Saturday, 16 May 2020

ৰঙীণ পৃথিৱীৰ শুধ বগা কাউৰীবোৰ


যেনিয়ে চকু যায়, চৌদিশে কেবল ৰং। ৰঙেৰে ধুই নিয়া নীলিম আকাশখন অথবা দুৰৰ অস্পষ্ট পাহাৰখন, সূৰ্যাস্তৰ ৰঙীণ আভা বুকুত সাৱতি বৈ যোৱা প্ৰবাহমান নৈখন অথবা চোতালৰ দুৱৰিডৰা - সকলোতেই ৰঙৰ আভা। কিন্তু ইয়াৰ বিপৰীতে শুধ বগা, বৰণহীনতাও বহু সময়ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। বৰণহীন প্ৰাণী বা এলবিনো প্রাণীৰ কথাকেই ধৰকচোন। হয়, শিৰোনামাত উল্ল্যেখ কৰা শুধ বগা কাউৰীজনীৰ কথাকেই কৈছো। সৌ সিদিনা বাতৰি কাকতত নিশ্চয় পঢ়িবলৈ পাইছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ক্ষেত্রীয় কার্যালয়ৰ সমীপত নগেন বৰুৱাদেৱৰ কেমেৰাৰ লেন্সত ধৰা দিয়া বিৰল শুধ বগা কাউৰীজনীৰ কথা ! 

বৰণহীন এনে প্ৰাণীবোৰ "শুধ বগা" হয়। নিশ্চয় এইখিনিতেই মনত এটা প্ৰশ্ন উদয় হৈছে যে বগা জানো এটা ৰং নহয়? বিজ্ঞানৰ মতে ৰং বা বৰণ হ'ল বিদ্যুৎ-চুম্বকীয় তৰংগ মাত্ৰ। পদাৰ্থবোৰে বিদ্যুৎ-চুম্বকীয় তৰংগৰ ৰূপত শক্তি নিৰ্গত কৰে। এই বিদ্যুৎ-চুম্বকীয় তৰংগবোৰ এটা নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ সীমাৰ ভিতৰত থাকে আৰু পদাৰ্থটোৱে নিৰ্গত কৰা এই বিদ্যুৎ-চুম্বকীয় তৰংগ বোৰকেই আমি পদাৰ্থটোৰ ৰং হিচাপে দেখা পাও। বগা ৰঙৰ (?) নিজস্ব কোনো বিদ্যুৎ-চুম্বকীয় তৰংগ নাই আৰু সেইবাবেই দৃশ্যমান ৰঙৰ তালিকাৰ "বগা" বুলি কোনো ৰং নাই। সেইবাবেই বগা ৰঙৰ প্ৰাণীবোৰক বৰণহীন (এলবিনো) বুলি কোৱা হয়।

বিশ্বৰ বিভিন্ন দেশত এলবিনো (albinos) প্ৰাণীবোৰৰ প্ৰতি স্থানীয় লোকসকল অত্যন্ত শ্রদ্ধাশীল আৰু বহুতে এই ধৰণৰ প্ৰাণীবোৰক ভাগ্যৰ প্ৰতীক বুলি জ্ঞান কৰে। আমেৰিকাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে শুধ বগা বাইচনক শক্তি আৰু সৌভাগ্যৰ প্রতীক বুলি মানে। বগা অজগৰ, বগা হাতী, বগা কেংগাৰু, বগা ঘৰিয়াল অথবা বগা ময়ুৰ ইত্যাদি অসংখ্য এলবিনো প্ৰাণী এই জীৱকুলতেই বিদ্যমান। এনে ধৰণৰ অসংখ্য উদাহৰণ বিচাৰিলেই পোৱা যাব। মানুহৰ মাজতো "এলবিনিজম" দেখা যায়। বিজ্ঞানীসকলৰ মতে প্ৰতি ১০০ জন লোকৰ ভিতৰত অন্ততঃ এজন লোকৰ দেহত এলবিনিজমৰ জিন থাকে। অৱশ্যে এজন লোক এলবিনিজমত আক্ৰান্ত হ'বলৈ তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনৰ দেহত এলবিনিজমৰ জিন থাকিব লাগিব।

এলবিনো মানৱ শিশু বা এলবিনো প্ৰাণীৰ জন্মৰ বাবে পিতৃ আৰু মাতৃ উভয়ৰে দেহত ত্রুটিযুক্ত জিন থকাতো জৰুৰী। দেহত স্বাভাৱিক বৰণ সৃষ্টি কৰাৰ বাবে প্ৰাণীৰ দেহত এযোৰ প্ৰভাৱী বা সংকৰ জিন থাকে। যদিহে প্ৰাণীদেহৰ এই জিনযুগ্মৰ এটা জিন স্বাভাবিক আৰু আনটো ক্ৰুটিযুক্ত এলবিনিজম জিন হয়, তেন্তে স্বাভাবিক জিনটোৱে প্ৰাণীটোৰ দেহত যথেষ্ট মেলানিন বা আন বৰণযুক্ত ৰঞ্জক পদাৰ্থ তৈয়াৰ কৰে। আনহাতে যদিহে প্ৰাণীটোৱে পিতৃ আৰু মাতৃ উভয়ৰে পৰা এযোৰ ক্ৰটিযুক্ত জিনহে লাভ কৰে, তেন্তে প্ৰাণীটোৱে দেহত বৰণ সৃষ্টি কৰিব পৰা কোনো ৰঞ্জক দ্ৰব্য সৃষ্টি কৰিব নোৱাৰে আৰু তাৰফলত প্ৰাণীটোৰ ছাল, নোম অথবা সমস্ত দেহ বৰণহীণ বা শুধ বগা হৈ পৰে।


আমি সাধাৰণতে কাউৰী ক'লা ৰঙৰেই দেখা পাও।  যদি অকস্মাতে ক'ৰবাত শুধ বগা কাউৰী দেখা পাও, তেন্তে আচৰিত হোৱাৰেই কথা। কিন্তু এইটোও সঁচা যে প্ৰকৃতিৰ বুকুত শুধ বগা কাউৰীও আছে। অৱশ্যে সংখ্যাত খুবেই কম। এইটো সেই বিশেষ কাউৰীজনীৰ জিন সম্বন্ধীয় এটা জন্মগত ত্রুটি মাথোন। জীৱবিজ্ঞানৰ ভাষাত এই কাউৰীবোৰক ‌"এলবিনো কাউৰী" বা "এলবিনো ক্রো" বুলি কোৱা হয়। সাধাৰণতে এনে শুধ বগা কাউৰীবোৰৰ ঠোট আৰু ভৰি দুখন গোলপীয়া বৰণৰ হ'লেও সমস্ত শৰীৰ আবৃত কৰি ৰখা পাখিবোৰ শুধ বগা। আফ্রিকা মহাদেশ আৰু  আমেৰিকাত বগা কাউৰী তুলনামুলক ভাবে বেছি কৈ দেখা যায়। এনে বগা কাউৰীক "পাইড ক্রো" বুলিও কোৱা হয়। এই বগা কাউৰীবোৰ আমি  সাধাৰণতে দেখা ক'লা ৰঙৰ কাউৰীৰ দৰে একেটা প্ৰজাতিৰেই অন্তৰ্গত যিবোৰ "পিগমেণ্ট" বা ৰঞ্জক পদাৰ্থজনিত সমস্যাৰ বাবে বৰণহীন হৈ পৰে।


