Sunday, 2 October 2016

এনে লোকক বাৰু কি বুলি ক'ব ?



কপি কৰি নিজৰ নামত প্ৰকাশ মোৰ লিখনি প্ৰকাশ কৰা এনে লোকক বাৰু কি বুলি ক'ব ? আপোনালোকে দুয়োটা লিখনিয়েই মোৰ ৱালত পঢ়িবলৈ পাব। আৰু  এটা উদাহৰণ.....


মূল  লিখনি দুটা : 
https://www.facebook.com/photo.php?fbid=1085462051490852&set=a.556564884380574.1073741835.100000812021191&type=3&theater
আৰু 
https://www.facebook.com/photo.php?fbid=1083095435060847&set=a.879820808721645.1073741855.100000812021191&type=3&theater



Thursday, 29 September 2016

চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী


যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ আগৰ কথা। গ্ৰীচৰ এজন সাধাৰণ ভেড়া ৰখীয়া। তেওঁৰ নাম মেগনাচ। মেগনাচে সদায় ৰাতিপুৱা ভেড়াৰ জাক এটা লৈ পাহাৰৰ দাঁতিৰ এঢলীয়া ঠাই টুকুৰালৈ যায়। পাহাৰৰ এঢলীয়া ঠাইত খোজকঢ়াৰ বাবে অসুবিধা নহ'বলৈ মেগনাচে তেওঁৰ জোতাৰ তলিত কেইটামান গঁজাল মাৰি লৈছিল। এদিনাখনৰ কথা। আবেলি পৰত মেগনাচে ঘৰলৈ ঘুৰি অহাৰ সময়ত মন কৰিলে যে তেওঁৰ এটা ভেড়া কমি আছে। ইফালে-সিফালে বিচাৰি মেগনাচ ক্ৰমে আগবাঢ়ি গ'ল পাহাৰৰ আওঁহতীয়া শিলাময় অঞ্চলটোৰ দিশে। কিছুদূৰ আগবঢ়াৰ পিছত মেগনাচে অনুভৱ কৰিলে যে তেওঁৰ ভৰি দুখন ক্ৰমে গধুৰ হৈ আহিছে। বেছি গুৰুত্ব নিদি মেগনাচ হেৰোৱা ভেড়াটোৰ সন্ধানত আগবাঢ়িল। পিছে সময় আগবঢ়াৰ লগে লগে মেগনাচৰ ভৰি দুখনো বেছিকৈ গধুৰ অনুভৱ হোৱাত মেগনাচে শিল এটুকুৰাৰ ওপৰত বহি ভৰি দুখন লক্ষ্য কৰিলে। থিকেই তো আছে ! কোনো আঘাত নাই, বিষ নাই, একোৱেই তো হোৱা নাই ! তেন্তে ভৰি দুখন গধুৰ কিয় হ'ল ? এইবাৰ মেগনাচে ভৰিত পিন্ধি থকা জোতাযোৰলৈ চালে। হয়, জোতাযোৰতেই সমস্যাটো। তেওঁ শিলাময় অঞ্চলটোৰ ওপৰেৰে খোজকাঢ়ি যাওঁতে জোতাৰ তলিখনত শিলবোৰ লাগি ধৰা বাবে জোতাযোৰ গধুৰ হৈছে। ভেড়া খেদিবলৈ ব্যৱহাৰ কৰা লাঠিডালেৰে মেগনাচে শিলবোৰ এৰুৱাবলৈ যত্ন কৰিলে। মেগনাচ এইবাৰ আচৰিত হ'ল কাৰণ তেনেই সাধাৰণ এই