Wednesday, 7 June 2023

মহাকৰ্ষণীয় তৰংগৰ বেগ


প্ৰায় ১৩০ নিযুত বছৰ আগতে মহাবিশ্বৰ কোনোবা এক স্থানত অৱস্থিত এখন তাৰকাৰাজ্যৰ দুটা তৰাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈছিল। সংঘৰ্ষটো ইমানেই ভয়ানক আছিল যে ই মহাকৰ্ষণীয় তৰংগৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। সেই সময়ত, নক্ষত্ৰ দুটাৰ বিস্ফোৰণত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰে বিশ্বব্ৰহ্মাণ্ডজুৰি একেলগেই ভ্ৰমণ কৰিছিল। 

বিগত ২০২২ চনৰ ১৭ আগষ্টৰ ৰাতিপুৱা ৬:৪১ বজাত মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰ একেলগে আহি পৃথিৱীত উপস্থিত হৈছিল। এই পৰিঘটনাটোক "মাল্টিমেচেঞ্জাৰ জ্যোতিৰ্বিজ্ঞান"ৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলে যেন এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল। 

আমি সকলোৱে জানো যে পোহৰে গতিৰ এক সীমা মানি চলে। এই গতিৰ সীমা প্ৰতি ছেকেণ্ডত প্ৰায় তিনি লাখ কিলোমিটাৰ। ব্ৰহ্মাণ্ডত একোৱেই আজীৱন একে গতিত ভ্ৰমণ কৰিব নোৱাৰে। কিন্তু আমোদজনক ভাৱে, মাধ্যাকৰ্ষণে কিন্তু একে গতিতেই ভ্ৰমণ কৰি থাকিব পাৰে। এসময়ত নিউটনে ভাবিছিল যে সময় সদায় একে গতিতেই আগবাঢ়ে। কিন্তু পিছলৈ আইনষ্টাইনে দেখুৱাইছিল যে সময় আপেক্ষিক। যিকোনো তথ্যৰ গতি সীমিত। তেহেলৈ ই পোহৰ কঢ়িয়াই অনা ফ'টনেই হওঁক বা মহাকৰ্ষণ। 

উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানী জুলিয়ান ক্ৰেইটনে কৈছে যে মহাকৰ্ষণীয় তৰংগৰ গতি বিদ্যুতচুম্বকীয় তৰংগৰ গতিৰ সমান কিয়নো এই দুয়োটাই তথ্যৰ গতিত ভ্ৰমণ কৰিব পাৰে। কিন্তু মাধ্যাকৰ্ষণে কিয় পোহৰৰ লগত একে গতিত ভ্ৰমণ কৰে?

ক্ৰেইটনে বৰ্ণনা কৰিছিল যে বৈদ্যুতিক চুম্বক ক্ষেত্ৰ এখনত যেতিয়া ইলেকট্ৰণ এটা জোকাৰ খায়, তেতিয়া ই বৈদ্যুতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন সৃষ্টি কৰে আৰু এই পৰিবৰ্তনৰ তথ্য পোহৰৰ বেগত বিয়পি পৰে। মাধ্যাকৰ্ষণেও থিক একেধৰণেই কাম কৰে। ইলেকট্ৰণৰ সলনি যদিহে ভৰযুক্ত কণা এটাক মহাকৰ্ষণীয় ক্ষেত্ৰ এখনত জোকাৰি দিয়া হয়, তেন্তে ই মহাকৰ্ষণীয় ক্ষেত্ৰখনৰ এক তাৎক্ষণিক পৰিৱৰ্তন আনিব। ফলস্বৰূপে সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগবোৰো বৈদ্যুতিক ক্ষেত্ৰখনৰ ফোটন কণিকাবোৰৰ বেগতেই গতি কৰিব।

Saturday, 22 April 2023

স্পেছএক্সৰ এটি অসফল উৰণ


পৃথিৱীৰ সৰ্ববৃহৎ ৰকেট পৰিবহনকাৰী স্পেচএক্স ৰকেট এটা মাজ আকাশতেই বিষ্ফোৰিত হৈ ধ্বংসস্তুপত পৰিণত হ'ল। টেক্সাছৰ ষ্টাৰবেছৰ পৰা উৎক্ষেপণৰ অলপ পিছতেই মানৱবিহীন স্পেছএক্সৰ ৰকেটটো বিস্ফোৰণত ধ্বংস হৈ পৰিল। এইটো স্পেছএক্সৰ সৰ্ববৃহৎ ৰকেট প্ৰণালীৰ প্ৰথম পৰীক্ষামূলক উৎক্ষেপণ আছিল। স্পেছএক্সৰ ষ্টাৰশ্বিপ হৈছে এক সম্পূৰ্ণ পুনঃব্যৱহাৰযোগ্য পৰিবহন প্ৰণালী। ইয়াৰ জৰিয়তে মহাকাশচাৰী আৰু কাৰ্গো, দুয়োকে পৃথিৱীৰ কক্ষপথ, জোনবাই আৰু আনকি মঙ্গলগ্ৰহলৈও পৰিবহন কৰিব পাৰি। সাম্প্ৰতিক সময়ত স্পেছএক্স পৃথিৱীৰ আটাইতকৈ শক্তিশালী উৎক্ষেপণযান।