Monday, 4 May 2020

অত্যন্ত বিৰল তেজ : বম্বে ব্লাড গ্ৰুপ



সেয়া ১৯৫২ চনৰ কথা। স্থান "বম্বে", বৰ্তমানৰ মুম্বাই। কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালত ভর্তি কৰোৱা হৈছে এজন বিশেষ ৰোগী। দুৰ্ঘটনাত পতিত হৈ তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত। চিকিৎসাৰ বাবে তেওঁক তাৎক্ষণিক ভাবে তেজৰ দৰকাৰ। ৰোগীৰ তেজৰ গ্ৰুপ "O+ve" আৰু সেয়েহে ততাতৈয়াকৈ "O+ve" গ্ৰুপৰ তেজ সংগ্ৰহ কৰি ৰোগীৰ দেহত প্ৰয়োগ কৰাৰ আগে চিকিৎসালয়ৰ নিয়মানুসৰি "ক্ৰচ ম্যেচিং" কৰা হ'ল……

কিন্তু কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়া আচৰিত হৈ পৰিল কাৰণ "ক্ৰচ ম্যেচিঙ"ৰ সময়ত ৰোগীৰ "O+ve" গ্ৰুপৰ তেজৰ লগত যেতিয়া সংগ্ৰহ কৰি অনা "O+ve" গ্ৰুপৰ তেজ টেষ্টটিউবত মিহলোৱা হৈছিল, তেতিয়া তেজবোৰ মূহুৰ্তৰ ভিতৰতে গোট মাৰিছিল। নিশ্চয় ক'ৰবাত এটা সাংঘাতিক ভুল হৈছে। কিন্তু কিয় এনে হ'বলৈ পালে?

তেখেতসকলে পুনৰ ৰোগী আৰু ৰক্তদাতা, উভয়ৰে তেজৰ পৰীক্ষা কৰি চালে। নাই, তাত কোনো ভুল দেখা নেপালে তেওঁলোকে। উপায়হীন হৈ চিকিৎসক সকলে বিভিন্ন ব্লাড বেংকৰ লগত যোগাযোগ কৰিলে যদিও কোনো সুফল নেপালে। এইবাৰ আৰম্ভ হ'ল বিভিন্ন ৰক্তদাতা সকলৰ লগত পোনপটীয়া যোগাযোগ। বম্বেৰ (বৰ্তমান মুম্বাই) প্ৰায় ৬০০ জন বিভিন্ন "O+ve" গ্ৰুপৰ ৰক্তদাতাৰ তেজৰ নমুনাৰ পুনৰ পৰীক্ষণৰ অন্তত যেনিবা এজন ৰক্তদাতাৰ তেজৰ নমুনাৰ লগত ৰোগীজনৰ "ক্ৰচ ম্যেচিঙ"ৰ ফলাফল সন্তোষজনক হ'ল আৰু সুচাৰুৰূপে তেজ দিব পৰাত ৰোগীজনৰ জীৱন ৰক্ষা পৰিল।

যদিও ৰোগীজন ৰক্ষা পৰিল, ডা° ভেণ্ডে কিন্তু বিষয়টো সম্বন্ধে অধিক আগ্ৰহী হৈ পৰিল আৰু তেখেতে এই বিষয়ে গৱেষণা আৰম্ভ কৰি দিলে। গৱেষণাৰ প্ৰাথমিক পৰ্য়ায়তেই তেখেত ধৰা পেলালে যে সেই বিশেষ ৰোগীজন আৰু তেওঁক তেজ দান কৰা ৰক্তদাতা দুয়োজনৰেই তেজৰ গ্ৰুপ যদিও "O+ve" বুলি পৰীক্ষাত ধৰা পৰিছে, সেয়া শুদ্ধ নহয়। বৰং দুয়োজনৰেই তেজৰ গ্ৰুপ তথাকথিত ABO systemৰ আওতাতেই নপৰে। অৰ্থাৎ তেওঁলোক দুয়োজনৰেই তেজৰ গ্ৰুপ A, B,  AB অথবা Oৰ ভিতৰত এটাও নহয়, বৰং ইমান দিনে কাৰো চকুত ধৰা নপৰাকৈ থকা এটা নতুন ব্লাড গ্ৰুপহে ! "বম্বে" স্থিত কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডেই নতুন কৈ আৱিষ্কাৰ কৰা এই তেজৰ গ্ৰুপটোৰ নাম থলে hh Blood Group বা (Bombay Blood Group) বম্বে ব্লাড গ্ৰুপ। ১৯৫২ চনৰ ৩ মেত "The Lancet" নামৰ চিকিংসা বিজ্ঞানৰ এক গবেষণাপত্রত সর্বপ্রথম ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়াই বোম্বে ব্লাড গ্ৰুপ সম্পর্কে তেওঁলোকৰ গৱেষণা পত্ৰ প্ৰকাশ কৰে।

সাধাৰণতে আমি জানো যে O ব্লাড গ্রুপৰ মানুহ সাৰ্বজনীন দাতা অৰ্থাৎ সকলোকে তেজ দিব পাৰে। কিন্তু তেজ ল'বলগীয়া হ'লে কেবল O ব্লাড গ্রুপৰ মানুহৰ পৰাহে তেজ লব পাৰে। মানুহৰ তেজত এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B নামৰ দুবিধ এণ্টিজেন থাকে। A ব্লাড গ্ৰুপৰ তেজত A এণ্টিজেন, B ব্লাড গ্ৰুপত B এণ্টিজেন, AB ব্লাড গ্ৰুপত AB দুয়োটা এণ্টিজেন আৰু O ব্লাড গ্ৰুপৰ তেজত কোনো এণ্টিজেন নেথাকে। কিন্তু "The Lancet"ত প্ৰকাশিত গৱেষণা পত্ৰই জানিব দিয়ে যে O ব্লাড গ্রুপৰ তেজতো এবিধ বিশেষ এগ্লুটিনোজেন থাকে। এই এগ্লুটিনোজেনৰ নাম ৰখা হয় এগ্লুটিনোজেনৰ-H আৰু ইয়াক তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায়।

