Saturday, 18 July 2020

কালপুৰুষ বা অৰায়ন তাৰকামণ্ডল



প্রাচীনকালত যেতিয়া মানুহে আকাশখন পিটপিটাই অজস্র তৰা আৱিষ্কাৰ কৰিছিল, তেতিয়াৰ পৰাই তেওঁলোকে তৰাৰ থুপবোৰৰ গঠন অনুসৰি তৰাৰ বিভিন্ন থুপবোৰক তাৰকামণ্ডল হিচাবে বিভক্ত কৰিছিল। প্রাচীন কালত মানুহে বিভিন্ন কাল্পনিক চৰিত্ৰৰ আকৃতি অনুসৰি আকাশৰ তৰাবোৰক মুঠ ৪৮ টা তাৰকামণ্ডলত ভাগ কৰিছিল। সেই ৪৮ টা তাৰকামণ্ডলৰ ভিতৰত অৰায়ন বা কালপুৰুষ তাৰকামণ্ডল অন্যতম। 

অৰায়ন তাৰকাণ্ডল নামটো গ্রীক মাইথোলজীৰ পৰা অহা যাৰ অর্থ হ'ল হাণ্টাৰ বা চিকাৰী। বাস্তৱিকভাৱে অৰায়ন তাৰকামণ্ডলক চিকাৰীৰ ৰূপত কল্পনা কৰাৰ আঁৰৰ কথাটো হ'ল এই যে "কেনিছ মেজৰ" আৰু "কেনিছ মাইনৰ" নামৰ স্বর্গৰ দুটা কুকুৰ লৈ স্বর্গৰ এটা উদ্দণ্ড ষাঁড় গৰু "টোৰাছ"ৰ (বৃষ ৰাশি) লগত অৰায়নে যুদ্ধ কৰিবলৈ কৰিবলৈ যোৱাৰ এক আকৃতি ধাৰণ কৰা। 

অৰায়ন তাৰকামণ্ডলৰ নামকৰণৰ বিষয়ে অন্যান্য মনোৰম কাহিনীও আছে। প্রাচীন গ্রীচ, মিচৰ, ৰোম আৰু আৰৱীয় সভ্যতাত অৰায়নক বিভিন্ন ৰূপত প্রকাশ কৰা হৈছে।  ৰোমান মাইথোলজী অনুযায়ী অৰায়ন হ'ল  এজন দেৱতুল্য পুৰুষ যাক মৃত্যুৰ পিছত দেৱতা জিউচে ৰাতিৰ আকাশত বিশেষ স্থান দিয়ে। তেওঁলোকৰ দৰ্শন মতে "আৰ্টেমিছ" নামৰ এজন স্বৰ্গৰ দেৱতাৰ নির্দেশ অনুযায়ী স্ক'ৰপিয়নে অৰায়নক হত্যা কৰে। হত্যা কৰাৰ পিছত আৰ্টেমিছে স্ক'ৰপিয়ন আৰু অৰায়নক আকাশৰ দুটি বিপৰীত প্রান্তত স্থাপন কৰে। আমি "স্ক'ৰপিয়ন"ক বৃশ্চিক ৰাশি আৰু "অৰায়ন"ক কালপুৰুষ বুলি জানো। 

প্রাচীন মিচৰত অৰায়নক তেওঁলোকৰ উপাস্য দেৱতা "ওছিৰিচ"ৰ লগত তুলনা কৰা হয়। মিচৰৰ গীজাত থকা তিনিটা পিৰামিড ক্ৰমে মেঙ্কাৰ, খাফৰে' আৰু খুফুৰৰ ভৌগলিক অৱস্থান লক্ষ্য কৰিলে দেখা যায় যে এই তিনিওটা পিৰামিড দৰাচলতে অৰায়ন তাৰকামণ্ডলৰ কঁকালৰ বেল্টত থকা তিনিটা তৰাক অনুসৰণ কৰি সজা হৈছিল। ৰাতিৰ আকাশত অৰায়ন তাৰকামণ্ডল চিনি পোৱাৰ সহজ  উপায় হ'ল অৰায়ন বেল্ট বা কালপুৰুষৰ কঁকালৰ পটীত থকা আকাশৰ তিনিটা ওচৰা ওচৰি উজ্জ্বল তৰা। অৰায়ন বেল্টৰ এই তিনিটা তৰাৰ নাম আলনিয়াক, আলনিলাম আৰু মিনতাকা।

অৰায়ন বেল্টৰ উত্তৰ দিশত দুটা আৰু দক্ষিণ দিশত দুটাকৈ মুঠ সাতটা তৰাৰ সমষ্টিয়েই হ'ল অৰায়ন তাৰকামণ্ডল। অৰায়নৰ পশ্চিম দিশত কালপুৰুষৰ ভৰিৰ দিশত থকা তৰাটোৰ নাম "ৰিগেল" আৰু এই তৰাটোৱেই তাৰকামণ্ডলটোৰ আটাইতকৈ উজ্জ্বল তৰা। ৰিগেলৰ পৰা পূৱ দিশে কালপুৰুষৰ আনখন ভৰিত থকা তৰাটো হ'ল "ছাইফ"। তেনেদৰে বেল্টৰ ওপৰৰ দিশে কান্ধৰ ওচৰৰ ৰঙা ৰঙৰ তৰাটোৱেই হ'ল বিটেলজিউছ। বিটেলজিউছ এটি ৰেড জায়েণ্ট বা ৰঙা দৈত্য তৰা। এই তৰাটো বৰ্তমান মৃত্যুশয্যাত। অৰায়নৰ অন্তিম তৰাটো বেলাট্রিক্স। খালী চকুৰে অৰায়নৰ এই সাতটা তৰাই দেখা পোৱা যায়। অৰায়নৰ মুঠ তৰাৰ সংখ্যা ৭৭ টা কিন্তু এই তৰাবোৰ কেৱল টেলিস্কোপৰ সহায়তহে দেখা পোৱা যায়। 

বিটেলজিউছ নামৰ ৰঙা দৈত্য তৰাটো ইতিমধ্যে ইন্ধনৰ অভাৱত পৰি জীৱনৰ অন্তিম পর্যায়ত উপনীত হৈছেহি। হয়তো কেইবছৰ মানৰ ভিতৰতেই এই তৰাটো এক প্ৰচণ্ড বিষ্ফোৰণত খণ্ড বিখণ্ড হৈ চুপাৰনোভা বা কৃষ্ণগহ্বৰলৈ পৰিনত হ'ব। সম্ভৱতঃ ইতিমধ্যেই পৃথিৱীৰ পৰা ৬৪২ আলোকবর্ষ দূৰত থকা এই তৰাটোৰ মৃত্যু ঘটিছে। কিন্তু তৰাটোৰ মৃত্যুৰ বতৰা আমাৰ পৃথিৱীলৈ আহি  পাবলৈ আমি অপেক্ষা কৰিব লাগিব ৬৪২ বছৰ !


আমাৰ মহাবিশ্বখন সকলো সময়তেই সম্প্রসাৰিত হৈ আছে। ফলস্বৰূপে আকাশৰ তাৰকামণ্ডল সমূহ সদায় একে গঠনত নেথাকিব। কালপুৰুষ তাৰকামণ্ডলটো আজিৰ পৰা আৰু ১২ লাখ বছৰ ৰাতিৰ আকাশত ষাঁড় গৰুৰ চিকাৰী হিচাপে দেখা পাই থাকিম। কিন্তু তাৰপিছত প্ৰসাৰণ হৈ থকা মহাবিশ্বৰ যেনিয়ে তেনিয়ে সিঁচৰিত হৈ হেৰাই যাব কালপুৰুষ বা অৰায়ন তাৰকামণ্ডলৰ ৭৭ টা তৰা।

Wednesday, 15 July 2020

Teachers : The Next Level of Covid Warriors


In this pandemic situation today, after the health workers, teachers are the next level of COVID warriors, fighting for the nation and shaping the future generation with knowledge. We, the teachers are still not aware as to when things will be back to normal. So, instead of leaving everything to the future, we are planning ahead keeping one thing in mind that learning should not stop.

Teaching in this pandemic atmosphere has proven to be an extremely challenging responsibility. Most of us already have adapted to technology that we weren’t familiar with. And as a result, the working hours have increased. Our phones never seem to stop buzzing, internet data seems exhausting within 2 to 3 hours of online classes. We are trying to be passionate so that our students can enjoy the online teaching.

Earlier, teachers were not familiar with online teaching at the school or intermediate level. Now, we are choosing this virtual platform to provide precious opportunities to our upcoming generations. However this plateform always has challenges. We are unable to see the reactions of the students. We miss the most needed eye contact with our students.