সৰু শিলবোৰ যে জোতাযোৰত দৃঢ় ভাবে লাগি ধৰিছে !! কিছু সময় যুঁজি তেওঁ শিলবোৰ এৰুৱালে যদিও শিলবোৰ জোতাযোৰত কেনেকৈ লাগি ধৰিছিল সেই কথাটোৱে তেওঁক ভবাই তুলিলে। কৌতুহলবশতঃ তেওঁ তেনে কেইটিমান শিল লগত লৈ ঘৰলৈ উভতি আহিল আৰু বন্ধু বান্ধৱ তথা ওচৰ চুবুৰীয়াক দেখুৱালে। সকলো আচৰিত হ'ল এই যাদুকৰী শিলবোৰ দেখি। তেওঁলোকে জোতাৰ ওজন বঢ়োৱা এই শিলবোৰৰ নাম ৰাখিলে "Loadstone". গ্ৰীচৰ ভেড়া ৰখীয়া মেগনাচে আৱিষ্কাৰ কৰা বাবেই এই শিলবোৰক Magnetite বুলিও কোৱা হয়। পিছলৈ ইয়াৰ পৰাই Magnet বা চুম্বক শব্দৰ উৎপত্তি হয়। চুম্বক আৱিষ্কাৰৰ এই কাহিনীটো পিছে আন এচামে মানি ল'ব বিচৰা নাই। তেওঁলোকৰ মতে মেগনেচিয়া নামৰ ঠাই এখনৰ পৰা প্ৰথমে এই শিলবোৰ আহৰণ কৰা হৈছিল বাবেই এইবোৰক "মেগনেট" বোলা হয়। প্ৰাচীন গ্ৰীক সকলে এই শিলবোৰক যাদুকৰী বা Magical stone বুলি ভাবিবলৈ লৈছিল আৰু তেওঁলোকে এই শিলবোৰ অপদেৱতা বা অশুভ শক্তিৰ পৰা হাত সাৰি থকাৰ বাবে ব্যৱহাৰ কৰিছিল। খ্ৰীঃঃ পূঃ 1800 চন মানত চীন দেশত পোন প্ৰথমে এই চুম্বকীয় গুণ সম্পন্ন শিলবোৰৰ বিজ্ঞান সন্মত ব্যৱহাৰ আৰম্ভ হয়। তেওঁলোকে মন কৰিছিল যে এই শিলবোৰ মুক্ত ভাবে ওলোমাই ৰাখিলে সদায় উত্তৰ দক্ষিণমূৱা হৈ থাকে। তেওঁলোকে চুম্বকৰ এই গুণটো ব্যৱহাৰ কৰি প্ৰথম কম্পাছ আৱিষ্কাৰ কৰে। পিছলৈ ভাইকিং নামৰ এজন লোকে এটি অধিক কাৰ্যক্ষম কম্পাছ সাজি উলিয়ায়। 1600 চনত বৃটিছ বিজ্ঞানী উইলিয়াম গিলবাৰ্টে পৃথিৱীৰ প্ৰথম কৃত্ৰিম চুম্বকডাল সাজি উলিয়ায়। তেখেতে পৃথিৱীখনো এডাল বৃহৎ চুম্বক বুলি প্ৰমাণ কৰিছিল। পিছলৈ হান্স ক্ৰিষ্টিয়ান অৰষ্টেড, মেক্সুৱেল, ফ্লেমিং, মাইকেল ফেৰাডে আদি বিশ্ববিশ্ৰুত বিজ্ঞানী সকলৰ প্ৰচেষ্টাত বিদ্যুত আৰু চুম্বকত্বৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ লগে লগে বিজ্ঞানৰ ক্ষেত্রখনলৈ আগমন ঘটে এটি নতুন বিষয় - "বিদ্যুত-চুম্বকত্ব" আৰু এই আৱিষ্কাৰৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সমগ্র মানৱজাতিৰ কল্যাণ সাধন কৰি আহিছে।