এগ্লুটিনোজেনৰ-Hৰ এটা বিশেষ গুণ হ'ল এই যে, ই তেজত থকা আন দুবিধ এন্টিজেন A আৰু Bৰ প্রিকাৰ্চৰ বা পূৰ্ববৰ্তী অৱস্থা হিচাপে কাম কৰে। প্ৰিকাৰ্চৰ মানে কিছুমান বিশেষ ৰসায়নিক যৌগ যিবোৰে কোনো উপযুক্ত উদ্দীপনা পালে অন্য কোনো পদার্থলৈ নিজকে ৰূপান্তৰিত কৰিব পাৰে। অর্থাৎ এই বিশেষ এগ্লুটিনোজেন-H ৰ পৰাই  উৎপন্ন হয় তেজত থকা আন দুটা বিশেষ এণ্টিজেন যাৰ নাম এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B। এগ্লুটিনোজেন Hৰ পৰা এণ্টিজেন A আৰু B উৎপন্ন হ'বলৈ আমাৰ কোষৰ ক্ৰমোজোমৰ প্ৰয়োজনীয় উদ্দীপনা যোগায়।

এগ্লুটিনোজেন-H সৃষ্টিৰ বাবে আমাৰ ক্ৰমোজোমত  HH জিনোটাইপ থাকিব লাগে। H হ'ল মেণ্ডেলীয় বংশাৱলীৰ প্রভাৱশালী জিন আৰু h হ'ল মেণ্ডেলীয় অপ্ৰভাৱী জিন। অৰ্থাৎ HH আৰু Hh, এই দুয়োটা জিনোটাইপৰ যিকোনো এটা জিনোটাইপ থাকিলেই সেইজন মানুহৰ তেজত এগ্লুটিনোজেন-H থাকিব আৰু সেইবাবে তেওঁৰ তেজত তিনিওবিধ এণ্টিজেন যেনে এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H থাকে বা থকাৰ সম্ভাৱনা থাকে।

কিন্তু যিসকল মানুহৰ জিনোটাইপ hh হয়, তেওঁলোক অপ্ৰভাৱী জিনোটাইপ বিশিষ্ট হোৱা বাবে তেওঁলোকৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাথাকে। সাধাৰণতে তেজত এণ্টিজেন A আৰু এণ্টিজেন B দুয়োটা নাথাকিলে মানুহজনৰ তেজৰ গ্ৰুপ O হয়, কিন্তু যিহেতু এই বিশেষ ব্যক্তিজনৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাই, সেয়ে ওপৰে ওপৰে চালে তেওঁৰ তেজৰ গ্ৰুপ O যেন লাগিলেও সেয়া O গ্ৰুপৰ তেজ নহয় , বৰং আমি আলোচনা কৰি থকা অত্যন্ত বিৰল তেজৰ গ্ৰুপ যাৰ নাম hh Blood Group বা "বম্বে ব্লাড গ্ৰুপ"।

Saturday, 2 May 2020

এক মহাজাগতিক আগন্তুকৰ অপেক্ষাত



২০১৯ চনৰ ২৮ ডিচেম্বৰ। সৌ সিদিনাৰ কথা। Asteroid Terrestrial-impact Last Alert System, বা চমুকৈ ATLASৰ বিজ্ঞানীসকলে  আৱিষ্কাৰ কৰিলে এটা ধুমকেতু। ধুমকেতুটোৰ নাম দিয়া হ'ল C/2019 Y4 (ATLAS)। তেতিয়াৰ পৰাই বিশ্বৰ সকলো প্ৰান্তৰ বিজ্ঞানীসকলে ধুমকেতুটোৰ ওপৰত নজৰ ৰাখি আহিছিল আৰু তেওঁলোকে আশাও কৰিছিল যে ২০২০ চনৰ মাৰ্চ মাহৰ শেষৰ পিনে পৃথিৱীৰ পৰা খালী চকুৰেই সাধাৰণ মানুহেও ধুমকেতুটোৰ সৌন্দৰ্য দেখা পাব। কিন্তু যোৱা ২২ মাৰ্চৰ দিনা পৃথিৱীৰ নিকটৱৰ্তী অৱস্থান প্ৰাপ্ত হোৱাৰ আগতেই এই ধুমকেতুটো মহাকাশৰ বুকুত খণ্ড বিখণ্ড হৈ পৰিল। যাৰ বাবে আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিগোচৰ নোহোৱাকৈয়ে ধ্বংসস্তুপত পৰিণত হ'ল C/2019 Y4 নামৰ ধুমকেতুটো।

কিন্তু আগ্ৰহী সকলৰ বাবে আন এটা ভাল খৱৰ আছে। ২০২০ চনৰ ১১ এপ্ৰিলৰ দিনা নাছাৰ Solar and Heliospheric Observatory, বা চমুকৈ SOHOৰ শক্তিশালী SWAN (Solar Wind Anisotropies instrument) নামৰ কেমেৰাই পঠিওৱা তথ্যসমূহৰ বিশ্লেষণ কৰাৰ দ্বায়িত্বত আছিল অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিজ্ঞানী মাইকেল মেটিয়াযো। তথ্যসমূহৰ বিশ্লেষণত মেটিয়াযোৱে দেখা পাালে যে সূৰ্যৰ কক্ষপথেদি এটা অচিনাক্ত পোহৰৰ উৎস ধাৱমান হৈ আছে। অধিক গৱেষণাৰ অন্তত তেওঁ যোৱা ২৫ মাৰ্চত ঘোষণা কৰে যে এই চলমান পোহৰৰ উৎসটো এটা ধুমকেতুৰ বাহিৰে আন একো নহয়। SOHOৰ শক্তিশালী কেমেৰা SWANৰ নাম অনুসৰি এই ধুমকেতুটোৰ নাম ৰখা হয় C/2020 F8 বা SWAN" ধুমকেতু।

সেই সময়ত C/2020 F8 (SWAN) নামৰ ধুমকেতুটো পৃথিৱীৰ পৰা 1.1 AU বা 16 কৌটি কিমি দূৰত অৱস্থিত আছিল আৰু দক্ষিণ গোলাৰ্ধৰ পৰা টেলিস্কোপেৰে দেখা পোৱাও গৈছিল। বিজ্ঞানীসকলৰ মতে চলিত মে মাহৰ দ্বিতীয় সপ্তাহত পৃথিৱীৰ পৰা এই ধুমকেতুটো খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে বাইনোকুলাৰৰ সহায় ল'লে অধিক পৰিষ্কাৰ কৈ ধৰা দিব নীলা ৰঙৰ নেজযুক্ত ধুমকেতুটোৱে।

