Friday, 4 May 2018

আকাশে হয়তো কবিতা লিখে নীৰৱতাৰ...


"আকাশখন দেখিবলৈ কেনেকুৱা দেউতা?"
আমাৰ জীয়ৰী হিয়াৰ আকস্মিক প্ৰশ্নটোৰ বাবে মই মুঠেও প্ৰস্তুত নাছিলো। সেয়া আজিৰ পৰা প্ৰায় ১৫ বছৰ আগৰ কথা। তিনি বছৰীয়া হিয়াৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মই যেন উজুটি খালো। কি বুলি ক'ম বাৰু তাইক ? ক'ম জানো তাইক যে নীল বৰণীয়া আকাশখন আচলতে নীলা নহয়। অথবা মুৰৰ ওপৰত আকাশ বুলিও একো নাই বুলি ? আকাশ জানো এক "ইল্যুচন" নহয় ? এটা দৃষ্টি ভ্ৰম……! 

এৰা, আকাশ এক অসীম পৰিধি, যাক দৃষ্টি বা জ্ঞানৰ পৰিসৰেৰে বুজিব অথবা বুজাব নোৱাৰি। মোৰ তিনি বছৰীয়া ছোৱালীজনীক কি বুলি বাৰু বুজাম যে আকাশৰ কোনো ৰঙেই নাই!! হিয়াৰ প্রশ্নই সিদিনা মোক চিন্তিত কৰি তুলিছিল। এতিয়াও আকাশলৈ চাই মই নিজকে সোধো : আকাশৰ প্ৰকৃত পৰিচয়েই বা কি? 

আকাশ মোৰ প্ৰিয়। এৰা, যেন এক আজন্ম বান্ধৱ। আকাশলৈ মুৰ দাঙি নেচালে মনটো শূণ্যতাৰে ভৰি থাকে। গোমা বতৰত অথবা মেঘে ওন্দোলাই আনি চিপচিপকৈ বৰষুণ দি থকা দিনবোৰত আকাশৰ বেদনা যেন ময়ো অনুভৱ কৰিবলৈ শিকিছো…।

যিজনে আকাশক ভালপাব জানে, তেওঁ বুজি পাব যে মহাকাশৰ কোনো সীমা নাই। সীমাহীন আকাশৰ পৰিধিয়ে আমাক কৈ যায় যে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ বাহিৰত, মহাকাশৰ চৌদিশে আকাশৰ পৰিধি অসীম অনন্তলৈকে ব্যপ্ত। এই অসীমতাৰ মাজত আছে আৰু অনেক ৰহস্য তথা অনাৱিষ্কৃত, কল্পনাতীত কেবল এক ৰহস্যময় বিশালতা।

মুৰৰ ওপৰৰ বিশাল আকাশখনে যেন কেতিয়াবা কানে কানে আমাক কৈ যায়হি : চোৱা আৰু অনুভৱ কৰা মোৰ এই বিশালতা। মোৰ বিশালতাৰ তুলনাত তুমি যে কিমান ক্ষূদ্ৰ, কিমান নগণ্য ! হয়, আকাশৰ বিশালতাই মূহুৰ্তৰ ভিতৰতেই ধুই নিব পাৰে আপোনাৰ বা মোৰ অহংকাৰৰ কদৰ্য্য মলিনতা।

আকাশেই মনলৈ আনি দিয়ে সৌন্দৰ্য্যৰ ধাৰণা। আকাশে আমাক অনুপ্ৰানিত কৰে কৌতুহলী হ'বলৈ। কৌতুহলী মনে উত্তৰ বিচাৰি হাঁহাকাৰ কৰে। কৌতুহ'লে আমাৰ মাজত সিঁচি থৈ যায় জ্ঞানৰ আঁকৰ। সেই জ্ঞানে আমাক বাট দেখুৱাই লৈ যায় ব্ৰহ্মাণ্ডৰ অলেখ ৰহস্যৰ ভেদ ভাঙি সত্যক প্ৰতিষ্ঠা কৰোৱাৰ দিশে। আকাশেই বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত ৰহস্যঘন দেশৰ পথপ্ৰদৰ্শক হৈ আমাক আঙুলিত ধৰি আগুৱাই নিয়ে প্ৰগতিৰ দিশত।

আকাশে আশাক সঞ্জীৱিত কৰি আমাক জীয়াই থাকিবলৈ প্ৰেৰিত কৰে। এই আকাশেই শিকাই ধৈৰ্য্য, সাহস, সংযমৰ আদিপাঠ। যেতিয়াই আমি আমাৰ চৌপাশৰ দৃশ্যমান, সীমিত জাগতিক বস্তুসমূহৰ মাজত নিজকে হেৰুৱাই পেলাও, তেতিয়াই আমি আকাশলৈ মুৰ দাঙি চাই অনুভৱ কৰা উচিত যে প্ৰকৃততে আমি ক্ষূদ্ৰাকৃতিৰ মানুহবোৰে সীমাহীন বিশাল এক মহাজগতত বাস কৰি সময়ৰ লগে লগে আগবাঢ়ি গৈ আছো অন্তহীন ভৱিষ্যতৰ এক নিৰ্দিষ্ট বিন্দুলৈ। সেই নিৰ্দিষ্ট সময়খিনিলৈয়ে আমাৰ জীৱন। বৰণহীন আকাশখনে আমাৰ জীৱনটো ৰঙীন কৰি তুলিব পাৰে। আহক, আমি আকাশক ভালপাবলৈ শিকো। 

"Sky is not the limit but it is only the beginning of Limitlessness"


প্লাষ্টিক প্ৰদূষণৰ কবলত নিমখৰ দানা


আচৰিত যেন লাগিলেও সঁচা যে প্রতি বছৰে আপুনি বা মই গড়ে কমপক্ষেও ৫০০ গ্ৰাম প্লাষ্টিক টুকুৰা খাই আহিছো। আমাৰ আহাৰ সুস্বাদু কৰাৰ বাবে তথা খাদ্যৰ প্ৰয়োজনীয় পুষ্টিগুণ বজাই ৰখাৰ স্বাৰ্থত আমি যি লোণ বা নিমখ ব্যবহাৰ কৰো, সেই নিমখৰ মাজতেই লুকাই থাকে আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক প্লাষ্টিকৰ সূক্ষ্মতম টুকুৰাবোৰ। সম্প্রতি এনে ভয়ানক তথ্যই জানিবলৈ দিছে এদল বিজ্ঞানীয়ে।

নিমখৰ প্রধান উৎসই হ'ল সাগৰ। প্রতি বছৰে কমপক্ষেও ৫০ লাখ টন প্লাষ্টিক বর্জিত দ্ৰব্য হিচাবে সাগৰত পেলাই দিয়া হয়। এই বর্জিত প্লাষ্টিক ক্ষূদ্র ক্ষূদ্র টুকুৰাত ভাঙি গৈ সাগৰৰ পানীত থকা নিমখৰ লগত মিলি যায়। বিজ্ঞানী সকলৰ মতে প্রতি কেজি নিমখত অগণন ক্ষুদ্রাকৃতিৰ প্লাষ্টিকৰ কণা মিহলি হৈ থাকে।

বিজ্ঞানী সকলৰ মতে দুই ধৰণে ক্ষূদ্র প্লাষ্টিকৰ কণা আহি সাগৰৰ পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ সতে লগ লাগে। প্ৰথম হ'ল সাগৰত পেলাই দিয়া প্লাষ্টিকৰ বটল অথবা বজাৰ কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা আৰু দ্বিতীয়টো হ'ল বিভিন্ন উদ্যোগ, কল-কাৰষাণা আদিৰ পৰা নিৰ্গত পলিমাৰ জাতীয় বর্জিত পদাৰ্থবোৰ। তদুপৰি বিভিন্ন প্রসাধন সামগ্ৰী তথা টুথপেষ্ট আদিত ব্যবহৃত ক্ষুদ্র প্লাষ্টিক জাতীয় পলিমাৰ কণা সমূহেও সমূদ্ৰৰ বুকুত প্লাষ্টিক আৱৰ্জনা সৃষ্টিত প্ৰভূত অৰিহনা যোগাইছে।

আৱৰ্জনা হিচাবে জমা হোৱা এই প্লাষ্টিকৰ কণাবোৰ ইমানেই ক্ষুদ্ৰাকৃতিৰ যে, এইবোৰ খালী চকুৰে দেখা পোৱা নেযায়। এই ক্ষুদ্রতম প্লাষ্টিকৰ কণাবোৰ সহজেই সামূদ্ৰিক প্লাংটনে বা প্লৱক উদ্ভিদে শোষণ কৰি লয়। পিছলৈ খাদ্য শৃংখলৰ জৰিয়তে এই প্লাষ্টিকৰ দানাবোৰ বিভিন্ন সামূদ্ৰিক প্ৰাণীৰ যেনে সাগৰীয় মাছ, শামূক আদিৰ দেহলৈ যায়। এই সাগৰীয় মাছ, শামূক আদিবোৰ মানুহে খাদ্য হিচাবে গ্ৰহন কৰাৰ ফলত প্লাষ্টিকৰ এই ক্ষুদ্রতম কণাবোৰ মানুহৰ দেহলৈও প্ৰবাহিত হয়। সাগৰৰ পানীত দ্ৰৱীভূত হৈ ৰোৱা নিমখৰ দানাবোৰেও প্লাষ্টিকৰ ক্ষুদ্রতম কণাবোৰ শোষণ কৰি লয়। মানুহে যেতিয়াই এই নিমখ খাদ্য হিচাবে গ্ৰহন কৰে, তেতিয়াই এই প্লাষ্টিকৰ দানাবোৰ মানুহৰ শৰীৰত সোমাই পৰে আৰু শৰীৰত কেতবোৰ জটিল বিসংগতিৰ সৃষ্টি কৰে।

বিজ্ঞানী সকলে পৰীক্ষাগাৰত দেখা পাইছে যে অতি ক্ষুদ্র আকাৰৰ এই প্লাষ্টিকৰ টুকুৰাবোৰ সহজেই মানুহৰ শৰীৰৰ কোষত প্রৱেশ কৰি বিভিন্ন কলাতন্ত্ৰ সমূহ নষ্ট কৰি দিয়ে। চাংহাইৰ "ইষ্ট চাইনা নৰ্মাল ইউনিভাৰচিটিৰ" গৱেষক সকলে বিভিন্ন ব্রাণ্ডৰ সামুদ্রিক নিমখৰ পৰীক্ষা কৰি এই তথ্য প্ৰকাশ কৰিছে। আমেৰিকান কেমেষ্ট্ৰী চ'চাইটিৰ গৱেষণা পত্ৰ "এনভাইৰনমেণ্টেল চায়েন্স এণ্ড টেকন'লজি"ত প্ৰকাশিত তথ্য মতে প্রতি কেজি সামুদ্রিক নিমখত ৫৫০ৰ পৰা ৬৮০ টালৈ প্লাষ্টিকৰ ক্ষূদ্ৰতম টুকুৰা থাকে। অর্থাৎ প্রয়োজনীয় পুষ্টিগুণৰ বাবে অথবা খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে যেতিয়া এজন ব্যক্তিয়ে খাদ্যত নিমখ ব্যবহাৰ কৰে, তেতিয়া তেওঁ প্রতিদিন গড়ে তিনিটা অথবা বছৰে গড় হিচাবত এহেজাৰটা প্লাষ্টিকৰ টুকুৰাও নিজৰ অজ্ঞাতেই খাদ্য হিচাবে গ্রহণ কৰে।


সৌৰজগতৰ গোলাকাৰ গ্ৰহবোৰ


খালী চকুৰে স্পষ্টভাবে আমি গ্ৰহবোৰৰ আকৃতি ধৰিব নোৱাৰিলেও, দূৰবীন যন্ত্ৰৰ সহায়ত চালে সৌৰজগতৰ গ্ৰহবোৰ গোলাকাৰেই দেখা পাম। কেৱল আমাৰ সৌৰজগতৰেই নহয়, বৰং সৌৰজগতৰ বাহিৰত আৱিষ্কাৰ হোৱা গ্ৰহবোৰ অথবা সূৰ্যকে ধৰি অগণন নক্ষত্ৰবোৰৰ অবয়বো গোলাকাৰ। কিন্তু মহাজাগতিক বস্তুবোৰ যেনে গ্ৰহ-নক্ষত্ৰ আদিবোৰৰ অবয়ব গোলাকাৰ কিয় হয় বাৰু ? 

