Wednesday 20 June 2018

প্ৰতিপদাৰ্থ বা এণ্টিমেটাৰ : এক সম্ভাৱনা




প্ৰতিপদাৰ্থ বা Antimatter হ'ল সাধাৰণ পদাৰ্থৰ বিপৰীতধৰ্মী কিছুমান পদাৰ্থ। এইবোৰ সাধাৰণ পদাৰ্থবোৰৰ দৰেই অনু পৰমাণুৰ দ্বাৰা গঠিত। অৰ্থাৎ গঠনৰ দিশৰ পৰা সাধাৰণ যিকোনো পদাৰ্থৰ লগত এণ্টিমেটাৰৰ তেনে কোনো পার্থক্য নাই। এই প্ৰতিপদাৰ্থবোৰৰ সাধাৰণ পদাৰ্থৰ লগত থকা মূল পাৰ্থক্যটো হ'ল এয়ে যে প্ৰতিপদাৰ্থবোৰ গঠনকাৰী অৱপাৰমাণবিক কণা সমূহৰ আধানৰ বিপৰীতধৰ্মী গুণ। পদাৰ্থৰ পৰমাণুত প্ৰটন, নিউট্ৰন আৰু ইলেকট্ৰণ থকাৰ দৰেই প্ৰতিপদাৰ্থ বা Antimatter পৰমাণুত প্ৰতিপ্ৰটন, প্ৰতিনিউট্ৰন আৰু প্ৰতিইলেকট্ৰন থাকে। পদাৰ্থৰ পৰমাণু গঠনকাৰী অৱপাৰমাণবিক কণা যেনে প্ৰটনৰ আধান ধনাত্মক, কিন্তু প্ৰতিপদাৰ্থ বা এণ্টিমেটাৰৰ প্ৰতিপ্ৰটন বা এণ্টিপ্ৰটনৰ আধান ঋণাত্মক। একেদৰে পদাৰ্থৰ ইলেকট্রনসমূহ ঋণাত্মক আধানযুক্ত হোৱাৰ বিপৰীতে প্রতিপদার্থত থকা প্রতিইলেকট্রন বা Positron বোৰ ধনাত্মক আধানযুক্ত। প্রতিপদার্থ (Antimatter) আৰু পদার্থ (Matter) যিহেতু সম্পূর্ণ বিপৰীতধর্মী কণাৰ দ্বাৰা গঠিত, সেয়ে এইবোৰ পৰস্পৰৰ সংস্পর্শত আহিলে ধ্বংসপ্ৰাপ্ত হয় আৰু তাৰ ফলস্বৰূপে বিপুল পৰিমাণৰ শক্তি নিৰ্গত হয়।

মাত্ৰ ১ গ্রাম পৰিমাণৰ প্ৰতিপদাৰ্থ যদি মাটিত পেলাই দিয়া হয়, তেন্তে মাটিত থকা সাধাৰণ পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ লগে লগেই এটা অতি ভয়ংকৰ বিস্ফোৰণ ঘটিব আৰু ইয়াৰ পৰা উৎপন্ন হোৱা শক্তিৰ পৰিমাণ পাৰমাণবিক বোমাতকৈও কেইবা হেজাৰ গুণ বেছি হ'ব। প্ৰতিপদাৰ্থ আৰু পদাৰ্থৰ সংস্পৰ্শত এনেদৰে নিৰ্গত হ'ব পৰা শক্তিক নিয়ন্ৰণ কৰিব পাৰিলে ভৱিষ্যতে মানৱজাতিৰ শক্তিৰ ভাণ্ডাৰটো যথেষ্ঠ টনকিয়াল হ'ব। ইতিমধ্যে এই বিষয়ে গুণাগঠা আৰম্ভ হৈছে। বিজ্ঞানীসকলে প্ৰতিপদাৰ্থক মহাকাশযানৰ ইন্ধন হিচাবে ব্যৱহাৰ কৰি মহাকাশযানৰ গতিবেগ পোহৰৰ বেগৰ ৫০% হাৰত বৃদ্ধি কৰাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। যদি এয়া সম্ভৱ হৈ উঠে, তেন্তে পৃথিৱীৰ পৰা দূৰ দূৰণিৰ গ্ৰহসমূহলৈ মানুহৰ যাতায়ত ব্যৱস্থা যথেষ্ঠ সুচল হৈ পৰিব।

প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও এণ্টিমেটাৰ কিন্তু দুস্প্ৰাপ্য। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বুকুত এণ্টিমেটাৰ নাই। অৱশ্যে প্রাকৃতিকভাবে পৃথিৱীৰ বায়ুমণ্ডলত কিছু এণ্টিমেটাৰ সৃষ্টি হয়। যেতিয়া পৃথিবীৰ বায়ুমণ্ডলত উচ্চ শক্তিসম্পন্ন মহাজাগতিক ৰশ্মিয়ে আঘাত কৰে, তেতিয়া অতি সামান্য পৰিমাণে এণ্টিমেটাৰ সৃষ্টি হয়। এই এণ্টিমেটাৰ ক্ষণস্থায়ী। পৃথিবীৰ বায়ুমণ্ডলৰ বিভিন্ন গেছীয় পদাৰ্থ কণাৰ সংস্পৰ্শলৈ আহি এই এণ্টিমেটাৰবোৰ ধ্বংস হয়। 

তথাপি বিজ্ঞানীসকল পিছ পৰি ৰোৱা নাই। তেওঁলোকে পৃথিৱীৰ বুকুতেই কৃত্ৰিম ভাবে এণ্টিমেটাৰ তৈয়াৰ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে। চুইজাৰলেণ্ডৰ এটি বিজ্ঞানাগাৰত "হাইড্রন কোলাইডাৰ" নামৰ এটি বিশেষ যন্ত্রৰ সহায়ত এণ্টিমেটাৰ সৃষ্টি কৰাৰ বাবে আগবাঢ়ি আহিছে বিজ্ঞানীসকল। এই হাইড্রোন কোলাইডাৰৰ সহায়ত প্রতি মিনিটত প্রায় ১০ মিলিয়ন এণ্টিপ্রটন তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। পিছে, ১০ মিলিয়ন এণ্টিপ্রটন খুবেই সামান্য পৰিমাণৰ প্ৰতিপদাৰ্থ কণা। প্ৰতি মিনিটত ১০ মিলিয়ন এণ্টিপ্রটন সৃষ্টি কৰাৰ যি লেহেমীয়া প্ৰক্ৰিয়া, সেই হাৰত ১ গ্ৰাম ভৰৰ প্ৰতিপদাৰ্থ সৃষ্টি কৰিবলৈ প্ৰয়োজন হ'ব প্ৰায় ১০ লাখ বছৰ !!!

তথাপি বিজ্ঞানীসকলে আশা এৰি দিয়া নাই। তেওঁলোক গভীৰ ভাবে মগ্ন এণ্টিমেটাৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো অধিক উন্নত আৰু খৰতকীয়া কৰাৰ বিষয়টো লৈ। হয়তো বিজ্ঞানীসকলৰ প্ৰচেষ্টাই অদূৰ ভৱিষ্যতে ইয়াৰ এক সমাধান সূত্ৰ বাহিৰ কৰিব আৰু মানৱজাতিৰ কল্যাণৰ অৰ্থে প্ৰতিপদাৰ্থবোৰ প্ৰয়োগ হ'ব।

No comments:

Post a Comment