Wednesday 20 June 2018

ৰহস্যময় ব্লেকহোললৈ ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ


ষ্টিফেন হকিং এটি কিংবদন্তীৰ নাম। তেখেতৰ বৈজ্ঞানিক অনুসন্ধানবোৰৰ ভিতৰত কৃষ্ণগহ্বৰ বা ব্লেকহোল অন্যতম। তেখেতৰ প্ৰিয়তম ব্লেকহোল আছিল পৃথিৱীৰ আটাইতকৈ নিকটবৰ্তী ব্লেকহোল "1A-0620-00" বা "V616-মনোচেৰ'টিচ"।


যোৱা ২০১৮ চনৰ শুকুৰবাৰ, ১৫ জুনৰ দিনা ইউৰোপীয় মহাকাশ সংস্থা (European Space Agency)ৰ বিজ্ঞানীসকলে ষ্টিফেন হকিঙৰ পৰিয়ালৰ সদস্য আৰু বিশ্বৰ বিভিন্ন দেশৰ বচা বচা ১০০০ জন বিশেষ ভাবে আমন্ত্ৰিত অতিথিৰ উপস্থিতিত প্ৰয়াত বিজ্ঞানী ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ স্পেইনৰ বিশালকায় ডিচ এণ্টেনাৰ জৰিয়তে পৃথিৱীৰ পৰা ৩৪৫৭ আলোকবৰ্ষ আঁতৰৰ ব্লেকহোল V616-মনোচেৰ'টিচলৈ প্ৰেৰণ কৰিছে। ডিজিটেল ডাটা হিচাবে প্ৰেৰণ কৰা কণ্ঠস্বৰটি আৰম্ভ হৈছে এনেদৰে : "মই ষ্টিফেন হকিং। বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাত ওপঙি ফুৰা ক্ষূদ্ৰকায় পৃথিৱী নামৰ গ্ৰহটোৰ এজন বাসিন্দা……

পূৰ্বতেই বাণীবদ্ধ কৰি থোৱা ষ্টিফেন হকিঙৰ মানৱতা, শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোৰৰ বাৰ্তাবাহী এটি ভাষণৰ ৬ মিনিটৰ নিৰ্বাচিত অংশটো প্ৰখ্যাত গ্ৰীক সংগীতজ্ঞ ভাঞ্জালিচৰ সুৰত বান্ধি ডিজিটেল ডাটা হিচাবে পৃথিৱীৰ পৰা ৩৪৫৭ আলোকবৰ্ষ আঁতৰৰ V616-মনোচেৰ'টিচ নামৰ ব্লেকহোলটোলৈ প্ৰেৰণ কৰা হৈছে। বিজ্ঞানীসকলৰ মতে আজিৰ পৰা ৩৪৫৭ বছৰ পিছত ষ্টিফেন হকিঙৰ এই কণ্ঠস্বৰ সেই নিৰ্দিষ্ট ব্লেকহোলটোৰ ইভেণ্ট হ'ৰাইজনত হেৰাই যাব।

বিগত মাৰ্চ মাহৰ ১৪ তাৰিখে ষ্টিফেন হকিঙৰ দেহাৱসান ঘটে। শেষকৃত সমাপন হোৱাৰ পিছত তেখেতৰ সংৰক্ষিত অস্থিভষ্ম বিগত ১৫ জুনৰ দিনা হকিঙৰ জীয়ৰী লুচি হকিঙে লণ্ডনৰ Westminster Abbeyত সমাধিস্থ কৰে। এই বিশেষ অনুস্থানৰ লগত সংগতি ৰাখি ইউৰোপীয় মহাকাশ সংস্থাই ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ ব্লেকহোললৈ প্ৰেৰণ কৰে।

1 comment:

  1. Very informative , keep writing such articles consistently

    ReplyDelete