Saturday, 21 March 2020

My Experience with WhatsApp Groups


They're the WhatsApp groups that have given me trauma. May be, in the middle of the night or early part of the morning, it is really irritating when you have too many messages coming up all the time. Frequent disturbances of the WhatsApp groups have compelled me to think - The olden days were the golden days with no WhatsApp woes. Chatting about something irrelevant is a common problem in most of the WhatsApp Groups. In recent time, I had blocked half my contact list in WhatsApp. But the rest, I simply cannot block because I have to deal with them in other aspects of life and communication. So, I need to keep those channels open. However, I have edited my WhatsApp privacy settings for security reasons.

I remember the days of "Pen Friends" Where we waited for weeks to hear back from a friend in New Delhi or Pune. I still remember booking "Trunk Calls" to talk to my father and waiting for hours to say “Hello". During that time our phones didn't have the STD and ISD service. However, my appeal for you is not to get me wrong. I’m a strong believer in technology and understand that internet has made the world a global village and a better place to live in. But who cares ! Nowadays, most of the WhatsApp groups are spreading misinformation ignoring the main motto of the WhatsApp Groups. This makes me to feel like praying God to save me from this hell of WhatsApp Groups. 

So far I have encountered with many different types of Group Members in the different WhatsApp Groups. Some of them are like.... 

1) THE INFORMANT : They provide the WhatsApp Group with all the latest news which either you have already read in the news papers or have seen on the television. Sometimes they will provide you some "news" based on false ideas in a brainstorming way. I don't know how he gets those information, because usually he just sits there and doesn't move around at all to validate the authenticity of the information he provided. 

2) THE THERAPIST : This person is too willing to offer you their expertise on what people should do with their lives. He would probably advise me that I should wear black shorts instead of blue. Unless you are a qualified psychotherapist or fancy designer, please stop plaguing the group with your nonsense. 

3) THE MEME SPAMMERS : They will flood the entire WhatsApp Group chat with memes. Other the poor members in the group chat have no choice of their own and  will only see your photos, memes and smileys. 

4) OVERENTHUSIASTIC REPLIER : This person replies to every single post or comment in the group chat. May be it relevant to him or not,  it doesn't matter. This person is probably essential why the WhatsApp has given us the “Mute Conversation” option was implemented for WhatsApp Group Chats. 

5) THE QUIET MEMBER : This is the person who never replies to your chat. You ask him for some advice or help, he will just "see" the message and will ignore you for sure.

Monday, 16 March 2020

বিখ্যাত লোকৰ অখ্যাত কথা


বিশ্ববিখ্যাত জ্যোতির্বিজ্ঞানী কার্ল ছেগান সৰুৰে পৰাই গ্রহ, নক্ষত্র আদিৰ প্রতি কৌতূহলী আছিল। এদিন শিশু কাৰ্ল ছেগান স্থানীয় এটা লাইব্রেৰীলৈ গ'ল। উদ্দেশ্য আছিল নক্ষত্ৰক বিষয়বস্তু হিচাবে লৈ লিখা কোনো বিজ্ঞান বিষয়ক কিতাপ সংগ্ৰহ কৰা। লাইব্ৰেৰীয়ান জনক উদ্দেশ্যি তেওঁ ক'লে : Excuse me sir!  Do you have any book containing information about the stars?


মিঠা হাঁহি এটা ওঠত সানি  লাইব্রেৰীয়ানজনে এখন কিতাপ কাৰ্ল ছেগানৰ হাতত তুলি দিলে। পৰম আনন্দেৰে কিতাপখন লৈ ছেগান ঘৰ পালেগৈ। আজৰি পৰত কিতাপখন পঢ়িবলৈ লৈ কাৰ্ল ছেগানে দেখিলে যে কিতাপখন দৰাচলতে সেই সময়ৰ হলিউডৰ Film Star সকলৰ এখন জীৱনী গ্রন্থহে !

Friday, 13 March 2020

ভিন্নগ্ৰহৰ প্ৰাণী, বৰিস্কা ইত্যাদি


২৩ বছৰীয়া এজন ৰাচিয়ান জাতিস্মৰ বালক। নাম ব'ৰিস্কা কিপ্রিয়ানোভিচ। তেওঁ দাবী কৰিছে যে তেওঁ প্ৰকৃততে মঙ্গল গ্রহৰ বাসিন্দা। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰৰ মাধ্যমত বৰিস্কাৰ ঘটনাটো প্রথমবাৰলৈ বিশ্ববাসীৰ সন্মুখত উপস্থাপন হয়। চৌদিশে হৈ চৈ লাগিল। তাৰমানে বৰিস্কা কি সঁচাকৈয়ে এজন ভিন্নগ্ৰহৰ প্ৰাণী, এজন এলিয়েন? 

এলিয়েন (Aliens) বুলিলে আমি ভিন্ন এখন মহাজগতৰ বা অন্য কোনো গ্ৰহৰ প্রাণী বুলিয়েই বুজো। অনেকেই ভিনগ্রহৰ প্রাণী বুলিলে কিন্তু মানুহৰ আকৃতিৰ প্রাণী বুলিয়েই ধাৰণা কৰিলেও এইবোৰ যিকোনো আকৃতিৰ প্রাণী বা উদ্ভিদ হ'ব পাৰে। ভিন্ন জগতৰ প্ৰাণীবোৰ একোটা সূক্ষ্ম অনুজীৱও হ'ব পাৰে অথবা সেইবোৰ আমাৰ দৰে কাৰ্বনযুক্ত জৈৱযৌগৰে গঠিত নহৈ ছিলিকন জাতীয় পদাৰ্থৰে তৈয়াৰী জীৱও হ'ব পাৰে। তাতোকৈ ডাঙৰ কথাটো হ'ল এই প্ৰাণীবোৰক জীৱন ধাৰণৰ বাবে অক্সিজেন বা পানীৰ প্ৰয়োজন নহ'বও পাৰে। 

যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিৱীৰ উপৰিও অন্যান্য গ্রহত জীৱনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল।

বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে. জে. ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল।

ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিৱীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতাঁৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গৱেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে।

NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল! বিজ্ঞানী সকলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ- উপগ্ৰহ সমূহত ইতিমধ্যে জীৱনৰ বাবে প্ৰয়োজনীয় বাতাবৰণৰ সম্ভেদ পাইছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতসকলে বহিঃবিশ্বত জীৱনৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই। ব্ৰহ্মাণ্ডৰ বিশালতাৰ মাজত জীৱন বিচাৰিহে পোৱা নাই। এইটো সত্য যে বিচাৰি নোপোৱা মানেই জীৱনৰ অনুপস্থিতি নুবুজায়। বিজ্ঞানী স্টিফেন হকিঙেও বহিঃবিশ্বত জীৱন আছে বুলিয়েই বিশ্বাস কৰি আহিছে।

সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানীসকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। 

পুনৰ উভটি আহিছো ২৩ বছৰীয়া ৰাছিয়ান যুৱক বৰিস্কাৰ কাহিনীটোলৈ। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰখনে সমগ্ৰ বিশ্বতেই তোলপাৰ সৃষ্টি কৰাৰ সময়তে সংবাদ মাধ্যম, টেলিভিছন, বিভিন্ন পত্ৰিকাবোৰৰ লগতে বিজ্ঞান সমাজো বৰিস্কাক লৈ ব্যস্ত হৈ পৰিল। পিছে, কোন এই বৰিস্কা? 

১৯৯৬ চনত ৰাচিয়াৰ ভ'লগ্র'গ্রাড অঞ্চলৰ ভ্লযাই চহৰত বৰিস্কাৰ জন্ম। পৰিয়ালটোৰ পাঁচ গৰাকী ভাই ভনীৰ মাজত বৰিস্কা যেন কিছু ব্যতিক্রম। বৰিস্কাৰ মাতৃ পেশাত এগৰাকী় চিকিৎসক। তেওঁ বৰিস্কাৰ জন্ম মূহুৰ্তৰ ঘটনা সম্পর্কে বৰ্ণনা কৰি কৈছে, "বৰিস্কাৰ জন্ম ইমানেই এক দ্রুত প্ৰক্ৰিয়া আছিল যে মই কোনো প্রসৱ বেদনাই অনুভৱ নকৰিলোঁ। নাৰ্চে যেতিয়া শিশুটি মোৰ আগত দাঙি ধৰিছিল, তেতিয়া দেখিছিলোঁ যে বৰিস্কাই মোৰ পিনে এক পৰিপূর্ণ দৃষ্টিৰে চাই আছিল। এজন শিশুৰোগ বিশেষজ্ঞ হিচাবে মই ভালদৰেই জানো যে নবজাতক এজনে কেতিয়াও কোনো বস্তুৰ দিশে একে দৃষ্টিৰে এনেদৰে চাই থাকিব নোৱাৰে।"

হস্পিতালৰ পৰা ঘৰলৈ অহাৰ পিছত নৱজাতক বৰিস্কাৰ ধৰন-কৰণত অস্বাভাৱিকতা বৃদ্ধি হ'বলৈ ধৰিলে। মাত্র ১৫ দিন পাৰ হোৱাৰ পিছতেই বৰিস্কাই মাকৰ হাত বা আঙুলিত দৃঢ় ভাবে ধৰিব পৰা হৈছিল। সাধাৰণতে বৰিস্কাই নেকান্দিছিল, আনকি তাৰ দেহত কোনো ৰোগেও আক্ৰমণ কৰা নাছিল। মাত্র ৮ মাহ বয়সতেই বৰিস্কাই স্বাভাবিক মানুহৰ দৰেই কথা ক'ব পৰা হৈছিল। ২ বছৰীয়া জন্মদিনৰ থিক পিছতেই বৰিস্কাই ৰঙচুৱা, নীলা আৰু বেগুনীয়া ৰঙৰ সংমিশ্রণত এনে কিছুমান অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰে যে সেইবোৰ দেখিলে এনে লাগে যেন কোনো পৰিপক্ক চিত্ৰশিল্পীয়ে হে ছবিবোৰ আঁকি থৈ গ'লহি চিত্ৰপটত। পিতৃ মাতৃ কিছু আচৰিত হ'ল। এইবাৰ  তেওঁলোকে বৰিস্কাক লৈ গ'ল  চাইক'লজিষ্টৰ ওচৰলৈ। চাইক'লজিষ্টৰ মতে এয়া অস্বাভাৱিক নহয়। শিশুটিয়ে খুব সম্ভব তাৰ আশে পাশে যাক দেখিছে তেওঁ তাকেই আঁকিছে।

সময় বাগৰি আৰু এবছৰ পাৰ হ'ল। বৰিস্কাৰ বয়স ৩ বছৰ হোৱাৰ লগে লগে এইবাৰ বৰিস্কাই পিতৃ-মাতৃৰ আগত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনী ক'বলৈ আৰম্ভ কৰে। আচৰিত ভাবে বৰিস্কাই ক'ব পাৰিছিল আকাশত দেখা পোৱা অগণন গ্রহ নক্ষত্ৰৰ লগতে সৌৰজগতৰ গ্ৰহবোৰৰ প্ৰায় কেইটা উপগ্রহৰ নাম, গেলাক্সীৰ নাম আৰু অন্যান্য। ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ" নামৰ তথ্যচিত্ৰখনত বৰিস্কাৰ পিতৃ মাতৃয়ে উল্ল্যেখ কৰিছে যে : "আমি প্রথমে খাইছিলোঁ। বৰিস্কাই কোৱা গ্ৰহ নক্ষত্ৰ আদিৰ কথাবোৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি নিজে জোতির্বিজ্ঞানৰ কিতাপ সংগ্ৰহ কৰি সেইবোৰ অধ্যয়ণ কৰি পালো যে বৰিস্কাই দিয়া তথ্যবোৰ ১০০ শতাংশই শুদ্ধ।" 

