Wednesday 20 June 2018

পৃথিৱীৰ চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন


আমি সকলোৱে জানো যে চুম্বক শলা বা কম্পাছৰ উত্তৰ মেৰুৱে পৃথিৱীৰ উত্তৰ মেৰুৰ দিশতেই অৱস্থান কৰে। কিন্তু এয়া চিৰসত্য নহয় কিয়নো অদূৰ ভৱিষ্যতে আমি থিক ইয়াৰ ওলোটা ঘটনা দেখা পাম। আচৰিত যেন লাগিলেও এয়া সত্য যে এদিন কম্পাছৰ উত্তৰ মেৰুৱে পৃথিৱীৰ উত্তৰ মেৰুৰ সলনি দক্ষিন মেৰুৰ দিশতে অৱস্থান কৰিব !! বিজ্ঞানী সকলৰ মতে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু পৃথিৱী সৃষ্টি হোৱাৰে পৰা এতিয়ালৈ ১৭০ বাৰ এনেদৰে পৃথিৱীৰ ভূ-চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন হৈছে। অৰ্থাৎ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱে এতিয়ালৈ ১৭০ বাৰ পৰস্পৰে পৰস্পৰৰ লগত স্থান সলনা সলনি কৰিছে। 

পিছে, কি যুক্তিৰ আধাৰত বিজ্ঞানী সকলে এই তথ্য আগবঢ়াইছে বাৰু ? তেওঁলোকৰ মতে আগ্নেয়গিৰিৰ লাভাত যি শিলাখণ্ড ভূগৰ্ভৰ পৰা ওলাই আহে, সেই আগ্নেয় শিলৰ মাজত যথেষ্ঠ পৰিমানে ধাতৱ অক্সাইড থাকে। এই ধাতৱ অক্সাইড সমূহ চৌম্বিক পদাৰ্থ হোৱা বাবে গলিত শিলাখণ্ডৰ মাজত থকা অৱস্থাতেই পৃথিৱীৰ ভূ-চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত বিশেষ ধৰণে বিন্যস্ত হৈ পৰে। সেয়েহে আগ্নেয় শিলৰ মাজত থকা ধাতৱ অক্সাইডবোৰৰৰ বিন্যাস তথা "কাৰ্বন ডেটিং" পদ্ধতিৰে শিলাখণ্ডৰ বয়স নিৰ্ধাৰণ কৰি লাখ লাখ বছৰ আগতে পৃথিৱীৰ ভূ-চুম্বকীয় মেৰু কোন দিশত আছিল সেইটো শুদ্ধকৈ নিৰ্ধাৰণ কৰিব পাৰি।

কিন্তু কিহৰ বাবে এনেদৰে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱে পৰস্পৰে পৰস্পৰৰ লগত স্থান সলনা সলনি কৰিছে ? এই প্ৰশ্নৰ উত্তৰত বিজ্ঞানী সকলে যুক্তি দাঙি ধৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগ ধীৰে ধীৰে শীতল হ'বলৈ ধৰিছে আৰু সেয়েহে পৃথিৱীৰ আভ্যন্তৰীণ তৰল মেগমাৰ স্তৰত বিগলিত শিলাখণ্ড সমূহৰ গতিবেগ আৰু গতিৰ দিশ উভয়ে প্ৰভাবিত হৈছে। ভূগৰ্ভৰ শিলাখণ্ড আৰু বিভিন্ন ধাতৱ অক্সাইড সমূহৰ গতিবেগ আৰু প্ৰবাহিত হোৱাৰ দিশৰ পৰিবৰ্তনৰ বাবেই পৃথিৱীৰ ভূ-চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন হৈছে।


No comments:

Post a Comment