Tuesday, 7 April 2026

আইনষ্টাইনৰ চুৰি হোৱা মগজুটো

 

থমাস হার্ভে। পেশাত তেওঁ এজন চিকিৎসাবিদ। ১৯৫৫ চনৰ এক মৃত্যুই তেওঁৰ জীৱন ধাৰাকেই সলনি কৰি পেলালে। সেই মৃত্যু পিছে কোনো সাধাৰণ লোকৰ নাছিল। সেই মৃত্যু আছিল বিজ্ঞানৰ ইতিহাস ওলট পালট কৰি দিয়া কিংবদন্তি বিজ্ঞানী আলবার্ট আইনষ্টাইনৰ। 

১৯৫৪ চনৰ পৰাই এলবাৰ্ট আইনষ্টাইনৰ পেটৰ বিষটো ক্ৰমে বেছি হৈ আহিছিল। মাজে সময়ে এই পেটৰ বিষটোৱে তেখেতক বৰকৈ আমনি দি আহিছিল। পিছে অধ্যয়ন আৰু ব্যস্ততাপূৰ্ণ দৈনিক কাৰ্যক্ৰমনিকাৰ বাবে আইনষ্টাইনে বিষটোক বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু বিষটো অসহ্যকৰ হৈ অহা বাবে তেওঁ স্থানীয় প্ৰিন্সটোন হস্পিতাললৈ ডাক্তৰৰ পৰামৰ্শ বিচাৰি গ'ল। 

পৰীক্ষা কৰি ডাক্তৰে বুজি পাইছিল যে পেটৰ বিষৰ কাৰণটো সাধাৰণ নহয়। বৰং আইনষ্টাইনৰ শৰীৰলৈ তেজ পৰিবাহী মূল সিৰাডালৰ নিম্ন অংশটো উখহি উঠিছে, যাৰ ফলত পেটৰ বিষ হোৱাৰ লগতে শৰীৰত তেজ পৰিবহনৰ ক্ষেত্ৰত জটিলতা আহিছে। চিকিৎসা বিজ্ঞানত এই ৰোগক abdominal aortic aneurysm বুলি কোৱা হয়। ডাক্তৰে চিকিৎসাৰ প্ৰাৰম্ভিক দায়িত্ব গ্ৰহন কৰি আইনষ্টাইনক খোৱা-বোৱা, নীতি-নিয়ম আদিবোৰ বুজাই দি দৰব পাতিবোৰ দিলে। 

আইনষ্টাইনে নীতি-নিয়ম ক'ত মানে ! ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে। ক্ৰমান্বয়ে আইনষ্টাইনৰ ৰোগটো বেছি হৈ আহিব ধৰিলে। বন্ধু বান্ধৱসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে খাটনি ধৰিলে। পিছে আইনষ্টাইন নাচোৰবান্দা। চিকিৎসাৰ বাবে বাহিৰলৈ গ'লে তেওঁৰ আধৰুৱা হৈ থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব ! 

এনেদৰেই কিছুদিন পাৰ হ'ল। বিষটোৱে আইষ্টাইনক উঠা বহাৰ ক্ষেত্ৰটো কষ্ট দিবলৈ আৰম্ভ কৰাত তেওঁ পুনৰ প্ৰিন্সটোন হস্পিতাললৈ গ'ল। এইবাৰ ডাক্তৰে তেওঁক হস্পিতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিলে। যন্ত্ৰণাত ইচাটি বিচাটি কৰি থকা আইনষ্টাইনে উপায়ন্তৰ হৈ ডাক্তৰৰ কথা মতেই হস্পিতালত ভৰ্তি হ'ল। চিকিৎসা আৰম্ভ হ'ল। কেইদিনমান অপেক্ষা কৰাৰ পিছতো দৰৱ পাতিবোৰে লক্ষনীয় ভাবে একো কাম নকৰাত ডাক্তৰে আইনষ্টাইনক ক'লে : মহাশয়, আপোনাৰ ৰোগটোৱে জটিল ৰূপ লৈছে। সেয়েহে দৰবে বিশেষ কাম দিয়া নাই। শীঘ্ৰে আৰোগ্য লাভৰ বাবে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।

কিছু বিৰক্তিৰে মুৰটো জোকাৰি আইনষ্টাইনে ক'বলৈ ধৰিলে : তোমালোকে মোক ধৰি ৰাখিব বিচাৰিছা। মই মোৰ ইচ্ছানুসৰি পৃথিৱীৰ পৰা আঁতৰি যাবলৈ পালে ভাল পাম। কৃত্ৰিমভাৱে জীয়াই থাকি মই জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিম। মই যদি যাবই লাগে গুছি যামগৈ, কিয়নো মোৰ কৰণীয় কামবোৰ ইতিমধ্যে কৰিয়েই পেলাইছো। মই হাঁহি মুখেৰেই গুছি যামগৈ ডাক্তৰ। এতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। 

১৭ এপ্ৰিল, ১৯৫৫। প্ৰিন্সটন হস্পিতালৰ বিচনাত চিৎকাৰ কৰি উঠিল বিজ্ঞানী আইনষ্টাইন। দৌৰি আহিল কৰ্তব্যৰত নাৰ্চ আৰু ডাক্তৰবোৰ। ততাতৈয়াকৈ আইনষ্টাইনক জৰুৰী বিভাগলৈ স্থানান্তৰ কৰা হ'ল। পৰীক্ষা কৰি গ'ম পোৱা গ'ল যে আইনষ্টাইনৰ তলপেটৰ ওচৰত abdominal aortic aneurysmত আক্ৰান্ত ৰক্তবাহী সিৰাডাল ফাটি প্ৰচুৰভাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছে। ডাক্তৰসকল অসহায় হৈ পৰিল। কোনো প্ৰকাৰেই যে চিকিৎসা বিজ্ঞানে একো কৰিব নোৱাৰে…!

১৮ এপ্ৰিল, ১৯৫৫। সময় ৰাতিপুৱা। হস্পিতালৰ কোঠাটোত এগৰাকী নাৰ্চ আৰু ওচৰৰে বিচনাখনত অসুস্থ এলবাৰ্ট আইনষ্টাইন সাৰসুৰ নোহোৱাকৈ শুই আছে। আচলতে বিষ নিৰাময় আৰু টোপনি আহিবলৈ দিয়া ইঞ্জেকচনৰ বাবে তেওঁ টোপনিৰ কোলাত ঢলি পৰিছিল। নাৰ্চ গৰাকীয়ে মন কৰিলে যে আইনষ্টাইনে হাতেৰে কিবা ইংগিত দিব বিচাৰিছে। কথাটো অনুধাৱন কৰিবলৈ তেওঁ আইনষ্টাইনৰ ওচৰলৈ আগবাঢ়ি আহিল। এনেতে জাৰ্মান ভাষাত আইনষ্টাইনে বিৰবিৰকৈ কিবা এটা ক'লে। আমেৰিকান নাৰ্চ গৰাকীয়ে জাৰ্মান বুজি নোপোৱা বাবে এখন্তেক বাহিৰলৈ ওলাই আন কাৰোবাক মাতি অনাৰ কথা ভাবিলে। তেওঁ আকৌ আইনষ্টাইনৰ মুখলৈ চালে। নাই, চকু দুটা মুদি আইনষ্টাইন শুই আছে। 

: May I help you sir ? - নাৰ্চ গৰাকীয়ে সুধিলে।

আইনষ্টাইনৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ কথাষাৰ আকৌ এবাৰ সুধিলে। এইবাৰো প্ৰত্যুত্তৰ নাহিল। সন্দেহবশতঃ নাৰ্চ গৰাকীয়ে আগবাঢ়ি আহি আইনষ্টাইনৰ হাতখনৰ নাড়ী পৰীক্ষা কৰিলে। শান্ত, সৌম্য ভাৱে শুই থকা আইনষ্টাইনৰ নাড়ীৰ স্পন্দন ইতিমধ্যে বন্ধ হৈ গৈছিল। বিশ্বৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহজন যেন মূহুৰ্তৰ ভিতৰতেই হেৰাই গ'ল এক প্ৰহেলিকাৰ দৰে।

সিদিনা লোকে লোকাৰণ্য হৈ পৰিছিল প্ৰিন্সটন চিকিৎসালয়ৰ প্রাঙ্গণ। ভক্ত, সাংবাদিক, কেমেৰা মেনৰ ভিৰত ভৰি থ'বলৈও যেন ক'তো ঠাই নাই ! ইতিমধ্যে আইনষ্টাইনৰ নশ্বৰ দেহ মর্গলৈ স্থানান্তৰিত কৰা হৈছিল। পোষ্টমর্টেমৰ দায়িত্ব দিয়া হ'ল ডা° থমাস হার্ভেক। পোষ্টমর্টেমৰ টেবুলত আইনষ্টাইনৰ নশ্বৰ দেহৰ ওপৰত চুৰীৰে ছেদ কৰি থকাৰ সময়তেই ডা° হাৰ্ভেৰ মনলৈ আহে এক অদ্ভূত চিন্তা। আগ পিছ একো নেভাবি তেওঁ আইনষ্টাইনৰ শৱদেহ ব্যবচ্ছেদৰ সময়তেই বিজ্ঞানীজনৰ মগজুটো লাওখোলাৰ পৰা উলিয়াই আনি সংগোপনে এটা আইনাৰ বিশেষ বটলত সংৰক্ষণ কৰি ৰাখিলে। কামটো তেওঁ ইমান সংগোপনে সমাধা কৰে যে চিকিৎসালয়ৰ কৰ্মকৰ্তা আনকি আইনষ্টাইনৰ পৰিয়ালৰ কোনো লোকেও ইয়াৰ বিষয়ে একো গমকেই নেপালে। 

https://youtu.be/W9YwPZe3SQk?si=L9golzGsXdp-feVv

ডা° হার্ভেৰ মনত এটা চিন্তাই বাঁহ লৈছিল। এনেকুৱা কি আছে আইনষ্টাইনৰ মগজুটোত, যাৰ বাবে আইনষ্টাইন বিশ্বৰ কৌটি কৌটি মানুহৰ মাজত তেওঁ এজন অসাধাৰণ প্ৰতিভা সম্পন্ন ব্যক্তি হিচাবে পৰিগণিত হৈছিল !! 

তাৰ কিছুদিন পিছত ডা° হার্ভেই অতি সংগোপনে আইনষ্টাইনৰ মস্তিষ্কটা বিশেষ আইনাৰ বটলটোৰ সৈতে প্রিন্সটন হস্পিতালৰ পৰা নিজৰ বাসগৃহলৈ লৈ আনি এটা বাকচৰ ভিতৰত ভৰাই তলা লগাই থৈ দিলে। ইতিমধ্যে প্রিন্সটন হস্পিতালৰ এগৰাকী নাৰ্চৰ লগত ডা° হাৰ্ভেৰ এটা নিবিড় সম্পর্কৰ কথা চৰ্চালৈ আহে। সেই চৰ্চাৰ আলম লৈ হস্পিতাল কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে। তাৰ কেইদিনমান পিছতেই কেনেবাকৈ আইনষ্টাইনৰ মগজুটো চুৰি হোৱাৰ কথাটো ৰাজহুৱা হৈ পৰে। মূহুৰ্তৰ ভিতৰতে যেন ডা° হাৰ্ভেও লোকচক্ষুৰ পৰা অদৃশ্য হৈ গ'ল। হঠাৎ তেওঁ ক'লৈ গুছি গ'ল কোনেও গমকেই নেপালে।

সেয়া ১৯৭৮ চনৰ কথা। ইতিমধ্যে সুদীর্ঘ ২৩ বছৰ পাৰ হৈ গৈছে আইনষ্টাইনৰ পৰলোক প্ৰাপ্তি হোৱাৰ। মানুহে ডা° হার্ভেৰ কথা লাহে লাহে পাহৰি পেলাইছিল। মানুহে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ কথাও যেন পাহৰি পেলাইছিল !! তেনেতেই "নিউ জাৰ্চি মান্থলি" নামৰ এখন বাতৰি কাকতত ষ্টিভেন লেভী নামৰ এজন সাংবাদিকে ডা° থমাস হার্ভেক বিচাৰি পোৱাৰ লগতে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ সন্ধান পোৱা বুলি সংবাদ পৰিবেশন কৰে। সংবাদটোত তেওঁ যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ পৰা ১২০০ কিঃমিঃ আঁতৰৰ ওৱাইচিটা নামৰ এখন সৰু চহৰত ডা° হাৰ্ভে পেথ'লজিকেল লেব'ৰটৰীৰ ব্যৱসায়ত জড়িত হৈ থকাৰ কথা উল্ল্যেখ কৰে। তেওঁ ডা° হাৰ্ভেৰ লগত ব্যক্তিগত ভাৱে কথা পতাৰ লগতে আইনষ্টাইনৰ মগজুৰ প্ৰসংগটো লৈ প্ৰশ্ন কৰাত হাৰ্ভেই লেব'ৰটৰীৰ এচুকত পৰি থকা এটা আইনাৰ বটল দেখুৱাইছিল বুলি সংবাদটোত উল্ল্যেখ কৰিছিল।

সংবাদটোৱে জনসাধাৰণৰ লগতে বিজ্ঞানীমহলতো তোলপাৰ লগাই দিলে। বহুতো বিজ্ঞানীয়ে আইনষ্টাইনৰ মগজুটোৰ ওপৰত গৱেষণা কৰাৰ ইচ্ছা প্রকাশ কৰে। দুই এজন বিজ্ঞানীয়ে ব্যক্তিগত ভাৱে সাংবাদিক ষ্টিভেন লেভীৰ লগতো যোগাযোগ কৰে। জনসাধাৰণে ডা° হাৰ্ভেক বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে। সকলোৰে উদ্দেশ্য আছিল এইটো যে বিগত ২৩ টা বছৰত হাৰ্ভেই আইনষ্টাইনৰ মগজুটোৰ ওপৰত কিবা গৱেষণা কৰিছিল নেকি? যদিহে কৰিছিল তেন্তে কেনে ধৰণৰ তথ্য তেওঁৰ হাতত মজুত আছে…। 