২০০৪ চনত বৰিস্কাৰ কথা প্রথমবাৰলৈ ৰাচিয়াৰ বিজ্ঞানীসকলৰ কাণত পৰে। "ৰাচিয়ান একাডেমী অফ চায়েন্স"ৰ অধীনস্থ "ইনষ্টিটিউট অফ আর্থচ মেগেনটিসম এণ্ড ৰেডিঅ ৱেভচ"ৰ বিশেষজ্ঞ বিজ্ঞানীসকলৰ এটি দলে বৰিস্কাক সাক্ষাৎ কৰি তেওঁৰ পেৰানৰ্মেল ধৰন-কৰণ সমূহ তন্ন তন্নকৈ অধ্যয়ন কৰি ৰায় দিয়ে যে বৰিস্কা দৰাচলতে অসম্ভৱ বুদ্ধিমত্তাৰ অধিকাৰী এজন শিশু। এই সম্পর্কত বিজ্ঞানীৰ দলটোৰ এজন সদস্য প্ৰফেচাৰ ভ্লাডিনাভ লিউগোভেনকোৱে কয় যে, "এটা থিয়ৰী আছে যাৰ মতে মানুহৰ দুই ধৰণৰ মেমৰী বা স্মৃতি আছে। সেয়া হ'ল ৱৰ্কিং মেমৰী আৰু ৰিমোট মেমৰী। মানুহৰ মগজুৰ সবাতোকৈ উল্লেখযোগ্য ক্ষমতা হ'ল অভ্যন্তৰীণ ভাবে অথবা বাহ্যিক ভাবে আর্জিত কোনো অভিজ্ঞতা, আবেগ বা চিন্তা ভাবনাবোৰক এক তথ্য কেন্দ্রত জমা কৰি ৰাখিব পাৰে। বেছিভাগ মানুহৰ ক্ষেত্ৰত এই তথ্যবোৰ মগজুৰ কৌটি কৌটি নিউৰণৰ মাজত হেৰাই যায়। কেতিয়াবাহে এনে দুই এজন লোক পোৱাটো সম্ভৱ হয়, যিসকলে এই পুৰণি তথ্য সমূহ মগজুৰ পৰা পুনৰোদ্ধাৰ কৰিব পাৰে। বৰিস্কা তেওঁলোকৰ মাজৰেই এজন"।

বৰিস্কা এতিয়া এজন ২৩ বছৰীয়া যুৱক। জ্যোতিৰ্বিজ্ঞান বিষয়ত তেওঁৰ জ্ঞানো অপৰিসীম। বিগত ২০১৫ চনত বৰিস্কাই সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰিছে। কাৰণ তেওঁ কৈছে যে প্ৰকৃততে তেওঁ হেনো মংগল গ্ৰহৰ বাসিন্দা। তেওঁৰ মতে মংগল গ্ৰহৰ বুকুত এতিয়াও উন্নত মানৰ জীৱন আছে। ভয়ানক ৰসায়নিক যুদ্ধৰ কবলত পৰি মংগল গ্ৰহৰ পৰিবেশ বিনস্ত হোৱাত মংগলৰ শতকৰা ৯০ ভাগ জীৱনৰ বিলুপ্তি ঘটিলেও বৰ্তমানেও মংগল গ্ৰহৰ মাটিৰ তলত জীয়াই আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত পাৰ্গত জীৱকুল। তেওঁৰ মতে মংগল গ্ৰহৰ জীৱই বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইদৰ সহায়তেই শ্বাস কাৰ্য সম্পাদন কৰে। এই জীৱবোৰ পৃথিৱীৰ মানুহতকৈ আকাৰত ওখ আৰু শক্তিশালী। মংগলৰ জীৱবোৰৰ বৃদ্ধি আৰু বিকাশ জীৱটোৰ ৩৫ বছৰলৈ হয় আৰু তাৰপিছত তেওঁলোকৰ কোনো পৰিবৰ্তন নহয়। তেওঁলোক প্ৰযুক্তিৰ দিশত ইমানেই আগবঢ়া যে পৃথিৱীবাসীৰ অজ্ঞাতে ইতিপূৰ্বে একাধিকবাৰ তেওঁলোক পৃথিৱীলৈ আহিছে আৰু পৃথিৱীৰ মানুহৰ মাজত এতিয়াও বহুকেইজন মংগল গ্ৰহৰ বাসিন্দা আছে !!

বৰিস্কাই জনাইছে যে পূর্বে তেওঁ নিজেও মংগল গ্ৰহৰ এজন মহাকাশচাৰী পাইলট আছিল। সেই সময়ত তেওঁ নিজেও পৃথিবীলৈ আহি যাৱতীয় কাম কাজবোৰ সম্পন্ন কৰি সুকলমে ঘূৰি গৈছিল। কিন্তু বিগত ১৯৯৬ চনত তেওঁ অন্তিম বাৰলৈ যেতিয়া পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ এক দুৰ্ঘটনাত  পতিত হৈ মৃত্যুমুখত পৰে। আৰু তাৰপিছত তেওঁ ৰাচিয়াত বৰিস্কা হিচাবে জন্মগ্ৰহন কৰে।

জীৱিত কালত চাৰ ষ্টিফেন হকিঙেও বৰিস্কাৰ প্রতিভাৰ বিষয়ে অৱগত হৈছিল। বিশ্বব্ৰহ্মাণ্ড সম্বন্ধে বৰিস্কাৰ জ্ঞানৰ প্রশংসাও কৰি গৈছে হকিঙে। তেখেতে কৈছিল, "বৰিস্কা মংগল গ্রহৰ বাসিন্দা নে পৃথিবীৰ বাসিন্দা, সেইটো ডাঙৰ কথা নহয়। কিন্তু বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে তেওঁৰ যি জ্ঞান সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। সাম্প্ৰতিক সময়চোৱাত বৰিস্কা নাছাকে আদি কৰি বিশ্বৰ বিভিন্ন বিজ্ঞান মহলত এক বহুল ভাবে চৰ্চিত নাম। বিজ্ঞানীসকলেও বৰিস্কাক লৈ বিভিন্ন গৱেষণা চলাই আছে। বৰিস্কাৰ তথ্যসমূহ বা মংগল গ্ৰহৰ বাসিন্দা বুলি তেওঁ দাবী কৰা ধৰণেই কথাটোৰ যুক্তিযুক্ততাৰ সন্দৰ্ভত এতিয়ালৈ বিজ্ঞানীসকলে কোনো মত পোষণ কৰা নাই। সমগ্ৰ বিশ্বৰ অগণন জনতাই এতিয়া অপেক্ষা কৰি আছে বিজ্ঞানী সকলৰ মুখলৈ চাই। হয়তো অচিৰেই আমি গ'ম পাম যে বৰিস্কা সঁচাকৈয়ে এলিয়েন নেকি? নে বৰিস্কা নিজেই এজন মানুহক বিভ্ৰান্ত কৰিব পৰা এক মনে সজা কাহিনীৰ এক কাল্পনিক চৰিত্ৰ !!!

বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ? হয়তো এদিন সময়ে প্ৰকৃত সত্যৰ সম্ভেদ নিশ্চয় দিব।

(৩য় বৰপেটা গ্ৰন্থ উৎসৱ, ২০২০ৰ স্মৃতিগ্ৰন্থ "হাৰিজান"ত প্ৰকাশিত। -প্ৰণৱজ্যোতি দাস, টংলা)

https://youtu.be/gBrBArneAuA

Thursday, 5 March 2020

বিৱর্ণ বিন্দুসদৃশ নীলা ৰঙৰ গ্ৰহটো


নাছাই উক্ষেপণ কৰা ভয়েজাৰ-১ মহাকাশযানখন ১৯৯০ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা যেতিয়া ঘণ্টাত ৬২,১৪০ কিঃমিঃ বেগত সৌৰজগতৰ সীমনা এৰি আন্তঃনাক্ষত্রিক শূণ্যতাৰ মাজত প্রৱেশ কৰিবলৈ ওলাল, ঠিক সেই সময়তেই প্ৰসিদ্ধ জ্যোতির্বিজ্ঞানী কার্ল সেগানে নাছাৰ বিজ্ঞানীসকলক উদ্দেশ্যি ভয়েজাৰ-১ক মাত্ৰ শেষ এবাৰৰ বাবে পৃথিবীৰ দিশলৈ ঘূৰাই পৃথিৱীক অন্তিম দৰ্শণ কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। নাছাই তেওঁৰ অনুৰোধ ৰক্ষা কৰি ভয়েজাৰ-১ক মাত্র এবাৰৰ বাবে পৃথিৱীৰ দিশলৈ উভতি চোৱাৰ ব্যৱস্থা কৰি দিয়াত ভয়েজাৰে ৬০০ কৌটি কিঃমিঃ দূৰৰ সৌৰজগতৰ শেষ সীমনাৰ পৰা পৃথিৱীৰ এখন ছৱি তোলে আৰু তাৰপিছতেই সৌৰজগতৰ সীমাৰেখা অতিক্ৰম কৰি মানুহৰ দ্বাৰা নিৰ্মিত সৰ্বপ্ৰথম কোনো বস্তু হিচাবে আন্তঃনাক্ষত্রিক শূণ্যতাৰ মাজলৈ গুছি যায়। সৌৰজগতৰ শেষ সীমনাৰ সেই ৬০০ কৌটি কিমি দূৰৰ পৰা পৃথিৱীখন এটা বিৱর্ণ বিন্দু সদৃশ নীলা ৰঙৰ গ্ৰহ যেন লগা হৈছিল। কাৰ্ল সেগানৰ ভাষাত সেই বিখ্যাত ছৱিখনৰ নাম (Pale Blue Dot) "পেল ব্লু ডট" বা বিৱৰ্ণ নীলা বিন্দু।

"পেল ব্লু ডট" ছবিখন যিজনে দেখিছে তেওঁ জানে সুবিশাল গাঢ় অন্ধকাৰৰ মাজত কেইটিমান অনুজ্জ্বল পোহৰৰ ৰেখা আৰু তাৰ মাজত অস্পষ্ট, মলিন এটা ঈষৎ নীলা ৰঙৰ "বিন্দু"। সেই বিৱৰ্ণ বিন্দুটোৱেই ৭৫৩ কৌটি মানুহ আৰু অন্যান্য জীৱকুলে বসবাস কৰা আমাৰ এই মৰমৰ পৃথিবীখন। এই ছবিখনে মানৱ সভ্যতাক পৰিষ্কাৰকৈ বুজাই  দিছে যে সুবিশাল এই মহাজাগতিক পৰিমণ্ডলত মানুহৰ অৱস্থান অতি নগণ্য, তেনেই তুচ্ছ। তথাপিও, মৃত নক্ষত্রৰ অস্থিভষ্মৰ পৰা জন্ম হোৱা মানুহে জানিবলৈ আগ্ৰহ কৰে কিদৰেনো জন্ম হ'ল এই মহাবিশ্বৰ, কেনেকৈনো সংঘটিত হ'ল "বিগ বেং" নামৰ সেই  মহাবিষ্ফোৰণটো অথবা আছেনে কোনোবা অজানতিমুলুকৰ গ্ৰহ গ্ৰহান্তৰত মানুহ বা মানুহৰ দৰে আন কোনো জীৱিত প্ৰাণীৰ অৱস্থিতি ! পেল ব্লু ডট ছৱিখনে আনি দিয়া এনেবোৰ চিন্তাধাৰণাৰ আধাৰতেই মহাবিশ্বত মানবজাতিৰ ভৱিষ্যতক লৈ জ্যোতির্বিজ্ঞানী কার্ল সেগানে লিখি উলিয়াইছিল তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ "Pale Blue Dot: A Vision of the Human Future in Space"

