Saturday, 14 November 2015

মহা মনিষী এলবাৰ্ট আইনষ্টাইনৰ বিলৈ !!!


এলবাৰ্ট আইনষ্টাইন এদিন এখন ৰেষ্টুৰেণ্টত সোমাল । ৱেইটাৰজনে তেওঁৰ কাষলৈ আহি সম্ভাষণ জনাই মেন্যুখন আগবঢ়াই দিলে । আইনষ্টাইনে জেপত হাতখন ভৰাই খেপিয়াই চালে । ঠিকেই চশমাযোৰ ঘৰতেই এৰি আহিল তেওঁ ।
আইনষ্টাইনে ৱেইটাৰজনক ক’লে: অনুগ্ৰহ কৰি এইখন তুমিয়েই পঢ়ি দিয়াচোন ।
সেমেনা-সেমেনি কৰি ৱেইটাৰজনে ক’লে:
মহাশয়, আপোনাক সহায় কৰিব পাৰিলে মই আনন্দিত হ’লোহেতেন । কিন্তু ক্ষমা কৰিব, ময়ো আপোনাৰ দৰেই নিৰক্ষৰ !!!

কপাৰনিকাছ


নিকোলাচ কপাৰনিকাছে তেখেতৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ ওপৰত “On the Revolutions of the Celestial Spheres” নামৰ গ্ৰন্থখনত প্ৰকাশ কৰিছিল ১৫৪৩ চনত । কিন্তু প্ৰকৃততে তেখেত এই তত্বটো বহু আগতেই লিখি উলিয়াইছিল । তেতিয়াৰ অত্যন্ত গোড়া ৰোমান কেথলিক চাৰ্চৰ ৰোষত পৰাৰ ভয়ত কপাৰনিকাছে এই তত্বটো সম্বন্ধে কেইজনমান শিষ্যৰ লগত গুপুতে আলোচনা কৰিছিল আৰু শিষ্যসকলক তেখেতৰ মৃত্যুৰ পিছত তত্বটো প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল । এনেদৰে বহু বছৰ পাৰ হোৱাৰ পিছত ১৫৪৩ চনত তেওঁ নৰিয়াত পৰিল । তেখেত নৰিয়াপাটীত থকা সময়তেই তেখেতৰ শিষ্যসকলে খটবান্ধজুৰি লাগি প্ৰকাশ কৰাৰ অনুমতি লৈ সৌৰকেন্দ্ৰিক তত্বটো প্ৰকাশ কৰে । অৱশ্যেই ধাৰণা কৰাৰ দৰেই চৌদিশে তোলপাৰ লাগিল । কপাৰনিকাছৰ মৃত্যুৰ পিছলৈও চলি থাকিল এই খৰিয়াল । কপাৰনিকাছৰ পিছত বিজ্ঞানী গেলিলিওৱে এই তত্বটো সমৰ্থন কৰাত তেখেতকো ৰোমান কেথলিক চাৰ্চে শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰিছিল । সচাকৈয়ে অতীতৰ সেই বিজ্ঞানী সকলে যি পৰিস্থিতিৰ মাজত থাকি বা মৰণত শৰণ লৈ বিজ্ঞান চৰ্চা কৰিছিল সেইটো ভাবিলেই বুজি পোৱা যায় যে আধুনিক বিজ্ঞান ধ্ৰুপদী বিজ্ঞানৰ ওচৰত সদায়েই ঋণী হৈ থাকিব ।

জন ডেল্টন


জোতা মেৰামতি কৰা জনাথন ডেল্টনৰ পুত্ৰ যোচেফ এজন কাপোৰ বোৱা সাধাৰণ কৰ্মী । তেখেতৰ ঘৰতেই ১৭৬৬ চনৰ ৬ ছেপ্তেম্বৰত ওপজিছিল জন ডেল্টন । মাত্র ১২ বছৰ বয়সতেই অভাৱৰ তাৰণাত grammar school ত শিক্ষকতা কৰিবলৈ বাধ্য হৈছিল তেওঁ । প্ৰায় ৬০ জন ছাত্ৰক শিক্ষা দান কৰিছিল তেওঁ । ১৭৯৩ চনত তেওঁ মানচেষ্টাৰলৈ গৈ অংকশাস্ত্ৰ পঢ়ুৱাবলৈ লয় । সেই বছৰতেই তেওঁ Meteorological Observations and Essays নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায় । তেখেতে বায়ুমণ্ডলত ৮০% নাইট্ৰজেন আৰু ২০% অক্সিজেন আছে বুলি লিখিছিল । পিছলৈ তেখেত পাৰমানবিক সূত্ৰৰ বাবে বিখ্যাত হৈ পৰে । এই মনিষী জনেই বৰ্ণান্ধতা সম্বন্ধেও গৱেষণা কৰিছিল । যদিওবা তেখেতৰ পাৰমানবিক তত্বই আজি নতুন ৰূপত জনপ্ৰিয়তা লাভ কৰিছে, বিজ্ঞানৰ জগতত তেখেতৰ নাম সদায়ে সোণালী আখৰেৰে লিখা থাকিব ।