ডা° হার্ভেই সকলোকে ধৈর্য ধৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে সময় হলেই তেওঁ সকলো তথ্য সদৰী কৰিব। সময় গৈ থাকিল। কিন্তু হাৰ্ভেই কোনো তথ্য দিব নোৱাৰিলে। হাৰ্ভেই চেষ্টা কৰিছিল। মগজুটোৰ ওজন লৈছিল, ছৱি তুলিছিল, মগজুটো কাটি সৰু সৰু ২৪০টা টুকুৰাৰ অনুবীক্ষণীয় স্লাইড বনাই পৰ্যবেক্ষণো কৰিছিল। কেইজনমান বিজ্ঞানীয়েও এনে অনুবীক্ষণীয় স্লাইড গৱেষণাৰ বাবে হাৰ্ভেৰ পৰা সংগ্ৰহ কৰিছিল। কিন্তু শেষ পর্যন্ত ডা° হাৰ্ভে বা আন বিজ্ঞানীসকলে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। সুদীর্ঘ ৪৩ বছৰ হাৰ্ভেই আইনষ্টাইনৰ মগজুটো লৈ ঘূৰি ফুৰিছিল। অৱশেষত বার্ধক্যৰ ওচৰত তেওঁ হাৰ মানিবলৈ বাধ্য হ'ল।

১৯৯৮ চনত তেওঁ আইনষ্টাইনৰ মগজুটোক প্রিন্সটন হস্পিতাল কৰ্তৃপক্ষক পুনৰ ওভটাই দিয়াৰ কথা চিন্তা কৰে।সেই মৰ্মে তেওঁ হস্পিতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে। হস্পিতাল কৰ্তৃপক্ষই ডা° হাৰ্ভেৰ এই সিদ্ধান্তক আদৰণি জনায়। সেই মৰ্মে ডা° থমাচ হাৰ্ভেই ১৯৯৮ চনৰ এপ্ৰিল মাহত প্ৰিন্সটন হস্পিতালৰ মূখ্য পেথ'লজিস্ট ডা° এলিয়ট ক্লাউছৰ হাতত আনুস্থানিক ভাৱে আইনষ্টাইনৰ মগজুটো হস্তান্তৰ কৰে। বৰ্তমান বিজ্ঞানী আইনষ্টাইনৰ মগজুটো পেঞ্চিলভেনিয়াৰ এটা মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে।


Friday, 3 April 2026

Edison's Last Breath

 


১৯৩১ চনৰ শৰৎকাল। আমেৰিকাৰ নিউ-জাৰ্ছীৰ West Orange নামৰ এখন শান্ত, নীৰৱ চহৰ। সেই চহৰ খনতেেই শুই আছিল এজন লোক, যিজনে পৃথিৱীৰ এন্ধাৰ আঁতৰাই পোহৰ আনিছিল। সেইজনেই আছিল Thomas Edison।

যিজনে মানুহে নিজৰ আৱিষ্কাৰেৰে যেনে ইলেক্ট্ৰিক বাল্ব, ফোনোগ্ৰাফ, চলচিত্ৰ আদিৰে মানুহৰ জীৱন সলনি কৰি পেলাইছিল, আজি, সেই মহান আৱিষ্কাৰক জনেই নিজৰ জীৱনৰ শেষ অন্তিম ক্ষণত উপনীত হৈছিল। সময় যেন লাহে লাহে থমকি ৰৈছিল।

এটা নীৰৱ কোঠাত শয্যাশায়ী হৈ জীৱনৰ অন্তিম ক্ষণলৈ অপেক্ষা কৰি আছিল এডিচনে। ঘৰটোৰ পৰিবেশ অতি শান্ত। পৰিয়ালৰ মানুহবোৰ নিস্তব্ধ হৈ বহি আছে। সকলোৰে মুখত উদ্বেগৰ ছাপ। ঘৰটোৰ বাহিৰতো গুণমুগ্ধ লোক, সাংবাদিক, ফটোগ্ৰাফাৰ আদিয়ে গিজগিজাই আছে। সকলোৰে চকুত উদ্বেগ আৰু বেদনাৰ চিন।

এডিচনৰ এই অৱস্থা দেখি বৰকৈ ব্যাথিত হৈ পৰিছিল এসময়ত তেওঁৰ অধীনত কাম কৰা স্বনামধন্য বিজ্ঞানী হেনৰি ফ'ৰ্ড। পিছলৈ তেওঁ এডিচনৰ সকলোতকৈ প্ৰিয় বন্ধু হৈ পৰিছিল। হেনৰী ফ'ৰ্ডে এডিচনক হেৰুৱাবলৈ যেন মুঠেও প্ৰস্তুত নাছিল। সেয়ে এদিন তেওঁ টমাচ এলভা এডিচনৰ পুত্ৰ চাৰ্লচ এডিচনক মতাই আনি এক অদ্ভুত প্ৰস্তাৱ দাঙি ধৰিলে। 

তেওঁ চাৰ্লছৰ হাতত কেইটামান খালী টেষ্ট টিউব দি ক'লে : চাৰ্লছ, তুমি তোমাৰ পিতৃৰ অন্তিমটো শ্বাস এই টেষ্টটিউবৰ ভিতৰত ধৰি ৰাখি টেষ্টটিউবকেইটা মোক ওভটাই দিব লাগিব। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ এই অন্তিম শ্বাসটো মোৰ জীৱনৰ এক প্ৰেৰণা হৈ ৰ'ব। 

এডিচন মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈছিল। লাহে লাহে তেওঁৰ শৰীৰৰ অৱস্থা বেছি বেয়ালৈ ঢাল খাইছিল। চিকিৎসকৰ মতে এয়া তেওঁৰ অন্তিম সময়। পৰিয়ালৰ মানুহবোৰ আহি গোট খাইছেহি। কাৰণ, তেওঁলোক সকলোৱেই এইটো গম পাইছিল যে মহান বিজ্ঞানী এডিচনে জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যৰ "মৃত্যু"ৰ সতে হয়তো আৰু বেছি যুঁজিব নোৱাৰিব।

ইতিমধ্যে এডিচনৰ শয্যাৰ কাষৰ এখন টেবুলত কিছুমান সৰু সৰু টেষ্টটিউৱ ৰাখি থোৱা হৈছিল। একো একোটা সাধাৰণ কাঁচৰ টিউৱ। কিন্তু সেইবোৰৰ ভিতৰত এটা অসাধাৰণ মুহূৰ্ত ধৰি ৰাখিবলৈ ইতিমধ্যে সাজু হৈ ৰৈছিল এডিচনৰ পুত্ৰ চাৰ্লছ আৰু এডিচনৰ চিকিৎসক। 

১৮ অক্টোৱৰ, ১৯৩১ চনৰ এটা দুপৰীয়া। এডিচনৰ নিশ্বাসবোৰ লাহে লাহে ক্ষীণ হৈ আহিছিল। কোঠাটো একেবাৰেই নিৰৱ হৈ পৰিছিল। আত্মীয় স্বজন আৰু গুণমুগ্ধ সকলৰ দুচকুত বিষাদৰ ছাঁ। কিছুপৰৰ অস্বস্তিকৰ নীৰৱতাৰ পিছত যেতিয়া এডিচনৰ দেহটো প্ৰায় অসাৰ হৈ আহিছিল, তেতিয়াই চাৰ্লছ আৰু চিকিৎসকজনে এটা টেষ্টটিউৱ এডিচনৰ মুখৰ ওচৰত দাঙি ধৰি এডিচনৰ অন্তিমটো নিশ্বাস সংগ্ৰহ কৰি টেষ্টটিউৱটোৰ মুখখন বন্ধ কৰি দিলে। তেওঁলোকে এনেদৰে ৮টা টেষ্টটিউৱ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ চিল কৰি সংৰক্ষণ কৰিছিল।

সেই সময়ত এনে লাগিছিল যেন তেওঁলোকে টিউৱবোৰৰ ভিতৰত কেৱল বায়ু নহয়, এজন মহান বিজ্ঞানীৰ জীৱনৰ কিবা এটা অদৃশ্য অংশ সংৰক্ষণ কৰি পেলালে।

এডিচন গ'লগৈ। কিন্ত, সযতনে সংগ্ৰহ কৰি ৰখা এডিচনৰ অন্তিমটো শ্বাসৰ টেষ্টটিউৱবোৰ তেওঁৰ প্ৰাণৰ বন্ধু হেনৰী ফ'ৰ্ডৰ ঘৰলৈ পঠিওৱা হ'ল। হেনৰি ফৰ্ডে এই টেষ্টটিউৱবোৰ নিজৰ ব্যক্তিগত সংগ্ৰহত বহু বছৰ ধৰি ৰাখিছিল। পিছলৈ এই ঐতিহাসিক টেষ্টটিউৱবোৰ Henry Ford Museum of American Innovation লৈ স্থানান্তৰ কৰা হয়। 

বৰ্তমান এডিচনৰ অন্তিম শ্বাসটো সংৰক্ষণ কৰি ৰখা এই টেষ্টটিউৱটো চাবলৈ সমগ্ৰ বিশ্বৰ মানুহে ভিৰ কৰেহি। যিজন ব্যক্তিয়ে সমগ্ৰ পৃথিৱীখন পোহৰাই পোহৰাই তুলিছিল, তেৱো মৃত্যুৰ ৰহস্য ভেদ কৰিব নোৱাৰি কোনো অজানতিমুলুকৰ এখন অন্ধকাৰ দেশলৈ গুছি গ'ল, কিন্তু এৰি থৈ গ’ল—

এটা নিশ্বাস, কিছু অনুভূতি, আৰু এটা কাঁচৰ টিউবত বন্ধ হৈ থকা অনন্ত ৰহস্য…

https://youtu.be/ChxLMVi2Y_w?si=ikXJiY1lT9JcoDA_

Saturday, 21 March 2026

Negative Capability

 


John Keatsৰ সাহিত্যিক চিন্তাধাৰাৰ মাজত “Negative Capability (নিগেটিভ কেপেবিলিটি)” এক গভীৰ আৰু অৰ্থবহ ধাৰণা। এই ধাৰণাৰ মূল অৰ্থ হৈছে—এজন মানুহে অনিশ্চয়তা, সন্দেহ আৰু জটিলতাৰ মাজতো অস্থিৰ নোহোৱাকৈ, ধৈৰ্য্যৰে আৰু মানসিক শান্তিৰে থকাত সক্ষম হ'ব পাৰে। সকলো কথাৰ স্পষ্ট উত্তৰ বিচাৰি ব্যস্ত নহৈ, পৰিস্থিতিক স্বাভাৱিকভাৱে গ্ৰহণ কৰাৰ ক্ষমতাই হৈছে Negative Capability।

জন কিটছে কৈছিল যে, এজন মহান ব্যক্তি সেইজনেই, যিয়ে জীৱনৰ অস্পষ্টতা আৰু ৰহস্যবোৰক সহ্য কৰিব পাৰে, আৰু তাৰ মাজতেই জীৱনৰ সৌন্দৰ্য বিচাৰি ল’ব পাৰে। তেওঁ বিশ্বাস কৰিছিল যে, সকলো কথাক যুক্তি আৰু বিশ্লেষণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰাতকৈ কেতিয়াবা সেইবোৰ অনুভৱ কৰাটো অধিক গুৰুত্বপূৰ্ণ।


এই ধাৰণাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ জীৱনত বহু সময়ত এনে অৱস্থা আহে, য'ত কোনো এটা বিশেষ বিষয় বুজা নাযায়, ফলাফল আশা অনুসৰি নহয়, অথবা আগবাঢ়ি যোৱাৰ পথ অস্পষ্ট হৈ পৰে। এনে সময়ত যদি ছাত্ৰ-ছাত্ৰীয়ে হতাশ হৈ পৰে, তেন্তে তেওঁলোক আগবাঢ়ি যাব নোৱাৰে। কিন্তু যদি তেওঁলোকে Negative Capabilityৰ শিক্ষা গ্ৰহণ কৰে, তেন্তে তেওঁলোকে বুজিব যে এই অনিশ্চয়তা আৰু সমস্যাবোৰতো জীৱনৰেই অংশ।

এই ধাৰণাই ছাত্ৰ-ছাত্ৰীক শিকায় যে, ধৈৰ্য্যই হৈছে সাফল্যৰ মূল চাবিকাঠি। তৎক্ষণাত সফলতা নেপালেও, চেষ্টা অব্যাহত ৰাখিব লাগে। প্ৰতিটো ভুল আৰু ব্যৰ্থতাই আমাক নতুন কিবা শিকায়। গতিকে, ভয় বা হতাশাৰ সলনি, এইবোৰক অভিজ্ঞতা হিচাপে গ্ৰহণ কৰিব লাগে।

ইয়াৰ উপৰিও, Negative Capabilityয়ে সৃষ্টিশীলতা আৰু কল্পনাশক্তি বৃদ্ধি কৰে। যেতিয়া আমি সকলো কথা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰোঁ, তেতিয়া আমাৰ চিন্তাধাৰা অধিক মুক্ত হয়। এই মুক্ত চিন্তাই ছাত্ৰ-ছাত্ৰীক নতুন দিশত চিন্তা কৰিবলৈ আৰু নিজৰ সৃষ্টিশীল শক্তি বিকাশ কৰিবলৈ সহায় কৰে।

জন কিটছৰ Negative Capability কেৱল সাহিত্যৰ এটা ধাৰণা নহয়, ই জীৱনৰ পথপ্ৰদৰ্শক। ই আমাক শিকায় যে জীৱনত অনিশ্চয়তা থাকিব, সমস্যাও আহিব, কিন্তু সেইবোৰৰ মাজতো স্থিৰ, ধৈৰ্য্যশীল আৰু আত্মবিশ্বাসী হৈ থাকিব লাগিব। যদি ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষাক নিজৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে তেওঁলোকে কেৱল শিক্ষাতেই নহয়, জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। কাৰণ, সকলো জীৱনৰ প্ৰশ্নৰ উত্তৰ তৎক্ষণাত নাপালেও চলিব; অনিশ্চয়তাৰ মাজতেই সত্য আৰু সৌন্দৰ্য্য লুকাই থাকে। গোপনে, অতি গোপনে।

