Friday, 18 November 2022

সম্প্ৰসাৰিত ব্ৰহ্মাণ্ড আৰু এডুইন হাব'ল


তেতিয়া পৃথিৱী বা জোনবাই নাছিল, এই বিশাল ব্ৰহ্মাণ্ডও নাছিল। আনকি স্পেচ-টাইম বুলিও একো নাছিল, নাছিল সময়। অসীম ভৰযুক্ত আৰু অসীম ঘনত্বৰ কেৱল এটা বিন্দুহে (!) আছিল। হঠাতে সেই বিন্দুটোত কিবা এটা ঘটিল। কোনো অজ্ঞাত কাৰণত, সেই অদ্ভুত বিন্দুটোৱে বিষ্ফোৰিত হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰি স্পেচ-টাইম নামৰ এখন মেলি থোৱা চাদৰৰ দৰে ৰূপ ল'লে। বিন্দুটোৰ ভিতৰত থকা স্থান-কাল, অণু-পৰমাণু, শক্তি সকলোবোৰ অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰে। পৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে বিভিন্ন উপাদান, যৌগ, গ্ৰহ, নক্ষত্ৰ, নীহাৰিকা, ছায়াপথ আদিবোৰ এটা এটাকৈ সৃষ্টি হ'বলৈ ধৰিলে! বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। এই ব্ৰহ্মাণ্ডৰ অসংখ্য ছায়াপথৰ মাজৰ হাতীপটি ছায়াপথৰ এটা হালধীয়া তৰাৰ চাৰিওফালে ঘূৰি থকা সৌৰজগতৰ এটা ক্ষূদ্ৰাকৃতিৰ গ্ৰহৰ উপৰিভাগৰ এটুকুৰা স্থানত বহি ফেইচবুকত এই প্ৰবন্ধটো পঢ়ি আছে।

আচৰিত নহয় নে বাৰু? তাতকৈও আচৰিত এই যে বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰসাৰণ এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু সেয়া দেখা পাবলৈ আপুনি বা মই, সঁচা অৰ্থত এই মানৱ সভ্যতাই হয়তো জীৱিত নাথাকিব। কথাবোৰ দেখোন বিশ্বাস কৰিবলৈ যেন অসুবিধা হয়। আনকি বিখ্যাত বিজ্ঞানী আইনষ্টাইনেও ইয়াক বিশ্বাস কৰা নাছিল। তেওঁৰ দ্বাৰা আৱিষ্কৃত "আইনষ্টাইন ক্ষেত্ৰ সমীকৰণ"ত এই সম্প্ৰসাৰণ বন্ধ কৰিবলৈ এটা ধ্ৰুৱক ৰাখিছিল। সকলোৱেই তেওঁৰ উৎসাহী অনুৰাগী আৰু সেয়ে সকলোৱে ইয়াকেই মানিও লৈছিল।

আন এজন বিজ্ঞানী ৰাছিয়াৰ আলেকজেণ্ডাৰ ফ্ৰীডমেন। তেওঁ প্ৰথমে কৈছিল যে বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰিত হৈ আছে, যি সকলো দিশত সমানে আগবাঢ়ে। তেতিয়া কোনেও সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু তাৰ পিছত এডুইন হাব'ল নামৰ আন এজন জ্যোতিৰ্বিজ্ঞানীয়ে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰমাণ কৰিছিল। এডুইন হাব'লে কোনোবা এটা গভীৰ নিশা দূৰবীণ যন্ত্ৰেৰে আকাশৰ বুকুত পিটপিটাই ধন্যবাদ যাঁচিছিল পোহৰৰ "ৰঙা সৰণ" নামৰ বিশেষ ধৰ্মটোক, কাৰন ইয়াৰ সহায়তেই তেওঁ প্ৰমাণ কৰিছিল বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথাটো। ইয়াৰ ফলত আইনষ্টাইনৰ অস্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডৰ ধাৰণাটোও ক্ৰমে স্তিমিত হৈ পৰিছিল।

কিন্তু কি এই পোহৰৰ ৰঙা সৰণ বা "ৰেড চিফ্ট"? এই বিষয়ে জনাৰ আগত আমি "ড'পলাৰ ইফেক্ট"ৰ বিষয়ে জানিব লাগিব। যদি কোনো স্থিৰ উৎসৰ পৰা অবিৰত ভাবে এটা শব্দ আহে, তেন্তে ই চৌদিশে সমানে বিয়পিব। কিন্তু যদিহে শব্দৰ উৎসটোৱে গতিশীল শব্দৰ দিশতেই গতি কৰে তেন্তে সেই দিশত শব্দৰ তৰংগদৈৰ্ঘ্য কমি যায় আৰু ইয়াৰ কম্পাঙ্ক বৃদ্ধি পায়। আনহাতে ইয়াৰ বিপৰীত দিশত শব্দৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি পায় আৰু কম্পাঙ্ক হ্ৰাস পায়। শব্দৰ তৰংগদৈৰ্ঘ্য যিমানেই কম হয়, অৰ্থাৎ কম্পনাঙ্ক যিমানেই বেছি হয়, শব্দটো সিমানেই তীক্ষ্ণ হৈ পৰে। একেদৰে তৰংগদৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে অৰ্থাৎ কম্পনাঙ্ক কমি অহাৰ লগে লগে শব্দটো নিস্তেজ হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ দিশলৈ আহি থকা গাড়ী এখনৰ মাইকত গান বাজি থাকিলে আপোনাৰ কাণত গানটো যেনেদৰে বাজিব, গাড়ীখন আপোনাৰ পৰা আঁতৰি যাওঁতে মাইকৰ গানটো যথেষ্ঠ বিকৃত সুৰত শুনিব। ইয়াৰ কাৰণ - ডোপলাৰ ইফেক্ট। 

এই কথাখিনি পোহৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ পোহৰো এক প্ৰকাৰৰ তৰংগ। পোহৰৰ তৰংগ বিদ্যুৎচুম্বকীয় তৰংগ। যদিহে কোনো তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্য বা পৃথিৱীৰ পৰা আঁতৰি গৈ আছে, তেন্তে ডপলাৰ ইফেক্ট অনুসৰি ইয়াৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্যবোৰ পৃথিৱীৰ দিশলৈ অধিক হ’ব আৰু তাৰকাৰাজ্যখন আঁতৰি যোৱাৰ দিশত তৰংগদৈৰ্ঘ কম হ’ব। ফলত সেই তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰৰ বৰ্ণালীৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি হ'ব। অৰ্থাৎ তাৰকাৰাজ্যখনৰ পৰা পৃথিৱীৰ দিশলৈ অহা বৰ্ণালীৰ বৰণ ৰঙাৰ ফালে গতি কৰিব। যিহেতু ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু কম্পনাঙ্ক কম, সেয়েহে তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰ দৃশ্যমান পোহৰৰ বৰ্ণালীৰ ৰঙা মূৰৰ ফালে ‘স্থানান্তৰিত’ হ’ব, যাক জ্যোতিৰ্বিজ্ঞানত ৰঙা সৰণ বা "Ref shift" বোলা হয়।

