Tuesday 30 January 2018

ব্ৰহ্মাণ্ডৰ ডাইমেনচনবোৰ আৰু কায়াহীন ঈশ্বৰ


কোনো এটা পদাৰ্থ বা বিশেষ তন্ত্ৰৰ বিভিন্ন ধৰ্মসমূহ যেনে আকাৰ, গঠন, ঘণত্ব, ভৰ, অৱস্থান আদিবোৰ অধ্যয়ন কৰিবলৈ প্ৰয়োজনীয় তথ্যবোৰ সংগ্ৰহ কৰাৰ বাবে বিভিন্ন জোখ মাপ কৰিবলগীয়া হয়। এই জোখ মাপবোৰ কৰাৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন ৰাশিবোৰকেই সহজ ভাবে "মাত্ৰা" বা dimension বুলি কোৱা হয়। উদাহৰণ স্বৰূপে টংলাৰ পৰা মংগলদৈৰ মাজৰ পথটোৰ দূৰত্ব বা পথটোৰ দৈৰ্ঘ এটা ডাইমেনচন বা মাত্ৰা।

বিশ্বব্ৰহ্মাণ্ড অকল্পনীয়ভাৱে বিশাল। বিজ্ঞানীসকলে এই বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে জানিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে। কিন্তু এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে জানিবলৈ দীঘ, প্ৰস্থ, উচ্চতা আদি Dimension কেইটাই যথেষ্ঠ নহয়। সেয়ে বিজ্ঞানীসকলে আৰু কিছুমান মাত্ৰা বা Dimension সৃষ্টি কৰি লৈছে। আমি সকলোৱেই দ্বি-মাত্ৰিক, ত্ৰি-মাত্ৰিক আৰু চৰ্তু-মাত্ৰিক Dimensionৰ বিষয়ে কিছু কথা জানো। এই মহাবিশ্বক বুজিবলৈ আধুনিক বিজ্ঞানত বা ষ্ট্ৰিং থিয়ৰিত বিজ্ঞানী সকলে সততে ব্যৱহাৰ কৰা ১০ টা মাত্ৰাৰ বিষয়ে আজি সহজভাবে আলোচনা কৰিব বিচাৰিছোঁ।

শূণ্য-মাত্ৰা বা Zero Dimension:
বিজ্ঞানৰ ভাষাত ই এটা ক্ষূদ্ৰতম (কাল্পনিক !) বিন্দু মাত্ৰ, যাৰ কোনো আকাৰ, দীঘ বা প্ৰস্থ নাই। সেয়ে এই বিন্দুটোৰ পৰা আগলৈ, পিছলৈ, ওপৰলৈ বা তললৈ যোৱাৰ কোনো উপায় নাই। 

এক-মাত্ৰা বা One Dimension:
দুটা শূণ্য মাত্ৰিক বিন্দুৰ মাজৰ পোনপটীয়া দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা মাত্ৰাটোৱেই "এক-মাত্ৰা" আৰু এই মাত্ৰাক আমি দৈৰ্ঘ বুলিয়েই জানো।

দ্বি-মাত্ৰা বা Two Dimension:
এখন কাগজত থকা এটি বিশেষ বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কাগজখনৰ ওপৰত X আৰু Y নামৰ দুটা Coordinate লাগিব। ইয়াত কাগজৰ বিন্দুটোৰ অৱস্থান নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় জোখ মাপৰ বাবে ব্যৱহাৰ হোৱা পদ্ধতিটো হ'ল Two-dimensional বা দ্বি-মাত্ৰিক। বিজ্ঞান আৰু গণিতৰ জগতত ব্যৱহাৰ হোৱা এই Coordinate বোৰেই একো একোটা মাত্ৰা বা Dimension । 

ত্ৰি-মাত্ৰা বা Three Dimension:
ওপৰৰ উদাহৰণৰ বিন্দুটো যদি কাগজৰ সলনি ঘৰৰ চিলিঙত থাকে, তেন্তে সেই বিন্দুটোৰ প্ৰকৃত অৱস্থান নিৰ্ণয় কৰিবলৈ X, Y আৰু Z Coordinateৰ প্ৰয়োজন হ'ব। এইক্ষেত্ৰত চিলিঙৰ বিন্দুটোৰ জোখ মাপৰ বাবে ত্ৰি-মাত্ৰিক পদ্ধতি (Three-dimension) ব্যৱহাৰ হৈছে।