Saturday, 28 February 2026

দেউতা


আইচিইউৰ নীৰৱতাৰ মাজত মেডিকেলৰ সাৰঞ্জামবোৰৰ শব্দৰ লগতে অক্সিজেনৰ চিলিণ্ডাৰৰ পৰা অবিৰত ভাৱে সৃষ্টি হোৱা সোঁ সোঁ শব্দই ৰোগীৰ আত্মীয়বোৰৰ মনবোৰ অধিক ভাৰাক্ৰান্ত কৰি তোলে। ৯৫ বছৰৰ জীৱন যাত্ৰাত মোৰ দেউতা এতিয়া আইচিইউৰ বিছনাত। শ্বাসজনিত ৰোগত দেউতা বিগত সাতদিন ধৰি হস্পিতালত। যিগৰাকী দেউতাই মোক হাতত ধৰি আগবঢ়াই নিছিল, জীৱনৰ প্ৰতিটো পদক্ষেপতেই এজন পথপ্ৰদৰ্শক হিচাবে সাহস দিছিল, আজি তেখেতেই নীৰৱে হস্পিতালৰ বিচনাত শুই আছে। দুচকুত তেওঁৰ কৰুণ চাৱনি। সেই দৃশ্যই এজন মোৰ অন্তৰত বহুত কষ্ট দিয়ে। যিজন দেউতাই মোক আঙুলিত ধৰি খোজ কঢ়াব শিকালে, জীৱনৰ জটিল পথত সাহসৰ বন্তি জ্বলাই আগুৱাই লৈ গ’ল, আজি সেই মানুহজনেই নীৰৱে শুই আছে। তেখেতৰ দুচকুত এক কৰুণ, ক্লান্ত চাৱনি, অথচ সেই চাৱনিত এতিয়াও তিৰবিৰাই উঠে মমতাৰ দীপ্তি, যিটো মই শৈশৱৰ পৰাই অনুভৱ কৰি আহিছো। 

দেউতাৰ মুখত বেদনাৰ ছাঁ দেখা পালে বুকুখন কঁপি উঠে। কিমান যে শক্তিশালী, কিমান যে সহনশীল মানুহ তেওঁ! ঘৰৰ সকলো দুখ-কষ্ট নিজৰ হাঁহিৰ আঁৰত লুকুৱাই ৰাখি আমাক ডাঙৰ-দীঘল কৰা সেই মানুহজনৰ চকুত যেতিয়া বেদনা, ক্লান্তি আৰু বিষাদৰ ছাঁ দেখা পাও, তেতিয়া পুত্ৰ হিচাপে আমাৰ মনত বহুতো স্মৃতিয়ে দোলা দি যায়। শৈশৱৰ সেই সৰু সৰু মুহূৰ্তবোৰ, দেউতাৰ কোলাত বহি শুনা সাধুকথাবোৰ, পঢ়া-শুনাৰ বাবে দিয়া উৎসাহবোৰ, কঠিন পৰিস্থিতিত দিয়া সাহসবোৰ— এইবোৰ স্মৃতিয়েইতো এতিয়া বুকুৰ মাজত ধুমুহাৰ দৰে ঘূৰি ফুৰিছে !

আইচিইউৰ দুৱাৰত থিয় হৈ দেউতালৈ চালে অন্তৰত দুটা ভিন্ন আবেগ জাগি উঠে — এটা ভয় আৰু আনটো আশা। ভয় এইবাবে যে সময় কাৰো বাবে ৰৈ নাথাকে আৰু আশা এইবাবেই যে দেউতাই পুনৰ আগৰ দৰেই কোমল হাঁহি এটাৰে আমাৰ জীৱন সাৰ্থক কৰিব। এই সময়খিনিত মোৰ প্ৰতিটো উশাহত, প্ৰতিটো নিশাহত কেৱল দেউতাৰ সুস্থতা বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা; পিতা-পুত্ৰৰ মাজৰ মৰম আৰু স্নেহৰ আঁচলত আবদ্ধ হৈ থকা ঐশ্বৰিক প্ৰেমেৰে ভগৱানৰ প্ৰতি আবদাৰ -- "প্ৰভু, দেউতাক সোনকালেই সুস্থ কৰি দিবা। দেউতাৰ সেই হাঁহিটো মোক পুনৰ ঘূৰাই দিয়া।" 🙏

Saturday, 31 January 2026

মন্দিৰ প্ৰাঙ্গনত এখন্তেক

 


আজি দুপৰীয়া সময়ত জীয়ৰী হিয়াৰ লগত এখন্তেক মন্দিৰলৈ গৈছিলোঁ। মন্দিৰৰ প্ৰাৰ্থনা, ঘণ্টাৰ শব্দ, ধূপৰ সুগন্ধি— এই সকলোবোৰে মনক প্ৰশান্তি দিয়ে। মন্দিৰ প্ৰাঙ্গণত ভক্তসকলৰ ভিৰৰ মাজতে এগৰাকী শীৰ্ণকায় মহিলাই অলপ দূৰৰ পৰাই যেন মোক লক্ষ্য কৰি আছিল। মই সেয়া বিশেষ গুৰুত্ব দিয়া নাছিলোঁ, কিয়নো প্ৰাৰ্থনাৰ শেষত ঘৰলৈ উভতি অহাটোৱেই মোৰ প্ৰধান বিষয় আছিল। কিন্তু উভতিবলৈ লৈছিলোঁ হে, তেতিয়াই দেখিলোঁ শীৰ্ণকায় আদবয়সীয়া মহিলা গৰাকী ধীৰে ধীৰে আমাৰ পিনেই আগবাঢ়ি আহিছে।

অনুচ্চ কণ্ঠেৰে তেওঁ সুধিলে, “আপুনিয়েই বাৰু প্ৰণৱজ্যোতি চাৰ নহয়নে?” সৰল প্ৰশ্নটোত যেন এক অচিনাকি আত্মীয়তাৰ উষ্ণতা লুকাই আছিল। মই মূৰ দুপিয়াই সন্মতি জনালোঁ। কিন্তু মনত একো স্পষ্ট ধাৰণা নাছিল। কোন হ'ব পাৰে তেওঁ? মুখমণ্ডলত এমোকোৰা হাঁহি সানি লৈ তেওঁ ক'বলৈ ধৰিলে : “আপোনাৰ চেহেৰাটো সলনি হৈ গ'ল চাৰ, চিনিবলৈ অলপ অসুবিধা হৈছিল। বহু বছৰ হ'ল যে !” সেই মুহূৰ্ততে যেন সময়ো অলপ থমকি ৰ’ল! বহু বছৰৰ ব্যৱধান যেন সেই ক্ষুদ্ৰ বাক্যকেইটাই সংকুচিত কৰি এটা লহমাত সামৰি থ'লে। 

কোন তেওঁ? মনত পেলাবলৈ চেষ্টা কৰিলেও মই একোৱেই উৱাদিহ পোৱা নাই। তেওঁ কৈ গ'ল : ত্ৰিশ বছৰ আগতে আপুনি মোক কলেজত পঢ়ুৱাইছিল। আপোনাৰ ক্লাছবোৰৰ কথা, খুহুটীয়া ধেমালিবোৰ আজিও মনত পৰে চাৰ। পিছলৈ বি.এচ.চি পাছ কৰি গাৱঁৰ কাষতেই এখন ভেঞ্চাৰ স্কুলত কাম কৰিবলৈ ল'লো।……

ত্ৰিশ বছৰ আগতে তেওঁ নিশ্চয় এগৰাকী অতিশয় সুন্দৰী যুৱতী আছিল। মুখমণ্ডলত সৌন্দৰ্যৰ দীপ্তি আৰু দুচকুত সপোনৰ মেটমৰা বোজা লৈ তেওঁ নিশ্চয় কলেজলৈ আহিছিল। সময়ে আজি তেওঁক স্পৰ্শ কৰিছে, যৌৱনৰ উজ্জ্বলতা ধীৰে ধীৰে যেন স্তিমিত হৈছে। এযোৰ সাধাৰণ মেখেলাচাদৰ, হাতত এটা সৰু ভেনিটি বেগ, কপালত সেন্দুৰৰ এটি উজ্জ্বল ফোঁটেৰে তেওঁ যে এগৰাকী ব্যস্ত গৃহিণী, কথাটো সহজেই অনুমেয়। 

ইতিমধ্যে জীৱনে বহু দিশ সলনি কৰিছে, সময়ে বহু দূৰ অতিক্ৰম কৰিছে। ত্ৰিশ বছৰ আগত ময়ো এজন সুঠাম যুৱক আছিলোঁ। কলেজত নতুনকৈ যোগদান কৰিছিলোঁ। আজি বয়সে মোকো চুই গৈছে আলফুলে। কিন্তু মোৰ ক্লাছবোৰ, মোৰ কথাবোৰ এতিয়াও তেওঁৰ মনত সজীৱ হৈ আছে বুলি কওঁতে তেওঁৰ দুচকুত এক উজ্জ্বল দীপ্তি দেখা গৈছিল। সেই দীপ্তিয়ে মোৰ অন্তৰতো আনন্দ জোৱাৰ তুলিলে। সেই আনন্দ, কোনো প্ৰশংসা পত্ৰ বা কোনো পদকে কেতিয়াও দিব নোৱাৰা এক গভীৰ তৃপ্তি। 

তেওঁ কৈ হ'ল : "স্কুলত কাম কৰাৰ দুবছৰ পিছতেই মোৰ বিয়া হ'ল। মোৰ স্বামী এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। মোৰ চাকৰিটো চৰকাৰী নোহোৱা বাবে বিয়াৰ পিছতেই মই স্কুলৰ পৰা অব্যাহতি ল'লো। এতিয়া মই এগৰাকী গৃহিণী……"

তেওঁ এগৰাকী গৃহিণী বুলি কওঁতে তেওঁৰ কণ্ঠত কোনো আক্ষেপ নাছিল। বৰঞ্চ সেয়া আছিল এক শান্ত স্বীকাৰোক্তি। কলেজৰ শিক্ষা সমাপ্তিৰ পিছত কেইটামান বছৰমান নিজৰ সপোন আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰখাৰ চেষ্টাৰে তেওঁ শিক্ষকতাও কৰিছিল। কিন্ত বিবাহ সম্পন্ন হোৱাৰ পিছত আজি তেওঁ ঘৰুৱা দায়িত্বৰে ব্যস্ত হৈ পৰা এগৰাকী ব্যস্ত গৃহিণী। তেওঁৰ স্বামীয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাবে, কণ কণ ল'ৰা ছোৱালীবোৰৰ সৰু সৰু মনবোৰ গঢ়ি তোলাত ব্যস্ত হৈ থকা এজন নীৰৱ যোদ্ধা। সেই কথা কওঁতে তেওঁৰ মুখমণ্ডলত এক সৰল গৰ্বৰ ছাঁ দেখা গ’ল, তাত নাছিল কোনো অপূৰ্ণতাৰ চিন, বৰঞ্চ জীৱন আৰু ব্যস্ততাক সহজ ভাবে গ্ৰহণ কৰাৰ এক সাহসী প্ৰকাশ আছিল।

কিমান যে সপোন আমি হৃদয়ত লৈ আগবাঢ়োঁ। তাৰে কিছুমান পূৰ্ণ হয় আৰু কিছুমানে অন্য ৰূপ লয়। সকলো আশা একে ধৰণে পুৰ নহয়। সপোন পুৰ নোহোৱা মানেই কিন্তু জীৱন ব্যৰ্থ হোৱা নুবুজায়।শিক্ষা কেৱল কলেজৰ ক্লাছৰ মাজতেই সীমাবদ্ধ নহয়। কোনোবাই বিদ্যালয়ত, কোনোবাই ঘৰৰ চৌহদত, কোনোবাই নিজৰ সন্তানৰ জীৱনত শিক্ষাৰ দীপ জ্বলাই ৰাখিবলৈ ব্যৱহাৰ কৰে। হয়তো তেওঁ আজি শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডৰ আগত থিয় হৈ ছাত্ৰ ছাত্ৰীৰ শিক্ষা প্ৰদান কৰা শিক্ষক নহয়, কিন্তু তেওঁৰ জীৱনৰ প্ৰতিটো পদক্ষেপতেই শিক্ষা আৰু মূল্যবোধৰ পৰশ ভৰি আছে।

মন্দিৰৰ ঘণ্টাটো পুনৰ বাজি উঠিল। তেওঁ নম্ৰভাৱে মোৰ পৰিয়ালৰ খৱৰ ল'লে। মোৰ জীয়ৰীৰ লগত চিনাকি হ'ল। জীয়ৰীয়ে সেই দৃশ্যবোৰ আশ্চৰ্যৰে চাই আছিল। আমি বিদায় ল’লোঁ। মন্দিৰ প্ৰঙ্গনৰ পৰা ওলাই আহোঁতে মোৰ অন্তৰ গভীৰ তৃপ্তিৰে ভৰি পৰিছিল। সেই তৃপ্তি এইবাবেই যে শিক্ষক হিচাপে আমি ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথিৰ জ্ঞানেই দিয়া নাছিলোঁ, আমি নীৰবেই বহুতৰে জীৱনত একো গছিকৈ বন্তি জ্বলাই থৈ আহিছিলোঁ, যিগছি বন্তি জীৱনৰ হাজাৰ ধুমুহাৰ মাজতো জ্বলি থাকে, ওৰে জীৱন…!


✍️ Pranabjyoti Das

Monday, 19 January 2026

শিৱমজ্যোতি দাসক শৈক্ষিক বঁটা প্ৰদান


ওদালগুৰি জিলা সাহিত্য সভাই ইকৰাবাৰী সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত ওদালগুৰি জিলাৰ ভিতৰত কৃতিত্বৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৬.৩৩ শতাংশ (সৰ্বোচ্চ) নম্বৰসহ উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থী অৰুণোদয় একাডেমিৰ ছাত্ৰ শ্ৰীমান শিৱমজ্যোতি দাসক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আজি ১৮ জানুৱাৰীৰ দিনা শৈক্ষিক বঁটা প্ৰদান কৰিছে।

দাতা : তজৰ আলী আহমেদ।
বঁটা: স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোছা, জাপি আৰু নগদ ধনৰ টোপোলা।

Friday, 9 January 2026

মহাকাশত অসমৰ গৌৰৱ লাচিত-১ উপগ্ৰহ


অসম আৰু সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ বাবে ই এক গৌৰৱময় মুহূৰ্ত যে অহা ১২ জানুৱাৰী, ২০২৬ তাৰিখে অসমৰ ড'নবস্কো ইউনিভাৰছিটিৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে নিৰ্মাণ কৰি উলিওৱা লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো মহাকাশৰ বুকুলৈ উৎক্ষেপণ কৰা হ’ব। এই উপগ্ৰহটো ISROPSLV-C62 ৰকেটযোগে উৎক্ষেপণ কৰা হ’ব, যাৰ বাবে ইতিমধ্যে সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চপেড সাজু কৰি তোলা হৈছে। ১২ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৭ মিনিটত লাচিত-১ উপগ্ৰহটো মহাকাশলৈ বুলি উৰা মাৰিব। এই উৎক্ষেপণটো হ'ব ২০২৬ চনৰ প্ৰথমটো ভাৰতীয় মহাকাশ অভিযান। অসমৰ ইতিহাসৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ নামত নামাকৰণ কৰা এই উপগ্ৰহটো সাহস, কৌশল আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ নেতৃত্বত নিৰ্মিত এই কৃত্ৰিম উপগ্ৰহটোৰ জৰিয়তে অসমে ভাৰতৰ মহাকাশ মানচিত্ৰত নিজৰ স্থান দৃঢ় কৰিব।

লাচিত–১ কেৱল এটা উপগ্ৰহই নহয়; বৰং ই উত্তৰ–পূৰ্বাঞ্চলৰ পৰা উদ্ভৱ হোৱা বৈজ্ঞানিক মেধা, প্ৰযুক্তিগত সক্ষমতা আৰু উদ্ভাৱনী চিন্তাৰ এক শক্তিশালী প্ৰতীক। অসমৰ শিক্ষানুষ্ঠানৰ যুৱ বিজ্ঞানীসকলৰ পৰিশ্ৰম আৰু শিক্ষকসকলৰ মাৰ্গ দৰ্শনৰ সমন্বয়ত গঢ় লৈ উঠা এই অভিযানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ অগণন ছাত্ৰ–ছাত্ৰী, শিক্ষক আৰু উদীয়মান বিজ্ঞানীসকলক নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব। লাচিত-১ উপগ্ৰহই এইটো প্ৰতীয়মান কৰে  যে অসমৰ মাটিত জন্ম লোৱা সপোনেও মহাকাশ স্পৰ্শ কৰিব পাৰে। 

লাচিত–১ৰ এটা মুখ্য কাম হ’ব মহাকাশত উপগ্ৰহ যোগাযোগ প্ৰযুক্তিৰ পৰীক্ষা নিৰীক্ষা। এই উপগ্ৰহটোৰ জৰিয়তে মহাকাশৰ পৰা পৃথিৱীৰ সৈতে সংকেত প্ৰেৰণ আৰু গ্ৰহণ ব্যৱস্থাৰ উন্নতিকৰণ সম্পৰ্কে পৰীক্ষা কৰা হ’ব, যাৰ সহায়ত ভৱিষ্যতে অধিক উন্নত যোগাযোগ উপগ্ৰহ নিৰ্মাণত সহায় হ'ব। ইয়াৰ উপৰিও লাচিত–১ উপগ্ৰহৰ সহায়ত Low Earth Orbit ত চলাচল কৰা উপগ্ৰহ প্ৰণালী, এইবোৰৰ স্থায়িত্ব, উপগ্ৰহৰ শক্তি ব্যৱস্থাপনা, সৌৰশক্তি সংগ্ৰহ আৰু তাপ নিয়ন্ত্ৰণ প্ৰণালীৰ ওপৰতো এলানি পৰীক্ষা কৰা হ’ব। 

লাচিত–১ নামৰ এই উপগ্ৰহটোৱে অসমৰ গৌৰৱ আৰু বিজ্ঞান শিক্ষাৰ মেধাৰে জিলিকি উঠা ভৱিষ্যতৰ একাজলি প্ৰতিশ্ৰুতি বুকুত বান্ধি মহাকাশলৈ উৰা মাৰিব। এজন অসমীয়া হিচাবে লাচিত–১ উপগ্ৰহক লৈ আমি সকলোৱে গৌৰৱ কৰিব পাৰো। কাৰণ ই কেৱল এক বৈজ্ঞানিক সাফল্য নহয়, বৰঞ্চ অসমৰ ইতিহাস, আত্মসম্মান আৰু আধুনিক বিজ্ঞানৰ এক শক্তিশালী প্ৰদৰ্শন। লাচিত বৰফুকনৰ দৰে বীৰ সেনাপতিৰ নাম বহন কৰা এই উপগ্ৰহই মহাকাশৰ পৰাই সমগ্ৰ বিশ্বক জনাই দিব যে অসমৰ বীৰত্ব কেৱল যুদ্ধক্ষেত্ৰতেই সীমাবদ্ধ নহয়, বৰং আজি সেই বীৰত্ব জ্ঞান, প্ৰযুক্তি আৰু মহাকাশ অভিযানৰ মাজেৰেও প্ৰদৰ্শিত হৈছে। অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ মেধা কোনো দিশত কম নহয়। অসমৰ মাটিটো যে বিশ্বমানৰ বিজ্ঞানী, উদ্ভাৱক আৰু স্বপ্নদ্ৰষ্টা আছে - এই সত্যকেই লাচিত–১ নামৰ উপগ্ৰহটোৱে প্ৰতিষ্ঠা কৰক। 🚀 

✍️ প্ৰণৱজ্যোতি দাস, টংলা।

Saturday, 3 January 2026

মঙল গ্ৰহত ঘড়ীৰ কাটা দ্ৰুত গতিৰ হয়


আমি সাধাৰণতে সময়ক সৰ্বত্ৰ একে গতিৰে প্ৰবাহমান বুলি ভাবোঁ, কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে দেখুৱাইছে যে সময়ৰ গতি সকলো ঠাইতে একে নহয়। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্ব অনুসৰি সময়ৰ প্ৰবাহ মাধ্যাকর্ষণ আৰু পদাৰ্থৰ গতিৰ ওপৰত নিৰ্ভৰশীল। এই তত্ত্বৰ আধাৰত বিজ্ঞানীসকলে এটা আমোদজনক সত্যৰ সন্ধান উলিয়াইছে — মংগল গ্ৰহত ঘড়ীৰ কাটা পৃথিৱীৰ তুলনাত অলপ বেছি দ্ৰুত গতিৰে প্ৰবাহিত হয়।

ঘড়ীৰ কাটাৰ এই দ্ৰুততাৰ কাৰণবোৰৰ ভিতৰত মাধ্যাকর্ষণৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাধাৰণ আপেক্ষিকতাৰ মতে শক্তিশালী মাধ্যাকর্ষণে সময়ক অলপ ধীৰ কৰি তোলে। যিমানেই মাধ্যাকর্ষণ বেছি হয়, সময় সিমানেই ধীৰে প্ৰবাহিত হয়। আমাৰ পৃথিৱীখন মংগল গ্ৰহতকৈ ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। পৃথিৱীৰ ভৰ প্ৰায় 5.97 × 10²⁴  কিলোগ্ৰাম, আৰু মংগল গ্ৰহৰ ভৰ প্ৰায় 6.42 × 10²³  কিলোগ্ৰাম। অৰ্থাৎ মংগল গ্ৰহৰ ভৰ পৃথিৱীৰ প্ৰায় এক-দশমাংশ। পৃথিৱীত মাধ্যাকর্ষণ শক্তি প্ৰায় 9.8 m/s², কিন্ত  মংগল গ্ৰহত এই মান মাত্ৰ 3.7 m/s²। মংগল গ্ৰহত মাধ্যাকর্ষণ কম হোৱাৰ বাবে তাত সময় ধীৰ হয়, ফলত মঙলত থকা ঘড়ী পৃথিৱীৰ ঘড়ীতকৈ অলপ বেছি দ্ৰুত গতিৰে চলে।

বিশেষ আপেক্ষিকতাৰ মতে পদাৰ্থৰ গতিৰ বাবেও সময় ধীৰ হয়। কোনো বস্তু যিমানেই বেছি বেগেৰে গতি কৰে, সেই বস্তুটোৰ সময় সিমানেই ধীৰে হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰায় 29.8 km/s বেগেৰে পৰিভ্ৰমণ কৰে, আনহাতে মংগল গ্ৰহৰ কক্ষীয় বেগ প্ৰায় 24.1 km/s। পৃথিৱীৰ গতি বেছি হোৱাৰ বাবে তাত সময় অলপ বেছি ধীৰ হয়। মংগল গ্ৰহ তুলনামূলকভাৱে ধীৰে চলাৰ বাবে তাত এই প্ৰভাৱ কম, যাৰ ফলত মঙলত ঘড়ীৰ কাটা অলপ বেছি দ্ৰুত গতিৰে আগবাঢ়ে।

মাধ্যাকর্ষণ আৰু গতি — এই দুয়োটা প্ৰভাৱ একেলগে বিবেচনা কৰিলে দেখা যায় যে মংগল গ্ৰহত মাধ্যাকর্ষণ কম আৰু কক্ষীয় গতি ধীৰ হোৱাৰ বাবে, পৃথিৱীৰ তুলনাত তাত সময় অলপ বেছি দ্ৰুত গতিৰে বয়। বিজ্ঞানীসকলৰ গণনাৰ মতে এই পাৰ্থক্য এদিনত মাথোঁ কেইটামান মাইক্র'ছেকেণ্ড। যদিও সাধাৰণ জীৱনত এই সময়ৰ পাৰ্থক্য প্ৰায় নগণ্য, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি। মহাকাশযানৰ পথ-নির্দেশনা, উপগ্ৰহ যোগাযোগ আদিৰ ক্ষেত্ৰত এই পাৰ্থক্য অতি গুৰুত্বপৰ হৈ পৰে। সেয়েহে মঙল গ্ৰহলৈ অভিযান চলাওঁতে বিজ্ঞানীসকলে সময়ৰ এই আপেক্ষিকতাৰ প্ৰভাৱবোৰ সঠিকভাৱে ধৰি চলে। এই তথ্যই পুনৰ বাৰ প্ৰমান কৰে যে সময় স্থিৰ বা সৰ্বজনীন নহয়; বৰং সময় মাধ্যাকর্ষণ আৰু গতিৰ দ্বাৰা প্ৰভাৱিত হয়।

✍️  প্ৰণৱজ্যোতি দাস, টংলা।

 

Friday, 2 January 2026

মহাবিশ্বৰ শেষ পৰিণতি


মহাবিশ্বৰ শেষ পৰিণতি কেনেকুৱা হ’ব? মহাবিশ্ব কি চিৰকাল ধৰি প্ৰসাৰিত হৈ থাকিব নে এদিন সকলো ধ্বংস হৈ যাব? মহাবিশ্বৰ অন্তিম পৰিণতি কেনেকুৱা হ’ব পাৰে, এই বিষয়ে বিজ্ঞানীসকলে শেহতীয়াকৈ এক ভিন্ন ধৰণৰ তথ্য আগবঢ়াইছে। তেওঁলোকৰ মতে, ৰহস্যময় ডাৰ্ক এনার্জি বা "অন্ধকাৰ শক্তি"ৰ প্ৰভাৱত মহাবিশ্বৰ সমাপ্তি এটা মহাপ্ৰলয়ৰ জৰিয়তে হ’ব। জ্যোতিৰ্বিজ্ঞানীসকলে এই সম্ভাৱ্য পৰিণতিক “বিগ ক্ৰাঞ্চ” বা “মহা সংকোচন” বুলি আখ্যা দিছে।

যোৱা কেইবাটাও দশক ধৰি এটা ধাৰণা প্ৰচলিত আছিল যে বিগ বেং বা মহাবিস্ফোৰণৰ জৰিয়তে আৰম্ভ হোৱা মহাবিশ্বৰ প্ৰসাৰণ ডাৰ্ক এনার্জিৰ প্ৰভাৱত চিৰকাল ত্বৰান্বিত হৈ থাকিব। কিন্তু দক্ষিণ কোৰিয়াৰ ছিউলস্থিত ইয়নছেই বিশ্ববিদ্যালয়ৰ অধ্যাপক ইয়াং উক্লি আৰু তেওঁৰ সহকৰ্মী সকলে কৰা নতুন বিশ্লেষণে এই ধাৰণাক প্ৰত্যাহ্বান জনাইছে। ১৯৯৮ চনৰ বিখ্যাত ছুপাৰনোভাৰ তথ্য পুনৰ বিশ্লেষণ কৰি দেখা গৈছে যে ডাৰ্ক এনার্জি সময়ৰ লগে লগে দুৰ্বল হৈ পৰিছে। যদি ডাৰ্ক এনার্জি সঁচাকৈয়ে দুৰ্বল হৈ পৰে, তেন্তে এসময়ত মহাকৰ্ষণ বল অধিক শক্তিশালী হৈ উঠিব। তেতিয়া মহাবিশ্বৰ প্ৰসাৰণ থমকি ৰ’ব আৰু ওলোটা প্ৰক্ৰিয়া আৰম্ভ হ’ব। সেই সময়ত গ্যালাক্সিসমূহ এটা আনটোৰ পৰা আঁতৰি যোৱাৰ সলনি পুনৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিব। এই সন্দৰ্ভত অধ্যাপক উক্লিয়ে কয় যে ডাৰ্ক এনার্জিৰ এই পৰিবৰ্তনে মহাবিশ্বৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব।

এৰিজোনা মৰুভূমিত স্থাপন কৰা এটা টেলিস্কোপত সংযোজিত ডাৰ্ক এনার্জি স্পেকট্ৰোস্কোপিক ইনষ্ট্ৰুমেণ্টৰ পৰা কিছুমান ইতিমধ্যে কিছু আচৰিত তথ্য সংগ্ৰহ কৰা হৈছে। যুক্তৰাজ্যৰ ইউনিভাৰ্চিটি কলেজ অধ্যাপক অফাৰ লাহাফে এই তথ্যসমূহৰ বিশ্লেষণ কৰি জনাইছে যে গ্যালাক্সিসমূহৰ গতিবৃদ্ধিৰ হাৰ সময়ৰ লগে লগে সলনি হৈছে। তেওঁৰ মতে, ডাৰ্ক এনার্জিৰ এই হ্ৰাস-বৃদ্ধিয়ে পদাৰ্থবিজ্ঞানৰ সম্পূৰ্ণ কাঠামোকেই কঁপাই তুলিব পাৰে।