১৯৯০ চনত ভয়েজাৰে সৌৰজগতৰ শেষ সীমাত উপনীত হৈ আন্তঃনাক্ষত্রিক শূণ্যতাৰ দিশে পাখি মেলি দিয়াৰ পিছত ২০০৪ চনৰ ১৭ ডিচেম্বৰত ভয়েজাৰ-১ পৃথিৱীৰ পৰা ১৪৬০,০০,০০,০০০ কিমি দূৰৰ "হেলিওপজ" নামৰ এটা অঞ্চলত প্রৱেশ কৰে। ইয়াৰ পিছত ২০১২ চনৰ ২৫ আগষ্টত ভয়েজাৰে হেলিওপজ অতিক্রম কৰি অন্ধকাৰ আন্তঃনাক্ষত্রিক মহাশূণ্যতাৰ এখন অজান জগতত প্রৱেশ কৰে। উৎক্ষেপনৰ ৪২ বছৰ ৫ মাহ ২৩ দিন পিছত, অৰ্থাৎ ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত ভয়েজাৰ-১ নামৰ মহাকাশ যানখনে পৃথিৱীৰ পৰা ২২২০,০০,০০,০০০ কিমি দুৰৰ মহাশূণ্যত অৱস্থান কৰিছে। নাছাৰ বিজ্ঞানীসকলৰ মতে ভয়েজাৰ-১ত সংলগ্ন বিদ্যুৎ উৎপাদক ৰেডিও আইছোটোপ জেনেৰটৰটো যদি সক্রিয় হৈ থাকে ভয়েজাৰৰ এই যাত্রা ২০২৫ চন পর্যন্ত অব্যাহত থাকিব। ভয়েজাৰে মানৱজাতিৰ মহাজাগতিক দৃষ্টিক সম্প্রসাৰিত কৰি আগুৱাই গৈ আছে।

১৯৭৭ চনৰ ৫ ছেপ্টেম্বৰত ভয়েজাৰ-১ উৎক্ষেপণ কৰা হৈছিল। ৭২২ কিলোগ্রাম ভৰৰ এই ৰোবটিক মহাকাশযানখনে সৌৰজগতৰ বাহিৰৰ অঞ্চল সমূহৰ ওপৰত বিভিন্ন গৱেষণা চলাই আহিছে।  ১৯৭৯ চনত বৃহস্পতি গ্রহ আৰু ১৯৮০ চনত শণি গ্রহৰ কাষেৰে পাৰ হৈ যাওঁতে এই মহাকাশ যানখনে বিভিন্ন তথ্যৰ যোগান ধৰিছে। ২০১৫ চনত ভয়েজাৰ-১ মহাকাশ যানখন সৌরজগতৰ শেষত নতুন এক স্তৰৰ সন্ধান পায়। পৃথিবীৰ পৰা প্রায় ১৭০০ কৌটি কিমি দূৰৰ এই স্তৰটোক নাছাৰ বিজ্ঞানী সকলে "চৌম্বকীয় বাট" নামেৰে নামাকৰণ কৰিছে। ২০১৬ চনৰ নভেম্বৰ মাহলৈ ভয়েজাৰ-১এ প্রায় ৩৯ বছৰ দুই মাহ ১৭ দিন ধৰি কেৱল আগবাঢ়ি গৈ আছে অজান এক প্ৰহেলিকাময় গভীৰ মহাশূণ্যৰ দিশে। তদুপৰি ভয়েজাৰে পৃথিবীৰ লগত নিৰৱচিন্ন ভাবে যোগাযোগ ৰক্ষা কৰি আহিছে। ভয়েজাৰ-১ৰ পৰা বর্তমান পৃথিবীলৈ খৱৰ আহি পাবলৈ সময় লাগে প্রায় ১৮ ঘণ্টা।

কার্ল সেগানে ১৯৯৪ চনত প্রকাশিত তেখেতৰ   "পেল ব্লু ডট প্লানেট: এ ভিছন অফ দ্য হিউমেন ফিউচাৰ ইন স্পেচ" শীৰ্ষক কিতাপখনত ৬০০ কৌটি কিলোমিটাৰ দূৰৰ পৰা তোলা বিন্দু সদৃশ পৃথিৱীৰ ছবিখন সম্পর্কে নানা ধৰণৰ ভাৱধাৰাক পৰিষ্কাৰ ৰূপত তুলি ধৰিছে। তেখেতৰ ভাষাত - "বিশাল দূৰত্বৰ পৰা পৃথিবীখনক এটা ক্ষূদ্ৰ বিন্দুতকৈ বেছি একো যেনেই নেলাগে। কিন্তু আমাৰ বাবে এই পৃথিৱীখন অনন্য। পৃথিৱীৰ লগতেই আমাৰ অস্তিত্বৰ প্ৰশ্নটোও জড়িত হৈ আছে। এইখন পৃথিবীকেই আমি ভাল পাইছো, আপোন কৰি লৈছোঁ অথবা মাতৃ বুলি শ্ৰদ্ধা কৰিছোঁ। এইখন পৃথিৱীৰ বুকুতেই আমি শইছৰ বীজ ৰোপন কৰি ভোক নিবাৰণ কৰিছোঁ আৰু জীৱন অতিবাহিত কৰিছোঁ। জীৱনৰ দুখ-কষ্ট, ধর্ম, আদর্শ, অর্থনীতি, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সকলোবোৰেই চৰ্চা কৰিছোঁ এই পৃথিৱীৰ বুকুতেই। এইখন পৃথিৱীতেই আমি কোনোবাজনে লুণ্ঠনকাৰী আৰু আন কোনোবাজনে ধ্বংসকাৰী হৈ ভাওনাৰ বচন আওৰাইছোঁ, য'ত অহৰহ ৰজা আৰু প্রজা, ধনী আৰু দুখীয়াই নিজৰ নিজৰ জীৱন নাটৰ অভিনয় কৰি গৈছে অহৰহ। প্রেমিক-প্রেমিকা, পিতৃ-মাতৃ, ৰোগী-নিৰোগী আদি সকলো মানুহৰ জীয়া সপোনবোৰে বাস্তৱতাৰ বাট বিচাৰি এইখন পৃথিৱীতেই পথভ্ৰষ্ট হয় প্ৰতিদিনে। নিষ্পাপ শিশুৰ পৰা আৰম্ভ কৰি পৰিব্রাজক, নীতিবান শিক্ষক, দুর্নীতিৰ বোকাত পোঁত যোৱা ৰাজনীতিবিদ, শিল্পী, বিজ্ঞানী সকলোৱে মিলি জীৱন অতিবাহিত কৰা এই সুন্দৰ পৃথিৱীখন কিন্তু মহাবিশ্বৰ বুকুত ধূসৰ ধূলিকণা সদৃশ এটা সামান্য বিন্দু মাত্ৰ। ভাবিলে আচৰিত লাগে যে ক্ষুদ্র এই নীলা ৰঙৰ বিন্দু সদৃশ পৃথিৱীখনৰ ক্ষুদ্র একোটি অংশ জয় কৰি মহান সম্ৰাট হোৱাৰ আশাৰে কিমান যে সম্ৰাট আৰু সেনাপতিয়ে তেজৰ নৈত হাত ধুইছে ……!"

Sunday, 1 March 2020

প্রেম, তেজস্ক্রিয়তা আৰু মেৰী কুৰী


পুনৰ নোবেল বঁটাৰ বাবে বিবেচিত হ'ল তেওঁ। কিন্তু আচৰ্যজনক ভাবে নোবেল কমিটিয়ে তেখেতক পত্ৰযোগে জনাই দিলে যে সন্মানীয় এই পুৰস্কাৰটো তেখেতে নিজে গ্ৰহন কৰিবলৈ ষ্টকহোমলৈ নহাই মঙ্গল। চিঠিৰ ভাষাত, "Please Don't Come to Stockholm…… !"

সেয়া ১৯১১ চন। ঘোষিত হৈছে নোবেল বঁটা বিজয়ী বিজ্ঞানীসকলৰ নাম। দ্বিতীয় বাৰৰ বাবে নোবেল বঁটাৰ বাবে মনোনীত হৈছে ফৰাছি বিজ্ঞানী মাৰিয়া স্ক্লডোস্কা কুৰীৰ নাম। নোবেল কমিটিৰ বৈঠক চলি আছে। কমিটিৰ কেইবাগৰাকী সদস্যৰ আপত্তি। মাত্র আঠ বছৰৰ ভিতৰত একেজন ব্যক্তিক দুবাৰ নোবেল বঁটা দিয়াৰ পক্ষপাতি নহয় তেওঁলোক। কিন্তু তেওঁলোকৰ আপত্তি নৰজিল। মেৰীৰ সপক্ষে যুক্তি অধিক মজবুত। ব্যক্তি নহয়, নোবেল বঁটা দিয়া হয় ব্যক্তি গৰাকীৰ কামক হে।

বঁটা বিতৰণৰ দিন কাষ চাপি অহাৰ লগে লগে চুইডেনৰ ষ্টকহোম চহৰত নোবেল কমিটিৰ বিষয়াবৰ্গৰ দিনে ৰাতিয়ে ব্যস্ততা বাঢ়ি আহিছে। ইতিহাসত প্ৰথম বাৰলৈ এগৰাকী বিজ্ঞানী দ্বিতীয়বাৰলৈ নোবেল বঁটাৰে সন্মানিত হৈছে। ১৯০৩ চনত ইতিমধ্যে তেজস্ক্ৰিয়তাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ফিজিক্সৰ নোবেল বঁটা পাইছে। আৰু এইবাৰ মনোনীত হৈছে কেমিষ্ট্ৰিত। ৰেডিয়াম আৰু পোলোনিয়াম নামৰ দুটা তেজস্ক্ৰিয় মৌলৰ আৱিষ্কাৰৰ বাবে তেওঁক পুনৰ দ্বিতীয় বাৰলৈ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। মাত্র আঠ বছৰৰ ব্যৱধানত দুবাৰকৈ বিজ্ঞানৰ দুটা পৃথক বিষয়ত নোবেল বঁটাৰে বিভূষিত এই গৰাকী বিজ্ঞানীয়ে নোবেল কমিটিৰ মহাসমাৰোহত নোবেল বঁটাৰ লগতে ৰাজসিক অভ্যর্থনা পাব বুলি বিজ্ঞসকলে গুণাগঁঠা কৰি থাকোতেই বিজ্ঞানী মাৰিয়া স্ক্লডোস্কা কুৰীৰ হাতত পৰিলহি নোবেল কমিটিৰ সেই পত্ৰখন……"We beg you to stay in France; no one can calculate what might happen here. I hope therefore, that you will telegraph that you do not wish to accept the prize before the Langevin trial shows the accusations about you are absolutely without foundation. Please Don't Come to Stockholm !"

ফ্ৰান্সৰ মিডিয়াবোৰেও মেৰী কুৰীৰ নোবেল বঁটাৰ খৱৰটোত বিশেষ উৎসাহ দিয়া দেখা নগ'ল। কাৰণ তেওঁলোকৰ হাতত আছিল আন এটা "হট ষ্টৰী" আৰু সেয়া স্বামীহাৰা মেৰী কুৰীৰ "অবৈধ প্রেম কাহিনী"। 

১৯০৫ চনৰ কথা। মেৰীৰ স্বামী বিজ্ঞানী পিয়েৰী কুৰী অসুস্থ। হাড়ৰ বিষ। বেছি সময় ক'তোৱেই স্থিৰে থাকিব নোৱাৰে। দুয়োখন হাতত ঘাঁ। ঘাঁবোৰ নুশুকায়। পত্নী মেৰীও অসুস্থ। তেওঁৰ অসুখো প্রায় এক ধৰণৰ। আচলতে দুয়োজনেই গৱেষণাগাৰত তেজস্ক্রিয়তাৰ ওপৰত কৰি অহা পৰীক্ষা নিৰীক্ষাবোৰৰ বাবে বেয়াকৈ আক্ৰান্ত। পিয়েৰীয়ে কৈছিল যে তেওঁলোকে পৰীক্ষা কৰা ৰসায়নিক পদাৰ্থ ৰেডিয়ামৰ তেজস্ক্রিয়তা ইউৰেনিয়ামতকৈ বহু গুণ বেছি। অথচ পিয়েৰীয়ে ৰেডিয়ামৰ তেজস্ক্ৰিয়তাৰ প্ৰভাব থকা নিজৰ নোটবুকবোৰ লগতে লৈ ফুৰিছিল। এইক্ষেত্ৰত মেৰীও কম নাছিল। কোটৰ পকেটত ৰেডিয়াম যৌগৰে ভৰা টেষ্টটিউব লৈ ঘূৰি ফুৰিছিল তেওঁ। তদুপৰি নিশা শোৱাৰ আগে আগে বিছনাৰ কাষত কিছু পৰিমানৰ ৰেডিয়ামৰ যৌগ ৰাখি থয় যাতে যৌগটোৰ পৰা নিৰ্গত তেজস্ক্ৰিয় বিকিৰণে তেওঁৰ শোৱনি কোঠাটো পোহৰাই ৰাখে !

