সেই সময়ত গুৱাহাটীৰ পাণবজাৰত এটা দুমহলীয়া ঘৰত এইচ.এম.ভি.-য়ে অস্থায়ীভাৱে এটা ৰেকৰ্ডিং ষ্টুডিঅ’ স্থাপন কৰিছিল। সিদিনা বাণীবদ্ধ কৰিবলগীয়া গীতসমূহৰ বাবে ভূপেন দাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকা (ৰাণা) আৰু সংগী বাদ্যযন্ত্ৰীসকল গোটেই দিনটো ষ্টুডিঅ’ত বহি ভূপেন হাজৰিকালৈ অপেক্ষা কৰি আছিল। কথা আছিল ভূপেন হাজৰিকাই নতুন গীতৰ এটি লৈ আহিব ৰেকৰ্ডিঙৰ বাবে। কিন্তু দিন বাগৰি গধূলি হ’ল, ভূপেনদাৰ কোনো দেখা-দেখি নাই। দিনটো অপেক্ষা কৰি কৰি জয়ন্ত হাজৰিকা আৰু আন সকলো অত্যন্ত বিৰক্ত আৰু ক্লান্ত হৈ পৰিছিল।
অৱশেষত নিশা প্ৰায় ৮ বজাত ভূপেন দা ষ্টুডিঅ’ত প্ৰৱেশ কৰে। অতি স্বাভাৱিক ভংগিমাত হাঁহি হাঁহি তেওঁ জয়ন্ত হাজৰিকাক সুধিলে— “ৰাণা, ৰেকৰ্ডিং কৰিবলৈ সকলো সাজু নে?”
দিনটোৰ অপেক্ষা কৰি বিতুষ্ট হৈ থকা জয়ন্ত হাজৰিকাই খঙতে উত্তৰ দিলে—“সাজু মানে? তুমিটো গানটো দিয়াই নাই, আমি কি ৰেকৰ্ডিঙৰ বাবে সাজু হ'ম?”
ভূপেন দাই বৰ শান্ত আৰু সহজভাৱে ক’লে— “অ’ হয় নেকি! মই গানটোৰ কথা পাহৰিয়েই গৈছিলোঁ। মই গান এটা এতিয়াই লিখো বাৰু। ৰাণা তই ওপৰলৈ যা। গানটোত সুৰ দিবি।”
ইয়াৰ পিছতেই ঘটিছিল সেই ঐতিহাসিক আৰু অভিনৱ ঘটনাটো। ভূপেন হাজৰিকা ঘৰটোৰ তলৰ মহলাত বহি পৰিল আৰু কাগজ-কলম লৈ তাৎক্ষণিকভাৱে গীতৰ প্ৰথম তিনিটা শাৰী লিখিলে:
“ছিলঙৰে মনালিছা লিংডো
তোমাৰ হাতৰ গীটাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱা...”
তলৰ পৰা সেই তিনিশাৰী গীতৰ কলি লিখা কাগজৰ টুকুৰাটো ওপৰৰ মহলালৈ পঠিয়াই দিয়া হ’ল, য’ত জয়ন্ত হাজৰিকা হাতত গীটাৰখন লৈ বহি আছিল।জয়ন্ত হাজৰিকাই শাৰীকেইটা পোৱাৰ লগে লগে গীটাৰত হাত ফুৰাই মুহূৰ্তৰ ভিতৰতে গীতৰ কলি তিনিশাৰী এক অপূৰ্ব ৱেষ্টাৰ্ণ-মেল’ডিক সুৰেৰে সজাই তুলিলে।
ইফালে ওপৰৰ মহলাত সুৰ বন্ধা হৈ থকাৰ সময়তে তলত ভূপেন হাজৰিকাই পৰৱৰ্তী স্তৱকটো লিখি ওপৰলৈ পঠিয়ালে…
"তোমাক স্ৰজিলে কোন লিওনাৰ্ডোই
কেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া?