Wednesday, 28 September 2016

পৃথিৱীৰ আকাশত যদিহে জোনবাই নেথাকিলহেতেন


সৌৰজগত সৃষ্টি হোৱাৰ পিছতেই প্ৰায় মংগল গ্ৰহৰ সমান আকৃতিৰ এটি গ্ৰহানু পথভ্ৰষ্ট হৈ আহি পৃথিৱীৰ বুকুত প্ৰচণ্ড জোৰেৰে আঘাট কৰাৰ ফলত পৃথিৱীৰ পৰা চিটিকি যোৱা বিভিন্ন উপাদান সমূহ লগ লাগি আমাৰ জোনবাইটো সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই জোনবায়ে পৃথিৱীৰ বাতাবৰণ, ঋতু পৰিবৰ্তন, আকৃতি আৰু কক্ষপথত পৃথিৱীৰ গতি নিয়ন্ত্ৰণ কৰি আহিছে। আচৰিত হ'লেও সত্য যে জোনবাইৰ অবিহনে পৃথিৱীৰ দিন ৰাতিৰ দৈৰ্ঘ্য হ'লহেতেন মাত্ৰ ৮ৰ পৰা ১০ ঘণ্টা ! জোনবাই আৰু পৃথিৱীৰ মাজৰ মহাকৰ্ষণ বলৰ পাৰস্পৰিক প্ৰভাৱত নিজ মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ বেগ মন্থৰিত হৈছে আৰু দিন ৰাতিৰ বাবে পৃথিৱীয়ে ২৪ ঘণ্টা সময় লৈ আহিছে। জোনবাই নথকা হেতেন যিহেতু পৃথিৱীৰ দিন-ৰাতিৰ পাৰ্থক্য মাত্ৰ ৮ বা ১০ ঘণ্টাহে হ'লহেতেন, পৃথিৱীৰ এবছৰত আমি প্ৰায় ১১০০ টা মান দিন পালোঁহেতেন !! বিজ্ঞানীসকলৰ মতে জোনবাইৰ অবিহনে পৃথিৱীয়ে যি দ্ৰুত গতিৰে নিজ মেৰুদণ্ডৰ চৌদিশে আৱৰ্তন কৰিলেহেঁতেন, সেই বেগৰ ফলত পৃথিৱীখন বিষুব অঞ্চলত অধিক ওফন্দি উঠিলহেঁতেন। বিজ্ঞানীসকলে আন এটা গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। তেওঁলোকৰ মতে মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ ফোবছ আৰু ডিম'ছৰ প্ৰভাৱ গ্ৰহটোৰ ওপৰত তেনেই নগণ্য। সেইবাবে মংগল গ্ৰহই নিজ মেৰুদণ্ড সাপেক্ষে ১৫ ৰ পৰা ৩৫ ডিগ্ৰী পৰ্যন্ত কোণ কৰি থাকে। অৰ্থাৎ মংগল গ্ৰহৰ এই কোণৰ মান স্থিৰে নেথাকে। আনহাতে পৃৃথিৱীৰ ক্ষেত্ৰত এই কোণৰ মান ২৩ ৰ পৰা ২৬ ডিগ্ৰীৰ ভিতৰত স্থিৰ হৈ থাকে। জোনবাইৰ আকৰ্ষণৰ ফলত পৃথিৱীয়ে এই স্থিৰতা লাভ কৰিছে আৰু ইয়াৰ ফলত পৃথিৱীত নিয়মীয়া ঋতু পৰিবৰ্তন দেখা পোৱা যায়। পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰৰ বুকুত দেখা পোৱা জোৱাৰ ভাটাৰ প্ৰভাবো জোনবাই অবিহনে সম্ভৱ নহ'লহেঁতেন। জোনবাই নেথাকিলে আমি আকাশৰ বুকুত দেখিবলৈ পোৱা দুটা বিশেষ পৰিঘটনা- সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দেখা নেপালোহেঁতেন। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই দুই পৰিঘটনা অতি তাৎপৰ্যপূৰ্ণ কিয়নো বুধ বা শুক্ৰ গ্ৰহৰ বালক গমন, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আদি বিভিন্ন বৈজ্ঞানিক তথ্যৰ অধ্যয়ন আৰু সত্যতা এই সূৰ্যগ্ৰহণৰ সময়তেই প্ৰমাণিত হৈছিল।

Sunday, 25 September 2016

গছে আকোঁৱালি লোৱা সেই চাইকেলখন


ৱাশ্বিংটন চহৰৰ নিকটবৰ্তী ভাছনৰ এখন হাবিৰ মাজত মাটিৰ পৰা প্ৰায় 10 ফুট উচ্চতাত এখন ৰঙা ৰঙৰ চাইকেল গছ এজোপাই সাবটি ধৰিছে। এক আচৰ্যকৰ অথচ সঁচা দৃশ্য ! স্থানীয় মানুহৰ মতে সেয়া 1914 চনৰ কথা। এজন ডেকা ল'ৰাই যুদ্ধলৈ যোৱাৰ সময়ত ঘৰৰ পৰা চাইকেলেৰে আহি এই হাবিখনৰ মাজৰ গছজোপাত চাইকেলখন শিকলিৰে বান্ধি থৈ যুদ্ধক্ষেত্ৰলৈ গুচি গৈছিল। পিছে সেই তজবজীয়া ডেকাজন চাইকেলখন নিবলৈ যুদ্ধক্ষেত্ৰৰ পৰা আজিও ঘুৰি নাহিল। সময়ৰ সোঁতত চাইকেলখন গছডালে আকোঁৱালি লৈ ক্ৰমে দীঘল হৈ গৈ থাকিল। পিছে স্থানীয় মানুহৰ এই ভাষ্যৰ বিপৰীতে আনবোৰ লোকৰ মতে চাইকেলখনৰ 102 বছৰীয়া এই কাহিনীটো সঁচা নহয়। তেওঁলোকৰ মতে 1954 চনত ডন পাজ নামৰ এজন লোকেহে তেওঁৰ পৰিতক্ত ৰঙা চাইকেলখন এই হাবিখনৰ গছজোপাৰ তলত এৰি থৈ গৈছিল। যুবক ডন পাজে তেওঁৰ শৈশৱৰ চাইকেলখন চলাব নোৱাৰা হোৱা বাবেই এনেদৰে হাবিৰ মাজত থৈ অহা বুলি ধাৰণা কৰা হৈছে। প্ৰকৃত ঘটনাটো কি আছিল জনা নেযায় যদিও গছে গ্ৰাস কৰা চাইকেলখন চাবলৈ আজিও হাবিখনলৈ পৰ্যটকৰ সমাগম হয়। 