১৯০৬ চনত পিয়েৰী বেছিকৈ অসুস্থ হৈ পৰিছিল। তথাপিও নিতৌ তেওঁ আহে গৱেষণাগাৰলৈ। স্বামী-স্ত্ৰী দুয়ো নিৰবচিন্ন ভাৱে গৱেষণাত মগ্ন হয়। সিদিনা ১৯০৬ চনৰ ১৯ এপ্রিল। পিয়েৰী কুৰী  গৱেষণাগাৰৰ পৰা ঘৰলৈ যাবলৈ ওলাল। শৰীৰটোও বৰ দুৰ্বল। মেৰীক অলপ জিৰনিৰ প্ৰয়োজন বুলি কৈ পিয়েৰী ৰাষ্টালৈ ওলাই গ'লহে মাথোন……অকস্মাতে এখন ঘোৰাগাড়ীয়ে মহতিয়াই লৈ গ'ল পিয়ৰীক। থিতাতে মৃত্যুমুখত পৰে তেওঁ। গৱেষণাগাৰৰ চকীদাৰজনে দৌৰি আহি মেৰীক দুঃসংবাদটো দিলে। পাগলীৰ দৰে ৰাজপথলৈ দৌৰি গৈ পিয়েৰীৰ নিথৰ দেহটো সাৱটি লৈ কান্দিব ধৰিলে তেওঁ…।

স্বামী পিয়েৰী কুৰীৰ মৃত্যুৰ পিছত একেবাৰেই ভাঙি পৰিছিল মেৰী। অৱশ্যে কিছুদিন পিছত পদার্থ বিজ্ঞানী পল ল'জেভৰ লগত মেৰীৰ বন্ধুত্ব গঢ়ি উঠিছিল। পল ল'জেভ আছিল মেৰীৰ স্বামী পিয়েৰীৰ মৰমৰ ছাত্র। পল বিবাহিত আৰু সন্তানৰ পিতৃও। বয়সত তেওঁ মেৰীতকৈ পাঁচ বছৰমান সৰু। পল ল'জেভৰ সান্নিধ্যত যেন মেৰীয়ে পুনৰ জীৱনৰ মূল ধাৰালৈ উভতি আহিল ! সময় আগুৱাৰ লগে লগে দুই বিজ্ঞানীৰ বন্ধুত্বই প্রণয়ৰ ৰূপ ল'বলৈ আৰম্ভ কৰে।

মেৰীৰ কর্মক্ষেত্র Sorbonne Universityৰ সমীপতেই এটা ঘৰত ভাৰাতীয়া হিচাবে থাকিব লৈছিল পদাৰ্থ বিজ্ঞানী পল ল'জেভ। পৰিয়ালৰ পৰা আঁতৰত থকা নিসংগ পলৰ ভাৰা ঘৰলৈ আহি মাজে সময়ে মেৰীয়ে সময় কটাইছিলহি। মেৰীয়ে পললৈ কিছু চিঠিও লিখিছিল য'ত কিছুমান আবেগঘন অন্তৰঙ্গ বিষয়ে ঠাই পাইছিল। লাহে লাহে পলৰ স্ত্রী জেনিয়ে কথাবোৰ গম পালে।আনকি জেনিৰ হাতত মেৰীয়ে লিখা চিঠিবোৰো পৰিলহি। ক্রোধান্বিত জেনিয়ে মেৰীক যথেষ্ঠ ককৰ্থনা কৰাৰ উপৰিও হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। তাৰপিছত…… 

দুই বিজ্ঞানী পল আৰু মেৰীৰ প্ৰেম কাহিনী গোপন হৈ নাথাকিল। সকলোবোৰ তথ্য গৈ সংবাদ মাধ্যমৰ হাতত পৰিলহি। সংবাদ মাধ্যমেও ৰঙ সানি তিলটোকে তাল কৰি খবৰ কাগজত  "হট ষ্টৰী" প্ৰকাশ কৰাৰ প্ৰতিযোগিতাত নামি পৰিল। এখন সংবাদ পত্ৰই এখাপ আগুৱাই গৈ পলৰ স্ত্ৰী জেনিৰ সাক্ষাতকাৰৰ লগতে মেৰী কুৰীয়ে পললৈ লিখা এখন চিঠিও ছপা কৰিলে। ৰাজনৈতিক হাতোৰাত বন্দী খবৰ কাগজত বাতৰি ওলাল - মেৰী কুৰী ফৰাছী নাগৰিক নহয়, বৰং পোলেণ্ডৰ এগৰাকী বিদেশিনী, অহঙ্কাৰী নাৰী। আনকি মার্কিন খবৰ কাগজতো সাংবাদিক গুস্তেভো টেৰিয়ে মেৰীক আক্রমণ কৰি লিখিছিল - "আনৰ সংসাৰত জুই লগোৱা মেৰী কুৰী এগৰাকী নষ্ট নাৰী। পিয়েৰী কুৰী জীৱিত হৈ থকাৰেই পৰা মেৰী আৰু পলৰ মাজত অবৈধ সম্পৰ্ক আছিল। আৰু এই কথাবোৰ গম পাই পিয়েৰীয়ে আত্মহত্যা কৰে……!"

বাতৰি কাকতে যোগান ধৰা এই সস্তীয়া ইন্ধনবোৰে জনতাক উত্তেজিত কৰি তোলে। উত্তেজিত জনতাই মেৰী কুৰীৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰাত লাগি গ'ল। বিভিন্ন স্ল'গান আৰু অশ্রাব্য গালি গালাজেৰে মেৰী আৰু তেওঁৰ কম বয়সীয়া সন্তান কেইটিৰ জীৱন একপ্ৰকাৰ দুৰ্বিসহ কৰি তুলিলে ফ্ৰান্সৰ জনতাই।

জেনিৰ পৰা পোৱা হত্যাৰ ভাবুকি, জনতাৰ বিক্ষোভ, ভয় আৰু হতাশাই মেৰী কুৰীক বিপর্যস্ত কৰি তুলিছিল। গৱেষণা, চাকৰি সকলো এৰি ফ্ৰান্স এৰি গুছি যোৱাৰ কথাই ভাবিবলৈ আৰম্ভ কৰিছিল মেৰীয়ে। তেনেতে বিজ্ঞানী পল ল'জেভে শক্তিশালী ভূমিকা গ্ৰহন কৰি সংবাদ মাধ্যমক মুকলি প্ৰত্যাহ্বান জনালে। আনকি তেওঁ কাকতৰ সাংবাদিক টেৰিক শাৰিৰীক ভাবে যুদ্ধলৈও আহ্বান কৰিলে। মুঠতে পৰিস্থিতি অতি স্পৰ্শকাতৰ হৈ পৰিছিল। এনেবোৰ পৰিস্থিতিৰ বাবে মেৰী কুৰীয়ে দ্বিতীয়বাৰৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰবোৰ বাতৰি কাকতত ছপাই নহ'ল। 

তেনে সময়তে ষ্টকহল্‌মৰ পৰা মেৰী কুৰীৰ হাতত পৰিলহি। চিঠিখনত লিখা আছিল যে নোবেল কমিটিয়ে মেৰী কুৰীৰ ব্যক্তিগত জীৱনৰ এই কথাবোৰ আগতে গম পালে তেওঁক দ্বিতীয়বাৰলৈ নোবেল পুৰস্কাৰ প্ৰদান নকৰিলেহেতেন। সেয়েহে ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মেৰী কুৰীক নাহিবলৈ জনোৱা হৈছে।

হতাশাই  বিপর্যস্ত কৰি ৰখা মেৰী কুৰী এইবাৰ নোবেল কমিটিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল। তেওঁ লগে লগেই চিঠিখনৰ উত্তৰত নোবেল কমিটিলৈ লিখিলে, "মহাশয়, এই নোবেল প্রাইজটো মোক দিয়া হৈছে পোলোনিয়াম আৰু ৰেডিয়াম আবিষ্কাৰৰ বাবে। আপোনালোকে নিশ্চয় এইটো জানে যে মোৰ গৱেষণা আৰু মোৰ ব্যক্তিগত জীৱনৰ মাজত কোনো সম্পর্ক নাই। মোৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি মোৰ গৱেষণাৰ মূল্যায়নত প্ৰভাব পেলাবলৈ আপোনালোকে কৰা এই প্ৰচেষ্টা অতি নিন্দনীয় আৰু নীতিগত ভাবেই ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মোক নেযাবলৈ আপোনালোকে যি আহ্বান জনাইছে তাক মই প্ৰত্যাখ্যান কৰিছোঁ আৰু যথা সময়ত মই অনুস্থানত উপস্থিত হৈ নিজ হাতেৰেই নোবেল বঁটাটো গ্ৰহন কৰিম।"

ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মেৰী গৈছিল আৰু নিজ হাতেৰে দ্বিতীয় বাৰলৈ নোবেল বঁটাটোও গ্ৰহন কৰিছিল। তদুপৰি বঁটা হাতত লৈ তেখেতে দিয়া বক্তৃতাত স্পষ্টভাবে ব্যাখ্যা কৰিছিল  যে এই বঁটাটো জ্ঞান, সাধনা, ত্যাগ আৰু কামৰ বিনিময়ত দিয়া হৈছে। লগতে তেওঁ গৱেষণাৰ সময়ত তেওঁৰ স্বামী পিয়েৰীৰ মূল্যবান অৱদান খিনিৰ বিষয়েও উল্ল্যেখ কৰে। 

দ্বিতীয়বাৰ নোবেল বঁটা লৈ ওভটাৰ পিছত অসুস্থ হৈ চিকিৎসালয়ত ভর্তি হ'ব লগা হয় মেৰী। তেজস্ক্রিয় পদার্থৰ ওপৰত মাত্রাধিক কাম কৰাৰ ফলত তেওঁৰ দেহত বিভিন্ন উপসৰ্গই দেখা দিছিল। মেৰীৰ অসুস্থতাৰ খৱৰ সংবাদ মাধ্যমৰ পৰা গোপনে ৰখা হৈছিল। কিন্তু আহুকানে পহুকানে খৱৰ গৈ সংবাদ মাধ্যম পালেগৈ। এইবাৰ খৱৰ ওলাল যে মেৰী গর্ভৱতী। তেওঁ ল'জেভৰ অবৈধ সন্তানৰ মাতৃ হ'বলৈ ওলাইছে ! সংবাদ মাধ্যমৰ এনে বাতৰিবোৰে মেৰীক যথেষ্ঠ মনোকষ্ট দিছিল আৰু তেওঁ চূড়ান্ত ভাৱে ডিপ্রেচনত ভূগিবলৈ আৰম্ভ কৰিছিল। আনকি তেওঁ আত্মহত্যাৰ চেষ্টাও কৰিছিল। ইতিমধ্যে জেনিৰ লগত পলৰ আইনী বিচ্ছেদ হৈছিল যাৰবাবে মেৰীয়ে কিছু অপৰাধ বোধতো ভূগিছিল। অৱশ্যে পলৰ লগত তেওঁৰ বন্ধুত্ব অটুট আছিল। 

সমাজৰ বিভিন স্তৰৰ বাধা নেওচি বিশেষকৈ সেই সময়ৰ ফ্ৰান্সৰ কট্টৰ পুৰুষতান্ত্রিক সমাজৰ কুৎসা সাহসেৰে অতিক্ৰম কৰি এই গৰাকী মহিয়সী নাৰীয়ে বাধাক বুঢ়া আঙুলি দেখুৱাই অবিৰত ভাৱে আগবাঢ়ি গৈছিল নিজৰ কৰ্মক্ষেত্ৰত। ১৯৩৪ চনৰ ৪ জুলাই তাৰিখে তেজস্ক্ৰিয়তাৰ প্ৰভাৱত হোৱা aplastic anemia নামৰ জটিল ৰোগত আক্ৰান্ত মেৰী কুৰী পৰলোক গামী হয়। মেৰী কুৰী বিজ্ঞানৰ জগতখনত এগৰাকী মহান বিজ্ঞানী হিচাবে চিৰকাল অমৰ হৈ ৰ'ব।
                       ©️প্ৰণৱজ্যোতি দাস©

Saturday, 29 February 2020

মঙ্গলৰ বুকুত হেৰাই যাব ওলোৱা ছোৱালীজনী


সকলো থিকে থাকিলে ১৯ বছৰীয়া তৰুণী এলিজা কাৰ্ছন ২০৩৩ চনত মঙ্গল গ্ৰহৰ বুকুত ভৰি দিয়া প্ৰথম গৰাকী মানুহ হ'ব। এই গৰাকী তৰুণী এলিজা কাৰ্ছন বৰ্তমান সময়ত নাছাৰ কনিষ্ঠতম সদস্যা। পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ সম্প্ৰতি কেৱল একমুখী টিকেটৰ ব্যৱস্থাহে কৰা আছে। মঙ্গল গ্ৰহৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ কোনো বন্দোবস্ত নাই। সেয়েহে নাছাই এলিজা কাৰ্ছনৰ পৰা তেওঁৰ সন্মতিক্ৰমে চুক্তিপত্ৰত স্বাক্ষৰ কৰাই লৈছে যে আগন্তুক ১৩ বছৰত, অৰ্থাৎ ২০৩৩ চন পৰ্যন্ত এলিজাই বিবাহ পাশত আৱদ্ধ হোৱা, সন্তান ধাৰণ কৰা অথবা সন্তান তুলি লোৱা ইত্যাদি কামবোৰ কৰিব নোৱাৰিব।

২০০১ চনৰ ১০ মাৰ্চত আমেৰিকাৰ লুইচিয়ানাত জন্মগ্ৰহন কৰা এলিজাই নেজানে তেওঁৰ জন্মদাতা মাক কোন। ছিংগ'ল পেৰেণ্ট হিচাবে পিতৃ বাৰ্ট কাৰ্ছনৰ তত্বাৱধানত একলা দুকলাকৈ বাঢ়ি অহা এলিজাই তিনি বছৰ বয়সতেই শিশু সকলৰ মনোৰঞ্জনধৰ্মী টেলিভিছনৰ অনুস্থান "দ্য বেকয়াৰ্ডিগানছ"ৰ "মিছন টু মাৰ্চ" শীৰ্ষক খণ্ডটো চায়েই প্ৰথম আকৰ্ষিত হৈছিল ৰঙচুৱা গ্ৰহ মঙ্গলৰ প্ৰতি। সেয়াই আৰম্ভণি। ৭ বছৰ বয়সত বাৰ্ট কাৰ্ছনে কন্যা এলিজাক লৈ গৈছিল আমেৰিকাৰ আলবামাত অৱস্থিত এটি স্পেচ কেম্পলৈ। সেই কেম্পৰ অভিজ্ঞতাই ৭ বছৰীয়া এলিজাক ইমানেই প্ৰভাৱিত কৰে যে তেওঁৰ মনোজগতত মহাকাশচাৰী হিচাবে মঙ্গল গ্ৰহলৈ উৰা মৰাৰ এক সপোনে হাহাকাৰ কৰিবলৈ আৰম্ভ কৰিলে। 

পিতৃ বাৰ্ট কাৰ্ছনে বুজিছিল যে এলিজাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ হ'লে তেওঁক মহাকাশ সম্বন্ধীয় বিভিন্ন জ্ঞান অর্জনৰ ব্যৱস্থা কৰোৱাৰ লগতে বিভিন্ন মহাকাশ মিচনবোৰ কিদৰে পৰিচালিত হয়, মাধ্যাকৰ্ষণহীন স্থানত জীৱন ধাৰণৰ পদ্ধতি আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব। সেয়ে দেউতাকে এলিজাক ২০০৮ চনত নাছাৰ তিনিটা ৰকেট উৎক্ষেপন কাৰ্যসূচী নিজ চকুৰে চাব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও তুৰ্কী আৰু কানাডাৰ স্পেচ কেম্পত প্ৰাথমিক প্ৰশিক্ষণ লাভৰ বাবে নামভৰ্তিও কৰাই দিয়ে।

২০১৩ চনলৈ ১২ বছৰীয়া এলিজাই নাছাৰ দ্বাৰা পৰিচালিত প্ৰায় আটাইকেইটা স্পেচ কেম্পত অংশগ্ৰহন কৰি নিজৰ বিচক্ষণতাৰ পৰিচয় দিয়ে। তদুপৰি সেই সময়তেই তেওঁ ৰ'বটিক্সৰ কৰ্মশালাতো অংশগ্ৰহন কৰি সফলতাৰে ৰৱট এটি সাজি উলিয়ায়। ইতিমধ্যে নাছাৰ কৰ্মকৰ্তা সকলে বুজি উঠিছিল এলিজা কাৰ্ছন সাধাৰণ শিশু নহয়। তেওঁলোকে এলিজাক মৰমতে এটি নামেৰে মাতিবলৈ ল'লে - "Blueberry"

নাছাৰ কৰ্মকৰ্তাসকলে মঙ্গল গ্ৰহৰ প্ৰতি এলিজাৰ স্বভাৱজাত আকৰ্ষণ দেখি মানুহৰ সাম্ভাব্য মঙ্গল অভিযানৰ মহাকাশচাৰী হিচাবে তেওঁক প্ৰশিক্ষণ দিয়াৰ বিষয়ে থিৰাং কৰিলে। বৰ্তমান এলিজাই নাছাৰ প্ৰশিক্ষণ কেন্দ্ৰত মহাকাশ সম্বন্ধীয় বিভিন্ন কঠিন প্ৰশিক্ষণৰ পাঠ লৈ আছে। তাৰমাজতেই তেওঁ মহাকাশচাৰী হ'বলৈ প্ৰয়োজনীয় আন এক অৰ্হতা হিচাবে পাইলটৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি সফল পাইলটৰ লাইচেঞ্চো লাভ কৰিছে। ২০৩৩ চনত যেতিয়া প্রথমবাৰলৈ মানুহ মঙ্গল অভিমুখে যাব, সকলো থিকে থাকিলে সেই  সময়ত ৩২ বছৰীয়া এলিজা কাৰ্ছন নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ উৎক্ষেপণ স্থলীৰ পৰা মঙ্গল অভিমুখে উৰা মাৰিব। 

এলিজাই ভালদৰেই জানে যে, যদিহে তেওঁ মঙ্গল অভিমুখে উৰা মাৰে, তেওঁ আৰু কেতিয়াও পৃথিৱীলৈ ঘূৰি নাহে। বৰং মঙ্গলৰ বুকুত তেওঁ কৰি যাব লাগিব নাছাৰ দ্বাৰা তেওঁৰ ওপৰত ন্যস্ত কৰা বিভিন্ন পৰীক্ষা নিৰীক্ষাবোৰ। এনে পৰীক্ষা নিৰীক্ষা আৰু গৱেষণালব্ধ তথ্যবোৰৰ শুদ্ধতা আৰু সফল বিশ্লেষণেই হয়তো এদিন মঙ্গল গ্ৰহক মানুহৰ বাবে বাসোপযোগী কৰি তোলাত সহায় কৰিব। অনাগত দিনবোৰত বিজ্ঞানীসকলে এলিজাক পৃথিৱীলৈ ওভতাই অনাৰ পৰিকল্পনাৰে কিবা উদ্যোগ লোৱাৰ সম্ভাৱনা নথকা নহয়। আমিও আশা কৰো যেন মানৱ সভ্যতাৰ হকে নিজকে উৎসৰ্গা কৰিবলৈ ওলোৱা এই গৰাকী তৰুণী পুনৰ সুকলমে উভতি আহক ধৰাৰ বুকুলৈ। অন্যথা…

হয়তো আৰু মাত্র ১৩টা বছৰ পিছতেই পৃথিৱীৰ পৰা ৭,৮৩,৪০,০০০ কিমি দুৰত, নিষ্প্ৰাণ মঙ্গল গ্ৰহৰ ৰঙচুৱা বালিৰে আৱৰি ৰখা প্ৰচণ্ড শীতল এখন মৰিচীকাময় মৰুভূমিত মানৱ সভ্যতাৰ ভৱিষ্যতৰ ঠিকনা বিচাৰি হেৰাই যাব এগৰাকী নিসংগ তৰুণী - যাৰ নাম এলিজা কাৰ্ছন…!

Thursday, 20 February 2020

৩৫২ দিনীয়া বছৰ আৰু ২৬ ঘণ্টাৰ দিনবোৰ


কেলিফর্নিয়াৰ ব'ডেগা মেৰিন গৱেষণাগাৰত প্ৰাচীন সামুদ্ৰিক প্রাণীৰ বিষয়ে গৱেষণা কৰি আছিল ৰিচার্ড বাৰকাৰ নামৰ বিজ্ঞানীজনে। তেখেতে "পলিপ" নামৰ এক শ্রেণীৰ জলজ প্ৰাণীৰ দেহৰ খোলাবোৰৰ কেলচিয়ামৰ তৰপত কেতবোৰ অতি সূক্ষ্ম বৃত্তাকাৰ গঠন দেখা পালে। প্ৰথমতে তেখেতে বিষয়টোত বেচি গুৰুত্ব দিয়া নাছিল যদিও বৃত্তাকাৰ গঠনবোৰে তেওঁক আকৰ্ষণ কৰিছিল। গৱেষণাৰ ফাঁকে ফাঁকে কিছু আজৰি সময় ওলালে তেওঁ পলিপবোৰৰ খোলাত থকা বৃত্তাকাৰ গঠনবোৰ অনুবীক্ষণ যন্ত্ৰেৰে লিৰিকি বিদাৰি চায়। এনেদৰে চাই থাকোতে তেওঁ লক্ষ্য কৰিছিল যে বয়স বঢ়াৰ লগে লগে খোলাৰ ওপৰত থকা বৃত্তাকাৰ ছাপবোৰৰ সংখ্যাও বাঢ়ি আহে। কথাটোৱে তেওঁক আচৰিত আৰু অনুসন্ধিৎসু কৰি তুলিলে। তেওঁ দেখিলে যে পলিপৰ খোলাবোৰত প্রতিদিনে একোটিকৈ নতুন বৃত্তাকাৰ ৰেখা সৃষ্টি হয়। অৰ্থাৎ এবছৰত পলিপবোৰৰ কেলচিয়ামযুক্ত খোলাবোৰত ৩৬৫ টা নতুন বৃত্তাকাৰ ৰেখা সৃষ্টি হয়।

কথাটোৱে বাৰকাৰক ইমানেই উৎসাহিত কৰি তুলিলে যে তেওঁ সমুদ্রৰ গভীৰ অংশৰ পৰা অধিক পৰিমাণৰ প্রাচীন পলিপ সংগ্ৰহ কৰি আনিলে। গৱেষণাগাৰত পৰীক্ষা কৰি তেওঁ পালে যে সংগ্ৰিহিত পলিপবোৰ  প্রায় ৮ কৌটি বছৰ আগৰ। তেওঁ এই পলিপবোৰৰ দেহৰ খোলাত থকা ৰেখাবোৰৰ গণনা কৰি দেখিলে যে এই খোলা বোৰত থকা ৰেখাৰ সংখ্যা গড়ে ৩৭৬ টাকৈ ! অর্থাৎ ৮ কৌটি বছৰ আগতে আজিৰ সময়ৰ পৰিমাপ অনুসৰি এবছৰত ১১ দিন বেছি আছিল অৰ্থাৎ এবছৰত ৩৭৬ দিন আছিল। যদি সেয়ে হয়, তেন্তে ৮ কৌটি বছৰ আগেয়ে ২০ ঘন্টাত পৃথিৱীৰ এটা দিন হৈছিল ! বিজ্ঞানী বাৰকাৰ ইমানেই কৌতুহলী হৈ পৰিল যে সমূদ্ৰৰ আৰু অধিক গভীৰতাৰ পৰা তাতোকৈ প্ৰাচীন পলিপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে। এই পলিপবোৰৰ দেহৰ কেলচিয়ামৰ  তৰপটোত এনে ৰেখাৰ সংখ্যা ৩৯৯, অর্থাৎ সেই সময়ত পৃথিৱীৰ এবছৰত ৩৯৯ দিন আছিল আৰু পৃথিৱীৰ এটা দিনৰ দৈৰ্ঘ আছিল প্রায় ২১ ঘণ্টা। 

এই পৰ্যবেক্ষণৰ অন্তত বিজ্ঞানী বাৰকাৰে ঘোষণা কৰে যে পৃথিৱীৰ দিনবোৰ ক্রমশ দীঘল হৈ গৈছে। যদিহে এইটো সঁচা তেন্তে অনাগত দিনবোৰত পৃথিৱীৰ এবছৰত দিনৰ সংখ্যা ৩৬৫ দিনৰ পৰা কমি গৈ ৩৫২ দিন আৰু পৃথিৱীৰ প্ৰতিটো দিনৰ মুঠ সময় হ'বগৈ ২৫ ৰ পৰা ২৬ ঘণ্টা ! 

সম্প্ৰতি কলোম্বিয়া ইউনিভাৰ্চিটিৰ গৱেষক বিজ্ঞানী ড° এলবাৰ্টো ছিলিনভেৰ্নো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী ড° ষ্টিফেন মায়াৰ্চেও এই বিষয়ত সহমত প্ৰদৰ্শন কৰিছে। গৱেষকদ্বয়ে ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানত ভূগৰ্ভৰ খনন কৰি প্ৰায় ১৪০ কৌটি বছৰ পুৰণি শিলাখণ্ড সংগ্ৰহ কৰিছে আৰু সেই নমুনাবোৰৰ সূক্ষ্ম পৰ্যবেক্ষণো কৰিছে। ইয়াৰ ফলত তেওঁলোকে ১৪০ কৌটি বছৰ আগৰ পৃথিৱীখনৰ ভৌগলিক সময়সীমা সম্পৰ্কে তথ্য লাভ কৰিছে। তদুপৰি তেওঁলোকে ইতিহাসত লিপিবদ্ধ হোৱা বিভিন্ন পুৰণি মহাজাগতিক পৰিঘটনা সমূহৰো বিশ্লেষণ কৰিছে। এই দুয়ো গৰাকী বিজ্ঞানীয়ে পৃথিৱী আৰু জোনবাইৰ মাজৰ সম্পৰ্কক লৈ এলানি গৱেষণাও সম্পন্ন কৰিছে। এই দীঘলীয়া গৱেষণাৰ অন্তত তেওঁলোকে প্ৰকাশ কৰে যে পৃথিৱীৰ আহ্নিক গতিৰ পৰিবৰ্তনৰ ফলস্বৰূপে পৃথিৱীৰ বছৰবোৰ ছুটি হৈ অহাৰ লগে লগে দিনবোৰ ক্ৰমে দীঘল হৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হিচাবে তেওঁলোকে জগৰীয়া কৰিছে আমাৰ মৰমৰ জোনবাইটোক। ক্ৰমে পৃথিৱীৰ পৰা আঁতৰি গৈ আছে আমাৰ জোনবাইটো !

জ্যোতির্বিজ্ঞানী সকলে গণনা কৰি পাইছে যে আজিৰ পৰা প্ৰায় ৪৫০ বিলিয়ন বছৰৰ আগত পৃথিবী সৃষ্টি হৈছিল। আনহাতে পৃথিৱীৰ উপগ্রহ জোনবাইৰ সৃষ্টি হৈছিল তাৰ ৫০ বিলিয়ন বছৰ পিছত। আচৰিত কথাটো হ'ল এই যে আজিৰ পৰা ৪০০ বিলিয়ন বছৰ আগত আমাৰ পৃথিৱী আৰু শিশু জোনবাইৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ২৫ হাজাৰ কিলোমিটাৰ ! তাৰপিছত ক্ৰমান্বয়ে জোনবাইটো পৃথিৱীৰ পৰা আঁতৰি গৈ থাকিল আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়েই আছে। 

পৃথিবীৰ কেন্দ্রৰ পৰা জোনবাইৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩৮৪,৩৯৯ কিলোমিটাৰ। জোনবাইৰ ব্যাস প্ৰায় ৩,৪৭৪ কিলোমিটাৰ আৰু ই পৃথিবীৰ ব্যাসৰ এক-চতুর্থাংশ। ব্যাসৰ এই অনুপাতিক পৰিমাপৰ সহায়ত সহজেই নিৰ্ধাৰণ কৰিব পাৰি যে জোনবাইৰ আয়তন পৃথিবীৰ আয়তনৰ ৫০ ভাগৰ ১ ভাগ মাত্ৰ। জোনবাইৰ আয়তন আৰু ভৰ দুয়োটাই পৃথিৱীৰ তুলনাত যথেষ্ঠ কম হোৱা বাবে ইয়াৰ মাধ্যাকর্ষণ বল পৃথিবীৰ মাধ্যাকৰ্ষণ বলতকৈ ছয় গুণ কম। জোনবায়ে প্রতি ২৭.৩২১ দিনত পৃথিবীৰ চৌদিশে এটা আবর্তন সম্পূৰ্ণ কৰে যদিও প্রতি ২৯.৫ দিনৰ মূৰতহে এটা চন্দ্র কলা সম্পূৰ্ণ হয়। সৌৰজগতত পৃথিবী, জোনবাই আৰু সূর্যৰ পাৰস্পৰিক জ্যামিতিক অৱস্থানৰ পর্যায়ক্রমিক পৰিবর্তনৰ কাৰণেই চন্দ্র কলাৰ এই পর্যানুক্রমিক আৱর্তন ঘটি থাকে। 

বেৰিকেন্দ্র নামৰ এক সাধাৰণ অক্ষ সাপেক্ষে পৃথিবী আৰু জোনবাইৰ ঘূর্ণনৰ ফলত যি মহাকৰ্ষণীয় আকর্ষণ বলৰ তথা অপকেন্দ্রিক বল সৃষ্টি হয় তাৰ পৰিনাম স্বৰূপে পৃথিবীত জোৱাৰ-ভাটা সৃষ্টি হয়। যেতিয়া দুটা মহাজাগতিক পদাৰ্থৰ এটাই আনটোক পৰিক্ৰমা কৰে, যেনে জোনবাই  যেতিয়া পৃথিৱীৰ চৌদিশে ঘূৰে তেতিয়া কেবল যে জোনবায়েহে পৃথিৱীৰ চৌদিশে ঘূৰে, তেনে নহয়। বৰং পৃথিৱী আৰু জোনবাই - দুয়ো এটাই আনটোৰ চৌদিশে এক নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি ঘূৰে। এই বিশেষ বিন্দুটোকেই মহাজাগতিক পদাৰ্থ দুটা যেনে পৃথিৱী আৰু জোনবাইৰ বেৰিকেন্দ্ৰ বা উমৈহতীয়া কেন্দ্ৰ বোলে। এই বেৰিকেন্দ্ৰ সাপেক্ষে পৃথিৱী আৰু জোনবাই দুয়ো পৰস্পৰে পৰস্পৰৰ চৌদিশে ঘূৰা বাবে পৃথিৱীৰ মহাসাগৰীয় জলৰাশিৰ ওপৰত জোনবাইৰ আকৰ্ষণ বল আৰু পৃথিৱীৰ অপকেন্দ্ৰিক বলে উমৈহতীয়া ভাবে কাম কৰে আৰু সমূদ্ৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। এই জোৱাৰ ভাটাই মহাকৰ্ষণীয় বলৰ কিছু শক্তি শোষণ কৰে আৰু তাৰ ফলশ্ৰুতিত পৃথিৱীৰ ঘূৰ্ণন গতিও কিছু পৰিমানে ধীৰ হৈ পৰে। 

সমূদ্ৰত সৃষ্টি হোৱা জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষে হোৱা পৃথিৱী আৰু জোনবাইৰ ঘূৰ্ণনে শোষিত কৰা শক্তিৰ পৰিনাম স্বৰূপে পৃথিবী আৰু জোনবাইৰ কক্ষপথৰ মাজত বিভব শক্তি হ্ৰাস পোৱাৰ উপৰিও ই পৃথিৱী আৰু জোনবাইৰ মাজৰ মহাকৰ্ষণ বলকো প্ৰভাৱিত কৰিছে। তদুপৰি ক্ৰমে স্তিমিত হৈ অহা পৃথিৱীৰ ঘূৰ্ণনৰ ফলত জোনবায়ে নিজৰ কক্ষপথত তুলনামূলক ভাবে বেছি দূৰ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত প্ৰতি বছৰে জোনবাই আমাৰ পৃথিৱীৰ পৰা প্ৰায় চাৰি ছেণ্টিমিটাৰ কৈ আঁতৰি যাব ধৰিছে। যেতিয়ালৈ পৃথিবীত জোৱাৰ-ভাটা থাকিব, তেতিয়ালৈ এই প্ৰক্ৰিয়া অব্যাহত হৈ থাকিব। আৰু এদিন আমাৰ জোনবায়টো পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ এক নতুন কক্ষপথেৰে পৃথিৱীৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব।

আচৰিত হ'লেও সত্য যে ইয়াৰ ফলত পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ লাহে লাহে ২৪ ঘণ্টাতকৈ বেছি হৈ আহিছে। বৈজ্ঞানিক সকলে হিচাব কৰি উলিয়াইছে যে বিগত এশ বছৰত পৃথিৱীৰ এটা সম্পূৰ্ণ দিনৰ দৈৰ্ঘ ১.৪ মিলি ছেকেণ্ডকৈ বাঢ়ি গৈছে। বিজ্ঞানী সকলৰ মতে ৮ কৌটি বছৰ আগতে পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ আছিল মাত্ৰ ২২ৰ ঘন্টা। কিন্তু জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষ উমৈহতীয়া ঘূৰ্ণনৰ বাবে অহা ৪ বা ৫ কৌটি বছৰৰ পিছত পৃথিৱীৰ একোটা সম্পূৰ্ণ দিন ২৬ ঘন্টীয়া হ'ব। এই হাৰত সৌৰদিনৰ দৈৰ্ঘ বাঢ়ি থাকিলে আগন্তুক ১০০ কৌটি বছৰ পিছত পৃথিৱীৰ এটা সৌৰদিন ৪০ ঘণ্টাৰ হ'বগৈ। অৰ্থাৎ ২০ ঘণ্টা দিন আৰু ২০ ঘণ্টা ৰাতি !

Sunday, 16 February 2020

মৰুভূমিত ঈশ্বৰৰ পদচিহ্ন


নামিবিয়াৰ মৰুভূমিৰ এক বিস্তৃৰ্ণ এলেকাত ঈশ্বৰৰ পদচিহ্ন। নামিবিয়াৰ বাসিন্দা সকলৰ বিশ্বাস, "নামিব" মৰুভূমিৰ ১৬০ বৰ্গ কিঃমিঃ জুৰি এক বিস্তৃৰ্ণ অঞ্চলত যেনিয়ে তেনিয়ে সিঁচৰিত হৈ আছে ঈশ্বৰৰ ৰহস্যময় খোজৰ চিনবোৰ !

বৃত্তাকাৰ অসংখ্য ভূমিৰূপৰ সমাহাৰ এই চিনবোৰ দৰাচলতে মৰুভূমিৰ মাজৰ আপেক্ষিক ভাবে ৰসাল আৰু উৰ্বৰ ভূমিৰ ওপৰত থকা কেতবোৰ এনে অংশ, য'ত কোনো ধৰণৰ ঘাঁহ বা গছ নাই। অথচ এই বৃত্তাকাৰ অংশবোৰৰ চৌপাশে আছে প্ৰচুৰ পৰিমানৰ তৃণ জাতীয় উদ্ভিদ। নামিবিয়াৰ থলুৱা লোকবিশ্বাস অনুসৰি এই চিনবোৰেই ৰহস্যময় ঈশ্বৰৰ পবিত্ৰ পদচিহ্ন।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আটলাণ্টিক মহাসাগৰৰ উপকূলত অৱস্থিত এখন মৰুভূমিৰ দেশ। দেশখনৰ নাম ৰিপাব্লিক অৱ নামিবিয়া। পৃথিৱীৰ বিশাল আৰু পুৰণি মৰুভূমি সমূহৰ মাজৰ অন্যতম "নামিব" মৰুভূমিৰ নামেৰেই এইখন দেশক নামিবিয়া বুলিও জনা যায়।

ঈশ্বৰৰ অস্তিত্ব যেনেদৰে প্ৰমাণ কৰিব নোৱাৰি বা তেনেদৰে ঈশ্বৰ নাই বুলিও প্ৰমাণ কৰিব নোৱাৰি৷ বিশ্বাস আৰু অনুভূতিৰে সংপৃক্ত এটি সত্বাই হ'ল ঈশ্বৰ। যুগ যুগ ধৰি মানুহৰ চিন্তা চেতনাই ঢুকি নোপোৱা কেতবোৰ প্ৰাকৃতিক অথবা অতি প্ৰাকৃতিক ঘটনাই মানুহৰ মনত ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসক জীয়াই ৰাখিছে। 

ঈশ্বৰৰ ধাৰণা সৃষ্টি হোৱাৰ বহু হেজাৰ বছৰ পিছত
যুক্তিবাদী তথা বিজ্ঞানমনস্ক ব্যক্তিসকলৰ প্ৰচেষ্টাত গঢ় লৈ উঠে বিজ্ঞানৰ ভেঁটি। বিজ্ঞানে বিশ্বাসতকৈ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰমাণভিত্তিক যুক্তিক সমাজ উত্তৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পক্ষে সদায় মাত মাতি আহিছে। বিভিন্ন সময়ত এই দুই ধাৰাৰ মাজত মতভেদৰো সৃষ্টি নোহোৱা নহয়। পিছে আমাৰ এই আলোচনাত ঈশ্বৰৰ অস্তিত্বক প্ৰত্যাহ্বান জনোৱাৰ কোনো মানসিকতা নাই। বৰং ঈশ্বৰৰ পদচিহ্নৰ আঁৰত থকা বৈজ্ঞানিক ব্যাখ্যাৰ বিষয়েহে ক'ব খুজিছো।

নামিবিয়াৰ মৰুভূমিৰ সেই বিশেষ অঞ্চলটোত মানুহৰ বসতি প্ৰায় নোহোৱাৰ দৰেই। ১৯২০ চনত প্রথম বাৰলৈ এই বৃত্তাকাৰ ভূমিৰূপবোৰ মানুহৰ দৃষ্টিগোচৰ হয় আৰু তাৰ পিছৰ পৰাই ঈশ্বৰৰ এই ৰহস্যময় পদচিহ্নবোৰৰ সত্য উদ্ঘাটনৰ বাবে বিজ্ঞানী সকলে অহৰহ চেষ্টা চলাই আহিছে। ২০১৩ চনলৈ একমাত্র নামিবিয়াৰ এই মৰুভূমিতেই এনে বিস্ময়কৰ বৃত্ত সদৃশ চিনবোৰ মানুহৰ দৃষ্টগোচৰ হ'লেওঁ ২০১৪ চনত সেই একে ধৰণৰ ভূমিৰূপ পশ্চিম অষ্ট্ৰেলিয়াৰ নিউমেন এলেকাতো দেখা পোৱা গ'ল। নামিবিয়াৰ জনবিশ্বাস অনুসৰি যি ভূমিৰূপক ঈশ্বৰৰ ভৰিৰ ছাপ বুলি কোৱা হয়, সেই একেবোৰ ছাপকেই আকৌ অষ্ট্ৰেলিয়াৰ নিউমেন অঞ্চলৰ বাসিন্দা সকলে "ড্ৰেগনৰ বিষাক্ত নিশ্বাস" বুলি কয়।

২০০৮ চনত বিজ্ঞানী এঞ্জেলিক জোবাৰ্টে  নামিবিয়াৰ মৰুভূমিৰ বিশেষ চিহ্নবোৰৰ ওপৰত গৱেষণা কৰি কয় যে, ইউফ'বিয়া ড'মাৰাণা নামৰ এক বিশেষ প্ৰজাতিৰ গাছৰ মৃত্যুৰ পিছত গছজোপাৰ দেহৰ পৰা নিঃসৃত এক বিশেষ টক্সিন মাটিত মিহলি হয় আৰু এই টক্সিনবোৰে মাটিৰ স্বাভাৱিক গুণাগুণ বিনস্ত কৰি তাত নতুন গছ জন্ম হোৱাত বাধা প্ৰদান কৰে। ফলত সেইস্থানত কেতবোৰ বৃত্তাকাৰ ৰিক্তস্থানৰ সৃষ্টি হয়। 

২০১২ চনত ন'ৰৱাৰ্ট জুৱাৰগিন্স অান এজন বিজ্ঞানীৰ মতে এই ধৰণৰ বৃত্তাকাৰ ভূমিৰূপবোৰৰ বাবে মৰুজ উঁই পোকবোৰেই জগৰীয়া। কাৰণ গৱেষণাৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে প্রতিটো এনে বৃত্তাকাৰ ভূমিৰূপ থকা মৰুভূমিৰ মাটিৰ অগভীৰ অংশত একপ্রকাৰৰ মৰুজ উঁই পোকৰ স্বাভাৱিক বাসস্থান। তেখেতৰ গৱেষণা পত্ৰত উল্ল্যেখ আছে যে বৃত্তাকাৰ ভূমিৰূপ যুক্ত মৰুভূমিৰ মাটিৰ থিক তলতেই থকা "চেমোটাৰ্মিছ এলোচেৰাছ" নামৰ এক বিশেষ প্ৰজাতিৰ মৰুজ উঁই পোকে সেই অংশৰ মাটিত মিহলি হৈ থকা সমস্ত জৈৱিক উপাদান খাদ্য হিচাবে গ্ৰহণ কৰাৰ উপৰিও নিজৰ বাসস্থান আৰ্দ্ৰ কৰি ৰখাৰ বাবে চৌপাশৰ জলীয় বাষ্প আৰু মাটিত মিহলি হৈ থকা কৈশিক পানী শোষণ কৰি লয়। ফলত সেই স্থানত কোনো ধৰণৰ গছ গজিব নোৱাৰে। অথচ সেই বৃত্তাকাৰ অঞ্চলটোৰ চৌপাশে স্বাভাৱিক ভাবেই তৃণজাতীয় উদ্ভিদবোৰ গজে। সেইবাবেই মৰুভূমিৰ মাজত কেতবোৰ আচহুৱা চিহ্নৰ সৃষ্টি হয়।

ঈশ্বৰৰ পদচিহ্নবোৰৰ ৰহস্য উদঘাটনৰ বাবে বৰ্তমানো বিভিন্ন বিজ্ঞানীসকলে সমান্তৰালভাবে গৱেষণা কাৰ্য চলাই নিছে। এনে ধৰণৰ গৱেষণাবোৰে স্থানীয় বাসিন্দা সকলৰ বিশ্বাসৰ বিপৰীতে গৈ অন্য এক ধাৰণাৰ জন্ম দিলেও, তেওঁলোকে কেতিয়াও ইয়াৰ বিৰুদ্ধাচৰণ কৰা নাই। তেওঁলোকৰ মতে সেইবোৰ ঈশ্বৰৰেই পদচিহ্ন আৰু ঈশ্বৰৰ সেই ৰহস্যময় ভৰিৰ খোজবোৰ চাবলৈ নামিবিয়াৰ মৰুভূমিত দৈনিক অগণন লোকে ভিৰ কৰেহি।

Sunday, 9 February 2020

জয়তু দৰং মহাবিদ্যালয়


সেয়া আশীৰ দশকৰ আৰম্ভণি। ঐতিহ্যমণ্ডিত দৰং কলেজৰ গেটৰ সন্মূখৰে মহাভৈৰৱ মন্দিৰৰ দিশে দেউতাৰ সতে ৰিক্সাৰে হৈ গৈ থাকোতে কলেজৰ দিশলৈ আঙুলিয়াই দেউতাই কৈছিল : এইখন মোৰ কলেজ। ইয়াতেই মই প্ৰি-ইউনিভাৰ্ছিটিৰ দুটা বছৰ পঢ়িছিলোঁ। তেতিয়াই মনতে ভাবি থৈছিলোঁ যে হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি ময়ো এই মহিমামণ্ডিত দৰং কলেজতেই পঢ়িম। আৰু সঁচাকৈয়ে মোৰ সেই সপোন সাৰ্থক হৈছিল। 

"দৰং কলেজ" - এই শব্দদুটাই যেন প্ৰতিগৰাকী দৰঙীয়ানৰ মনৰ এটা কোণত সৃষ্টি কৰে এক মৃদু ঝংকাৰৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ নালন্দা ৰূপে খ্যাত তথা অসমৰ শিক্ষাজগতৰ এক উজ্জ্বল জ্যোতিষ্ক "দৰং মহাবিদ্যালয়" সমগ্ৰ অসমবাসীৰ বাবেই এক গৌৰৱৰ স্থল। ইতিহাসে গঢ়কা সপোনপুৰী তেজপুৰৰ মাজমজিয়াত ১৯৪৫ চনৰ ২৬ জুলাইত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয় খনৰ ৭৫ বছৰীয়া ইতিহাস অতি ৰোমাঞ্চকৰ।

সেয়া ১৯৪১ চনৰ কথা। তেজপুৰৰ কেইগৰাকীমান আলোকসন্ধানী, দূৰদৰ্শী ব্যক্তিয়ে তেজপুৰ চহৰৰ মজিয়াত এখন কলেজ প্ৰতিষ্ঠা কৰাৰ মানসেৰে কাম কাজ আৰম্ভ কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ দাৱানল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সপোনবোৰ বাস্তৱ কৰাত বিভিন্ন অসুবিধা আহি পৰিছিল। কিন্তু যুদ্ধৰ বিভীষিকা আঁতৰি যোৱাৰ লগে লগে স্বৰ্গীয় কামাখ্যা প্ৰসাদ ত্ৰিপাঠী চাৰৰ অধ্যক্ষতাত ১১২ জন ছাত্ৰ-ছাত্ৰী আৰু ৮ গৰাকী শিক্ষাগুৰুৰে তেজপুৰত প্ৰতিষ্ঠা লাভ কৰে অসমৰ নালন্দা খ্যাত দৰং কলেজখনে। তেজপুৰত বাস কৰি অহা ইটালীৰ ভদ্ৰলোক Mr. Ducciৰ বাংলোটো কিনি লৈ পাঠদানৰ বাবে সজাই পৰাই তোলা হ'ল। ছাত্ৰ-ছাত্ৰীক মানৱ সমাজত উজ্জ্বল ৰত্ন হিচাপে গঢ়ি তোলাৰ প্ৰতিজ্ঞা লৈ জন্ম হ'ল এটা যুগৰ, এটা জীৱন্ত প্ৰতিশ্ৰুতিৰ… “Be a Jewel among men” 

পিছলৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি অহাত তেজপুৰৰ মিছন ছাৰিআলিৰ ওচৰৰ আমেৰিকান বেচ হস্পিতাল চৌহদলৈ আৰু তাৰ দুবছৰ পিছত পুনৰ তেজপুৰ চহৰৰ মাজ মজিয়াৰ ডাক বাংলোলৈ স্থানান্তৰিত কৰা হয়। ১৯৫১ চনৰ অক্টোৱৰ মাহত দৰং মহাবিদ্যালয় বৰ্তমানৰ স্থানলৈ স্থায়ী ভাবে স্থানান্তৰিত হয়। দৰং মহাবিদ্যালয়ৰ গৰিমা চৌদিশে বিয়পি পৰিবলৈ বেচি পৰ নেলাাগিল। ১৯৫৯ চনত তিব্বতৰ ধৰ্মগুৰু দালাই লামা আৰু ১৯৬৩ চনত পূৰ্বৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দৰং মহাবিদ্যালয়ত পদাৰ্পণ কৰাৰ কথাই এই কথাকেই প্ৰতিপন্ন কৰে। প্ৰতিষ্ঠাৰ দিন ধৰি দৰং কলেজে শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে সেই ধাৰাক আজিও অক্ষুণ্ণ ৰাখিব পাৰিছে।

জ্ঞানৰ বন্তি জ্বলাই ভৱিষ্যত প্ৰজন্মক আলোকৰ পথৰ মাৰ্গ দৰ্শন কৰোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিষ্ঠা লাভ কৰা দৰং মহাবিদ্যালয়ে বিগত ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰাত বহুতো ঘাত প্ৰতিঘাত পাৰ কৰি আজি অসমৰ বৌদ্ধিক আৰু বিদ্যায়তনিক জগতখনত এক জ্ঞানৰ তীৰ্থলৈ পৰিণত হৈছে। কালি অৰ্থাৎ ৯ ফেব্ৰুৱাৰী, ২০২০ (ৰবিবাৰ)ৰ পৰা অনুস্থিত হ'ব দৰং মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী। আপোন মহাবিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুলৈ এই চেগতে আমাৰ সেৱা আৰু ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা যাচিছোঁ। এজন দৰঙীয়ান হিচাবে মই সদায় দৰং মহাবিদ্যালয়কলৈ গৰ্ব অনুভৱ কৰো। জয়তু দৰং কলেজ।

Saturday, 8 February 2020

My Life In Academia


Upon my arrival to Tezpur in 1985 as a matriculate with 80.8% marks, I attended Tezpur Government Boys' HS School for my last two years of Higher Secondary Science. In addition to studying Science, in those days I started playing cricket in club level and moved to different parts of Sonitpur district for playing cricket. I used to join the debate and extempore speech competitions and won many awards and certificates.

After my 10+2, I was selected for Mining Engineering course at Government College of Engineering, Keonjhar, Odisha. But I joined Darrang College in 1987 for my under graduation classes in Zoology and pursued my graduation in 1991 with 1st class 20th position in Gauhati University. During my days in Darrang College, I started writing shot stories, most of which were published in different magazines. Many of my friends repeatedly advised me to publish my own book of short stories and in the year 1990, while I was pursuing my B.Sc, I published my book of short stories "বনতলী বাগিচাত এজোপা পলাশ"।

While in Tezpur, I was able to join multiple organizations such as Yoga Camp besides joining Vivekananda Kendra for some motivation classes. I joined some Photography classes which unfortunately I couldn't complete. However, I was a regular reader in District Library, Tezpur where I could read some very good books. In those days I could come in contact with some dignitaries like famous photographer of Tezpur Nalini Barua, Singer Pankaj Bordoloi, Dharmadas Choudhary sir and many more who helped me in gaining a substantial amount of maturity, responsibility and communication skill.

In 1992 I joined my Post Graduation in Gauhati University. My specialisation was in Entomology. While I was a post graduate student in GU, I started doing a part time job in an agency named "Call Me". However I worked only in my off days or holidays. My job was to serve as a "Delivery Boy"  for delivering Gas cylinder, Party orders, Managing Air & Train tickets, Pay electricity bills for their customers and so on. In 1994, I completed my Masters Degree with 1st Class 13th position from Gauhati University.

Soon I got a job in a Mumbai based Pharmaceutical Company "Gufic". I joined as a trainee MR in August, 1994 and attended two trainings in Kolkata and Mumbai respectively. After successful completion of my training, I was appointed in Jorhat to maintain the pharmaceutical business in Sivasagar, Jorhat, Golaghat, Dimapur and Kohima. I worked as an MR in Gufic till April, 1995.

After Bohag Bihu of 1995, I joined as a Science teacher in a School at Amguri. After working for three months in that school, I got a new job as a Lecturer in Jorhat Kendriya Mahaviddalaya. I went there, submitted the joining letter and took classes for three days. I didn't know why I wasn't feeling good delivering my duty in that college...! I resigned on the fourth day and went back to Amguri for teaching those class 10 students again.

It was August, 1995. During the end of the month, I appeared before the Interview Board in Tangla College for the teachership in Zoology and soon I was selected for the post by the Governing Body. And on the Teachers' Day of 1995, I joined Tangla College as an Assistant Professor.

I was then young, only 27 years old and after the classes are over, my students used to invite me to the playground for playing cricket. I didn't turn down their request. Soon I mingled with them. They said my appearance and batting style were similar to SriLankan cricketer Jayasuriya and they used to call me as "Jayasuriya". They were lovely students and at present responsible citizens.

In January 1996, I got a proposal to work as a part-time guest teacher in an English Medium School (TEMHS) which was going to be started from that month of January, 1996. As my post in Tangla College was not regularised at that time, I accepted the proposal and joined the school as a part timer to teach Science. Thus from 1996, I started working in two institutions without affecting the academic atmosphere of the both. In the same year, i.e., on 23rd July, 1996 I got married and Archana came into my life. She is an Assistant Professor in Zoology and a kind hearted lady, who has always been an inspiration for me in everything I do. In 1999 Hiya (Atlanta) came to our lives as a divine blessing. Now she is pursuing her higer education in MS Ramaih, Bangaluru.

I could see that the young generation in Tangla is very much talented and the only thing they needed is proper guidance. I decided to do something for them which can motivate them into the field of Science. Accordingly in two consecutive years with the help of my colleagues, we arranged two Science Exhibitions, one in Tangla College and the other in TEMHS. It is worth mentioning that in these two exhibitions most of the students came forward and participated with their innovative ideas. People in greater Tangla witnessed and appreciated the students. Since then, I have been busy with my students carrying out different Science based activities including Science Exhibitions.

In September, 2005, five dynamic young educationists of Tangla came to me and proposed for starting a new English medium school. I accepted the proposal and accordingly in January, 2006 we started our school ARUNODOI ACADEMY with 215 students only. Today, Arunodoi Academy is one of the best school in the entire Udalguri district with more than 1200 students and excellent academic records. In 2010, we have upgraded our school Arunodoi Academy and started HS Science in a separate building under the name and style ARUNODOI JUNIOR COLLEGE.

In our Academy we have always encouraged our students to take part in different Science based activities. I have guided more than 70 Science projects for NCSC and students from our school were selected for National Level NCSC. Some of the topics under my guidance were : Solar Geyser, Alternative Water Filter, Automatic Railway Gate, Application of Magnetic Field in Rocket Launching, Homemade Air-conditioning, Wetland conservation, Danger of Riparian Brick Kilns, Energy efficient lighting, Household Garbage Management, Homemade Mosquito Repellent and so on. I, myself also presented my research papers in National Seminars at Kokrajhar & Titabor. From the year 2007, I have visited different schools of entire Udalguri as Resource Person on request of the District Committee of NCSC to guide the school students for their Science projects.

In 2009, I attended a 3-Day National Workshop on "Construction of Telescope" in Guwahati Planetarium. That workshop gave me a broader platform to meet some prominent Scientists of India. They really inspired me a lot and taught me how to get involved in Science based activities. In the same year, our son Gungun's arrival brought more happiness to our family.
It was the year 2012, and in connection with the rare celestial event "The Transit of Venus", I got the 2nd opportunity to attend the 3-Day National Level Workshop in Guwahati Planetarium. After attending the workshop, I visited different schools in Udalguri district to create awareness among the students about this rare celestial event.

On 31st July, 2012 my service in Tangla College had to come to an end. There had been some conspiracy against me and my wife Archana since 2009 regarding a post of Assistant Professor in the department of Zoology. There was an illegal but continuous effort from all corners to appoint a junior in a particular post of Assistant Professor. It was really painful to see that all my colleagues and seniors remain silent even after knowing the illegal move. May be, they had some personal benefits associated with this issue. I decided to quit, since I had something more important to do than to remain busy in this battleground. Happy I am for those valuable 18 years in Tangla College, during which I contributed my best in all sorts of responsibilities I was entrusted with.

It was September, 2015. Renowned amateur Astronomer of India Sir U.N.Deka came to our home during a visit to Udalguri. As per his advice, I applied for an International Conference on Astronomy at BHABA ATOMIC RESEARCH CENTRE (BARC), Mumbai. I have filled up the form giving all the details of my Science based activities done in the recent past. And it was like a divine blessing my selection letter came unexpectedly. In November, 2015 I attended the 5-Day International Conference in BARC where I met the scientists from all over the globe. I was thrilled to have a conversation with NASA Planetary Scientist, Dr Henry Throop. He was so simple and a man with great sense of humour. I also met scientists from ISRO, Iran, Saudi Arabia and Israel.

In the recent times, at my personal level, I have tried to apply myself in giving free career guidance to the students of Udalguri district. Already I have started my work and have visited to different localities of Udalguri for providing career guidance to the students. Different NGOs and other organisations have helped me in this field by providing a right platform for my work. At present I am preparing to publish our next book written by me and my wife Archana on Science based articles "অনাদি অনন্ত প্ৰসাৰী"। Besides these, I have been writing science based articles for different Journals and magazine. Apart from that, I have a personal blog "Window To Infinity"  where I jot down some science articles very regularly.

It was 14 December, 2017. I received a call from Dominica, the island country in the eastern Caribbean Sea. They asked me to attend an International Conference on Environmental Protection to be held from 28th December to 30th December, 2017. Unfortunately, I couldn't attend it but my article was published in "Applied Ecology and Environmental Sciences". Ballsbridge University, Dominica awarded me with Ph.D. in August, 2018 in the conviction ceremony held in India Habitat Centre, New Delhi. It was a great experience indeed. In November, 2019 I got another opportunity to attend a National Workshop held at ISRO on Satellite Navigation and Remote Sensing.

Today I have choosen a life of my own. Every morning when I wake up, I can choose joy, happiness, negativity, pain or anything of my own. I am free to feel the freedom that comes from being able to see the smiling faces of my students who have already proved themselves as a man of value. But I know.....

"The woods are lovely, dark and deep,   
But I have promises to keep,   
And miles to go before I sleep,   
And miles to go before I sleep"