মাৰ্চ মাহৰ শেষৰ পিনে আকাশত ধুমকেতুটোৰ অৱস্থান আছিল Piscis নক্ষত্ৰপূঞ্জ বা মীনৰাশিৰ মূল নক্ষত্ৰ ফোমালহাটৰ ওচৰত। বৰ্তমান এই  ধুমকেতুটো মেষ ৰাশি আৰু পৰশু মেঘ বা Perseus cloudৰ সমীপেৰে সূৰ্যৰ চৌদিশে কক্ষপথত অগ্ৰসৰ হৈ আছে। 

বিজ্ঞানীসকলৰ গণনা অনুসৰি C/2020 F8 (SWAN) ধুমকেতুটো অহা ১৩ মেৰ দিনা পৃথিৱীৰ কক্ষপথৰ নিকটতম দূৰত্বত অৱস্থান কৰিব অৰ্থাৎ আমাৰ পৰা মাত্ৰ ৬.৪ কৌটি কিমি দূৰত্বৰে সূৰ্যৰ চাৰিওদিশৰ কক্ষপথেৰে অগ্ৰসৰ হ'ব। পৰৱৰ্তী সময়ত অৰ্থাৎ ২৭ মেত ই পৃথিৱীৰ পৰা ক্ৰমে দূৰলৈ গুছি যাবলৈ আৰম্ভ কৰিব। সেয়েহে ১৩ মেৰ পৰা ২৭ মে লৈ এই ধুমকেতুটো পৃথিৱীৰ পৰা খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে তাৰ বাবে আমাক লাগিব এখন পৰিষ্কাৰ, অন্ধকাৰ আৰু মেঘহীন আকাশ। উল্লেখযোগ্য যে এই ধুমকেতুটো দক্ষিণ গোলাৰ্ধৰ পৰা অধিক পৰিষ্কাৰ ৰূপত দেখা যাব। এতিয়া অপেক্ষা মে মাহৰ ১৩ তাৰিখলৈ।

Wednesday, 29 April 2020

সুৰুজৰ বুকুৰ বৰষুণ এজাক


বৰষুণ শব্দটোৰ মাজত লুকাই থাকে এক সুকীয়া মাদকতা। আকাশৰ বুকুৰ পৰা টোপা টোপে নামি অহা বৰষুণৰ টোপালবোৰে শুকান ধৰাৰ বুকুত জীৱনৰ ছৱি আঁকে। বৰষুণক লৈ কবিয়ে কবিতা ৰচে, চিত্ৰশিল্পীৰ তুলিকাত বৰষুণৰ টোপালে কথা কয়। টোপা টোপে সৰি পৰা বৰষুণৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ বাবে প্ৰিয়জনৰ সতে একান্তভাবে বৰষুণত অলপ তিতাৰ আমেজ লোৱাৰ মাদকতাই সুকীয়া।

সাধাৰণভাবে ক'বলৈ হ'লে, ভূপৃষ্ঠৰ পানী সুৰুজৰ তাপত বাষ্পীভূত হৈ আকাশৰ মেঘলৈ পৰিণত হোৱাৰ পিছত ঘণীভৱনৰ প্ৰক্ৰিয়াৰে বৰষুণ ৰূপে পুনৰ ভূপৃষ্ঠলৈ আপতিত হয়। কিন্তু এবাৰ চিন্তা কৰকচোন, প্রায় ৪০ হাজাৰ ডিগ্রী ছেলছিয়াচ উষ্ণতাৰ কোনো  স্থানত বাৰু এজাক বৰষুণ সম্ভৱ নে? হয়, থিকেই ভাবিছে, আমি সূর্যৰ কথাই ক'বলৈ ওলাইছো। সূৰ্যৰ বুকুত জানো পানী আছে? তেন্তে কিদৰে বাৰু সম্ভৱ হ'ব পাৰে সুৰুজৰ বুকুত সপোনৰ বৰষুণ এজাক?

মূলত হাইড্ৰ'জেন আৰু হিলিয়াম গেছেৰে পৰিপূৰ্ণ হৈ থকা আমাৰ সূর্যটো হ'ল সৌৰজগতৰ সবাতোকৈ বিশাল গোলাকাৰ মহাজাগতিক পদাৰ্থ। সূৰ্যৰ আভ্যন্তৰত অবিৰাম ভাবে সংঘটিত হৈ থকা ফিউচন বা নিউক্লীয় সংযোজন বিক্রিয়াৰ ফলত হাইড্র'জেন পৰমাণুবোৰ ক্ৰমে হিলিয়ামলৈ ৰূপান্তৰ হৈ আছে। যাৰ ফলত সূৰ্যৰ কেন্দ্ৰভাগত সৃষ্টি হৈছে অত্যাধিক তাপশক্তি। এই তাপশক্তিয়ে সূৰ্যৰ বুকুত থকা সকলোবোৰ গেছকেই প্লাজমা অৱস্থালৈ পৰিণত কৰিছে। প্লাজমা হ'ল আয়নিত অৱস্থাত থকা অতি উত্তপ্ত মুক্ত গেছ। যিহেতু প্লাজমাবোৰ আয়নিত গেছ, সেয়ে সূর্যৰ অতি শক্তিশালী চুম্বকীয় ক্ষেত্ৰখনে প্লাজমা গেছসমূহক যথেষ্ঠ ভাৱে প্রভাবিত কৰে। আয়নিত প্লাজমা গেছবোৰৰ অত্যাধিক তাপমাত্রাৰ বাবে প্লাজমা গেছৰ ঘনত্বও অতি নগণ্য আৰু তাৰ ফল স্বৰূপে এই প্লাজমা গেছসমূহ সূর্যপৃষ্ঠৰ পৰা যথেষ্ঠ ওপৰতেই অৱস্থান কৰে।

এই গেছবোৰ কিন্তু সূৰ্যপৃষ্ঠৰ উপৰিভাগত থিৰে থাকিব নোৱাৰে। কাৰণ সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰৰ লগতে সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই প্লাজমা গেছসমূহ সূৰ্যৰ বুকুলৈ আকৰ্ষিত হয়। সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰত থকা এই প্লাজমা গেছৰ অৱস্থানো সূর্যপৃষ্ঠৰ পৰা বহুত ওপৰত হোৱা বাবে সেই স্থানত তাপমাত্রাও যথেষ্ঠ কম। ফলত আপেক্ষিক ভাবে শীতল এই প্লাজমা গেছবোৰ পুণৰায় সূর্যৰ পৃষ্ঠলৈ নামি আহে যেন সুৰুজৰ বুকুত প্লাজমা গেছৰ এজাক বৰষুণহে ! আনহাতে সূৰ্যৰ পৃষ্ঠত পৰাৰ লগে লগেই পুনৰ উত্তপ্ত হৈ তড়িৎ গতিত ওপৰলৈ উঠি যায়। এনেদৰেই সূৰ্যৰ বুকুত অবিৰত ভাবে প্লাজমা গেছৰ বৰষুণ হয়। 