ইচ্ছুক সকলে তলৰ লিংকটো খুলি গছে গ্ৰাস কৰা চাইকেলখনৰ এটা ভিডিঅ চাব পাৰে।
https://youtu.be/Oja-ZgLsbF8

মংগলৰ কক্ষত মংগলযানৰ দুবছৰ



প্ৰথম প্ৰয়াসতেই আৰু তাতোকৈ উল্লেখযোগ্য যে সম্পূৰ্ণ ঘৰুৱা কাৰিকৰীৰে পৃথিৱীৰ সকলোবোৰ মংগল অভিযানতকৈ কম খৰছত ভাৰতে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা মংগলযানৰ সফল অভিযানে আজি দুবছৰ সম্পূৰ্ণ কৰিলে। বিগত দুটা বছৰত বহুতো তথ্যৰে পৃথিৱীৰ বিজ্ঞান সমাজক সমৃদ্ধ কৰাৰ লগতে আমাৰ দৰে সাধাৰণ মানুহৰ অন্তৰতো দোলা দি যোৱা মংগলযানৰ সফলতাৰ দুবছৰে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলক উৎসাহিত কৰি তুলিছে। বৰ্তমানলৈ সম্পূৰ্ণ কাৰ্যক্ষম হৈ থকা মংগলযানৰ বেটাৰীৰ চাৰ্জ এতিয়াও অটুট আছে। ইছৰোৰ চেয়াৰমেন ডঃ কিৰণ কুমাৰৰ মতে অহা জানুৱাৰী মাহত মংগলযানৰ সৌৰপেনেলবোৰ পৃথিৱীৰ পৰাই নিয়ন্ত্ৰণ কৰি নতুন দিশত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে কাৰণ জানুৱাৰী মাহৰ পৰাই মংগলৰ বুকুত সূৰ্যৰ পোহৰ পৰাৰ কোণ সলনি হ'ব। তেনে ক্ষেত্ৰত সৌৰপেনেলবোৰে দিনটোৰ মাত্ৰ 7 বা 8 ঘণ্টাহে সূৰ্য পোহৰ পাব। এই সমস্যা দুৰ কৰাৰ বাবে বৰ্তমান ইছৰো প্ৰস্তুত হৈ উঠিছে। বিগত সময়চোৱাত মংগলযানে কেইবাটাও চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইবোৰৰ ভিতৰত মংগলযানৰ তথ্যৰ ভিত্তিত বিশদ ভাবে Taytay Craterৰ অধ্যয়ন সম্ভৱ হৈছে। ইয়াৰ উপৰিও মংগলযানৰ তথ্যৰ ভিত্তিত ইছৰোৱে প্ৰস্তুত কৰি উলিয়াইছে মংগল গ্ৰহৰ সম্পূৰ্ণ মানচিত্ৰ। আন এটা উল্লেখযোগ্য বিষয় হ'ল মংগলযানে আৱিষ্কাৰ কৰা আপেক্ষিক ভাবে মংগল পৃষ্ঠৰ ওখ অঞ্চল 'Arabia Terra'. মংগলৰ বুকুৰ এই অঞ্চলটো উচ্চ ভূমি আৰু অসংখ্য উল্কাপিণ্ডৰ আঘাতত জৰ্জৰিত এক বিস্তৃৰ্ণ অঞ্চল। মংগলযানে মংগল গ্ৰহৰ পৰা তোলা Siding Spring ধুমকেতুৰ ফটোবোৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিশেষ ভাবে উল্লেখযোগ্য। 2014 চনৰ অক্টোবৰ মাহত এই ধুমকেতুটোৰ ফটো ল'বলৈ মংগলযানে নিজৰ কক্ষপথ সলনি কৰি লৈছিল, যেনেদৰে এজন পাকৈত ফটোগ্ৰাফাৰে সুন্দৰ ছবি এখনৰ তাগিদাত পোহৰ, দূৰত্ব, কোণ আদিৰ বাবে নিজৰ অৱস্থান সলনি কৰি লয়।