However, it came as a boon to the students who otherwise would have lost valuable time for studies. All educational institutions are busy creating their online study modules. These online classes mimic a real classroom and teachers all over the globe have been able to provide an enhanced learning experience to the students with their real time interactions, video lectures, worksheets, assignments and even assessments. My sincere respect to all the teachers who have been giving their best to educate the students through a virtual platform during this pandemic situation of Covid 19. 🙏

Wednesday, 8 July 2020

SLV-3 উৎক্ষেপণ আৰু কালাম ছাৰ


২০১৩ চনৰ কথা। ডঃ এ.পি.জে আব্দুল কালাম ছাৰে নিজৰেই এক বিচিত্ৰ অভিজ্ঞতাৰ কথা কৈছিল৷ সেই কাহিনীটো আছিল এনেধৰণৰ… ‘‘১৯৭৯ চনৰ কথা৷ তেতিয়া মই SLV-3 প্ৰজেক্টৰ উপগ্ৰহ নিক্ষেপণৰ প্রজেক্ট ডাইৰেক্টৰ৷ আমাৰ মিছন আছিল কৃত্ৰিম উপগ্ৰহবোৰক মহাকাশলৈ উৎক্ষেপণ কৰি সঠিক ভাৱে কক্ষপথত স্থাপন কৰা৷ ১০ বছৰ ধৰি প্ৰজেক্টটোৰ লগত জড়িত ইঞ্জিনীয়াৰ আৰু বিশেষজ্ঞ বিজ্ঞানী সকলে ইয়াৰ বাবে কঠিন পৰিশ্রম কৰি আহিছে৷ ১৯৭৯ চনৰ ১০ আগষ্টৰ দিনা সদলবলে আমি শ্রীহৰিকোটা পালোগৈ৷ ১৭ টন ওজনৰ ২২ মিটাৰ ওখ SLV-3 ইতিমধ্যে ৪০ কেজি পে'লোড মহাকাশৰ বুকুলৈ কঢ়িয়াই নিবলৈ সাজু হৈ উঠিছে৷ 

কাউণ্টডাউন আৰম্ভ হ'ল। এক ৰুদ্ধশ্বাস পৰিবেশ৷ তেনে এক জটিল সময়তেই আমাৰ কম্পিউটাৰ চিষ্টেমটো হঠাৎ বন্ধ হৈ গ'ল৷ উপগ্ৰহৰ প্ৰক্ষেপণ আৰু সম্ভৱ নহ'ল। চৌদিশে হতাশা। বিশেষজ্ঞ বিজ্ঞানীসকলে পৰীক্ষা কৰি বুজি পালে যে ইন্ধন টেংকৰ কিছু সাধাৰণ সমস্যা হৈছে, কিন্তু এনে সাধাৰণ সমস্যা এটাৰ সমাধানৰ বাবেও বেছ কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু ছেটেলাইট উৎক্ষেপণ কৰাটোও অত্যন্ত জৰুৰী। মই জানো যে ছেটেলাইট উৎক্ষেপণৰ চাৰিটা পর্যায় থাকে৷ তাৰ ভিতৰত প্রথম পর্যায়টোৰ কোনো বিসংগতি নাছিল। মোৰ গাণিতিক হিচাব মতে এনে সাধাৰণ বিসংগতি উপেক্ষণীয়। সেয়েহে মই উৎক্ষেপণৰ বাবে কঠিন সিদ্ধান্তটো ল'বলৈ মনস্থ কৰি সেউজ সংকেত দিলোঁ। কিন্তু উৎক্ষেপণৰ দ্বিতীয় পর্যায়টো পোৱাৰ লগে লগে মহাকাশৰ বুকুত উৰ্ধমূখীকৈ গতি কৰি থকা আমাৰ ছেটেলাইটটো মাজ আকাশত চকৰিৰ দৰে ঘূৰিবলৈ ধৰিলে৷ মহাকাশলৈ যোৱাৰ সলনি ছেটেলাইটো পুনৰ ধৰাৰ দিশলৈ নামি আহি কেইমিনিটমানৰ ভিতৰতেই বঙ্গোপসাগৰৰ বুকুত জাহ গ'ল।"

ডঃ এ.পি.জে আব্দুল কালাম ছাৰৰ জীৱনৰ সেয়া আছিল প্রথম ব্যর্থতা। যথাৰীতি তাৰ পিছতেই আৰম্ভ হৈছিল সমালোচনা৷ কাৰণ কম্পিউটাৰৰ সতর্কতা বাণীক উপেক্ষা কৰি তেখেতে এককভাবেই ছেটেলাইট উৎক্ষেপণ কৰাৰ সিদ্ধান্তটো লৈছিল৷ কাজেই ব্যর্থতাৰ সমস্ত দোষ তেখেতৰ৷ কিন্তু সেই সময়ৰ ইছৰোৰ চেয়াৰমেন তথা প্ৰসিদ্ধ এৰোস্পেচ ইঞ্জিনীয়াৰ ড° সতীশ ধাৱন ছাৰে সেই ব্যর্থতাৰ সমস্ত দায় নিজে গাত পাতি লৈ কালাম সহ আন বিজ্ঞানীসকলৰ কাষত থিয় হৈ ঘোষণা কৰিছিল যে এই ডেকা বিজ্ঞানী সকলৰ সামৰ্থৰ ওপৰত বিশ্বাস ৰাখক। অহা বছৰ এওলোক সফল হ'বই।

আৰু কাৰ্যতঃ সেয়াই হৈছিল৷ ১৯৮০ চনৰ ১৮ জুলাইৰ দিনা ভাৰতবৰ্ষই ৰোহিনী আৰ.এস-১  নামৰ ছেটেলাইটটো একক ভাবে সফলতাৰে মহাকাশত স্থাপন কৰে। সেইদিনাও ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱন ছাৰ আগবাঢ়ি আহিছিল আৰু কালাম সহ যুৱ বিজ্ঞানী সকলৰ নামত উৎসৰ্গিত কৰিছিল ইছৰোৰ এই সফলতা। 

ডঃ এ.পি.জে আব্দুল কালামে মন কৰিছিল কেনেদৰে ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱনে যুৱ বিজ্ঞানী সকলক উৎসাহিত কৰিছিল। ব্যর্থতাৰ সমস্ত দায় নিজৰ কান্ধত লৈ সফলতাৰ গৌৰৱখিনি বিলাই দিছিল যুৱ বিজ্ঞানী সকলৰ মাজত। এই কথাটোৱে সকলোবোৰ যুৱ বিজ্ঞানীকেই উদ্বুদ্ধ কৰি তুলিছিল। পৰবৰ্তী সময়চোৱাত ইছৰোৰ এই যুৱবিজ্ঞানী সকলেই ভাৰতবৰ্ষৰ মহাকাশ বিজ্ঞানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক আনি দিয়ে ঈৰ্ষণীয় সফলতা। আজি ইছৰোৰ লগতে প্ৰতিজন বিজ্ঞানীয়েই বিশ্ব বন্দিত।

Wednesday, 17 June 2020

বায়'নিক চকু : বিদায় দৃষ্টিহীনতা


সমগ্ৰ বিশ্বত প্ৰায় ২৮৫ নিযুত লোক চকুৰে কম দেখাৰ সমস্যা আৰু দৃষ্টিহীনতাত ভূগি আছে। এই সকল লোকৰ ভিতৰত ৪০ নিযুত লোক সম্পূৰ্ণ ৰূপে অন্ধ আৰু বাকী ২৪৫ নিযুত লোক দৃষ্টি দুৰ্বলতাত আক্ৰান্ত। "ৰেটিনাইটিছ পিগমেনটোছা" নামৰ এটা ৰোগে সমগ্ৰ বিশ্বতেই বহু মানুহৰ দৃষ্টিশক্তি কাঢ়ি নিছে৷ ই এক প্ৰকাৰৰ ৰেটিনাৰ ক্ষয়ৰোগ৷ এই ৰোগত ভোগা ব্যক্তি এজনৰ পৰিষ্কাৰ দৃষ্টিশক্তি ক্রমে হেৰাই যাবলৈ ধৰে আৰু শেষলৈ তেওঁ সম্পূৰ্ণ ৰূপে দৃষ্টি ক্ষমতা হেৰুৱাই পেলায়। দুচকুলৈ নামি আহে ঘোৰ অন্ধকাৰ৷ জিন সম্বন্ধীয় এই ৰোগটোৰ নিৰাময় কোনো বিশেষ চার্জাৰি অথবা ঔষধৰ দ্বাৰা সম্ভব নহয়৷ 

অন্ধতা দূৰীকৰণৰ বাবে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানী সকলে বিভিন্ন গৱেষণা চলাই আহিছে।সম্প্ৰতি দক্ষিণ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ অপথালমোল'জীৰ অধ্যাপক ডাঃ ৰজত এন আগৰৱালা নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে এজন আমেৰিকান সহযোগী বিজ্ঞানীৰ লগত যুটীয়া ভাবে অন্ধতা দূৰীকৰণৰ বাবে তৈয়াৰ কৰিছে বায়'নিক চকু (bionic eye) বা retinal implant নামৰ এবিধ বিশেষ যতন। সহজ ভাষাত ক'বলৈ হ'লে "বায়পিক চকু" হ'ল এবিধ বিশেষ ধৰণৰ যান্ত্ৰিক চকু যাৰ সহায়ত অন্ধ মানুহৰ বিকল হৈ পৰা অক্ষিপট বা ৰেটিনাৰ সংবেদনশীলতা কৃত্ৰিম ভাবে ঘূৰাই আনিব পৰা যায়।

চকুৰ মণিৰ পিছ পিনে থকা আলোক সংবেদী পর্দাখনৰ নাম হ'ল ৰেটিনা। ৰেটিনাত থকা দণ্ড আৰু শংকু আকৃতিৰ আলোক সংবেদী দুবিধ বিশেষ ধৰণৰ কোষৰ বাবেই চকুৰ ৰেটিনা বা অক্ষিপটত কোনো এটা বিশেষ উৎসৰ পৰা অহা পোহৰে সৃষ্টি কৰে কেতবোৰ বৈদ্যুতিক সংবেদনা। এই বৈদ্যুতিক সংবেদনাবোৰ ৰেটিনাৰ পৰা সংগ্ৰহ কৰি অপ্টিক স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু তাৰ ফলত আমাৰ মগজুৱে সেই বিশেষ উৎসটোৰ এক প্ৰতিচ্ছৱি তৈয়াৰ কৰি আমাক বস্তুটোৰ দৰ্শণ লাভ কৰাত সহায় কৰে।

ৰেটিনাইটিছ পিগমেনটোছাত আক্ৰান্ত হ'লে অথবা কোনো দূর্ঘটনাত ৰেটিনা ক্ষতিগ্ৰস্ত হ'লে আমাৰ ৰেটিনাই হেৰুৱাই পেলায় ইয়াৰ কার্যকাৰিতা। সেয়ে অধ্যাপক ডাঃ ৰজত এন আগৰৱালা আৰু তেওঁৰ সহযোগী বিজ্ঞানীজনে ৰেটিনাৰ ক্ৰিয়া কৌশলৰ অনুকৰণত তৈয়াৰ কৰি উলিয়াই দৃষ্টি প্ৰতিবন্ধীসকলৰ বাবে আশীৰ্বাদ স্বৰূপ বায়'নিক চকু নামৰ কৃত্ৰিম চকযুৰি।  