চৰ্তু-মাত্ৰা বা 4th Dimension :
কোনো এটা বস্তু প্ৰকৃততে ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়। বৰং বস্তুটোৰ অৱস্থানৰ সঠিক সময়টোও জানিব লাগিব। সেয়েহে অৱস্থানৰ ত্ৰি-মাত্রিক বা Three directions যেনে X, Y আৰু Z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। ইয়াত সময়ে সদায়ে সৰলৰৈখিক ভাবে এক নিৰ্দিষ্ট দিশতহে আগবাঢ়ি যাব পাৰে। সময় একা-বেঁকা পথেৰে অতিক্ৰম কৰা বা পিছুৱাই যোৱাৰ কোনো ব্যৱস্থা 4th Dimensionত নাই।

4th Dimensionৰ পিছৰ পৰা dimension বোৰ কিছু জটিল হৈ পৰে কিয়নো এই dimension বোৰ আমাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা বহু আঁতৰৰ অথচ সুবিশাল বিশ্বব্ৰহ্মাণ্ডৰ কোনো ৰহস্যঘন কল্পলোকৰ ইন্দ্ৰিয়ই ঢুকি নোপোৱা কিছুমান অদ্ভূত মাত্ৰা। এই dimension বোৰৰ বিষয়ে সহজে বুজি পাব পৰাকৈ তলত আলোচনা কৰিব খুজিছোঁ। 

পঞ্চম-মাত্ৰা বা 5th Dimension:
এই ডাইমেনচন হল ফ'র্থ ডাইমেনশন অৰ্থাৎ পৰ্যবেক্ষকৰ বা ধৰি লওঁক, আপোনাৰ নিজৰ ঘড়ীৰ সময় আৰু এই মহাবিশ্বৰ বিভিন্ন স্থানৰ বিভিন্ন সময়ৰ এক জটিল সমন্বয়। 5th Dimension এনে এক অবস্থা, য'ত কোনো পদাৰ্থ এটাই বা ধৰি লোৱা হ'ল, আপুনি নিজেই ভিন ভিন টাইমলাইনত ভ্রমণ কৰিব পাৰে। এটা উদাহৰণেৰে কথাটো বুজিবলৈ সহজ হ'ব। ধৰা হ'ল আপুনি বিজ্ঞান পঢ়ি এজন অভিযন্তা হ'ব বিচাৰে। কিন্তু আপোনাৰ পিতৃয়ে আপুনি ইংৰাজীৰ অধ্যাপক হোৱাতো বিচাৰে। তেনেক্ষেত্ৰত চাৰি মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপোনাৰ বাবে একে সময়তে দুয়োটা প্ৰত্যাশা পুৰ কৰা অসম্ভব। কিন্ত পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপুনি এইটো অনায়াসে কৰিব পাৰিব। কাৰণ, পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত সময়ে আগলৈ যোৱাৰ উপৰিও সোঁফালে বা বাওঁফালে অৰ্থাৎ একা-বেঁকা পথেৰে আগবাঢ়িব পাৰে। সেয়ে আপুনি পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত দুয়োটা কামেই একেলগে কৰিব পাৰিব। ইয়াৰ বাবে সময়ে এটা দিশত আগবাঢ়ি আপোনাক এজন অভিযন্তা আৰু আন এটা দিশত আগবাঢ়ি আপোনাক এজন অধ্যাপক হোৱাত সহায় কৰিব। অৱশ্যে সময়ে তেতিয়া দুখন ভিন্ন জগতত এই কাম কৰিব। অৰ্থাৎ পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপোনাৰ এজন প্ৰতিৰূপ থাকিব। ইয়াত আপুনি আৰু আপোনাৰ প্ৰতিৰূপ দুয়োজনেই দুখন সমান্তৰাল জগতত পৃথকে পৃথকে বাস কৰি একে সময়তেই দুয়োটা কাম কৰিব পাৰিব। সংক্ষেপে ক'বলৈ হ'লে 5th Dimensionএ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটোৰ জন্ম দিছে।

ষষ্ঠ-মাত্ৰা বা 6th Dimension:
এইখিনিতেই আমি পুনৰ আপোনাৰ প্ৰতিৰূপ দুটাৰ উদাহৰণটোলৈ আকৌ এবাৰ উভটি যাব লাগিব। ধৰা হ'ল, আপোনাৰ দুয়োটা প্ৰতিৰূপে এইবাৰ পৰস্পৰে পৰস্পৰক লগ পোৱাৰ ইচ্ছা কৰিলে। তেতিয়া কি হ'ব ? এয়া সম্ভৱ হ'বনে ? ষষ্ঠ-মাত্ৰাৰ বিশ্বব্ৰহ্মাণ্ডত পিছে অসম্ভৱ যেন লগা এই ঘটনাটো সম্ভৱ হ'ব। কাৰণ এই ষষ্ঠ-মাত্ৰাৰ বিশ্বব্ৰহ্মাণ্ডত সময়ে পিছলৈ উভটি যোৱাৰ সম্ভাৱনাটোক নিশ্চিতি প্ৰদান কৰিছে। অৰ্থাৎ ইয়াত "টাইম ট্ৰেভেল" বা সময় পৰিভ্ৰমনৰ ধাৰনাটো প্ৰকট হৈ পৰিছে। ধৰা হ'ল আপোনাৰ অভিযন্তা প্ৰতিৰূপটোৱে আপোনাক লগ ধৰিব বিচাৰে। তেনেক্ষেত্ৰত তেওঁক সময়ে পিছুৱাই আনি অতীতলৈ লৈ যাব। এনেদৰে অতীতলৈ অহাৰ লগে-লগে তেওঁ শৈশৱলৈ ঘূৰি আহিব। যিহেতু শৈশৱত আপুনি অভিযন্তা বা অধ্যাপক কোনোটোৱেই নাছিল, আপোনাৰ অভিযন্তা প্ৰতিৰূপটো এই অৱস্থাত অহাৰ লগে-লগেই দুয়োটা প্ৰতিৰূপ পুনৰ একাকাৰ হৈ পৰি আপুনিও শৈশৱ ওভটাই পাব। ষষ্ঠ-মাত্ৰা বা 6th Dimension বিশ্বব্ৰহ্মাণ্ডৰ এই ধাৰণাই দুখন সমান্তৰাল বিশ্ব বা জগতৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণৰ দ্বাৰা ভ্ৰমণ কৰিব পৰা এটা নতুন ধাৰণাৰ জন্ম দিয়ে।

সপ্তম-মাত্ৰা বা 7th Dimension:
7th Dimensionএ ষষ্ঠ-মাত্ৰাৰ ব্ৰহ্মাণ্ডত উল্ল্যেখ কৰাৰ দৰেই কেৱল মাত্ৰ দুখন সমান্তৰাল ব্ৰহ্মাণ্ডৰ উপৰিও এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ দৰে আৰু অনেক বিশ্বব্ৰহ্মাণ্ডৰ উপস্থিতিৰ সম্ভাৱনা আছে বুলি এক নতুন ধাৰণাৰ জন্ম দিছে। অৱশ্যে সপ্তম-মাত্ৰাৰ এই বিশ্বব্ৰহ্মাণ্ডবোৰৰ নীতি নিয়মবোৰ আমাৰ পৰিচিত বিশ্বব্ৰহ্মাণ্ডৰ লগত একে নহ'বও পাৰে। এই বিভিন্ন বিশ্বব্ৰহ্মাণ্ড বা বহুবিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰিব পৰা সম্ভাৱনা জগাই তোলা ধাৰণাটোৱেই বিজ্ঞানত সততে আলোচ্য হৈ অহা সপ্তম-মাত্ৰা বা 7th Dimension ।

অষ্টম-মাত্ৰা বা 8th Dimension:
সপ্তম মাত্ৰাৰ ধাৰণাটোলৈ বহুবিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত কেৱল সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰাটোহে সম্ভৱ। কিন্তু অষ্টম-মাত্ৰা বা 8th Dimensionৰ ধাৰণাত বহুবিশ্ববোৰৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰাৰ উপৰিও সোঁৱে-বাঁৱে ভ্ৰমণ কৰাৰ নতুন মাত্ৰাৰ ধাৰণাটো সৃষ্টি হয়। 

নৱম মাত্ৰা বা 9th Dimension:
8th Dimensionৰ ধাৰণাত বহুবিশ্ববোৰৰ মাজত আগলৈ বা পিছলৈ ,সোঁৱে-বাঁৱে ভ্ৰমণ কৰাৰ উপৰিও লম্বীয় দিশত তললৈ বা ওপৰলৈ সময় পৰিভ্ৰমণ কৰাৰ নতুন মাত্ৰাটোৱেই 9th Dimension
 বা 
নৱম মাত্ৰা
 ।

দশম-মাত্ৰা বা 10th Dimension:
এতিয়ালৈ আলোচনা কৰা ব্ৰহ্মাণ্ডৰ নটা মাত্ৰা বা ডাইমেনচনৰ প্ৰতিটোৰ মাজত সংযোগ স্থাপন কৰি যোগসূত্ৰ ৰক্ষা কৰি চলিবলৈ যি নতুন মাত্ৰা বা ডাইমেনচনৰ প্ৰয়োজন, তাকেই 10th Dimension বা দশম মাত্ৰা বুলি কোৱা হয়।

স্বাভাৱিকতেই প্ৰশ্ন হয় - আমি বাৰু এই সকলোবোৰ ডাইমেনচনত ভ্ৰমণ কৰিব পাৰিমনে? উত্তৰত ক'বই লাগিব যে - "নোৱাৰো" ! আমি কেতিয়াও তৃতীয় মাত্ৰা অতিক্ৰম কৰি তাৰ ওপৰৰ ডাইমেনচন বোৰলৈ যাব নোৱাৰো। চতুৰ্থ মাত্ৰাটো বা "সময়" আমি অনুভৱহে কৰিব পাৰো। তৃতীয় মাত্ৰা অতিক্ৰম কৰি তাৰ ওপৰৰ ডাইমেনচন বোৰলৈ যাব নোৱাৰাৰ কাৰন আমাৰ এই ভৌতিক শৰীৰটো যি নিজেই এটা ত্ৰি-মাত্ৰিক বা Three Dimension গঠন। বিজ্ঞানী সকলৰ মতে ওপৰৰ Dimension বোৰলৈ কেৱল এক মাত্ৰিক কেতবোৰ সূক্ষ্মতম সূত্ৰ বা ষ্ট্ৰিংহে (ষ্ট্ৰিং থিয়ৰি) যাব পাৰে। বাস্তৱক্ষেত্ৰত আজিলৈ তেনে সূক্ষ্মতম সূত্ৰ বা ষ্ট্ৰিং চকুৰে দেখা সম্ভৱ হোৱা নাই। সেয়েহে কোনো ভৌতিক শৰীৰধাৰী পদাৰ্থকণা বা জীৱই এই ডাইমেনচনবোৰত প্ৰবেশ কৰিব নোৱাৰে। তেন্তে কেনেকৈ ব্ৰহ্মাণ্ডৰ বিভিন্ন ডাইমেনচনবোৰৰ মাজত সমন্বয় বাজি ৰৈছে !! নিশ্চয় কোনো কায়াহীন, অতি সূক্ষ্মতম কোনো "এক-মাত্ৰিক সত্বা" বা ষ্ট্ৰিঙে বিভিন্ন ডাইমেনচনবোৰৰ মাজত প্ৰতিদিনেই প্ৰতিনিয়তভাবে যোগসূত্ৰ ৰক্ষা কৰি সহস্ৰ কৌটি ব্ৰহ্মাণ্ডৰ নীতি নিয়মবোৰৰ তদাৰক কৰি আছে। অন্যথা খেলিমেলি অনিবাৰ্য। শূণ্য-মাত্ৰা বা Zero Dimensionৰ পৰা দশম মাত্ৰাৰ বহুবিশ্বব্ৰহ্মাণ্ডলৈ বা বিন্দুৰ পৰা সিন্ধুলৈ অতি নিয়াৰিকৈ সমন্বয় ৰক্ষা কৰি অহা সেই সত্বাকেই বাৰু আমি মাতিছো নেকি - ঈশ্বৰ, আল্লা বা গ'ড বুলি !!!


No comments:

Post a Comment