যদি বিগ ক্ৰাঞ্চ সঁচাকৈয়ে ঘটে, তেন্তে পৃথিৱীত থকা মানুহৰ বাবে প্ৰথম সংকেতটো আহিব ৰাতিৰ আকাশৰ পৰা। ৰাতিৰ আকাশত দেখা যাব যে দূৰৱৰ্তী গ্যালাক্সিসমূহ আমাৰ দিশে দৌৰি আহিছে। মহাকাশত গ্যালাক্সিসমূহৰ ঘনত্ব বৃদ্ধি হৈ পৰিব আৰু বিভিন্ন নক্ষত্ৰবোৰে এটাই আনটোৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব। সেই সময়ত আটাইতকৈ ভয়ংকৰ পৰিৱর্তন হ’ব তাপমাত্রাৰ ক্ষেত্ৰত। বৰ্তমান মহাকাশৰ গড় তাপমাত্রা পৰম শূন্যৰ অতি ওচৰত। কিন্তু সংকোচনৰ ফলত কসমিক মাইক্র’ৱেভ বেকগ্ৰাউণ্ড বা মহাজাগতিক বিকিৰণবোৰ উত্তপ্ত হ’বলৈ আৰম্ভ কৰিব। ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ তথ্য অনুসাৰে, এই তাপমাত্রা কেইহাজাৰ ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাব পাৰে।

যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিশেষজ্ঞসকলৰ মতে, অতি উচ্চ তাপমাত্রাত মহাবিশ্বৰ হাইড্ৰ’জেন পৰমাণুবোৰ প্ৰ’টন আৰু ইলেক্ট্ৰনত বিভক্ত হৈ পৰিব। ইয়াৰ ফলত মহাবিশ্বৰ সকলোবোৰ আন্তঃগ্যালাক্টিক পদাৰ্থ মিলি এক জ্বলন্ত পিণ্ডত পৰিণত হ’ব আৰু সৰ্বশেষত সমগ্ৰ মহাবিশ্ব এক বিশাল অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হ’ব। সেই সময়ত সময় আৰু স্থানকে আদি কৰি সকলো বস্তুৰ অস্তিত্ব সম্পূৰ্ণৰূপে লুপ্ত হৈ যাব।

Tuesday, 23 December 2025

The Crow Autopsy


যেতিয়া এটা কাউৰী মৰে, তেতিয়া আন কাউৰীবোৰে মৃত কাউৰীটো ঘেৰি ধৰে। সিহঁতে শোক নকৰে; বৰং কাউৰীটো কিয় মৰিল বা কেনেকৈ মৰিল সেই বিষয়ে অনুসন্ধান কৰে। এয়া এক প্ৰকাৰৰ ঘটনাৰ তদন্ত। দূৰ-দূৰণিৰ পৰা কাউৰীবোৰ অতি দ্ৰুতগতিত আহি উপস্থিত হয়হি। সিহঁতে মৃত কাউৰীটোক ঘেৰি ধৰি অনুসন্ধান আৰম্ভ কৰে আৰু প্ৰতিটো খুঁটিনাটি মনত ৰাখে। স্থান, সময় আৰু পৰিৱেশ সিহঁতে অতি সূক্ষ্মভাৱে অধ্যয়ন কৰে। সম্ভাৱ্য বিপদসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰে আৰু কেনেকৈ মৃত্যুৰ পৰা বাচি থাকিব পাৰি সেইটোও শিকে। এই তথ্যবোৰ সিহঁতে সমগ্ৰ কাউৰীবোৰৰ মাজত প্ৰচাৰ কৰে। বিপদসমূহ সিহঁতে বছৰ বছৰ ধৰি মনত ৰাখে, আনকি নিজৰ পোৱালীবোৰকো সতৰ্ক কৰি দিয়ে। যদি কোনো মানুহে কাউৰীটো মাৰিছে, তেন্তে সিহঁতে সেই মানুহজনৰ মুখখন মনত ৰাখে। সিহঁতে প্ৰতিশোধ ইচ্ছা ধৰি ৰাখে আৰু পুনঃপুনঃ সেই ব্যক্তিজনক আক্ৰমণ কৰাৰ চেষ্টা কৰে।

When a crow dies, other crows gather around it. They don't mourn but investigate what might have killed It. It's a crime scene investigation. Crows arrive from everywhere very fast. They circle the dead crow and remember every detail of their investigation carefully. They study the location, time and surroundings meticulously. They try to identify the threats and learn how to avoid death. They spread the information through the entire crow community. They remember the dangers for years. They even warn their offspring. If a human has killed the crow, they remember the face. They hold grudges and make attempts to attack that person again and again.

 

Wednesday, 10 December 2025

বিশ্বব্ৰহ্মাণ্ডৰ ঘূৰ্ণনশীল পদাৰ্থবোৰ

 

বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তুৱেই ঘূৰ্ণনশীল। ইয়াৰ কাৰণ বিগ বেং অথবা মহানাদৰ পাছত সৃষ্টি হোৱা মহাকৰ্ষণ বা গ্ৰেভিটি আৰু স্পেছ-টাইম। সৃষ্টিৰ আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ সমভাৱে বিতাৰিত হৈ থকা নাছিল। বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান অঞ্চলত পদাৰ্থৰ ঘনত্ব অতি বেছি আছিল আৰু আনহাতে কিছুমান অঞ্চলত পদাৰ্থৰ ঘনত্ব তুলনামূলকভাৱে কম আছিল। পদাৰ্থৰ ঘনত্বই যিহেতু মহাকৰ্ষণৰ মান নিৰ্ণয় কৰে, সেয়ে স্বাভাৱিকতে মহাকাশৰ অধিক ঘণত্বৰ স্থানবোৰত তীব্ৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত কেতবোৰ গভীৰ ‘'গ্ৰেভিটি ৱেল'’ বা মহাকর্ষণীয় খাঁদৰ সৃষ্টি কৰিছিল।
ইয়াৰ ফলত অধিক ঘণত্বৰ পদাৰ্থ থকা অঞ্চলবোৰৰ এই মহাকর্ষণীয় খাঁদবোৰৰ চৌদিশে কম ঘণত্বৰ অঞ্চলৰ পদাৰ্থসমূহৰ এক প্ৰবাহ হৈছিল বা সোত বৈছিল আৰু এই পদাৰ্থবোৰ মহাকর্ষণীয় খাঁদবোৰৰ চৌদিশে এক নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত মহাবিশ্বত গ্ৰহ নক্ষত্ৰবোৰৰ জন্মই হোৱা নাছিল। নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰা এই সকলোবোৰ পদাৰ্থই কৌণিক ভৰবেগ লাভ কৰিছিল। ঘূৰ্ণীয়মান এই পদাৰ্থবোৰৰ কৌণিক ভৰবেগক বাধা দিবলৈ যিহেতু মহাকাশত বেলেগ কোনো কাৰক বা বল নাই, সেয়েহে পদাৰ্থবোৰে অবিৰত ঘূৰ্ণন লাভ কৰিছিল।
পিছলৈ মহাবিশ্বত সৃষ্টি হোৱা গ্ৰহ, নক্ষত্ৰ, তাৰকামণ্ডল, নীহাৰিকাপূঞ্জ আনকি পদাৰ্থৰ অন্তৰ্নিহিত পৰমাণুৰবোৰেও এই কৌণিক ভৰবেগ লাভ কৰিছিল আৰু অবিৰতভাবে ঘূৰ্ণন গতি লাভ কৰিছিল। এয়া কোনো অলৌকিক যাদু নহয়, বৰং ই এক স্পেছ-টাইম আৰু মহাকৰ্ষণৰ প্ৰভাৱ। মহাকৰ্ষণে স্থান বা স্পেছক বক্ৰ কৰে, আৰু পদাৰ্থবোৰে সেই বক্ৰ পথেৰে অবিৰত যাত্ৰা চলাই নিয়ে। এই ঘূৰ্ণনেই বিশ্বব্ৰহ্মাণ্ডৰ জীৱন। সেয়েহে বিজ্ঞানীসকলে কয় - "Spinning is literally built into the universe’s architecture"

Wednesday, 19 November 2025

অনুভৱৰ এটা তাৰিখ


জন্মদিন কেৱল এটা তাৰিখ নহয়, বৰং এনে এটা দিন - যিদিনা জীৱনে এখন আইনা তুলি ধৰে জীৱনৰ সন্মুখত আৰু নিজকে চাবলৈ বাধ্য কৰে সেই অদৃশ্য আইনাখনত।
জন্মদিন দুটা। এটা কেলেণ্ডাৰৰ পাতৰ আৰু আনটো হৃদয়ৰ। কেলেণ্ডাৰৰ জন্মদিনটো ৰাজহুৱা, কোলাহল পূৰ্ণ। হৃদয়ৰ জন্মদিনটো ব্যক্তিগত। কেৱল নিজৰ বাবে এক উদযাপনহীন নীৰৱ দিন, যিদিনা অন্তৰ্দৃষ্টিৰে জীৱনলৈ ঘূৰি চাব পাৰি। এই জন্মদিন উপলব্ধিৰ! এই জন্মদিন অনুভৱৰ!


 

Monday, 10 November 2025

প্ৰত্যাখ্যান, প্ৰেৰণা আৰু অহংকাৰ


ইটালীৰ এজন যুৱক, যাৰ দুচকুত ৰেচিং-কাৰ চালক হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ এক দুৰ্বাৰ সপোন। সেই সপোনৰ পম খেদিয়েই এদিন তেওঁ যোগ দিছিলহি Alfa Romeo নামৰ এটা প্ৰতিষ্ঠানত, য'ত তেওঁ নিজৰ আত্মাক সঁপি দিছিল গাড়ীৰ গৰ্জন আৰু গতিৰ লেকাম চিঙা উন্মাদনাৰ মাজত। তেওঁৰ নাম (Enzo Ferrari) এঞ্জো ফেৰাৰী। Alfa Romeo নামৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন মডেলৰ স্পোর্টচ-কাৰ নিৰ্মাণ কৰে, যিবোৰৰ আইকনিক ডিজাইন আৰু কায্য কুশলতা সমগ্ৰ বিশ্বতেই পৰিচিত। ইটালীৰ তুৰিণ চহৰত অৱস্থিত ষ্টেলাটিনচ্ (Stellantis) নামৰ এটা বৃহৎ অটোমোটিভ কোম্পানীৰ এটা অংশ হিচাপে Alfa Romeo বিশ্ববন্দিত।