মহাজাগতিক


“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

মুচিৰ সন্তান আব্ৰাহাম লিংকন


আব্ৰাহাম লিংকন এজন মুচিৰ সন্তান আছিল আৰু পিছলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল । সেইসময়ৰ আমেৰিকাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ বাবে এইয়া যেন এটা হজম কৰিব নোৱাৰা বিষয় ! 

যিদিনা আব্ৰাহাম লিংকন প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেওঁ মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে : “মিষ্টাৰ লিংকন, দুৰ্তাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে । কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে ।”

চিনেটত হাঁহিৰ ৰোল উঠিল । বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “ধন্যবাদ মহাশয় এই পবিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়া বাবে । মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত । মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম । শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ । মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে ।”

চিনেটত তেতিয়া কাঁহ পৰি জিন যোৱা অৱস্থা ।

সূৰুযে বিলাইছে 40,000 হাজাৰ বছৰৰ পুৰণি পোহৰ


ৰাতিপুৱা আমি সূৰ্যৰ পৰা যিখিনি পোহৰ পাওঁ, সেই পোহৰখিনি আপুনি বিশ্বাস কৰকেই বা নকৰক, আজিৰ পৰা 40,000 বছৰ পূৰ্বে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হৈছিল । সূৰ্যৰ কেন্দ্ৰ ভাগত ঘনত্ব অপৰিসীম । কেন্দ্ৰভাগত সম্পন্ন হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াত উৎপন্ন হোৱা ফ’টন কণিকাবোৰ পুনৰ আন হাইড্ৰজেন পৰমাণুৱে শোষণ কৰি লয় । পৰবৰ্তী সময়ত এই ফ’টন কণিকাবোৰ নিৰ্গত হয় যদিও পৌণপৌণিক ভাৱে এইবোৰ শোষিত হয় । এনেদৰে এটাৰ পৰা আনটো হাইড্ৰজেন পৰমাণুৰ মাধ্যমেৰে ফ’টন কণিকাবোৰ সূৰ্যৰ কেন্দ্ৰৰ পৰা সূৰ্যৰ পৃষ্ঠলৈ একা বেকা বাটেৰে প্ৰায় 7,00,000 কিমি পথ অতিক্ৰম কৰি সৌৰপৃষ্ঠ পাবলৈ প্ৰায় 40,000 বছৰ সময়ৰ প্ৰয়োজন হয় । সৌৰপৃষ্ঠৰ পৰা এই ফ’টন কণিকাবোৰ 15,00,00,000 কিমি দূৰৰ পৃথিৱী পাবলৈ মাত্র ৮ মিনিট সময়ৰ প্ৰয়োজন হয় আৰু তেতিয়াই আমি সূৰ্যৰ পোহৰ দেখা পাওঁ । গতিকে সত্য এইটোৱেই যে আমি দেখি থকা সূৰ্যৰ পোহৰখিনি 40,000 বছৰ পুৰণি ।

বিগ বেংগৰ থিক পিছতেই….


