Thursday 11 January 2018

কোৱাণ্টাম বিজ্ঞানৰ আগমন


কোৱাণ্টাম শব্দটো এটি লেটিন মূলৰ শব্দ, যাৰ অৰ্থ হৈছে কোনো পদাৰ্থ অথবা শক্তিৰ অতি নূন্যতম একক পৰিমান।  কোৱাণ্টাম পদার্থবিজ্ঞান আধুনিক পদার্থবিজ্ঞানৰ এনে এটি শাখা য'ত পৰমাণু অথবা অতিপাৰমাণবিক কণাসমূহৰ তৰংগ ধৰ্মৰ সহায়ত পদার্থটোৰ আচৰণ বর্ণনা কৰা হয়। কোৱাণ্টাম পদাৰ্থৰ বিজ্ঞানৰ ধাৰণাটো জন্ম হোৱাৰ আগত বিজ্ঞান মূলত নিয়ন্ত্ৰিত হৈছিল নিউটনীয় বলবিজ্ঞানৰ সূত্ৰ সমূহৰ আধাৰত। বিজ্ঞানী নিউটন আৰু ম্যাক্সৱেলৰ সূত্র সমূহ অনুসৰণ কৰিয়েই পদার্থবিজ্ঞানে ঊনবিংশ শতিকাৰ শেষভাগলৈ এক সুশৃঙ্খলিত বিজ্ঞান হিচাবে ঠণ ধৰি উঠিছিল। এই বৈজ্ঞানিক প্রক্রিয়া বা ধাৰণাসমূহৰ প্ৰতিটোৱেই একোটা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু বিজ্ঞানত সেয়েহে বিজ্ঞানীসকলৰ বাবে কৰণীয় বিশেষ একোৱেই নাছিল। সকলোবোৰেই গাণিতিক সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। বিজ্ঞানী সকল যেন একোজন নীৰব দর্শক !

পদাৰ্থৰ পৰমাণু পর্যন্ত নিউটনৰ বলবিজ্ঞানে সুন্দৰকৈ বিজ্ঞানৰ প্ৰায় প্ৰতিটো প্ৰশ্নৰেই যথাযথ ব্যাখ্যা আগবঢ়াব পাৰিছিল। কিন্তু বিজ্ঞানে যেতিয়া পৰমাণুৰ গভীৰতালৈ প্ৰবেশ কৰি চাব-এট'মিক বা অতি পাৰমানবিক পৰ্যায়লৈ গতি কৰিলে, তেতিয়াই দেখা গ'ল যে চাব-এট'মিক পার্টিক'লবোৰ প্ৰকৃততে কণা বা পার্টিক'ল পৰ্যায়ত আছে নে শক্তিৰ পৰ্যায়ত আছে - সেই কথাটো নিউটনৰ বলবিজ্ঞানৰ নীতিৰ আধাৰত দৃঢ় ভাবে ক'ব নোৱাৰি। ৱাৰ্নাৰ হাইজেনবাৰ্গ প্ৰভৃতি বিজ্ঞানীসকলে দেখিলে যে একেটা চাব-এট'মিক পার্টিক'লক কোনো এক নিৰ্দিষ্ট সময়ত কণা হিচাবে আৰু আন এক মুহুৰ্তত শক্তি হিচাবে পোৱা যায়। আৰু এয়াই হ'ল হাইজেনবাৰ্গৰ অনিশ্চয়তা মতবাদৰ বা আনচাৰটেইনিটি প্রিন্সিপ'লৰ মূলভেটি।

হাইজেনবাৰ্গৰ অনিশ্চয়তাবাদে বিংশ শতাব্দীত বিজ্ঞানক আন এক মাত্ৰা প্ৰদান কৰে। বৈজ্ঞানিক চিন্তাধাৰাত এক আমূল পৰিবর্তনে দেখা দিলে। পদার্থবিজ্ঞানী সকল বিস্ময়াবিষ্ট হৈ পৰে আৰু তেওঁলোকে অনিশ্চয়তাবাদ সম্পর্কে গভীৰভাবে অধ্যয়নত নিমগ্ন হ'ল। কোৱাণ্টাম বলবিজ্ঞানত পদার্থকণা আৰু পোহৰৰ আচৰণৰ এক  বিস্তাৰিত বর্ণনা পোৱা যায়। অতি ক্ষুদ্র মাপৰ বস্তুবোৰৰ আচৰণ আচহুৱা। নিউটনৰ মতে পোহৰৰ কেতবোৰ অতি ক্ষূদ্ৰ কণাৰ দ্বাৰা তৈয়াৰী। কিন্তু পিছলৈ আবিষ্কাৰ হল যে পোহৰে তৰংগ সদৃশ আচৰণো কৰে। বিংশ শতিকাৰ আদিতে আবিষ্কাৰ হয় যে পোহৰে প্ৰকৃততে কনিকা আৰু তৰংগ- দুয়োটা আচৰণেই দেখুৱায়। একেদৰে এইটোও দেখা গ'ল যে ইলেকট্রনবোৰ কনিকাধর্মী হ'লেও ইহঁতৰ কিছুমান আচৰণ কেবল তৰংগৰ মাধ্যমতহে বৰ্ণনা কৰিব পাৰি।

বিংশ শতাব্দীৰ আৰম্ভণিৰ সেই ক্ষণত ক্ষুদ্র কনিকাৰ আচৰণ সম্বন্ধে বিভিন্ন তথ্যসমূহ আৱিষ্কৃত হ'বলৈ ধৰে। এই তথ্যসমূহে ক্ৰমে বিভ্রান্তিবোৰ আঁতৰাই নিবলৈ আৰম্ভ কৰে। অবশেষত ১৯২৬ আৰু ১৯২৭ চনত শ্ৰুডিঞ্জাৰ, হাইজেনবার্গ, বর্ন, মেক্স প্লাংক আদি বিজ্ঞানীসকলৰ অৱদানে বিভ্রান্তিৰ পূৰ্ণ অবসান ঘটাই কোৱাণ্টাম স্কেলত ক্ষুদ্র কনিকাবোৰৰ আচৰণৰ এটা সামঞ্জস্যপূর্ণ ব্যখ্যা দাঙি ধৰিবলৈ সমর্থ হয় আৰু বিজ্ঞানৰ জগতখনত সৃষ্টি হোৱা বিভিন্ন জল্পনা-কল্পনাৰ ওৰ পেলাই গঢ় লৈ উঠে এক নতুন ধাৰণা যাৰ নাম কোৱান্টাম বলবিজ্ঞান।

No comments:

Post a Comment