Monday, 12 October 2026

 ফুলদানীৰ ফুল  

​চেতনাালৈ ঘূৰি চালোঁ। চেতনাই হাঁহিলে। মিঠা হাঁহি। কেইটামান দিনৰ আগতে চেতনাৰ সৈতে মোৰ পৰিচয় হৈছে। সমদলটোৰ একেবাৰে আগত চেতনা আৰু মই। কিছুদিন আগলৈ যি দুজন যুৱক-যুৱতী একেবাৰে অচিনাকী আছিলোঁ, আজি যেন সেই দুজন পৰম আত্মীয়। প্ৰথম চিনাকীতেই আমি দুয়ো দুয়োৰে বুকুৰ আগমঙহ টুকুৰা যেন হৈ পৰিছিলোঁ।  

​“জানে, যিজনে দেশক ভালপাব নোৱাৰে, তেওঁ কাকোয়েই ভাল পাব নোৱাৰে।”—চেতনাই হঠাৎ কথাষাৰ কৈ পেলালে। আচৰিত হৈ চেতনাৰ মুখলৈ চাই ৰ'লো। চেতনাজনী যে ইমান ৰঙা পৰিছে। গাল নহয় যেন, পকি থকা আপেলহে! চুলিবোৰ যেন বতাহত উৰি যাব। নাকৰ আগত বিন্দু-বিন্দু ঘামৰ টোপাল। চেতনাজনী যেন ৰৈ ৰৈ বতাহত কঁপিছে।  

​“ওঁ, আৰু ফুল ভাল নোপোৱাজন?”—চেতনাৰ কথাৰ লগত সংগতি ৰাখি প্ৰশ্নটো কৰিলোঁ।  

​“একেই কথা ফুল, দেশ অথবা কেৱল মানুহৰ মাজত আৱদ্ধ নহয় বাবেই ই কলাসম্মত।”  

​চেতনাই ফুল ভাল পায়। পাব পাৰে। সিদিনা দেখিছিলোঁ -  চেতনাই মৰহি যোৱা ফুলদানীৰ ফুলবোৰ খিৰিকিৰে পেলাই দি কেইটামান নতুন ফুল গুজি দিছিল সেই একেটা ফুলদানীত।  

​ক’লা ফুলদানী। কোনোবা শিল্পীয়ে নিখুঁত হাতেৰে গঢ়া এটি চীনামাটিৰ ফুলদানী। নিৰ্জীৱ, অথচ কিমান বাস্তৱ। নিৰ্জীৱ ফুলদানীটো চেতনাৰ হাতৰ কোমল পৰশত সজীৱ হয়। প্ৰতিদিন তাৰ বিনিময়ত দিব লাগে চেতনাহঁতৰ বাগিছাৰ গোলাপ জোপাই কেইপাহমান ফুল। ফুলৰ মোহ! মৰহি যায় পুনৰ। খিৰিকিৰ কাষত পৰি থকা মৰহা ফুলবোৰ শুকাই ক’লা পৰে। ফুলদানীটোৰ দৰে ক’লা! মাটি হৈ যায় গোলাপৰ সজীৱ পাহিবোৰ। নিতৌ নতুন ফুলৰ পাহিয়ে ফুলদানী শুৱনি কৰে। ক্ষন্তেকীয়া। সেইবাবেইতো ইমান আকৰ্ষণ!  

​“ফুল, দেশ আৰু মানুহৰ ভিতৰত কাক বেছি প্ৰাধান্য দিয়ে বাৰু আপুনি?”—চেতনাই সুধিলে।  

​“মানুহক। তাৰপিছত দেশ অথবা ফুল। মানুহ ন’হলে জানো সৌন্দৰ্য্যৰ কিবা মূল্য আছে?”  

​“কিন্তু মানুহবোৰ যে একো একোটা ৰহস্য! যেন ডাঠ কুঁৱলীয়ে আৱৰি ৰখা এখন নীৰৱ অথচ ভয়াবহ পৃথিৱী!”—প্ৰশ্নবোধক দৃষ্টিৰে চেতনাই মোলৈ চাই ক’লে।  

​“আত্মবিশ্বাস থাকিলে, পৃথিৱীত ভয়ৰ কাৰণ নাই। নিজক চিনি পোৱাটোহে প্ৰথম আৰু প্ৰধান কথা।”  

​“কিজানি মই নিজেও এটা ৰহস্য। কাৰণ আত্মবিশ্বাসত বাস্তৱভিত্তি থকা উচিত।”  

​“সাহসেৰে দৰ্শোৱা যুক্তিৰ ওপৰতহে মোৰ আস্থা বেছি। যুক্তি অবিহনে সাৰ্থকতা আহিব কেনেকৈ?”  

​“মানুহক জানো কথাৰে চিনিব পাৰি? মিঠা-মিঠা কথা ক’লেই অথবা হাঁহিৰে ভুৱন ভুলালেই মানুহ সৎ হ’ব নোৱাৰে।”  

​চেতনাৰ চকুলৈ চালো। চেতনাৰ দৰেই চঞ্চলা তাইৰ চকুহাল। এনে মিঠা চাৱনি!  

​“শুনা চেতনা, সৰু বেৰৰ জলঙাইদি যেনেদৰে সূৰ্য্যৰ পোহৰ দেখা যায়, সৰু-সৰু কথাৰ মাজেদিও মানুহ এজনৰ ব্যক্তিত্ব প্ৰকাশ পায়। তুমি নিজকে যিমানেই লুকুৱাবা, সিমানেই ধৰা পৰিবা। অৱশ্যে এইটো সঁচা যে প্ৰদৰ্শনকামিতাক মই ঘিণ কৰো।”  

​সমদলটো ৰ'ল। আমি আন্দোলনৰ সক্ৰিয় অংশীদাৰ। মানুহৰ বাবে আমাৰ আন্দোলন। আমি মানুহ। জীয়াই থকাৰ অধিকাৰ আমাৰ আছে। আমি ৰাজনৈতিক সংস্কাৰ বিচাৰি আন্দোলন কৰিছোঁ। জীয়াই থকাৰ বাবে আমি আন্দোলন কৰিছোঁ, অথচ আমি জানো যে পৃথিৱীৰ চূড়ান্ত সত্যটোৱেই হ'ল মৃত্যু। তথাপিও আমি আন্দোলন কৰো, বিপ্লৱমুখী হওঁ। আমিবোৰো সঁচাকৈ ৰহস্যময়।  

​“চেতনা, আজি চৰকাৰী মতলব বৰ ভাল নহয়। যিকোনো সময়তেই দুৰ্ঘটনা ঘটিব পাৰে।”  

​“ভয় খুৱাইছে নেকি? ইমান সহজে ভয় খোৱা ছোৱালী মই নহয়।”  

​“নহয় চেতনা, মই ভয় খুউৱাৰ কথা ভবা নাই। মোৰ মনৰ কথাটোহে কৈছো।”  

​“সঁচাকৈয়ে জানে, মৰিবলৈ মোৰ সামান্যতমো ভয় নাই।”  

​চেতনাৰ মৰিবলৈ ভয় নাই। কিন্তু কিয়?? জীয়াই থকাৰ আগ্ৰহ জানো তাইৰ নাই? অন্ততঃ কাৰোবাৰ বাবে! মই যদি জীয়াই থাকিবলৈ জোৰ কৰো! ওঁহো, জোৰ কৰাৰ অধিকাৰ মোৰ নাই, কিন্তু জীয়াই থাকিবলৈ প্ৰেৰণা যোগাব পাৰো নিশ্চয়।

​“বাৰু চেতনা, তোমাৰ জানো জীয়াই থকাৰ আগ্ৰহ নাই?”—মই সুধিলোঁ।  

​“জীয়াই থকাৰ আগ্ৰহ নিশ্চয় আছে, সেইবাবেইতো আহি সমদলত থিয় হৈছোহি।”  

​“আৰু যদি আজি মই গুলীবিদ্ধ হৈ……।”—মোৰ কথা শেষ হ’বলৈ নিদি চেতনাই মোৰ মুখত হাতেৰে সোপা মাৰি ধৰিলে। পিছ মুহূৰ্ত্ততে দেখিলোঁ কেইবাখনো মুখে আমালৈ কৌতূহলেৰে চাইছে। এক অস্বস্তিকৰ মুহূৰ্ত্ত।  

​পুলিচৰ লাউডস্পিকাৰত সেই সময়ত বাজি উঠিছিল কেইটামান বাক্য, “ৰাইজ, আপোনালোকক অতি সোনকালে এই ঠাই ত্যাগ কৰি যাবলৈ জনোৱা হৈছে। অন্যথাই গুলী চালনা কৰিবলৈ বাধ্য হ’ম।……”  