এটুকুৰা সৰু শিল বা আন তেনে কোনো পদাৰ্থক কাটি-কুটি বা ঘঁহি-পিহি ভাস্কৰ্য শিল্পীসকলে বিভিন্ন ৰূপ দিয়ে। অৰ্থাৎ সৰু আকৃতিৰ পদাৰ্থৰ ভৌতিক ৰূপৰ পৰিবৰ্তন কৰিব পৰা যায়। কিন্তু অতি বিশাল আকাৰৰ, যেনে পৃথিৱী বা জোনবাইৰ আয়তনৰ সমান কোনো এক পদাৰ্থক কাটি-কুটি বা ঘঁহি-পিহি ভিন্ন আকৃতিৰ গঠন তৈয়াৰ কৰিব পৰা যাবনে? এই প্ৰশ্নটোৰ উত্তৰ হিচাবে আমি ক'ব লাগিব যে অধিক ভৰ বিশিষ্ট যিকোনো পদাৰ্থৰ অভিকৰ্ষণ বল ইমানেই বেছি যে, এই বলে পদাৰ্থটোৰ অবয়ব সলনি হ'বলৈ নিদি একে গঢ়তেই ৰাখি থয়। আমি আগতে উল্ল্যেখ কৰা সৰু এক শিলাখণ্ড বা আন তেনে কোনো পদাৰ্থৰো অভিকৰ্ষণ বল থাকে, কিন্তু পদাৰ্থটোৰ ভৰ ক'ম হোৱা বাবে এই বলৰ মানো তেনেই নগন্য। সেয়ে সৰু আকৃতিৰ পদাৰ্থই নিজৰ অৱয়ব দৃঢ় ভাবে ধৰি ৰাখিব নোৱাৰে। সেইবাবেই ভাস্কৰ্য শিল্পীসকলে কঠিন শিলাখণ্ডবোৰৰ পৰাও সাজি উলিয়াব পাৰে সুন্দৰ প্ৰতিমূৰ্তি।

এতিয়া আহিছো মূল বিষয়টোলৈ। পৃথিবীৰ উপৰিভাগত যদিহে আমি এটি গগণচুম্বী অট্টালিকা সাজিব খোজো, তেন্তে তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয়টোৱেই হ'ল এটি সুদৃঢ় ভেটি। দূৰ্বল ভেটিৰ ওপৰত সাজি উলিওৱা অট্টালিকা এটি ভাঙি মাটিত বাগৰি পৰাৰ মূল কাৰণটোৱেই হ'ল পৃথিৱীৰ অভিকৰ্ষণ বা মাধ্যাকৰ্ষণ বল। প্ৰযুক্তিবিদ সকলে সেয়েহে গগণচুম্বী অট্টালিকা এটি সজাৰ সময়ত অতি গুৰুত্ব সহকাৰে লোৱা বিষয়টোৱেই হ'ল এটি সুদৃঢ় ভেটি। অন্যথা, এই অট্টালিকাতো মাটিত ধলি পৰি চুৰমাৰ হোৱাতো খাটাং। 

এতিয়া কোনো এটি কাল্পনিক গ্ৰহৰ গঠন অসমান বা অনিয়মিত বুলি ধৰি লোৱা হ'ল। গ্ৰহটোৰ বুকুত বিভিন্ন উচ্চতাৰ অসংখ্য গঠনে গ্ৰহটোক গোলাকাৰ হ'বলৈ দিয়া নাই। যিহেতু গ্ৰহটোৰ ভৰ অতি বেছি, ইয়াৰ প্ৰচণ্ড অভিকৰ্ষণ বলে এই কাল্পনিক গ্ৰহটোৰ বুকুত বিভিন্ন উচ্চতাৰ অসংখ্য গঠন সমূহক অস্থিৰ কৰি তুলিব আৰু এইবোৰ গ্ৰহটোৰ বুকুত জহি খহি পৰিব। দুই এখন সুদৃঢ় ভেটিৰ পাহাৰ পৰ্বতক এৰি অভিকৰ্ষণ বলে এনেদৰে নিৰবচিন্ন ভাবে গ্ৰহটোৰ বুকুত ক্ৰিয়া কৰি অহাৰ ফলত গ্ৰহটোৰ সুউচ্চ গঠনবোৰ আপোনা-আপুনি ভাঙি পৰিব আৰু গ্ৰহটো গোলাকাৰ হৈ পৰিব।

Monday, 16 April 2018

মাধ্যাকৰ্ষণ বল আৰু ভাৰতীয় বিজ্ঞানীসকল



স্কুলীয়া দিনতেই শিকি অহা মাধ্যাকৰ্ষণ বলৰ কথাটো উত্থাপন হ'লেই আপেলৰ বাগিচাত বহি থকা বিজ্ঞানী আইজাক নিউটনৰ কথাকেই মনলৈ আহে। কিন্তু আচৰিত হ'লেও সত্য যে নিউটনৰ জন্মৰ বহুত আগতেই অৰ্থাৎ আজিৰ পৰা প্ৰায় ১৪৫০ বছৰ আগতেই ভাৰতীয় বিজ্ঞানী বৰাহমিহিৰে মাধ্যাকৰ্ষণ বলৰ ধাৰণাটোৰ জন্ম দিছিল। পৰিতাপৰ কথা এই যে ভাৰতীয় বিজ্ঞানীসকল এইক্ষেত্ৰত পাবলগীয়া গুৰুত্বখিনিৰ পৰা আজিও বঞ্চিত হৈ ৰ'ল।
প্ৰাচীন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ বৰাহমিহিৰে কৈছিল : পৃথিৱীৰ উপৰিভাগত জীৱ অথবা জড় জগতৰ বস্তুবোৰ দৃঢ় ভাবে লাগি ধৰাৰ কাৰণ পৃথিৱীৰ কোনো এক অজ্ঞাত বলৰ প্ৰভাৱতেই সম্ভব হয়। অৱশ্যে বৰাহমিহিৰে এই অজ্ঞাত বল সম্বন্ধে পৰবৰ্তী সময়ত কোনো ধৰণৰ চৰ্চা নকৰিলে অথবা এই অজ্ঞাত বলৰ নামাকৰণো নকৰিলে।
গতিশীল পৃথিৱীখনৰ বুকুৰ পৰা আমি কিয় চিটিকি নপৰো ? এই প্ৰশ্নটোৱে আমনি কৰিছিল বৰাহমিহিৰৰ সমসাময়িক প্ৰাচীন ভাৰতীয় বিজ্ঞানী আৰ্যভট্টক। তেখেতেও ইয়াৰ কাৰণ হিচাবে উল্ল্যখ কৰি গৈছে যে পৃথিৱীয়ে আমাক কোনো এক দৃঢ় বলৰ দ্বাৰা নিজৰ উপৰিভাগত ধৰি ৰাখে।
পৰবৰ্তী সময়চোৱাত, অৰ্থাৎ আজিৰ পৰা প্ৰায় ১৪০০ বছৰ আগত আন এজন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ ব্ৰহ্মগুপ্তই দুটা বিশেষ ভাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত দাঙি ধৰিছিল। সেই দুটাৰ প্ৰথমটো হ'ল - পৃথিৱীখন গোলাকাৰ আৰু দ্বিতীয়টো সিদ্ধান্ত হ'ল - পৃথিৱীয়ে জীৱ আৰু জড় জগতৰ বস্তুবোৰ নিজৰ দিশে আকৰ্ষণ কৰি থাকে। এই আকৰ্ষণ বলক তেখেতেই সৰ্বপ্ৰথমে "গুৰুত্বাকৰ্ষণ" (মূল: সংস্কৃত) নামেৰে নামাকৰণ কৰিছিল। তেখেতৰ মতে পানী ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যোৱাৰ কাৰণ হ'ল পৃথিৱীৰ গুৰুত্বাকৰ্ষণ বল।
একাদশ শতিকাত আন এজন ভাৰতীয় বিজ্ঞানী ভাস্কৰাচাৰ্যই এই ক্ষেত্ৰত অধিক তথ্যৰে তেখেতৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰিছিল। ভাস্কৰাচাৰ্যক ভাস্কৰ-২ বুলিও জনা যায়। তেখেতে জ্যোতিৰ্বিদ ব্ৰহ্মগুপ্তই দাঙি ধৰা সিদ্ধান্তবোৰ সমৰ্থন কৰিছিল। সেই সিদ্ধান্তবোৰক ভিত্তি কৰিয়েই ভাস্কৰাচাৰ্যই আকাশৰ গ্ৰহ নক্ষত্ৰবোৰৰ গতি বিধি নিৰীক্ষণ কৰিছিল। এই নিৰীক্ষণৰ অন্তত তেখেতে "সূৰ্য সিদ্ধান্ত"ত উল্ল্যেখ কৰিছিল যে গুৰুত্বাকৰ্ষণ বলে কেৱল পৃথিৱীৰ উপৰিভাগৰ বস্তুবোৰক পৃথিৱীৰ দিশে আকৰ্ষণ কৰাই নহয়, বৰং এই বলৰ প্ৰভাৱতেই আকাশৰ গ্ৰহবোৰ পৰস্পৰৰ লগত বান্ধ খাই পৰি সূৰ্যৰ চৌদিশে ঘূৰিব ধৰিছে।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ১৬৮৭ চনত নিউটনে তেখেতৰ গ্ৰন্থ Philosophiae Naturalis Principia Mathematicaত মাধ্যাকৰ্ষণৰ আৱিষ্কাৰ সম্বন্ধে তথ্য দাঙি ধৰাৰ ১২০০ বছৰ আগতেই ভাৰতীয় বিজ্ঞানীসকলে মাধ্যাকৰ্ষণৰ ধাৰণাটোৰ জন্ম দি গৈছে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে পৰবৰ্তী সময়চোৱাত প্ৰাচীন ভাৰতীয় বিজ্ঞানীসকলৰ এই অৱদান সমূহৰ ওপৰত বিশদ অধ্যয়ন কৰা নহ'ল। তেখেতসকলৰ গুৰুত্বপূৰ্ণ অৱদান সমূহ উপেক্ষিত হৈয়ে ৰ'ল।