বায়োনিক চকুত দুটা বিশেষ অংশ সংলগ্ন কৰা থাকে। সেইবোৰ হ'ল -

১৷ ডিজিটেল কেমেৰা : এযোৰ বিশেষ ধৰণৰ চচমাৰ লগত সংযোগ কৰি ৰখা অতি ক্ষুদ্রাকৃতিৰ ভিডিও কেমেৰা এটাই একেধাৰে ভিডিও ছবি সংগ্ৰহ কৰি সেইবোৰ প্ৰেৰণ কৰে ৰেটিনাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰা কিছুমান মাইক্ৰচিপচলৈ। চাৰ্জাৰিৰ সহায়ত বিকল হৈ যোৱা ৰেটিনাৰ ঠাইত প্রতিস্থাপন কৰা হয় এই মাইক্রোচিপচবোৰ৷ 

২৷ মাইক্রোচিপ : কেমেৰাই পঠিওৱা ভিডিও ছবিবোৰ এই মাইক্ৰচিপচত ধৰা পেলোৱা হয়। ইয়াত দণ্ড আৰু শংকু কোষৰ পৰিবৰ্তে কিছুমান সংবেদনশীল ইলেকট্র'ড বা তড়িত্‍দ্বাৰ ৰখা হয়৷ এই ইলেকট্র'ডবোৰে ভিডিও কেমেৰাৰ পৰা সংগ্ৰহ কৰা ছবিবোৰক বৈদ্যুতিক সংকেতলৈ পৰিবৰ্তিত কৰে৷ এই বৈদ্যুতিক সংকেতবোৰ মাইক্ৰচিপচে মগজুলৈ প্ৰেৰণ কৰে আৰু ফলস্বৰূপে অন্ধ লোকজনে ভিডিও কেমেৰাই সংগ্ৰহ কৰা ছৱিবোৰ নিজৰ চকুৰে চোৱাৰ দৰেই অনুভৱ কৰে।

বিগত সময়চোৱাত কেইবা শ ৰোগীৰ ওপৰত পৰীক্ষা কৰাৰ পিছত বায়নিক চকুৰ কাৰ্যকুশলতা প্ৰমাণিত হৈছে। শেহতীয়াকৈ ডাঃ ৰজত এন আগৰৱালাই বায়'নিক চকুৰ পেটেণ্টো লাভ কৰিছে। অৱশ্যে সদ্য আৱিষ্কৃত বায়'নিক চকুবোৰ অত্যন্ত খৰছী। বায়'নিক চকুৰ সম্ভাৱনাৰ জগতখন দেখি বৰ্তমান আমেৰিকাৰ লগতে অষ্ট্ৰেলিয়া আৰু জাৰ্মানীতো বায়'নিক চকুৰ ওপৰত পৰবৰ্তী গৱেষণাবোৰ আৰম্ভ হৈছে। মূলত এই গৱেষণাৰ মূল লক্ষ্য হ'ল সুলভ মূল্যৰ বায়'নিক চকু তৈয়াৰ কৰা।

অৱশ্যে একাংশ বিজ্ঞানীৰ মতে বায়'নিক চকুৱে অন্ধ লোক এজনৰ দৃষ্টিশক্তিক সম্পূৰ্ণ ভাবে ঘূৰাই আনিব নোৱাৰে, বৰং দৃষ্টিহীন সকলৰ দুচকুৰ অন্ধকাৰ কিছু পৰিমানেহে আঁতৰ কৰিব পাৰে। তেওঁলোকৰ মতে বায়'নিক চকুৱে দৃষ্টিহীন লোক এজনৰ দুচকুত আঁকি দিয়ে এখন ধুসৰ, অস্পষ্ট ছবি। এই ছবিখন তেওঁৰ বাবে কিমানখিনি পৰিষ্কাৰ হ'ব সেইতো নির্ভৰ কৰিব ৰেটিনাৰ পৰা মগজুলৈ অপ্টিক স্নায়ুৰ মাধ্যমেৰে গতি কৰা বৈদ্যুতিক সংকেতবোৰৰ যাত্রাপথৰ মসৃণতাৰ ওপৰত। অপ্টিক স্নায়ুৰ কাৰ্য কুশলতা বৃদ্ধি কৰি বায়'নিক চকুযুৰি আৰু অধিক শক্তিশালী কৰি তোলাৰ পণ লৈ গৱেষণাত ব্রতী হৈছে এই  বিজ্ঞানীসকল। হয়তো সোনকালেই দূৰ হ'ব মানুহৰ অন্ধতা নামৰ ৰোগটো। হয়তো অনতিপলমে দৃষ্টিহীন প্ৰতিজন লোকৰেই দুচকুত ভাঁহি উঠিব ৰঙা নীলা পোহৰৰ মায়াময় মেলা।

Friday, 12 June 2020

পোহৰে যি বতৰা আনে


নিশাৰ আকাশত মুকুতাৰ দৰে জিলিকি থকা তৰাবোৰ চাই মন্ত্ৰমুগ্ধ হৈ সময় পাৰ কৰা প্ৰতিজন মানুহৰ মনত এই মহাবিশ্বৰ ৰহস্যবোৰে অজস্ৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিমান বিশাল এই বিশ্বব্ৰহ্মাণ্ড? কেনেকৈয়ে বা সৃষ্টি হ'ল দূৰণিৰ অসীম অন্তৰীক্ষৰ বুকুত জিলিকি থকা এই গ্রহ নক্ষত্রবোৰ? ক'ত আৰু কেনেকৈয়ে বাৰু আৰম্ভণি হ'ল এই মহাবিশ্বখন অথবা ইয়াৰ অন্তই বা ক'ত? কেবল বিজ্ঞানীয়েই নহয়, সাধাৰণ মানুহৰ মন বোৰকো যুগ যুগ ধৰি এইবোৰ প্রশ্নই জোকাৰি আহিছে। বিজ্ঞানী সকলেও দশক দশক জুৰি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰিছে। তেনে অনেক প্ৰশ্নৰ সমিধানো দিছে তেওঁলোকে। অনেক প্ৰশ্ন এতিয়াও উত্তৰ বিহীন হৈয়েই আছে। অদূৰ ভবিষ্যতে হয়তো তেনে সকলো প্ৰশ্নৰেই একো একোটা সৰ্বসন্মত সমিধান ওলাব।

আচৰিত হোৱাৰেই কথা, কাৰণ বিজ্ঞানীসকলৰ মতে এনে দূৰ অন্তৰীক্ষলৈ বিস্তৃত হৈ থকা অজান মহাবিশ্বখনৰ ৰহস্যঘন এনে প্রশ্নবোৰৰ উত্তৰ পোহৰেই কঢ়িয়াই আনে আমাৰ মাজলৈ। মহাবিশ্বখনৰ অসীম দূৰত্বত অৱস্থান কৰা অগণন গ্ৰহ নক্ষত্ৰকে আদি কৰি সকলোবোৰ মহাজাগতিক বস্তুৰ লগত পোহৰেই আমাৰ লগত এক সেতুবন্ধন তৈয়াৰ কৰি দিছে। গ্রহ নক্ষত্র আদিয়ে প্রতিফলিত কৰা বা বিকিৰণ কৰা পোহৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে পোহৰৰ উৎস সম্পর্কে বিভিন্ন তথ্য সংগ্ৰহ কৰে। কেবল সেয়াই নহয়, এই মহাবিশ্ব সৃষ্টিৰ ৰহস্যও লুকাই আছে পোহৰৰ মাজতেই। উৎসৰ পৰা প্রতিফলিত বা বিকিৰণ হোৱা পোহৰৰ ধর্ম ব্যৱহাৰ কৰি পোৱা তথ্যসমূহৰ পৰাই বিজ্ঞানী সকলে পোহৰৰ উৎস, যেনে গ্ৰহ বা নক্ষত্ৰটোৰ পৰিবেশ, অৱস্থা, উষ্ণতা আৰু দূৰত্ব সম্পর্কে ধাৰণা সংগ্ৰহ কৰে।

পোহৰ নিজেই অদৃশ্য আৰু ই শক্তিৰ এক গতিশীল ক্ষুদ্রতম ৰূপ মাথোন, যিয়ে আমাক দৃষ্টি প্ৰদান কৰে। পোহৰৰ অতি পৰিচিত এটা ধর্ম হ'ল এই যে পোহৰে একে সময়তে কণা আৰু তৰংগ উভয়ৰে ধৰ্ম দেখুৱায়। পোহৰৰ ক্ষূদ্রতম মৌলিক কণিকা বোৰক ফোটন বুলি কোৱা হয় যাৰ কোনো বাস্তবিক ৰূপ নাই। কিন্তু পদার্থৰ আণবিক স্তৰৰ আধাৰত বিচাৰ কৰিলে দেখা যায় যে তাপ প্রয়োগৰ ফলত পদাৰ্থৰ অনুত থকা উত্তেজিত ইলেকট্রণবোৰ এটা কক্ষপথৰ পৰা আন এটালৈ জাপ মাৰি গ'লে ইলেকট্ৰণবোৰে তৰংগৰ ৰূপত শক্তি বিকিৰণ কৰে আৰু এই বিকিৰণ হোৱা শক্তি খিনিকেই আমি পোহৰ হিচাবে পাওঁ।

