Sunday 10 June 2018

"জিৰো গ্ৰেভিটি" আৰু ওজনহীনতা




মহাকাশত "জিৰো গ্ৰেভিটি" বা মাধ্যাকৰ্ষণহীনতা বোলা কথাষাৰ প্ৰকৃতাৰ্থত শুদ্ধ নহয়, কিয়নো "জিৰো গ্ৰেভিটি" হ'ল এনে এক স্থান, য'ত মাধ্যাকৰ্ষণ বলৰ মান শূণ্য। মহাকাশৰ বুকুত এনে এটুকুৰা স্থান বিচাৰি পোৱা কঠিন, য'ত মহাকৰ্ষণ বলে ক্ৰিয়া কৰা নাই। ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উচ্চতাত থকা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ মান তেনেই নগন্য, কিন্তু ইয়াৰ মান শূণ্য নহয়। অৰ্থাৎ জিৰো গ্ৰেভিটি দৰাচলতে "জিৰো" নহয়, বৰং "মাইক্ৰ" হে। বিজ্ঞানত তথাকথিত জিৰো গ্ৰেভিটিক "মাইক্ৰ গ্ৰেভিটি" বুলিহে আলোচনা কৰা হয়।

আমাৰ মনত আন এটা ধাৰণা আছে যে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকা সময়ত বিজ্ঞানীসকলৰ দেহৰ ওজন শূণ্য। কথাটো পিছে তেনে নহয়। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত বিজ্ঞানীসকলৰ দেহৰ ওজন প্ৰকৃততে পৃথিৱীত তেওঁলোকৰ দেহৰ ওজনৰ ৯০ শতাংশ। অৰ্থাৎ তেওঁলোকে দেহৰ ওজন থকা স্বত্তেও মহাকাশত ওজনহীনতা অনুভৱহে কৰে।

তেন্তে ওজনহীনতানো কি ? কথাটো বুজিবলৈ এটা সহজ উদাহৰণ ল'ব বিচাৰিছোঁ। ধৰি লোৱা হ'ল আপুনি গাড়ীৰে ওখ দলং এখনৰ ওপৰলৈ গৈ, পিছ মূহুৰ্ততে দলংখনৰ আনটো দিশৰ এঢলিয়া পথটোৰে তীব্ৰ বেগত গাড়ীৰে নামি আহিছে। থিক সেই সময়ত ক্ষন্তেকৰ বাবে হ'লেও আপুনি দেহত ওজন কমি যোৱাৰ এক বিশেষ ধৰণৰ অনুভূতি লাভ কৰিব। লিফ্টেৰে নামি আহোতেও থিক একে ধৰণৰ অনুভৱ হোৱা দেখা যায়। আচলতে তললৈ গতি কৰা যিকোনো বস্তুৰ ক্ষেত্ৰত কম বেচি পৰিমানে এনে অনুভৱ হয়। কিন্তু কিয় ??

ধৰি লওঁক বন্দুকৰ পৰা ভূপৃষ্ঠৰ আনুভূমিক দিশত এটা গুলী মাৰি পঠিওৱা হ'ল। এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পিছত গুলীটোৱে এটা বক্ৰ পথেৰে আহি পুনৰ পৃথিৱীৰ বুকুত পৰিবহি। যদিহে গুলীটোৰ এই বক্ৰ পথটো পৃথিৱীৰ পৰিধিৰ বক্ৰতাৰ সতে হবহু একে হয়, তেন্তে গুলীটো পৃথিৱীৰ বুকুলৈ সৰি পৰাৰ সলনি পৃথিৱীৰ চৌদিশে এক নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰিব। এই ক্ষেত্ৰত গুলীটোৰ ওপৰত পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে অহৰহ ক্ৰিয়া কৰি থকাৰ পিছতো গুলীটো মাটিত নপৰি পৃথিৱীৰ চৌদিশে ঘূৰি থাকিব। যিহেতু মাধ্যাকৰ্ষণ বলে গুলীটোৰ ওপৰত ক্ৰিয়া কৰি আছে, সেয়ে গুলীটো ওজনহীন হ'বই নোৱাৰে। অথচ গুলীটো "ওজনহীন" যেন হৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলক অৱমাননা কৰি মাটিত সৰি নপৰাকৈ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীৰ চৌদিশে ঘূৰি আছে !

থিক সেইদৰেই পৃথিৱীৰ চৌদিশে জোনবাইটো ঘূৰি আছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। মাটিৰ পৰা ৪৫০ কিমি ওপৰত থাকি ঘণ্টাত ২৮,০০০ কিমি বেগত গতি কৰি থকা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটিও ওপৰৰ উদাহৰণটোত উল্ল্যেখ কৰা বন্দুকৰ গুলীটোৰ দৰেই পৃথিৱীৰ মাধ্যাকৰ্ষণ বলক অৱমাননা কৰি পৃথিৱীৰ চৌদিশে ঘূৰি আছে। এনে অৱস্থাত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ প্ৰতিজন বিজ্ঞানীয়েই ওজনহীনতা অনুভৱ কৰিব যদিও তেওঁলোকৰ দেহৰ ওজন শূণ্য নহয়। অৰ্থাৎ মাইক্ৰ গ্ৰভিটিৰ মহাকাশত কোনো বস্তুৱেই ওজনহীন নহয়। ওজনহীনতা গতি আৰু গতিৰ দিশৰ লগত জড়িত এক অনুভৱহে মাত্ৰ !

No comments:

Post a Comment