Sunday, 15 April 2018

শৰণীয়া কছাৰীসকলৰ বাঁহ-গোঁসাই উৎসৱ



শৰণীয়া কছাৰীসকল অসমৰ এটা অন্যতম জনজাতি। এই শৰণীয়া কছাৰীসকলৰ বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতবোৰ অসমৰ লোক সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। এওঁলোকৰ সাংস্কৃতিক পৰম্পৰা সমূহৰ মাজত বাঁহ-গোসাঁই উৎসৱ হ’ল ব'হাগ মাহত অনুষ্ঠিত কৰা এক পৰম্পৰাগত লোক-উৎসৱ।
শৰণীয়া কছাৰী সকলৰ বাঁহ-গোসাঁই উৎসৱক গোঁসাই বাঁহ ফুৰোৱা উৎসৱ বুলিও কোৱা হয়। অসমীয়া নৱবৰ্ষ ও বহাগ বিহুৰ লগত সংগতি ৰাখি শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে এই বাঁহ গোসাঁই উৎসৱত বিভিন্ন ৰঙৰ গামোচা বাঁহত বান্ধি পূজা অৰ্চনা কৰে। বাঁহ-গোসাঁই এক প্ৰতীকধৰ্মী লোক উৎসৱ। গোঁসাই বাঁহক বিষ্ণু বা শিৱৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। ব'হাগ মাহৰ গৰু বিহুৰ দিনা শৰণীয়া জনগোষ্ঠীৰ ৰাইজে গোঁসাই বাঁহ সাজি উলিয়ায়। ইয়াৰ বাবে গঞা ৰাইজ নামঘৰত সমবেত হয় আৰু নামঘৰৰ দেউৰীজনে ঠগী দিয়াৰ পিছত ৰাইজে নিৰ্বাচিত কৰি থোৱা বাঁহজুপিৰ পৰা পুৰঠ জাতি বাঁহ এডাল কাটি আনে। এই বাঁহডাল ধুই পখালি, চুচি-চাঁচি পৰিস্কাৰ কৰাৰ পিছত বগা কাপোৰৰ "জামা" পিন্ধাই দি তাৰ ওপৰত ৰুমাল, ফুলাম গামোছা আদি ৰচীৰে টানকৈ বান্ধি দিয়া হয়। ওপৰৰ পিনে কলডিল আকৄতিৰ ১০ বা ১২ ই‍ঞ্চি দীঘল পিতলৰ ‘চুলা’ লগাই তাত এটি সৰু টিলিঙা আঁৰি দি টিলিঙাটো চকুত নপৰাকৈ ফুলৰ মালাৰে ঢাকি ৰখা হয়। নামঘৰ বা হৰি মন্দিৰৰ ভিতৰত ঢোল, তাল, শংখ, ঘণ্টা, বৰকাঁহ আদি বজাই এই উৎসৱৰ শুভাৰম্ভ কৰা হয়। প্ৰথমে গাঁওবুঢ়া বা মুৰব্বী মানুহৰ ঘৰলৈ নি তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহৰ পদূলিৰে বাঁহ-গোঁহাইক পৰিভ্ৰমণ কৰোৱা হয় ।
জনবিশ্বাস মতে, এই পূজা শ্ৰদ্ধাৰে ভক্তিৰে কৰিলে কৃষিকাৰ্যত কোনো বিঘিনি নঘটে। তদুপৰি খেতি-বতি নদন-বদন হোৱাৰ লগতে সেৱকৰ মনোকামনাও পূৰণ হয়।
তথ্যখিনি সংগ্ৰহিত :
https://as.m.wikipedia.org/wiki/বাঁহ-গোসাঁই_উৎসৱ

Sunday, 1 April 2018

মানৱদেহৰ নতুন অংগ : ইন্টাৰষ্টিচিয়াম


চিত্ৰশিল্পী লিওনার্দো দ্য ভিঞ্চিয়ে মানুহৰ দেহৰ বিভিন্ন অংগ, মাংসপেশী, হাড়, স্নায়ু আদিৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ অঁকাৰ স্বাৰ্থত অনুমতি সাপেক্ষে চিকিৎসালয়ৰ মৰ্গত পৰি ৰোৱা গৰাকীবিহীন মৃতদেহৰ ব্যৱচ্ছেদ কৰি মানৱদেহৰ আভ্যন্তৰীণ গঠন সম্বন্ধে জ্ঞান আহৰণ কৰিছিল। ১৫০৮ চনত যেতিয়া লিওনার্দো দ্য ভিঞ্চিয়ে মৃতদেহৰ ব্যৱচ্ছেদ কৰি চিত্ৰ অঁকাৰ লগতে বিশ্ববাসীক মানৱদেহৰ আভ্যন্তৰীণ গঠন সম্বন্ধে নতুন কথাবোৰ জানিব দিছিল, তেতিয়াই তেখেতে এটা অনুমান কৰিছিল যে মানৱদেহত এনে এটি অংগ আছে যিটো আমি চকুৰে দেখা পোৱা নাই, অথচ সেই অংগটোৱে মানৱদেহত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰি আহিছে……

……আৰু অবশেষত লিওনার্দো দ্য ভিঞ্চিৰ  ৫১০ বছৰ আগৰ আনুমানিক ধাৰণাটোৰ সত্যতা প্রমাণ কৰিলে আধুনিক চিকিৎসা বিজ্ঞানে। মানুহৰ শৰীৰত যে আৰু এটি অংগ লুকাই আছে, সেইটো দুদিনমান আগলৈকে কোনেও জনাই নাছিল। The Lancet Medical Journal আৰু Scientific Reports নামৰ গৱেষণা গ্ৰন্থ দুখনৰ ২০১৮ চনৰ সংখ্যা দুটাত যোৱা ২৭ মাৰ্চ, ২০১৮ তাৰিখে প্ৰকাশ হোৱা দুটা গৱেষণামূলক প্ৰবন্ধত মানুহৰ দেহত আৱিষ্কাৰ হোৱা নতুন অংগটোৰ বিষয়ে বিস্তৃত তথ্য উল্ল্যেখ আছে। (প্ৰবন্ধটোৰ লিংকটো লিখনিৰ শেষত দিয়া হৈছে। ইচ্ছুক পাঠকে পঢ়ি চাব পাৰে)।

নতুনকৈ আৱিষ্কৃত এই অংগটিৰ নাম ৰখা হৈছে ইন্টাৰষ্টিচিয়াম (Interstitium)। ইন্টাৰষ্টিচিয়াম হ'ল মেচেণ্টেৰীৰ অংশ বিশেষ। দুদিন আগলৈ এই মেচেণ্টেৰী বোৰক পৌষ্টিক তন্ত্রৰ কিছুমান ক্ষুদ্র অংশ হিচাবেই গণ্য কৰা হৈছিল। কিন্তু নতুন গৱেষণাই নিশ্চিত ভাবে প্রমাণ কৰিছে যে ইন্টাৰষ্টিচিয়াম মানুহৰ দেহৰ এক স্বতন্ত্ৰ অংগ। ইন্টাৰষ্টিচিয়ামৰ আৱিষ্কাৰে মানুহৰ দেহৰ মুঠ অংগৰ সংখ্যা ৭৮ৰ পৰা বৃদ্ধি কৰি ৭৯ কৰিলে।

আয়াৰলেণ্ডৰ ইউনিভাৰচিটি হস্পিতাল "লিমাৰিক"ৰ বিশেষজ্ঞ চিকিৎসক ডা° কেলভিন কাফিয়ে মানৱদেহৰ এই ৭৯তম অংগটো আৱিষ্কাৰ কৰিছে। তেখেতৰ মতে, মেচেণ্টেৰীৰ অংগ হিচাবে অৱিষ্কৃত হোৱাটো এক গুৰুত্বপূৰ্ণ বিষয়। ক্ষুদ্রান্তক নিজৰ স্থানত সুদৃঢ় ভাবে ধৰি ৰখাত সহায় কৰা এই অংগটো পেৰিটোনিয়ামৰ ভাঁজে ভাঁজে থকা পাতল আস্তাৰণৰ এক পূর্ণাংগ অংগ। তদুপৰি মেচেণ্টেৰীৰ গঠনতন্ত্র আবিষ্কাৰ হোৱাৰ ফলত মানুহৰ দেহৰ জটিল ৰোগবোৰৰ সঠিক আৰু তাৎক্ষণিক নির্ণয় সম্ভব হ'ব। মানৱদেহত বিভিন্ন ৰোগৰ বেলিকা মেচেণ্টেৰীৰ ভূমিকা কেনেধৰণৰ - সেইটোও চিকিৎসা বিজ্ঞানৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

গৱেষণা পত্ৰৰ লিংকটো : https://www.nature.com/articles/s41598-018-23062-6

Saturday, 17 March 2018

উপেক্ষিত বিজ্ঞানী : জৰ্জ চাইমন ওম


জাৰ্মানীৰ এৰলাংগেন নামৰ এখন সৰু চহৰত পুৰণি তলা ভাল কৰা এজন সাধাৰণ তলামিস্ত্ৰী য়োহান ওম। তলা ভাল কৰা সাধাৰণ ব্যৱসায়েৰে তিনিটা সন্তান আৰু পত্নীক পোহপাল দিয়াৰ ক্ষেত্ৰত য়োহান ওম যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে তেওঁৰ পত্নী মাৰিয়া এলিজাবেথে ঘৰতে কাপোৰ চিলোৱা কাম কৰি পৰিয়ালটো চলি যোৱাত সহায় কৰিছিল। য়োহান আৰু এলিজাবেথৰ সাতটা সন্তানৰ তিনিটাহে জীৱিত হৈ ৰৈছিল। তেওঁলোক হ'ল ক্ৰমে জৰ্জ চাইমন ওম, মাৰ্টিন ওম আৰু একমাত্ৰ জীয়াৰী এলিজাবেথ বাৰবাৰা। ১৭৮৯ চনৰ ১৬ মাৰ্চত জন্ম গ্ৰহন কৰা জৰ্জ চাইমন ওম পিছলৈ এজন প্ৰসিদ্ধ বিজ্ঞানী হিচাবে প্ৰতিস্থিত হোৱাৰ উপৰিও তেওঁৰ ভাতৃ মাৰ্টিন ওমো এজন বিশ্ববিখ্যাত গণিতজ্ঞ।

১৮০৬ চনত যেতিয়া জৰ্জ চাইমন ওম ১৭ বছৰীয়া তেতিয়াই নিজৰ পঢ়াৰ খৰছ উলিয়াবলৈ তেওঁ Gottstadt Bay Schoolত গণিতৰ শিক্ষক হিচাবে নিযুক্ত হয় আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ অধ্যয়নো চলাই নিয়ে। ১৮০৯ চনত তেওঁ শিক্ষকতাৰ বৃত্তি এৰি এৰলাংগেন বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাবে নাম ভৰ্তি কৰে আৰু ১৮১১ চনৰ শেষৰ ভালে তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গণিত আৰু জ্যামিতিৰ স্কুলীয়া পাঠ্যপুথি লিখা কামত ব্ৰতী হয়। ১৮১৩ চনত তেওঁ পুণৰ স্কুল পৰ্যায়ৰ শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে গণিতৰ লগতে পদাৰ্থ বিজ্ঞানৰ বিভিন্ন গৱেষণামূলক কামত নিজকে নিয়োজিত কৰে।

১৮২৫ চনত চাইমন ওমে জাৰ্মান ভাষাত তেখেতৰ গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet" প্ৰকাশ কৰে। গৱেষণা গ্ৰন্থখনত তেখেতে উল্ল্যেখ কৰিছিল যে কোনো বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ মান পৰিবাহীৰ দুয়ো মুৰে প্ৰয়োগ কৰা বিভৱ পাৰ্থক্যৰ সমানুপাতিক। আজি এই আৱিষ্কাৰক আমি ওমৰ সূত্ৰ বুলিয়েই জানো। কিন্তু পৰিতাপৰ কথা এয়ে যে ওমৰ এই সূত্ৰক সেই সময়ৰ বিজ্ঞানী সকলে মানি ল'ব খোজা নাছিল।

১৮২৭ চনত ওমে আন এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰে।এই গৱেষণা পত্ৰত তেখেতে উল্ল্যেখ কৰে যে বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ পৰিমান বিভৱ পাৰ্থক্যৰ উপৰিও পৰিবাহীৰ প্ৰস্থচ্ছেদ আৰু পৰিবাহীৰ দৈৰ্ঘৰ ওপৰতো নিৰ্ভৰশীল। গৱেষণা পত্ৰ দুখনত তেওঁৰ পৰীক্ষাৰ বিতং বৰ্ণনাৰ লগতে গাণিতিক বিশ্লেষণো সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছিল।

