Wednesday 20 June 2018

হৃদযন্ত্ৰৰ যান্ত্ৰিক নিয়ন্ত্ৰণ আৰু পেচমেকাৰ


আমাৰ হৃদযন্ত্ৰই অতি নিয়মিত ভাবে অৰ্থাৎ মিনিটত গড়ে ৭২ বাৰকৈ সংকোচন আৰু প্ৰসাৰণৰ মাধ্যমেৰে দেহত তেজৰ সঞ্চালন কৰি আছে। এটি সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে এইটো অতি প্ৰয়োজনীয়। হৃদযন্ত্ৰ সঁচাকৈয়ে এক অভিনৱ অংগ, যি আমাৰ জন্মৰ আগৰে পৰাই নিৰবচিন্ন ভাবে স্পন্দিত হৈ আছে আৰু আমাৰ মৃত্যু পৰ্যন্ত আমাৰ বাবেই কাম কৰি যাব।

সুস্থ মানুহৰ দেহত হৃদযন্ত্ৰই অতি নিয়াৰিকৈ হৃদপেশীৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে দেহত তেজৰ সৰবৰাহ কৰে। হৃদপেশীৰ এই সংকোচন-প্ৰসাৰণ নিয়ন্ত্ৰণৰ বাবে এক নিজস্ব ব্যৱস্থা আছে। এই ব্যৱস্থাটোৰ বাবে হৃদযন্ত্ৰৰ সোঁ-অলিন্দত এক বিশেষ মাংসপেশী বা প্ৰাকৃতিক পেচমেকাৰ আছে যিয়ে অতি নিয়মিত হাৰত বৈদ্যুতিক সংকেত সৃষ্টি কৰি হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰে। 

কিছুমান মানুহৰ দেহত অৱশ্যে প্ৰাকৃতিক পেচমেকাৰৰ অস্বাভাৱিকতাৰ বাবে হৃদযন্ত্ৰই স্বাভাৱিক হাৰত বৈদ্যুতিক সংকেত সৃষ্টি কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদযন্ত্ৰৰ সংকোচন-প্ৰসাৰণ নিয়ন্ত্ৰণহীন হৈ পৰে। হৃদযন্ত্ৰৰ এই অস্বাভাৱিকতাৰ বাবে তেওঁলোক গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। তেনে ৰোগীৰ দেহত ৰক্ত সঞ্চালনত বিঘিনি ঘটাৰ লগতে শ্বাস সমস্যাই দেখা দিয়ে। ৰোগীয়ে ক্লান্তি অনুভৱ কৰে আৰু বহু ক্ষেত্ৰত ৰোগী অজ্ঞান হৈও পৰে। হৃদযন্ত্ৰৰ এই জটিল ৰোগত ৰোগীৰ মৃত্যু পৰ্যন্ত হয়। 

এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসা বিজ্ঞানত এক অভিনৱ পদ্ধতি অৱলম্বন কৰা হয়। তাৰ বাবে কৃত্ৰিম ভাবে হৃদযন্ত্ৰৰ বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পৰা এক বিশেষ যতন সাজি উলিওৱা হৈছে। এই বিশেষ যতনটোৰ নামেই হ'ল পেচমেকাৰ। ৰোগীৰ হৃদযন্ত্ৰৰ অপাৰেচন কৰি প্ৰাকৃতিক পেচমেকাৰৰ ঠাইত কৃত্ৰিম ভাবে বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পৰা পেচমেকাৰ সংস্থাপন কৰি তেওঁলোকৰ হৃদযন্ত্ৰৰ স্পন্দন যান্ত্ৰিক ভাবে নিয়ন্ত্ৰণ কৰোৱা হয়। এই পেচমেকাৰবোৰে বেটাৰীৰ সহায়ত নিয়মিত হাৰত বৈদ্যুতিক সংকেত প্ৰেৰণ কৰি সমগ্ৰ বিশ্বতেই অগণন লোকৰ হৃদয়ৰ স্পন্দন নিয়ন্ত্ৰণ কৰি আছে।


No comments:

Post a Comment