Monday 15 January 2018

পৰীক্ষাগাৰত ধাতৱ হাইড্ৰজেন


বিগত প্রায় এশ বছৰ ধৰি বিজ্ঞানীসকলৰ এক দুৰন্ত প্ৰয়াস যে তেওঁলোকে প্রকৃতিত পোৱা সবাতোকৈ পাতল মৌল হাইড্ৰজেনক এদিন ধাতবীয় অৱস্থালৈ পৰিণত কৰিব পাৰিব। ধাতবীয় হাইড্ৰজেন সৃষ্টিৰ বাবে বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিয়নো ধাতবীয় হাইড্ৰজেনক অতি পৰিবাহী হিচাবে ব্যৱহাৰ কৰি ইলেকট্ৰনিক্সৰ জগতখনত অভুতপূৰ্ব পৰিবৰ্তন আনিব পৰা যাব। তদুপৰি ৰকেট প্ৰযুক্তিৰ ক্ষেত্ৰতো ইন্ধন হিচাবে ধাতবীয় হাইড্ৰজেনে প্ৰতিশ্ৰুতিৰ বতৰা আনিব। 

প্রায় আঠ দশক আগতেই বিজ্ঞানত এক ধাৰণা সৃষ্টি হৈছিল যে অতি উচ্চচাপ আৰু নিম্ন তাপমাত্রাত ৰাখি হাইড্রোজেনক ধাতব অবস্থাত পোৱা সম্ভব। উচ্চ ঘনত্ব আৰু চৌম্বকক্ষেত্রৰ প্রাবল্যৰ উচ্চমানৰ বাবে বৃহস্পতি আৰু শনি গ্ৰহৰ উপৰিও সৌৰজগতৰ বাহিৰৰ কিছুমান গ্রহৰ কেন্দ্ৰভাগত ধাতবীয় হাইড্রজেনৰ উপস্থিতিৰ কথা প্ৰমাণিত হৈছে। তেতিয়াৰ পৰাই ধাতবীয় হাইড্রজেনৰ ওপৰত বিস্তৰ গবেষণা চলি আহিছে।

সাম্প্ৰতিক সময়চোৱাত অৰ্থাৎ ২০১৬ চনৰ অক্টোবৰ মাহত আইজাক এফ. চিলভেৰা আৰু তেওঁৰ সহযোগী পদার্থবিদসকলে হার্ভার্ড বিশ্ববিদ্যালয়ৰ  পৰীক্ষাগাৰত হাইড্রোজেনক ধাতবীয় অৱস্থালৈ পৰিণত কৰাত সক্ষম হৈছে বুলি দাবী কৰিছে। তেওঁলোকে এই গবেষণাৰ প্রতিবেদনখনো বিজ্ঞান সাময়িকী "চাইন্স"ত প্ৰকাশ কৰিছে। তেওলোকে দুটুকুৰা হীৰাৰ মাজত হাইড্ৰজেন পৰমাণু এটি ৰাখি অতি নিম্ন উষ্ণতাত প্ৰচণ্ড চাপ প্ৰয়োগ কৰি ক্ষন্তেক সময়ৰ বাবে হাইড্ৰজেনক ধাতবীয় অৱস্থাত পাবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। তেওঁলোকৰ পৰীক্ষাত হাইড্রজেন প্রথমে স্বচ্ছ অবস্থাৰ পৰা অস্বচ্ছ আৰু ক্রমে ক'লা ৰঙৰ চকচকীয়া বৰণৰ ধাতৱ অৱস্থালৈ পৰিণত হয়। অৱশ্যে তেওঁলোকে তৈয়াৰ কৰা হাইড্রজেন ধাতুৰ পৰিমাণ আৰু স্থায়ীত্ব  খুবই কম। পৰীক্ষাগাৰত অতি ক্ষুদ্র হীৰাৰ স্ফটিকৰ মাজত হাইড্রজেন পৰমাণু স্থাপন কৰি একে ৫.৫ কেলভিন বা মাইনাচ ২৬৭.৬৫ ডিগ্রী ছেন্টিগ্রেড তাপমাত্ৰালৈ হাইড্ৰজেনক শীতল কৰা হয় আৰু শীতলীকৃত হাইড্ৰজেনৰ ওপৰত প্ৰায় ৫০০ গিগা পাস্কেল চাপ প্ৰয়োগ কৰি তেওঁলোকে ধাতৱীয় হাইড্ৰজেন প্ৰস্তুত কৰিছে। উল্ল্যেখযোগ্য যে ৫০০ গিগা পাস্কেল চাপ পৃথিৱীৰ বায়ুমণ্ডলীয় চাপৰ তুলনাত প্ৰায় ৫০ লাখ গুণ বেছি। চিলভেৰা আৰু তেওঁৰ সহযোগী পদার্থবিদসকলৰ এই আৱিষ্কাৰে নিসন্দেহে ভৱিষ্যতৰ ইলেক্ট্ৰনিক্স আৰু মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰলৈ যথেষ্ঠ অৱদান দিব।

No comments:

Post a Comment