সাধাৰণতে পোহৰ বুলিলে আমি পোহৰৰ দৃশ্যমান বৰণ বা ৰং বোৰকেই বুজো। আমাৰ মস্তিষ্কই পোহৰৰ তৰংগ দৈর্ঘ্যবোৰক দৃশ্যমান ৰং বা বৰ্ণালী হিচাবে চিনাক্ত কৰিব পাৰে। বিদ্যুত চৌম্বকীয় বর্ণালীৰ ক্ষুদ্র এটা অংশতেই এই দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যবোৰ সীমাৱদ্ধ। অৱশ্যে এই সীমাৰ বাহিৰতো আছে তৰংগ দৈর্ঘ্যৰ এখন বিশাল ক্ষেত্ৰ, যিবোৰৰ ৰং আমি কেতিয়াও খালী চকুৰে দেখা নেপাওঁ। কম তৰংগ দৈর্ঘ্যৰ গামা ৰশ্মি, অতিবেগুনীয়া ৰশ্মি, এক্সৰে আৰু বেছি তৰংগ দৈর্ঘ্যৰ অৱলোহিত ৰশ্মি, মাইক্রোওৱেভ, ৰেডিও তৰংগ আদিবোৰ তেনে কিছুমান অদৃশ্য বৰ্ণালী। বিজ্ঞানীসকলে পোহৰৰ এই অদৃশ্য জগতখনত উপলব্ধ বর্ণালী সমূহৰ তৰংগ দৈর্ঘ্য, কম্পনাংক, বিচ্ছুৰণ, বিকিৰণ, উজ্বলতা, প্রাবল্য আদিবোৰৰ পৰাই বুটলি আনে আমাৰ মনবোৰ জোকাৰি যোৱা এশ এবুৰি প্ৰশ্নৰ সহজ সমিধানবোৰ।

পোহৰৰ প্রতিটো তৰংগদৈর্ঘ্য আৰু কম্পনাংকই দৰাচলতে বিজ্ঞানীসকলৰ ওচৰত মহাবিশ্বৰ সৰু বৰ প্ৰতিটো পদাৰ্থ কণাকেই এক ভিন্ন আংগিকেৰে সজাই পৰাই তোলে। সূর্যৰ ৰশ্মিক প্রিজম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে দৃশ্যমান সাতটা ৰঙলৈ বিভক্ত হয়। ঠিক সেইদৰেই দূৰ দূৰণিৰ কোনো গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য এখনৰ পৰা অহা পোহৰৰ ৰশ্মিক বিশেষ ধৰণৰ বর্ণালীবীক্ষণ যন্ত্রেৰে বিশ্লেষণ কৰি বৰ্ণালীবোৰৰ তৰংগদৈর্ঘ্য অনুযায়ী মহাজাগতিক বস্তু যেনে গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য বোৰৰ তথ্য সংগ্ৰহ কৰা হয়। এই বর্ণালীবীক্ষণ পদ্ধতিৰ সহায়ত আহৰণ কৰা পোহৰৰ উৎসবোৰৰ তৰংগ দৈৰ্ঘ্য অধ্যয়ণ কৰি পোহৰৰ উৎসটোৰ ৰসায়নিক বিশ্লেষণৰ লগতে উৎসটোৰ ভৰ, উষ্ণতা, ভৌতিক উপাদান, গেছৰ উপস্থিতি, গেছীয় চাপ আদিৰ বিষয়ে তথ্য আহৰণ কৰাতো তেনেই সহজ হৈ পৰে।

মহাবিশ্বৰ প্ৰায় সকলোবোৰ পদাৰ্থ যেনে শিশু তৰা বা প্ৰট'স্টাৰ, গ্রহ, উপগ্রহ, বামন তৰা আদিয়ে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। নক্ষত্র বা তৰা এটা জন্ম হোৱাৰ প্রাথমিক পর্যায়ত প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত থকা আণৱিক গেছ আৰু ধূলিকণাৰ মেঘৰ কেন্দ্ৰভাগৰ পৰাই শিশু তৰা বা প্ৰট'স্টাৰটোৱে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। এনেদৰে শিশু তৰা এটাৰ কেন্দ্ৰভাগৰ পৰা বিকিৰণ হোৱা অৱলোহিত ৰশ্মিৰ বৰ্ণালী বিশ্লেষণ কৰিয়েই বিজ্ঞানীসকলে জানিব পাৰিছে মহাবিশ্বৰ বুকুত থকা অগণন নক্ষত্ৰবোৰৰ জন্ম বৃত্তান্ত। আনহাতে পালচাৰ, সুপাৰনোভা অথবা কৃষ্ণগহ্বৰৰ আশে পাশে থকা বিস্তৃৰ্ণ অঞ্চল সমূহৰ পৰা বিকিৰণ হোৱা গামা ৰশ্মিবোৰে মৃত নক্ষত্ৰৰ অস্থি সদৃশ পালচাৰ সমুহৰ লগতে বিষ্ফোৰিত হৈ ধ্বংস প্ৰাপ্ত হোৱা সুপাৰনোভা বোৰৰ ৰসায়নিক সংগঠন, উষ্ণতা আদিৰ বিষয়ে তথ্য প্ৰদান কৰে।

একেদৰে মহাবিশ্বৰ চৌপাশে বিকিৰণ হৈ থকা ৰেডিও তৰংগবোৰৰ সহায়ত বিজ্ঞানীসকলে পৃথিবীৰ পৰা বহু দূৰৰ কোনো গ্ৰহ গ্ৰহান্তৰত প্ৰাণৰ অস্তিত্ব বিচাৰি ফুৰে। তদুপৰি ৰেডিও তৰংগবোৰ বিশাল ব্ৰহ্মাণ্ডখনৰ কোনো অজ্ঞাত স্থানত লুকাই থকা অদৃশ্য পদাৰ্থৰ চৌদিশৰ চৌম্বকক্ষেত্রৰ সন্ধানৰ লগতে মহাকাশত থকা বিভিন্ন গতিশীল পদাৰ্থবোৰৰ গতিবেগ নিৰ্ধাৰণ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আনকি ৰেড ছিফ্ট (ৰঙা সৰণ) আৰু ব্লু ছিফ্ট (নীলা সৰণ) নামৰ পোহৰৰ দুটা বিশেষ পৰিঘটনাৰ আধাৰত সম্পন্ন কৰা গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞানী এডুইন হাব'লে প্ৰসাৰণশীল মহাবিশ্বৰ বিষয়ে ঘোষণা কৰিছিল।

বিজ্ঞানীসকলৰ মতে দূৰ দূৰণিৰ এই গ্রহ, নক্ষত্র বা তাৰকা ৰাজ্যবোৰৰ মাজতেই লুকাই আছে মহাবিশ্বৰ সকলোবোৰ ৰহস্যময় প্ৰশ্নৰ সহজ সমিধানবোৰ। এতিয়াও অজস্ৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পোৱা নাই। কিন্তু বিজ্ঞানীসকল আশাবাদী। কাৰণ তেওঁলোকে জানে যে পোহৰে ব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰ সমিধান লৈ আমাৰ দিশেই আহি আছে। যিদিনাই আমি পোহৰে কঢ়িয়াই অনা খৱৰবোৰ বুজিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব পাৰিম, সিদিনাই আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰেই সমিধান উলিয়াবলৈ সক্ষম হ'ব পাৰিম।

Friday, 5 June 2020

সৃষ্টিৰ আঁৰৰ মহাবিষ্ফোৰণ : বিগ বেং


আজিৰ পৰা ১৪ বিলিয়ন বছৰ আগত আমাৰ এই মহাবিশ্বখনৰ কোনো অস্তিত্বই নাছিল। আমি বাস কৰা এই পৃথিৱী নামৰ গ্রহটো, মুৰৰ ওপৰত দেখা আকাশ খনৰ লগতে ইয়াৰ বুকুত খচিত হৈ থকা অগণন তৰাবোৰ অথবা আকাশৰ বুকুত ইমুৰৰ পৰা সিমুৰলৈ বিস্তৃত হৈ থকা আমাৰ অতিকৈ চিনাকি হাতীপটি ছায়াপথটো - একোৰেইতো অস্তিত্ব নাছিল তেতিয়া। কেবল শূণ্যতা আৰু শূণ্যতা। বিজ্ঞানৰ মতে এই শূণ্যতাই হ'ল সৃষ্টিৰ ফেঁহুজালি। মাত্ৰ এটি লহমাৰ ভিতৰত এই শূণ্যতাৰ বুকুতেই সংঘটিত হৈছিল এটা মহাবিস্ফোৰণ। এই মহাবিস্ফোৰণটোৰ নামেই - "বিগ বেং" বা "মহানাদ''। 

বিগ বেঙৰ সেই বিশেষ মূহুৰ্তটোতেই অতি ক্ষূদ্র ভৰ বিশিষ্ট আৰু ভীষণ ভাবে উত্তপ্ত এটি বিন্দু সদৃশ স্থানত হোৱা প্ৰচণ্ড মহাবিস্ফোৰণটোৰ সম্প্ৰসাৰণ হৈছিল প্ৰায় দুই বিলিয়ন বিলিয়ন কিলোমিটাৰ পর্যন্ত আৰু এই সম্প্ৰসাৰণ প্রতিনিয়ত ভাবে এতিয়াও হৈ আছে। আজিৰ পৰা প্রায় ১৩.৭৫ বিলিয়ন বছৰ আগত এই বিশ্বব্ৰহ্মাণ্ডখন এটি অতি উত্তপ্ত আৰু অতি সংকুচিত অৱস্থাত আছিল। বিজ্ঞানী এডুইন হাবলে দূৰৱর্তী তাৰকা ৰাজ্যবোৰৰ সম্প্ৰসাৰণ বেগ সামগ্রিকভাবে পৰ্যালোচনা কৰি দেখা পালে যে সেইবোৰ পৰষ্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। সেয়ে তেখেতে ঘোষণা কৰে যে মহাবিশ্বখন সম্প্রসাৰিত হৈ আছে।