বিগত বৃহস্পতিবাৰে বিজ্ঞানীসকলৰ লক্ষ্য আছিল দক্ষিণ টেক্সাছৰ এটা লঞ্চপেডৰ পৰা পৃথিৱীৰ কক্ষপথত স্পেছএক্সক স্থাপন কৰা। কিন্তু "লিফ্ট-অফ"ৰ কেইমিনিটমান পিছতেই উৎক্ষেপন যানখনৰ ইঞ্জিনৰ কিছু অংশই অস্বাভাৱিক আচৰণ কৰে আৰু ৰকেটটোৱে আকাশৰ বুকুত নিয়ন্ত্ৰণহীন ভাৱে ঘূৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই ৰকেটটো মাজ আকাশত বিষ্ফোৰিত হয়। 

স্পেছএক্সৰ স্বত্তাধিকাৰী ইলন মাস্কৰ চূড়ান্ত লক্ষ্য হৈছে মঙ্গল গ্ৰহলৈ মানুহৰ অভিযান। আৰু সেই লক্ষ্যৰ এটা অংশ হ'ল এনে এখন মহাকাশযান নিৰ্মাণ কৰা যিখনে অনায়াসে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰ লগতে এখন পুনৰ ব্যৱহাৰযোগ্য মহাকাশযান হ'ব। তেনে ধৰণেই স্পেচএক্সৰ চুপাৰ হেভি বুষ্টাৰ আৰু ইয়াৰ ওপৰৰ অংশৰ ষ্টাৰশ্বিপ - এই দুয়োটা অংশই পুনৰ ব্যৱহাৰযোগ্য হিচাপে গঢ়ি তোলা হৈছে। মহাকাশ পৰিভ্ৰমণৰ অন্তত "চফ্ট লেণ্ডিং" বা ধীৰ অৱতৰণৰ জৰিয়তে ই সহজেই পৃথিৱীলৈ উভতি আহিবলৈও সক্ষম। 

বিজ্ঞানীসকলৰ পৰিকল্পনা অনুসৰি পৰীক্ষাৰ সময়চোৱাত স্পেছএক্সৰ ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত স্থাপন হোৱাৰ পিছতেই পৃথিৱীৰ চৌদিশে প্ৰদক্ষিণ কৰি নিৰ্ধাৰিত ভাবেই পিছত প্ৰশান্ত মহাসাগৰৰ বুকুত সফলভাবে অৱতৰণ কৰিব। কিন্তু, ৰকেটটো মেক্সিকো উপসাগৰৰ ওপৰৰ আকাশতেই বিস্ফোৰিত হৈ চৌদিশে সিঁচৰিত হৈ পৰিল। বিজ্ঞানী সকলৰ মতে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰকেটটো স্বয়ংক্ৰিয়ভাৱে মাজ আকাশত বিস্ফোৰিত হৈছিল।

ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপণৰ ব্যৰ্থতাই সামান্য বিচলিত কৰিলেও ইলন মাস্কে টুইটযোগে স্পেচএক্সৰ বিজ্ঞানীসকলক অভিনন্দন জনাই লিখিছিল, "কেইমাহমানৰ ভিতৰতেই পৰৱৰ্তী পৰীক্ষামূলক উৎক্ষেপণ কৰা হ'ব। আজিৰ পৰীক্ষামূলক উৎক্ষেপণৰ পৰা বহুত শিকিবলৈ আছে। ইয়াকে মূলধন হিচাপে লৈ আমি আকৌ যাম মহাকাশলৈ……"

Wednesday, 29 March 2023

দৃষ্টি ভ্ৰম বা 𝐎𝐩𝐭𝐢𝐜𝐚𝐥 𝐈𝐥𝐥𝐮𝐬𝐢𝐨𝐧


ইংৰাজীত এফাকি কথা আছে - "Seeing is believing"! প্ৰকৃততে, আমি যি দেখো আৰু আমি যি দেখা বুলি বিশ্বাস কৰো, সেয়া সম্পূৰ্ণ দুটা বেলেগ বিষয়। আমাৰ ইন্দ্ৰিয়বোৰে বহিঃজগতৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰে আৰু এইবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু আমাৰ মগজুৱে কেৱল এই তথ্য সমূহেই লাভ নকৰে। বৰং মগজুৱে বহিঃজগতৰ বিভিন্ন বস্তুসমূহৰ বিষয়ে আমাৰ মনত একোটা ধাৰণাৰো সৃষ্টি কৰে। অৰ্থাৎ মগজুৱে যদি কোনো বস্তু বা বিষয় সম্বন্ধে অসম্পূৰ্ণ তথ্য লাভ কৰে, তেন্তে আমাৰ মগজুত সৃষ্টি হোৱা অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰিবলৈ মগজুৱে তৎক্ষণাত এখন চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত সেই বিষয়টো সম্বন্ধে এটি অপ্ৰকৃত ধাৰণাৰ সৃষ্টি কৰে! এই অপ্ৰকৃত ধাৰণাটোৱেই আমাৰ বাবে এটা Optical Illusion বা "দৃষ্টি ভ্ৰম"।

