Saturday 20 January 2018

ৰহস্যময় ষ্ট্ৰিং থিয়ৰি


চাৰ আইজাক নিউটন আৰু আইনষ্টাইন আদি মনিষীয়ে আৱিষ্কাৰ কৰা পদার্থবিজ্ঞানৰ আলমত পৰমাণু জগতৰ বহুতো আশ্চর্যকৰ ঘটনাৰ যথাযথ ব্যাখ্যা সম্ভৱ হোৱা নাছিল। ইয়াৰ ফলতেই এদিন ঠণ ধৰি উঠিছিল কোৱাণ্টাম বলবিজ্ঞানে। কিন্তু কোৱান্টাম বলবিজ্ঞানৰ নীতি নিৰ্দেশনাবোৰ ইমানেই আচহুৱা যে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ লগত ই কোনোমতেই খাপ নেখায়। আনকি আইনষ্টাইনে নিজেও এই কথা উপলব্ধি কৰিছিল আৰু কোৱাণ্টাম তত্বৰ লগত আপেক্ষিকতাবাদক সমন্বিত কৰাৰ সপক্ষে চিন্তা কৰিছিল। তেখেতৰ মতে এই দুই তত্বৰ সংমিশ্ৰিত এক নতুন “একীভূত তত্ত্ব” গঠন কৰিব নোৱাৰিলে মহাবিশ্বৰ সৃষ্টি ৰহস্য কেতিয়াও উন্মোচন কৰা সম্ভৱ নহ’ব। পিছলৈ এই দুই আপাত বিৰোধী তত্বক একীভূত কৰি পদার্থবিজ্ঞানত উন্মোচিত কৰা হয় আন এক ৰহস্যময় তত্ব, যাৰ সহায়ত মহাবিশ্বৰ সৃষ্টি সম্বন্ধে সঠিক ব্যাখ্যা পোৱা সম্ভৱ বুলি বৰ্তমানৰ বিজ্ঞানীসকলে দাবী কৰিছে। এই ৰহস্যময় তত্বটোৰ নামেই হ’ল – ষ্ট্ৰিং থিয়ৰি। কিন্তু কি এই ৰহস্যময় “ষ্ট্ৰিং থিয়ৰি” ?
“মই কোন” বা “মই কিহেৰে গঠিত” বুলি নিজকে এটা প্ৰশ্ন কৰো আহকচোন। জীৱবিজ্ঞানৰ পাতত পাব যে মানুহৰ শৰীৰৰ শতকৰা ৭ ভাগ তেজেৰে গঠিত। জৈৱৰসায়নে ক’ব যে মানৱ শৰীৰৰ শতকৰা ৭০ ভাগ পানী। আনহাতে পদাৰ্থ বিজ্ঞানৰ মতে মানৱ শৰীৰৰ মুঠ ৯৯.৯৯ অংশই কেতবোৰ ৰিক্ত স্থানহে। তেন্তে আমি কোন ? আমি কিহেৰে গঠিত ? আমি ক’ৰপৰা আহিলো ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাই থাকোতেই জ্যোতিৰ্বিজ্ঞানী সকলে ক’ব যে তুমি আন একোৱেই নহয়, সহস্ৰাধিক কাল আগতেই মৃত্যুমুখত পৰা কোনো এক নক্ষত্ৰৰ অস্থিভষ্মেৰে গঢ়া তুমি এজন সাধাৰণ মানুহ মাত্ৰ !
…… তেন্তে আমি অলপ আগতে কৰা “মই কোন” বা “মই কিহেৰে গঠিত” এই প্ৰশ্ন দুটাৰ উত্তৰ কি ? ইয়াৰ যথাযথ উত্তৰ ষ্ট্ৰিং থিয়ৰিয়ে দিব পাৰিব বুলি ধাৰণা কৰিয়েই পৰবৰ্তী আলোচনাখিনি আগবঢ়াব বিচাৰিছো।
ষ্ট্ৰিং থিয়ৰিয়ে প্রকৃতিৰ বিভিন্ন বলসমূহ সফলভাবে একীভূত কৰাৰ লগতে মহাবিশ্ব সম্পর্কে আমাক এটি নতুন দৃষ্টিভঙ্গী প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই তত্ব মতে ইলেকট্রন, প্ৰজিট্ৰন, মিউৱন বা কোৱার্কৰ দৰে মৌলিক কণিকাবোৰ আমি ধাৰণা কৰাৰ দৰেই মাত্রাহীন বিন্দু সদৃশ কণিকা নহয়। আমাৰ দৃষ্টিৰ সীমাবদ্ধতা কাৰণে এইবোৰক আমি বিন্দু হিচাবে অনুমান কৰি লৈছো। কিন্তু এই প্ৰাথমিক কণাবোৰ কোনো চুপাৰ মাইক্রোস্কোপৰ সহায়ত বহুগুণে (প্রায় বিলিয়ন গুণ) বিবর্ধিত কৰা সম্ভব হয়, তেন্তে আমি এই কণাবোৰ বিন্দুৰ দৰে নেদেখি কিছুমান একমাত্রিক দীঘল সূতাৰ দৰে আকৃতিতহে দেখা পাম। ষ্ট্ৰিং থিয়ৰি অনুসৰি প্রকৃতিতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো মৌলিক কণিকাই আচলতে একোডাল দীঘলীয়া সূতা অথবা ষ্ট্ৰিং। এই সূতাৰ দৰে অৱয়ববোৰ অনবৰতে বিভিন্ন কম্পনাংকৰে কপি বা দুলি আছে। কম্পনাংকৰ ভিন্নতাৰ কাৰণে বিভিন্ন বৈশিষ্ট্যৰ মৌলিক কণিকা সমূহ সৃষ্টি হৈছে। কম্পনৰ পার্থক্যই এই কণিকাবোৰৰ আধান, ভৰ, ঘনত্ব আদি মৌলিক গুণাগুণবোৰ নির্দিষ্ট কৰি দিছে। বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ অন্তিম স্বৰূপ এই সূতাৰ দৰে অৱয়ববোৰৰ বলবিদ্যা অধ্যয়ন কৰি ইহঁতৰ অন্যান্য বৈশিষ্ট্যবোৰো আৱিষ্কাৰ কৰাত ব্যস্ত। সহজভাবে ক’বলৈ হ’লে, গিটাৰৰ তাঁৰৰ কম্পণৰ পার্থক্যৰ কাৰণে যেনেদৰে বিভিন্ন সুৰ সৃষ্টি হয়, তেনেদৰেই এই সূতাৰ দৰে অবয়বৰ ষ্ট্ৰিংবোৰৰ কম্পনৰ পার্থক্যৰ কাৰণে বিভিন্ন বৈশিষ্ট্যেৰ পদাৰ্থ কণিকা সৃষ্টি হয়।
এই ষ্ট্ৰিংবোৰৰ দৈর্ঘ্য অস্বাভাবিক ভাবে ক্ষুদ্র আৰু ইয়াৰ মান হ’ল ১০^-৩৩ (টেন টু দি পাৱাৰ মাইনাচ থাৰ্টি থ্ৰি) ছে.মি.! এই ক্ষুদ্র ষ্ট্ৰিংবোৰৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল ইহঁতৰ কম্পনৰ ধৰণ। ইলেকট্রনৰ ষ্ট্ৰিংবোৰ হয়তো এক বিশেষ ভাবে কপিছে, আনহাতে কোয়ার্কৰ ষ্ট্ৰিংবোৰ হয়তো অন্য ধৰণে কপিছে। অৰ্থাৎ ইলেকট্রনৰ ষ্ট্ৰিংবোৰ নিউট্রিনোৰ ষ্ট্ৰিংবোৰৰ লগত একেই অথচ এইবোৰৰ কম্পনহে ভিন্ন।
সকলো মৌলিক কণিকাই যদি ষ্ট্ৰিং হয় তেন্তে আমাৰ পৰিচিত বাস্তবতাৰ ছবিখন কিন্তু মূহুৰ্ততেই সলনি হৈ যাব। সৰ্বপ্ৰথমে মৌলিক কণিকা বুলি ইমান দিনে প্ৰচলিত ধাৰণাটোৰ অৱসান ঘটিব কাৰণ ষ্ট্ৰিং থিয়ৰি মতে কোৱার্ক বা নিউট্রিনোৰ দৰে সকলো মৌলিক কণিকাই অভিন্ন সূতাৰ দৰে অৱয়বৰ ষ্ট্ৰিঙৰ দ্বাৰা তৈয়াৰী। বিজ্ঞানীসকলে যেতিয়া প্রথমবাৰৰ বাবে ষ্ট্ৰিংবোৰৰ আচৰণৰ ওপৰথ গৱেষণা কৰিছিল, তেতিয়া, তেতিয়া দেখিছিল যে “স্থান-কাল”ৰ মাজত ষ্ট্ৰিংবোৰে ইচ্ছামতে চলাফুৰা কৰিব নোৱাৰে। বৰং সুনির্দিষ্ট কিছু গাণিতিক নিয়ম মানিহে এইবোৰে স্থান-কালৰ মাজত গতিময়তা লাভ কৰে। ষ্ট্ৰিংবোৰৰ এই গতি বিশ্লেষণ কৰিবলৈ গৈ বিজ্ঞানীসকলৰ চকু কপালত উঠিল কিয়নো ষ্ট্ৰিংবোৰৰ আচৰণৰ পৰাই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সমীকৰণটো পুনৰ ওলাই আহে ! অৰ্থাৎ আইনষ্টাইনে যদি আপেক্ষিকতাবাদৰ তত্বটো আবিষ্কাৰ নকৰিলেহেতেন, তথাপিও ষ্ট্ৰিংবোৰৰ আচৰণে একেখিনি কথাই জনালেহেতেন !
পিছে ষ্ট্ৰিং থিয়ৰিয়ে কিহৰ সম্ভাৱনা আনিছে ? আচলতে বিগ বেঙৰ আশেপাশে বিভিন্ন ষ্ট্ৰিং সমূহৰ ভিন ভিন বিন্যাসৰ বাবে একেলগে কেইবাখনো মহাবিশ্ব তৈয়াৰ হোৱাৰ সম্ভাৱনাটো প্ৰকট কৰি তুলিছে। অৰ্থাৎ বিগ বেঙে কোৱাৰ দৰে মহাবিশ্ব মাত্ৰ এখনেই নহৈ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটোক আৰু অধিক মজবুত কৰি তুলিছে। এনেদৰে সৃষ্টি হোৱা বিভিন্ন সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ দৰে থিক একে ষ্ট্ৰিং বিন্যাসৰ আন এখন সাইলাখ একে বিশ্বব্ৰহ্মাণ্ড থকাটোও সম্ভৱ হৈ পৰিছে য’ত আপোনাৰ বা মোৰ অবিকল প্ৰতিৰূপ থকা আন এজনে লোকে বাস কৰি আছে !

No comments:

Post a Comment