বিগ বেংগ বা মহানাদৰ থিক পিছতেই পোহৰৰ গতিতকৈ অধিক বেগত সম্প্ৰসাৰিত হৈছিল এই বিশ্বব্ৰহ্মাণ্ড । পদাৰ্থ বিজ্ঞানৰ তত্ব অনুসৰি এয়া অসম্ভৱ । কোনো পদাৰ্থ অথবা পদাৰ্থ কণিকাই পোহৰৰ বেগতকৈ অধিক বেগত গতি কৰিব নোৱাৰে । তেন্তে সম্প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক সময়চোৱাত এয়া কেনেদৰে সম্ভৱ হ’ল ? বিজ্ঞানী সকলৰ মতে 13.8 বিলিয়ন বছৰৰ আগেয়ে হোৱা এই মহানাদৰ সময়ত কোনো পদাৰ্থ কণিকাই নাছিল । মাথোন বিষ্ফোৰণৰ পিছত সৃষ্টি হৈছিল স্থান বা space । এই স্থানৰ হে সম্প্ৰসাৰণ হৈছিল, তাকো পোহৰৰ বেগতকৈও অধিক বেগত । তাৰপিছত ক্ৰমান্বয়ে বিষ্ফোৰিত মহাবিশ্বৰ উষ্ণতা কমি অহাত পদাৰ্থ সৃষ্টিকাৰী কণিকাসমূহ তৈয়াৰ হ’বলৈ ধৰিলে । তেনে কণিকাসমূহৰ ভিতৰত ফ’টন কণিকাবোৰো আছে । ফ’টন সৃষ্টি হোৱাৰ পিছতহে বিশ্বব্ৰহ্মাণ্ড আলোকিত হৈছিল । তাৰ আগৰ অৱস্থা কেৱল অন্ধকাৰ !!!

পৃথিৱীৰো আছিল এটা আঙুঠি !


কিছুমান বিজ্ঞানীৰ মতে শনি গ্ৰহৰ দৰেই আমাৰ পৃথিৱীৰো আদিতে এটি আঙুঠি আছিল । তেখেতসকলৰ মতে কেইবা বিলিয়ন বছৰৰ আগেয়ে “থিয়া” (Theia) নামৰ এটি গ্ৰহই পৃথিৱীৰ লগত সংঘৰ্ষৰ সৃষ্টি কৰিছিল । এই সংঘৰ্ষৰ ফলত অতি বৃহৎ পৰিমাণৰ আবৰ্জনাৰ সৃষ্টি হৈছিল আৰু এই আবৰ্জনাবোৰ পৃথিৱীৰ চৌদিশে সিচৰিত হৈ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীক আৱৰ্তন কৰি পৃথিৱীৰ এটি আঙুঠি সৃষ্টি কৰিছিল । কালক্ৰমত এই আঙুঠিত থকা আবৰ্জনাবোৰৰ পৰাই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ উৎপত্তি হৈছিল । অৱশ্যে এই ব্যাখ্যা বিতৰ্কৰ উৰ্ধত নহয় !

অসাধাৰণ প্ৰতিভাৰ শিশু



সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে অংকটো কৰিবলৈ আৰম্ভ কৰিলে: 1 + 2 + 3 + 4 +…….+ 100 = ? সকলোৱেই গণনাত ব্যস্ত । এজন ছাত্ৰই তৎক্ষণাত অংকটো কৰি শিক্ষকক দেখুৱালে । অংকটো দেখি শিক্ষকজন আচৰিত হৈ গল । লৰাজনে সম্পূৰ্ণ এটা নতুন নিয়মেৰে অংকটো কৰি পেলাইছে । সি কৰা অংকটো (1 + 100) + (2 + 99) + (3 + 98) + . . . . + (50 + 51) । প্ৰতি বাৰতেই যোগফল 101 আৰু এনে যুৰীয়া সংখ্যাৰ সংখ্যা মুঠ 50 টা । এতেকে যোগফল 101 x 50 = 5050 । সেই অসাধাৰণ ছাত্ৰজনেই হ’ল যোহান কাৰ্ল ফ্ৰেডেৰিক গাউচ যিয়ে পৰবৰ্তী সময়ত এজন প্ৰসিদ্ধ গণিতজ্ঞ হিচাপে পৰিচিত হৈছিল ।

বুধৰ আকাশত সুৰুযৰ ভুমুকি



সৌৰজগতৰ কাহিনীবোৰ বৰ আজব । বুধ, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু বুধ গ্ৰহৰ পৃষ্ঠৰ পৰা সূৰ্যক অস্বাভাৱিক ৰূপে ডাঙৰ দেখা যায় । বুধৰ আকাশত সুৰুযে এক বিশাল অবয়ব লৈ উদিত হয় । বুধ গ্ৰহ সূৰ্যৰ নিচেই কাষতে থকা বাবে ইয়াৰ কক্ষিক বেগো অতি বেছি আৰু সেয়েহে মাত্ৰ তিনি মাহতেই বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক মাৰে । কিন্তু নিজ মেৰুদণ্ডৰ চৌদিশে বুধে অত্যন্ত ধীৰ গতিত আবৰ্তন কৰা বাবে বুধৰ এটা দিন দুমাহ দিঘলীয়া । অৰ্থাৎ বুধৰ দুবছৰ সময়ত মাত্র তিনিটা দিনহে থাকে !