Tuesday 26 June 2018

মাইণ্ড আপলোডিং : ভৱিষ্যতৰ প্ৰযুক্তি


মানুহৰ মগজুক কম্পিউটাৰৰ লগত সংযোগ কৰি মগজুৰ তথ্যবোৰ কম্পিউটাৰৰ ড্ৰাইভত সংৰক্ষণ কৰিব নেকি ? আচৰিত হৈছে নিশ্চয় ! এটা উদাহৰণ লওঁ আহকচোন। আপুনি নিশ্চয় লেপটপ বা কম্পিউটাৰৰ লগত "পেন ড্ৰাইভ" বা মোবাইল ফোনটো সংযোগ কৰি পাইছে। এনেদৰে সংযোগ কৰা পেন ড্ৰাইভ বা মোবাইল ফোনৰ বিভিন্ন তথ্য বা ডাটাসমূহ অতি সহজেই কম্পিউটাৰলৈ স্থানান্তৰ বা আপলোড কৰিব পাৰি। তদুপৰি কম্পিউটাৰ নেটৱৰ্কিং ব্যৱস্থাৰ জৰিয়তে এনে তথ্যবোৰ আন এটি কম্পিউটাৰলৈও প্ৰেৰণ কৰা বা ডিজিটেল ডাটা হিচাপে ভৱিষ্যতলৈ সংৰক্ষণ কৰাটো সম্ভৱ। 

কম্পিউটাৰৰ কাম কাজবোৰ মানুহৰ মগজুৱে কাম কৰা পদ্ধতিৰ লগত প্ৰায় একে। এক জটিল "নিউৰেল নেটৱৰ্কিং" পদ্ধতিৰে আমাৰ মগজুৱে কাৰ্য সম্পাদন কৰে। জীৱবিজ্ঞানী সকলে মগজুৰ এই নিউৰেল নেটৱৰ্কিং ব্যৱস্থাটো কম বেছি পৰিমাণে আয়ত্ব কৰি পেলাইছে যাৰ ফলত বিজ্ঞানীসকলে মানুহৰ মগজুৰ ক্ৰিয়াবিধি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি বলিষ্ঠ ভাবে ঘোষণা কৰিছে। বৰ্তমান জীৱবিজ্ঞানী সকল কম্পিউটাৰ ইঞ্জিনিয়াৰৰ সহযোগত মানুহৰ মগজুৰ জটিল নিউৰেল নেটৱৰ্কিং ব্যৱস্থাৰ এক "ডিজিটেল ভাৰ্চন" তৈয়াৰ কৰাত ব্যস্ত, যিবোৰ এটা ডিজিটেল কম্পিউটাৰত ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি থ'ব পৰা যায়। 

মানুহৰ মগজুৰ বিভিন্ন চিন্তাধাৰা, বুদ্ধিমত্তা, আবেগ, অনুভূতি আদিবোৰ এনেদৰে ডিজিটেল ডাটা হিচাবে কম্পিউটাৰ বা পেন ড্রাইভত কপি কৰি ৰখা আৰু প্রয়োজন অনুসৰি সেই ডাটাবোৰ আন কোনো মিডিয়াত ডাউনলোড কৰিব পৰা এই নতুন প্ৰযুক্তিৰ ধাৰণাটোকেই "মাইণ্ড আপলোডিং" বোলা হয়। মাইণ্ড আপলোডিঙৰ জৰিয়তে এজন মানুহৰ চিন্তাধাৰা বা বুদ্ধিমত্তাক চিৰকালৰ বাবে সংৰক্ষণ কৰাটো সম্ভৱ হৈ উঠিব। 

এই প্রযুক্তিৰ মাধ্যমত বিজ্ঞানীসকলৰ উদ্দেশ্য হ'ল কোনো এজন বিশেষ ব্যক্তিৰ বুদ্ধিমত্তা, চিন্তাধাৰা অথবা তেওঁৰ ব্যক্তিত্ব এটি পৃথক তন্ত্ৰত ক্লোন বা প্ৰতিৰূপ হিচাবে চিৰদিনৰ বাবে সংৰক্ষণ কৰা আৰু পৰবৰ্তী সময়ত কৃত্ৰিম ভাবে কোষ সৃষ্টি কৰি সেই কোষত মগজুৰ সংৰক্ষিত ডিজিটেল ভাৰ্চন প্ৰতিস্থাপন কৰি আগতে সংৰক্ষণ কৰি থোৱা ডিজিটেল ভাৰ্চনক পুনৰ নিউৰেল ভাৰ্চনলৈ সলনি কৰি সেই বিশেষ বুদ্ধিমত্তাক পুনৰ কামত লগোৱা।

এই সমস্ত বিষয়টি চাইন্স ফিকচন বা কোনো হলিউডৰ চিনেমাৰ কাহিনীৰ দৰে লাগিলেও বর্তমানে এই প্রযুক্তিক সফল কৰাৰ উদ্দেশ্যে "২০৪৫-ইনিচিয়েটিভ" নামেৰে এটি প্রজেক্ট আৰম্ভ হৈছে। বিজ্ঞানীসকলৰ মতে ২০৪৫ চনৰ ভিতৰতেই তেওঁলোকে এই প্ৰযুক্তিক সম্পূৰ্ণ কৰি তুলি মানুহৰ মন আৰু মগজুক অমৰত্ব  প্ৰদান কৰিব। অৱশ্যে সময়েহে ক'ব এই প্ৰযুক্তিয়ে আমাৰ জীৱনলৈ কেনে পৰিবৰ্তন আনিব।

No comments:

Post a Comment