Wednesday, 21 September 2016

ৰাজপথৰ ওপৰেৰে যোৱা পৃথিৱীৰ বিষুবৰেখা ডাল


ওপৰৰ ফটোখনত নাইৰোবিৰ পৰা কেনিয়াৰ নানয়ুকি নামৰ সৰু চহৰখনলৈ সোমাই যোৱা মূল পথটো দেখা গৈছে। মূল পথটোৰ দাঁতিত থকা পদপথৰ সোঁমাজতে থকা চাইনব'ৰ্ডখন পৃথিৱীৰ বিষুবৰেখা ডালৰ থিক ওপৰতে থিয় হৈ আছে। কল্পনা কৰকচোন - আপুনি থিক এই চাইনব'ৰ্ড খনৰ তলত থিয় হৈ আপোনাৰ হাত দুখন মেলি দিছে। এতিয়া আপোনাৰ এখন হাত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আৰু আনখন হাত দক্ষিণ গোলাৰ্ধত আছে ! এয়া সঁচাকৈয়ে এক বিৰল অনুভূতিয়েই হ'ব। এনে এক অনুভূতিৰ আমেজ ল'বলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকে কেনিয়াত ভিৰ কৰেহি। আপোনাৰ এই অনুভৱক অধিক জীবন্ত কৰি তুলিবলৈ কেনিয়াৰ স্থানীয় বাসিন্দা সকলৰ মাজৰেই কোনোবা এজন আপোনাৰ ওচৰলৈ দৌৰি আহি প্লাষ্টিকৰ জগ, এটা সৰু পাত্ৰ, কেইটামান জুইশলাৰ কাঠি আৰু অলপ পানীৰ সহায়ত আপোনাৰ বাবে প্ৰস্তুত কৰি পেলাব এটা বিশেষ পৰীক্ষা। বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলে কৰিওলিচ প্ৰভাৱ বা Coriolis Effect বুলি কোৱা বিশেষ পৰিঘটনাটো আমি এই চাইনব'ৰ্ড খনত তলতেই দেখা পাম। পৃথিৱী পৃষ্ঠৰ ওপৰত মুক্ত ভাবে গতি কৰি থকা বস্তুৰ ওপৰত পৃথিৱীৰ আৱৰ্তনে এক বিশেষ ধৰণৰ প্ৰভাৱ পেলায়, যাৰ ফলত উত্তৰ গোলাৰ্ধৰ মুক্ত ভাবে গতিশীল বস্তুবোৰ ঘড়ীৰ কাটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধৰ বস্তুবোৰ ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিবলৈ ধৰে। এই কৰিওলিচ প্ৰভাৱৰ বাবেই উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত বতাহৰ গতিৰ দিশ বিপৰীতমুখী হয়। এতিয়া আহিছো পৰীক্ষাটোলৈ। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্লাষ্টিকৰ জগটোৰ একাষে (তলৰ পিনে) এটা সৰু ফুটা থাকে। বিষুবৰেখাৰ পৰা প্ৰায় 10 ফুট আঁতৰৰ উত্তৰ গোলাৰ্ধৰ দিশত এই জগটো লৈ জগৰ ফুটাটো এটা আঙুলিৰে হেঁচা মাৰি ধৰি জগটোত পানী ভৰাই লোৱা হয়। জগটোৰ পানীৰ ওপৰত এতিয়া সাবধানে জুইশলাৰ কাঠি এটা ওপঙাই দি আঙুলিৰে বন্ধ কৰি ৰখা ফুটাতো মুক্ত কৰি দিয়া হ'ল। মুক্ত হোৱা ফুটাটোৰে সৰকি অহা পানীখিনি সংগ্ৰহ কৰিবলৈ সৰু পাত্ৰটো পাতি দিয়া হ'ল। যেতিয়াই জগটোৰ পানী ফুটাটোৰে বাহিৰলৈ ওলাই আহিব, তেতিয়াই জগৰ পানীৰ ওপৰত ওপঙি থকা জুইশলাৰ কাঠিটো পানীৰ ওপৰত ঘড়ীৰ কাটাৰ দিশত অৰ্থাৎ সোঁহাতে ঘূৰিবলৈ ধৰিব। এই পৰীক্ষাটো এইবাৰ বিষুবৰেখাৰ পৰা দক্ষিণ গোলাৰ্ধৰ দিশে 10 ফুট আঁতৰত ৰাখি সম্পন্ন কৰিলে জুইশলাৰ কাঠিটো পানীৰ ওপৰত ঘড়ীৰ কাটাৰ বিপৰীত দিশে অৰ্থাৎ বাওঁফালে ঘূৰিবলৈ ধৰিব। আনহাতে পৰীক্ষাটো যদি থিক বিষুবৰেখাৰ ওপৰত অৰ্থাৎ চাইনব'ৰ্ডৰ তলত ৰাখি সম্পন্ন কৰা হয়, তেন্তে জুইশলাৰ কাঠিটো কোনো দিশত নুঘূৰি একে ঠাইতেই স্থিৰ হৈ ৰ'ব। এই পৰীক্ষাটোৰ পৰাই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ বতাহৰ দিশ বা সাগৰীয় সোঁত দিশবোৰ বিশ্লেষণ কৰিব পাৰি।