এই মহাবিশ্বত কেইবা বিলিয়ন তাৰকাৰাজ্য আছে। একেদৰে প্ৰতিটো তাৰকাৰাজ্যত আছে কেইবা বিলিয়ন নক্ষত্র। মহাবিশ্বৰ বিশালতাৰ তুলনাত একোখন তাৰকাৰাজ্যৰ নক্ষত্রবোৰ প্ৰায় ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি। আনহাতে ওচৰা ওচৰি তাৰকা ৰাজ্যবোৰৰ মাজত দূৰত্ব বহুত বেছি। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতখন থকা হাতীপটি তাৰকাৰাজ্যৰ ওচৰৰ তাৰকা ৰাজ্যখনৰ নাম এণ্ড্ৰমেডা আৰু এই তাৰকা ৰাজ্যখন আমাৰ পৰা প্ৰায় ২২ লাখ আলোকবর্ষ দূৰত অৱস্থিত। অৰ্থাৎ আমাৰ নিকটৱৰ্তী এণ্ড্ৰমেডা তাৰকাৰাজ্যৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় লাগে ২২ লাখ বছৰ ! ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সমগ্ৰ মহাবিশ্বখনৰ বিশালতা।

আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ আধাৰত অতীত বিশ্লেষণ কৰিলে দেখা যায় যে এই অকল্পনীয় ভাবে বিশাল মহাবিশ্বখন কিন্তু এটি অস্তিত্বহীন "সুপ্রাচীন বিন্দুকণা"ৰ পৰাই উৎপত্তি হৈছে। সেই সময়ত ব্ৰহ্মাণ্ডৰ সকলোবোৰ পদার্থ আৰু শক্তি অতি উত্তপ্ত তথা অতি সংকুচিত অৱস্থাত আছিল। কিন্তু এই অৱস্থাৰ আগত এই বিশ্বব্ৰহ্মাণ্ডত কি আছিল সেই বিষয়ে বিজ্ঞানী সকলৰ মাজত কোনো প্ৰমাণিত তথ্য নাই। 

কিন্তু কিয় সংঘটিত হ'ল "বিগ বেং" নামৰ এই মহাবিস্ফোৰণটো? এইটো এটা জটিল প্ৰশ্ন আৰু বিজ্ঞানীসকলে ইয়াৰ কাৰণ সম্বন্ধে কেবল এটি ধাৰণা বা সম্ভাৱনাৰ কথাহে ব্যক্ত কৰিব পাৰে। বিজ্ঞানী সকলে কোৱাৰ দৰে বিগ বেঙৰ সময়ত দৰাচলতে কি ঘটিছিল, সেইটো সহজ ভাষাৰে জানিবলৈ চেষ্টা কৰো আহক।

বিগ বেঙৰ থিক এক ছেকেণ্ডৰ ভিতৰতেই মহাবিশ্ব গঠনৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ সৃষ্টি হ'বলৈ ধৰিছিল। ই এক ইমানেই জটিল প্ৰক্ৰিয়া যে বিগ বেঙৰ পিছত মহাবিশ্বৰ প্ৰথমটো নক্ষত্ৰৰ জন্ম হ'বলৈ প্ৰয়োজন হৈছিল প্ৰায় ২ বিলিয়ন বছৰৰ। এই সদ্যজাত মহাবিশ্বখন আছিল অতি উত্তপ্ত এক স্থান যাৰ তাপমাত্রা আছিল প্ৰায় এক লাখ বিলিয়ন বিলিয়ন ডিগ্রী ছেণ্টিগ্ৰেড। এই অতি উত্তপ্ত নৱজাতক বিশ্বব্ৰহ্মাণ্ডখন তাপ আৰু পোহৰৰ মাধ্যমত খুব দ্রুতগতিত সম্প্রসাৰিত হ'বলৈ আৰম্ভ কৰিছিল।

বিগ বেঙৰ প্রথম এক ছেকেণ্ডৰ মূহুৰ্তত এই সম্প্রসাৰণ অতি দ্রুত আছিল। সেই সময়তেই মহাবিশ্বত কেতবোৰ অতিপাৰমাণৱিক কণা তৈয়াৰ হোৱা আৰম্ভ হৈছিল। ইতিমধ্যে নৱজাতক বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ বলৰ সৃষ্টি হৈছিল আৰু এই মহাকৰ্ষণ বলে ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ হাৰ কিছু পৰিমাণে ধীৰ কৰি তোলাৰ লগতে অতিপাৰমাণৱিক কণাবোৰক প্ৰভাৱিত কৰি কেতবোৰ অধিক ভৰযুক্ত পাৰমাণৱিক কণা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। পিছলৈ এই ভৰযুক্ত পাৰমাণৱিক কণাবোৰে প্ৰটন, ইলেকট্ৰণ আৰু নিউট্ৰণ কণাৰ সৃষ্টি কৰে।

বিগ বেং বা মহানাদৰ এশ ছেকেণ্ড পিছত নৱজাতক মহাবিশ্বৰ তাপমাত্রা কমি অহাত ইলেকট্রণ, প্রটন আৰু নিউট্রনবোৰ সংগঠিত হোৱাৰ পৰিবেশ তৈয়াৰ হয় আৰু এই তিনিওবিধ কণাই সমন্বয় সৃষ্টি কৰি মহাবিশ্বৰ প্ৰথম পৰমাণু হাইড্ৰজেন আৰু হিলিয়ামৰ জন্ম দিয়ে। এই পৰমাণু গঠন প্ৰক্ৰিয়া অবিৰত ভাবে কেইবা হাজাৰ বছৰ ধৰি নিৰৱচিন্ন ভাবে চলি থাকিল আৰু এটা সময়ত সম্প্রসাৰিত হৈ থকা মহাবিশ্বৰ তাপমাত্রাও কমি আহি প্ৰায় চাৰি হাজাৰ ডিগ্রী ছেলছিয়াচ হ'লগৈ। এই তাপমাত্রা পৰমাণু গঠনৰ বাবে অনুকূল আছিল আৰু ইতিপূৰ্বে সৃষ্টি হোৱা মহাকৰ্ষণ বলে এই সদ্যজাত পৰমাণুবোৰক একত্ৰিত কৰি কিছুমান ক্ষুদ্র বৃত্তাকাৰ ভৰযুক্ত গঠন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দুই বিলিয়ন বছৰ পিছত এই হাইড্রজেন আৰু হিলিয়ামৰ গেছীয় মেঘ তথা ধূলিকণাবোৰ সামৰি লৈ মহাবিশ্বৰ প্রথমটো নক্ষত্রৰ জন্ম হয়।

এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল যে বিলিয়ন বিলিয়ন বছৰ আগতে প্ৰকৃততে কি হৈছিল সেয়া বৈজ্ঞানিক সকলে জানিলে কেনেকৈ? তাৰবাবে বিজ্ঞানীসকলে মহাবিশ্বৰ নক্ষত্রবোৰৰ মাজৰ দূৰত্ব নিৰূপন আৰু পর্যবেক্ষণ কৰা আৰম্ভ কৰে। আমি তেতিয়াই বস্তু এটা দেখা পাও, যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে। বস্তুটো আমাৰ পৰা যিমান বেছি দূৰত্বত অৱস্থান কৰে, সিমানেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় বেছি লাগে।

উদাহৰণ স্বৰূপে আকাশৰ উজ্জ্বলতম নক্ষত্র লুব্ধক বা ‘ছিৰিয়াছ'’ৰ পৰা পোহৰ আমাৰ পৃথিবী আহি পাবলৈ সময় লাগে প্ৰায় আঠ বছৰ। অর্থাৎ আমি নিশাৰ আকাশত দেখা পোৱা লুব্ধক নামৰ নক্ষত্ৰটো দৰচলতে আঠ বছৰ আগৰহে। এই মূহুৰ্তৰ লুব্ধক নক্ষত্ৰটো আমি আজিৰ পৰা আঠ বছৰ পিছতহে দেখা পাম। এনেদৰেই মহাজাগতিক বস্তুবোৰ আমাৰ পৰা যিমানেই দূৰত অৱস্থান গ্ৰহণ কৰিব, সিমানেই বস্তুটোৰ অতীতটো দেখা পাম।

একেদৰে '‘ভার্গো ক্লাষ্টাৰ'’ নামৰ তাৰকাৰাজ্য খনৰ পৰা আমাৰ পৃথিৱীলৈ পোহৰ আহি পাবলৈ সময় লাগে প্ৰায় পাঁচ কোটি বছৰ ! অৰ্থাৎ শক্তিশালী দূৰবীণ যন্ত্ৰৰ সহায়ত আজি আমি ভার্গো ক্লাষ্টাৰৰ যি একাজলি পোহৰ দেখা পাও, সেয়া ৫ কৌটি বছৰ আগৰ। সেই সময়ত মানৱজাতিৰ অস্তিত্বই নাছিল। অৰ্থাৎ ভাৰ্গো ক্লাষ্টাৰে আমাক মানৱ জাতি বিকাশ হোৱাৰ আগৰ সময়ৰ বতৰা দিয়ে। 

নক্ষত্ৰবোৰে দৃশ্যমান পোহৰৰ লগতে বিভিন্ন ধৰণৰ তেজস্ক্রিয় ৰশ্মিও বিকিৰণ কৰে। বৈজ্ঞানিক সকলে বিশেষ ধৰণৰ টেলিস্কোপ ব্যৱহাৰ কৰি দূৰ মহাজাগতিক নক্ষত্ৰবোৰৰ পৰা অহা তেনে ৰশ্মিসমূহ চিনাক্ত কৰে আৰু সেইবোৰে কঢ়িয়াই অনা দূৰ অতীতৰ বাৰ্তাবোৰৰ সহায়ত অতীতৰ মহাবিশ্ব সম্পর্কে এটা সামগ্রিক ধাৰণা তৈয়াৰ কৰি লয়। বর্তমানলৈ আৱিষ্কৃত সবাতোকৈ দূৰৰ তাৰকাৰাজ্যখন ১৩ বিলিয়ন আলোকবর্ষ দূৰত অৱস্থিত। সেয়ে এই তাৰকা ৰাজ্যখনৰ পৰা অহা পোহৰে আমাক বিগ বেং বা মহানাদৰ থিক দুই বিলিয়ন বছৰ পিছৰ বাতৰি যোগান ধৰে। সেইবাবেই বিজ্ঞানীসকলে মহানাদৰ ২ বিলিয়ন বছৰ পিছৰ ঘটনাৰাজিৰ কিছু তাত্ত্বিক প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছে যাৰ আধাৰত বিলিয়ন বিলিয়ন বছৰ আগতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজিৰ আভাস পোৱাতো সম্ভৱ হৈ উঠিছে।


আমি যদি ইয়াতকৈও দূৰৰ তাৰকাৰাজ্য এখন আৱিষ্কাৰ কৰিব পাৰো, তেন্তে মহাবিশ্ব সৃষ্টিৰ একেবাৰে আৰম্ভণিতেই প্ৰকৃততে কি হৈছিল, সেই কথাবোৰো সহজেই বুজি পাম। সিদিনাই আমি গম পাম - কেনেদৰে সৃষ্টি হৈছিল এই বিশাল বিশ্বব্ৰহ্মাণ্ডখন !!