ওমৰ গৱেষণা পত্ৰ দুখনে বিজ্ঞান সমাজত সমাদৰ পোৱাতো দুৰৰ কথা, বৰং তেওঁৰ সমসাময়িক বিজ্ঞানীসকলে ওলোটাই তেওঁক তিৰস্কাৰহে কৰিছিল। তেওঁলোকৰ মতে এই গৱেষণা পত্ৰ দুখন বিজ্ঞানৰ গৱেষণাৰ নামত বলিয়ালিৰ নামান্তৰ মাথোন ! হতাশাই ওমক আমনি কৰিছিল। তেনে সময়তেই চাইমন ওমক বিদ্যালয় কৰ্তৃপক্ষই চাকৰিৰ পৰা ইস্তাফা দিবলৈ হেঁচা প্ৰয়োগ কৰিলে। বিদ্যালয় কৰ্তৃপক্ষৰ মতে বিজ্ঞানৰ নামত ওমে যিবোৰ বলিয়ালি কৰিছে, সেইবোৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰূপ প্ৰভাৱ পেলাব। বাধ্য হৈ ১৮২৮ চনত তেওঁ চাকৰীৰ পৰা অব্যাহতি লৈ ১৮৩৩ চনলৈ সুদীৰ্ঘ পাঁচ বছৰ কাল এক প্ৰকাৰ বেকাৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল।

পিছে গুণীৰ গুণ বুজা মানুহো থাকে। ১৮৩৩ চনত Polytechnic School of Nurembergএ জৰ্জ চাইমন ওমক গণিতৰ অধ্যাপক হিচাবে নিযুক্তি দিলে। লাহে লাহে ওমৰ জীৱনলৈ ভাল দিনবোৰ ঘূৰি আহিবলৈ ধৰিলে। ওমে Polytechnic School of Nurembergত ষোল্ল বছৰ অধ্যাপনা কৰে। ১৮৪১ চনত Royal Society of Londonৰ পৰা জৰ্জ চাইমন ওমে এখন পত্ৰ পালে। পত্ৰখন পঢ়ি ওমৰ দুচকুত বিৰিঙি উঠিল আনন্দৰ চকুলো। কাৰণ পত্ৰখনত লিখা আছিল : ……১৮২৫ চনত আপুনি প্ৰকাশ কৰা গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet"ত উল্ল্যেখিত তথ্যবোৰ বিজ্ঞান জগতলৈ এক অমূল্য অৱদান, যিয়ে বিদ্যুত বিজ্ঞানক সঠিক পথৰ সন্ধান দিব। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে Royal Society of Londonএ আপোনাক "Copley Medal for Extraordinary Effort" প্ৰদান কৰিবলৈ ওলাইছে। আপোনাক পুৰস্কাৰটি গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হ'ল……।

১৮৪১ চনত Royal Society of Londonৰ দৰে পৃথিৱী বিখ্যাত অনুস্থানৰ দ্বাৰা স্বীকৃতি পোৱাৰ লগে লগে জৰ্জ চাইমন ওম ৰাতিটোৰ ভিতৰতেই বিখ্যাত হৈ পৰিল। আগতে লেই লেই চেই চেই কৰা সকলে এতিয়া তেওঁৰ এটি সাক্ষাৎকাৰৰ বাবে দৌৰা দৌৰি আৰম্ভ কৰিবলৈ ধৰিলে। ১৮৪৯ চনত মিউনিখৰ Bavarian Academy’s Physics নামৰ জাৰ্মানীৰ পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ সংস্থাটোৱে তেওঁক সন্মানীয় "Curator" পদৱীত নিযুক্তি দিয়ে। তিনি বছৰ এই পদত কাৰ্য নিৰ্বাহ কৰাৰ পিছত মিউনিখ বিশ্ববিদ্যালয়ে তেওঁক ১৮৫২ চনত University of Munichত পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ আসনখনত অধিস্থিত কৰে। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত ওমে সেই আসনখন শুৱনি কৰি ৰাখিছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে পৰিবাহীৰ "ৰোধ"ৰ এককটোক "ওম" বুলি নামাকৰণ কৰা হয়। ৬ জুলাই, ১৮৫৪ত এই মহান বিজ্ঞানীজনৰ দেহাৱসান হয়।

আকাশৰ তৰাবোৰৰ ভাৰতীয় নাম


বিশ্বৰ প্ৰায় প্রতিটো সংস্কৃতিতেই আকাশৰ তৰাবোৰে বিশেষ গুৰুত্ব বহন কৰি আহিছে। প্ৰাচীন কালৰে পৰাই ধর্মীয় আদৰ্শৰ প্ৰসাৰ আৰু অধ্যয়নৰ ক্ষেত্ৰত তৰাবোৰ বহুলভাবে ব্যবহাৰ হৈছিল। কম্পাচ আৱিষ্কাৰ হোৱাৰ আগত নিশাৰ আকাশত জিকমিকাই থকা তৰাবোৰৰ সহায়তেই নাবিকসকলে দিকনির্ণয় কৰি সাগৰৰ বিশালতা অতিক্ৰম কৰিছিল। ঋতু পৰিবৰ্তনৰ লগত আকাশৰ তৰাবোৰৰ আপেক্ষিক স্থান পৰিবৰ্তনৰ সম্পর্কটো লাহে লাহে মানুহে বুজি পাবলৈ আৰম্ভ কৰিলে। প্রাচীন জ্যোতির্বিদ সকলে (জ্যোতিষী নহয়) আকাশৰ তৰাবোৰক কিছুমান তৰামণ্ডলত ভাগ কৰি সেই তৰামণ্ডলসমূহ সাপেক্ষে সৌৰজগতত সূর্যৰ অৱস্থান আৰু সৌৰজগতৰ গ্রহবোৰৰ গতি সম্বন্ধে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। প্ৰাচীন কালৰে পৰাই মিচৰ, চীন, আৰব, ইউৰোপ প্ৰভৃতি দেশৰ জ্যোতির্বিদ সকলৰ লগতে ভাৰততো তৰা বা নক্ষত্ৰবোৰৰ ওপৰত বিশদ অধ্যয়ন চলিছিল। ভাৰতীয় জ্যোতির্বিদ সকলে সেই সময়তেই আকাশৰ তৰাবোৰ চিনাক্ত কৰি সেইবোৰৰ নাম ৰাখিছিল। সেইবোৰৰ ভিতৰত কেইটামানৰ বিষয়ে তলত উল্ল্যেখ কৰিছোঁ :

১) অশ্বিনী : পৌৰাণিক আখ্যান অনুসৰি অশ্বিন মুনিৰ পত্নীৰ নাম অশ্বিনী। ঘোঁৰাৰ মুৰৰ গঠনৰ লগত সাদৃশ্য থকা α, β আৰু γ Arietis নামৰ তিনিটা প্ৰধান তৰাৰে গঠিত তৰামণ্ডলতেই অশ্বিনী নক্ষত্ৰৰ অৱস্থান। ঘোঁৰা বা অশ্বৰ দৰে গঠনযুক্ত হোৱা বাবেই এই তৰাটোৰ নাম অশ্বিনী ৰখা হৈছিল। পৃথিৱীৰ পৰা প্ৰায় ৬৬ আলোক বৰ্ষ দূৰৰ মেষ ৰাশিত অৱস্থিত এই তৰাটো আকাৰত আমাৰ সূৰ্যতকৈ প্ৰায় দুগুণ ডাঙৰ। 

২) ভৰণী : মেষ ৰাশিৰ অন্তৰ্গত Arietis তাৰকামণ্ডলৰ আন এটা নক্ষত্ৰ হ'ল ভৰণী। ভৰণী (মূল সংস্কৃত) শব্দৰ অৰ্থ ধাৰণ কৰা বা বহন কৰা। ঋগ্বেদৰ আখ্যান মতে ভৰণী নক্ষত্ৰ হ'ল যমৰজাৰ দূত যিয়ে মৃতকৰ আত্মাক পৃথিৱীৰ পৰা কঢ়িয়াই নিয়ে। ভৰণী নক্ষত্ৰ পৃথিৱীৰ পৰা প্ৰায় ৭৩ আলোক বৰ্ষ আঁতৰত অৱস্থিত আৰু ই সূৰ্যতকৈ প্ৰায় ৩.৫ গুণ ডাঙৰ।

৩) কৃত্তিকা : ঋগ্বেদত উল্ল্যেখ থকা মতে শিৱৰ সন্তান কাৰ্তিকেয় (কাৰ্তিক)ৰ এগৰাকী শুশ্রূষাকাৰিণী হ'ল কৃত্তিকা। ই বৃষ ৰাশিত অৱস্থিত Pleiades তাৰকা মণ্ডলৰ ছটা নক্ষত্ৰৰ মাজৰ এটি নক্ষত্ৰ। গ্ৰীক আখ্যান অনুসৰি কৃত্তিকা হ'ল অগ্নি বা জুইৰ অধিপতি।

৪) ৰোহিনী : বৃষ ৰাশিৰ উজ্বল নক্ষত্ৰ আলফা আলদাবেৰান বা α-Aldebaran আকাশৰ চতুৰ্দশ উজ্বল নক্ষত্ৰ। এই তৰাটোৰ ভাৰতীয় নামেই হ'ল ৰোহিনী নক্ষত্ৰ। ৰঙা বৰণৰ এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় ৩৫০ গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৭০ আলোকবৰ্ষ। 

৫) মৃগশিৰা : পৰস্পৰৰ ওচৰা ওচৰিকৈ দেখা যোৱা ক্ষীণ পোহৰৰ ৩টা তৰাৰে মিলি গঠন হৈছে এক তাৰকা মণ্ডল যাৰ নাম Orion বা অৰায়ন। ঋগ্বেদৰ মতে ইয়াক যজ্ঞসোম বুলিও জনা যায়। তাৰকা মণ্ডলটোৰ গঠন হৰিণৰ মূৰৰ দৰে হোৱা বাবে ইয়াক মৃগশিৰা বুলিয়েই জনা যায়। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্রটোৰ নাম Meisah বা λ Orionis।

৬) আৰ্দ্ৰা : ৰাতিৰ আকাশৰ অগণন তৰাৰ মাজত অতি সহজে চিনি উলিয়াব পৰা এটি তৰা হ'ল বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰ। কালপুৰুষৰ সোঁবাহুৰ উজ্জ্বল ৰঙচুৱা নক্ষত্ৰটোৱই বিটলজুচ বা আৰ্দ্ৰা। বিজ্ঞানী সকলৰ ভাষাত এই তৰাটোৰ নাম Alpha Orionis. আমাৰ সূৰ্যতকৈ 25 গুণ অধিক ভৰ বিশিষ্ট বিটলজুচ আয়তনৰ ক্ষেত্ৰতো সূৰ্যতকৈ প্ৰায় 500 গুণ ডাঙৰ। অতি বৃহৎ আকাৰৰ M শ্ৰেণীৰ এই তৰাটোক এটা ৰঙা অতিদানব বা Red Supergiant বুলি কোৱা হয়। আচৰিত হ'লেও এইটো সঁচা যে আকাৰত অতি বৃহৎ হোৱা স্বত্তেও এই তৰাটো আমাৰ সূৰ্যতকৈ শীতল। বিটলজুচৰ উষ্ণতা 6000 ডিগ্ৰী ফাৰেনহাইট, আনহাতে আমাৰ সূৰ্যৰ উষ্ণতা প্ৰায় 10,000 ডিগ্ৰী ফাৰেনহাইট। পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোৰ বয়স প্ৰায় 10 মিলিয়ন বছৰ। সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 700 গুণ অধিক হাইড্ৰজেন ইন্ধন হিচাবে জ্বলোৱা বিটলজুচৰ ইতিমধ্যে ইন্ধনৰ অভাৱ ঘটিছে আৰু তৰাটোৰ নিউক্লিয় বিক্ৰিয়া অতি স্তিমিত হৈ পৰিছে। বিজ্ঞানী সকলে গাণিতিক ভাবে বিশ্লেষণ কৰি আগবঢ়োৱা তথ্য অনুসৰি বিটলজুচ বৰ্তমান এটি অকালতে বৃৃদ্ধ হৈ পৰা তৰা। ইয়াৰ কেন্দ্ৰত ঘটা হাইড্ৰজেনৰ নাটনিয়ে বৰ্তমান এক জটিল অৱস্থা পাইছে আৰু সেয়েহে যিকোনো মূহুৰ্ততে তৰাটো মৃত্যুমুখত পৰাটো নিশ্চিত। 

৭) পুণৰ্বসু : ভাৰতীয় জ্যোতির্বিজ্ঞান অনুসৰি ৭ম নক্ষত্ৰ পুণৰ্বসু প্ৰকৃততে যুগ্ম তৰা। প্রাচীন ঋগ্বেদীয় ঋষি সকলৰ মতে এই তৰা দুটাৰ নাম অদিতি ও দিতি। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্র দুটা মিথুন ৰাশিৰ উজ্জ্বলতম দুই তৰা Pollux (বিটা জেমিনি) আৰু Castor (আলফা জেমিনি)।

৮) পুষ্যা : ডেল্টা কংক্ৰায়, গামা কংক্ৰায়, আৰু থেটা কংক্ৰায় নামৰ কৰ্কট ৰাশিৰ তিনিটা অনুজ্বল নক্ষত্ৰক প্রাচীন ঋগ্বেদীয় ঋষিসকলে পুষ্যা বুলি নামাকৰণ কৰিছে। পুষ্যা নক্ষত্ৰ পৃথিৱীৰ পৰা ১৮০ আলোক বৰ্ষ দূৰত অৱস্থিত।

৯) অশ্লেষা : উত্তৰ-পশ্চিম আকাশত কর্কট ৰাশিৰ পৰা তুলা ৰাশিল কাল্পনিক ৰেখা অংকন কৰি তাক বঢ়াই নিলে দক্ষিণ-পূব দিশত দেখা যায় হাইড্রা তাৰকা মণ্ডল। ই এক বৃহত্তম তৰা মণ্ডল হলেও ইয়াত এটাই মাত্র উজ্বল তৰা আছে যাৰ নাম আলফা হাইড্রি বা σ Hydrae। এই তৰাটোৱেই অশ্লেষা নক্ষত্ৰ।

১০) মঘা : সিংহ ৰাশিৰ উজ্বলতম নক্ষত্ৰটো হ'ল ৰেগুলাচ বা মঘা। আধুনিক বিজ্ঞানত এই তৰাটোৰ নাম α Leonis বা আলফা লিওনিচ। সিংহ ৰাশিত মঘা নক্ষত্ৰ বা α Leonisৰ ওচৰতেই আন দুটা অনুজ্বল তৰা দেখা পোৱা যায়। এই তৰা দুটাক γ Leonis আৰু ζ Leonis বোলা হয়। পৃথিৱীৰ পৰা মঘা নক্ষত্ৰৰ দূৰত্ব প্ৰায় ৭৯ আলোক বৰ্ষ আঁতৰত অৱস্থিত।

১১) পূর্ব ফাল্গুনী : পৃথিৱীৰ পৰা প্ৰায় ৫৯ আলোকবৰ্ষ দূৰৰ সিংহ ৰাশিৰ অন্তৰ্গত ডেল্টা লিওনিচ (δ Leonis) নামৰ অতি বিশালাকাৰ নীলা বৰণৰ নক্ষত্ৰটো আৰু ইয়াৰ লগতে আকাশৰ প্ৰায় একে স্থানতেই দেখা যোৱা থিটা লিওনিচ (θ Leonis) নামৰ ঈষৎ ৰঙচুৱা নক্ষত্ৰ দুটাই হ'ল পূৰ্ব ফাল্গুনী। 

১২) উত্তৰ ফাল্গুনী : সিংহ ৰাশিৰ β Leonis বা বিটা লিওনিচ নামৰ নীল বৰণৰ নক্ষত্ৰটো আমাৰ সূৰ্যতকৈ প্ৰায় ৫ গুণ ডাঙৰ। β Leonis সূৰ্যতকৈ কেইবা গুণে উজ্বল আৰু সেয়েহে পৃথিৱীৰ পৰা ৩৬ আলোক বৰ্ষ দূৰত থকা স্বত্তেও এই নক্ষত্ৰটো আমি খালী চকুৰেই দেখা পাওঁ। সিংহ ৰাশিৰ β Leonis নামৰ এই নক্ষত্ৰটোকেই আমি উত্তৰ ফাল্গুনী বুলি জানো।

১৩) হস্তা : পৌৰাণিক আখ্যান অনুসৰি হস্তা নক্ষত্ৰ জীৱৰ জন্ম আৰু বিবাহৰ অধিপতি। পাচটা কিছু উজ্বল নক্ষত্ৰ ক্ৰমে α-Corvi, β-Corvi, γ-Corvi, δ-Corvi আৰু ε-Corvi মিলি গঠন হোৱা Corvus (কোৰভাচ) তাৰকাৰাজ্যৰ সকলোতকৈ উজ্বল তৰা α-Corviকেই হস্তা নক্ষত্ৰ বোলা হয়। সূৰ্যতকৈ প্ৰায় ১২ গুণ ডাঙৰ হস্তা নক্ষত্ৰটো আমাৰ পৰা ৪৯ আলোকবৰ্ষ দূৰত অৱস্থিত।

১৪) চিত্ৰা : ৰাতিৰ আকাশত মংগল গ্ৰহ আৰু শনি গ্ৰহৰ প্ৰায় ওচৰতে এটি নক্ষত্ৰ দেখা পোৱা যায়। এই নক্ষত্ৰটোক আধুনিক বিজ্ঞানত স্পাইকা (Spica) বা α Virginis বুলি জনা যায়। কন্যা ৰাশিৰ উজ্বলতম এই নক্ষত্ৰটোৰ নামেই হ'ল চিত্ৰা বা স্পাইকা। ই পৃথিৱীৰ পৰা ২৫০ আলোক বৰ্ষ দূৰত অৱস্থিত।

১৫) স্বাতী : বুটিচ তাৰকাৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল α Boötes বা আৰ্কটুৰাচ (Arctaurus)। এই তৰাটো এতিয়া ৰঙা দানৱ বা red giant দশাত আছে। বুটিচ তাৰকাৰাজ্যৰ এই তৰাটো উত্তৰ গোলাৰ্ধৰ আকাশত নিশাৰ ভাগত যিকোনো ঠাইৰ পৰা খালী চকুৰে দেখা পোৱা যায়। বিজ্ঞানী সকলৰ মতে তৰাটোৰ মৃত্যুৰ পিছত ইয়াৰ অৱশিষ্ট অংশবোৰ এটা শ্বেত বামন বা white dwarf হিচাবে ৰৈ যাব। ভাৰতীয় জ্যোতির্বিদ সকলে এই তৰাটোক স্বাতী নামেৰে নামাকৰণ কৰিছে।

১৬) বিশাখা : তুলা ৰাশিত তিনিটা উজ্বল তৰা দেখা যায়। এই তৰা কেইটাৰ বিজ্ঞান সন্মত নাম α, β আৰু γ- Libra (লিব্ৰা)। এই তৰা কেইটাৰ ভিতৰত α-Libra দৰাচলতে যুগ্ম তৰাহে। অৰ্থাৎ α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে দেখা যায়। খালী চকুৰে অৱশ্যে তৰা দুটা পৃথক যেন নেলাগে। প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে বিশাখা নামেৰে নামাকৰণ কৰিছে।

১৭) অনুৰাধা : বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। সেইবোৰক একেলগে Scorpionis বুলি কোৱা হয়। এই Scorpionisবোৰৰ ভিতৰত বৃশ্চিক ৰাশিত β, δ আৰু π Scorpionisক অনুৰাধা বুলি জনা যায়। পৃথিৱীৰ পৰা প্ৰায় ৪০০ আলোক বৰ্ষ আঁতৰৰ এই তৰা কেইটা আমাৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ।

১৮) জেষ্ঠা : আগতেই কোৱা হৈছে যে বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। আন কেইটামান তেনে উজ্বল তৰা হ'ল α-Scorpionis, σ-Scorpionis আৰু τ-Scorpionis। ইয়াৰ ভিতৰত α-Scorpionis সকলোতকৈ উজ্বল। এই α-Scorpionis নামৰ তৰাটোৱেই হ'ল জেষ্ঠা নক্ষত্ৰ।

১৯) মূলা : বৃশ্চিক ৰাশিৰ আন কেইটামান উল্ল্যেখযোগ্য তৰা হ'ল ε, ζ, η, θ, ι, κ, λ, μ আৰু ν স্কৰপিওনিচ। এই তৰা কেইটাৰ ভিতৰত আটাইতকৈ উজ্বল তৰাটো হৈছে θ-স্কৰপিওনিচ বা মূলা নক্ষত্ৰ।

২০) পূর্বাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাৰ সংখ্যাও কম নহয়। γ, δ, ε, η, μ1, μ2, σ, ζ, φ, χ, আৰু τ-চেজিটেৰায় নামৰ ১১টা কম বেছি পৰিমানে উজ্বল তৰাৰে গঠিত ধনু ৰাশিত প্ৰকৃততে μ1 আৰু μ2 চেজিটেৰায় নামৰ তৰা দুটা যুগ্ম তৰাহে। এই তৰা দুটাক একেলগে পূর্বাষাঢ়া নক্ষত্ৰ বোলা হয়।

২১) উত্তৰাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাবোৰৰ ভিতৰত π, τ, ν, ψ, ω, α, আৰু ζ-চেজিটেৰায় অন্যতম। এই সাতটা তৰাৰ মাজত α-চেজিটেৰায় অন্যতম আৰু এই তৰাটোকেই উত্তৰাষাঢ়া নক্ষত্ৰ বোলা হয়।

২২) অভিজিত : মকৰ ৰাশিৰ অন্তৰ্গত হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ এটা উজ্বল তৰাৰ নাম ভেগা। ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত। সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায়। আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব। মকৰ ৰাশিৰ তিনিটা উজ্বল নক্ষত্ৰ α, ε আৰু ζ- লিৰাৰ ভিতৰত α-লিৰা সবাতোকৈ উজ্বল আৰু এঈ তৰাটোৱেই অভিজিত নক্ষত্ৰ।

২৩) শ্রৱণা : পৃথিৱীৰ পৰা ১৬.৭ আলোকবৰ্ষ দূৰত একুইলা তাৰকামণ্ডলত তিনিটা উজ্বল তৰা আছে। সেইবোৰ হ'ল α, β আৰু γ-একুইলি। এই তিনিটাৰ ভিতৰত α-একুইলি আটাইতকৈ উজ্বল। বিজ্ঞানী সকলৰ মতে ইয়াৰ নাম Altair (এল্টায়াৰ)। নিশাৰ আকাশৰ উত্তৰ পশ্চিম কোনত খালী চকুৰে দেখা পোৱা এই তৰাটোৰ ভাৰতীয় নাম হ'ল শ্ৰৱনা নক্ষত্ৰ।

২৪) ধনিষ্ঠা : মংগল গ্ৰহৰ কাষত নিশাৰ আকাশত অষ্টবসু তৰামণ্ডলত আঠটা তৰা আছে। এই তৰাবোৰৰ ভিতৰত উল্ল্যেখযোগ্য তৰা কেইটা হ'ল α, β, γ, δ, আৰু ε-ডেলফিনি। ইয়াৰ ভিতৰত α-ডেলফিনি সকলোতকৈ উজ্বল আৰু এই তৰাটোৱেই হ'ল ধনিষ্ঠা নক্ষত্ৰ।

২৫) শতভিষা : পৃথিৱীৰ পৰা ৩৯০ আলোকবৰ্ষ দূৰত কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি (λ Aquarii) নামৰ তৰাটো প্ৰায় ওচৰা-ওচৰিকৈ থকা আন এশটা তৰাতকৈ বেছি উজ্বল। এশটা তৰাৰ এই সমষ্টিটোক "শততাৰা" বুলিও জনা যায়। কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি নামৰ তৰাটোক শতভিষা বুলি জনা যায়। 

২৬) পূৰ্বভাদ্ৰপদ : পৃথিৱীৰ পৰা ৫০.৯ আলোকবৰ্ষ আঁতৰৰ পেগাছাচ তাৰকাৰাজ্যৰ চাৰিটা প্ৰধান তৰা হ'ল α, β, ε আৰু γ পেগাছি। ইয়াৰ ভিতৰত α আৰু ε পেগাছি বেছি উজ্বল। পেগাছাচ তাৰকা ৰাজ্যখন দেখাত পাখিযুক্ত ঘোঁৰাৰ দৰে। ইয়াক আকাশৰ উত্তৰ পূব কোনত এণ্ড্ৰোমেডা তাৰকা ৰাজ্যৰ কাষত দেখা পোৱা যায়। পেগাছাচৰ α-পেগাছি নামৰ উজ্বল তৰাটোকেই পূৰ্বভাদ্ৰপদ বুলি জনা যায়।

২৭) উত্তৰভাদ্ৰপদ : ওপৰত উল্ল্যেখ কৰা পেগাছাচ তাৰকাৰাজ্যৰ প্ৰধান চাৰিটা তৰা α, β, ε আৰু γ পেগাছিৰ ε-পেগাছি নামৰ তৰাটোৱেই হ'ল উত্তৰভাদ্ৰপদ। 

২৮) ৰেৱতী : মীন ৰাশিত দেখা পোৱা ৩২টা তৰাৰ ভিতৰত ζ Piscium (যেটা পিছিয়াম) নামৰ তৰাটো এটা বাদামী ৰঙৰ বামন তৰা। এই তৰাটোক প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে ৰেৱতী নক্ষত্ৰ বুলি নামাকৰণ কৰিছে।


Wednesday, 7 March 2018

যশোধৰাৰ সিদ্ধাৰ্থ যেতিয়া বুদ্ধ হৈছিল


যশোধৰা আৰু তেওঁৰ বুকুৰ মাজত উমলৈ শুই থকা দেৱশিশুটিৰ পিনে এপলক চাই চকুহাল ঘূৰাই আনিলে শাক্যই। তেওঁৰ মনতে ভাবিবলৈ ধৰিলে - ক্ষন্তেক আগত জন্ম হোৱা এই দেৱশিশুটিয়ে সাংসাৰিক মায়াৰ বান্ধোন অধিক দৃঢ় কৰি তুলিব নেকি ? নাই, নাই… এইটো হ'বলৈ দিয়া অনুুচিত। সাংসাৰিক মায়াৰ বান্ধোনে নিৰ্বাণৰ পথ দেখুৱাব নোৰাৰে। যশোধৰা তেতিয়া পুত্র জন্ম দিয়াৰ আনন্দ আৰু ক্লান্তিৰ গভীৰ নিদ্রাত মগ্ন ! মূহুৰ্তৰ ভিতৰতেই ৰাজকুমাৰ শাক্য ওৰফে সিদ্ধাৰ্থ যশোধৰাৰ শয়ণ কক্ষৰ পৰা হাতত সাৰে, ভৰিত সাৰে ওলাই আহিল। তেওঁ ৰাজপ্ৰসাদৰ বাহিৰৰ মুকলি ঠাই এডোখৰত ক্ষন্তেক ৰৈ ভাবিবলৈ ধৰিলে : ক'ত পোৱা যাব পৰম সত্যৰ সন্ধান অথবা নিৰ্বাণৰ মসৃণ পথ, যি পথে সমগ্ৰ মানুহজাতিক দিব পাৰিব মুক্তি, সুখ আৰু অনাবিল শান্তিৰ ঠিকনা……
যশোধৰা ষোড়শী সুন্দৰী। সিদ্ধাৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দুয়োৰ বয়স ১৬বছৰ। বিয়াৰ ১৩ বছৰ পিছত পুত্ৰ ৰাহুলৰ জন্ম। নিশাৰ আকাশৰ জোনবাইটো ৰাহুৱে গিলি থোৱা (!) চন্দ্ৰগ্ৰহনৰ থিক পিছতেই জন্ম হোৱা পুত্ৰৰ নাম ৰাহু নামৰ অনুসৰণত ৰাহুল ৰখা হ'ল। চন্দ্ৰগ্ৰহনৰ সেই নিশাটোতেই সদ্যজাত পুত্ৰ ৰাহুল আৰু পত্নী যশোধৰাক এৰি থৈ ৰাজকুমাৰ সিদ্ধাৰ্থই ঘৰ-সংসাৰ সকলো ত্যাগ কৰি গুচি গ'ল সত্যৰ সন্ধানত, নিৰ্বাণৰ পথ বিচাৰি।
ৰাজহাউলীত কান্দোনৰ ৰোল উঠিল। যশোধৰাৰ শয়ণকক্ষৰ বাহিৰতেই সেই কান্দোনৰ ৰোল। ভাগৰুৱা অৱশ শৰীৰটো কোনোমতে চম্ভালি লৈ যশোধৰা শয়ণকক্ষৰ ওলাই আহিল। ৰাজহাউলীৰ লিগিৰীবোৰে চিঞৰি চিঞৰি কান্দিছে। যশোধৰাক দেখি কান্দোনৰ ৰোল বাঢ়ি আহিল। এগৰাকী বয়স্ক লিগিৰীয়ে যশোধৰাক সাৱটি ধৰি কান্দি কান্দি ক'লে : শাক্যই তোমাৰ লগতে তোমাৰ পুত্ৰ ৰাহুলক এৰি থৈ গুছি গৈছে। তুমি এতিয়া কেনেকৈ জীয়াই থাকিবা যশোধৰা ! সেয়া চোৱা যশোধৰা, চোৱা; সেয়া কাৰো বাধা নেমানি শাক্য ৰাজহাউলীৰ পৰা ওলাই গৈছে……
বাহিৰৰ ঘন এন্ধাৰৰ মাজতে যশোধৰাই ছায়ামায়াকৈ দেখিলে কোবাকুবি খোজেৰে সিদ্ধাৰ্থ আগুৱাই গৈছে। ক্লান্ত শৰীৰটোত শক্তি গোটাই যশোধৰা দৌৰি গ'ল সিদ্ধাৰ্থৰ পিছে পিছে। তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে : শাক্য, তোমাৰ পুত্ৰই এইমাত্ৰ চকু মেলি চাব। পুৱাৰ সুৰুযৰ প্ৰথম কিৰণৰ লগত আজি চিনাকী হ'ব তোমাৰ পুত্ৰ। অন্ততঃ তোমাৰ পুত্ৰৰ বাবে ৰৈ যোৱা সিদ্ধাৰ্থ…!
সিদ্ধাৰ্থই এবাৰলৈ ঘূৰি চালে আৰু খোজবোৰ বেছি খৰকৈ আগবঢ়ালে। ক্লান্ত যশোধৰাই আৰু বেছি আগবাঢ়িব নোৱাৰিলে। তেওঁ মাটিত বাগৰি পৰিল। ইতিমধ্যে সিদ্ধাৰ্থ নিশাৰ অন্ধকাৰত বিলীন হৈ গৈছিল।
যশোধৰা ভাঁগি পৰিল। তেওঁ যেন হেৰুৱাই পেলালে জীৱনৰ সকলো অৰ্থ ! দুখ আৰু মানসিক যন্ত্ৰণাত কাতৰ যশোধৰা মৌন হৈ ৰ'ল। দুগালেৰে মাথোন পাৰ ভাঙি চকুলো বৈ আহিল। চকুলোৱেতো বাধা নেমানে ! কোনোবাই আগবাঢ়ি আহি দুবাহুত ধৰি যশোধৰাক তুলি ধৰিলে। লাহে লাহে তেওঁ যশোধৰাক ৰাজহাউলীৰ পিনে আগবঢ়াই আনিলে। মুক, মৌন যশোধৰাই পুত্ৰ ৰাহুলৰ ওচৰলৈ দৌৰি গৈ সাৱটি ধৰিলে আৰু সংকল্প ল'লে যে পুত্ৰ ৰাহুলৰ বাবেই তেওঁ জীয়াই থাকিব লাগিব, সাহসেৰে……
সংকল্পমতেই তেওঁ জীয়াই থকাৰ বাবে প্রয়োজনীয় নুন্যতম খিনিক লৈয়ে আৰম্ভ কৰিলে এক সাধাৰণ জীৱন। শৰীৰৰ গহনা পাতি, আ-অলংকাৰ সকলো খুলি পেলাই মাত্র এখন বস্ত্রৰে দেহ ঢাকি ৰাখিবলৈ আৰম্ভ কৰিলে। দিনটোত মাত্র এবাৰ আহাৰ গ্রহণ কৰি ভগৱানৰ ওচৰত নিজকে সঁপি দিলে। মনটো দৃঢ় কৰি ল'লে। পুত্ৰ ৰাহুলক জ্ঞানী মানুহ হিচাবে গঢ়ি তুলিব লাগিব !
সময়বোৰ বাগৰি যাবলৈ ধৰিলে। যশোধৰাই এতিয়াও আশাৰে ৰৈ থাকে। তেওঁৰ মনটোৱে যেন মাজে সময়ে কাণে কাণে কয়হি - অপেক্ষা কৰা, তোমাৰ শাক্য ওভটি আহিব। বহু দেশৰ ৰাজকুমাৰে যশোধৰাক বিবাহৰ প্রস্তাৱ দিলে। বন্ধু-বান্ধৱী, ইষ্ট-কুটুম সকলোৱে আহি পৰামৰ্শ দিয়েহি : "তুমি পাহৰি যোৱা সেই মানুহজনক ! সিদ্ধাৰ্থই তোমাক পাহৰি গৈছে। তুমি তোমাৰ জীৱনটো ধ্বংস নকৰি নতুনকৈ জীৱনটো আৰম্ভ কৰা……।" কিন্তু যশোধৰাই সকলো প্রতাখ্যান কৰি গ'ল।

সময় বাগৰি গ'ল। এদিন সঁচাকৈয়ে সিদ্ধাৰ্থ উভতি আহিল ৰাজহাউলীলৈ। কোনোবাই দৌৰি আহি যশোধৰাক ক'লেহি : শাক্য ওভটি আহিছে। মূহুৰ্তৰ বাবে যেন যশোধৰাই নিজৰ কান দুখনকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁ দৌৰি গ'ল। প্ৰচলিত নিয়ম অনুসৰি শাক্যই প্ৰথমে লগ ধৰিব পিতৃ শুদ্ধোধন আৰু পুত্ৰ ৰাহুলক। তাৰ পিছত পত্নী যশোধৰাক। অধীৰ আগ্ৰহেৰে যশোধৰাই অপেক্ষা কৰি ৰ'ল সিদ্ধাৰ্থলৈ।
অৱশেষত সিদ্ধাৰ্থ আহি যশোধৰাৰ কাষ পালেহি। বহুদিন আগতে অতৰ্কিতে সংসাৰৰ মায়া মোহ এৰি থৈ যোৱা সেই দেখনীয়াৰ ৰাজকুমাৰ সিদ্ধাৰ্থক চিনি পাবলৈ যশোধৰাৰ যেন অসুবিধা হ'ল এক্ষন্তেক ! কিছু অৰ্থপূৰ্ণ মৌন সময় অতিবাহিত হোৱাৰ পিছত ধীৰে ধীৰে অনুচ্চ কণ্ঠেৰে যশোধৰাই ক'লে -
: শুনিছো মানুহে এতিয়া তোমাক বুদ্ধ বুলি কয় !
: হয়, ময়ো শুনিছোঁ তেনেকৈয়ে। - সিদ্ধাৰ্থই বিনম্রতাৰে উত্তৰ দিলে।
: কিন্তু ইয়াৰ অৰ্থ কি বাৰু শাক্য ? - চকুত চকুথৈ যশোধৰাই সুধিলে।

: ইয়াৰ অৰ্থ জ্ঞানেৰে উদ্ভাসিত হোৱা। - সিদ্ধাৰ্থই ক'লে।
যশোধৰাই মিচিকিয়াঁই হাঁহিলে।
সিদ্ধাৰ্থই কৈ গ'ল : বুদ্ধ শব্দৰ অৰ্থ আলোকপ্ৰাপ্ত ব্যক্তি বা দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি।
: অৰ্থাৎ সংসাৰৰ পৰা আঁতৰি থাকি তুমি দিব্যজ্ঞানৰ অধিকাৰী হ'লা ? -যশোধৰাৰ প্ৰশ্ন।
সিদ্ধাৰ্থই তললৈ মুৰ কৰি সন্মতি সুচক ইংগিত দিলে।
: কিন্তু মোক এবাৰো নজনোৱাকৈ তুমি কিয় গুছি গ'লা সিদ্ধাৰ্থ ? মোৰ ওপৰত তোমাৰ ইমানখিনিও বিশ্বাস নাছিলনে ? - যশোধৰাই সুধিলে।
: মই তোমাক ধন্যবাদ জনাবলৈ আহিছো যশোধৰা। তোমাৰ ত্যাগ আৰু মহানতাৰ বাবেই মই আজি বুদ্ধ নামেৰে পৰিচিত হ'ব পাৰিছো। - অত্যন্ত বিনয়েৰে সিদ্ধাৰ্থই উত্তৰ দিলে।
: মই ভাবোঁ, এই সময়চোৱাত তুমি যেনেদৰে দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি হ'বলৈ শিকিলা, থিক তেনেদৰে ময়ো কিছু শিকিলোঁ।
সিদ্ধাৰ্থই আগ্ৰহেৰে সুধিলে : কি শিকিলা যশোধৰা ?
: তোমাৰ জ্ঞানে পৃথিৱীৰ মানুহৰ আত্মাক সমৃদ্ধ কৰিব আৰু মই লাভ কৰা জ্ঞান দূৰ্ভাগ্যৱশতঃ চিৰদিন মানুহৰ অজ্ঞাতেই ৰৈ যাব।
: কিন্তু কি সেই জ্ঞান যশোধৰা ? - সিদ্ধাৰ্থই পৰম কৌতুহলেৰে সুধিলে।
যশোধৰাৰ অশ্রুসিক্ত চকুযুৰি যেন হীৰাৰ দৰে জিলিকি উঠিল। সুদীৰ্ঘ বাৰটা বছৰৰ ক্ষোভে যেন আজি প্ৰকাশৰ বাট বিচাৰি পাইছে ! কৰুণ এটি হুমুনিয়াহ এৰি যশোধৰাই ক'লে : এগৰাকী সহনশীলা আৰু সাহসী নাৰীক নিজকে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ বাবে কোনো পুৰুষৰ সহায় নহলেও চলে……!
বুদ্ধৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। কোঠাটোত তেতিয়া কেৱল মৌনতাই বিৰাজ কৰিছিল।
(প্ৰসিদ্ধ লিখক Vikram Bhattacharyaৰ মূল ইংৰাজী লিখনি Metamorphosise : Buddha's wifeৰ আধাৰত প্ৰস্তুত কৰা এই লিখনিটো প্ৰতিগৰাকী নাৰীলৈ শ্ৰদ্ধা আৰু শুভকামনাৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি আগবঢ়ালোঁ। - প্ৰণৱজ্যোতি দাস)

Tuesday, 13 February 2018

ষ্টিফেন হকিঙৰ "সময়ৰ সংক্ষিপ্ত বুৰঞ্জী"


আধুনিক পদার্থবিজ্ঞানৰ এজন শ্রেষ্ঠ বিজ্ঞানী Stephen Hawkingৰ “A Brief History of Time” বা “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ কিতাপখন মহাকাশ বিজ্ঞান তথা মহাবিশ্ব সম্পর্কে এখন অন্যতম শ্রেষ্ঠ বৈজ্ঞানিক গ্ৰন্থ। এই গ্ৰন্থখন পদার্থবিদ্যা, জ্যোৰ্তিবিজ্ঞান আৰু মহাবিশ্ব সম্বন্ধে এক অমূল্য জ্ঞানৰ ভাণ্ডাৰ আৰু হকিঙৰ এই গ্ৰন্থখনি পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থবোৰৰ ভিতৰত অন্যতম। বহুতেই এই গ্ৰন্থখনৰ মূল ইংৰাজী প্ৰকাশনটো পঢ়িছে যদিও অসমীয়া ভাষালৈ এই গ্ৰন্থখনিৰ অনুবাদ হ'লে অসমীয়া "বিজ্ঞান সাহিত্যৰ" ভঁড়ালটো অধিক চহকী হ'ব। আজি ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ চমু সাৰংশ এটি আগবঢ়াব খুজিছোঁ।

প্ৰথম পৰ্ব : মহাবিশ্ব সম্পর্কে আমাৰ চিত্র

ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ প্ৰথম পৰ্বটো হ'ল Our Picture of the Universe । এই পৰ্বটোত আমাৰ মহাবিশ্ব মূলতঃ দেখাত কেনে ধৰণৰ - সেই বিষয়ে লিখিবলৈ গৈ হকিঙে বিজ্ঞানৰ আৰম্ভনি কালৰ পৰাই বিভিন্ন দার্শনিক তথা বিজ্ঞানীসকলে মহাবিশ্ব সম্পৰ্কে আগবঢ়োৱা বিভিন্ন ধাৰণা আৰু  তত্ববোৰৰ ওপৰত আলোকপাত কৰি সেইবোৰৰ কোনবোৰ সঠিক আৰু কোনবোৰ ভুল, সেই বিষয়ে আলোচনা কৰিছে। লগতে সময়ৰ লগেলগে আধুনিক বিজ্ঞানত মহাবিশ্ব সম্পৰ্কে কেনেদৰে নতুন নতুন ধাৰণাবোৰৰ উত্তৰণ ঘটে সেই বিষয়েও সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ প্ৰথম অধ্যায়ত সুন্দৰকৈ বৰ্ণনা কৰিছে।

দ্বিতীয় পৰ্ব : স্থান আৰু কাল 

সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ দ্বিতীয় অধ্যায় হ'ল Space and Time বা স্থান আৰু কাল। এই মহাবিশ্বৰ এটি গুৰুত্বপূর্ণ তথা বিস্ময়কৰ মাত্রাৰ নামেই হ'ল সময়।  এই পৰ্বটোত স্থান আৰু কালৰ মাত্রা কেনেদৰে একত্রিত হৈ "স্থান-কাল" সৃষ্টি হৈছে তথা স্থান আৰু কালৰ সহায়ত কেনেদৰে কোনো এটা বিশেষ ঘটনাৰ অৱস্থান ব্যাখ্যা কৰা সম্ভৱ সেই বিষয়ে সাৱলীল বৰ্ণনা পোৱা যায়। এই অধ্যায়টোত তেখেতে স্থান আৰু কালে পৰস্পৰে পৰস্পৰক কিদৰে প্রভাবিত কৰে সেই বিষয়েও সবিস্তাৰে লিখিছে। 

তৃতীয় পৰ্ব : প্রসাৰণশীল মহাবিশ্ব

প্রসাৰণশীল মহাবিশ্ব বা The Expanding Universe গ্ৰন্থখনৰ তৃতীয় পৰ্ব। মহানাদ বা বিগ বেঙৰ পৰাই মহাবিশ্বৰ আৰম্ভণি। তাৰ পিছৰে পৰাই এই মহাবিশ্ব যতিবিহীন ভাৱে কেৱল প্রসাৰিত হৈ আহিছে। বিজ্ঞানী সকলে কেনেদৰে  বিভিন্ন পৰীক্ষালব্ধ ফলাফলৰ সহায়ত প্রসাৰণশীল মহাবিশ্বৰ ধাৰণাটোক সত্য বুলি প্ৰমাণ কৰিছে সেই বিষয়ে ষ্টিফেন হকিঙে এই অধ্যায়ত সুন্দৰ ভাবে উপস্থাপন কৰিছে।

চতুৰ্থ পৰ্ব : অনিশ্চয়তাৰ নীতি

আধুনিক বিজ্ঞানলৈ হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ নীতি বা Uncertainty Principle এক উল্ল্যেখযোগ্য অৱদান। কোৱাণ্টাম বলবিদ্যাৰ এটি অবিচ্ছেদ্য অংশই হল অনিশ্চয়তাৰ নীতি। নিউটনৰ গতিবিজ্ঞান আৰু বলবিজ্ঞানৰ তত্বসমূহ আমাৰ দৈনন্দিন জীবনত সদায়ে দেখি অহা বৃহদাকাৰ বস্তুৰ ক্ষেত্রত অতিশয় কার্যকৰী, কিন্তু যেতিয়া আমি ইলেকট্রন, প্রটন বা ফোটনৰ দৰে অতি ক্ষুদ্র কণাৰ ক্ষেত্রত এই নীতিবোৰ প্ৰয়োগ কৰো, তেতিয়া নিউটনীয় বলবিদ্যা অচল হৈ পৰে। তেতিয়াই আমাক প্ৰয়োজন হয় আইনষ্টাইনৰ Theory of relativity বা আপেক্ষিকতাবাদৰ। এই অতি ক্ষুদ্র কণাৰ জগতত পিছে জটিল এক সমস্যা আছে, যাক আমি অনিশ্চয়তাৰ নীতি বুলিয়েই জানো। এই তত্ত্ব অনুযায়ী, অতি ক্ষুদ্র কণাৰ অৱস্থান আৰু গতি কেতিয়াও একেলগে বা একে সময়তে নির্ভুলভাবে গণনা কৰা সম্ভব নহয়। যদি কণাটোৰ গতি খুব সূক্ষ্মতাৰে নির্ণয় কৰা হয়, তেন্তে কণাটোৰ অৱস্থানৰ ক্ষেত্রত আহি পৰিব এক অনিশ্চয়তা। আনহাতে যদি কণাটোৰ অৱস্থান নির্ণয় কৰা হয়, তেনে অৱস্থানৰ নিৰ্ভুলতা বঢ়াৰ লগে লগে কণাটোৰ গতিৰ নির্ভুলতা দ্ৰুত ভাবে কমি যাব। কি কাৰণত পদাৰ্থৰ সূক্ষ্ম কণা এটাৰ এই বিশেষ দুটা পৰিমাপ নির্ভুলভাবে তথা একেলগে নিৰূপণ কৰা সম্ভব নহয়, সেই বিষয়ে হকিঙে তেখেতৰ গ্ৰন্থখনৰ চতুৰ্থ পৰ্বটোত সাৱলীল ভাবে বৰ্ণনা কৰিছে।

পঞ্চম পৰ্ব : মৌলিককণা আৰু প্রাকৃতিক বল

ইলেকট্রন, প্রটন বা নিউট্রনেই হ'ল পদাৰ্থৰ সর্বশেষ মৌলিক কণা -  এই ধাৰণাটো শুদ্ধ নহয়। প্ৰকৃততে  ইলেকট্রন, প্রটন বা নিউট্রনবোৰো আন কেতবোৰ ক্ষুদ্রতম কণাৰে গঠিত। এতিয়া মৌলিক কণাৰ তালিকাখন যথেষ্ঠ দীঘল য'ত ইলেকট্রন, প্রটন বা নিউট্রনৰ উপৰিও আৰু বহুতো ক্ষূদ্র ক্ষূদ্ৰ কণাৰ নাম পোৱা যায়। আধুনিক কণিকা বিজ্ঞানত আনকি এনে কিছুমান ন কৈ আবিষ্কৃত ক্ষূদ্র কণাৰ মাত্রা, যেনে দৈর্ঘ্য-প্রস্থ-উচ্চতা আদিবোৰ সঠিক ভাবে জুখি উলিওৱা হৈছে যাৰ মান দৃশ্যমান পোহৰৰ বৰ্ণালী সমূহৰ আটাইতকৈ ক্ষূদ্র তৰংগ দৈর্ঘ্যৰ বেগুনীয়া ৰঙৰ তৰংগ দৈর্ঘ্যতকৈও কম। হকিঙে এই অধ্যায়টোত লিখিছে যে চাৰিটা মূল প্রাকৃতিক বলে এই মহাবিশ্বখন নিয়ন্ত্রণ কৰি আছে। এই বল সমূহৰ কাৰণ হ'ল অতিশয় ক্ষূদ্র এই কণাসমূহ। এই প্রাকৃতিক বলবোৰৰ কোনটো কাৰ ওপৰত নিৰ্ভৰশীল তথা এই কণাবোৰৰ স্বৰূপ আৰু বৈশিষ্ট্যবোৰৰ সম্বন্ধেই  এই অধ্যায়ত বিতং ভাবে আলোচনা কৰা হৈছে।

ষ্ঠ পৰ্ব :  কৃষ্ণগহ্বৰ

এই মহাবিশ্বৰ এক বিষ্ময়কাৰী অংশ Black Hole বা কৃষ্ণগহ্বৰবোৰ। পোহৰৰ বেগতকৈও অধিক গতি সম্পন্ন কোনো কণা বা তৰংগৰ অবিহনে এই কৃষ্ণগহ্বৰবোৰ চিৰদিন মানুহৰ দৃষ্টিৰ অগোচৰেই ৰৈ যাব। যদিও কৃষ্ণগহ্বৰ কেতিয়াও চকুৰে দেখা পোৱা সম্ভৱ নহয়, তথাপিও বিজ্ঞানী সকলে পৰোক্ষভাবে বিভিন্ন পৰীক্ষা আৰু গাণিতিক পদ্ধতিৰে এটি বৃহৎ আকাৰৰ তৰা বা নক্ষত্র জীবনৰ শেষ মূহুৰ্তত কিদৰে ইন্ধনৰ অভাৱত কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে বিভিন্ন তথ্য আৱিষ্কাৰ কৰিছে। আচৰিত হ'লেও এইটো সত্য যে এই কৃষ্ণগহ্বৰবোৰেই হ'ল মহাবিশ্বৰ এনে এক স্থান, য'ত বিজ্ঞানৰ সকলো সূত্র বা নিয়মেই অসাৰ। ইয়াকেই বিজ্ঞানৰ ভাষাত "সিঙ্গুলাৰিটি" বা অনন্যতা বুলি কোৱা হয়। সিঙ্গুলাৰিটিৰ ভিতৰৰ কোনো তথ্যই আমি নেপাম বা পাব নোৱাৰো। সিঙ্গুলাৰিটিৰ নিষেধাজ্ঞা স্বত্তেও মানুহৰ মস্তিষ্ক আৰু বিজ্ঞানে সন্মিলিত ভাবে কাম কৰি কিদৰে কৃষ্ণগহ্বৰৰ অস্তিত্ব ধৰা পেলাইছে সেই বিষয়ে বিস্তাৰিত ব্যাখ্যাৰে হকিঙে সজাই তুলিছে সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ এই ষষ্ঠ অধ্যায়টো।

সপ্তম পৰ্ব : কৃষ্ণগহ্বৰবোৰ ক'লা নহয়

হকিঙৰ ভাষাত Black Holes Ain’t So Black বা কৃষ্ণগহ্বৰবোৰ ক'লা নহয়। এই কথাটো প্রতীকী অর্থত ব্যবহাৰ কৰা হৈছে। পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ প্ৰচণ্ড আকর্ষণ বলৰ প্ৰভাৱত কৃষ্ণগহ্বৰত লীন হৈ যায়, সেই ৰশ্মিটো কৃষ্ণগহ্বৰৰ পৰা পুনৰ ওলাই আহিব নোৰাৰে। কিন্তু পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ ভিতৰত লীন নহৈ কৃষ্ণগহ্বৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰি ৰয়, সেই পোহৰৰ ৰশ্মিটোৰ আচৰণ কেনেকুৱা ? কৃষ্ণগহ্বৰৰ ভিতৰলৈ যিবোৰ বস্তু আৰু শক্তি প্রবেশ কৰিছে, সেইবোৰ বস্তু বা শক্তিৰ শেষ পৰিনতি কি ? সেইবোৰ বাৰু ধ্বংস হৈ গৈছে নে কৃষ্ণগহ্বৰৰ ভিতৰত স্থিতি লৈ সেইবোৰে কৃষ্ণগহ্বৰৰ শক্তি বৃদ্ধি কৰিছে ? এনে কেতবোৰ জটিল প্ৰশ্নৰ যথাযথ ব্যাখ্যাৰে হকিঙে তেখেতৰ গ্ৰন্থখনৰ সপ্তম পৰ্বটো সজাই তুলিছে।

অষ্টম পৰ্ব : মহাবিশ্বৰ উৎপত্তি আৰু শেষ পৰিণতি

এই অধ্যায়টোত বিস্তাৰিত ভাবে  সৃষ্টিৰ আদি মূহুর্তটো অর্থাৎ “বৃহৎ বিস্ফোৰণ” বা “Big Bang” তত্বটো ব্যাখ্যা কৰা হৈছে। কেনেদৰে অসীম ভৰ আৰু তাপমাত্রা সম্পন্ন “প্রায় শূন্য” আয়তনৰ পৰা অৰ্থাৎ  V → 0 ৰ পৰা আজিৰ এই মহাবিশ্ব সৃষ্টি হৈছে আৰু কেনেদৰে এই মহাবিশ্বৰ সমাপ্তি বা মৃত্যু ঘটিব, সেই বিষয়ে এই অধ্যায়টোত বৰ্ণনা কৰা হৈছে। মহাবিশ্বৰ সমাপ্তি কেনেদৰে ঘটিব, সেয়া নির্ভৰ কৰিছে মহাবিশ্বৰ কিছুমান জটিল সাংখ্যিক মানৰ ওপৰত। এই জটিল মানবোৰৰ ওপৰতেই নির্ভৰ কৰিছে যে এক প্ৰচণ্ড “মহা সংকোচন”ৰ মাধ্যমত এই মহাবিশ্ব ধ্বংস হ'ব নে অনন্ত কাললৈ আমাৰ মহাবিশ্বৰ সম্প্ৰসাৰণ ঘটিয়েই থাকিব।

নৱম পৰ্ব : সময়ৰ শৰ, ৱৰ্মহোল আৰু সময় পৰিভ্রমণ

আধুনিক পদার্থবিদ্যাত সময়ক দৈর্ঘ্য, প্রস্থ বা উচ্চতাৰ দৰেই এটি মাত্রা বা Dimension হিচাবে ধৰা হয়। কিন্তু পার্থক্য এই যে, আমি সময়ৰ মাত্রাত পৰিভ্রমণ কৰিব নোৱাৰো। তেন্তে সময়ৰ মাত্রাৰ স্বৰূপ কি ? সময় সদায় একমুখী হয়নে ? সময়ক পিছলৈ ঘূৰাই পঠিয়াব পাৰিনে অথবা সময়ৰ বোকোচাত উঠি সময়তকৈয়ো আগবাঢ়ি যোৱাটো সম্ভৱ হ'বনে ? সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিকোণেৰে সময়ৰ লগত জড়িত এনে জটিলতা সমূহ সমাধান কৰাৰ বিভিন্ন সম্ভাৱনা সমূহক বিষয়বস্তু হিচাবে লৈ এই অধ্যায়টো লিখি উলিওৱা হৈছে।

দশম পৰ্ব : পদাৰ্থবিজ্ঞানৰ একত্ৰিকৰণ

এই মহাবিশ্ব সম্পর্কে এটি স্বয়ংসম্পূর্ণ তত্ব প্রতিষ্ঠা কৰা কঠিন কাম। পদার্থবিজ্ঞানৰ মূল লক্ষ্য হ'ল, পদার্থবিদ্যাৰ বিভিন্ন অংশক ভাগ কৰি এটি চূড়ান্ত তত্ব প্রতিষ্ঠা কৰা, আৰু সেইবোৰৰ মাজত সমন্বয় ঘটোৱা। পদার্থ বিজ্ঞানৰ উৎকর্ষ সাধনৰ লগে লগে ই মহাবিশ্বৰ গতি, প্রকৃতি আৰু  আচৰণ নির্ধাৰণকাৰী তত্ব-সূত্রসমূহ আবিষ্কাৰ কৰি আহিছে। নিউটনৰ মহাকর্ষণ তত্ব আৰু সাধাৰণ গতিবিদ্যাৰ পিছত আহিল আইনষ্টাইনৰপোহৰৰ গতিৰ ধ্রুবক তত্ব, আপেক্ষিকতাবাদ আৰু তাৰপিছতেই তুলনা মূলকভাবে এটি নতুন তত্ব - কোৱাণ্টাম বলবিদ্যা। এই তত্ববোৰকেই একত্রিত কৰি মহাবিশ্বৰ ৰূপৰেখা পৰিষ্কাৰ ভাবে পাবলৈ এটা সাৰ্বজনীন বৈজ্ঞানিক তত্বৰ আবিষ্কাৰেই আধুনিক বিজ্ঞানৰ মূল লক্ষ্য।

মহাবিশ্বৰ মূল চাৰিটা বল হ'ল – মহাকর্ষীয় বল, দুর্বল নিউক্লীয় বল, সবল নিউক্লীয় বল আৰু বিদ্যুতচুম্বকীয় বল। এই চাৰিবিধ বলেই মহাবিশ্বৰ চূড়ান্ত নিয়ন্ত্রক। এই বলবোৰৰ কাৰণেই পদার্থ, শক্তি, গ্রহ, নক্ষত্রকে আদি কৰি সকলোবোৰ বৰ্তি আছে। এই চাৰিওটা বলৰ প্রকৃতি যেতিয়া একেলগে এটা মাত্ৰ তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হ'ব, তেতিয়াই সেই তত্বটোক এটা “মহান ঐক্যবদ্ধ তত্ত্ব” বা “Grand Unified Theory” বুলি কোৱা হ'ব। এই তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হৈ উঠিব মহাবিশ্বৰ প্ৰতিটো পৰিঘটনা।