Saturday, 17 September 2016

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য কৃষ্ণগহ্বৰৰ যৎকিঞ্চিত




বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ অন্যতম। বিজ্ঞানীসকলৰ মতে কৃষ্ণগহ্বৰবোৰ অতি বেছি ভৰ আৰু ঘনত্ব বিশিষ্ট ইন্ধনৰ অভাৱ ঘটা একোটা তাৰকা। হয়, থিক আমাৰ সূৰ্যৰ দৰেই একোটা তৰা। পাৰ্থক্য এইটোৱেই যে ব্লেকহোল তাৰকাবোৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। অতি বৃহৎ তাৰকাবোৰৰ ভিতৰত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়াত পৰ্যায় ক্ৰমে তৰাটোৰ কেন্দ্রভাগত হাইড্ৰজেনৰ পৰা হিলিয়াম আৰু পিছলৈ গধুৰ মৌল সমুহ সৃষ্টি হ'বলৈ ধৰে। এনেদৰে ক্ৰমান্বয়ে গধুৰ মৌলবোৰ উৎপন্ন হোৱাৰ ফলত তৰাটোৰ কেন্দ্রত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়া স্থবিৰ অথবা বন্ধ হৈ পৰে। ফলস্বৰূপে তৰাটো ইন্ধনৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰে। এনেদৰে ইন্ধনৰ অভাৱ ঘটা তৰাটোৰ উষ্ণতাও ক্ৰমে হ্ৰাস পায় আৰু ইয়াৰ লগে-লগে তৰাটো সংকুচিত হ'বলৈ আৰম্ভ কৰে। তৰাটোৰ এই সংকোচন প্ৰক্ৰিয়া নিৰবচিন্ন ভাবে চলি থাকে। ফলত তৰাটোৰ ভৰ একে থকাৰ পিছতো আয়তন দ্ৰুত হাৰত কমি যোৱা বাবে ইয়াৰ ঘনত্ব অকল্পনীয় ভাবে বাঢ়ি থাকে। সংকুচিত এনে তৰাবোৰৰ শেষ পৰিনতি ভাবিলে আচৰিত হোৱাৰে কথা কিয়নো আমাৰ সূৰ্যৰ সমান ভৰ বিশিষ্ট তৰা এটা এই সংকোচনৰ ফলত এখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ হৈ পৰিব ! বেছি ভাগ এনে সংকোচনশীল তৰা এটি চুপাৰনোভা হিচাবে বিষ্ফোৰিত হয় আৰু তৰাটোৰ অৱশিষ্ট অংশ এটি কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়। এই কৃষ্ণগহ্বৰ বোৰৰ ঘনত্ব আৰু ভৰ ইমানেই বেছি যে ইয়াৰ মহাকৰ্ষণ বলো অকল্পনীয় হৈ পৰে। এই প্ৰচণ্ড মহাকৰ্ষণ বল অতিক্ৰম কৰি আনকি পোহৰো পাৰ হৈ আহিব নোৱাৰে আৰু সেইবাবেই কৃষ্ণগহ্বৰ বোৰ মহাকাশৰ একোটা অন্ধকাৰ গহ্বৰ সদৃশ। এইখিনিতেই এটি প্ৰশ্ন মনলৈ আহে - কৃষ্ণগহ্বৰৰ পৰা যিহেতু পোহৰ নিৰ্গত নহয়, বিজ্ঞানীসকলে ইয়াৰ অস্তিত্ব কেনেদৰে ধৰা পেলাইছে ? বিজ্ঞানীসকলে মহাকাশৰ বিভিন্ন স্থানত বিক্ষিপ্ত ভাবে কিছুমান তৰাই কোনো এটা বিশেষ বিন্দুক কেন্দ্ৰ কৰি ঘূৰ্ণীয়মান অৱস্থাত থকাটো ধৰা পেলাইছে। আন কিছুমান বিজ্ঞানীয়ে আকৌ কেতবোৰ মহাজাগতিক গেছীয় পদাৰ্থ সৰ্পিলাকাৰে দূৰ মহাকাশত কোনো এক বিন্দুৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত প্ৰত্যক্ষ কৰিছে। তেখেতসকলৰ মতে সেই অদৃশ্য কেন্দ্ৰবিন্দুবোৰেই একোটা কৃষ্ণগহ্বৰ, যাৰ প্ৰচণ্ড মহাকৰ্ষণীয় বলৰ প্ৰভাৱত চৌকাষৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহ আকৰ্ষিত হৈ কৃষ্ণগহ্বৰৰ বুকুত জাহ গৈ আছে অহৰহ। বিজ্ঞানীসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰটো এটা অতি শক্তিশালী কৃষ্ণগহ্বৰ থকা বুলি সদৰি কৰিছে। তেখেতসকলে এই কৃষ্ণগহ্বৰটোৰ নাম ৰাখিছে Sagittarius A.

