কোনেনো বুজিব
প্ৰবাহমান নদীৰ বেদনা
যাক সাৱটি লৈ
বসুন্ধৰাই উচুপে নীৰবে,
টকাৰে জানো কিনিব পাৰি
জোনাকৰ ৰূপালী চুমা
অথবা একাজলি মানৱতা !
ইয়াত এতিয়া মাথোন
জুয়ে জুয়ে ঘৰ্ষণ
প্ৰেমহীন জীৱনৰ শব্দহীন বিষ্ফোৰণ
হিংসা, যুদ্ধ আৰু দগ্ধ মঙহৰ
সঘন বৰষুণ।
সময়ে কঢ়িয়াই আনে
বুকুতেই ৰোৱা গোলাপৰ
কোমল পাহিবোৰ দহি নিয়া
জুঁইৰ সপোন,
শেতেলীত মুৰ থ'লেই
দীঘল হৈ আহে
নিষ্ফল ৰাতিৰ আষ্ফালন ।
মানুহৰ মনবোৰ
মানুহৰ বিবেকবোৰ
এতিয়া নিদ্ৰামগ্ন,
ডাৱৰে আৱৰা আকাশত ওলমি থাকে
নিস্তেজ সূৰ্যোদয়ৰ সপোন
আইতাই চোতালত বহি
শুনাইহি বীতশ্ৰদ্ধ জীৱনৰ
নাতিদীৰ্ঘ সাধু,
সাধু শুনিয়েই টোপনি যাও……
চিলমিল টোপনিত
এখন নৈ বৈ আহে
বুকুত গুজি এখনি পালতৰা নাও,
দুখৰ ঢৌবোৰ নেওচি
নাৱৰীয়াই বঠা বায়……
জুমি জুমি চাও
কোন সেই অচিনাকী নাৱৰীয়া
নৈৰ হেঙুলীয়া পানীত
বঠা বায় আগুৱাই যায়,
হেৰা নাৱৰীয়া…
দুখৰ নদীৰে যে
তুমি মেলি দিলা নাও ?
এখন্তেক ৰৈ
মিচিকিয়া হাঁহিটো ওঠত গুজি
বেলিটোৰ পিনে
তেওঁ দুহাত মেলি দিলে
আৰু ক'লে : আহা
আমি একেখন নাৱৰে যাত্ৰী হও
এখন মানুহৰ দেশলৈ……
No comments:
Post a Comment