰিত হ'ল কাৰণ তেনেই সাধাৰণ এই সৰু শিলবোৰ যে জোতাযোৰত দৃঢ় ভাবে লাগি ধৰিছে !! কিছু সময় যুঁজি তেওঁ শিলবোৰ এৰুৱালে যদিও শিলবোৰ জোতাযোৰত কেনেকৈ লাগি ধৰিছিল সেই কথাটোৱে তেওঁক ভবাই তুলিলে। কৌতুহলবশতঃ তেওঁ তেনে কেইটিমান শিল লগত লৈ ঘৰলৈ উভতি আহিল আৰু বন্ধু বান্ধৱ তথা ওচৰ চুবুৰীয়াক দেখুৱালে। সকলো আচৰিত হ'ল এই যাদুকৰী শিলবোৰ দেখি। তেওঁলোকে জোতাৰ ওজন বঢ়োৱা এই শিলবোৰৰ নাম ৰাখিলে "Loadstone". গ্ৰীচৰ ভেড়া ৰখীয়া মেগনাচে আৱিষ্কাৰ কৰা বাবেই এই শিলবোৰক Magnetite বুলিও কোৱা হয়। পিছলৈ ইয়াৰ পৰাই Magnet বা চুম্বক শব্দৰ উৎপত্তি হয়। চুম্বক আৱিষ্কাৰৰ এই কাহিনীটো পিছে আন এচামে মানি ল'ব বিচৰা নাই। তেওঁলোকৰ মতে মেগনেচিয়া নামৰ ঠাই এখনৰ পৰা প্ৰথমে এই শিলবোৰ আহৰণ কৰা হৈছিল বাবেই এইবোৰক "মেগনেট" বোলা হয়। প্ৰাচীন গ্ৰীক সকলে এই শিলবোৰক যাদুকৰী বা Magical stone বুলি ভাবিবলৈ লৈছিল আৰু তেওঁলোকে এই শিলবোৰ অপদেৱতা বা অশুভ শক্তিৰ পৰা হাত সাৰি থকাৰ বাবে ব্যৱহাৰ কৰিছিল। খ্ৰীঃঃ পূঃ 1800 চন মানত চীন দেশত পোন প্ৰথমে এই চুম্বকীয় গুণ সম্পন্ন শিলবোৰৰ বিজ্ঞান সন্মত ব্যৱহাৰ আৰম্ভ হয়। তেওঁলোকে মন কৰিছিল যে এই শিলবোৰ মুক্ত ভাবে ওলোমাই ৰাখিলে সদায় উত্তৰ দক্ষিণমূৱা হৈ থাকে। তেওঁলোকে চুম্বকৰ এই গুণটো ব্যৱহাৰ কৰি প্ৰথম কম্পাছ আৱিষ্কাৰ কৰে। পিছলৈ ভাইকিং নামৰ এজন লোকে এটি অধিক কাৰ্যক্ষম কম্পাছ সাজি উলিয়ায়। 1600 চনত বৃটিছ বিজ্ঞানী উইলিয়াম গিলবাৰ্টে পৃথিৱীৰ প্ৰথম কৃত্ৰিম চুম্বকডাল সাজি উলিয়ায়। তেখেতে পৃথিৱীখনো এডাল বৃহৎ চুম্বক বুলি প্ৰমাণ কৰিছিল। পিছলৈ হান্স ক্ৰিষ্টিয়ান অৰষ্টেড, মেক্সুৱেল, ফ্লেমিং, মাইকেল ফেৰাডে আদি বিশ্ববিশ্ৰুত বিজ্ঞানী সকলৰ প্ৰচেষ্টাত বিদ্যুত আৰু চুম্বকত্বৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ লগে লগে বিজ্ঞানৰ ক্ষেত্রখনলৈ আগমন ঘটে এটি নতুন বিষয় - "বিদ্যুত-চুম্বকত্ব" আৰু এই আৱিষ্কাৰৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সমগ্র মানৱজাতিৰ কল্যাণ সাধন কৰি আহিছে।
Wednesday, 28 September 2016
পৃথিৱীৰ আকাশত যদিহে জোনবাই নেথাকিলহেতেন
সৌৰজগত সৃষ্টি হোৱাৰ পিছতেই প্ৰায় মংগল গ্ৰহৰ সমান আকৃতিৰ এটি গ্ৰহানু পথভ্ৰষ্ট হৈ আহি পৃথিৱীৰ বুকুত প্ৰচণ্ড জোৰেৰে আঘাট কৰাৰ ফলত পৃথিৱীৰ পৰা চিটিকি যোৱা বিভিন্ন উপাদান সমূহ লগ লাগি আমাৰ জোনবাইটো সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই জোনবায়ে পৃথিৱীৰ বাতাবৰণ, ঋতু পৰিবৰ্তন, আকৃতি আৰু কক্ষপথত পৃথিৱীৰ গতি নিয়ন্ত্ৰণ কৰি আহিছে। আচৰিত হ'লেও সত্য যে জোনবাইৰ অবিহনে পৃথিৱীৰ দিন ৰাতিৰ দৈৰ্ঘ্য হ'লহেতেন মাত্ৰ ৮ৰ পৰা ১০ ঘণ্টা ! জোনবাই আৰু পৃথিৱীৰ মাজৰ মহাকৰ্ষণ বলৰ পাৰস্পৰিক প্ৰভাৱত নিজ মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ বেগ মন্থৰিত হৈছে আৰু দিন ৰাতিৰ বাবে পৃথিৱীয়ে ২৪ ঘণ্টা সময় লৈ আহিছে। জোনবাই নথকা হেতেন যিহেতু পৃথিৱীৰ দিন-ৰাতিৰ পাৰ্থক্য মাত্ৰ ৮ বা ১০ ঘণ্টাহে হ'লহেতেন, পৃথিৱীৰ এবছৰত আমি প্ৰায় ১১০০ টা মান দিন পালোঁহেতেন !! বিজ্ঞানীসকলৰ মতে জোনবাইৰ অবিহনে পৃথিৱীয়ে যি দ্ৰুত গতিৰে নিজ মেৰুদণ্ডৰ চৌদিশে আৱৰ্তন কৰিলেহেঁতেন, সেই বেগৰ ফলত পৃথিৱীখন বিষুব অঞ্চলত অধিক ওফন্দি উঠিলহেঁতেন। বিজ্ঞানীসকলে আন এটা গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। তেওঁলোকৰ মতে মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ ফোবছ আৰু ডিম'ছৰ প্ৰভাৱ গ্ৰহটোৰ ওপৰত তেনেই নগণ্য। সেইবাবে মংগল গ্ৰহই নিজ মেৰুদণ্ড সাপেক্ষে ১৫ ৰ পৰা ৩৫ ডিগ্ৰী পৰ্যন্ত কোণ কৰি থাকে। অৰ্থাৎ মংগল গ্ৰহৰ এই কোণৰ মান স্থিৰে নেথাকে। আনহাতে পৃৃথিৱীৰ ক্ষেত্ৰত এই কোণৰ মান ২৩ ৰ পৰা ২৬ ডিগ্ৰীৰ ভিতৰত স্থিৰ হৈ থাকে। জোনবাইৰ আকৰ্ষণৰ ফলত পৃথিৱীয়ে এই স্থিৰতা লাভ কৰিছে আৰু ইয়াৰ ফলত পৃথিৱীত নিয়মীয়া ঋতু পৰিবৰ্তন দেখা পোৱা যায়। পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰৰ বুকুত দেখা পোৱা জোৱাৰ ভাটাৰ প্ৰভাবো জোনবাই অবিহনে সম্ভৱ নহ'লহেঁতেন। জোনবাই নেথাকিলে আমি আকাশৰ বুকুত দেখিবলৈ পোৱা দুটা বিশেষ পৰিঘটনা- সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দেখা নেপালোহেঁতেন। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই দুই পৰিঘটনা অতি তাৎপৰ্যপূৰ্ণ কিয়নো বুধ বা শুক্ৰ গ্ৰহৰ বালক গমন, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আদি বিভিন্ন বৈজ্ঞানিক তথ্যৰ অধ্যয়ন আৰু সত্যতা এই সূৰ্যগ্ৰহণৰ সময়তেই প্ৰমাণিত হৈছিল।
Subscribe to:
Posts (Atom)