​চেতনাই মোৰ চকুলৈ চাই আছিল। ময়ো। নির্বাক চাৱনি চেতনাৰ, অথচ ইমান শব্দময়! যেন বহু কথাই পাতিলো এটি মুহূর্তৰ চাৱনিত! পুলিচে কন্দুৱা গেছ এৰিছে। চকুবোৰ জ্বলিছে। ৰুমালেৰে চকু মুখ ঢাকি আমি একেখিনি ঠাইতেই বহি ৰ'লো।

​“ৰাইজ, মাত্র পাঁচ মিনিট সময় আপোনালোকলৈ ৰখা হৈছে। শান্তিপূর্ণভাৱে আপোনালোক আঁতৰি যাওক। অন্যথা গুলী চলাবলৈ বাধ্য হ’ম।”  

​চেতনা দৌৰ মাৰি আগলৈ গ’ল। মই স্থানুৰ দৰে থিয় হৈ ৰ’লো। আৰু চেতনা…… 

​“আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ। তোমালোকে ইচ্ছা কৰিলে গুলী কৰিব পাৰা। কিন্তু এবাৰ ভাবি চোৱা, এইখন চৰকাৰ বা আন এখন চৰকাৰ ভঙা-পতা কৰিবলৈ আমি অহা নাই। আমি আহিছোঁ সংস্কাৰৰ বাবে। কিছুপৰ নিস্তব্ধতা। তাৰ পিছত চেতনাই পুনৰ কৈ গ’ল, “চলাওঁক। গুলী চলাওঁক। তাৰ বাবেইতো আপোনালোকক দৰমহা দি ৰখা হৈছে। চৰকাৰৰ নিমখ খাইছে নিশ্চয়। ক’ৰপৰা আহিছে এই নিমখবোৰ? এই আমাৰ এইবোৰ মানুহৰ দেহৰ কেঁচা ঘামৰ পৰা……। চলোৱা, গুলী চলোৱা……!”  

​চেতনাই বহু কিবা কিবি কৈ গ’ল। সমদলটোৰ বহুতেই চেতনাৰ সুৰত সুৰ মিলাই কৈ গ’ল একেখিনি কথাই। হঠাৎ যেন কমাণ্ডাৰৰ মুখৰ পৰা ওলাই আহিল বৈদিক যুগৰ ঋষিৰ অভিশাপ - “ফায়াৰ!” গুমগুমাই গ’ল চৌদিশ। মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে? কাণ দুখন হেঁচামাৰি ধৰিবলৈ গৈ শুনা পালো এটি আৰ্ত্তনাদ— “আহ্!” দৌৰি গ’লো। নাই! কণ্ঠটো যেন চেতনাৰ নহয়। হে ভগৱান!  

​নাই! চেতনা নাই!! চেতনাৰ চেতনা হেৰাই গ’ল। বুকুৰ পৰা বাগৰি আহিছে কেঁচা তেজৰ তপত ধাৰ। চেতনাৰ চেতনা অপসৃত হৈ গৈছে দৃষ্টিৰ বাহিৰত। ভুলুণ্ঠিত হৈ পৰি আছে এটি চেতনাহীন দেহ।  

​নাই, নাই। তেওঁক বচাবই লাগিব। হঠাৎ মোৰ জড়তা হেৰাল। দৌৰি গৈ চেতনাৰ শৰীৰত উবুৰি খাই পৰিলোঁ। কোনোবাই মোক পিছফালৰ পৰা সাৱটমাৰি ধৰিলে।  

​“মোক এৰি দিয়ক, এৰি দিয়ক। চেতনাক বচাবই লাগিব।” —প্ৰাণেপ্ৰণে বান্ধোনৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰিলোঁ। নোৱাৰিলোঁ। দুখন সবল হাতে মোক পাছফালৰ পৰা সজোৰে ধৰি আঁতৰাই দিছে।  

​চেতনা জানো সঁচাকৈয়ে নাই! মোৰ মাতত জানো কোনোদিনেই সঁহাৰি নিদিব! সজোৰে চিঞঁৰি দিলো, ‘চেতনা’!  

​“চেতনা নাই।”—কোনোবাই ক’লে।  

​“নাই!” নিজকে সুধিলো।  

​“নাই, জীয়াই থকাৰ সংগ্ৰামত নামি বহুদূৰলৈ আঁতৰি গৈছে।”  

​“বহু দূৰলৈ……!”—কান্দোনত যেন মোৰ শ্বাসৰুদ্ধ হৈ যাব। “আমি জানো চেতনাক ওভটাই আনিব নোৱাৰো?”  

​“ওঁহো, নোৱাৰো!”  

​চেতনা গুচি গ’ল। আমাক এৰি! মোক এৰি!! ইহ জগতৰ সীমা পাৰ হৈ, পাৰ্থিৱ জীৱনৰ পৰা বহুদূৰলৈ! এয়া যে এতিয়াও বিশ্বাস হোৱা নাই। নাই, নাই! মিছা কথা, চেতনা উভতি আহিব। কোনোবাই মোক সান্ত্বনা দিয়ে, “ইমান বিচলিত নহ’বচোন। আত্মবিশ্বাস হেৰুৱাব নাপায়।”  

​“চেতনা যে নাই!”—কোনোমতে মাতটো ওলাল।  

​“কোনে ক’লে চেতনা নাই? চেতনা আছে।”  

​“চেতনা আছে! ক’তা?”—চমকি উঠো।  

​“ওঁ, আছে। চেতনা আছে তেওঁৰ প্ৰেমত।”  

​“কিন্তু চেতনা অবিহনে যে সেই প্ৰেমৰ সাৰ্থকতা নাই!”  

​“আছে, সাৰ্থকতা আছে। সাৰ্থকতা আছে স্মৃতিত। চেতনাৰ স্মৃতিয়েই সেই প্ৰেমক মহীয়ান কৰি তুলিব।”  

​চকুহাল মই তীব্ৰ বেদনাত মুদি দিলোঁ। চেতনা আছিল। এতিয়া নাই। মানুহ কিয় নাথাকে বাৰু? চেতনাই আজি মোক আৰু নুসুধিবহিনে, “ফুল, দেশ আৰু মানুহৰ ভিতৰত আপুনি বাৰু কাক প্ৰাধান্য দিয়ে?”  

​আকাশ ৰঙেৰে খেলিমেলি। চেতনাৰ তেজেৰে আকাশ ৰঙা হৈ পৰিছে—সূৰ্য্য অস্তাচলত নিম্লান। এন্ধাৰ নামিছে খুব ধীৰে ধীৰে!  

​“চেতনা!” দুয়োহাতেৰে মুখখন ঢাকি ধৰিলোঁ। “মই যে মানুহক প্ৰাধান্য দিওঁ চেতনা! মই তোমাক চিনি পাওঁ চেতনা! মই জানো, তুমি উভটি আহিবা” চকুৰ পৰা তপত দুধাৰি চকুলো বৈ আহি বুকুৰে বৈ গ’ল। কোনোবা এজনে মোক দুবাহুত ধৰি তুলি দিলে।  

​“সুগন্ধি ফুলবোৰ তেনেই ক্ষন্তেকীয়া। সুগন্ধ বিলাই-বিলাই হঠাৎ মৰহি যায়। বিচলিত নহ’ব। তেখেতৰ আত্মাই কষ্ট পাব।”—মানুহজনৰ কথাত সান্ত্বনাৰ সুৰ।  

​মানুহজনলৈ এন্তেক চাই, চকু দুটা মুদি দিলোঁ। এন্ধাৰৰ মাজতো উজলি উঠিল এখনি মুখ। মুখখন চেতনাৰ। ফুলপাহ মৰহি গ’ল। ৰিক্ত, এটি ক’লা চীনামাটিৰ ফুলদানী। কিন্তু, সুগন্ধটোৱে গোটেই জীৱনটো আমনি কৰিব।  

​ৰচনা কাল :— ১৯৮৮

(ডিব্ৰুগড় জিলা নবীন লেখক লেখিকা আৰু শিল্পী সমিতিৰ দ্বাৰা আয়োজিত অসম ভিত্তিত চুটিগল্প প্ৰতিযোগিতাত তৃতীয় স্থান প্ৰাপ্ত)  



মনস্তাত্ত্বিক গল্প  

​মহাজাগতিক নীৰৱতা  

​মানুহজনক মই মুঠেই ভাল নেপাইছিলো। অনুভৱ হৈছিল যেন তেওঁ মানুহৰ লগৰ মানুহেই নহয়। মোৰ মনত মানুহজন এখন উষ্ণ খৰাং মৰুভূমি। বহুত ডাঙৰ-ডাঙৰ কথা কয়। মাজে মাজে ফেলেক কৰি এটা হাঁহি মাৰে। ধুৰ চাল্লা, এটা মস্ত ব’ৰ!  

​মানুহজনক পৰাপক্ষত মই এৰাই চলিব বিচাৰিছিলো। তথাপি কেতিয়াবা অকস্মাতে লগ পালে চেলাপেটি জোকটো লগাদি লাগে। এদিন তেওঁ মোক কৈছিল, “ডেকা ল’ৰা, জীৱনটোৰ বাবে ভাবিবা। তুমিচোন বৰ আমন-জিমনকৈ থাকা, কথাটো কি?”  

​: নাই নাই, তেনে কোনো কথা নাই… মানে…  

​: বুজিছো, বুজিছো ডকালৰা, নক’লেও হ’ব। এই বয়সত চিন্তা ভাৱনা আছেই। নে কি কোৱা?  

​: নহয় মানে… আপুনি ভবাৰ দৰে নহয় .. মানে…। - ধৰা পৰি গৈ কিছু লজ্জিত হ’লো।  

​: হেৰা ডেকালৰা, চিন্তা ভাৱনা নাথাকিলে জীৱনটো কিহৰ বাবেহে? ঈশ্বৰে বিচাৰ-বুদ্ধি দিছে যেতিয়া চিন্তা ভাৱনা আহিবই। বুজিছা, Samuel Bulter এ কৈছিল, ‘Life is the art of drawing sufficient conclusions from insufficient premises’  

​—কথাষাৰ ভালদৰে শুনিলোঁ। এৰা, একেবাৰে সঁচা। কিন্তু, তেখেতে কি প্ৰসংগত এইষাৰ কথা মোক ক’লে ভাবি নাপালো। সেইবাবেই মানুহজন এটা মস্ত ব’ৰ। আচলতে, মানুহে এটা বিশেষ কম্পনৰ শব্দ তৰংগহে শুনিব বিচাৰে। সেই তৰংগৰ ইফাল-সিফাল হ’লেই বক্তৃবাবোৰ শ্ৰুতিকটু হৈ পৰে।  

​: হেৰা, এই যে মানুহবোৰ জীয়াই থাকে, কিয় বাৰু জানানে? আশা, বুজিছা আশা। মানুহ আশাত বন্দী। একোটা জীৱন্ত আশা নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে। We are all running towards the goal of perfection. আশাৰ মেটমৰা বোজা কঢ়িয়াই সমগ্ৰ মানৱ জাতিয়ে সময়ৰ চিৰিয়েদি এটাপ উধাবলৈ চেষ্টা কৰে। তাৰেই অন্য নাম আশা আৰু আশাই হ’ল জীৱন।”  

​মই কিন্তু এইবোৰ শুনিবলৈ মুঠেই প্ৰস্তুত নাছিলো। আচলতে ব’ৰ হৈ যাওঁ। মোৰ দুচকুত এখন ৰঙীন পৃথিৱী। গতিকে মই লাভাৰে আবৃত ক’লা পৃথিৱীৰ বিষয়ে একো গম নাপাওঁ। আনৰ কথাই মনৰ দৃঢ়তা শিথিল কৰে। মই তেনে হ’বলৈ নিদিওঁ।  

​০০০ সময় গৈ থাকে। সময়ৰ লগে লগে সুখ-দুখৰ বহুতো সঁচা অভিনয় কৰি গৈছো। সঁচা অভিনয়বোৰে ওফৰাই দিছে মোৰ দুচকুৰ সজীৱ চাঁৱনিটো। এতিয়া চকুৰ আগত বেদনা হতাশা, আৰু প্ৰত্যাশাৰ চিত্রকল্প। ধোঁৱা চাৱনি। যি চাৱনিৰ আঁৰত লুকাই আছে বীটফেনৰ চিম্ফনীৰ চাইলেন্স!  

​পশ্চিমাকাশৰ এবেগেতমান ওপৰত বেলিটো ওলমি আছিল। এতিয়া নাই। এটা দিন অতীত হৈ গ’ল। যি অতীত এতিয়া কবৰস্থ। কবৰটো খান্দি হাড় মূৰসোপা চাবলৈ মোৰ মুঠেই মন নাযায়। কিন্তু এই যে নিঃসংগ মুহূৰ্ত্তবোৰ, সিহঁতে মোক সেই ভয়াবহতাৰ মাজলৈ টানি নিয়ে। হাজাৰ বাধা নেওচি মই যন্ত্রবৎ আগবাঢ়ো। অথচ মই কবৰস্থানক ভয় কৰো। ভয় কৰো নীৰৱতাক। নীৰৱ সুহুৰি প্ৰতিধ্বনিত হয় কবৰস্থানত।  

​একোঠালী ঘন এন্ধাৰৰ মাজত মই বুৰ গৈ আছো। এন্ধাৰৰ মাজতে হঠাৎ বীট’ফেনৰ চিম্ফনী ডিচখন ভাগি থানবান হৈ গ’ল। তাৰপিছত সীমাহীন মহাজাগতিক নীৰৱতা। নীৰৱতাৰ ভাষা অবোধ্য! মোৰ বাবে নীৰৱ শব্দবোৰ ছুপাৰচনিক হৈ পৰে। অসহ্য! নীৰৱতা আৰু সহ্য নহয়! এজন সংগীৰ প্ৰয়োজন অন্ততঃ কথা পাতিবলৈ। কিন্তু, মোৰ ওচৰলৈ কোনো নাহে। মই হেনো ব’ৰ। মানুহৰ লগৰ মানুহ নহয়।  

​বহুদিন আগতে মই বৰুৱাক ব’ৰ বুলি কৈছিলো। আৰু এতিয়া মই নিজেই ব’ৰ। অন্ততঃ হাজাৰজনে সেইবুলিয়েই কয়। কিন্তু নিজকে তেনে অনুভৱ কৰা নাই। মই ঠিকেই আছো, মাত্ৰ পৃথিৱীখন নীৰৱ হৈ পৰিছে মোৰ বাবে। পৃথিৱীখন যেন জ্বলন্ত অথচ স্থবিৰ পপীয়া তৰা এটিহে। পৃথিৱীখনেই আচলতে ব’ৰ।  

​মই মাথোন উপলব্ধি কৰিছোঁ মোক কিহবাৰ আৱৰণে ঢাকি ৰাখিছে। সেই আৱৰণৰ মাজত ময়ো নিজকে লুকুৱাই ৰাখিছো। এক নোমাডিক চেতনা! মকৰাই যেনেদৰে বোকোচাত কণীবোৰ লৈ ঘুৰি ফুৰে, ময়ো ছুপাৰচনিক শব্দৰ ক্লাইমেক্সৰ দ্বাৰা প্ৰত্যাক্ষিত হৈ মাথোন স্মৃতিৰ টোপোলা এটা কঢ়িয়াই ফুৰিছোঁ। হয়তো সেইবাবেই মই ব’ৰ। মোৰ চতুৰ্দ্দিশে এতিয়া কেৱল শূন্যতা। শূন্যতাতকৈ বাস্তৱ আন একো নাই। শূন্যতাত মই হেৰাই গৈছো, অথচ শূন্যতাতে নিজক বিচাৰিও পাইছো। প্ৰতিটো শূন্যতেই মই নিজকে বিলাই দিছো আৰু নিজকে ঘুৰাই পাইছো। এতিয়া শূন্যতাই মোৰ কেন্দ্ৰ। কিন্তু শূন্যতাত পুনৰ মহাজাগতিক নীৰৱতা। আকৌ নীৰৱ চিম্ফনী।  

​এন্ধাৰৰ মাজে-মাজে আগবাঢ়ি চুইচবোর্ডত হাতেৰে হেঁচা দিলো। স্তব্ধ ইলেকট্রনবোৰ সজোৰে চালিত হ’ল। কোঠাটো পোহৰত উজ্বলি উঠিল। তেনেতে খৰা জেঠী এটা মোৰ পিনে দৌৰি আহিল। এঠাইত থোপনি পুতি ৰৈ পিৰিক্-পাৰাক্কৈ মোলৈ চাই ৰ’ল। খঁৰা জেঠীটোৰ ছিগাঁ নেজডালৰ কথা মনত নাই। সি খাদ্য বিচাৰি ফুৰিছে। সি সুখী। অথচ মই এৰা স্মৃতিৰ আঁট বিচাৰি ফুৰিছো। কি প্ৰয়োজন জীৱনক এটা নিষ্ঠুৰ প্ৰত্যাহ্বান জনোৱাৰ?  

​টিক্ টিক্কৈ জেঠীটোৱে চিঞৰি দিলে। চিন্তাৰ ক্ৰমাগত বান্ধোনত যেন শিথিলতা আহিল। দেখা পালো দুটা নোদোকা জেঠীয়ে খঁৰা জেঠীটোক খেদি ফুৰিছে। খঁৰা জেঠীটো দৌৰি ফুৰিছে। ভাগৰি পৰিছে যেন আত্মৰক্ষাৰ চেষ্টা বৃথা! টিক্ টিক্ কৰি হয়তো দুখ বা ক্ষোভত চিঞঁৰি উঠিছে। চিঞঁৰটো ছুপাৰচনিক হৈ মোৰ কৰ্ণকুহকত প্ৰবেশ কৰে।  

​নাই, নাই! পোহৰ সহ্য নহয়। এনে পোহৰ অতি নিষ্ঠুৰ। পোহৰত নিৰাপদে থাকিব নোৱাৰি। পোহৰবোৰ যে ইমান ভয়াবহ! পোহৰে বঞ্চনা কৰে! এন্ধাৰে নকৰে, এন্ধাৰেই ভাল। চুইচটোৱে যেন মোলৈ অপেক্ষা কৰি আছে। উঠি গৈ চুইচটো অফ্ কৰি দিলোঁ! একোঠালী ঘন এন্ধাৰ হুৰমুৰকৈ সোমাই আহি কোঠাটোত সিঁচৰিত হৈ পৰিল। পোহৰে অপযশ দিয়ে। এনে পোহৰে গ্লানি আৰু অপযশ আনে। এন্ধাৰবোৰ গাঢ় হওঁক। গাঢ় এন্ধাৰত অনুভূতিবোৰ গাঢ় হ’ব।  

​শব্দৰ ছুপাৰচনিক ঘোৰাটো দৌৰি যায় অহৰহ। বতাহবোৰ স্পন্দিত হৈ উঠে। স্মৃতিৰ চাবুকডালে মোৰ ক্ষত-বিক্ষত হৃদয়ত কোবাইছে! কলিজাৰে শব্দৰ ছুপাৰচনিক ঘোৰাটো দৌৰিছে। নীৰৱ এন্ধাৰৰ মাজত মই স্পষ্টভাৱে ঘোঁৰাটোৰ কদমৰ শব্দ শুনিছো। সেইবোৰ দুলিছে, বতাহত কঁপিছে।  

​মই যান্ত্ৰিক হ’বলৈ বিচাৰিছো। টেপ ৰেকৰ্ডাৰটোত গজলৰ কেছেট এটা ভৰাই দি সকলো পাহৰি থাকিব খুজিছো। ক্ষীণ স্বৰত ৰেকৰ্ডাৰটো বাজে,  

​“জিন্দেগী এক নসে কে চিৱা কুচ নেহী

তুমকো পিনা না আয়ে তো ম্যেই ক্যা কৰু?

চিৰ্ফ একবাৰ নজৰ সে নজৰ মিলে

অউৰ কচম টুট যায়ে তো ম্যেই ক্যা কৰু?”

  

​গজলবোৰ বৰ আচৰিত। জীৱনৰ বিষয়ে ইমান পৰে ভাবি আহিছো। বৰুৱাৰ মতে আশাই হেনো জীৱন। কিন্তু গজলত কৈছে, জীৱনটো এটা বিৰাট নিচা। তাৰমানে জীৱনটো ব্ৰাউনচুগাৰ, মাৰিজুয়ানা, হিৰ’ইন, হাচিচ আদিতকৈও ভয়াবহ! নাই, নাই! আৰু গজল শুনা নহ’ব। ইয়াতকৈ নীৰৱতাই শ্ৰেয়। চলন্ত কেছেটটোক বাধা দিলো। ৰৈ গ’ল। কিন্তু মোৰ চিন্তাই নীৰৱতাৰ কোলাত উঠি পুনৰ কবৰস্থান পালেগৈ। এক অবিশ্বাস্য গতিৰে কবৰবোৰ খান্দিলে। হাড়-মূৰবোৰ হয়তো ওলাব এতিয়া। সেই হাড়-মূৰবোৰে মোক পুনৰ কিবা-কিবি ক’ব। সকলো ছুপাৰচনিক শব্দ। মই বুজি নাপাওঁ।  

​কিন্তু, আজি বুজি পাম। মোৰ হৃদয়ত সূৰ্য্যটো বুৰ গৈছে। ছুপাৰচনিক শব্দৰে ঘোঁৰাৰ কদম আজি মোৰ হৃদয়তো বাজিছে। এৰা, এৰা মই শুনিছো। হাড়-মূৰবোৰে কবৰৰ পৰা মোক কৈছে, “প্ৰেম কৰাটো ভুল। প্ৰেম হ’ল এটা ভুলৰ স্তম্ভ। তাত ক’লা আখৰেৰে লিখা আছে ভাগ্যলিপি, ক’লা স্তম্ভটো পোহৰৰ মায়াত আমি চক্চকীয়া হীৰাৰ দৰে দেখোঁ।” টিক্, টিক্, টিক্……!”—জেঠীটোৱে পুনৰ চিঞঁৰিছে। তেন্তে কি, এন্ধাৰৰ মাজতো ভয়াবহতা আছে? কিন্তু এন্ধাৰৰ গাঢ়তাও কমি আহিছে দেখোন! জোনৰ ক্ষীণ পোহৰৰ ৰেখা এটি খিৰিকীৰ কাঁচেৰে আহি বেৰত পৰিছে। পোহৰত দেখা পালো—খঁৰা জেঠীটো আছে। লগত আছে নোদোকা জেঠী দুটাও। তিনিও মিলি এটা চিকাৰ ধৰাৰ আয়োজন কৰিছে। তাৰমানে…, জেঠী দুটাই খঁৰা জেঠীটোক আক্ৰমণ কৰা নাছিল। সিহঁতে খেলিছিলহে! পোহৰো তাৰমানে ভয়াবাহ নহয়! এৰা, পোহৰে ব্যথা নানে, বঞ্চনাও নকৰে। পোহৰ সঁচাকৈয়ে অপূর্ব! এই পোহৰৰ মাজতেই লুকাই আছে জীৱনৰ সত্যতা। পোহৰেই হওঁক বা এন্ধাৰেই হওঁক জেঠী তিনিটাও অভিন্ন। সিহঁতৰ প্ৰেম অপূৰ্ব। এতিয়া আৰু জেঠীৰ টিক্টিক্নি মোৰ বাবে ছুপাৰচনিক নহয়। কি সুন্দৰ শব্দ… টিক্ টিক্ টিক্!  

​কবৰৰ হাড়-মূৰসোপা পুনৰ পুতিব লাগিব। কোনে কয়—প্ৰেম কৰাটো ভুল? কোনে কয় প্ৰেম ভুলৰ স্তম্ভ। মই প্ৰতিবাদ কৰি কম, “তুমি প্ৰেমৰ তীব্ৰ উজ্জ্বলতাত অন্ধ হৈছা বাবেই তেনেদৰে কৈছা। প্ৰেম ভুলৰ সৌধ নহয়। সেই ধাৰণাটো ভুল। যিজনে প্ৰেমৰ বিৰোধিতা কৰে, তেওঁ আচলতে জীৱনৰ বিৰোধিতা কৰে। প্ৰেম ভুল নহয়, আমাৰ পন্থাবোৰহে ভুল। কাৰণ যান্ত্ৰিক প্ৰেম স্বজ্ঞানহীন।”  

​জীৱনটো খেলৰ সঁজুলি নহয় আৰু নহয় ই ছবিসহ। মানুহৰো পৰ নহয়, যেনেদৰে সংসাৰখনো কাৰো নিজা নহয়। আমি ভুল কৰো, সংসাৰ খনকেই নিজাকৈ বিচাৰো। এই ভুলবোৰ কৰো বাবেইতো আমি মানুহ!  

​এতিয়া এন্ধাৰৰ কোনো প্ৰয়োজন নাই। লাইটটো জ্বলাম নেকি? চকীবখনৰ পৰা ঢুকি পোৱা খিৰিকিখনি খুলি দিলো। ই কি! প্ৰত্যাহ্বৰ আগমুহূৰ্ত্ত!! নিশাটো কেনেদৰে যে পাৰ হৈ গ’ল—গমকেই নাপালো। পাতল এন্ধাৰৰ মাজে মাজে পোহৰৰ ছিটকনি পৰিছে। চৰাইবোৰৰ কলৰৱত স্বচ্ছ আকাশখন পৰিগর্ভিত যেন অনুভৱ হৈছে। কিছুবেলি পিছতেই এটি মহাজাগতিক যন্ত্ৰনাহীন প্ৰসৱ হ’ব। এটি নতুন সূৰুযে জনম ল’ব। পোহৰে চতুৰ্দ্দিশ আঁকোৱালি লব। এই প্ৰেমৰ সংজ্ঞা নাই!  

​খিৰিকিৰ পৰ্দাখন দাঙি পুৱাৰ আকাশখনৰ সূৰ্য্যোদয়লৈ অপলক নেত্ৰে চাই ৰ’লো। খন্তেকতেই এন্ধাৰৰ মাজত আৱদ্ধ ছুপাৰচনিক নীৰৱতা সূৰ্য্যৰ তীব্র উজ্জ্বলতাত হেৰাই যাব। চৌদিশ উজ্বলি উঠিব। জন্ম হ’ব এটি নতুন সত্ত্বা।  

​ৰচনাকাল : এপ্ৰিল ১৯৮৯

------

ৰিক্সাৱালাৰ প্ৰেম  

​সেউজীয়া মখমলৰ দৰে ঘাঁহনীত চৰি থকা গৰুকেইটালৈ চাই আত্মবিভোল হৈ থকা ৰাতুলৰ চৌদিশে মাথোন ঘাঁহনি। দাঁতত তৃণকুটা এডোখৰ লৈ মুখৰ ভিতৰত লৰাই-চৰাই সি উদাস দৃষ্টিৰে মাথোন চৌদিশে চাইছে।  

​: ওঁহো! মই বুজা নাই ৰাতুল।  

​: সেই যে কাজলী গাইজনী দেখিছ? লগত পোৱালী এটাও। চা, ভালদৰে চা। ইহঁতবোৰেওঁ বুজি পাই সিহঁতৰ জীৱনটো। বুজিছ, শীতলপাটিৰ মৰিশালীমুখৰ নীৰৱতাই মানুহৰ জীৱনটো গভীৰ কৰে। জীৱনৰ গভীৰতাই বৈচিত্রতা আনে মানুহৰ প্রেম প্রীতিত। আকাশলৈ চা, কি বৈচিত্র্য! মেঘৰ যৌৱন!! তলৰ নীলা পানীত উন্মত্ত যৌৱনৰ নাচন। উজানৰ মাছৰ যৌৱন! বিলৰ পাৰত জাকৈয়া ছোৱালীৰ যৌৱনৰ কি প্ৰাণোচ্ছল হাঁহি! হেৰ’, যৌৱন নাই ক’ত?  

​: বলিয়া হৈছ!!  

​: বলিয়া পাইছ! মই বলিয়া নহয় বুজিছ! ভীষণ অশান্তিৰ মাজত দিন কটাইছোঁ।  

​: “থুঃ” কৰি দাঁতৰ মাজৰ পৰা তৃণকুটাডাল পেলাই দি ৰাতুলে কৈ গ’ল, “অশান্ত মানুহে নিজকেই শেষ কৰি দিব পাৰে। সিমানতেই তাৰ শান্তি। স্বাভাৱিক মাপ-কাঠিৰে জুখিবলৈ গ’লে মই একেবাৰে অনুপযুক্ত মানুহ। সুখ-শান্তি ইত্যাদিবোৰ কিজানি স্বাভাৱিক মানুহৰ বাবেহে! আমিবোৰ, মানে, তই বা মই জানো মানুহ??”  

​ক্ষীণ পাতল বতাহ এচাটি বৈ গ’ল। শৰীৰ জুৰ পৰিলে ভাগৰে জুমুৰি দি ধৰেহি। কামিজটোৰ দুটামান বুটাম খুলি দিলো। বতাহবোৰ যদি বুকুৰ ভিতৰলৈ সোমাই আহি শীতল কৰিলেহেতেন উত্তপ্ত হৃদয়খন!!  

​ৰাতুল! এটা ৰিক্সাৱালা! ৰিক্সাৱালাবোৰ ৰিক্সাৱালাই। সিহঁতটো মানুহ নহয়! একোটা যন্ত্র!! সি, মই, হীৰক…… আমিবোৰ ৰিক্সাৱালা। আমাৰ অন্তৰ নাই, নাই স্নায়ু। দুখ, বেদনা, অপমান, লাঞ্ছনা আমি একোকে নুবুজো। আমি যন্ত্রবৎ আমাৰ যান্ত্রিক জীৱনৰ পিছত ঘূৰো। প্রেম! যৌৱন!! থুই, সেয়া ভাল মানুহৰ কথা। আমি যন্ত্র। মদ খাওঁ। মাতাল হওঁ। নিজকেই পাহৰি যাওঁ! নিশাৰ এন্ধাৰত আমি পাহৰি যাওঁ যে আমাৰ একোটা জীৱন আছে। আমি মৃত। মাতাল। দিনত পুনৰ যন্ত্ৰ। এক যান্ত্ৰিকতা।  

​পে’ডেলত হেঁচা দিওঁ, চকা ঘূৰে। দিন যায়, ৰাতি আহে। নিৰঞ্জনেওঁ ৰিক্সা চলায়। চলায় ৰাজিন্দৰ, হৰকিষণে। সিহঁতো যন্ত্র। অৱশ্যে, মানৱযন্ত্ৰ! সংসাৰ আছে। আছে, মায়া-মমতাৰে ভৰা এখন ঘৰ, পত্নী, কণ-কণ ল’ৰা-ছোৱালী। পোহপাল দিবলৈ ৰিক্সাৰ পেডেলত ৰাখে ভাগৰুৱা দুভৰি। চকা ঘূৰে, ৰিক্সা চলে। দিন যায়, ৰাতি আহে।  

​: ৰাতুল! এইচব প্রেম, যৌৱন!! মোৰ আগত নক’বি। ধুৰ, প্রেম কৰিবলৈ আহিছ!  

​: প্রেম? আমি, ৰিক্সাৱালাই প্রেম……!! আবে, চৰাই এটা আছিল, উৰি গ’ল। সেই যে কাউৰীটো দেখিছ? সেয়া চা, সৌটো ওপৰত। সেই কাউৰীটোৱে এতিয়া অলপ আগতে গাই গৰুজনীৰ কান্ধত পৰি চিকৰা খাই আছিল। এতিয়া নাই। চিকৰাও নাই, কান্ধৰীও নাই। এয়াই প্রেম! হেৰ’, ৰিক্সাৱালা হৈ প্রেম কৰিবি……!

​: এতিয়া ধিক্কাৰ দিছ। দে। হেৰ’ মানি ললি যে তই এটা ৰিক্সাৱালা! ভোক লাগে ভাই হোটেলত যাবি, আৰু দেহৰ ভোক লাগে, কোঠি আছে, যাবি। ঘৰৰ দৰকাৰ কি? এইচব প্রেম-ট্ৰেম নকৰিবি, বুজিছ!  

​হৰকিষনেওঁ ৰিক্সা চলায়। তাৰ দেহত আজি চাৰি দিনৰ পৰা জ্বৰ। তথাপি ৰিক্সা চলায়। তাৰ নিজৰ দেহটোৱেই আগবাঢ়িব নোখোজে, আৰু বেলেগৰ দেহবোৰ টানি লৈ ফুৰে। সুধিলে ক’ব, “বিবি বাচ্চা আছে। নাখাই মৰিব নেকি?”  

​: আবে থৈ দে বিবি-বাচ্ছা! গুলী মাৰি দে!! বিবি হ’লেই কি তেজ খুৱাব লাগিব নেকি সিহঁতক? আবে, বিবি! বিবি!! হেৰ’, কি দিছে তোফ তাই? দেহটো?? তাতেই সন্তুষ্ট!! বিবি নহ’লেওঁতো দেহ পোৱা যায়। গুলী মাৰি দে!  

​একো নামাতি হৰকিষণ আঁতৰি যায়। নগৈ কৰিব কি? ওভটগোৰে নাচিলেহে হ’ব। আমি কিবা এটা ক’লো বুলিয়েই সি ল’ৰা-তিৰোতাক লঘোনে ৰাখিব নোৱাৰে।  

​ভাড়াৰ অপেক্ষাত থকা ৰাজিন্দৰে আমাৰ মাজতে পৰি লৈ কয়, “তুমিলোগে কথাবোৰ বৰ আচান কৰি লৈছা। ৰাতুল ভাইয়োতো একবাৰ প্রেমমে পৰিছে। লেকিন হাঁ, উনকা নচীব বেয়া। কি কৰিবা, চব ওপৰৱালাৰ ইচ্ছা।”  

​—হাৰে! ওপৰৱালাৰ ইচ্ছা!! বোলো ৰাতুলে ওপৰৱালাৰ প্রেমত পৰা নাছিল। সি ছোৱালীৰ প্রেমতহে পৰিছিল। তহঁতৰ সেই ওপৰৱালাক কেতিয়াবা মাটিলৈ নমাই আনিবিচোন। দেখুৱাই দিম চাল্লাক! ওপৰৱালাগিৰি দেখুৱাব আহিছে!  

​ৰাজিন্দৰ সহজে হাৰ মনা মানুহ নহয়। তদুপৰি যিমান বেয়াকৈ ক’লেওঁ হঠাৎ তাৰ খং নুঠে। কেতিয়াবা আকৌ অকাৰণতে টিঙিৰি তুলা হৈ পৰে। এইবোৰ ৰিক্সাৱালাৰ বৈশিষ্ট্য। ৰাজিন্দৰ আমাক বুজায়—  

​: তোমালোকৰ ৰুচিবোধ আচৰিত। ইয়াকেই অত্যাধুনিক বুলি ভুল কৰিছা। তোমালোকৰ নীতিবোধৰ সামান্যতম জ্ঞানো নাই! মাথোন ৰুচিবোধৰ ৰঙীন চশমাৰে পৃথিৱীখন চোৱা।  

​“ৰাজিন্দৰ ভাই, বেবেৰিবাং নাগাবা দেই। চাফ্-চাফ্ কোৱা।” 

​: তোমালোকে প্রেমক ইমান বেয়া দিশত লৈছা কিয়? হতাশাতেই হওঁক বা দুখতেই হওঁক, ই অন্যায়। প্রেম স্বর্গীয়। পুৰণি মঠ-মন্দিৰত জানো দেখা নাই নাৰী পুৰুষৰ যুগল চিত্র, মিথুন মূর্তি? যদি নাৰী-পুৰুষৰ স্বাভাৱিক মিলন ইমানেই হীন, ইয়াক মন্দিৰ অথবা ধর্মস্থান আদিহেন পৱিত্র ঠাইত ৰাখিছে কিয়? অৱশ্যে এইটো সঁচা যে গণিকালয়ৰ ঘানীত বন্ধা চকুৰে চালে আদিম অৱস্থাৰ তাৎপৰ্য্য বুজা অসম্ভব।  

​ধর্মমূলক অথবা আধ্যাত্মিক দিশত মোৰ মুঠেই হাত নাই। সাধাৰণ ৰিক্সাৱালা মই। ৰাতুলে মুখ পাতি ধৰে—  

​: ৰাজিন্দৰ ভাই, শিৱই কামদেৱক পুৰি ছাঁই কৰি পেলাইছিল। ইয়াত দেখোন নাৰীৰ বাবেই, অর্থাৎ শিৱৰ কামভাৱ জাগ্রত কৰি কোনোবা অপ্সৰাৰ প্রতি শিৱৰ দৃষ্টি নিয়াবলৈ যাওঁতেই ঘটনাটো ঘটে!  

​হাতৰ তলুৱাৰ পৰা চাদাধিনি আঙুলিটাৰে তুলি আনি তলৰ ওঁঠৰ ফাঁকত হেঁচামাৰি দি হাঁহি এটা মাৰিলে ৰাজিন্দৰে। তাৰ পিছত ক’লে—  

​: তুলুঙা যুক্তি। সেই একেজন শিৱই কৃষ্ণৰ মোহিনী ৰূপ দেখি কামাতুৰ হৈছিল।  

​ৰাতুল নিমাত। ৰিক্সাৱালাৰ জ্ঞানৰ দৌৰো কম নহয়। মই আচৰিত হৈ দুয়োৰো মুখলৈ চাই ৰ’ওঁ। ৰাজিন্দৰে কৈ গ’ল, “আবে, তহঁতে যে এতিয়া প্রেম বিদ্বেষী হৈ বলকিব ধৰিছ, মদটোপা খালে পিছে ইমানকৈ বিহুগীতৰ ফাঁকি গাৱ কিয়? বিহুগীতৰ ঠাৰেৰে চোন বৰকৈ কোনোবা চেনেহীহঁতৰ কথা ভাব?”  

​: মদ খালে হুচ নাথাকে অ’ ৰাজিন্দৰ ভাই!  

​: অ’ তাকে কবি। মদ খাই মাতাল হ’লেই তহঁতৰ আচল ৰূপকেইটা ওলাই পৰে। এনেয়ে তহঁতে মুখা পিন্ধি থাক। আচলতে জান, তহঁতে নিজক ফাঁকি দিছ। হৰকিষণে একো ভুল কৰা নাই। বিয়া সি কৰাইছে, কাৰণ সি তহঁতৰ দৰে মুখা পিন্ধা নহয়। জ্বৰৰ গাৰেওঁ সি ৰিক্সা চলাবই। শিক, শিকি ল। এয়াই জীৱন। মায়া বুজিছ। ময়ো বিবি বাচ্ছাৰ কাৰণেই ৰিক্সা চলাওঁ। বিবিয়ে কেৱল দেহটোৱেই নিদিয়ে। তহঁতে যিবোৰ দেহৰ সোৱাদ লৈ ফুৰ, সেয়া পাপ মহাপাপ। দেহই হ’ল আচল। ই হ’ল জীৱনৰ সিদ্ধি। নাৰী-পুৰুষৰ মিলনক হাঁহিব নাপায়।  

​কোনোবা এজন মানুহ আহি ৰাজিন্দৰৰ ৰিক্সাত উঠে। ৰাজিন্দৰ আঁতৰি যায় পে’ডেলত ভৰি দি। পেডেলৰ হেঁচাৰ তালে-তালে চকা ঘূৰে। ভাড়াৰ অপেক্ষাত ৰাতুল, মই, হীৰক্ আমিবোৰ ৰৈ যাওঁ……!  

​: উত্তৰটো নিদিলি দেখোন? ৰাতুলৰ প্ৰশ্নত উচপ খাই উঠিলো। ইমান সময়ে মই ক’ৰবাত হেৰাই আছিলো। সিদিনা ৰাজিন্দৰে কৈ যোৱা কথাবোৰ মনত পৰিছিল।  

​: কিহৰ উত্তৰ? ওলোটাই সুধিলো।  

​: এই যে, মই সুধিছিলো—আমিবোৰ, মানে তই বা মই জানো মানুহ?  

​: আকাশ, মেঘ, পানী সকলোতেই যেতিয়া তই যৌৱন দেখিবলৈ ল’লি—এইটোও মনত ৰাখ যে তই মানুহহে হ’লি।  

​: এৰা অ’! পুৰণি কথাবোৰ মনত পৰিলে বৰ দুখ লাগে। তথাপিওঁ মই সুখী, কাৰণ মিনা আজি সুখী। ধনীৰ ঘৰৰ বোৱাৰী। তাইৰ সুখেই মোৰ সুখ। কিন্তু এটা কথা বুজিছ—এই যে অকলশৰীয়া ভাৱটো—ই মোক জ্বলাই মাৰে। নিঃসংগ প্ৰতিটো মুহূৰ্ত্তই ভয়াবহ। মীনা আজি এটা বেদনাগধূৰ স্মৃতি মাথোন।  

​ক্ৰমাত এন্ধাৰ নামিছিল। পথাৰত ঘাঁহ খাই থকা গৰুবোৰে ইতিমধ্যে আঁতৰি যাবলৈ আৰম্ভ কৰিছে। এজনী গাই-গৰুৰ খুব হেম্বেলিয়াইছে। সম্ভৱ পোৱালীটো আঁতৰি গৈছে।  

​“মই বিয়া কৰাই নতুনকৈ জীয়াই থাকিম বুজিছ। জীৱনটোক মই চেলেঞ্জ হিচাপে নলওঁ। লৈ লাভ কি?” 

ৰাতুলৰ কথাষাৰত মই আচৰিত হ’লো। যেন কান দুখনেহে কিবা ভুল শুনিছে। "তই সঁচাকৈ কৈছ নেকি?" -  মই সুধিলো 

​: ওঁ সঁচাকৈয়ে!  

​আচৰিত হৈ তাৰ মুখলৈ চাই ৰ’লো মই। ৰাতুলটো দেখিছো সঁচাকৈয়ে মানুহ হৈ গ’ল।  

​“আবে ৰাতুল, মোক অকলশৰীয়া কৰিবি নেকি?”  

​“কিয় সুধিলি?” ৰাতুলৰ প্ৰশ্ন।  

​“তইতো পুৰাপুৰি মানুহ হৈ গলি ৰাতুল, মাত্ৰ দুই দিনতেই!  

​“আৰু তই?”  

​“ধুৰ! এটা যন্ত্ৰ! ৰিক্সাৱালা!!  

​এন্ধাৰৰ ফাঁকেৰে জুমি চাই ৰাতুলৰ উপস্থিতিৰ উমান পালো। কিন্তু তাৰ মুখখন দেখা নাপালো। সিও দেখা নাপালে। এন্ধাৰৰ আৱৰণ আমাৰ মুখমণ্ডলত এনেদৰে লাগি ধৰিছে যে মুহূৰ্ততে দুয়ো দুয়োৰে অচিনাকী হৈ পৰিলো।  

​ৰচনা কাল :— জুন,  ১৯৮৯


(নৱৰংগৰ সৌজন্যত অসম ভিত্তিত গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা প্ৰাপ্ত)  

----

বৃত্তিৰ টকাৰে  

​“ৰূপহী!”

সৰুকৈ মাতিলে ভূধৰে। ৰূপহী সাৰেই আছিল।

“ওঁ!” ৰূপহীৰ সঁহাৰি।

“কিনো ভাবি থাক অ’! টোপনি যা, মই কিবা এটা কৰিম দে।”

“মইনো ক’ত কিবাখন ভাবি আছো? আপুনিহে দিনে-দিনে শুকাই যাব ধৰিছে। কিমান যে ক’লো বৰকৈ চিন্তা নকৰিব। ক’তা, আমাৰ কথা শুনিলেহে।”

“নাই অ’, ময়ো তেনেদৰে একো চিন্তা কৰা নাই! তথাপিও মাজে-সময়ে…………। বাৰু, বাদ দে এইবোৰ! শো। মোৰো বৰ ভাগৰ লাগিছে!”  

​‘ফুঁ’ মাৰি ভূধৰে চাকিটো নুমুৱাই দিলে। ৰূপহীয়ে সিকাটি হৈ বাগৰ দিলে। উৰুখা চালেদি চতুৰ্থীৰ জোনটো দেখা যায়! ভূধৰে টোপনিয়াবলৈ চেষ্টা কৰিলে। বেচেৰাই আজি কেইবাদিনো টোপনি যাব পৰা নাই। চকুহাল মুদিলেই জীৱন্ত সমস্যাবোৰে মূৰ দাঙি উঠে।  

​আঙুলিৰ মূৰত লেখি ভূধৰে পালে, আজি চ'তৰ বাইশ দিন। বিহুলৈনো কেইদিন ৰ'লগৈ! বিহু বুলি ৰূপহীয়ে গামোচা আৰু চাদৰ কেইখনমান লগাম বুলি ভাবিছিল। বেচেৰীৰ চাদৰ নায়েই। গাত লৈ থকাখনেই, তাকো কেইবাঠাইতো ফটা। পুতুকন আৰু নীলিকো কাপোৰ এডোখৰ দিব লাগিছিল। চালৰ খেৰবোৰ ইতিমধ্যে পচিল। তেজবেলিয়েই সলাব লাগিছিল।  

​ইপিনে বিহুৰ পিছৰ পৰা বৰষুণো আৰম্ভ হ’ব। তাতে আকৌ হালৰ গৰু এটাও চৰকাত মৰিল। হে ভগৱান! তুমিনো ইয়াকেহে লিখিছিলা মোৰ কপালত? যি চাৰি বিঘা মাটি আছিল, তাকো পানীয়ে পায়। সি বাৰু যিমানেই যিয়েই নহওঁক, এইবাৰ তাৰো মুদা মাৰিছে গোলোক মৌজাদাৰে।  

​পইচাৰ টানত পৰি দুবছৰৰ আগতে ভূধৰে ৰূপ এশ মৌজাদাৰৰ পৰা ধাৰে লৈছিল। মৌজাদাৰে কৈছিল, “ভূধৰ, তই মাটি চাৰি বিঘাৰ খাজানাটোকেই সময়মতে দিব নোৱাৰ। তেনেস্থলত মোৰ ধাৰনো মাৰিবি কেনেকৈ? অৱশ্যে, তোক এটা চৰ্ত্তত মই টকা দিব পাৰো।”  

​“দেউতা, আপুনি দয়া নকৰিলে এই অধমক চাওঁতা কোনো নাই। পুটু আৰু নীলি খাবলৈ নাপাই মৰিব। আমি মাক-বাপেকহালৰ কথা নকলোৱেই বা !” — ভূধৰে খাটনি ধৰিছিল!  

​: শুন ভূধৰ, তই দুবছৰৰ ভিতৰত মোৰ ধাৰ মাৰিব লাগিব। সূত বাৰু নালাগে। কিন্তু দুবছৰৰ পিছতো যদি ধাৰ মাৰিব নোৱাৰ, মোক নুদুষিবি— মাটিখিনি মোৰ জিম্মাত আহিব। ধাৰ মাৰিব পাৰিলেই মাটি এৰি দিম।  

​: তেনেকৈ নক’ব দেউতা ঈশ্বৰ! মই জীয়াই-জীয়াই মৰি যাম।

​: শুন, মাটিত খেতি তয়েই কৰিবি, তাৰবাবে শস্যৰ একাংশ তোক দিয়া হ’ব। বুজিলিতো? এতিয়া তই যদি ইচ্ছা কৰ ৰূপ শ নিব পাৰ। পিছে, ৰূপ শ নো কৰ কি?  

​: দেউতা, নীলিৰ মাকৰ বেমাৰ। পেটটো এটা আছে। মোৰ যে চিন্তাই লাগিছে। পুটুৱেওঁ “এল, পি,” পাছ কৰি হাইস্কুলত পঢ়িব খুজিছে। সেইবাবেই অলপ টকাৰ দৰকাৰ হৈছে!  

​: ওঁ। তেন্তে তোক ৰূপ শ লাগে। পিছে চৰ্ত্তটো মনত আছে নহয়।  

​: হয়! দেউতা ঈশ্বৰ।  

​: তেন্তে এইখিনিতে চহী এটা কৰ। পঢ়ি চা, তইতো পঢ়িব পাৰ।  

​: হওঁতে কথাটো মিছা নহয়। তাহানিতেই একশ্ৰেণী পঢ়িছিলোঁ।  

​চহী দি ৰূপ শ ল’লে। আনন্দ মনেৰে সি যাবলৈ ওলাওঁতেই মৌজাদাৰে মাত লগালে, “ভূধৰ, শুনচোন। তোৰ ছোৱালীজনী কিমান ডাঙৰ হ’ল অ’?”  

​: এই আহাৰত তেৰ বছৰ হ’ব। পুটুতকৈ এবছৰে ডাঙৰ।  

​: এটা কাম কৰিবিচোন, নীলিক আমাৰ ঘৰতে থৈ যাবি। কাম-বনো দুই-এখন কৰিব, ভাত সাজো খাব। নে কি ক’ৰ?  

​: এই বিষয়ে নীলিৰ মাকক সুধিহে কিবা এটা ক’ব পাৰিম।  

​: থ, থ, ভূধৰ; তিৰোতা সেৰুৱা হলি কেতিয়াৰে পৰা? হেৰৌ, এইকণ কথাওঁ যদি ঘৈণীয়েৰক সুধিব লাগে, তই মতাটো হ’লিনো কিয়?  

​সিদিনা ভূধৰে কথাটো ৰূপহীক সুধিছিল। ৰূপহীয়ে নামানে। হ’ল বুলিনো বুকুৰ এফাল হেন পেটৰ পোৱালীক লোকৰ ঘৰত গেবাৰি খাটি মৰিবলৈ কোন মাকে দিব? ভূধৰে ৰূপহীক বুজালে যে নীলিক থ’লে হয়তো মৌজাদাৰৰ ধাৰৰ পৰাওঁ কিছু ৰেহাই পোৱা যাব। কিন্তু ৰূপহী অবিচলিত।

বুকুৰ মাজলৈ নীলিক টানি আনি ৰূপহীয়ে কৈছিল, “নাই, মই নিদিওঁ। নিদিওঁ বুলিছো নিদিওঁ।” —কান্দি কান্দি ৰূপহীয়ে নীলিৰ মূৰত হাত বুলাই দিছিল।  

​: নহয় অ’ ৰূপহী, কথাটো আকৌ এবাৰ ভাবি চাচোন।  

​: মই ভাবি চালো। নিদিওঁ বুলিছো নহয়। কোনে দিলে আপোনাৰ মনত এই বুদ্ধি? লাজ নালাগিল নে আপোনাৰ?  

​ৰূপহীৰ মুখত ইমান ডাঙৰ কথা ভূধৰে কেতিয়াওঁ শুনা নাছিল। তাৰ খঙটো টিঙিচ কৰি উঠিল। চালত খুচি থোৱা ছালোৱা এচাবিডাল লৈ সিদিনা ৰূপহীক ভালকৈ দুকোবমান দি খঙৰ ভমকত বাহিৰলৈ ওলাই গৈছিল। মনৰ দুখত ৰূপহীয়েওঁ সিদিনা খুব কান্দিছিল।  

​ৰূপহীয়ে বাগৰ সলালে। ভূধৰ বাস্তৱলৈ ঘূৰি আহিল। এন্ধাৰতে সি উমান ললে—ৰূপহীয়ে এইবাৰ তাৰপিনে মুখ কৰি শুইছে। ৰূপহীলৈ তাৰ খুব মৰম লাগিল। আকাশৰ জোনটোৱে চালৰ ফুটাৰে চাই নথকা হলে হয়তো সি ৰূপহীৰ গালত চুমাকে এটা খালেহেতেন! ৰূপহীৰ দেহৰ পৰা এটা গৰম আমেজ আহি তাৰ দেহত মিলি গ’ল। ভূধৰে তাৰ দেহটো ৰূপহীৰ কাষলৈ ঠেলি নিলে। দুয়ো প্ৰায় গাত গা লগাই শুলে। চ’ত মাহতো কিছু শীত থাকে।  

​এইজনী ৰূপহীকেই এদিন সি কোবাইছিল। মনটো বেয়া লাগি গ’ল তাৰ। সি তাৰ হাতৰ আঙুলিকইটা ৰূপহীৰ চুলিৰ ফাঁকে ফাঁকে এৰি দিলে।  

​“ওঁ”—ৰূপহীৰ সঁহাৰি। “শুই থাক”। —ভূধৰে মাত লগালে।

“টোপনি অহা নাই আপোনাৰ?”

“আহিছে, কেলেই নাহিব!”

“আওঁ! তেন্তে মই টোপনি অহা মানুহৰ সতেহে কথা পাতি আছো!”

“নহয় অ’ ৰূপহী। সিদিনা যে তোক মাৰিছিলো, তাকে মনত পৰি বেয়া লাগিছে।”

“এ; গ’ল কথা গুছিল। শুই থাকক এতিয়া।”

“এৰা অ’!”

“এটা কথা নহয়।”

“হুঁ; কি কথানো?”—ভূধৰে সোধে।

“আমাৰ পুটুৱে হেনো “স্কলাৰশ্বিপ” পাব।”

“স্কলাৰশ্বিপ? তাৰমানে কি?”

“ময়ো বুজা নাছিলো। সিহে কৈছে কিবা টকা পাব হেনো স্কুলত।”  

​“টকা পাব? কিমান টকা? তই সোধা নাছিলি কিয় পুটুক?”

“দুশ মান টকা পাব হেনো। পুটুৱে কওঁতে মই ভালকৈ মন কৰা নাছিলো।”

“দুশ টকা!”—হঠাৎ গাটো জিকাৰ খাই উঠিল ভূধৰৰ। কিন্তু, সেইট কাৰে কি হ’ব? বাকী টকা ক’ত পোৱা যাব? সি ভাবিছিল, পুটুৰ পঢ়া বন্ধ কৰি খেতিৰ কামত লগাব। এতিয়া “স্কুলাৰশ্বিপ” পোৱা ল’ৰাটোক পঢ়াৰ পৰা এৰুৱাই কেনেকৈ মাটিৰ কামত লগাব? সেইবুলি মাটিখিনি এৰি দিবনে? নাই, কোনোমতে মাটি এৰিব নোৱাৰি। মাটিখিনিয়েই জীৱন।  

​“হেৰি নহয়, পুটুৰ বৃত্তিৰ টকাখিনিৰে মাটিখিনি এৰুৱাব নোৱাৰিনে?” ৰূপহীয়ে ক’লে।

“বাকীখিনি টকা ক’ত পাম?”

“কিয়, কাপোৰ-কানি বৈ কিবা এটা কৰিম।”

“ইস্, তই আকৌ কাপোৰ বই ধন গোটাবি!"-  ভূধৰে যেন খঙেৰেই ক’লে।  

​ৰূপহী নিমাত। খন্তেক নিস্তব্ধ হৈ থাকিল কোঠাটো।

নীৰৱতাৰ মাজত ভূধৰে ভাবিবলৈ ধৰিলে - পুটুৱে যে এতিয়া ‘স্কুলাৰ’ নে কি পাইছে, ইয়াৰ পৰা জানো কিবা হ’ব? পুটুৰ মনটো বৰ ডাঙৰ। কিতাপ-পত্ৰ কিনিব লাগিব। গতিকে পুটুৰ পঢ়াৰ বাবেহে সেই টকাখিনি খৰচ হ’ব লাগিব। তাত হাত দিয়া উচিত নহ’ব।  

​: হেৰি নহয়, শুনিছে। মই এটা কথা ভাবিছোঁ। পুটুৰ টকাখিনিৰে মাটিখিনিৰ কিবা এটা ব্যৱস্থা কৰিব নোৱাৰিনে?

: তোৰ টোপনি অহাই নাই হ’বলা। কথাটো ময়ো নভবা নহয়। পিছে, পুটুৱে বেয়া পায় বা!  

​: আপোনাৰো যে কথা! নিজৰ ঘৰখনৰ কিবা এটা কামত সি টকা কেইটা নিদিসনে? সৰু মইনালে কাপোৰ এতিয়া নালাগে। তাৰ কিতাপ-কাগজৰ কিবা এটা ব্যৱস্থা কৰি দিব। বাকী চল্লিশ টকা মই গোটাম! ৰিনু আইদেউহঁতৰ ঘৰৰ তাঁতখনত বাৰখন চাদৰ আছে। মোক বৈ দিবলৈ কৈছে। চাৰিখন চাদৰ দিব হেনো। চাদৰ নাৰাখি টকা ৰাখিলে কমেওঁ পঁচিশ-ত্ৰিশ টকা পাম। বাকীখিনিৰ কিবা এটা ব্যৱস্থা কৰিম।  

​: নালাগে ৰূপহী, তই চাদৰকেই লবি। তোৰ চাদৰো নাই। ময়েই চল্লিশ টকা কিবা উপায়েৰে আনিম। পিছে, হাজিৰা কামো পাবলৈ নোহোৱা হ’ল অ’! ক’ৰবাত কাম কৰিলেওঁ পইচা দিব নোখোজে। কয়, ‘ভূধৰ, অমুকটোৰ বাবে মোৰ ইমান পাওনা আছিল নহয়।’ পিছে ৰূপহী এইবাৰ তই চিন্তা নকৰিবি! মই টকা আনিমেই। অহা বছৰলৈ কজলাৰ লগৰটো আনি হালখনো নিজা কৰিব লাগিব। জান ৰূপহী, এই বছৰ বহুত কাম কৰিম! চালৰ খেৰবোৰ সলাম, মাটি খিনি নিজৰ হাতলৈ আনিম, পুটুৰ কিতাপ-কাগজ যোগাৰ কৰিম আৰু………… এইবেলি বিহুত জান ৰূপহী, মই ঢোল বজাম আৰু তই নাচিবি সৌ তাহানিৰ দৰে……! তই নাচিলে ইমান যে ভাল লাগিছিল…।  

​: এ থওঁক! গৰজ পৰিছে নাচিবলৈ। তিনিটাৰ মাক হ’লো আহি, এতিয়াওঁ নাচিবৰ দিন আছে!  

​ভূধৰে একো নেমাতিলে! সি চিন্তা কৰিলে পুটুক বাৰু টকা খিনি কেনেদৰে খুজিব! মৌজাদাৰ বা ঠিকেন মহাজনক টকা ধাৰলৈ খোজোতে সৰু হোৱাদি সৰু হ’ব লাগিব নেকি? নাই, নালাগে! মাটিৰ কথা ক’লে সি নিজেই দিব। পুটু এতিয়া জনা-বুজা ল’ৰা।  

​: হেৰি নহয় ৰূপহী, আমাৰ পুটুৰ টকাখিনি কেতিয়ালৈ পাবনো?

: দেৰি আছে। দুই-তিনি মাহ পাছতহে পাব কিজানি। 

দুই-তিনিমাহ ! মানে চ’ত-ব’হাগ-জেঠ (আঙুলিৰ মূৰত হিচাব কৰি) আহাৰ মানত পাব। তেতিয়ালৈ কঠীয়াতলীত হাল পেলাব লাগিব। ঠিক সময়তেই পোৱা যাব। পুটুক কথাটো আগতীয়াকৈ কৈহে থ’ব লাগিব।  

​বাহিৰত চৰায়ে মাতিছিল। সি ৰূপহীক মাতিলে। সাৰ-সুৰ নাই। টোপনি আহিল চাগে। কিমান দিন যে সিহঁতৰ টোপনি অহা নাই। সি লাহেকৈ বিছনাৰ পৰা নামি আহি দুৱাৰখন খুলি দিলে। বাহিৰত ফেঁহুজালি পোহৰ। গোহালীত কজলাই অকলে ঘাঁহ পাগুলি আছে। নাঙলখনো গোহালীৰ বেৰতেই ওলমি আছে। সি সন্মুখৰ পদুলিলৈ চালে! ক্ষীণ পোহৰৰ মাজে-মাজে এহালি শালিকাই উমলি আছে। সি পুখুৰীৰ পাৰলৈ বুলি এখোজ-দুখোজকৈ আগবাঢ়ি গ’ল। মুখ-হাত ধুই ল’লে হয়তো জ্বলি থকা চকুহালৰ লগত মনটোওঁ কিছু শান্ত পৰিব।  

​ৰচনাকাল : আগষ্ট '৮৮

(গোলাঘাটৰ আন্তৰ্জাতিক ৰেডিঅ' মস্কো শ্ৰোতা সংঘৰ গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত)  


No comments:

Post a Comment