Wednesday, 3 June 2020

মহাকাশ বিজ্ঞানী হ'বলৈ


সচৰাচৰ সোধাৰ দৰেই এজন কিশোৰক প্রশ্ন কৰা হৈছিল : ডাঙৰ হ'লে তুমি কি হ'ব বিচাৰা? মই আশা কৰাতকৈও অধিক উৎসাহেৰে কিশোৰ গৰাকীয়ে উত্তৰত কৈছিল : "মই ইছৰোত মহাকাশ বিজ্ঞানী হিচাবে কাম কৰিব বিচাৰো।"

কিশোৰজনৰ দৰেই মনৰ কোনোবা এটি কোনত তাহানিতে মই নিজেও থিক তেনে এটি আকাংক্ষাকেই পুহি ৰাখিছিলোঁ। কিন্তু পৰিকল্পনাৰ অভাৱ আৰু অন্যান্য বিভিন্ন কাৰণত মই সজাই পৰাই তোলা সপোনটো কলিতেই মৰহি গৈছিল। মনত এটা ধাৰণাই গা কৰি উঠিছিল যে মহাকাশ বিজ্ঞানী হ'বলৈ বা ইছৰোৰ দৰে গৰিমাময় এটা প্ৰতিস্থানত নিজকে বিচাৰি পাবলৈ হ'লে ব্যক্তিজন নিশ্চয় অসাধাৰণ ভাবে মেধাবী হোৱাৰ উপৰিও কিছু অতিমানবীয় গুণসম্পন্ন লোক হ'বই লাগিব। আচলতে আমি কথাবোৰ ভালদৰে জনা নাছিলো। সিদিনা কিশোৰজনৰ মুখত মোৰ অতীতৰ আকাংক্ষাবোৰৰ পুনৰ জীৱন হোৱা যেন লাগিছিল। সঁচাকৈয়ে নস্তালজিক হৈ পৰিছিলোঁ মই। 

বিগত সময়চোৱাত বিভিন্ন মহাকাশ বিজ্ঞান বিষয়ক কৰ্মশালাত উপস্থিত থাকিব পাৰি দুটামান কথা শিকিবলৈ পাইছো। বিশেষকৈ Mumbaiত অৱস্থিত Bhabha Atomic Research Centre আৰু Tata Institute of Fundamental Research তথা আহমেদাবাদৰ Space Applications Centre আৰু ISROৰ কৰ্মশালাত উপস্থিত থাকি বুজিছিলো যে আমাৰ অসমৰ নৱপ্ৰজন্মই সহজতেই ISRO, TIFR, Space Applications Centre আদিত নিজকে বিজ্ঞানী হিচাবে প্ৰতিস্থা কৰি নিজৰ সপোনবোৰ সাৰ্থক কৰি তুলিব পাৰে। অৱশ্যে তাৰবাবে তেওঁলোকে জানিব লাগিব এনেবোৰ প্ৰতিস্থানত চাকৰি পাবলৈ প্রয়োজনীয় যোগ্যতাবোৰনো কি? 

মহাকাশ গৱেষণা সম্বন্ধীয় কাম কাজত নিজকে নিয়োজিত কৰিব খুজিলে ন্যূনতম যোগ্যতাৰ চৰ্ত হ'ল কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অতি কমেও ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ Bachelor’s Degree in Engineering (BE) বা Bachelor’s Degree in Technology (BTech) হ'ব লাগিব। তদুপৰি পদাৰ্থ বিজ্ঞান, গণিত বা ৰসায়ন বিজ্ঞানত ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতোকোত্তৰ ডিগ্ৰীধাৰী সকলেও আবেদন কৰিব পাৰে। মহাকাশত জীৱনৰ সন্ধান তথা মহাকাশ ভ্ৰমণলৈ যোৱা মহাকাশচাৰী সকলৰ দেহৰ বিভিন্ন দিশসমূহৰ ওপৰত গৱেষণাৰ বাবে জীৱবিজ্ঞান আৰু জিনীয় অভিযন্ত্ৰণৰ ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলক এনে প্ৰতিস্থান সমূহত অগ্ৰাধিকাৰ দিয়া হয়। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা থকা প্ৰতিজন আৱেদনকাৰীয়ে এক লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এই পৰীক্ষাসমূহ ভাৰতবৰ্ষৰ ১২ খন চহৰত অনুস্থিত হয়। চহৰ কেইখন হ'ল : আমেদাবাদ, বেঙ্গালুৰু, ভূপাল, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণো, মুম্বাই, নতুন দিল্লী আৰু তিৰুঅনন্তপুৰম।

লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক সাক্ষাতকাৰৰ বাবে মতা হয়। সাক্ষাতকাৰৰ সময়ত মূলতঃ আবেদনকাৰী জনৰ দক্ষতাৰ মান নিৰ্ধাৰণৰ বাবে বিভিন্ন প্ৰশ্ন কৰা হয়। এনে সাক্ষাতকাৰত উত্তীৰ্ণ হ'বলৈ প্ৰাৰ্থীজনৰ নিজৰ ক্ষেত্ৰখনত থকা দক্ষতাৰ উপৰিও বিভিন্ন ধৰণৰ স্কিল সম্বন্ধে পাৰদৰ্শিতা নিৰূপণ কৰা হয়। এই স্কিল সমূহ মহাকাশ সম্বন্ধীয় গৱেষণাৰ সময়ত এজন বিজ্ঞানীক সততেই প্ৰয়োজন হয়। ইছৰোৰ তৰফৰ পৰা নৱ প্ৰজন্মক আহ্বান জনাই কোৱা হৈছে যে যিসকলে ভৱিষ্যতে ইছৰোত যোগদান কৰিব খোজে তেওঁলোকে যেন চাৰিটা কথাত অধিক গুৰুত্ব প্ৰদান কৰে। সেইবোৰ হ'ল :

¤ পাঠ্যক্ৰমৰ বিষয়বস্তু পুংখানুপুংখ ভাবে অধ্যয়ন।
¤ নিজৰ স্বাস্থ্য সম্বন্ধে অধিক সচেতনতা।
¤ অত্যন্ত ধৈৰ্যশীল আৰু সহিষ্ণু গুণ।
¤ কঠিন সিদ্ধান্ত ল'ব পৰাৰ দক্ষতা।


ইছৰোৰ নিজস্ব ৱেবচাইট http://www.isro.gov.in/ ত এই বিষয়ে সকলোবোৰ তথ্য সন্নিবিষ্ট কৰা আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে উঃ মাঃৰ বিজ্ঞান শাখাত পঢ়ি আছে অথবা ইঞ্জিনিয়াৰিং পঢ়ি আছে বা বিজ্ঞানৰ বিষয়সমূহত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত, তেওঁলোকে যদি এতিয়াৰ পৰাই এই বিষয়বোৰত ভালদৰে মনযোগ দিয়ে, তেন্তে অনাগত দিনবোৰত আমাৰ অসমৰ যুৱ প্ৰজন্মৰ মাজতো আমি কেইবাজনো মহাকাশ বিজ্ঞানী বিচাৰি পাম। ইতিপূৰ্বে উল্ল্যেখ কৰি অহা কিশোৰজনৰ লগতে যুৱ প্ৰজন্মৰ যিসকলে ভৱিষ্যতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহিব বিচাৰে, সেই সকলোলৈ আমাৰ আন্তৰিক শুভকামনা থাকিল।

বিজ্ঞানৰ শেহতীয়া সংযোজন : ছিলিকনযুক্ত কৃত্ৰিম পাত


সাম্প্ৰতিক সময়চোৱাত প্ৰযুক্তিৰ ধামখুমিয়াত আমাৰ বায়ুমণ্ডলত যি হাৰত কার্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে, তাৰ পৰিণতি স্বৰূপে পৃথিৱীৰ বায়ুমণ্ডলত অতি দ্ৰুত গতিত অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ ভাৰসাম্যতা বিনষ্ট হৈছে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে অন্যান্য এশ এবুৰি সমস্যাই আমাৰ পৰিবেশক ক্ষতিগ্ৰস্থ কৰাৰ লগতে সমগ্ৰ জীৱকুললৈ নমাই আনিছে বিভিষীকা। গোলকীয় উষ্ণতাৰ এই জটিল সন্ধিক্ষণত আমাৰ পৃথিৱীখন বাসোপযোগী কৰি ৰাখিবলৈ হ'লে সৰ্বপ্ৰথমে কল-কাৰষাণা আদিৰ লগতে অন্যান্য প্ৰযুক্তিগত উৎস সমূহৰ পৰা নিৰ্গত হোৱা কার্বনৰ মাত্রা নিয়ন্ত্ৰণ কৰাতো অত্যন্ত জৰুৰী। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ গৱেষণামূলক কামত।

শেহতীয়াকৈ গৱেষক বিজ্ঞানীসকলে এই ক্ষেত্ৰত সমাধান সূত্ৰ হিচাবে আৱিষ্কাৰ কৰিছে artificial leaf বা "কৃত্ৰিম পাত"। বিজ্ঞানীসকলৰ মতে সদ্য আৱিষ্কৃত এই কৃত্ৰিম পাতবোৰে বায়ুমণ্ডলৰ পৰা কার্বন ডাইঅক্সাইডৰ মাত্রা কমোৱাৰ লগতে অজন স্তৰৰ ক্ষয়ীভৱনো ৰোধ কৰিব পাৰিব। কিন্তু কি এই artificial leaf বা "কৃত্ৰিম পাত"? কেনেকৈয়ে বা বিজ্ঞানীসকলে সাজি উলিয়াইছে এই কৃত্ৰিম পাতবোৰ? 

