Friday 19 January 2018

মোৰ অলিখিত এপিটাফৰ এটি পৃষ্ঠা


জীৱনৰ যুঁজখনত মানুহৰ জয়-পৰাজয় থাকে। জ্ঞানীজনে কয় - পৰাজয় বিমুখতাৰ কাৰক নহয়। সেইদৰে নিশ্চয় কৃতকাৰ্যতাও সফলতাৰ একমাত্ৰ মাপকাঠিও নহয়। কেতিয়াবা বহল, কেতিয়াবা গভীৰ, ক'ৰবাত ৰুক্ষ অথবা ক'ৰবাত খৰস্ৰোতা হৈ বৈ যোৱা এখন নদীৰ দৰেই মোৰ এই জীৱন। মাথো বৈ গৈছে জীৱনৰ এই নিৰবধি নদী। কেতিয়াবা অনুভৱ হয়, মোৰ জীৱনতো যেন জহি খহি উঁৱলি যাবলৈ ওলোৱা কিছু পৰিতক্ত সময় ! কবিৰ ভাষাত :
জীন্দেগী এক তচবীৰ হেই

য়া তকদীৰ……
মনচাহে ৰংগো চে ভৰে
তো তচবীৰ,
অউৰ অনচাহে ৰংগো চে ভৰে
তো তকদীৰ।


এৰা, জীৱনৰ এখন মনোৰম ছবি অঁকাৰ চেষ্টা অহৰহ কৰি আহিছো। জীৱনটোক লৈ হতাশ হৈছো - দুখৰেই এখন ছবি আঁকিব খুজিছো অথবা সুখৰ ৰঙবোৰ সামৰি লৈ আঁকিব বিচাৰিছো জীৱনৰ এক অৰ্থবহ "তচবীৰ"। আন বহুজনৰ দৰেই এটুকুৰা আকাশ, এটা জোনবাই আৰু কিছুমান বিশ্বাসক সম্বল হিচাবে লৈ ময়ো চেষ্টা কৰি আহিছো জীৱন নামৰ সোনালী কিতাপখনৰ পৃষ্ঠাবোৰত আঁকবাক কৰিবলৈ। মই জানো :
ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে,
বৰষুণত থিয় হোৱাৰ সাহস দিয়ে।
আত্মবিশ্বাসে সফল হোৱাতো নিশ্চিত নকৰে,
কিন্তু জীৱন যুঁজত প্ৰেৰণা দিয়ে।

সৰু সৰু কথাবোৰ অথবা জীৱনৰ ভাল লগা মূহুৰ্তবোৰ জীয়াই থকাৰ প্রেৰণা। এই অনুভৱবোৰ, আবেগবোৰ, ভাল লগা কথাবোৰ আছে বাবেই আমি মানুহ। কিন্তু, এই মানুহবোৰেই ইমান জটিল ! ইমান নিষ্ঠুৰ !!
ভগৱানক লগ পালে সুধিবই লাগিব সত্য, সততা ইত্যাদিৰ পৰিভাষা কি ? একেলগে উঠা বহা কৰা একোজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ পুৰণৰ বাবে যেতিয়া মোৰ পথত কাঁইট পোতে, তেতিয়া ভগৱানক সুধিবলৈ মন কিমান সত্য এটা জীৱন অথবা বিশ্বাস নামৰ শব্দটো ? যেতিয়া কোনো বন্ধুৱে নিজৰ বিপদৰ সময়ত দৌৰি আহি, মোৰ নিজৰ কষ্টৰ সময়ত আঁতৰি ফুৰে, তেতিয়াও ভগৱানক সুধিবলৈ মন যায় কিমান সঁচা বিশ্বাস নামৰ শব্দটোৰ পৱিত্ৰতা ? সদায় সন্মান কৰি অহা কোনো এজনে যেতিয়া পিছফালৰ আক্ৰমন কৰে, তেতিয়াই ভগৱানক সুধিবলৈ মন যায় কিমান গভীৰতা আছে মানৱতা নামৰ শব্দটোৰ ? বিভিন্ন পৰীক্ষাৰ প্ৰমাণপত্ৰ অথবা নম্বৰ তালিকাত থকা নম্বৰবোৰকেই জ্ঞান বুলি ভবা তথাকথিত জ্ঞানীসকলে জ্ঞানবোৰ বিলোৱাৰ সলনি যেতিয়া "জ্ঞান"খিনি লৈ কেৱল গৌৰবহে কৰে, তেতিয়াই ভগৱানক সুধিবলৈ মন যায় - বাস্তৱবোৰ ইমান ভয়ংকৰ কিয় হয় ? পাৰ্থিৱ সুখ-দুখক অলপ পাতলকৈ লৈ মানসিক প্ৰশান্তি পাম বুলি দৃঢ়তাৰে বিশ্বাস কৰিয়েই মোৰ ব্যক্তিগত জীৱনৰ ছবিখন আঁকিবলৈ চেষ্টা কৰো "মনচাহে" ৰঙেৰে। নেজানো, মোৰ জীৱনৰ ছৱিখন "তচবীৰ" হয় নে "তকদীৰ" হয় !
কোনোবাই সঁচা কথাই লিখিছিল : খালী পেট আৰু খালী জেপে জীৱনক যিখিনি শিকায়, সেয়া কোনো শিক্ষক অথবা বিদ্যালয়ে শিকাৱ নোৱাৰে।

No comments:

Post a Comment