আকৌ যদি কোনো তাৰকাৰাজ্যই পৃথিৱীৰ দিশে আগবাঢ়ি আহে তেন্তে ডপলাৰ ইফেক্ট অনুসৰি তাৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্য পৃথিৱীৰ ফালে কম আৰু তাৰকাৰাজ্যখনৰ পথৰ বিপৰীত দিশত বেছি হ’ব। কাৰণ তৰংগদৈৰ্ঘ্য কমি যোৱাৰ লগে লগে উৎসৰ পৰা অহা পোহৰৰ দৃশ্যমান পোহৰৰ বৰ্ণালী বেঙুনীয়া ৰঙৰ ফালে গতি কৰিব কাৰণ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম আৰু কম্পনাংঙ্ক সৰ্বাধিক। আৰু ইয়াক নেগেটিভ ৰেড শ্বিফ্ট বা নীলা সৰণ বা ভায়োলেট শ্বিফ্ট বোলা হয়।

বিজ্ঞানী হাবলে এই ধাৰণাটো লৈয়েই এই গৱেষণাত ব্ৰতী হৈছিল। তেতিয়া তেওঁ দেখিলে যে এণ্ড্ৰমেডা গেলেক্সীৰ পৰা অহা পোহৰৰ তৰংগদৈৰ্ঘ্য বেঙুনীয়া ৰঙৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ নীলা ৰঙৰ পৰিৱৰ্তন দেখুৱাইছে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৰ পোহৰৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ ৰঙাৰ পৰিৱৰ্তন দেখুৱাইছে। পিছলৈ অধিক পৰ্যবেক্ষণৰ অন্তত তেওঁ নিশ্চিত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৱেই ৰঙা পৰিৱৰ্তন দেখুৱায়। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰ ঘটিছে। আনকি প্ৰতিটো মুহূৰ্তত ই আগৰ তুলনাত অধিক বেগেৰে সম্প্ৰসাৰিত হৈছে। ই যেন এটা অবিৰাম সম্প্ৰসাৰিত হৈ থকা অথচ বন্ধ কৰিব নোৱাৰা স্বয়ংক্ৰিয় বোমা যিয়ে প্ৰতি মুহূৰ্ততে ৰঙা সৰণৰ জৰিয়তে নিজৰ কাৰ্যকলাপ দৃঢ়ৰ পৰা অধিক দৃঢ় কৰি আহিছে। ইয়াৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনো অকল্পনীয় বিশালতাৰ পৰা আৰু অধিক বিশালতাৰ দিশে নিৰন্তৰ আগুৱাই গৈ আছে।

Thursday, 10 November 2022

বিক্ৰম-১ : ভাৰতৰ প্ৰথম বানিজ্যিক ৰকেট


ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা সকলোবোৰ মহাকাশ অভিযানতেই "ইছৰো"ৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত "ইছৰো"ৰ সলনি ভাৰতৰেই এটা কোম্পানীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পৃথিৱীৰ পৰা মহাকাশলৈ এটা ৰকেট প্ৰেৰণ কৰিবলৈ ওলাইছে। মহাকাশ বিশেষজ্ঞ সকলৰ মতে এয়া ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এটা নতুন যুগৰ আৰম্ভণি।


হায়দৰাবাদস্থিত এটা ব্যক্তিগত কোম্পানী ''স্কাইৰুট এৰোস্পেচ''ৰ দ্বাৰা বিকশিত কৰা এই ৰকেটটোৰ নাম ভাৰতৰ প্ৰসিদ্ধ গৱেষক বিজ্ঞানী আৰু মহাকাশ অভিযানৰ আত্মা স্বৰূপ বিক্ৰম চাৰাভাইৰ নামেৰে "বিক্ৰম-এচ" ৰখা হৈছে। বিগত ৮ নৱেম্বৰ, মঙলবাৰে স্কাইৰুট এৰোস্পেচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দানাই জানিব দিয়া মতে ''স্কাইৰুট'' অভিযানৰ এই ''ষ্টাৰ্ট আপ'' মিচনৰ প্ৰথম পদক্ষেপ অনুসৰি বিক্ৰম-এচ নামৰ ৰকেটটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰাই এই নৱেম্বৰ মাহৰ ভিতৰতেই উৎক্ষেপণ কৰা হ'ব। ইছৰোৱে এই ৰকেট প্ৰস্তুত কৰাত 'স্কাইৰুট'ক সহায় কৰিছে।

স্কাইৰুটে বিক্ৰম ৰকেটৰ তিনিটা প্ৰকাৰ বিকশিত কৰি আছে। বিক্ৰম-১ ৰকেটটোৱে পৃথিৱীৰ নিম্নতম কক্ষপথলৈ ৪৮০ কিলোগ্ৰাম পেলোড কঢ়িয়াই নিব পাৰিব। আনহাতে বিক্ৰম-২ ৰকেটটোৱে ৫৯৫ কিলোগ্ৰাম কাৰ্গোৰ সৈতে মহাকাশ যাত্ৰা কৰিবলৈ সক্ষম। এই চিৰিজৰ বিক্ৰম-৩ ৰকেটটোৱে ৮১৫ কিলোগ্ৰাম পেলোড পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ ক্ষিপ্ৰতাৰে উৎক্ষেপণ কৰিব পাৰিব।

কেইদিনমানৰ ভিতৰতে উৎক্ষেপণ হ'বলগীয়া বিক্ৰম-১ ৰকেটটো কালাম-১০০ নামৰ উৎক্ষপণ যানখনৰ সহায়ত কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে স্কাইৰুট এৰোস্পেচ এজেন্সীয়ে কালাম -১০০ মহাকাশ যানখনৰ সফলতাৰ পৰীক্ষা সম্পন্ন কৰিছে। এই অভিযানত তিনিটা পেলোড মহাকাশলৈ বহন কৰা হ'ব। ইয়াৰ ভিতৰত "স্পেচ কিডচ ইণ্ডিয়া" (Space Kidz India)ৰ অধীনত ভাৰতৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীসকলে বিকশিত কৰা ২.৫ কিলোগ্ৰামৰ পেলোডো অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনৰ "স্কাইৰুট এৰোস্পেচ''ৰ অন্তৰ্ভূক্তি নিসন্দেহে এক আশাৰ বতৰা।