Wednesday, 14 September 2016

আমাৰ বিলম্বিত অনুভূতিবোৰ


থিক এই মূহুৰ্তটো, যিটো আপোনাৰ বাবে বৰ্তমানৰ এটা এৰাব নোৱাৰা অংশ, যদি কোৱা হয় যে এই "বৰ্তমান" দৰাচলতে অতীতৰ এক বিলম্বিত মূহুৰ্তহে- উচপ খোৱাৰেই কথা। টেলিভিশ্যন বা ৰেডিওৰ পোনপটীয়া সম্প্ৰচাৰণবোৰ আমি মূল সময়তকৈ কেই ছেকেণ্ডমান পিছত উপভোগ কৰিবলৈ পাওঁ। থিক একেদৰেই আমাৰ জীৱনৰ দৈনন্দিন বিভিন্ন ঘটনাৰাজিও আমি কেই মূহুৰ্তমান বিলম্ব হোৱাৰ পিছতহে অনুভৱ কৰো। এৰা, জীৱন নামৰ এই জটিল পৰিক্ৰমাটো আপুনি বিশ্বাস কৰকেই বা নকৰক, ই আমাৰ বাবে সদায়েই এক বিলম্বিত অনুষ্ঠান। এই বিলম্বৰ প্ৰধান কাৰণ হ'ল আমাৰ মগজুৰ জটিল প্ৰচেচিং আৰু এডিটিং ব্যৱস্থা। মগজুৰ এই জটিল প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে আমাৰ বাবে অনুভূতিবোৰ সৃষ্টি হয় বা আমি পৰিঘটনাটো অনুভৱ কৰিব পাৰো।


আমি এটা উদাহৰণেৰে কথাটো বুজাবলৈ চেষ্টা কৰো। ধৰা হ'ল, আপুনি একে সময়তে এখন হাতেৰে আপোনাৰ নাকটো আৰু আনখন হাতেৰে ভৰিৰ আঙুলি এটা স্পৰ্শ কৰিছে। এই দুয়োটা স্পৰ্শৰ সংকেত বিদ্যুত ক্ষীপ্ৰ গতিৰে স্নায়ুতন্ত্ৰৰ জৰিয়তে আপোনাৰ মগজু পাবগৈ। তাতোকৈ ডাঙৰ কথা, আপুনি দুয়োটা স্পৰ্শ একে সময়তে অনুভবো কৰিব। কিন্তু আপোনাৰ নাকটো মগজুৰ কাষতেই অৱস্থিত বাবে এই সংকেত প্ৰথমেই আহি মগজু পাবহি। আনহাতে ভৰিৰ আঙুলিৰ পৰা সংকেত আহি পোৱাত সামান্য বিলম্ব হ'ব। আপোনাৰ নাকৰ পৰা সংকেতটো আগতে পোৱা বাবে ইয়াৰ প্ৰচেচিং আৰু এডিটিং ইতিমধ্যে সম্পন্ন কৰি মগজুৱে ইয়াক কিছু সময়ৰ বাবে "স্টেণ্ড বাই" বা বিলম্বিত কৰি ৰাখিব। ইয়াৰ থিক পিছ মূহুৰ্ততেই ভৰিৰ পৰা অহা সংকেতটোৰ প্ৰচেচিং আৰু এডিটিং সম্পন্ন কৰি দুয়োটা সংকেত একেলগে মগজুৰ পৰা মুকলি কৰি দিব যাতে একে সময়ত হোৱা স্পৰ্শৰ অনুভূতি দুটা একে সময়তেই আমি অনুভৱ কৰিব পাৰো। তেনেক্ষেত্ৰত আমি নাকৰ স্পৰ্শানুভূতিটো কিছু বিলম্বিত ৰূপত পোৱা নাইনে ? এনেধৰণৰ বিভিন্ন উদাহৰণেৰে আমি বিশ্লেষণ কৰি চালে দেখিম যে আমাৰ বাবে বৰ্তমান আৰু অতীতৰ মাজত থকা সীমা ৰেখাডাল যেন ধূসৰ হৈ পৰিছে ! সঁচাকৈয়ে সময় বৰ জটিল বিষয়।