যুৱক এঞ্জো ফেৰাৰীৰ দৃষ্টিভংগী আছিল অত্যন্ত গভীৰ আৰু অনুপ্ৰেৰণামূলক । তেওঁৰ জীৱনৰ মূল দৰ্শন আছিল - “গাড়ী কেৱল যাত্ৰাৰ বাবে নহয়, ই এক অনুভৱ।” তেওঁ বিশ্বাস কৰিছিল যে গাড়ী মানে কেৱল ইঞ্জিন, গতি আৰু যান্ত্ৰিক শক্তিৰ সংমিশ্ৰণ নহয়, বৰং ই মানুহৰ আত্মা, আবেগ আৰু গৌৰৱৰ এক প্ৰতিফলন। Alfa Romeo নামৰ প্ৰতিষ্ঠানটোত ৰেচিং কাৰৰ চালক হিচাবে কাম কৰোতে ফেৰাৰীয়ে তেওঁৰ মনৰ কথাবোৰ সৰোগত কৰি প্ৰতিষ্ঠানটোৱে বনোৱা গাড়ীবোৰৰ উন্নতিকৰণৰ বাবে কিছু প্ৰস্তাৱ দাঙি ধৰিছিল। কিন্তু তেতিয়াই খেলিমেলি লাগিছিল। কাৰণ প্ৰতিষ্ঠানটোৱে ফেৰাৰীক বিচাৰিছিল ৰেচিং কাৰৰ এজন ড্ৰাইভাৰ হিচাবেহে ! সেয়ে ফেৰাৰীৰ পৰামৰ্শবোৰ গ্ৰহণ কৰিবলৈ প্ৰতিষ্ঠানটো অমান্তি হয়। আৰু তেতিয়াই অৰ্থাৎ ১৯৩৯ চনত ফেৰাৰীয়ে অন্তৰত এক প্ৰতিজ্ঞা লৈ দুখ মনেৰে Alfa Romeo ত্যাগ কৰে।
তাৰপিছত এঞ্জো ফেৰাৰীয়ে আৰম্ভ কৰে তেওঁৰ নিজৰ সপোনক বাস্তৱত পৰিণত কৰাৰ এক কঠোৰ সংগ্ৰাম। প্ৰায় সাত বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ বাবে ১৯৪৭ চনত তেওঁৰ সপোনে বাস্তৱৰ পথত খোজ পেলালে জ্বলন্ত আঙঠাৰ দৰে ৰঙেৰে উদ্ভাসিত এখন চাৰিচকীয়া বাহনৰ ৰূপত, যাৰ নাম ৰাখিলে - "ফেৰাৰী"। উচ্চ গতি, শক্তিশালী ইঞ্জিন, অতুলনীয় ডিজাইন, তীক্ষ্ণ হেণ্ডলিং আৰু কণ্ট্ৰোল, বিশেষকৈ ফেৰাৰীৰ ইঞ্জিনৰ সেই বিশেষ গর্জন যাক “Ferrari Roar” বোলা হয় -- সেই প্ৰযুক্তিগত আৰু প্ৰতীকী বৈশিষ্ট্যবোৰৰ বাবে ফেৰাৰীৰ (Ferrari) গাড়ীবোৰ বিশ্বত আজিও বিলাসিতা, গতি আৰু প্ৰযুক্তিগত নিখুঁততাৰ এক প্ৰতীক হিচাপে জিলিকি আছে।
সেই সময়ত ইটালীৰ আন এজন ডেকা ল'ৰাই নিজে স্থাপন কৰা "Trattori" নামৰ ফেক্টৰীত ট্ৰেক্টৰ নিৰ্মাণ কৰি ইতিমধ্যে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল। তেওঁৰ নাম Ferruccio Lamborghini (ফেৰুচ্চিও লাম্ব'ৰগিনি)। ইতিমধ্যে তেওঁ নিজৰ কষ্টেৰে আর্জন কৰা ধনেৰে ব্যৱসায়ৰ প্ৰয়োজনত কেইখনমান Ferrari ক্ৰয় কৰিছিল। কিন্তু তেওঁ দেখিছিল যে সেই গাড়ীবোৰৰ ইঞ্জিনৰ কেতবোৰ কৰ্কশ যান্ত্ৰিক শব্দই কেতিয়াবা কেতিয়াবা সেই মাদকতাময় Ferrari Roar ম্লান কৰি তোলে। তদুপৰি তেখেতে নিজৰ Ferrari গাড়ীকেইখনৰ ক্লাচৰ সমস্যাও দেখা পাইছিল। সেয়েহে এজন মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে নিজৰ পৰামৰ্শ লৈ তেওঁ গৈছিল এঞ্জো ফেৰাৰীৰ ওচৰলৈ।
লাম্ব'ৰগিনিৰ পৰামৰ্শ শুনি ফেৰাৰীৰ মুখমণ্ডলত ফুটি উঠিছিল চৰম বিৰক্তিৰ ভাব। এয়া যেন বিশ্ববন্দিত ফেৰাৰী গাড়ীবোৰক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ এক প্ৰচেষ্টা হে মাথোন ! বিৰক্ত হৈ এঞ্জো ফেৰাৰীয়ে লাম্ব'ৰগিনিক কৈছিল — “তুমি ফেক্টৰীত ট্রেক্টৰ হে বনোৱা, মই পিছে গাড়ী বনাও, একেবাৰে মসৃণ…।” বিশ্ববিখ্যাত গাড়ী নিৰ্মাতা ফেৰাৰীৰ এই কথাখিনিয়ে লাম্ব'ৰগিনিৰ বুকুত যেন এপাত শেল হৈ বিন্ধিলে! তেওঁৰ আত্মসন্মানত আঘাত লাগিল। নীৰৱে লাম্ব'ৰগিনি তাৰপৰা আঁতৰি আহিল, বুকুত এটা প্ৰতিজ্ঞা লৈ -- “মই নিজে এনে এখন গাড়ী প্ৰস্তুত কৰি উলিয়াম, যিখন চলাবলৈ ফেৰাৰীও আগ্ৰহী হ’ব।”
ফেৰাৰীৰ প্ৰত্যাখ্যানে জেদী কৰি তুলিছিল লাম্ব'ৰগিনিক। অৱমূল্যায়নেই কেতিয়াবা সৃষ্টিৰ কাৰক হৈ উঠে। লাম্ব'ৰগিনিয়ে যেন তাকেই পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে। ১৯৬৬ চনত লাম্ব'ৰগিনিয়ে বিশ্বক উপহাৰ দিলে এখন নতুন কাৰ - Lamborghini 350 GT। আৰু তাৰপিছত তেওঁ থমকি ৰ'বলগীয়া নহ'ল। পৰবৰ্তী সময়ত প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিওৱা বিশ্ববিখ্যাত মডেল সমূহ যেনে, Lamborghini Miura, Lamborghini Countach, Lamborghini Diablo, আৰু Lamborghini Aventador-এ লাম্ব'ৰগিনিক এক আইকন হিচাপে প্ৰতিষ্ঠা কৰি তুলিলে। আজিৰ দিনত Lamborghini Miura সমগ্ৰ বিশ্বজুৰি এক চমক, সৌন্দৰ্য, গতি, আৰু গৌৰৱৰ মিশ্ৰণ। আৰু এনেদৰেই জন্ম হ'ল "Automobili Lamborghini" নামৰ ইটালীৰ গাড়ী নিৰ্মাণ কৰা বিখ্যাত প্ৰতিষ্ঠানটিৰ। ফেৰুচ্চিও লাম্ব'ৰগিনিয়ে অপমান আৰু প্ৰত্যাখ্যানক প্ৰেৰণালৈ পৰিণত কৰি নিজৰ বাবে সফলতাৰ পথ সৃষ্টি কৰিছিল। তেওঁৰ গাড়ীসমূহ আজিও শক্তি, গতি আৰু সৌন্দৰ্যৰ প্ৰতীক।
তাৰপিছত, এদিন মাত্ৰ দুযোৰ সাজপাৰ এটা চুটকেচত বান্ধি এজন যুৱক আহিল দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ পৰা। তেওঁৰ নাম Horacio Pagani (হোৰাচিও পাগানি)। তেওঁৰ সপোন আছিল ইটালীৰ প্ৰতিষ্ঠিত "Lamborghini"ত এজন ইঞ্জিনিয়াৰ হিচাবে কাম কৰা। যোগ্যতাৰ ভিত্তিত তেওঁ লাম্ব'ৰগিনিত কাম কৰিবলৈ আৰম্ভ কৰে, য’ত তেওঁ লাম্ব'ৰগিনিৰ Countach আৰু Diablo মডেল দুটাৰ উন্নত সংস্কৰণৰ ডিজাইন তৈয়াৰ কৰিছিল। পিছলৈ তেওঁ লাম্ব'ৰগিনিৰ বিভিন্ন মডেল সমূহৰ বডি তৈয়াৰ কৰাত নতুন মেটেৰিয়েল ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি লাম্ব'ৰগিনিক গাড়ীৰ বডিত কার্বন ফাইবাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। পাগানিৰ মতে ইয়াৰ ফলত লাম্ব'ৰগিনিৰ গাড়ীবোৰৰ ওজন হ্ৰাস পোৱাৰ লগতে মাইলেজ আৰু গতি দুয়োটাই বৃদ্ধি হ'ব। পাগানিৰ এই প্ৰস্তাৱত অসন্মতি প্ৰকাশ কৰে লাম্ব'ৰগিনিয়ে।
লাম্ব'ৰগিনিৰ দ্বাৰা প্ৰত্যাখ্যিত হোৱাৰ পিছত পাগানিয়ে মনতে সংকল্প ল'লে যে তেওঁ নিজৰ এটা গাড়ীৰ কোম্পানী বনাব য'ত তেওঁ নিজৰ সপোনক বাস্তৱত ৰূপ দিব। তেওঁ লাম্ব'ৰগিনি এৰি নিজৰ কিছু সম্পত্তি বিক্ৰী কৰিলে আৰু বেংকৰ পৰা ঋণ লৈ ১৯৯৯ চনত স্থাপন কৰিলে "Pagani Automobili" নামৰ গাড়ী নিৰ্মাণ কাৰখানাটো। এই কাৰখানাতেই তেওঁ তৈয়াৰ কৰি উলিয়ালে পাগানিৰ প্ৰথমখন সম্পূৰ্ণৰূপে কাৰ্বন ফাইবৰৰে নিৰ্মিত চাৰিচকীয়া গাড়ী -- Pagani Zonda। পাগানিয়ে দিয়া প্ৰতিশ্ৰুতি মতেই এই গাড়ীখনে অত্যন্ত পাতল, কিন্তু ষ্টিলতকৈ বহু গুণ মজবুত আৰু সুৰক্ষিত বাহন হিচাবে বজাৰত আত্মপ্ৰকাশ কৰে। তাৰ পিছত পাগানিয়ে Pagani Huayra আৰু Huayra-R নামৰ মডেল দুটাত এই কাৰ্বন ফাইবাৰক আৰু অধিক উন্নত কৰি Carbo Titanium আৰু Carbo Triax নামৰ বিশেষ কম্পোজিট মেটেৰিয়েল ব্যৱহাৰ কৰে। ইতিমধ্যে পাগানিৰ গাড়ীৰ বিভিন্ন মডেলবোৰে সমগ্ৰ বিশ্বক মুগ্ধ কৰি তোলে। পাগানিৰ গাড়ীবোৰে জনমানসত এক নতুন ধাৰণৰ জন্ম দিলে -- পাগানি কেৱল এখন গাড়ী নহয়, পাগানি হ'ল এক চলমান শিল্পকর্ম।
সেই সময়তেই আমেৰিকাৰ এজন যুৱক John Hennessey-এ সপোন দেখিছিল বিশ্বৰ আটাইতকৈ দ্ৰুত গতিৰ গাড়ী সাজিবলৈ। মানুহে কৈছিল, এয়া অসম্ভৱ। কথিত আছে যে হেনেছিৰ প্ৰস্তাৱ পাগানিয়েও নাকচ কৰিছিল। কিন্তু হেনেছিৰ মনোবল ভাঙি নপৰিল। তেওঁ নিজৰ ইঞ্জিন, নিজৰ পৰিচয় আৰু নিজৰ বুদ্ধিমত্তৰে গঢ়ি তুলিলে নিজৰ সাম্ৰাজ্য - "Hennessey Performance"। এই প্ৰতিষ্ঠানে সাজি উলিওৱা গাড়ী Venom GT আৰু Venom F5 হৈছে অবিশ্বাস্য গতিৰ পৰিচায়ক।
প্ৰত্যাখ্যানৰ এই শৃংখলাই এইটোকেই প্ৰমাণ কৰে যে -- প্ৰত্যাখ্যানে মনোবলক হত্যা কৰিব নোৱাৰে, বৰং ই এক নতুনত্বৰ আৰম্ভণিও হ'ব পাৰে। প্ৰত্যাখ্যান জীৱনৰ মানদণ্ড নহয়, ই হ'ল জীৱনৰ এনে এক মুহূৰ্ত, যিয়ে জীৱনক গৌৰৱময় সোণোৱালী দিনৰ দিশে আগুৱাই লৈ যোৱাৰ প্ৰেৰণা দিব পাৰে।

Thursday, 23 October 2025

শিক্ষক হিচাপে মোৰ প্ৰথম দিনটো


জীৱনৰ কিছুমান এনে বিশেষ দিন থাকে যিবোৰ কেতিয়াও পাহৰি নোৱাৰি। মোৰ শিক্ষক জীৱনৰ প্ৰথম দিনটোও ঠিক তেনেকুৱাই! এবুকু সপোনৰ মেটমৰা বোজা লৈ বিদ্যালয়ৰ গেটখন পাৰ হোৱাৰ লগে লগেই মোৰ হাত ভৰিবোৰ যেন কঁপিবলৈ ধৰিলে! ভুতৰ ওপৰত দানব পৰা দি বুকুৰ ভিতৰত ঢোলৰ চাপৰৰ দৰে হৃদপিণ্ডটোৱেও ধপধপাবলৈ ধৰিলে!

ইষ্ট দেৱতাৰ নামলৈ চুচুক চামাককৈ আগবাঢ়ি অধ্যক্ষ মহোদয়ৰ কোঠা পালোহি। তেখেতৰ হাতত "জইনিং লেটাৰ"খন তুলি দিয়াৰ পিছত, কলিং বেলটৌ বজাই  পিয়ন এজনক মাতি পঠিয়ালে আৰু তেওঁৰ লগত মোক শিক্ষকৰ জিৰণি কোঠালৈ লৈ যাবলৈ নিৰ্দেশ দিলে। জিৰণি কোঠাত চা-চিনাকি পৰ্বটো চলি থকা সময়ত লাহে লাহে যেন সাহস অকণমান ঘূৰাই পাইছিলো। 

ক্ষন্তেক পিছতেই ঘণ্টা বাজিল। এইবাৰ উপাধ্যক্ষ মহোদয়ে মোক আগবঢ়াই লৈ গ'ল -  এটি শ্ৰেণীকোঠালৈ বুলি। দীঘল বাৰান্দাখনেৰে বাট বুলি গৈ থাকোতে তেখেতে মোক শুভেচ্ছা জনোৱাৰ উপৰিও আৰু কিবা কিবি কৈ গৈছিল। পিছে মোৰ মুখৰ মাত নাই। এনে লাগিছিল যেন মই শিক্ষক হ'বলৈ নহয়, বৰং পৰীক্ষণৰ বাবে এইমাত্ৰ প্ৰস্তুত কৰি উলিওৱা মহাকাশযান এখনৰ একমাত্ৰ অনভিজ্ঞ মহাকাশচাৰী জনহে হ'বলৈ আহিছোঁ! মূৰটো যেনে এটা এমোনমান ওজনৰ এটা দাঙিব নোৱাৰা বস্তা হৈ পৰিছে! মোৰ প্ৰতিটো খোজত অনুভৱ কৰিছিলোঁ শিৰা-উপশিৰাবোৰৰ  মাজেৰে বিদ্যুতিক গতিৰে পাৰ হৈ যোৱা তেজৰ গৰম স্ৰোত! 

কোন মুহূৰ্তত শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালোহি, তলকিবই নোৱাৰিলোঁ। শ্ৰেণীটোত সোমায়েই দেখিলোঁ প্ৰায় পঞ্চাশ-ষাঠী জনমান ছাত্র-ছাত্ৰীয়ে মোৰ ফালে এনেদৰে চালে যেন মই কোনো নতুন প্ৰজাতিৰ জীৱবিজ্ঞানৰ নমুনা এটাহে! কিছুমানৰ চকুত কৌতূহল, কিছুমানৰ চকুত হাঁহি, আৰু কিছুমান নিৰ্বিকাৰ। গাম্ভীৰ্যপূৰ্ণ ভংগীমাৰে ছাত্ৰ-ছাত্ৰী সকলক সম্ভাষণ জনাবলৈ মই মাতটো উলিয়াব চেষ্টা কৰিলোঁ। ডিঙিটোৱে বিদ্বেষ কৰাত ফটা বাহীৰ সুৰৰ দৰে মাত এটা ওলাই আহিল - "Good Morning. Please sit down." 

ইতিমধ্যে হাঁহিৰ গিৰ্জনিৰে শ্ৰেণীটো ভৰি পৰিছিল। চমুকৈ নিজৰ পৰিচয়টো দাঙি ধৰি সাহসেৰে টেবুলৰ পৰা চক পেঞ্চিল এডাল হাতত ল’লোঁ হে মাথোন, কেনেকৈ যে হাতৰপৰা পিছলি গৈ চক পেঞ্চিল ডাল মাটিত পৰি দুটুকুৰা হ'ল ! সেই মুহূৰ্তত চক পেঞ্চিলডালেও যেন মোৰ আত্মবিশ্বাসৰ প্ৰতিচ্ছবি এখন হে প্ৰকাশ কৰিলে! মুহূৰ্তৰ ভিতৰতে মই নিজকে সহজ কৰিবলৈ যত্ন কৰিলোঁ। মই নিজকে সকিয়াই দিলোঁ যে পেঞ্চিল ডালে মোক এইদৰে হে কৈছে -  "এই সকলেই হ'ল দেশৰ ভবিষ্যত। তেওঁলোকক সঠিক দিশ দেখুৱাবলৈ হে তুমি ইয়ালৈ আহিছা। প্ৰথম দিনৰ এই কম্পিত অনুভূতিবোৰ আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰে সজাই পৰাই ল'ব নোৱাৰিলে তুমি কেতিয়াও এজন শিক্ষক হ'ব নোৱাৰিবা……" 

কিছুপৰ স্থিৰতাৰে ৰৈ এটা দীঘল উশাহ লৈ ইষ্ট-গুৰুক স্মৰণ কৰিলোঁ। মোৰ চকুৰ আগত ভাঁহি উঠিছিল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ মুখবোৰ। কেনেকৈ যে ইমান সুন্দৰকৈ পাঠদান কৰিছিল! মনতে আওৰাইছিলা - "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা…"! 