Tuesday, 8 November 2022

সূৰ্যৰ পোহৰত লুকাই থকা দানৱ গ্ৰহাণু

এটা প্ৰায় ১.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এপ'লো শ্ৰেণীৰ গ্ৰহাণু! নাম ২০২২-এপি৭। পৃথিৱীৰ কক্ষপথক স্পৰ্শ কৰি পাৰ হোৱা গ্ৰহাণুবোৰক এপ'লো শ্ৰেণীৰ গ্ৰহাণু (Asteroid) বুলি কোৱা হয়। এই গ্ৰহাণুটোৱে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। বিজ্ঞানীসকলৰ মতে ই পৃথিৱীৰ বাবে এক সম্ভাৱ্য বিপদজনক মহাজাগতিক বস্তু (Potentially Hazardous Object)। এই গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ গৈছে। সেইবাবেই এই গ্ৰহাণুটোক অতি বিপদজনক বুলি গণ্য কৰা হৈছে। চিলিৰ আকাশত সূৰ্যাস্তৰ ১০ মিনিটৰ ভিতৰৰ সময়চোৱাত স্কট শ্বেপৰ্ড নামৰ এজন বিজ্ঞানীয়ে "চেৰো ট'লোলো অবজাৰ্ভেটৰী"ৰ ডাৰ্ক এনাৰ্জি কেমেৰা ব্যৱহাৰ কৰি বিগত ২০২২ চনৰ ১৩ জানুৱাৰী তাৰিখে এই গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল। এই গ্ৰহাণুটোৰ আৱিষ্কাৰত চিলিৰ ভিক্টৰ এম ব্লাঙ্কো নামৰ এজন বিজ্ঞানীৰ নামো সংযুক্ত হৈ আছে। তেওঁলোকে ইয়াক বিচাৰি উলিওৱাৰ বাবে দূৰবীণত ডাৰ্ক মেটাৰ অধ্যয়ন কৰিবলৈ ব্যৱহৃত উচ্চ-প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰিছিল। কিন্তু নিৰন্তৰ ভাবে প্ৰায় ৫ বছৰৰ মুৰে মুৰে সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰা ২০২২-এপি৭ সৌ সিদিনালৈ বিজ্ঞানীসকলৰ চকুৰ পৰা লুকাই থকাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল, এই গ্ৰহাণুটো সূৰ্যৰ খুব ওচৰত এনে এটুকুৰা ঠাইত আছে যে সূৰ্যৰ তীব্ৰ পোহৰৰ বাবে ইয়াক ধৰা পেলোৱাতো অতি কঠিন হৈ পৰে। 

 কাৰ্নেগী ইনষ্টিটিউচন ফৰ ছাইন্সৰ মহাকাশ বিজ্ঞানী স্কট শ্বেপৰ্ডৰ মতে ২০২২-এপি৭ গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ যোৱা বাবেই ইয়াক বিপদজনক শ্ৰেণীত ৰখা হৈছে। সদ্যহতে এই গ্ৰহাণুটোৱে পৃথিৱীক আঘাত কৰাৰ কোনো সম্ভাৱনা নাই যদিও পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ অহা এই গ্ৰহাণুটো প্ৰতিবাৰ প্ৰদক্ষিণৰ অন্তত ক্ৰমে পৃথিৱীৰ ওচৰলৈ আহি আছে। তেনেস্থলত অদূৰ ভৱিষ্যতত ২০২২-এপি৭ নামৰ গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনা প্ৰবল। বিজ্ঞানীসকলৰ মতে, মহাকাশত থকা আন গ্ৰহবোৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক কেনেদৰে প্ৰভাৱিত কৰে তাৰ ওপৰত এই গ্ৰহাণুটোৱে পৃথিৱীৰ লগত সংঘৰ্ষ কৰিব নে সংঘৰ্ষ নকৰাকৈ আঁতৰি যাব, সেইটো নিৰ্ভৰ কৰিব। বিজ্ঞানীসকলৰ মতে এই পৰিস্থিতিত এতিয়াই এই বিষয়ে ভৱিষ্যতবাণী কৰাটো অতি কঠিন। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত "নায়াৰ লেব"ৰ বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুটোৱে যিহেতু সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় ৫ বছৰ সময় লয়, এনেদৰে পৃথিৱীৰ পৃথিৱীৰ চৌদিশে পৰিভ্ৰমনৰ সময়ত গ্ৰহাণুটো পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিলেও, ইয়াৰ দূৰত্ব আমাৰ পৰা কেইবা কৌটি কিলোমিটাৰ আঁতৰত থাকিব। এতিয়ালৈকে, পৃথিৱীৰ আশে পাশে পৰিভ্ৰমণ কৰি থকা প্ৰায় ৩০,০০০টা মান গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। এইবোৰৰ ভিতৰত এক কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধৰ ৮৫০ টা গ্ৰহাণু আছে। এইবোৰক পৃথিৱীৰ ওচৰত বস্তু (Near Earth Object) বুলি কোৱা হয়। এইবোৰৰ মাজৰ বহুত কেইটা সূৰ্যৰ তীব্ৰ পোহৰৰ আঁৰত লুকাই আছে। 

অৱশ্যে, বিজ্ঞানীসকলে আমাক নিৰ্ভয় প্ৰদান কৰি কৈছে যে পৰৱৰ্তী ১০০ বছৰলৈ, এই গ্ৰহাণুবোৰৰ কোনেও পৃথিৱীত আঘাত নকৰে। গ্ৰহাণুবোৰৰ পৰা পৃথিৱীৰ ক্ষতিৰ কথা মনত ৰাখিয়েই নাছাই বিগত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সফলতাৰে ডাৰ্ট অভিযান সম্পূৰ্ণ কৰিছিল। ডাৰ্ট মিচনৰ দৰে এনে ধৰণৰ অভিযানবোৰৰ জৰিয়তে গ্ৰহাণুৰ সংঘৰ্ষৰ পৰা আমাৰ পৃথিৱীখন বচাই ৰাখিবলৈ বিপদজনক গ্ৰহাণুৰ গতি আৰু দিশ সলনি কৰি আমাক নিৰাপত্তা দিবলৈ নাছাৰ বিজ্ঞানীসকল সদা ব্যস্ত হৈ আছে। বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওক।

Thursday, 15 September 2022

পুনৰাই মানুহৰ চন্দ্ৰ অভিযান

 


১৯৭২ চনৰ ১৯ ​​ডিচেম্বৰ। নাছাৰ এপ’ল’-১৭ অভিযানৰ মহাকাশচাৰীসকল জোনবাইৰ বুকুৰ পৰা পৃথিৱীলৈ ঘূৰি আহিল। ইয়াৰ জৰিয়তে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ চন্দ্ৰ অভিযানৰ অবিৰত যাত্ৰাৰ এক সফল পৰিক্ৰমাৰ অন্ত পৰিল। এই সময়চোৱাত ছয় বাৰকৈ মানুহে চন্দ্ৰত পদাৰ্পণ কৰে। তাৰ পিছৰ পৰ্যায়ত মানুহে মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিলে। পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা হ'ল হাজাৰ হাজাৰ উপগ্ৰহ। পাৰ্কাৰ ছ’লাৰ প্ৰ’বে সূৰ্যৰ কৰোনাত প্ৰৱেশ কৰিলে। মংগল গ্ৰহৰ বুকুত মানুহে অৱতৰণ কৰোৱালে একাধিক ৰ'ৱটিক যান। ভয়েজাৰ-১ আৰু ভয়েজাৰ-২ নামৰ মহাকাশ যান দুখনে সৌৰজগতৰ সীমা ভেদি  কোনো অজানতিমুলুকলৈ গতি কৰিলে। কিন্তু, ১৯৭২ চনৰ পিছত মানুহ পুনৰ জোনবাইৰ বুকুলৈ উভতি যোৱা নাই। বিগত ৫০ বছৰ ধৰি কোনো মানুহে চন্দ্ৰত ভৰি দিয়া নাই কিয়? বহুতৰে মনত এনে প্ৰশ্নই জুমুৰি ধৰি আহিছে। বৰ্তমান নাছাৰ আৰ্টেমিছ-১ মহাকাশ যাত্ৰাৰ সময়ত এই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে।

৫০ বছৰ সময়ৰ পাছত ২০২৫ চনত নাছাই মানুহক পুনৰ চন্দ্ৰৰ বুকুলৈ লৈ যাবলৈ ওলাইছে। চন্দ্ৰলৈ যোৱাৰ এই সমগ্ৰ ব্যৱস্থাটোৰ নাম ৰখা হৈছে "আৰ্টেমিছ"। গ্ৰীক পৌৰাণিক কাহিনীত চন্দ্ৰদেৱী আৰ্টেমিছ হৈছে এপ’ল’ দেৱতাৰ যমজ ভগ্নী। তেওঁৰ নামেৰে এই মিছনৰ নামকৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ ২১খন দেশৰ পুঁজি আৰু সহযোগিতাৰে নাছাৰ নেতৃত্বত এই অভিযান চলোৱা হ’ব। আৰ্টেমিছৰ মিছনৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণা, অৰ্থনৈতিক সুযোগ সৃষ্টি  আৰু নতুন প্ৰজন্মক বিজ্ঞানৰ পিছত লগাবলৈ অনুপ্ৰাণিত কৰা।

বিজ্ঞানীসকলে আৰ্টেমিছ অভিযানত নতুন প্ৰযুক্তিৰ সহায়ত চন্দ্ৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰাৰ লগতে পৃথিৱী, চন্দ্ৰ আৰু আমাৰ সৌৰজগতৰ উৎপত্তি আৰু ইতিহাসৰ বিষয়ে গৱেষণা কৰা। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - মংগল গ্ৰহলৈ মহাকাশচাৰী পঠোৱাত আৰ্টেমিছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞানী সকলে চন্দ্ৰত অস্থায়ী ভাবে মানৱ আৰু ৰবটৰ বসতি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত মংগল গ্ৰহলৈ মানব প্ৰেৰণত সৃষ্টি হ'ব পৰা বিভিন্ন বাধাৰ সমাধান সম্ভৱ হৈ উঠিব।

নাছাৰ শক্তিশালী নতুন ৰকেট স্পেচ লঞ্চ চিষ্টেম বা এছ.এল.এছৰ সহায়ত আৰ্টেমিছ অভিযান উৎক্ষেপণ কৰা হ’ব। ইয়াৰ লগত সংযুক্ত হৈ থাকিব অৰিয়ান মহাকাশযান। ইয়াৰ বাবে নাছাই আৰ্টেমিছ অভিযানৰ তিনিটা পৰ্যায়ৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

বিগত ২৯ আগষ্ট, ২০২২ত ইয়াৰ প্ৰথম পৰ্যায়ৰ এই অভিযান আৰ্টেমিছ-১ৰ উৎক্ষপণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই অভিযানৰ দিন পিছুৱাই দি অহা ২৮ ছেপ্টেম্বৰত স্থিৰ কৰা হৈছে। আৰ্টেমিছ-১ত কোনো মহাকাশচাৰী নাথাকিব। এইটো মূলতঃ এটা পৰীক্ষামূলক উৎক্ষেপণ হ’ব। আৰ্টেমিছ-১ মহাকাশযান খনে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈ ওভতাই আনিব মহাকাশযানৰ খনৰ ক্ৰু মডিউলটি, যাৰ নাম "অৰায়ন"। অৱশ্য অৰিয়ানৰ মূল অংশ বা ছাৰ্ভিচ মডিউলটো পৃথিৱীৰ কক্ষপথতেই  ৰৈ যাব আৰু আৰ্টেমিছৰ পৰৱৰ্তী মানৱ অভিযানবোৰত ইয়াক ব্যৱহাৰ কৰা হ’ব। 

আৰ্টেমিছ-১ৰ পিছত ২০২৪ চনত মহাকাশচাৰীৰ সৈতে জোনবাইৰ দেশলৈ উৎক্ষেপণ কৰা হ'ব আৰ্টেমিছ-২ মহাকাশযান। এই অভিযানৰ মহাকাশচাৰী সকলে অৱশ্যে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈও উভতি আহিব। আৰ্টেমিছ অভিযানৰ তৃতীয় পৰ্যায়ত জোনবাইৰ বুকুত মানুহে আকৌ এবাৰ খোজ দিব। ২০২৫ চনত নাছাই আৰ্টেমিছ-৩ প্ৰগ্ৰেমৰ দিন ধাৰ্য কৰিছে। আৰ্টেমিছ অভিযানে মানৱৰ মহাকাশ বিজয়ৰ নতুন দিগন্ত উন্মোচিত কৰিব। এই অভিযানৰ জৰিয়তে নাছাই জোনবাইৰ বুকুত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আৰু অনাআমেৰিকান লোকক অৱতৰণ কৰাব। 

২০২০ চনৰ ডিচেম্বৰ মাহত নাছাই আৰ্টেমিছ অভিযানৰ বাবে সাম্ভাব্য মহাকাশচাৰীৰ দল এটি ঘোষণা কৰিছিল। সেই দলটোত ৯ গৰাকী মহিলা মহাকাশচাৰী আছিল। তেওঁলোক হ'ল - কাইল বেৰন, ক্ৰিষ্টিনা ক'ছ, নিকোল মান, এনি মেকক্লেইন, জেচিকা মেয়ৰ, জেচমিন ম'ঘবেলি, কেট ৰুবিন্স, জেচিকা ৱাটকিন্স আৰু ষ্টেফানী উইলছন। এওলোকৰ ভিতৰত কোনোবা এগৰাকী নাৰী জোনবাইৰ বুকুত ভৰি দিয়া প্ৰথম গৰাকী নাৰী হ'ব। নাছাই আৰ্টেমিছ মিছনৰ ৯ গৰাকী মহিলা সদস্যৰ লগতে ৯ গৰাকী পুৰুষ সদস্যৰ নামো ঘোষণা কৰিছে। এই সকলো কেইগৰাকীয়ে বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আৰ্টেমিছ-৩ মিছনৰ মহাকাশচাৰীৰ সকলৰ চূড়ান্ত তালিকাখন নাছাই পৰবৰ্তী সময়ত ঘোষণা কৰিব।

Sunday, 11 September 2022

বিজ্ঞানৰ বিষ্ময়: সংশ্লেষিত ভ্ৰূণ


ইজৰাইলৰ "ৱাইজমেন ইনষ্টিটিউট অৱ চাইন্স"ৰ গৱেষক বিজ্ঞানীসকলে এটা অসম্ভৱ কাৰ্য সম্পন্ন কৰিছে। তেওঁলোকে শুক্ৰাণু অবিহনে সফলতাৰে এটা সংশ্লেষিত বা কৃত্ৰিম ভ্ৰূণ সৃষ্টি কৰিছে যি এদিন মানৱ ভ্ৰূণৰ জন্ম আৰু প্ৰতিস্থাপনৰ ত্ৰুটিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে বিশেষ ভাবে উপযোগী প্ৰমাণিত হ'ব পাৰে। চিকিৎসা বিজ্ঞানৰ এই গুৰুত্বপূৰ্ণ সাফল্যত, বিজ্ঞানীসকলে পেট্ৰিডিছত "ষ্টেম কোষ" ব্যৱহাৰ কৰি মাতৃগৰ্ভৰ বাহিৰত পৃথিৱীৰ প্ৰথমটো সংশ্লেষিত ভ্ৰূণ বিকশিত কৰিছে। এই ভ্ৰূণটো নিষিক্ত কণী ব্যৱহাৰ নকৰাকৈ সংশ্লেষণ কৰা হৈছিল অৰ্থাৎ এই সমস্ত প্ৰক্ৰিয়াটোত শুক্ৰাণুৰ প্ৰয়োজনীয়তা উপেক্ষা কৰা হৈছিল। এই গৱেষণাটোৰ বিতং তথ্য বিজ্ঞান আলোচনী ''চেল''ত প্ৰকাশিত হৈছে। 

গৱেষকসকলে নিগনিৰ ষ্টেম কোষবোৰক তিনিটা গোটত পৃথক কৰিছিল। এটা গোটত এনে কিছুমান কোষ ৰাখিছিল, যিবোৰে নিজেই ভ্ৰূণৰ অংগলৈ বিকশিত হোৱাৰ বাবে সামৰ্থ ৰাখিছিল আৰু বাকী দুটা গোটক বিশেষ ব্যৱস্থাৰে দুই প্ৰকাৰৰ জিনৰ দ্বাৰা প্ৰভাৱিত কৰি প্লেচেণ্টা বা কুহুমৰ থলী সৃষ্টিৰ বাবে তৈয়াৰ কৰিছিল। তাৰ পিছত সেইবোৰ বৈদ্যুতিক ভাৱে নিয়ন্ত্ৰিত এটা সঁজুলিত মিহলি কৰা হৈছিল। ইয়াৰ ফলত বিজ্ঞানীসকলে দেখিলে যে ষ্টেম কোষবোৰৰ 0.5% কোষে ভ্ৰূণ সৃষ্টিৰ বাবে প্ৰয়োজনীয় এক বিশেষ গোলাকাৰ গঠন (ব্লাষ্টুলা) তৈয়াৰ কৰিছিল। ব্লাষ্টুলাৰ প্ৰতিটো কোষে পিছলৈ এক দীঘলীয়া, ভ্ৰূণসদৃশ গাঁথনি সৃষ্টি কৰিবলৈ ধৰে। 

সংশ্লেষিত এই কোষবোৰে পৰবৰ্তী ৮ দিনত ভ্ৰূণৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক অংগসমূহ গঠন কৰাত আগভাগ লৈছিল, যাৰ ভিতৰত আছিল হৃদযন্ত্ৰ, তেজৰ প্ৰবাহৰ বাবে ৰক্তনলী, ভাঁজযুক্ত মগজু, স্নায়ু, আৰু অন্ত্ৰৰ নলী। 

যদিও নিগনিৰ ক্ষেত্ৰত এয়া সম্ভৱ হৈ উঠিছে, গৱেষকসকলে ভাবে যে মানুহৰ ক্ষেত্ৰত এনে ভ্ৰূণ সৃষ্টি কৰাটো কঠিন কাম। তদুপৰি ভ্ৰূণ গঠনৰ অৰ্থ প্ৰাণী এটাৰ জন্ম নহয়। প্ৰকৃতিৰ নিয়ম এৰাই চলি কৃত্ৰিমভাৱে মানুহ বা আন প্ৰাণী সৃষ্টি কৰাটো সামাজিক, বৈজ্ঞানিক তথা আইনগত দিশৰ পৰা নৈতিক হয় নে নহয়, সেই প্ৰশ্নটোও জড়িত হৈ থাকিব। অৱশ্যে, এনে বিতৰ্ক সৃষ্টি হোৱা স্বত্বেও, বিজ্ঞানীসকলে বিশ্বাস কৰে যে বিজ্ঞানৰ প্ৰগতিৰ ক্ষেত্ৰত এই আৱিষ্কাৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিয়েই চিহ্নিত হ'ব।

গৱেষণা পত্ৰৰ লিংকটো 👇

https://www.cell.com/cell/fulltext/S0092-8674(22)00981-3?utm_source=STAT+Newsletters&utm_campaign=492bf84a1c-MR_COPY_01&utm_medium=email&utm_term=0_8cab1d7961-492bf84a1c-149563237

চাইবৰ্গ পইতাচোৰা


 

আজিৰ পৰা এক লাখমান বছৰ আগৰ মানুহৰ জীৱন প্ৰণালী আজিৰ মানুহৰ তুলনাত একেবাৰে বেলেগ আছিল । তেওঁলোকে কেৱল জুঁই আৰু শিলেৰে নিৰ্মিত কিছুমান সঁজুলিহে ব্যৱহাৰ কৰিব জানিছিল। সেই সময়ৰ মানুহে আধুনিক মানৱ সভ্যতাৰ কথা কল্পনাও কৰিব পৰা নাছিল। থিক একেদৰেই আমিও আজিৰ পৰা এক লাখ বছৰ পিছৰ মানৱ সভ্যতাৰ বিষয়ে বুকুত হাত দি ক'ব নোৱাৰো। বিজ্ঞানী সকলে ভৱিষ্যতৰ মানুহৰ শৰীৰত সৰু সৰু কম্পিউটাৰ চিপচ স্থাপন কৰি মানুহক এক জৈৱিক মেচিন (চাইবৰ্গ)ৰ দৰে বিকশিত কৰোৱাৰ সম্ভাৱনাই বেছি। 

শেহতীয়াকৈ তেনে সম্ভাৱনাৰ পথ উন্মোচিত কৰি বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিয়াইছে ৰিম’ট কণ্ট্ৰ’ল্ড (চাইবৰ্গ) পইতাচোৰা !!! বিজ্ঞানীসকলে চাইবৰ্গ পোক-পৰুৱা ডিজাইন কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। "NPJ Flexible Electronics" নামৰ গৱেষণা গ্ৰন্থত প্ৰকাশিত গৱেষণা পত্ৰ "Integration of body-mounted ultrasoft organic solar cell on cyborg insects with intact mobility" অনুসৰি এই মডিউলটো এটা সৌৰকোষৰ সৈতে সংযুক্ত হৈ থকা ৰিচাৰ্জেবল বেটাৰীৰে চালিত কৰা হৈছে যিয়ে বেটাৰীৰ মাজেৰে শক্তিৰ অবিৰত প্ৰবাহ নিশ্চিত কৰে। 

পইতাচোৰাৰ দেহত এই যন্ত্ৰসমূহ সফলতাৰে একত্ৰিত কৰিবলৈ বিজ্ঞানীৰ দলটোৱে এটা বিশেষ বেকপেক আৰু এটা অতি পাতল জৈৱিক সৌৰকোষ প্ৰস্তুত কৰি মডিউলটো পইতাচোৰাৰ দেহত এক বিশেষ আঠাযুক্ত পদাৰ্থৰে সংলগ্ন কৰি দিয়ে। ইয়াৰ ফলত পইতাচোৰাটোৱে অনায়াসে লৰচৰ কৰাৰ লগতে সকলোবোৰ দৈনন্দিন কাম কাজ সুচাৰু ৰূপে সমাপন কৰিব পাৰে। 

এই পৰীক্ষাটোৰ বিষয়ে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে গৈ আমাক এনে ধৰণৰ চাইবৰ্গ পতংগৰ প্ৰয়োজনেই বা কি? এই ক্ষেত্ৰত বিজ্ঞানীসকলে কয় যে চাইবৰ্গ পতংগবোৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী পাবৰ বাবে আৰু দুৰ্যোগৰ পিছৰ উদ্ধাৰ অভিযানৰ বাবে অত্যন্ত সহায়ক হ'ব। তদুপৰি বিপজ্জনক অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পৰিৱেশ নিৰীক্ষণ কৰাত সহায় কৰিবলৈ চাইবৰ্গ পোক পৰুৱাবোৰ ভৱিষ্যতে কামত লগোৱাৰ পৰিকল্পনা তৈয়াৰ কৰিছে বিজ্ঞানীসকলে।

গৱেষণা পত্ৰখনৰ লিংকটো তলত দিয়া হ'ল 👇

https://www.nature.com/articles/s41528-022-00207-2

Saturday, 23 July 2022

তিনি তৰাযুক্ত সৌৰজগত




জ্যোতিৰ্বিজ্ঞানীসকলে আমাৰ হাতীপটি তাৰকাৰাজ্যত এক অনন্য তিনিটা তৰা যুক্ত সৌৰজগত আৱিষ্কাৰ কৰিছে। এই সৌৰজাগতিক তৰাতন্ত্ৰটোত গৱেষকসকলৰ মতে এটা চতুৰ্থ তৰাও আছিল, যিটো তৰাক তৰাতন্ত্ৰটোৰ আন তিনিটা তৰাই গিলি পেলাইছে। তাৰবাবে আজি এই তন্ত্ৰটোত তিনিটা তৰাহে আছে। বৰ্তমান ইয়াত দুটা তৰাই এক উমৈহতীয়া ভৰকেন্দ্ৰৰ চৌদিশে ইটোৱে সিটোক প্ৰদক্ষিণ কৰি আছে আৰু তৃতীয় তৰাটোৱে এই দুই তৰাৰ চাৰিওদিশে নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি আছে। এইচ ডি ৯৮৮০০ নামৰ এই তিনিটা তৰাৰ সৌৰজগতখন আমাৰ পৰা ১৫০ আলোকবৰ্ষ দূৰৰ  টি. ডব্লিউ. হাইড্ৰে নক্ষত্ৰমণ্ডলত অৱস্থিত।

বিশ্বব্ৰহ্মাণ্ডত কোটি কোটি তৰা আছে। সেই তৰাবোৰৰ বহুতৰে নিজস্ব এক গ্ৰহ ব্যৱস্থা (Planetary System) আছে। কিন্তু এই সকলোবোৰ তৰাৰ ব্যৱস্থা আমাৰ সূৰ্যৰ সৌৰজগতৰ দৰে নহয়। গ্ৰহৰ সংখ্যাৰ ভিন্নতা, তৰাটোৰ পৰা গ্ৰহবোৰৰ দূৰত্ব আৰু তন্ত্ৰটোৰ গঠনৰ তাৰতম্যই এনে সৌৰজগতবোৰ অধ্যয়নৰ বাবে আকৰ্ষণীয় বিষয় কৰি তুলিছে। কেতিয়াবা এটা ব্যৱস্থাত দুটাতকৈ অধিক তৰা থাকে কিন্তু কোনো গ্ৰহ নাথাকে। 

কোপেনহেগেন বিশ্ববিদ্যালয়ৰ নীলছ ব’ৰ ইনষ্টিটিউটৰ বিজ্ঞানী আলেজান্দ্ৰো ভিগ'না গোমোজৰ মতে এই তিনিটা তৰাৰ সৌৰজগতখনৰ যমজ তৰা দুটাই প্ৰায় ২৪ ঘণ্টাত ইটোৱে সিটোৰ চাৰিওফালে এপাক ঘূৰে। এই দুয়োটা তৰাই আমাৰ সূৰ্যতকৈ প্ৰায় ১২ গুণ বেছি ভৰযুক্ত। আনহাতে এই যমজ তৰাদুটাৰ চৌদিশে প্ৰদক্ষিণ কৰা  তৃতীয়টো তৰা আমাৰ সূৰ্যতকৈ ১৬ গুণ ডাঙৰ। এই তৰাটোৱে প্ৰায় ৬০ দিনত এবাৰকৈ যমজ তৰাদুটাক প্ৰদক্ষিণ কৰে। এই তিনি তৰাযুক্ত সৌৰজগতৰ আৱিষ্কাৰত নাছাৰ TESS Telescope (Transiting Exoplanet Survey Satellite Telescope)ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

https://www.google.com/amp/s/www.indiatoday.in/amp/science/story/system-with-three-suns-detected-for-the-first-time-it-once-had-four-1978767-2022-07-22

Friday, 22 July 2022

Where does the Rainbow end


 



অতিশয় ঠাণ্ডা আৰু লগতে আমাৰ সেউজীয়া পৃথিৱীখনৰ পৰা বহু দূৰত অৱস্থিত সৌৰজগতৰ এটা বামন গ্ৰহ প্লুটো। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ নিউ হৰাইজন মহাকাশযানখনৰ শক্তিশালী টেলিস্কোপৰ পৰা লোৱা বামন গ্ৰহ প্লুটোৰ এনে এখন যাদুকৰী ছবি প্ৰকাশ কৰিছে য'ত ৰামধেনু ৰঙৰ সমাহাৰ ঘটিছে। বিগত ২০/০৭/২০২২, বুধবাৰে নাছাই প্ৰকাশ কৰিছে প্লুটোৰ এই বিশেষ ছবিখন। এখন ঘূৰণীয়া ডিস্কত ৰামধেনুৰ ৰঙৰ এনে সংমিশ্ৰণে সকলোকে কাৰ্যতঃ আপ্লুত কৰি তুলিছিল। নাছাই ফটোখন আপলোড কৰি নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত লিখিছে : Where does the rainbow end?

প্লুটোৰ পৃষ্ঠ অতি জটিল আৰু বৈচিত্ৰময়। ইয়াৰ পৃষ্ঠত আছে পাহাৰ, অসমান উপত্যকা, মসৃণ বৰফৰ সমভূমি তথা অতিশয় ছিদ্ৰযুক্ত বৰফৰ পৃষ্ঠ। প্লুটোৰ পৃষ্ঠভাগ বৰফেৰে আবৃত। ই অতি ঠাণ্ডা আৰু ইয়াৰ উষ্ণতা প্ৰায় -২৩০ ডিগ্ৰী চেলছিয়াছ। প্লুটোৰ বায়ুমণ্ডল অতি পাতল। 

প্লুটোৰ পাচটা উপগ্ৰহ আছে। ইয়াৰে আটাইতকৈ ডাঙৰটোক "কেৰ'ণ" বা "শ্বেৰণ" বোলা হয়। ইয়াৰ ব্যাস প্লুটোৰ তুলনাত প্ৰায় আধা। প্লুটো আৰু চেৰ'ণক একেলগে "দ্বৈত গ্ৰহ"বুলি কোৱা হয়। চেৰ'ণৰ পৃষ্ঠভাগ পানীৰ বৰফেৰে আবৃত। প্লুটোৰ আন দুটা উপগ্ৰহ নিক্স আৰু হাইড্ৰা ২০০৫ চনত আৱিষ্কাৰ কৰা হয়। ষ্টাইক্স আৰু কেৰ্বেৰোচ নামৰ আন দুটা উপগ্ৰহও বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে। 

https://www.instagram.com/p/CgNY9eAudKg/?igshid=YmMyMTA2M2Y=

Sunday, 26 June 2022

মূত্ৰৰ পৰা সোণ আহৰণ : দ্যা এলকেমিষ্ট


এলকেমিষ্ট সকলে বিশ্বাস কৰিছিল যে বিভিন্ন পদাৰ্থ বা ধাতুক সোণলৈ পৰিৱৰ্তন কৰিব পাৰি। সপ্তম শতিকাৰ পৰাই এলকেমিষ্ট সকলে এটা লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল যে তেওঁলোকে এনে এবিধ পদার্থ তৈয়াৰ কৰিব, যাৰ সহায়ত মহাবিশ্বৰ সকলোবোৰ জটিল প্রশ্নৰ উত্তৰ বিচাৰি পোৱা সম্ভৱ হ'ব। সেই পদার্থবোৰক তেওঁলোকে দুটা ভাগত ভগাই লৈছিল। তাৰ ভিতৰত প্রথমটো কঠিন বা গোটা অৱস্থাত আহৰণ কৰা, যাক "পৰশমণি" বা Philosopher’s Stone বোলা হৈছিল। আনহাতে দ্বিতীয়টো তৰল অৱস্থাত আহৰণ কৰা, যাক তেওঁলোকে "অমৃত সুধা" বা Elixir Of Life বুলি অভিহিত কৰি থৈছিল। তেওঁলোকৰ বিশ্বাস আছিল যে পৰশমণিৰ সংস্পৰ্শত সকলোবোৰ বস্তুৱেই সোণলৈ ৰূপান্তৰিত হ'ব আৰু অমৃত সুধাই মানুহক অমৰত্ব প্ৰদান কৰিব। 

"এলকেমি" বিষয়টো বর্তমানৰ ৰসায়ন বিজ্ঞানৰ প্রাচীন ৰূপ। আইজাক নিউটনৰ সময়ৰ ৰসায়ন বিজ্ঞান তেনেই চালুকীয়া পর্যায়ৰ আছিল। নিউটনেও তেওঁৰ জীৱনৰ অধিকাংশ সময় এলকেমিত ব্যয় কৰিছিল। নিউটনে প্রকৃতিৰ ৰহস্য সমূহ উদঘাটন কৰিবলৈ খুবেই আগ্রহী আছিল। তেখেতে বিশ্বাস কৰিছিল যে পুৰণি গ্ৰন্থৰ লগতে ধর্মীয় গ্রন্থসমূহৰ মাজত সৃষ্টিৰ ৰহস্যবোৰৰ সন্ধান "কোড" আকাৰে লুকাই থাকিব পাৰে। নিউটনে এলকেমিৰ মাধ্যমেৰে সেই ৰহস্যৰ ওৰণি গুছাবলৈ চেষ্টা কৰিছিল।

আজিৰ পৰা প্ৰায় ৪০০ বছৰ আগত জাৰ্মানীৰ এজন এলকেমিষ্ট হেনিগ ব্ৰেণ্ডে এটা অজ্ঞাত পদাৰ্থৰ সন্ধানত গৱেষণা আৰম্ভ কৰিছিল। হেনিগ ব্ৰেণ্ড হামবাৰ্গৰ বাসিন্দা হোৱাৰ লগতে জাৰ্মান সেনাবাহিনীৰ এজন বিষয়া আছিল। হেনিগ মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল আৰু তেওঁৰ পঢ়াশুনাও বেছি নাছিল। গোটেই জীৱন তেওঁ বিভিন্ন গৱেষণাতেই মগ্ন আছিল। গৱেষণাৰ বাবে পুঁজি যোগান ধৰিবলৈ তেওঁ  যৌতুক লৈ বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম পত্নীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল। এইবাৰ এগৰাকী ধনী বিধৱাক বিয়া কৰাইছিল গৱেষণাৰ পুঁজি টনকিয়াল কৰিবলৈ।

তেখেতৰ গৱেষণাৰ মূল বিষয় আছিল সাধাৰণ পদাৰ্থক সোণলৈ ৰূপান্তৰিত কৰা। তেখেতে বিশ্বাস কৰিছিল যে ফিটকিৰি, পটাচিয়াম আৰু প্ৰস্বাৱৰ সংমিশ্ৰণৰ পৰা সোণ আহৰণ কৰিব পৰা সম্ভৱ। সেই সময়ত, সাৰ প্ৰস্তুত কৰাৰ বাবে, ৰুক্ষ ছাল কোমল কৰিবলৈ তথা দাঁত পৰিষ্কাৰ কৰিবলৈ জন্তুৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হৈছিল। 

হেনিগে সেয়েহে প্ৰস্বাৱৰ পৰা সোণ আহৰণ কৰিবলৈ পৰীক্ষাগাৰৰ বাবে প্ৰয়োজনীয় প্ৰস্বাৱ মানুহৰ পৰা সংগ্ৰহ কৰা আৰম্ভ কৰি দিলে। দীৰ্ঘদিন ধৰি তেওঁ এনেদৰে ১৫০০ গেলন প্ৰস্ৰাৱ জমা কৰিছিল আৰু তেওঁ এই প্ৰস্বাৱবোৰ গৱেষণাগাৰত জমা কৰিছিল। প্ৰস্ৰাৱৰ দুৰ্গন্ধই তেওঁৰ ঘৰৰ চাৰিওফালে এক কদৰ্য বাতাবৰণৰ সৃষ্টি কৰিছিল।

সতেজ প্ৰস্ৰাৱ সংগ্ৰহ কৰাৰ পিছত, তেওঁ এইবোৰ কেইবাদিনলৈ ৰাখি থৈছিল। এসময়ত, যেতিয়া প্ৰস্বাৱবোৰ ডাঠ চিৰাপৰ দৰে হৈ পৰিছিল, তেতিয়া তেওঁ প্ৰস্বাৱবোৰৰ লগত ফিটকিৰি, পটাচিয়াম যৌগ আৰু সামান্য বালি মিহলাই উতলাবলৈ আৰম্ভ কৰিছিল। দীৰ্ঘ সময় ধৰি উতলোৱাৰ পিছত যেতিয়া প্ৰস্বাৱবোৰ ৰঙা তেলৰ দৰে হৈছিল, তেতিয়া তেওঁ ইয়াক ঠাণ্ডা হ'বলৈ দিছিল। এনে কৰাৰ ফলত তেওঁ দেখিছিল যে প্ৰস্বাৱৰ মিশ্ৰনটোৰ উপৰিভাগত ক'লা বৰণৰ এটা তৰপ আৰু তাৰ তলত বহুতো নিমখৰ দানাৰ দৰে কিছুমান নতুন পদাৰ্থ জমা হৈছে।

