Thursday 25 January 2018

সময় পৰিভ্ৰমণ : বিজ্ঞানৰ বিষ্ময়কৰ চিন্তা


সময় পৰিভ্ৰমণ "টাইম ট্ৰেভেল" সাম্প্ৰতিক তাত্বিক পদাৰ্থ বিজ্ঞানৰ এক যথেষ্ঠ আলোচিত বিষয়। এই বিষয়ে কিছু কোৱাৰ আগতে সময়ৰ ধাৰণাটো সম্পৰ্কে এবাৰ নতুনকৈ গমি চোৱা দৰকাৰ। বিজ্ঞানী সকলৰ মতে সময় এবিধ মাত্ৰা বা dimension আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এটা পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হলে সময়ৰ প্ৰসাৰণ বা time dilation হয়। তেনে ধৰণৰ ঘটনাই কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত ঋণাত্মক সময় বা negative time পোৱা সম্ভব ! সহজ ভাষাত ক'বলৈ হ'লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি অতীতলৈ ঘূৰি যাব পাৰি কাৰণ কৃষ্ণগহ্বৰৰ ভিতৰৰ আৰু বাহিৰৰ সময়ৰ পৰিমাপ একে নহয়। আনহাতে সময়ৰ লগত এনট্ৰপিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু এনট্ৰপি মানেই বা কি? 

কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদানৰ অসম্ভৱতাকে এনট্রপি বোলা হয়। যদি দুটি বস্তুৰ মাজত তাপমাত্রাৰ পার্থক্য থাকে তেন্তে বেছি তাপমাত্রাৰ বস্তুটোৰ পৰা কম তাপমাত্রাৰ বস্তুটোলৈ তাপশক্তি প্রবাহিত হয়। অর্থাৎ শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদান সম্ভব হয়। এটা সময়ত এই বস্তুদুটাৰ মাজত তাপৰ আদান প্রদানৰ সাম্যাবস্থা সৃষ্টি হ'ব। এনে সাম্যাবস্থাত এনট্রপি বেছি হোৱা বুলি কোৱা হয়। বিজ্ঞানী সকলৰ মতে আমাৰ মহাবিশ্বৰ এনট্রপি ক্রমাগত ভাবে বাঢ়ি গৈছে। মহাবিশ্ব সৃষ্টিৰ সময়ত এনট্রপিৰ মান আছিল 10^88 আৰু বর্তমান মহাবিশ্বৰ এনট্রপিৰ মান হৈছে 10^101। বিজ্ঞানৰ মতে মহাবিশ্বৰ এনট্রপিৰ সৰ্বোচ্চ মান 10^120 আৰু তাৰপিছত মহাবিশ্বৰ ক'তো কোনো শক্তিৰ ৰূপান্তৰণ সম্ভৱ নহ'ব। অৰ্থাৎ শক্তিৰ ৰক্ষনশীলতাৰ নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব ! যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ !!

পথেৰে খোজকাঢ়ি যাওতে আমি যেনেদৰে আগলৈ বা পিছলৈ - দুয়ো দিশে যাব পাৰি, সময়ৰ ক্ষেত্ৰত বাৰু তেনে সম্ভৱনে? কথিত আছে যে সময়ৰ টিকনি আগফালে উৰে। অৰ্থাৎ সময় সদায় পাখি লগা কাড়ৰ দৰে আগুৱাইহে যায়, পিছুৱাই নাহে। কিন্তু কথাটো সঁচা নহ'বও পাৰে। কৃষ্ণগহ্বৰৰ ঋণাত্মক সময় বা "negative time"ৰ ধাৰণাটো আকৌ এবাৰ মনলৈ আনিলে দেখিম যে কৃষ্ণগহ্বৰত সময়ে আমাকে ধীৰে ধীৰে ভবিষ্যতৰ সলনি অতীতলৈ কঢ়িয়াই নিছে।

বাস্তৱক্ষেত্ৰত সময় পৰিভ্ৰমণ এক অসম্ভৱ অধ্যায়। তথাপিও বিজ্ঞানী সকলৰ জল্পনা কল্পনাৰ শেষ নাই। নিতৌ ন ন গৱেষণাই নতুন নতুন সম্ভাৱনাৰ বাট দেখুৱাইছে। কীটগহ্বৰৰ সহায়তেই হওঁক বা ঋণাত্মক শক্তিৰ(!) সহায়তেই হওঁক, বিজ্ঞানী সকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে সময়ৰ টিকনিডাল পিছফালে ঘূৰাই অতীতত এভূমুকি মৰাৰ অসাধ্য সাধনৰ বাবে।


No comments:

Post a Comment