নাছাৰ গৱেষক বিজ্ঞানী এমিলি মেছনে (Emily Mason) সর্বপ্রথম এই পৰিঘটনাটো লক্ষ্য কৰিছিল। তেখেতৰ মতে, সূর্যৰ অভ্যন্তৰত কেইবা মিলিয়ন ডিগ্রী তাপমাত্রা থাকিলেও সূৰ্যৰ মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰত তাপমাত্রা ছয় হাজাৰ ডিগ্রী মানহে। ফলত সূৰ্যৰ ফিউচন বিক্রিয়াত উৎপন্ন হোৱা তাপশক্তিৰ এনট্ৰপিৰ সঘন পৰিবর্তন হৈ থাকে। তাৰ ফলশ্ৰুতিত সূৰ্যৰ পৃষ্ঠখন সদায় অশান্ত আৰু অনবৰত প্লাজমাৰ অতি উত্তপ্ত গেছীয় বৰষুণ এজাকে সুৰুজক সদায়ে বুৰাই ৰাখে।

Thursday, 23 April 2020

সময় কিয় সদায় আগলৈ যায়



এখন পৃথিৱী কল্পনা কৰকচোন, য'ত সময়ে আগলৈ গতি কৰাৰ সলনি পিছুৱাই যায়। ঘড়ীৰ কাটাবোৰ অবিৰাম বিপৰীত দিশত ঘূৰে। মানুহবোৰ প্ৰাপ্তবয়স্ক অৱস্থাত জন্ম হৈ ধীৰে ধীৰে যৌৱনপ্ৰাপ্ত হয় আৰু ক্ৰমান্বয়ে তেওঁলোকৰ বয়স কমি কমি এসময়ত একোটি শিশুলৈ পৰিণত হয়। এৰা, আমাৰ পৃথিৱীখনতো এনেবোৰ অদ্ভুত ঘটনাই সম্ভৱ হৈ উঠিলহেতেন, যদিহে সময় আগলৈ যোৱাৰ সলনি পিছুৱাই গ'লহেতেন। কিন্তু সময় সদায় আগলৈহে যায় কিয়? কিহৰ বাবে বাৰু সময়ে পিছলৈ খোজ নলয়?

পদার্থবিজ্ঞানৰ প্রতিটি সূত্রই সময়ৰ লগত সাঙোৰ খাই আছে। অর্থাৎ এই সূত্ৰবোৰ সময়ৰ অগ্ৰগতিৰ লগত সম্পৰ্কিত। বিজ্ঞানৰ এটি সূত্রৰ কথা ক'ব বিচাৰিছোঁ - তাপগতিবিদ্যাৰ দ্বিতীয় সূত্র। সহজ ভাষাত এই সূত্রটোৰ মূল কথাখিনি হ'ল সময়ৰ লগত জড়িত হৈ ব্ৰহ্মাণ্ডৰ সকলোবোৰেই এক স্বাভাবিক সুশৃঙ্খল অৱস্থাৰ পৰা আন এক বিশৃঙ্খল অৱস্থালৈ গৈ আছে। বিশ্বব্ৰহ্মাণ্ডৰ এই বিশৃঙ্খল অৱস্থাকেই "এনট্রপি" বুলি কোৱা হয়।

যদি আমি কোনো এটা তন্ত্ৰৰ পৰা শক্তি ব্যৱহাৰ কৰি কিবা এটা কাম কৰো তেনেক্ষেত্ৰত কিন্তু আমি কেতিয়াও তন্ত্ৰটোৰ পৰা লোৱা সম্পূৰ্ণ শক্তিখিনি কাৰ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম। কিয়নো কিছু পৰিমানৰ শক্তি পৰিবেশ অথবা তন্ত্ৰটোৱে শোষণ কৰি ৰাখিব। এই শোষিত শক্তিৰ পৰিমাণটোৱেই হৈছে "এনট্রপি"। অর্থাৎ এই পৰিঘটনাটো যিহেতু এক বিশৃঙ্খলতা, সেয়ে এই বিশৃঙ্খল অৱস্থাৰ পৰিমাপেই হৈছে এনট্রপি।

এটা উদাহৰণ লোৱা যাওঁক। ধৰা হ'ল এটি বন্ধ পাত্ৰৰ ভিতৰত এবিধ নির্দিষ্ট প্রকাৰৰ গেছ ভৰাই থ'ব লাগে। তাৰবাবে সেই বন্ধ পাত্ৰটোৰ ভিতৰৰ এটি নিৰ্দিষ্ট কোণত বিশেষভাবে গেছটোৰ অনুবোৰ ৰখা হ'ল। সেই বিশেষ সময়চোৱাত পাত্ৰটোৰ ভিতৰত এক সুশৃঙ্খল অৱস্থা বিৰাজমান। এতিয়া যদি পাত্ৰটো এইদৰেই কিছুসময় ৰাখি থোৱা হয়, তেন্তে গেছৰ স্বাভাবিক ধর্ম অনুযায়ী, সময় আগবঢ়াৰ লগে লগে গেছটোৰ অনুবোৰ ধীৰে ধীৰে সমগ্র পাত্ৰটোৰ ভিতৰত বিস্তাৰিত হৈ পৰিব। অর্থাৎ সুশৃঙ্খল অৱস্থাত থকা পাত্ৰটোৰ ভিতৰখন ক্ৰমে বিশৃঙ্খল অৱস্থালৈ গতি কৰিব। আমি যদি গেছৰ অনুবোৰ পাত্ৰটোৰ ভিতৰৰ সেই নিৰ্দিষ্ট কোণটোলৈ ঘূৰাই আনিব বিচাৰো, অৰ্থাৎ বিশৃঙ্খল অৱস্থাৰ পৰা পুনৰ সুশৃঙ্খল অৱস্থালৈ আনিব বিচাৰো, তেন্তে আমি বাহিৰৰ পৰা শক্তি প্রয়োগ কৰিব লাগিব। অন্যথা পুনৰ সুশৃঙ্খল অৱস্থালৈ ঘূৰি অহাতো অসম্ভৱ। অর্থাৎ সময়ৰ লগে লগে পাত্ৰটোৰ ভিতৰৰ পৰিবেশৰ দৰেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতেই সুশৃঙ্খল অৱস্থাবোৰ ক্ৰমান্বয়ে বিশৃঙ্খল অবস্থাৰ দিশে গতি কৰি আছে। এনেদৰে পাত্ৰটোৰ ভিতৰত এনট্রপি বৃদ্ধি পাইছে। মহাবিশ্বতো থিক এনেদৰেই প্রতিনিয়তভাবে এনট্রপিৰ মান বাঢ়ি গৈ আছে অর্থাৎ সকলোবোৰ স্বাভাবিক অৱস্থাই ক্ৰমে ক্ৰমে বিশৃঙ্খল অৱস্থাৰ দিশলৈ ধাবিত হৈ আহিছে অহৰহ। যিহেতু সময়ৰ লগতে এনট্রপিও এনে  বিশৃঙ্খলতাৰেই এক পৰিমাপ, সেয়ে এনট্রপিয়েই সময়ৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। সময়ৰ গতিৰ দিশ বুজিবলৈ এনট্রপি এটি সুন্দৰ উপস্থাপন।