হেনিগে প্ৰস্বাৱৰ মিশ্ৰনটোৰ পৰা নিমখৰ দৰে অংশটো আঁতৰ কৰি ওপৰৰ ক'লা অংশটো পুনৰ ডাঠ চিৰাপৰ দৰে প্ৰস্বাৱৰ লগত মিহলি কৰি মিশ্ৰণটো ১৬ৰ পৰা ২০ ঘণ্টাৰ বাবে গৰম কৰিছিল। এনেদৰে, যদি গৰম কৰি থকাৰ ফলত মিশ্ৰণটো বাস্পীভূত হৈ তাৰপৰা ধোঁৱা ওলাইছিল। মিশ্ৰণটো সম্পূৰ্ণ ভাৱে বাস্পীভূত হোৱাৰ পিছত পাত্ৰটোৰ তলত এবিধ বিশেষ ধৰণৰ পদাৰ্থ ৰৈ গৈছিল। পানী অথবা বায়ুৰ সংস্পৰ্শলৈ অহাৰ সময়ত পদাৰ্থটো জিলিকি উঠিছিল। হেনিগ হতবাক হৈ পৰিছিল। সোণৰ সলনি তেওঁ মূত্ৰৰ পৰা আন কিবা এবিধ পদাৰ্থহে পালে। হেনিগে এই নতুন পদাৰ্থটোৰ নাম ৰাখিলে 'ফছফৰাছ'। গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে "পোহৰ কঢ়িয়াই নিয়া"। অক্সিজেনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ই জিলিকি উঠিছিল। আনকি আন্ধাৰতো, ই জিলিকি আছিল। 

সোণ আহৰণ কৰাত ব্যৰ্থ হ'লেও, এলকেমিষ্ট হেনিগ ব্ৰেণ্ডে আৱিষ্কাৰ কৰি উলিয়ালে ফছফৰাছ নামৰ মৌলটো। আৱিষ্কাৰ কৰাৰ পিছতো হেনিগে এই বিষয়ে কাকো জনোৱা নাছিল। তেওঁ হতাশ হৈছিল মূত্ৰৰ পৰা সোণ আহৰণ কৰিব নোৱাৰা বাবে। তেওঁ তাৰ পিছতো গৱেষণা কৰি গ'ল। বহুদিন গৱেষণাৰ পিছতো সফলতাৰ মুখ নেদেখি তেওঁ সোণ আহৰণ কৰাৰ আশা বাদ দি জাৰ্মানীৰ ড্ৰেচডেন চহৰৰ এজন ব্যৱসায়ীক তেওঁ আৱিষ্কাৰ কৰা ফছফৰাছখিনি উচ্চ দামত বিক্ৰী কৰি দিয়ে। তাৰ পিছতহে পৃথিৱীৰ আন মানুহে ফছফৰাছ নামৰ সদ্য আৱিষ্কৃত মৌলটোৰ বিষয়ে জানিব পাৰে।

অধিক তথ্যৰ বাবে:

https://www.sciencehistory.org/distillations/hennig-brandt-and-the-discovery-of-phosphorus

জোনবাইৰ মাটিত সেউজীয়া উদ্ভিদ

 


জোনবাইৰ মাটিত গছ গজাটো সম্ভৱ নে? বিজ্ঞানীসকলে কৈ আহিছে জোনবাইৰ মাটি গছ গছনি গজাৰ বাবে উৰ্বৰ নহয়। কিন্তু সেয়া সঁচা নহয়। নাছাৰ কেইবাজনো বিজ্ঞানীয়ে সম্প্ৰতি জোনবাইৰ মাটিত গজাই তুলিছে সেউজীয়া উদ্ভিদ।

ফ্লৰিডা বিশ্ববিদ্যালয়ৰ কেইজনমান বিজ্ঞানীয়ে এই অসম্ভৱ কামটো কৰিছে। তেওঁলোকে নাছাৰ উদ্যোগত আৰবিডোপচিছ থালিয়ানা নামৰ এজোপা বিৰল প্ৰজাতিৰ গছ জোনবাইৰ মাটিত গজাই তুলিছে। তেওঁলোকে এপ'ল' অভিযানৰ সময়ত বিজ্ঞানীসকলে চন্দ্ৰৰ পৰা অনা মাটিত এই গছবোৰ ৰোপণ কৰিছে। 

এপ’ল’ অভিযানৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিজ্ঞানীসকলে চন্দ্ৰত গছ-গছনি ৰোপণ কৰাৰ বাবে এক পৰীক্ষা-নিৰীক্ষা কৰাৰ কথা চিন্তা কৰিছিল। এই অভিযানৰ উদ্দেশ্য আছিল চন্দ্ৰৰ মাটি সংগ্ৰহ কৰি ভৱিষ্যতে অনুৰূপ পৰীক্ষা-নিৰীক্ষা কৰা। ভৱিষ্যতে মহাকাশ অভিযানৰ বাবে এই গৱেষণা অতি গুৰুত্বপূৰ্ণ হ’ব। 

মহাকাশ যুগৰ প্ৰাৰম্ভিক দিনত এপ’ল’ মহাকাশচাৰী সকলে এক দূৰদৰ্শী পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে ৰেগ’লিথ নামেৰে জনাজাত চন্দ্ৰৰ পৃষ্ঠৰ পদাৰ্থ আৰু মাটিৰ নমুনা পৃথিৱীলৈ আনি অত্যাধুনিক সঁজুলিৰে অধ্যয়ন কৰিছিল আৰু ভৱিষ্যতৰ গৱেষণাৰ বাবে সংৰক্ষণ কৰিছিল। পঞ্চাশ বছৰ পাছত চন্দ্ৰপৃষ্ঠৰ মাটিৰ সেই নমুনাবোৰৰ ভিতৰৰ তিনিটা ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে গৱেষকসকলে পুষ্টিহীন চন্দ্ৰ ৰেগ’লিথত আৰবিড’পচিছ থেলিয়ানাৰ খেতি কৰিছে।

এইখিনিতে ক’ব পাৰি যে ভৱিষ্যতৰ মহাকাশচাৰী সকলে নিজৰ খাদ্য সমস্যা সমাধানৰ বাবে পৃথিৱীৰ পৰা বহু দূৰলৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে। পৃথিৱীৰ বাহিৰে আন গ্ৰহ বা উপগ্ৰহৰ মাটিত উদ্ভিদ গজিব পৰাৰ সম্ভাৱনাৰ বিষয়ে বিজ্ঞানী সকলে দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে। ফলস্বৰূপে সেই কাম বহুখিনি আগুৱাই গ’ল৷

অধিক তথ্যৰ বাবে :

https://www.nasa.gov/feature/biological-physical/scientists-grow-plants-in-soil-from-the-moon