গছৰ সেউজীয়া পাতে সূৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ জৰিয়তে কার্বন ডাইঅক্সাইড আৰু পানীৰ পৰা গ্লুকোজ আৰু অক্সিজেন উৎপন্ন কৰে। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইড আত্মীকৰণ হোৱাৰ ফলত ইয়াৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। কিন্তু বিগত সময়চোৱাত বৰ্ধিত উদ্যোগীকৰণৰ লগতে বনাঞ্চল সমূহৰ পৰিসৰ কমি যোৱা হেতুকে উদ্ভিদৰ সংখ্যাও চকুত লগাকৈ কমি অাহিছে। ফলত কাৰ্বন আত্মীকৰণ প্ৰক্ৰিয়াটোও বাধাগ্ৰস্ত হৈছে। ইয়াৰ পৰিণতিত আমাৰ বায়ুমণ্ডলত কার্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। সেয়ে বিজ্ঞানীসকলে গছৰ সেউজীয়া পাতৰ অনুকৰণত পৰীক্ষাগাৰত "কৃত্ৰিম পাত" তৈয়াৰ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰে যিবোৰে বায়ুমণ্ডলৰ কার্বন ডাইঅক্সাইডৰ মাত্রা কমোৱাৰ লগতে অজন স্তৰৰ ৰক্ষণাবেক্ষণ আৰু ইন্ধনৰ চাহিদাও পুৰণ কৰিব। এই কৃত্রিম পাতবোৰে কিউপ্রাছ অক্সাইড নামৰ এবিধ ৰঙচুৱা বৰণৰ ৰসায়নিক পদাৰ্থৰ উপস্থিতিত কার্বন ডাই অক্সাইডক মিথানল আৰু অক্সিজেনলৈ সলনি কৰিব পাৰে। সমগ্ৰ জীৱকুলৰ লগতে আমাৰ সেউজীয়া পৃথিৱীখন বচাই ৰাখিবলৈ নিসন্দেহে এয়া এক যুগান্তকাৰী পদক্ষেপ।

কানাডাৰ ইউনিভাৰ্চিটি অফ ওৱাটাৰলুৰ বিজ্ঞানীসকলে তৈয়াৰ কৰা এই কৃত্ৰিম পাতবোৰ দৰাচলতে ছিলিকনযুক্ত কেতবোৰ আহিলা। ইয়াৰ উপৰিভাগত কপাৰ এচিটেট, ছডিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম দোডিচাইল ছালফেটৰ এটা মিশ্ৰণ প্ৰলেপ আকাৰে ৰখা হয়। এটা পানীৰে পূৰ্ণ পাত্ৰত এই ছিলিকনযুক্ত আহিলা বা কৃত্ৰিম পাতটো থৈ কিছু সময় সূৰ্যৰ পোহৰত ৰাখিলে, আহিলাটোত থকা পোহৰৰ সংবেদী ছিলিকন চিপচবোৰ উত্তপ্ত হৈ পৰে। তেতিয়া এই উত্তপ্ত ছিলিকন চিপচবোৰৰ ওপৰত প্ৰলেপ হিচাবে ৰখা কপাৰ এচিটেট, ছডিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম দোডিচাইল ছালফেটৰ মিশ্ৰণটোৱে অনুঘটকৰ কাম কৰি পাত্ৰটোৰ পানীখিনিৰ আলোক বিশ্লেষণ ঘটাই হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন কৰে। বিক্ৰিয়াটো চলি থকা সময়তে ৰসায়নিক মিশ্ৰনটোৱে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাইঅক্সাইড শোষণ কৰি লয় আৰু পানীৰ আলোক বিশ্লেষণৰ পৰা উপলব্ধ হাইড্ৰজেনৰ লগত বিক্ৰিয়া ঘটাই মিথানল সৃষ্টি কৰে। ইয়াৰ ফলত বায়ুমণ্ডলৰ থকা অতিৰিক্ত কাৰ্বন ডাইঅক্সাইডবোৰ শোষিত হোৱাৰ উপৰিও উৎপন্ন হোৱা মিথানলখিনি ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ বাট মুকলি হৈছে। অৰ্থাৎ ছিলিকনযুক্ত এই কৃত্ৰিম পাতবোৰ ব্যৱহাৰ কৰি গোলকীয় উষ্ণতাৰ মূল কাৰক গ্ৰীনহাউচ গেছ এই  কার্বন ডাইঅক্সাইডৰ পৰিমাণ কমোৱাৰ লগতে উৎপাদিত ইথানলখিনি বিকল্প ইন্ধন হিচাবে ব্যৱহাৰ কৰি লাভাম্বিত হ'ব পৰা যায়।


গৱেষক বিজ্ঞানীসকলৰ মতে ১.৫ মিটাৰ দীঘল আৰু ০.২৫ মিটাৰ বহল এটা কৃত্রিম পাতে বছৰত  প্রায় ২ টন কার্বন ডাইঅক্সাইড বায়ুমণ্ডলৰ পৰা কমাব পাৰে। অৰ্থাৎ ৫০০ বর্গমিটাৰ এলেকাত যদি ৩০০ এনে ছিলিকনযুক্ত কৃত্ৰিম পাত সজ্জিত কৰি ৰখা হয়, তেন্তে ৫০০ বর্গমিটাৰ এলেকাৰ এই ৩০০ টা ছিলিকনযুক্ত কৃত্ৰিম পাতে এক সুবৃহৎ অঞ্চলৰ বায়ুমণ্ডলৰ পৰা দৈনিক ১০ শতাংশ কার্বন ডাইঅক্সাইড কমাব পাৰিব। আগন্তুক সময়ত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা ছিলিকনযুক্ত এই কৃত্ৰিম পাতবোৰ সমগ্ৰ জীৱকুলৰ বাবেই আশীৰ্বাদ স্বৰূপ হৈ পৰিব।

Saturday, 30 May 2020

সীমিত গতি আৰু অসীমৰ ঠিকনা


সূৰ্যৰ পিছতেই আমাৰ সকলোতকৈ ওচৰৰ নক্ষত্রটো হ'ল প্রক্সিমা ছেণ্টাৰাই (ছেঞ্চুৰী) যাৰ দূৰত্ব আমাৰ পৃথিৱীখনৰ পৰা ৪.২২ আলোকবর্ষ। অৰ্থাৎ প্রক্সিমা ছেণ্টাৰাইৰ পৰা একাজলি পোহৰ আহি আমাৰ চকুত ধৰা পৰিবলৈ সময় লাগিব ৪.২২ বছৰ। একেদৰেই আমি যদি পোহৰৰ বেগত যাব পৰা কোনো মহাকাশযানেৰে সূর্যৰ নিকটৱর্তী এই নক্ষত্রটোলৈ যাব বিচাৰো, তেন্তে তাত উপস্থিত হ'বলৈ আমাক সময় লাগিব ৪.২২ বছৰ।

আধুনিক পদার্থ বিজ্ঞানৰ প্ৰসাৰতাৰ কথা বিবেচনা কৰি আমি এটা আশা কৰিব পাৰো যে, মানুহৰ দ্বাৰা তৈয়াৰী মহাকাশযান নিশ্চয় এদিন আন্ত নাক্ষত্ৰিক পৰিভ্রমণ কৰাৰ বাবে সাজু হৈ উঠিব। সিদিনা হয়তো দুৰস্থিত কোনো নক্ষত্ৰৰ চৌপাশে ঘূৰি থকা গ্ৰহ এটাৰ বুকুৰ পৰা পৃথিৱীৰ ছবি তথ্য হিচাবে আমাৰ পৃথিৱীলৈ আহিব। কিন্তু এয়া বাৰু সম্ভৱ হৈ উঠিবনে? কাৰণ কোনো মানুহ যদি অন্য এক নক্ষত্ৰ জগতলৈ যাব বিচাৰে, তেন্তে সেই মানুহজন প্ৰথমেই অমৰ হ'ব লাগিব। কিন্তু কিয়?

এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ আগতেই আন এটি প্ৰশ্নই আমাক জোকাৰি যাব - আমি কি সঁচাকৈয়ে পোহৰৰ গতিৰে মহাবিশ্বৰ বুকুত পৰিভ্রমণ কৰিব পাৰিম? প্ৰতি ছেকেণ্ডত পোহৰৰ দৰেই প্রায় তিন লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাতো কি সহজ কথা? এই গতিত পৰিভ্ৰমণ কৰিব পাৰিলে আমি মাত্র এক ছেকেণ্ডতেই প্ৰায় সাতবাৰ পৃথিৱীৰ চৌদিশে প্রদক্ষিণ কৰিব পাৰিম !

মানুহে সজা বন্দুকৰ গুলী এটাৰ বায়ুত সর্বোচ্চ বেগ ১৫০০ মিটাৰ/ছেকেণ্ড। অৰ্থাৎ বন্দুকৰ গুলী এটাই প্ৰতি ছেকেণ্ডত প্ৰায় ১.৫ কিলোমিটাৰ দুৰ অতিক্ৰম কৰিব পাৰে। সেইদৰে মানৱ নিৰ্মিত ভয়েজাৰ-১ নামৰ মকাশযানখনৰ গতিবেগ প্ৰতি ছেকেণ্ডত প্ৰায় ১৭ কিলোমিটাৰ ! আচৰিত নহ'ব, আমি বাসকৰা পৃথিৱীখনেও সূর্যৰ চৌদিশে কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰকৈ দুৰত্ব অতিক্ৰম কৰি আছে। মানুহে সাজি উলিওৱা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ "ছোলাৰ প্রোব"টোৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৭০ কিলোমিটাৰ মাত্ৰ। অথচ পোহৰৰ গতিবেগ হ'ল প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ !

তেনেক্ষেত্ৰত আজি পর্যন্ত মানুহে তৈয়াৰ কৰা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ ছোলাৰ প্রোবটোৰ গতিতো যদি আমি আন্ত নাক্ষত্রিক পৰিভ্রমণ কৰাৰ কথা বিবেচনা কৰো, তেন্তে আমাৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্রক্সিমা ছেণ্টাৰাইলৈ যাবলৈয়ে আমাক সময় লাগিব প্ৰায় ১৯ হেজাৰ বছৰ !! আৰু উভতি আহিবলৈ পুনৰ ১৯০০০ বছৰ। অর্থাৎ মানুহৰ পক্ষে তেওঁৰ জীৱনকালত এই দূৰত্ব অতিক্রম কৰাতো কেতিয়াও সম্ভব নহয়। যদিহে এয়া সম্ভৱ কৰিব লাগে, তেন্তে নিশ্চিত ভাবেই মানুহে প্ৰথমতেই পাব লাগিব অমৰত্ব। আগন্তুক সময়চোৱাত বিজ্ঞানীসকলে আন্ত নাক্ষত্ৰিক পৰিভ্ৰমণৰ বাবে কেনে বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰে সেয়ে নিসন্দেহে এক লক্ষ্যণীয় বিষয় হ'ব।

Monday, 25 May 2020

দুৰ্বল হৈ অহা পৃথিৱীৰ চুম্বকক্ষেত্ৰখন


সমগ্ৰ মহাবিশ্বতেই বিভিন্ন মহাজাগতিক ৰশ্মিৰ বিকিৰণ হৈ আহিছে অহৰহ। এই মহাজাগতিক ৰশ্মিবোৰৰ বেছি ভাগেই কিন্তু সমস্ত জীৱকুলৰ বাবে প্রাণঘাতী। তথাপিও বাৰু পৃথিৱীখনত সমগ্ৰ জীৱকুল কেনেদৰে সুকলমে জীয়াই আছে? ইয়াৰ প্ৰধান কাৰণ হ'ল ক্ষতিকাৰক এই মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাবৰণত প্রৱেশই কৰিব নোৱাৰে। এই ক্ষতিকাৰক ৰশ্মিবোৰক বাধা দিবলৈ আমাৰ পৃথিৱীৰ আছে এক শক্তিশালী কৱচ, যাৰ নাম পৃথিৱীৰ চুম্বকক্ষেত্র। কিন্তু এই ৰক্ষাকাৰী কৱচ স্বৰূপ পৃথিৱীৰ চৌদিশৰ চুম্বকক্ষেত্ৰখনেই এতিয়া দিনে দিনে দুর্বল হৈ পৰিছে!

ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ উচ্চ প্রযুক্তিসম্পন্ন তিনিটা কৃত্ৰিম উপগ্ৰহই বিগত ২০১৩ চনৰ পৰাই পৃথিৱীৰ আশপাশে কক্ষপথত ঘূর্ণীয়মান নক্ষত্রপুঞ্জবোৰৰ লগত পৃথিৱীৰ আকর্ষণ আৰু বিকর্ষণ বলৰ তথ্য প্ৰদান কৰি আহিছে। এই তথ্য সমূহৰ আধাৰতেই ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ বিজ্ঞানীসকলে পৃথিৱীৰ সমুদ্রতলৰ বিভিন্ন স্থানত ভূচুম্বকীয় বলৰেখাবোৰৰ পৰিমাপ নিৰ্ধাৰণ কৰি আহিছে।

২০২০ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ  বিজ্ঞানী সকলে চলোৱা গৱেষণাত আকস্মিক ভাৱে ধৰা পৰে যে বিগত সময়চোৱাত পৃথিবীৰ  চৌম্বক ক্ষেত্রখনৰ কিছু অংশ ধীৰে ধীৰে দুর্বল হৈ আহিছে। ইউৰোপিয়ান মহাকাশ সংস্থাৰ বিজ্ঞানী সকলে জনাইছে যে আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ আটলান্টিক মহাসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে ভূচুম্বকীয় বলৰেখাবোৰ বিশেষ ভাবে দুর্বল হৈ পৰিছে। তেওঁলোকৰ মতে এই স্থান সমূহত পৃথিৱীৰ চৌম্বকক্ষেত্রৰ শক্তি ইয়াৰ স্বাভাৱিক মান ২৪,০০০ নেন'টেছলাৰ পৰা কমি ২২,০০০ নেন'টেছলা হৈছে। তাতকৈয়ো গুৰুতৰ কথাটো হ'ল, বিগত তিনিটা বছৰত গড় হিচাবে প্রতি বছৰত প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ দুৰত্বলৈ চৌম্বকক্ষেত্রৰ দুর্বলতা ক্ৰমে বাঢ়ি আহিছে।

হয়তো মনলৈ এটা প্ৰশ্ন আহিছে - পৃথিৱীৰ চুম্বকক্ষেত্ৰ কি ? আমি সকলোৱেই জানো যে ভূপৃষ্ঠৰ অভ্যন্তৰত গলিত লাভা আছে আৰু এই গলিত লাভাবোৰ লো আদি বিভিন্ন ধাতু তথা ধাতবীয় খনিজ পদার্থৰে গঢ়া। ভূগৰ্ভৰ প্রচণ্ড উত্তাপ আৰু চাপৰ প্ৰভাৱত এই ধাতু বা ধাতবীয় যৌগবোৰ গলিত হৈ ভাসমান অবস্থাত আছে। ভূপৃষ্টৰ পৰা প্রায় ৩০০০ কিলোমিটাৰ তলত এই গলিত লৌহ জাতীয় পদাৰ্থবোৰ কিন্তু একেঠাইতে স্থিৰে থাকিব নোৱাৰে। বৰং পৃথিৱীৰ অতি দ্ৰুত হাৰত হোৱা ঘূৰ্ণনৰ বাবে এই গলিত লাভাবোৰো পৃথিৱীৰ আভ্যন্তৰত অতিশয় গতিশীল হৈ থাকে। ভূগৰ্ভত থকা এই গলিত লৌহ জাতীয় পদাৰ্থবোৰৰ গতিশীলতাৰ বাবেই পৃথিৱীৰ চৌদিশে এখন চৌম্বকক্ষেত্র সৃষ্টি হয়। আৰু এই চৌম্বক্ষেত্ৰখনেই সূৰ্যৰ পৰা অহা ক্ষতিকাৰক বিকিৰণৰ লগতে বিভিন্ন মহাজাগতিক ৰশ্মিবোৰৰ পৰা আমাৰ পৃথিৱীখনক সুৰক্ষা প্ৰদান কৰি আহিছে, থিক যেনেদৰে বায়ুমণ্ডলৰ অজ'ন স্তৰে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচাই আহিছে।

বিজ্ঞানীসকলৰ মতে চৌম্বকক্ষেত্র এখন যিমানেই শক্তিশালী হয়, সিমানেই ক্ষতিকাৰক বিকিৰণক বাধা প্ৰদান কৰাত ই সক্ষম হয়। কিন্তু চিন্তাৰ বিষয় এই যে দক্ষিণ আটলান্টিক মহাসাগৰ প্ৰমুখ্যে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত বিগত তিনিটা বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখন বাৰুকৈয়ে দুৰ্বল হৈ পৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী সকল বৰ্তমান চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হোৱাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে ভূগর্ভৰ সমস্ত গলিত লাভাৰ চালচলন আৰু ইয়াৰ বিভিন্ন পৰিবর্তনবোৰ বুজিবলৈ গৱেষণা আৰম্ভ কৰিছে।

বিজ্ঞানীসকলৰ মতে পৃথিবীৰ চৌম্বকক্ষেত্র দুর্বল হোৱাৰ অন্যতম এটা কাৰণ হ'ল পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন। পৃথিবীৰ চুম্বকীয় উত্তৰ আৰু দক্ষিণ মেৰুৱে সময়ে সময়ে নিজৰ স্থান পৰিবৰ্তন কৰে। প্ৰায় ২.৫ লাখ বছৰৰ মুৰে মুৰে এনেদৰে পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া। এইখিনিতেই উল্ল্যেখ কৰা উচিত যে পৃথিৱীৰ উত্তৰ মেৰু আৰু ভূচুম্বকীয় উত্তৰ মেৰু একে নহয়। এই চুম্বকীয় মেৰু পৰিবর্তনৰ ফলত বিভিন্ন  ক্ষতিকাৰক মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাৰণত সহজেই প্ৰবেশ কৰিব পাৰে। আৰু ই সমস্ত জীৱকুলৰ বাবেই এক ভয়াবহ মহাজাগতিক অভিশাপ হৈ পৰিব পাৰে। তদুপৰি ইয়াৰ ফলত বিভিন্ন কৃত্ৰিম উপগ্রহবোৰো অকামিলা হৈ সমস্ত যোগাযোগ ব্যৱস্থাটোৱেই স্থৱিৰ কৰি তুলিব পাৰে। যাৰ ফলত টেলিকম নেটৱর্ক, মোবাইল ফোন, বতৰ বিজ্ঞান, দুৰসংবেদন, উৰাজাহাজৰ চলাচল আদি বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।


অৱশ্যে এটা কথা সঁচা যে পৃথিৱীৰ চুম্বকীয় উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ স্থান পৰিবর্তন এক অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু ইয়াক পূৰ্ণ হ'বলৈ আৰু বহুত সময়ৰ প্ৰয়োজন হ'ব। সেয়েহে আমাৰ বিজ্ঞানীসকল আশাবাদী যে যথাসময়ত তেওঁলোকে এই মহাজাগতিক অভিশাপৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিব।