Sunday 10 June 2018

স্তিমিত হৈ যাব নেকি পৃথিৱীৰ গতি ?



পাৰমাণৱিক ঘড়ীৰ আৱিষ্কাৰে বিজ্ঞানীসকলক সময়ৰ নিৰ্ভুল হিচাব ৰখাত সহায় কৰে। এনে ঘড়ীৰ সহায় লৈ ইতিমধ্যে বিজ্ঞানীসকলে সময় সম্পৰ্কীয় বহুতো গৱেষণাই সম্পন্ন কৰিছে। এই গৱেষণাবোৰৰ ভিতৰত এটা বিশেষ গৱেষণাই আন এক গুৰুত্বপূৰ্ণ তথ্য আমাৰ আগত দাঙি ধৰিছেহি। এই তথ্যটোৰ মতে পৃথিৱীখন ক্ৰমে স্তিমিত হৈ আহিব ধৰিছে। অৰ্থাৎ নিজ মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ ঘূৰ্ণন (আহ্নিক গতি) ক্ৰমে ধীৰ হৈ পৰিছে। গৱেষণাটোৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি প্ৰতি এশ বছৰত একোটা সৌৰদিন ১.৭ মিলিছেকেণ্ড দীঘল হৈ আহিছে।

ভূ-বিজ্ঞানী সকলে পৃথিৱীৰ আভ্যন্তৰীন শিলাস্তৰৰ গঠন পুংখানুপুংখ ভাবে অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হৈছে যে আজিৰ পৰা প্ৰায় ৪৫০ কৌটি বছৰ আগতে পৃথিৱীত এটা সৌৰদিনৰ দৈৰ্ঘ আছিল মাত্ৰ ৬ ঘণ্টা। অৰ্থাৎ তেতিয়া আমাৰ পৃথিৱীখন নিজ মেৰুদণ্ড সাপেক্ষে বৰ্তমানৰ তুলনাত চাৰিগুণ অধিক বেগত ঘূৰিছিল। কিন্তু ক্ৰমান্বয়ে মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ গতি ধীৰ হৈ আহিবলৈ ধৰে। এনেদৰে ধীৰ হৈ অহা পৃথিৱীৰ আহ্নিক গতিৰ বাবে পৃথিৱীৰ দিনবোৰ দীঘল হৈ পৰিবলৈ ধৰে। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে আজিৰ পৰা ২৫০ কৌটি বছৰ আগত পৃথিৱীৰ এটা সৌৰদিনৰ দৈৰ্ঘ আছিল প্ৰায় ২০ ঘণ্টা, যি আজিৰ দিনৰ এটা সৌৰদিনতকৈ ৪ ঘণ্টা কম। 

কিন্তু কিয় এনেদৰে পৃথিৱীৰ গতি ক্ৰমে স্তিমিত হৈ আহিছে ? এই প্ৰশ্নটোৰ উত্তৰত বিজ্ঞানী সকলে তিনিটা যুক্তি দেখুৱাইছে : 

১) সাগৰ মহাসাগৰবোৰত সৃষ্টি হোৱা জোৱাৰ ভাটাৰ ঘৰ্ষণ বলে পৃথিৱীৰ গতিৰ বিপৰীত দিশে ক্ৰিয়া কৰি পৃথিৱীৰ আহ্নিক গতিক স্তিমিত কৰি তুলিছে। 

২) জোনবাইৰ মাধ্যাকৰ্ষণ বলে পৃথিৱীৰ গতিক প্ৰভাৱিত কৰাৰ ফলত পৃথিৱীখন ধীৰ হৈ পৰিছে। 

৩) পৃথিৱীৰ টেকটনিক প্লেট সমূহৰ সামূহিক সঞ্চালনৰ বাবে জড়ভ্ৰামক পৰিবৰ্তিত হৈ পৃথিৱীৰ ঘূৰ্ণণক প্ৰভাৱিত কৰিছে।

এই হাৰত সৌৰদিনৰ দৈৰ্ঘ বাঢ়ি থাকিলে আগন্তুক ১৫০ কৌটি বছৰ পিছত পৃথিৱীৰ এটা সৌৰদিন ৪০ ঘণ্টাৰ হ'বগৈ। অৰ্থাৎ ২০ ঘণ্টা দিন আৰু ২০ ঘণ্টা ৰাতি !

No comments:

Post a Comment