কিন্তু এনেদৰে সদায়ে আগলৈ গতি কৰা সময়ৰ আৰম্ভণি ক'ত? এই প্রশ্নৰ উত্তৰো এনট্রপিয়েই দিব পাৰে। যেতিয়া মহাবিশ্বৰ এনট্রপিৰ মান শূণ্য আছিল অর্থাৎ সৃষ্টিৰ পাতনিতেই বিগ বেং নামৰ এক মহাবিষ্ফোৰণ হৈছিল, ঠিক তেতিয়াৰ পৰাই সময়ে জন্ম হৈ গতি কৰিবলৈ লয়। সেই তেতিয়াৰ পৰা আজিলৈকে সময়ে কেৱল সন্মুখলৈ গতি কৰি আহিছে আৰু সময়ৰ লগে লগে মহাবিশ্বখনো সম্প্রসাৰিত হৈ আহিছে। এই সময়ৰ জন্ম হৈছিল আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতে থিক বিগ বেং নামৰ মহাবিষ্ফোৰণটোৰ লগে লগে।

যিহেতু সময়ৰ জন্ম হৈছিল, স্বাভাৱিকতেই এটা প্রশ্ন উদয় হয় – সময়ৰ মৃত্যু হ'বনে? অথবা স্থবিৰ হৈ পৰিব নেকি সময়? অথবা সময়ে ওলোটাকৈ বাট বুলিব নেকি কাহানিবা ? সাধাৰণভাবে আমি ক'ব পাৰো যে যেতিয়াই মহাবিশ্বৰ এনট্রপিয়ে চূড়ান্ত মান গ্রহণ কৰিব অর্থাৎ মহাবিশ্বত যেতিয়াই সর্বোচ্চ বিশৃঙ্খল অৱস্থা আহি পৰিব, তেতিয়াই সময় স্থিৰ হৈ পৰিব। মৃত্যু হ'ব সময়ৰ !! কিন্তু কেতিয়া ??

এইটো নিৰ্ভৰ কৰিব "ডাৰ্ক এনাৰ্জি" বা অজ্ঞাত শক্তিৰ ওপৰত। আমাৰ তাৰকাৰাজ্যবোৰৰ প্রধান এক সাংগঠনিক উপাদানেই হ'ল এই ডার্ক এনার্জিবোৰ। এই ডার্ক এনার্জিৰ পৰিমাণো প্রতিনিয়তভাবে বাঢ়ি আছে। এই হাৰত বাঢ়ি থাকিলে অদূৰ ভৱিষ্যতে এনে এটা দিন আহিব, যিদিনা এই মহাবিশ্বখন ছিন্ন-বিচ্ছিন্ন হৈ যাব আন এক বিষ্ফোৰণত। এই সাম্ভাব্য বিষ্ফোৰণটোক বিজ্ঞানীসকলে নামাকৰণ কৰিছে "বিগ ৰিপ" বুলি। আনহাতে ডার্ক এনার্জিৰ পৰিমাণ যদি কোনো কাৰণত কমি যায় আৰু প্ৰায় শূণ্য হয়, তেন্তে বিগ বেঙৰ বিপৰীত অৰ্থাৎ "বিগ ক্রাঞ্চ"ত পতিত হৈ মহাবিশ্বখন পুণৰ অদৃশ্য হৈ পৰিব। বিজ্ঞানীসকলৰ মতে এনে হ'বও পাৰে যে বিশ্বব্ৰহ্মাণ্ডখন আজীৱন সম্প্রসাৰিত হৈয়েই  থাকিব আৰু ডার্ক এনার্জিৰ কিছু বিশেষ বৈশিষ্ট্যৰ বাবে আমাৰ ব্ৰহ্মাণ্ডখনৰ মৃত্যু ঘটিব আৰু আন এটি নতুন বিগ বেং সংঘটিত হৈ জন্ম হ'ব এখন নতুন ব্ৰহ্মাণ্ডৰ, য'ত আমাৰ এইখন ব্ৰহ্মাণ্ডৰ পৰিচিত সময়ে পুণৰ জনম ল'ব।

সময়ৰ শেষ পৰিণতি কি হ'ব - সেই বিষয়ে খাটাংকৈ সিদিনাহে ক'ব পৰা যাব, যিদিনা আমি ডাৰ্ক এনাৰ্জিক বুজি পাম। অন্ততঃ তেতিয়ালৈ আমি এইটোৱেই মানি লৈছো যে সময় কেতিয়াও পিছুৱাই নাহে বৰং আগলৈহে যায়। সময়ৰ টিকনিডাল আগফালে উৰে। পিছে সময়ৰ এই সম্মুখ যাত্রা কেতিয়াবা শেষ হ'ব নে -  তাৰ উত্তৰটো কিন্তু সময়েহে দিব পাৰিব।

Monday, 20 April 2020

সফলতাৰ আঁৰৰ ব্যৰ্থতাবোৰ



প্রতিজন সফল মানুহৰ জীৱনত ব্যর্থতাৰ একোটি কৰুণ কাহিনীও থাকে। এবাৰৰ প্ৰচেষ্টাতেই তেওঁলোক সফল হোৱা নাই। সফল উদ্যোক্তা, ৰাজনীতিবিদ, শিল্পী, লেখক অথবা বিজ্ঞানী; যাৰেই কথাই নকও কিয় - প্ৰতিজনেই ব্যর্থতাৰ কঠিন পথেৰে অশেষ ধৈৰ্য সহকাৰে খোজ দিয়েই অৱশেষত সফলতাৰ শিখৰত আৰোহণ কৰিছে। বিফলতাৰ তিক্ততাই যেন কোনোদিনেই তেওঁলোকক হতাশ কৰিব পৰা নাই! এই সফল ব্যক্তিসকলৰ সকলোৰেই মাজত আশ্চৰ্যকৰ মানসিক শক্তি আৰু আত্মবিশ্বাস আছে। তেওঁলোকৰ সফলতাৰ পথত হেঙাৰ স্বৰূপে থিয় দিয়া ব্যর্থতাৰ কাহিনীবোৰৰ পৰা আমি অনেক কথাই শিকিব পাৰো। আজি দুগৰাকীমান তেনে মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ।


