Sunday 28 January 2018

কাল দীৰ্ঘায়ন বা Time Dilation


সময় ৰহস্যময়। দাৰ্শনিক সত্বাই আমাক সচকিত কৰি সদাযেই কৈ আহিছে : সময় অনাদি, অনন্ত আৰু গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। অথচ, গতিয়েই সময়ক প্ৰভাৱিত কৰি ইয়াৰ স্বৰূপ সলনি কৰিবলৈ বাধ্য কৰাইছে যাৰ বাবে সময় এই বিশ্বব্ৰহ্মাণ্ডৰ ক'ৰবাত খৰধৰকৈ আৰু আন ক'ৰবাত কইনাখোজীয়া গতিৰে ধীৰে ধীৰে প্ৰবাহিত হৈছে। 

দাৰ্শনিক এৰিষ্টট'লৰ মতে কোনো এজন পৰ্যবেশকৰ বাবে সকলোতেই স্থান আৰু কাল (সময়) একোটাকৈ পৰম ধাৰণা। আধুনিক বিজ্ঞানৰ বাটকটীয়া প্ৰসিদ্ধ বিজ্ঞানী আইজাক নিউটনেও একে সুৰতেই কৈছিল যে কোনো এটা বিশেষ ঘটনা কোন স্থানত আৰু কেতিয়া সংঘটিত হৈছে সেইটো ভিন ভিন স্থানৰ পৰা পৰ্যবেক্ষণ কৰা সকলো পৰ্যবেশকৰ বাবেই একে। অৰ্থাৎ স্থান আৰু কাল দুয়োটাই একো একোটা পৰম সত্য।

কিন্তু স্থান আৰু কালৰ "পৰম সত্য" ধাৰণাটোক মষীমূৰ কৰি এক নতুন সত্যৰ সন্ধান দিবলৈ আগবাঢ়ি আহিল মনিষী এলবাৰ্ট আইনষ্টাইন। তেখেতে যুক্তি আৰু গাণিতিক প্ৰমাণেৰে দেখুৱাই দিলে যে স্থান আৰু কাল দুয়োটাই অভিন্ন অৰ্থাৎ স্থান অবিহনে কাল বা কাল অবিহনে স্থানৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে স্থান বা কাল - কোনোটোৱেই পৰম নহয়, বৰং দুয়োটাই আপেক্ষিক। আইনষ্টাইনে থিকেই বুজিছিল যে কোনো এটা বস্তু ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়, একেলগে অৱস্থানৰ সময়টোও জানিব লাগিব। অর্থাৎ অৱস্থানৰ তিনি মাত্রিক বা three spatial directions যেনে x, y আৰু z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। সেয়েহে স্থান আৰু কাল অভিন্ন।

আপেক্ষিকতাবাদত স্থান আৰু সময়ক পৃথকে পৃথকে কল্পনা কৰা নেযায় কাৰণ কোনো এটা বস্তু বা বস্তুটো পৰ্যবেক্ষণ কৰি থকা পৰ্যবেক্ষকৰ বাবে "সময়" নির্ভৰশীল কৰে বস্তুটোৰ গতিৰ ওপৰত। কথাখিনি বুজাত সৃষ্টি হোৱা জটিলতা দুৰ কৰিবলৈ আমি এটি সহজ উদাহৰণ ল'ব পাৰো।

উদাহৰণ হিচাবে দুটা ঘড়ী লোৱা হওঁক। এটা ৰঙা ঘড়ী আৰু আনটো নীলা ঘড়ী। ঘড়ী দুটাই প্রতি ছেকেণ্ডত একোটাকৈ আলোক স্পন্দন সৃষ্টি কৰে। দুয়োটা ঘড়ীয়েই সম্পূৰ্ণ শুদ্ধ সময় দিয়ে। অর্থাৎ ৰঙা ঘড়ীটোৰ এক ছেকেণ্ড সময় আৰু নীলা ঘড়ীটোৰ এক ছেকেণ্ড সময়ৰ মাপ সমান। এতিয়া ৰঙা ঘড়ীটো লগত ৰাখি নীলা ঘড়ীটো এটা ৰকেটৰ ভিতৰত ৰাখি ৰকেটটো প্ৰক্ষেপ কৰা হ'ল। ৰকেটো প্ৰতি ছেকেণ্ডত এক নিৰ্দিষ্ট হাৰত ত্বৰিত হৈ পৃথিৱীৰ পৰা দূৰলৈ গৈ আছে কিন্তু ঘড়ীটোৰ পৰা নিৰ্গত আলোক স্পন্দনসমূহ আমাৰ লগত থকা গ্ৰাহক যন্ত্রত প্ৰতিটো মূহুৰ্তত ধৰা পৰি আছে। যিহেতু ৰঙা ঘড়ীটো আমাৰ লগতেই আছে, এই ঘড়ীটোৰ স্পন্দনবোৰ কোনো গ্ৰাহক যন্ত্র নোহোৱাকৈয়ে আমি এক ছেকেণ্ডৰ অন্তৰে অন্তৰে সঠিক ভাবে পাই থাকিম।

নীলা ঘড়ীটোৰ বেলিকা কিন্তু কথাটো অলপ সুকীয়া হৈ পৰিব। ৰকেটটোৱে নীলা ঘড়ীটো লৈ প্রবল গতিবেগত আমাৰ পৰা আঁতৰি গৈ থকা বাবে তাত থকা নীলা ঘড়ীটোৰ এটা স্পন্দনৰ পিছত সৃষ্টি হোৱা আন এটা স্পন্দনৰ মাজৰ ছেকেণ্ডটোত ৰকেটটোৱে কিছু অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰা হেতুকে পিছৰ স্পন্দনটো আমাৰ লগত থকা গ্ৰাহক যন্ত্ৰত কিছু পলমকৈ আহি ধৰা দিব। তাৰফলত আমি কি দেখিম বাৰু ? যদিওবা দুয়োটা ঘড়ী কাৰিকৰী দিশৰ পৰা এশ শতাংশ নিখুত আৰু সঠিক সময়ৰ অন্তৰে অন্তৰে দুয়োটা ঘড়ীয়ে আলোক স্পন্দন নিৰ্গত কৰি আছে, পৃথিবীত বহি আমি দেখা পাম যে নীলা ঘড়ীটোৰ পৰা অহা প্ৰতি ছেকেণ্ডৰ স্পন্দনবোৰ আমাৰ লগত থকা ৰঙা ঘড়ীটোৰ প্ৰতি ছেকেণ্ডৰ স্পন্দনবোৰৰ তুলনাত ধীৰ হৈ পৰিছে অর্থাৎ নীলা ঘড়ীৰ সময়বোৰ ধীৰে ধীৰে "SLOW" হৈ পৰিছে। গতিশীল বস্তুৰ বেগৰ প্ৰভাৱত সময় এনেদৰে স্লো হৈ পৰা পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত "কাল দীৰ্ঘায়ন" বা Time Dilation বোলা হয়।

আলোচনাটিত গতিবেগে সময়ক কিদৰে প্ৰভাৱিত কৰে কেৱল সেই বিষয়ে অতি সাধাৰণভাৱে কোৱা হৈছে। সময়ক মহাকৰ্ষণেও প্ৰভাৱিত কৰে। তেনে পৰিঘটনাক "মহাকৰ্ষণীয় কাল দীৰ্ঘায়ন" বোলা হয়। আগলৈ এই বিষয়ে লিখিবলৈ যত্ন কৰিম

No comments:

Post a Comment