আৰু তাৰপাছত পাঠদান আৰম্ভ হ’ল। শ্ৰেণীটো যেন এক মুহূর্তত ভয়াৰ্ত স্থানৰ পৰা আনন্দৰ এখন মঞ্চলৈ পৰিণত হ’ল। আজিও মোৰ সেই দিনটো মনত পৰে। সেই ভয়, সেই কঁপনি, সেই যে হাতৰ পৰা পৰি চক পেঞ্চিলডাল ভাঙি যোৱা সময়খিনি - সেইবোৰেই আছিল মোৰ এই যাত্ৰাৰ প্ৰথমটো পৃষ্ঠা। শিক্ষক হিচাপে প্ৰতি গৰাকী নমস্য শিক্ষাগুৰুৰ জীৱনত প্ৰথম দিনটোৰ এনে ভয় আৰু উত্তেজনাৰ সংমিশ্ৰণ হৃদয়ৰ কোনোবা এটি কোণত নিশ্চয় এক মিঠা স্মৃতি হৈ ৰৈছে। সকলো শিক্ষাগুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ।

Tuesday, 5 August 2025

ঘোঁৰাটো কোনদিশে গৈ আছে বাৰু?


ঘোঁৰাটো কোনদিশে গৈ আছে বাৰু? আগলৈ নে পিছলৈ? আচলতে এইটো এটা দৃষ্টি বিভ্ৰান্তি (visual illusion), য’ত ঘোঁৰাটো কোনদিশে গৈ আছে, সেইটো স্পষ্ট নহয়। কোনো এক মুহূৰ্তত যদি ঘোঁৰাটো পিছলৈ গৈ থকা যেন লাগে, আন এক মুহূৰ্তত আকৌ ঘোঁৰাটো আগলৈ গৈ থকা যেন লাগে। 


এনে ধৰণৰ দৃষ্টি বিভ্ৰান্তিত ঘোঁৰাটোৰ দেহবয়ব, খোজকঢ়াৰ ধৰণ আৰু পৃষ্ঠভূমিৰ পুনৰাবৃত্তিয়ে আমাৰ চকু আৰু মগজুলৈ ভুল সংকেত প্ৰেৰণ কৰে। ইয়াৰ পৰা এইটো বুজা যায় যে আপুনি ঘোৰাটো অথবা ইয়াৰ পৃষ্ঠভূমিৰ য’ত মনোযোগ কেন্দ্ৰ কৰে, সেই অনুসাৰে আপোনাৰ মগজুৱে ঘোঁৰাটোৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। 

বহুতেই এই বিভ্ৰান্তিটো আমাৰ মগজুৰ সোঁ অথবা বাওঁ অংশৰ কাৰ্যকাৰিতাৰ বাবে হয় বুলি ক'ব খোজে। তেওঁলোকৰ মতে যিসকল ব্যক্তিয়ে মগজুৰ বাওঁ অংশ ব্যৱহাৰ কৰে, তেওঁলোকে ঘোঁৰাটো আগলৈ যোৱা যেন দেখে আনহাতে মগজুৰ সোঁ অংশ ব্যৱহাৰ কৰা সকলে ঘোঁৰাটো পিছলৈ যোৱা যেন দেখে। কিন্তু, সেয়া সঠিক বৈজ্ঞানিক ব্যাখ্যা নহয়। বৰং, আমাৰ মগজুৱে অভ্যাস আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই এনে ধৰণৰ গতিৰ দিশ অনুমান কৰে।

🔹বাস্তৱ কথা হ'ল আমাৰ মগজুৰ দুয়োটা অংশই একেলগে কাম কৰে। কেতবোৰ কাৰকে আমাৰ মনত সৃষ্টি হোৱা ধাৰণাক প্ৰভাৱিত কৰে। সেইবোৰ হ'ল --➤ পৰ্যবেক্ষণত আমি কিদৰে মনোযোগ দিছো, কোন দিশৰ পৰা আমি পৰ্যবেক্ষণ কৰিছো, এনে পৰ্যবেক্ষণৰ পৰা আহৰণ কৰা আমাৰ পূৰ্বৰ অভিজ্ঞতা ইত্যাদি।

🔹আমোদজনক কথাটো হ'ল -- আপুনি আপোনাৰ  ইচ্ছানুসৰি এই ঘোঁৰাটোৰ গতিৰ দিশটো সলাব পাৰে। যদি আপুনি, আপোনাৰ মনোযোগ বা পৰ্যবেক্ষণৰ দিশ সলনি কৰে, তেতিয়াই আপোনাৰ ধাৰণাৰ ভিত্তিত আপোনাৰ মগজুৱে তাৎক্ষণিক ভবে কিছু তথ্য সৃষ্টি কৰি আপোনাৰ ধাৰণাৰেই এটা দৃশ্যপট তৈয়াৰ কৰি দিব। যাৰ বাবে আপোনাৰ পৰ্যবেক্ষণ বা পূৰ্বৰ কিছুমান চাক্ষুষ অভিজ্ঞতাৰ পৰা আহৰণ কৰা ধাৰণৰ ভিত্তিত আপোনাৰ বাবে এই ঘোৰাটো হয়তো আগলৈ বা পিছলৈ যোৱা যেন লাগিব। 

এটা কথা মনত ৰখা উচিত যে সংলগ্ন ভিডিঅ’ত আপুনি আৰু মই দেখা ঘোঁৰাটো যদিওঁ একেটাই, আমি দেখা পোৱা ঘোঁৰাটোৰ গতিৰ দিশ একে নহ'বও পাৰে। এনে ধৰণৰ পৰিঘটনাবোৰক দৃষ্টি বিভ্ৰান্তি বুলি কোৱা হয়।

Saturday, 26 July 2025

The one with reverence attains knowledge.


श्रद्धावान् लभते ज्ञानं

When we were students, teachers were not merely individuals who imparted education. They were our guides in life, our moral compasses, and respected figures in society. Even today, when I think about the amount of respect and honour given to teachers in those days, my heart fills with emotion.

The moment a teacher entered the classroom, all of us would stand up and greet him with a respectful "Namaskar." This wasn't just a routine—it was an expression of the deep respect and admiration we held in our hearts for our teachers. That simple utterance, “Namaskar, Sir,” came from the deepest corners of our soul. For us, the school was like a temple, and the teacher was akin to a priest.

That respect wasn't confined to the classroom alone. Even outside the school—whether in markets, on the streets, or in a bus—if we saw a teacher, we would respectfully fold our hands in greeting. If we were riding a bicycle and saw a teacher, we would get off the bicycle and show our respect. These were values we had learned from our parents at home. We learned many such lessons from our family, culture, and the environment around us.

In our time, we also feared our teachers. Fear, not in a negative sense, but in one, born of deep respect. Corporal punishment was still prevalent in schools in our time. Often, a mere glance from the teacher was enough to make us feel remorseful. That remorse taught us to seek forgiveness, because gradually we came to realize the deep truth of a verse from the Bhagavad Gita (Chapter 4): - "Śraddhāvān labhate jñānam"—He who has faith and reverence attains knowledge.

"Śraddhāvān labhate jñānam tat-paraḥ saṁyatendriyaḥ"— this verse means, one who shows respect and reverence towards their guru (teacher), and has control over their five senses (eyes, ears, nose, skin, tongue), is truly capable of attaining knowledge. It is essential that parents at home teach their children a culture of respect and honour for elders and teachers. If we truly wish to prepare students to be worthy of receiving knowledge, then parents must guide them with moral values from the very beginning at home.

Sadly, in today’s times, I often find myself engulfed in sorrow, witnessing the fading bond between teacher and student. In our time, we didn’t have smartphones, but our education system was rich in sincerity and warmth. Teachers were regarded as second parents. But now, that deep sense of reverence seems to be waning. This shift appears to stem from social media, evolving family perspectives, and various societal influences.

Limitations in discipline, excessive parental interference, and, in some cases, irresponsible behavior by teachers have all contributed to the decline in this sacred relationship. This is a matter of grave concern because the essence of education lies in the deep, mutual connection between teacher and student. Society, education policy-makers, parents, and teachers must come together to reflect and rebuild this bond.

If a teacher truly wishes to earn the respect of students, they must first open the door of unconditional affection. When intelligence, integrity, and dedication are combined with warmth and measured discipline, only then will a student begin to genuinely honour and respect their teachers.

Friday, 25 July 2025

শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্

 


আমি যেতিয়া ছাত্ৰ আছিলোঁ, আমাৰ বাবে শিক্ষকসকল কেৱল পাঠদান কৰা একোজন ব্যক্তি নাছিল, তেওঁলোক আছিল আমাৰ জীৱনৰ পথপ্ৰদৰ্শক, নৈতিকতাৰ দিশ-নির্দেশক আৰু সমাজৰ একোজন বিশিষ্ট ব্যক্তি। এজন শিক্ষকক কিমান মান-সন্মান দিয়া হৈছিল, সেয়া ভাবিলে এতিয়াও হৃদয় উজাৰি উঠে।

শ্ৰেণীকোঠাত শিক্ষক প্ৰৱেশ কৰাৰ লগে লগে আমি সকলো ছাত্র-ছাত্ৰী থিয় হৈ নমস্কাৰ জনাইছিলো। এইটো কেৱল এটা নিয়ম নাছিল, এয়া আছিল শিক্ষকৰ প্ৰতি আমাৰ অন্তৰত ভৰি থকা ভক্তি আৰু সন্মানৰ এক অনুভৱ। “নমস্কাৰ ছাৰ” বুলি কোৱা মাতটো হৃদয়ৰ কোনোবা এক গভীৰতম স্থানৰ পৰা ওলাইছিল। আমাৰ বাবে বিদ্যালয়খন মন্দিৰ সদৃশ আছিল, আৰু শিক্ষকজন যেন এজন পূজাৰী! 

বিদ্যালয়ৰ বাহিৰতো সেই সন্মান কমি যোৱা নাছিল। যিকোনো ঠাইত - বজাৰত, বাটে-পথে অথবা বাছত শিক্ষকক দেখিলে আমি হাত যোৰ কৰি নমস্কাৰ জনাইছিলোঁ। ছাইকেল চলাই যাওঁতে শিক্ষাগুৰুক দেখিলে ছাইকেলৰ পৰা নামি সন্মান প্ৰদৰ্শন কৰিছিলোঁ। এনেবোৰ সংস্কাৰ আমি আমাৰ মা-দেউতাৰ পৰাই শিকিছিলোঁ। সেইসময়ৰ সমাজৰ পৰিৱেশৰ পৰা, আমাৰ সংস্কৃতিৰ পৰা আমি বহুতো কথাই শিকিছিলোঁ। 

আমাৰ দিনবোৰত আমি শিক্ষকক ভয়ো কৰিছিলোঁ। তেতিয়াৰ দিনত বিদ্যালয়বোৰত শাস্তিৰ ব্যৱস্থা আছিল। চেকনিৰ আগৰ বিদ্যাই আমাক জীৱনৰ পাঠবোৰো শিকাইছিল। বহুসময়ত শিক্ষকজনৰ মুখভঙ্গী দেখিও আমি আত্ম-অনুশোচনাত দগ্ধ হ'বলৈ শিকিছিলোঁ। অনুশোচনাই আমাক শিক্ষকৰ ওচৰত ক্ষমা খুজিবলৈ শিকাইছিল কাৰণ আমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ শ্রীমদ্ভগবদ গীতাৰ চতুৰ্থ অধ্যায়ৰ শ্লোকটো - "শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্" (श्रद्धावान् लभते ज्ञानं)।  

"শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্ তৎপৰ্ সংযতেন্দ্ৰিয়" - এই কথাষাৰৰ অৰ্থ হৈছে এই যে যিজনে নিজৰ গুৰুজনলৈ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে, লগতে নিজৰ পঞ্চ-ইন্দ্ৰিয়ক সংযত ৰাখিব পাৰে, তেওঁহে প্ৰকৃত অৰ্থত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। সন্তানসকলক অভিভাৱকে ঘৰৰ পৰাই গুৰুজনৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ শিক্ষা প্ৰদান কৰাটো একান্ত প্ৰয়োজনীয়। যদি আমি প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অৰ্জনৰ উপযোগী ৰূপত গঢ়ি তুলিবলৈ বিচাৰো, তেন্তে তেওঁলোকক পিতৃ-মাতৃসকলে জীৱনৰ বাটত খোজ দিবলৈ উপযোগী হোৱাকৈ ঘৰুৱা নীতিশিক্ষাৰে শিক্ষিত কৰি তুলিবই লাগিব। 

আজিৰ এই সময়চোৱাত মনতো প্ৰায়ে এটা বিষাদে গ্ৰাস কৰি থাকে - সেই নিষ্কলুষ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্কটো আজি যেন বিবৰ্ণ হৈ পৰিছে। আমাৰ সময়ত আজিৰ দৰে স্মাৰ্টফোন নাছিল, কিন্তু আমাৰ সময়ৰ শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ ব্যৱস্থাটোত আন্তৰিকতা আছিল। আগতে শিক্ষকসকলক দ্বিতীয় অভিভাৱকৰ দৰে গণ্য কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেই শ্ৰদ্ধাৰ অনুভৱ হ্ৰাস পাইছে। এই বিষয়টো সামাজিক মাধ্যম, পৰিয়ালৰ পৰা অহা দৃষ্টিভংগী আৰু বিভিন্ন সামাজিক কাৰণত এনে হোৱা যেন পৰিলক্ষিত হয়। শাস্তি আৰু অনুশাসনৰ ক্ষেত্ৰত সীমাবদ্ধতা, অভিভাৱকৰ হস্তক্ষেপ আৰু কিছু ক্ষেত্ৰত শিক্ষকৰ আচৰণ বা দায়িত্বহীনতাইও এই সম্পৰ্কৰ অৱনতি ঘটাইছে। এই অৱস্থা উদ্বেগজনক। শিক্ষাৰ মূল উদ্দেশ্য ছাত্ৰ-শিক্ষকৰ মাজৰ আন্তৰিক সম্পৰ্কৰ ওপৰতে নিৰ্ভৰ কৰে। সমাজ, শিক্ষানীতি, অভিভাৱক, শিক্ষক, সকলোৱেই একেলগে চিন্তা চৰ্চা কৰি এই সম্পৰ্কৰ পুনঃগঠন কৰিব লাগিব। 