১৮০৯ চনত জন্মগ্ৰহন কৰা এই মহান ব্যক্তি গৰাকী আমেৰিকাৰ ১৬তম প্রেচিডেণ্ট। আমেৰিকাৰ সর্বকালৰ শ্ৰেষ্ঠ প্রেচিডেণ্ট হিচাবে তেওঁকেই গণ্য কৰা হয়। আমেৰিকাৰ ক'লা ছালৰ কৃতদাস সকলৰ স্বাধীনতাৰ প্ৰধান হোতা হিচাবে তেওঁ সৰ্বজন পৰিচিত। ৰাজনীতি আৰু খ্যাতিৰ দিশত আব্রাহাম লিংকন নিসন্দেহে পৃথিবীৰ ইতিহাসত এজন অন্যতম সফল ব্যক্তি। কিন্তু তেওঁৰ এই সফলতাৰ আঁৰত আছে ব্যর্থতাৰ কৰুণ কাহিনী।

মাত্ৰ ২৩ বছৰ বয়সত তেওঁ চাকৰি হেৰুৱায়। সমসাময়িক ভাবে তেখেতে প্রথমবাৰলৈ আমেৰিকাৰ নির্বাচনত অংশগ্ৰহণ কৰি পৰাজিত হয়। ২৯ বছৰ বয়সত আমেৰিকাৰ হাউচ অফ ৰিপ্রেজেণ্টেটিভৰ সদস্য হোৱাৰ বাবে নির্বাচনত প্ৰতিদন্দিতা কৰি পুনৰ পৰাজিত হয়। ইয়াৰ পিছত ১৮৪৮ চনত, ৩৯ বছৰ বয়সীয়া লিংকনে ওৱাচিংটনৰ জেনাৰেল লেণ্ড অফিচৰ কমিচনাৰ পদৰ বাবে নির্বাচনত প্ৰতিদন্দিতা কৰি পুনৰ পৰাজিত হয়।

ব্যৰ্থতাৰ ধাৰা যেন শেষেই নহ'ব…! ৪৯ বছৰ বয়সত লিংকনে চিনেটৰ হ'বলৈ পুনৰ নির্বাচনত অংশগ্ৰহন কৰি শোচনীয় ভাবে পৰাজিত হয়। ইমান ব্যর্থতায়ো যেন তেওঁক হতাশ কৰিব নোৱাৰিলে। অবশেষত ১৮৬১ চনত ৫২ বছৰ বয়সীয়া লিংকনে আমেৰিকাৰ প্রেচিডেণ্ট হ'বলৈ পুনৰ নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়ায় আৰু আমেৰিকাৰ প্ৰেচিডেণ্ট হিচাবে নির্বাচিত হয়। প্রেচিডেণ্ট হিচাবে নিৰ্বাচিত হোৱাৰ আগৰ প্ৰতিটো খোজতেই লিংকনে কেৱল ব্যর্থতাৰেই মোকাবিলা কৰি গৈছিল।

ৰাষ্ট্ৰপতি হোৱাৰ পিছত যিদিনা আব্ৰাহাম লিংকন প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেতিয়া তেওঁ মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে : “মিষ্টাৰ লিংকন, দুৰ্তাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে।”

চিনেটত হাঁহিৰ ৰোল উঠিল । বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “এই পবিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়া বাবে আপোনাক ধন্যবাদ মহাশয়। মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত। মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম। শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ। মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে।” চিনেটত তেতিয়া কাঁহ পৰি জিন যোৱা অৱস্থা।


বিজ্ঞানৰ জগতখনত সকলোতকৈ বিখ্যাত আৰু সফল বিজ্ঞানীসকলৰ ভিতৰত এজন হ'ল এলবার্ট আইনষ্টাইন। বিজ্ঞানৰ ইতিহাসত অন্যতম মেধাবী ব্যক্তি বুলিলে তেওঁ এলবার্ট আইনষ্টাইন। কিন্তু ১৮৭৯ চনত জন্ম হোৱা এই জার্মান বিজ্ঞানী গৰাকীক এসময়ত অতি সাধাৰণ পৰ্যায়ৰ ছাত্ৰ হিচাবেই গণ্য কৰা হৈছিল। কোনো বিষয়তেই তেওঁ ভাল ছাত্ৰ নাছিল। আনকি কথা ক'বলৈ শিকিবলৈ তেওঁক ৪ বছৰ সময় লাগিছিল। পঢ়াশুনাতো আছিল কেঁচা। ১৬ বছৰ বয়সত জুৰিখৰ চুইচ ফেডাৰেল পলিটেকনিক স্কুলৰ নামভর্তিৰ বাচনি পৰীক্ষাতো তেওঁ শোচনীয় ভাবে ফেইল কৰিছিল।

কলেজত পঢ়াৰ সময়ত পাঠ্যক্ৰমৰ বিষয়বস্তুবোৰ তেওঁ ভালদৰে আয়ত্ত কৰিব পৰা নাছিল। আনকি একাধিকবাৰ তেওঁ পঢ়াশুনা বাদ দিয়াৰ কথাও চিন্তা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ দেউতাকে আক্ষেপ কৰিছিল যে তেওঁৰ পুত্ৰক তেওঁৰ জীৱিত কালত কোনো কামতেই উপযুক্ত হোৱা দেখা নেপালে। কোনো কাম নোপোৱাৰ বাবে তেওঁ বাধ্য হৈ বীমা কোম্পানীৰ এজেণ্ট হিচাবে কৰ্মজীৱনৰ আৰম্ভণি কৰিব লগা হৈছিল। ২ বছৰ বীমা কোম্পানীৰ কাম কৰাৰ পিছত তেওঁ পেটেণ্ট অফিচত কেৰাণীৰ চাকৰি কৰিছিল।

কিন্তু পৰবৰ্তী সময়ত এই মানুহজনেই বিজ্ঞানৰ ধাৰণাকেই সলনি কৰি পেলাইছিল। তথাকথিত কেঁচা মগজুৰ ছাত্ৰজনেই পদার্থ বিজ্ঞানৰ জগতখনলৈ কেইবাটিও মূল সূত্রৰ অৱদান দিছিল। বিজ্ঞানৰ জগতলৈ তেওঁৰ এই মহান অৱদানৰ বাবেই তেওঁক নোবেল বঁটাৰে সন্মানীত কৰা হৈছিল।