কিন্তু এনে কিয় হয়? বিজ্ঞানীসকলৰ মতে এয়া বিৱৰ্তনৰ বাবেই সম্ভৱ হৈছে! আমাৰ অতি জটিল জীৱন প্ৰক্ৰিয়া সমূহ সুচাৰু ৰূপে পৰিচালিত হ'বলৈ আমাৰ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া সমূহ শৰীৰৰ ভিতৰত অতি দ্ৰুত প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। তাৰ বাবে মগজুৰ বিকাশ অপৰিহাৰ্য। বিৱৰ্তনৰ ফলত বিকাশ লাভ কৰা মানুহৰ মগজুৱে তথ্য হিচাবে লাভ কৰা টুকুৰা টুকুৰ স্নায়ৱিক সংকেতবোৰ একেলগ কৰি দ্ৰুততাৰে কাম কৰিবলৈ বিকশিত হৈছে। তেনে সময়ত যদিহে মগজুত পৰ্যাপ্ত তথ্যৰ যোগান ধৰা নহয়, মগজুৱে সম্পূৰ্ণ নিজৰ চিন্তা শক্তিৰে এই অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰে আৰু তৎক্ষণাত তথ্যবোৰ লগ লগাই এখন মনোগ্ৰাহী চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত এটা অপ্ৰকৃত ধাৰণা আঁকি দি কৰি দৃষ্টি ভ্ৰম সৃষ্টি কৰে। সেয়েহে বিজ্ঞানীসকলে ক'ব খোজে যে "Seeing is believing" কথাটো আংশিক সত্যহে।

পোষ্টটোৰ লগত সংলগ্ন ছৱিখনো এটা দৃষ্টি ভ্ৰম। ইয়াত আপুনি যি অনুভৱ কৰি আছে সেয়া হৈছে ভ্ৰান্ত গতি; এক দৃষ্টি ভ্ৰম, য'ত স্থিৰ প্ৰতিচ্ছবি এখন লৰচৰ কৰি থকা যেন দেখা যায়। ইয়াৰ কাৰণ ৰঙৰ বৈপৰীত্য আৰু বৰ্গক্ষেত্ৰবোৰৰ স্থিতি।

 

Saturday, 25 March 2023

জোনবাই আৰু শুক্ৰ গ্ৰহৰ অকালটেচন


২৪ মাৰ্চ, ২০২৩ তাৰিখে জোনবাই শুক্ৰ গ্ৰহৰ সন্মুখেৰে পাৰ হৈ গৈছে, যিটো কেবল এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পৰাহে দৃশ্যমান। জ্যোতিৰ্বিজ্ঞানত এনে পৰিঘটনাক "অকালটেচন" বুলি কোৱা হয়। এই ছবিখন টংলা চহৰত অৱস্থিত আমাৰ ঘৰৰ চোতালৰ পৰা মোবাইলৰ সহায়ত লোৱা। দুয়োটা মহাকাশীয় বস্তুৰ মাজৰ ব্যৱধান অতি দ্ৰুতগতিত বৃদ্ধি হ'ব, আৰু সেয়েহে এই অকালটেচন কেৱল সীমিত সময়ৰ বাবেহে দৃশ্যমান।

-Pranabjyoti Das, Tangla

 

Tuesday, 21 March 2023

ক্ৰু এস্কেপ চিষ্টেম : ইছৰো


মানুহৰ নিৰাপদ মহাকাশ যাত্ৰাৰ বাবে এটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বাবে ভাৰতীয় মহাকাশ সংস্থা বা ইছৰোৱে বিগত ২০১৮ চনৰ পৰা চলাই নিয়া বিশেষ গৱেষণাই বিশ্বৰ মহাকাশ বিজ্ঞানক এক অনন্য মাত্ৰা প্ৰদান কৰিব। ইছৰোৰ বিজ্ঞানী সকলে মহাকাশত হ'ব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ পৰা মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিবলৈ "ক্ৰু এস্কেপ চিষ্টেম" (Crew Escape System) নামৰ এটা মডিউল তৈয়াৰ কৰিছে। মহাকাশত হোৱা যিকোনো জৰুৰীকালীন অৱস্থাত এই "ক্ৰু এস্কেপ চিষ্টেম" নামৰ মডিউলটোৱে মহাকাশচাৰী সকলক ক্ষিপ্ৰতাৰে উৎক্ষেপণ যান বা ৰকেটৰ পৰা সুৰক্ষিত ভাবে ধৰাৰ বুকুলৈ ঘূৰাই আনিব পাৰিব। 

ইতিমধ্যে ইছৰোৱে ইয়াৰ বাবে সফলতাৰে প্ৰথমটো পৰীক্ষা বা "পেড এবৰ্ট টেষ্ট" সফলতাৰে সম্পন্ন কৰিছে। এই পৰীক্ষাৰ সময়ত ৫ ঘণ্টাৰ "কাউণ্ট ডাউন"ৰ অন্তত "ক্ৰু এস্কেপ চিষ্টেম" মডিউলটোৰ লগত ১২.৬ টন ভৰৰ এটা "চিমুলেটেড ক্ৰু মডিউল" ৰাতিপুৱা ৭:০০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰোৱা হৈছিল। পৰীক্ষাটো ৩০০ ছেকেণ্ডৰ বাবে প্ৰগ্ৰেমিং কৰি ক্ৰু মডিউলটো উৎক্ষেপণ কৰা হৈছিল। ৩০০ ছেকেণ্ড পিছতেই এই ক্ৰু মডিউলটো বংগোপসাগৰৰ ওপৰত উৎক্ষেপণ যানৰ পৰা সফলতাৰে বিচ্ছিন্ন হৈ শ্ৰীহৰিকোটাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৰ বংগোপসাগৰলৈ পেৰাচুটৰ সহায়ত উভতি আহিছিল।

১৯৮৪ চনৰ ৩ এপ্ৰিলত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ মহাকাশযানত মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। ইয়াৰ ৩৪ বছৰৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে ঘোষণা কৰিছিল যে তেওঁলোকে সম্পূৰ্ণ ৰূপে ভাৰতত নিৰ্মিত মহাকাশযানত ভাৰতীয় মহাকাশচাৰী সকলক মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশ যানক ইতিমধ্যে ''গগনযান" নামেৰে নামাকৰণ কৰা হৈছে।

ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ পৰিণামৰ কথা সৰোগত কৰি ভাৰতীয় মহাকাশচাৰী সকলক কেনেদৰে সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰ ব্যৱস্থাৰ কথা চিন্তা কৰিয়েই ইছৰোৱে এই গৱেষণা আৰম্ভ কৰিছিল।

ইছৰোৱে বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে। এই মডিউলটোৰ দ্বিতীয় লানি পৰীক্ষা অহা মে মাহত সম্পন্ন কৰিবলৈ ইছৰোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইছৰোৰ এই সফলতাই সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানক নিসন্দেহে এক অনন্য মাত্ৰা প্ৰদান কৰিব।

Saturday, 18 March 2023

বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৌশল


বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩.৮ ± ০.০২ বিলিয়ন বছৰ। সৌ সিদিনা, অৰ্থাৎ ৬ মিলিয়ন বছৰ আগত হে ক্ৰমবিকাশৰ জখলাত মানুহৰ পূৰ্বপুৰুষ সকলে খোজ দিছিল। তাৰ বহুত পিছত অৰ্থাৎ এতিয়াৰ পৰা মাত্ৰ ২ লাখ বছৰ আগত আদিম মানুহৰ আৱিৰ্ভাৱ। আনহাতে আধুনিক মানৱ সভ্যতা মাথোন ৬০০০ বছৰ পুৰণি। তেনেস্থলত স্বাভাৱিকতেই মনলৈ এটা প্ৰশ্ন আহে যে মাত্ৰ ৬০০০ বছৰ আগত সভ্যতা লাভ কৰা মানুহে এই বিচিত্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিলেই বা কেনেকৈ?

বিশ্বব্ৰহ্মাণ্ডৰ বয়স মুখ্যতঃ দুই ধৰণে নিৰ্ধাৰণ কৰা হয়। সেইবোৰৰ প্ৰথমটো হ'ল ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাৰ বয়স নিৰ্ধাৰণৰ দ্বাৰা আৰু দ্বিতীয়টো বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ বেগৰ সহায়ত। 

#আটাইতকৈ_তৰাৰ_বয়স_অনুসৰি অৰ্থাৎ প্ৰথম পদ্ধতিটোত গ্ল'বুলাৰ ক্লাষ্টাৰৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। গ্ল'বুলাৰ ক্লাষ্টাৰবোৰ হ'ল একে ঠাইত একেলগে বাস কৰা বহুতো তৰাৰ সমষ্টি। এনে প্ৰতিটো গোটত কোটি কোটি তৰা থাকে। সূৰ্যৰ ভৰৰ আধা ভৰযুক্ত তৰাবোৰ প্ৰায় ২০ বিলিয়ন বছৰ জীয়াই থাকে। কিন্তু সূৰ্যৰ দৰে এটা তৰা প্ৰায় ১০ বিলিয়ন বছৰ জীয়াই থাকে। একেদৰে সূৰ্যতকৈ দহ গুণ বেছি ভৰযুক্ত তৰাবোৰ মাত্ৰ ২ মিলিয়ন বছৰ মানহে জীয়াই থাকে। তৰাবোৰ যিমানে ডাঙৰ আৰু গধুৰ হয় সিমানেই তৰাবোৰৰ উজ্জ্বলতা বৃদ্ধি হয় কিন্তু জীৱন কাল সিমানেই হ্ৰাস পায়।

এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ সকলোবোৰ তৰাই প্ৰায় একে সময়তে গঠন হয়। এই তৰাবোৰৰ উজ্জ্বলতা আৰু ভৰ সূৰ্যৰ সৈতে তুলনা কৰি তৰাবোৰৰ বয়স নিৰ্ধাৰণ কৰা হয়। বিজ্ঞানী সকলে গণনা কৰি উলিয়াইছে যে যদি এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ তৰাবোৰ সূৰ্যতকৈ প্ৰায় ১০০০ গুণ উজ্জ্বল হয়, তেনেহ'লে সেই তৰাবোৰৰ ভৰ সূৰ্যতকৈ প্ৰায় ১০ গুণ বেছি হ'ব। গ্ল'বুলাৰ ক্লাষ্টাৰৰ আটাইতকৈ পুৰণি তৰাবোৰৰ ভৰ সূৰ্যতকৈ ০.৭ গুণ বেছি। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়স ১২ৰ পৰা ১৪ বিলিয়ন বছৰ পুৰণি হ'ব।

নাছাৰ WMAP (Wilkinson Microwave Anisotropy Probe)ৰ দ্বাৰা ৯ বছৰ ধৰি সংগ্ৰহ কৰা তথ্য অনুসৰি, বিশ্বব্ৰহ্মাণ্ড সৃষ্টিহোৱাৰ প্ৰায় ২০০ নিযুত বছৰ পিছতহে এই তৰাবোৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়সৰ লগত ২০০ নিযুত বছৰ যোগ কৰি দিলেই বিশ্বব্ৰহ্মাণ্ডৰ বয়স ওলাই পৰে।

#বিশ্বব্ৰহ্মাণ্ডৰ_সম্প্ৰসাৰণ_বেগৰ ভিত্তিত বয়স নিৰ্ধাৰণ কৌশলটোৰ শ্ৰেয় বিজ্ঞানী এডুইন হাব'লক দিবই লাগিব। সেয়া ১৯২৫ চনৰ কথা। জ্যোতিৰ্বিজ্ঞানী এডউইন হাব'লে প্ৰমাণ কৰি দেখুৱালে যে বিশ্বব্ৰহ্মাণ্ড সঁচাকৈয়ে সম্প্ৰসাৰিত হৈ আছে। আইনষ্টাইনেও তেখেতৰ ভুল স্বীকাৰ কৰি নিজৰ সূত্ৰটো শুদ্ধ ৰূপলৈ আনিব লগিয়া হ'ল! হাব'লৰ সূত্ৰত থকা ধ্ৰুৱকটোৱে  বিশ্বব্ৰহ্মাণ্ডৰ এই সম্প্ৰসাৰণ কিমান দ্ৰুত তাৰ তথ্য দিয়ে। 

বিশ্বব্ৰহ্মাণ্ড গঠন হোৱাৰ সময়ত বিদ্যমান মুক্ত ফ'টনবোৰৰ তৰংগদৈৰ্ঘ্যও বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ সৈতে ক্ৰমে বৃদ্ধি পাইছিল। বিজ্ঞানীসকলে গণনা কৰি পাইছে যে এই তৰংগবোৰ কেতবোৰ  মহাজাগতিক মাইক্ৰ'ৱেভ, যাক "পৃষ্ঠ ভূমি বিকিৰণ" বা কচমিক মাইক্ৰ'ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন (CMBR) বুলি কোৱা হয়। নাছাৰ  মহাজাগতিক পৃষ্ঠভূমি এক্সপ্ল'ৰাৰ (COBI), ৱিলকিনছন মাইক্ৰ'ৱেভ এনাইচোট্ৰপি প্ৰোব (WMAP) আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ "প্লেংক"ৰ অধীনৰ প্ৰকল্পবোৰে বিশ্বব্ৰহ্মাণ্ড কিমান দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে তাৰ তথ্য প্ৰদান কৰিছে।

যিহেতু ব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ লগে লগে স্থানো সম্প্ৰসাৰিত হৈ আছে আৰু কিমান দ্ৰুত গতিত প্ৰসাৰিত হৈছে সেইটোও আমি জানিব পাৰিছো, গতিকে এই তথ্যৰ দ্বাৰা বিজ্ঞানীসকলে সময়ৰ বিপৰীত দিশত ঘূৰি গৈ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা "বিগ বেং" কেতিয়া হৈছিল তাক নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। যিহেতু বিগ বেং বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থা, সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰাটোে সম্ভৱ হৈ পৰিছে।

Monday, 27 February 2023

মহাকাশত গুলীচালনা


মহাকাশৰ পৰিবেশ পৃথিৱীতকৈ সম্পূৰ্ণ পৃথক। তাত বায়ুমণ্ডল নাই, নাই মাধ্যাকৰ্ষণ বল। অসীমলৈ বিস্তৃত কেৱল নীৰৱতা। পৃথিৱীৰ বুকুত সংঘটিত বিভিন্ন ঘটনাৰাজিৰ ফলাফলৰ দৰে মহাকাশত একে ধৰণৰ ফলাফল পোৱা নেযায়। এনেক্ষেত্ৰত ধৰি লোৱা হওঁক এজন মহাকাশচাৰীয়ে বন্দুকৰ সহায়ত মহাকাশত যদি গুলী চলাই, তেন্তে কি হ'ব? গুলীটো ফুটিবনে? অথবা গুলীটো ক'লৈ যাব বা কিমান দূৰলৈ যাব? 

অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। মহাকাশত যিহেতু অক্সিজেন নাই, গতিকে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্নই হ'ব মহাকাশত বন্দুকৰ গুলী ফুটিবনে? আধুনিক আগ্নেয়াস্ত্ৰবোৰত বিস্ফোৰণৰ স্ফুলিঙ্গ তৈয়াৰ কৰিবলৈ অক্সিডাইজাৰ সামগ্ৰী থাকে। সেয়েহে, মহাকাশত গুলী চালনাৰ ক্ষেত্ৰত কোনো কাৰিকৰী সমস্যা নাই। অৱশ্যে কোনো বায়ুমণ্ডল নথকাৰ বাবে মহাকাশত গুলীচালনাৰ কোনো শব্দ শুনা নাযায়। মাধ্যাকৰ্ষণৰ অতি নিম্নমানৰ বাবে অথবা সম্পূৰ্ণ ভাবে মাধ্যাকৰ্ষণ নথকা বাবে গুলীটো ফুটাৰ পিছত বিস্ফোৰণৰ ধোঁৱাবোৰ তৎক্ষণাত নাইকিয়া নহ'ব আৰু বন্দুকৰ নলৰ সন্মুখত ধোঁৱাৰ এটা গোলক ভাঁহি ৰ'ব বহু সময়লৈ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ছেটি ইনষ্টিটিউটৰ জ্যোতিৰ্বিজ্ঞানী মাটিজা কুকৰ মতে, মহাকাশত গুলীচালনা কৰাৰ সময়ত নিউটনৰ গতিৰ তিনিটা সূত্ৰৰ উৎকৃষ্ট প্ৰমাণ দেখা যায়। প্ৰথমতে, মহাকাশত বাহ্যিক বলৰ প্ৰভাৱ নথকা বাবে বন্দুকৰ গুলীটো নিৰ্দিষ্ট গতিত সৰল ৰৈখিক ভাবে অব্যাহত থাকিব চিৰকাল। 

গুলীচালনাৰ ফলত বন্দুকৰ ওপৰত নিউটনৰ গতিৰ তৃতীয় সূত্ৰটোৱেও প্ৰভাৱ দেখুৱাব। যিহেতু বন্দুকৰ গুলীটো সন্মুখলৈ তীব্ৰ বেগেৰে ধাৱমান হ'ব, এই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া বলে বন্দুকটোৰ বিপৰীত দিশত সমান পৰিমানৰ বল প্ৰয়োগ কৰিব। যিহেতু বন্দুকটো মহাকাশচাৰীজনৰ হাতত আছে, সেয়ে তেওঁ বন্দুকটোৰ সৈতে মহাকাশত গুলীটোৰ বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে, বন্দুক হাতত লৈ থকা মহাকাশচাৰীজনৰ গতি বন্দুকৰ গুলীটোতকৈ যথেষ্ট কম হ'ব যদিও মাধ্যাকৰ্ষণহীন পৰিবেশত তেওঁক কোনোবাই নৰখালে বা কোনো মহাজাগতিক পদাৰ্থৰ লগত সংঘৰ্ষত পতিত নহ'লে বেচেৰা মহাকাশচাৰীজনৰ এই গতি চলি ৰ'ব অহৰহ।

Friday, 24 February 2023

মহাকাশত দুটুকুৰা ধাতুৰ স্পৰ্শ আৰু...

 


আচৰিত হ'লেও এইটো সঁচা যে একে ধৰণৰ ধাতুৰ দুটা সমতল আৰু পৰিষ্কাৰ টুকুৰা যদি মহাকাশত ইটোৰ লগত সিটোক হেঁচি ধৰা হয়, তেন্তে ধাতুৰ টুকুৰা দুটা লগ হৈ এটা টুকুৰা হৈ পৰিব। বায়ুশূণ্য পৰিবেশত ধাতুবোৰৰ পৰমাণুবোৰে ইলেকট্ৰণ ভাগ বতৰা কৰি স্থায়ীভাৱে বান্ধনি তৈয়াৰ কৰি ধাতুৰ টুকুৰা দুটাক সংলগ্ন কৰে। কেৱল চাপ প্ৰয়োগ কৰি এনেদৰে ধাতুৰ দুটা টুকুৰাক সংযোজিত কৰা এই প্ৰক্ৰিয়াক বিজ্ঞানৰ ভাষাত ইয়াকে "কোল্ড ৱেল্ডিং" বা Solid state diffusion বুলি কোৱা হয়।

কোল্ড ৱেল্ডিঙৰ বিষয়ে ধাৰণা কৰিবলৈ আপুনি বৰফৰ দুটা টুকুৰা লৈ এটাক আনটোৰ লগত কিছুপৰ জোৰেৰে হেঁচি ৰাখক। আপুনি দেখা পাব যে বৰফৰ টুকুৰা দুটা ইটোৱে সিটোৰ লগত যুক্ত হৈ পৰিছে। মহাকাশত থিক একে ধৰণৰ পৰিঘটনা দুটুকুৰা ধাতুৰ মাজত দেখা যায়। সাধাৰণতে  ধাতুৰ জ্বালাই বা "ৱেল্ডিঙ"ৰ বাবে উষ্ণতাৰ প্ৰয়োজন। কিন্তু মহাকাশত এই প্ৰক্ৰিয়া উষ্ণতাৰ অবিহনে শীতল পৰিবেশতেই সম্ভৱ হয় বাবে ইয়াক "কোল্ড ৱেল্ডিং" বোলা হয়।

প্ৰায় তিনিশ বছৰ আগতে অৰ্থাৎ ১৭২৪ চনত ৰেভাৰেণ্ড জে. আই. ডেচাগুলিয়াৰ নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা চলাই থাকোতে "কোল্ড ৱেল্ডিঙ"ৰ প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল। পৰীক্ষাৰ সময়ত তেওঁ দুটা সীহ ধাতুৰ বল হেঁচি ধৰিছিল। কিন্তু তেওঁ মন কৰিছিল যে সীহৰ বল দুটা যেন ক্ৰমান্বয়ে ইটোৰ লগত সিটো সংযুক্ত হৈ পৰিছে।

বৰ্তমান কোল্ড ৱেল্ডিং প্ৰক্ৰিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। যিবোৰ বৈজ্ঞানিক গৱেষণাত তাপ প্ৰয়োগ সম্ভৱ নহয়, তেনেবোৰ গৱেষণাত ধাতুৰ জ্বালাইৰ বাবে কোল্ড ৱেল্ডিং একমাত্ৰ সমাধান। তদুপৰি নেনোফেব্ৰিকেচনৰ এটা অতি কাৰ্যকৰী পদ্ধতি হ'ল কোল্ড ৱেল্ডিং। মহাকাশযানত ধৰা পৰা বিসংগতি সমূহৰ নিৰাময়তো কোল্ড ৱেল্ডিং ব্যৱহাৰ কৰা হয়।

পিছে চাপ প্ৰয়োগৰ দ্বাৰা  দুটুকুৰা ধাতুৰ সংযোজীকৰণ কেনেদতে সম্ভৱ? ইয়াৰ আঁৰৰ কাৰণ হৈছে আমি ব্যৱহাৰ কৰা ধাতুবোৰৰ পৃষ্ঠত থকা আয়ন বা মুক্ত ইলেক্ট্ৰন। অধিক চাপ দিয়াৰ ফলত এটুকুৰা ধাতুৰ পৃষ্ঠৰ মুক্ত ইলেকট্ৰণবোৰ আন এটা এটুকুৰা ধাতুৰ মুক্ত ইলেকট্ৰনৰ খুব ওচৰলৈ আহে আৰু ইলেকট্ৰণৰ ভাগ বতৰা কৰি বান্ধনি গঠন কৰে। ইয়াৰ ফলত ধাতুৰ টুকুৰা দুটা লগ লাগি যায়। 


Tuesday, 14 February 2023

ইউৰেনাছৰ দুটা জোনবাইৰ সংঘৰ্ষ

 

ইউৰেনাছ প্ৰতি ৮৪ পৃথিৱী বছৰত এবাৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰা বৰফৰ এক দৈত্যকায় গ্ৰহ। এই ৰহস্যময় গ্ৰহটো অপেছাদাৰী দূৰবীণেৰে কেৱল এটা ক্ষুদ্ৰ বিন্দু হিচাপে দেখা পোৱা যায়। ইউৰেনাছৰ এক পাতল আঙুঠি প্ৰণালীত ইয়াৰ ২৭টা জোনবায়ে গ্ৰহটোক প্ৰদক্ষিণ কৰি আছে। কিন্তু আচৰিত কথাটো হ'ল এই যে ইউৰেনাছৰ ২৭টা জোনবাইৰ সংখ্যাটো স্থিৰ নহয়। ইয়াৰ দুটা জোনবাইৰ মাজত নিয়মিত সংঘৰ্ষ হয় আৰু দুয়োটাই ধ্বংসপ্ৰাপ্ত হয়। সংঘৰ্ষত ধ্বংসপ্ৰাপ্ত এই জোনবাই দুটাৰ ধ্বংসাৱশেষ বোৰে পুনৰাই লগ হৈ কালক্ৰমত দুটা নতুন জোনবাই গঠন কৰে। এনেদৰেই ইউৰেনাছৰ জোনবাইৰ সংখ্যা ২৫ৰ পৰা ২৭টাৰ মাজত সময়ানুসৰি সালসলনি হৈ থাকে।

আইডাহো বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট চাঞ্চিয়া আৰু তেওঁৰ সহকৰ্মীসকলে ইউৰেনাছৰ "ইটা" (Eta) আঙুঠিটোৰ ওপৰত গৱেষণা কৰোতে আৱিষ্কাৰ কৰিছিল যে আঙুঠিটোৰ আকৃতি সম্পূৰ্ণৰূপে বৃত্তাকাৰ অথবা ডিম্বাকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে ই ত্ৰিভুজাকাৰ ! এই বিকৃতিৰ কাৰণ হৈছে ক্ষুদ্ৰ ইউৰেনাছৰ ক্ষূদ্ৰ জোনবাই "ক্ৰেচিডা" যাৰ ব্যাস মাত্ৰ ৮২ কিলোমিটাৰ। আঙুঠিটোৰ বিকৃতিৰ পৰিমাণ আৰু আকৃতিৰ ওপৰত আধাৰ কৰি বিজ্ঞানীৰ দলটোৱে "ক্ৰেছিডা"ৰ ভৰ আৰু ঘনত্ব সঠিকভাৱে জোখাত সক্ষম হৈছিল। তেওঁলোকে এই তথ্য সমূহ ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰিছিল যে ক্ৰেচিডা আৰু ইয়াৰ ওচৰৰ ইউৰেনাছৰ আন জোনবাইবোৰৰ মাজত মহাকৰ্ষণীয় আন্তঃক্ৰিয়াৰ অৰ্থ হ'ব ক্ৰেচিডা আৰু ইউৰেনাছৰ আন এটা জোনবাই "ডেচডেমোনা"ৰ মাজত সংঘৰ্ষ আসন্ন।

বৰ্তমান মাত্ৰ ৯০০ কিলোমিটাৰ দূৰত্বত প্ৰদক্ষিণ কৰি থকা ক্ৰেছিডা আৰু ডেচডেমোনাৰ মাজত অহা ৮-৯ লাখ বছৰৰ ভিতৰত সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষত এই দুয়োটা জোনবাই ধ্বংসস্তুপত পৰিণত হ'ব। ২০১২ চনত, ছেটি ইনষ্টিটিউটৰ গৱেষক ৰবাৰ্ট ফ্ৰেঞ্চ আৰু মাৰ্ক শ্বোৱাল্টাৰে নিৰ্ধাৰণ কৰিছিল যে এতিয়াৰ পৰা ১০ নিযুত বছৰৰ ভিতৰত ইউৰেনাছৰ আন দুটা জোনবাই "কিউপিড" আৰু "বেলিণ্ডা"ৰ মাজতো একে ধৰণে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে।

Tuesday, 10 January 2023

ব্যৰ্থ নক্ষত্ৰ বা বাদামী বামন তৰা




গেছ আৰু ধূলিকণাৰ বিশাল পুঞ্জবোৰৰ সংকোচনৰ ফলত জন্ম হয় একোটি তৰাৰ। এই তৰাবোৰৰ ভৰ অতি বেছি। তৰাবোৰৰ আন এটা প্রধান লক্ষণ হ'ল ইয়াৰ কেন্দ্রৰ নিউক্লিয় ফিউচন বিক্রিয়া আৰু ইয়াৰ মাধ্যমত বিকিৰণ হোৱা পোহৰ আৰু তাপ। কিন্তু বাদামী বামন বা Brown Dwarf তৰাবোৰৰ ভৰ তুলনা মূলক ভাবে বহুত কম আৰু সেয়েহে এই তৰাবোৰৰ অভিকর্ষণ চাপে নিউক্লিয় সংযোজন বিক্রিয়া সংঘটিত কৰিব নোৱাৰে। এই ব্যর্থতাৰ বাবে মহাবিশ্বৰ এই বাদামী বামন তৰাবোৰ আন আন তৰাবোৰৰ দৰে নহৈ আপেক্ষিক ভাবে শীতল একোটি গেছীয় পুঞ্জ হিচাবে ৰৈ যায়।


উষ্ণতা কম হোৱা বাবে এই তৰাবোৰ বাদামী ৰঙৰ হয় আৰু সেয়েহে এই ব্যৰ্থ তৰাবোৰক বাদামী বামন বুলিও কোৱা হয়। অন্যান্য প্রধান ক্রমৰ তৰাবোৰৰ দৰেই জীবন আৰম্ভ হয় এই বাদামী তৰাবোৰৰ। প্রধান ক্রম বা Main Sequence নক্ষত্রবোৰৰ ক্ষেত্রত অভিকর্ষীয় চাপে তৰা গঠনকাৰী গেছীয় পিণ্ডটো ভিতৰৰ দিশলৈ অনবৰতে সংকুচিত  কৰি ৰাখে। এই সংকোচনৰ ফলত গেছীয় পিণ্ডটোৰ কেন্দ্রটো হাইড্রোজেনক হিলিয়ামলৈ সলনি কৰা একোটি কাৰষাণালৈ পৰিণত হয়।

কিন্তু বাদামী বামনবোৰৰ অভিকৰ্ষণ বল কম হোৱা বাবে ইয়াৰ কেন্দ্ৰভাগত পৰ্যাপ্ত উষ্ণতা নেথাকে আৰু সেয়েহে হাইড্রোজেনৰ ফিউচন আৰম্ভ হোৱাৰ আগতেই এই তৰাবোৰৰ জীৱনলৈ নামি আহে স্থবিৰতা। একোটা বাদামী বামন তৰা আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ ভৰৰ প্ৰায় 20ৰ পৰা 75 গুণ বেছি হ'ব পাৰে। বৃহস্পতিতকৈ ভৰ অধিক হ'লেও এই বাদামী বামন তৰাবোৰ সূর্যৰ ভৰৰ প্রায় দহ ভাগৰ এভাগ মানহে হয়। অৰ্থাৎ এই তৰাবোৰ আমাৰ সূৰ্যতকৈ দহ গুণ সৰু।

বিজ্ঞানত তৰাবোৰক সিহঁতৰ বর্ণালীৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভক্ত কৰা হয়। M প্ৰকাৰৰ তৰাবোৰ হ'ল সফল তৰা অথচ শীতল শ্ৰেণীৰ তৰা। মহাবিশ্বত এনে তৰাৰ সংখ্যা বেছি। M শ্ৰেণীৰ অধিকাংশ তৰাই লোহিত বামন হলেও কিছু বাদামী বামন তৰাও এই শ্ৰেণীত পোৱা যায়। এনে বামন শ্ৰেণীৰ তৰাবোৰৰ মাজৰ "Y Dwarfs"বোৰ সবাতোকৈ শীতল। কোনো কোনো এই Y Dwarf তৰাৰ উষ্ণতা মাত্ৰ 150ৰ পৰা 500 ডিগ্ৰী চেণ্টিগ্ৰেড। অতি কম উষ্ণতা বিশিষ্ট এই শ্ৰেণীৰ তৰাবোৰে তাপ আৰু পোহৰ বিলাব নোৱাৰে। তাপ আৰু পোহৰৰ উৎস বিহীন এনে তৰাবোৰ সেইবাবে ধৰা পেলোৱাটোও এক কঠিন কাম। এনেবোৰ কাৰণতেই 1980 চনলৈ এই বাদামী বামন তৰাবোৰ আমাৰ দৃষ্টিৰ অগোচৰেই আছিল। এই তৰাবোৰৰ বিষয়ে কেৱল বিজ্ঞানৰ কিতাপত তাত্বিক আলোচনাহে পঢ়িবলৈ পোৱা গৈছিল।