মনত আছেনে
দুয়ো গৰখীয়া
শ্বৰাতিৰ সুৰে সুৰে
কিন কিন বৰষুণে বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা।"
এনেদৰে শাৰীয়ে শাৰীয়ে কাগজৰ টুকুৰাবোৰ তলৰ পৰা ওপৰৰ মহলালৈ গ’ল আৰু ওপৰত জয়ন্ত হাজৰিকাৰ আঙুলিৰ পৰশত লগে লগে স্তৱকটো সুৰাৰোপিত হ'ল ।গীতটোৰ কাউন্ট্ৰী আৰু হিলিবিলি (Hillbilly) সুৰৰ প্ৰকৃতি লক্ষ্য কৰি জয়ন্ত হাজৰিকাই সুৰৰ এক মায়াময় ঝংকাৰ সৃষ্টি কৰিবলৈ ধৰিলে।
তাৰ পিছতেই ভূপেন দাই কাগজত লিখি পৰৱৰ্তী স্তৱককেইটা পঠিয়ালে :
"মনালিছা তুমি আজি লাবানৰ কʼৰবাত
(আৰু) ৰাজধানী সলনিৰ পিছত আহি
হʼলোঁ এতিয়া দিছপুৰীয়া ।
ক্ৰিচেন্থিমাম যিমানে ৰঙা
তোমাৰ সোঁৱৰণিও সিমানে ৰঙা
মনালিছা নংপোলৈ এবাৰ আহাঁনা ;
ময়ো যাম ছুটি পালে নংপোলৈ
মন দিম মন নিম
গীটাৰৰ সুৰে সুৰে
অদূৰ-মধুৰ কোনোবা ৰাতিপুৱা।"
মাত্ৰ ২৫ মিনিটৰ ভিতৰত এটা সম্পূৰ্ণ গানৰ জন্ম হ'ল। জয়ন্ত হাজৰিকাই ভূপেন দাক গীটাৰত গীতৰ সুৰটি শুনালে। সেই সময়ত ষ্টুডিঅ’ৰ ওপৰ মহলাত জয়ন্ত হাজৰিকাৰ কাষতে বহি আছিল তেওঁৰ অন্তৰংগ বন্ধু, তেতিয়াৰ ১৯ বছৰীয়া ডেকা জ্যোতিপ্ৰকাশ দাস (জে.পি. দাস)। শ্বিলঙত ডাঙৰ-দীঘল হোৱা জে পি দাস সেই সময়ত বিটলছ (The Beatles) আৰু পশ্চিমীয়া ৰক-সংগীতৰ প্ৰতি ভীষণভাৱে আকৰ্ষিত আছিল। গীতটিৰ মেলডি লক্ষ্য কৰি জে পি দাসে গীতটিৰ আৰম্ভণিতে এটা বিশেষ শৈলীৰ সুহুৰি (Whistling) আৰু শেষৰ ভাগত ৱেষ্টাৰ্ণ হাৰ্মনি (Harmonization) যোগ কৰাৰ ধাৰণা আগবঢ়ায়। ভূপেন দা আৰু জয়ন্ত হাজৰিকাই সেই প্ৰস্তাৱটো মানি ল'লে। সেই সময়ৰ অসমীয়া আধুনিক সংগীতৰ বাবে এই ধাৰণাটো সম্পূৰ্ণ নতুন আৰু অপ্ৰচলিত আছিল।
মুহূৰ্তৰ ভিতৰতে সৃষ্টি হোৱা সেই গীতটো নিশাটোৰ ভিতৰতেই এইচ.এম.ভি.ৰ দ্বাৰা বাণীবদ্ধ কৰা হয়। জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাই একেলগে গোৱা এই গীতটোৱে পাছলৈ অসম আৰু মেঘালয় উভয়ৰে সংগীত জগতত হিলিবিলি মিউজিকৰ এক ইতিহাস সৃষ্টি কৰে।
https://youtu.be/Gw3r_782Ox0
(ভূপেন দাৰ সোঁৱৰণত)
No comments:
Post a Comment