Tuesday, 13 September 2016

সমালোচনা


"তুমি হাজাৰটা ভাল কাম কৰিলেও জগতে তোমাক প্ৰশংসা নকৰিব পাৰে।
কিন্তু তুমি যদি মাত্ৰ এটাও ভুল কাম কৰা, 
জগতৰ মানুহে তোমাক সমালোচনা কৰাৰ সুবিধাটো এৰি নিদিয়ে।"

জোনবাইৰ দেশলৈ যোৱা এপলো-11ৰ আমোদজনক তথ্য


মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ বাবে নাছাই ইতিমধ্যে নিৰ্বাচিত কৰিছে নীল আৰ্মষ্ট্ৰং, বাজ এলড্ৰিন আৰু মাইকেল কলিন্সক। তেওঁলোক চন্দ্ৰ অভিযানৰ বাবে যাৱতীয় প্ৰশিক্ষণত ব্যস্ত। কঠিন প্ৰশিক্ষণ প্ৰায় শেষ হৈ অহাৰ লগতে তেওঁলোকৰ চন্দ্ৰ অভিযানৰ দিনটোও চমু চাপি আহিবলৈ ধৰিলে। জোনবাইৰ বুকুলৈ যাবলৈ ওলোৱা আনন্দ, উত্তেজনা আৰু কিছুমান খেলিমেলি আশংকাই তিনিও জন মহাকাশচাৰীকেই জোকাৰি আছিল। যদিওবা ইতিমধ্যে নাছাই সফলতাৰে জোনবাইৰ দেশলৈ এলানি মানববিহীন যানৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে, তথাপিও নীল আৰ্মষ্ট্ৰং আছে তেওঁৰ দুই সহচাৰীৰ মনলৈ মাজে মাজে এটা চিন্তা আহিছিল যে যদি জোনবাইৰ দেশলৈ আৰম্ভ হ'ব লগীয়া এই অভিযানৰ কিবা বিজুতি ঘটে, তেন্তে তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব কোন ল'ব !!! এদিন তিনিও জন মহাকাশচাৰী ওলাল জীৱন বীমাৰ কাৰ্যালয়লৈ। পিছে জীৱন বীমাৰ কাৰ্যালয়ে বীমাৰ নীতি অনুসৰি তেওঁলোকৰ বীমা কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিলে। তিনিও বিফল মনোৰথে উভতি আহিল। ইতিমধ্যে আৰু কেইদিনমান সময়ত পাৰ হ'ল। এইবাৰ আৰ্মষ্ট্ৰঙৰ মুৰত এটা বুদ্ধি খেলিলে। তেওঁলোকে এই বিষয়ে পৰস্পৰৰ লগত আলোচনা কৰি এটা কথা থিৰাং কৰিলে আৰু কথা মতেই কাম। তিনিওজন মহাকাশচাৰীয়ে কিছুমান কাগজত নিজৰ নিজৰ স্বাক্ষৰবোৰ প্ৰদান কৰি কাগজবোৰ তেওঁলোকৰেই এজন অতি ঘনিষ্ঠ বন্ধুৰ ঘৰত জমা দি ক'লে: যদিহে আমি এই পৃথিৱীলৈ পুনৰ ঘুৰি আহিব নোৱাৰোঁ, তেন্তে আমাৰ এই স্বাক্ষৰ সম্বলিত কাগজবোৰৰ দাম যথেষ্ট বেছি হ'ব। এই স্বাক্ষৰিত কাগজবোৰ তেতিয়া তুমি নিলাম কৰি যি ধন পোৱা, সেই সমূদায় ধন আমাৰ পৰিয়ালৰ মাজত ভগাই দিবা। সেই ধনেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। অৱশ্যে তিনিওজন মহাকাশচাৰী সুকলমে কোনো ধৰণৰ বিপদ নোহোৱাকৈ পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হৈছিল। বন্ধুজনে অৱশ্যে মহাকাশচাৰী কেইজনৰ স্বাক্ষৰ সম্বলিত কাগজবোৰ কি কৰিলে, সেইটো গম পোৱা নগ'ল।