এজন শিক্ষকেও যদি শিক্ষাৰ্থীৰ পৰা শ্ৰদ্ধা লাভ কৰিব বিচাৰে, তেন্তে প্ৰথমতে তেওঁ অকৃপণ ভাৱে স্নেহৰ দুৱাৰখন খুলিবই লাগিব। যেতিয়াই মেধা, সততা আৰু নিষ্ঠা - এই সকলোবোৰৰ সৈতে স্নেহ আৰু পৰিমিত শাসনৰ সংমিশ্ৰণ ঘটিব, তেতিয়াই ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে শিক্ষকক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ আৰম্ভ কৰিব।

Tuesday, 22 July 2025

জোনবাইৰ বুকুত অক্সিজেনৰ সন্ধান



 
জোনবাইৰ মাটিত যি ধূলি আৰু খনিজ পদাৰ্থ আছে, সেইবোৰক Regolith বোলা হয়। এই regolith-ত প্ৰচুৰ পৰিমাণে অক্সিজেনযুক্ত যৌগ থাকে, বিশেষকৈ silicon dioxide (SiO₂), iron oxide (FeO), আৰু aluminum oxide (Al₂O₃) আদিবোৰ প্ৰধান। এই অক্সাইড সমূহত অক্সিজেন থাকে যদিও এই অক্সিজেন মুক্ত ভাবে নাথাকে।

NASA আৰু ESA (European Space Agency)ৰ বিজ্ঞানীসকলে Regolith-ৰ পৰা অক্সিজেন আহৰণ কৰিবলৈ Carbothermal Reduction বুলি এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই প্ৰযুক্তিৰ প্ৰথম ধাপত জোনবাইৰ মাটিৰ পৰা ধূলি আৰু খনিজ পদাৰ্থ (Regolith) সংগ্ৰহ কৰা হয়। এই Regolith-টো কাৰ্বনৰ উপস্থিতিত উত্তপ্ত কৰি ইয়াৰ অক্সাইডসমূহ ভাঙি পেলোৱা হয়। সেয়ে এই পদ্ধতিক Carbothermal Reaction বোলা হয়। উদাহৰণস্বৰূপে তলৰ বিক্ৰিয়া বোৰ ল'ব পৰা যায় --

FeO + C → Fe + CO

SiO₂ + 2C → Si + 2CO

এই বিক্ৰিয়াৰ দ্বাৰা অক্সাইডৰ পৰা ধাতু (metal) পৃথক হয় আৰু Carbon monoxide (CO) বা Carbon dioxide (CO₂) গঠিত হয়। পৰৱৰ্তী পৰ্যায়ত electrochemical অথবা chemical separation পদ্ধতিৰে CO আৰু CO₂-ৰ পৰা অক্সিজেন গেছ মুক্ত কৰা হয়।

সংগ্ৰহিত O₂ গেছ tank বা chamber-ত সঞ্চয় কৰা হয় আৰু ইয়াক life support system হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই প্ৰযুক্তিক বৰ্তমান মংগল গ্ৰহৰ বুকুত পৰীক্ষিত MOXIE instrument-ৰ উন্নত ৰূপ হিচাপে বিবেচনা কৰা হৈছে। সম্প্ৰতি ESA-ৰ বিজ্ঞানীসকলে জোনবাইৰ বুকুত “In-Situ Resource Utilization (ISRU)” নামৰ অক্সিজেন উৎপাদনৰ বাবে এখন পাইলট প্ৰজেক্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰজেক্টৰ ফলত জোনবাইৰ বুকুত শ্বাস লোৱা সম্ভৱ হৈ পৰিব। তদুপৰি ইয়াক Rocket fuel (LOX – Liquid Oxygen) হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। জোনবাইৰ চৌদিশৰ Space Base-ত অক্সিজেন যুক্ত এক বায়ুমণ্ডল গঠনত এই প্ৰকল্প সহায়ক হৈ পৰিব। তদুপৰি এই প্ৰযুক্তিয়ে মানুহক জোনবাইৰ বুকুত  long-term base স্থাপন কৰাৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব। এয়া নিসন্দেহে space colonization-ৰ দিশে সফলতাৰ প্ৰথমটো খোজ।

Sunday, 8 June 2025

ভাৰতৰ গৌৰৱ, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা

 


অহা ১০ জুন, ২০২৫ তাৰিখে ইতিহাসৰ এটা পৃষ্ঠা নতুনকৈ সংযোজন হ'ব আৰু এইবাৰৰ বিশেষ পৃষ্ঠাটোত উজ্বল হৈ উঠিব ভাৰতৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ নাম, যিজন ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন আৰু আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় নাগৰিক হ'ব।

১৯৮৫ চনৰ ১০ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুভাংশু শুক্লা শৈশৱৰ পৰাই এক প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ আছিল। তেওঁ City Montessori School, Aliganj-ত অধ্যয়ন কৰিছিল, য’ত তেওঁৰ শিক্ষকসকলে তেওঁৰ অধ্যৱসায় আৰু নম্ৰতাৰ কথা আজিও স্মৰণ কৰে। শৈশৱৰ পৰাই ভাৰতীয় সেনাৰ সাহসী সৈনিক, বিমানচালক আৰু মহাকাশচাৰীসকল তেওঁৰ অনুপ্ৰেৰণা আছিল।

বিদ্যালয়ৰ শিক্ষা শেষ কৰি তেওঁ National Defence Academy (NDA), Pune-ত যোগদান কৰে। ২০০৬ চনত, তেওঁ ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান শাখাত নিযুক্ত হয় আৰু ভাৰতীয় বায়ুসেনাৰ Su-30 MKI, MiG-21, MiG-29, Jaguar, Dornier আদি বিমানবোৰ ২০০০ ঘণ্টাতকৈ অধিক সময় আকাশত উৰুৱায়।ভাৰতীয় বায়ুসেনাৰ তেওঁ এজন প্ৰশংসনীয় টেষ্ট পাইলট হিচাপে পৰিচিত।

২০১৯ চনত, ISRO-এ তেওঁক ভাৰতৰ মানৱ মহাকাশ যাত্ৰাৰ বাবে সাজু হোৱা প্ৰকল্প "গগনযান অভিযান"ৰ বাবে মহাকাশচাৰী প্ৰশিক্ষণার্থী হিচাপে নিৰ্বাচন কৰে। তাৰ পাছত তেওঁ ৰাছিয়াৰ Yuri Gagarin Cosmonaut Training Center-ত কঠোৰ শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ গ্ৰহণ কৰে।

২০২৫ চনৰ জুন মাহত, শুভাংশু শুক্লাই Axiom Mission 4 (Ax-4) অভিযানৰ পাইলট হিচাপে SpaceX Crew Dragonত উঠি ISS-লৈ উৰা মাৰিব। এই অভিযানত তেওঁ ISRO-ৰ ৭টা বৈজ্ঞানিক পৰীক্ষাৰ লগতে ৩১ খন আন আন দেশৰ ৬০টা অতিৰিক্ত বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিব।

ব্যক্তিগত জীৱনত শুভাংশু শুক্লা এজন আদৰ্শ পতি আৰু দায়িত্বশীল পিতৃ। তেওঁৰ পত্নী কমনা শোভা শুকা এগৰাকী দন্ত চিকিৎসক, আৰু তেওঁলোকৰ এটি ৪ বছৰীয়া পুত্ৰ আছে।

শুভাংশু শুক্লাৰ এই অনন্য যাত্ৰাই প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু দেশপ্ৰেমেৰে কেৱল আকাশেই নহয়, মহাকাশো জয় কৰিব পাৰি। ১০ জুনৰ দিনা, তেওঁ যেতিয়া মহাশূন্যৰ মাজেৰে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) গতি কৰিব, সমগ্ৰ ভাৰতবৰ্ষই গর্বৰে মহাকাশৰ গভীৰতাৰ মাজৰ কোনোবাখিনিত তেওঁৰ পিনেই চাই ৰ'ব, কেৱল এজন পাইলট অথবা এজন মহাকাশচাৰী হিচাবে নহয়, বৰং ভাৰত মাতাৰ আন এগৰাকী সূপুত্ৰই ভাৰত তথা সমগ্ৰ ভাৰতীয়ৰ গৌৰৱ কঢ়িয়াই লৈ যোৱা অগণন আশা, আকাংক্ষা আৰু ভাৰতীয় মহাকাশ জয়যাত্ৰাৰ প্ৰতীক হিচাপে।

জয় হিন্দ 🇮🇳


Monday, 26 May 2025

দাৰ্শনিকৰ শিল আৰু ৰসায়ন বিজ্ঞান



এমুখ দীঘল দাড়ি আৰু মূৰত অবিন্যস্ত আউল বাউল চুলিখিনিৰে নিকোলাছ ফ্লেমেল পৰীক্ষগাৰত বহি আছে। হতাশাত যেন তেওঁ ভাঙি পৰিছে। বাৰে বাৰে তেওঁ পৰীক্ষাটো কৰি গৈছে। ইটোৰ লগত সিটোকৈ বিভিন্ন পদাৰ্থৰ সংমিশ্ৰণ তৈয়াৰ কৰি গৈছে। কিন্তু প্ৰতিবাৰেই ক'ৰবাত কিবা এটা যেন গণ্ডগোল হৈ আছে ! সহজে হাৰ নমনা নিকোলাচে পুনৰ এটা বটলৰ পৰা বিশেষ পানীয় এবিধ লৈ আন এটা কাচৰ পাত্ৰত থকা অজ্ঞাত কোনো পদাৰ্থৰ লগত ধীৰে ধীৰে মিহলাই দি একান্ত মনে পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। তেওঁৰ চকু মুখত উৎকণ্ঠতাৰ চিন। কাচৰ পাত্ৰটো হাতেৰে চকুৰ সন্মুখত ৰাখি ঘূৰাই পকাই চাই তেওঁ কাষৰ চকীখনত বহি অস্ফুট স্বৰেৰে কৈ উঠিল: ছিঃ, এইবাৰো নহ'ল ! কিমান যে কঠোৰ পৰিশ্ৰম অথলে গ'ল…! 

নিকোলাচ ফ্লেমেলৰ উদ্দেশ্য আছিল "পৰশ পাথৰ" তৈয়াৰ কৰা। পৰশ পাথৰক "Elixir of Life" বুলিও কোৱা হয়। প্ৰাচীন ভাৰতত ইয়াক পৰশ পাথৰ নামেৰেই জনা গৈছিল। এই পৰশ পাথৰৰ মহিমা অপাৰ। ইয়াৰ পৰশত যিকোনো সাধাৰণ পদাৰ্থক সোণলৈ পৰিণত কৰিব পাৰি। তদুপৰি ই মানুহক দিয়ে অমৰত্ব। অতি আচৰিত গুণ সম্পন্ন এই বিশেষ পৰশ পাথৰ বা Philosopher's Stone (দাৰ্শনিকৰ শিল)টো তৈয়াৰ কৰাৰ উদ্দেশ্যৰে নিকোলাচ ফ্লেমেলে পাৰ কৰিছে কিমান যে বিনিদ্ৰ ৰজনী ! 

কিবদন্তী অনুসৰি ১৩৩০ চনত জন্মগ্ৰহন কৰা নিকোলাচ ফ্লেমেলে নেৰানেপেৰা চেষ্টাৰে তেওঁৰ জীৱিত কালত মাত্ৰ এটুকুৰা পৰশ পাথৰ তৈয়াৰ কৰি এই অসাধ্যটো সাধন কৰিছিল। বৈজ্ঞানিক দিশৰ পৰা অসমৰ্থিত এই বিশেষ "পৰশ পাথৰ"টো তেওঁ কেৱল নিজৰ লগতে তেওঁৰ পত্নীৰ অমৰত্বৰ বাবে ব্যৱহাৰ কৰিছিল। বিভিন্ন গ্ৰন্থত উল্ল্যখ কৰা অনুযায়ী এই পৰশ পাথৰটোৰ ৰং ৰঙচুৱা আছিল। মানুহৰ মুখে মুখে প্ৰচলিত যে নিকোলাচ ফ্লেমেলে তেওঁৰ টোকা বহীত এই পৰশ পাথৰ বনোৱা পদ্ধতিটো লিপিবদ্ধ কৰি ৰাখিছিল। তেওঁৰ মৃত্যুৰ পিছত আন বহুলোকে সেই পদ্ধতিৰে পৰশ পাথৰ বনাবলৈ চেষ্টাও কৰিছিল। কিন্তু কোনেও সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁলোকৰ মতে নিকোলাচৰ মৃত্যুৰ পিছত যাতে আন কোনেও পৰশ পাথৰ বনাব নোৱাৰে, তাৰবাবে নিকোলাচে ইচ্ছাকৃত ভাবেই টোকাবহীত পদ্ধতিটো ভুলকৈ লিপিবদ্ধ কৰিছিল। আধুনিক বিজ্ঞানে অৱশ্যে এই পৰশ পাথৰ বা "Elixir of Life" নামৰ সেই বিশেষ বস্তুটোৰ কথা পোনচাটেই নাকচ কৰিছে। 

কিন্তু এইটো সঁচা যে এনে বহু লোক আছিল যিসকলে পদাৰ্থক সোণলৈ ৰূপান্তৰিত কৰিবলৈ বা অমৰত্ব লাভ কৰিবলৈ চেষ্টা চলাই গৈছিল অহৰহ। তেওঁলোকৰ Elixir of Life তৈয়াৰ কৰাৰ এনে প্ৰচেষ্টাই জন্ম দিছিল "এলকেমি" বা অপৰসায়ন নামৰ এক বিষয়ৰ। এলকেমিৰ লগত জড়িত ব্যক্তিবোৰক "এলকেমিষ্ট" বুলি জনা যায়। যদিও আধুনিক বিজ্ঞানে এলকেমিক অপবিজ্ঞান বুলি আখ্যা দিয়ে, এই অপবিজ্ঞানৰ আধাৰতেই ১৭শ শতিকাত গঢ় লৈ উঠে আধুনিক ৰসায়নৰ ভেটি। অলৌকিকতা আৰু ৰহস্যবাদৰ ওপৰত গুৰুত্ব নিদি কেইবাগৰাকী মহান বিজ্ঞানীৰ যুক্তিবাদী চিন্তা আৰু পৰীক্ষা নিৰীক্ষাৰ সহায়ত ১৭শ শতিকাত ঠণ ধৰি উঠে আধুনিক ৰসায়ন বিজ্ঞানৰ ভেটি।