১৮৮৯ চনৰ ১৬ এপ্রিলত ইংলেণ্ডৰ দক্ষিণ লণ্ডনস্থিত ওৱেলৱর্থৰ বার্লে ষ্ট্ৰিটত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম চার্লচ চেপলিন আৰু মাতৃৰ নাম হান্না চেপলিন। মাক দেউতাক দুয়োজনেই বিনোদন জগতৰ শিল্পী আছিল যদিও পিতৃ চার্লচ চেপলিন অত্যন্ত মদাহী ব্যক্তি আছিল। সৰু সুৰা কথাতেই চার্লচে চেপলিনৰ মাতৃ হান্নাৰ লগত কাজিয়া পেচাল কৰি অত্যাচাৰ কৰিছিল। কমদিনৰ ভিতৰতেই চার্লচ চেপলিনে হান্না আৰু তেওঁৰ দুই সন্তানক এৰি আঁতৰি গৈছিল। তাৰপিছৰ পৰাই আৰম্ভ হৈছিল চাৰ্লি চেপলিনৰ আৰু তেওঁৰ মাতৃ হান্নাৰ দুখৰ অধ্যায়।

খাই বৈ জীয়াই থকাৰ তাড়নাত চার্লিৰ মাকে দুই সন্তানক লৈ দক্ষিণ লণ্ডনৰ বিভিন্ন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে বাস কৰিছিল যদিও ভাৰা ঠিক মতে দিব নোৱাৰা বাবে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। পেটৰ ভাত মুঠিৰ বাবে হান্নাই অতি সামান্য মাননিৰ বিনিময়ত থিয়েটাৰত অস্থায়ী শিল্পী হিচাবে গান গাইছিল। নিশাটো কটাবলৈ তেওঁলোক গৈছিল লণ্ডনৰ বিভিন্ন পার্কলৈ। পাৰ্কৰ বেঞ্চত শুয়েই পাৰ কৰিছিল বহুতো দুখৰ ৰাতি।

চার্লিৰ বয়স তেতিয়া মাথোন পাচ বছৰ। মাক হান্নাই আনদিনাৰ দৰেই মঞ্চত গীত পৰিবেশন কৰি আছিল। যোৱা দুদিনমান ধৰি তেওঁৰ অসুখ। গীত পৰিবেশনত যথেষ্ঠ কষ্ট হোৱা স্বত্তেও লৰাদুটাৰ ভোক নিবাৰণৰ বাবে তেওঁ গান গাবই লাগিব। কিন্তু…… কিন্তু আজি তেওঁ যেন অপাৰগ। হান্নাৰ মাতটো সম্পূৰ্ণ বহি গ'ল। গীতটো আধাতে সামৰি তেওঁ চকুলো টুকি মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ হাঁহি আৰু তাচ্ছিল্যই চাৰ্লিক ব্যাথিত কৰি তোলে।মাকৰ দুৰাৱস্থা দেখি পাচ বছৰীয়া চাৰ্লিয়ে মঞ্চলৈ উঠি আহি গাবলৈ ধৰিলে মাকৰ মুখৰ আধৰুৱা গীতটি - "জেক জোনচ ৱেলনৌন টু এভৰি বডি…"

চার্লিৰ গীতে দর্শকক মুগ্ধ কৰি তোলে। হাত চাপৰিৰে তেওঁলোকে চাৰ্লিক উৎসাহিত কৰি আৰু এটি গীতৰ বাবে অনুৰোধ কৰে। চার্লিয়ে মুখেৰে বিভিন্ন ভংগীমা কৰি ক'বলৈ ধৰিলে : মই এতিয়া গান নেগাও। প্ৰথমে পইচাবোৰ বুটলি লও। তাৰ পিছত মই আকৌ গীত গাম। এইবুলি কৈ চাৰ্লিয়ে দৰ্শকে মঞ্চলৈ দলিওৱা পইচাবোৰ বুটলিবলৈ ধৰিলে।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত জীয়াই থকাৰ বাবে চার্লি চেপলিনে প্রথমে এজন মুচিৰ দোকানত কাম কৰিছিল। তাৰপিছত এখন চিকিৎসালয়ত চাফচিকুনতা ৰক্ষাকাৰী সাধাৰণ কৰ্মচাৰী হিচাবে নিয়োজিত হয়। পিছে ইয়াতো সৰহ দিন কাম কৰিবলৈ নেপালে তেওঁ।এইবাৰ এজন মানুহৰ ঘৰত লগুৱা হিচাবে বাচন বৰ্তন ধোৱা কামত ব্ৰতী হয় তেওঁ। তাৰপিছত পৰ্যায়ক্ৰমে চাৰ্লিয়ে কাঁচৰ কাৰষাণা, ৰঙৰ দোকান, লোহাৰ দোকান, ছাপাশাল আদিত কাম কৰাৰ উপৰিওঁ বাতৰি কাগজো বিক্রী কৰিবলগীয়া হৈছিল। সেই সময়ত চার্লি আৰু তেওঁৰ পৰিয়ালৰ অর্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে তেওঁলোকে পেলনীয়া খাদ্যৰেও ভোক নিবাৰণ কৰিবলগীয়া হৈছিল।

মাক হান্নাৰ হাতত ধৰিয়েই চার্লি অভিনয় জগতলৈ আহিল। দুই এটা সৰু সুৰা অভিনয়েৰে সামান্য উপাৰ্জন চলি আছিল। তেনে সময়তেই চার্লিৰ মাতৃ হান্না অসুস্থ হৈ পৰে। মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত চার্লিয়ে সেই সময়ত লণ্ডনৰ বিভিন্ন বাৰবোৰত নাচি টকা উপার্জন কৰিবলগীয়া হৈছিল। ইপিনে অপুষ্টিজনিত ৰোগে চার্লিৰ মাতৃ হান্নাক ভাৰাক্ৰান্ত কৰি পেলাইছিল। আৰ্থিক ভাবে জুৰুলা চাৰ্লিয়ে উপায় নেপায় মাকক এটি আশ্রয় কেন্দ্রলৈ লৈ যায়। এই আশ্ৰয় কেন্দ্ৰতেই চাৰ্লিৰ মাকৰ পৰলোক প্ৰাপ্তি হয়।

১৮৯৮ চনত মাত্ৰ ৯ বছৰ বয়সতে চার্লিয়ে এটি নৃত্য দলত যোগদান কৰে। এই দলটোৰ লগত ঘূৰি বিভিন্ন স্থানত নাচ গান কৰি কোনোমতে দুবেলা দুসাজ খাই তেওঁ জীয়াই আছিল। পৰবৰ্তী সময়ত তেওঁ যুক্ত হৈ পৰে এটি কৌতুক গোষ্ঠীৰ লগত। ইয়াত তেওঁ কৌতুক অভিনয়ৰ উপৰিও মূকাভিনয়ো কৰিবলৈ লয়। দৰ্শকে তেওঁৰ মূকাভিনয় বৰ ভাল পাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ হাতলৈ ধন আহিব ধৰিলে।

সেয়া ১৯১৩ চন। ২৪ বছৰীয়া চার্লি ইংলেণ্ড এৰি আমেৰিকা পালেগৈ। সেই বছৰেই নিউইর্য়ক মোচন কোম্পানীয়ে সপ্তাহত ১৫০ ডলাৰৰ বিনিময়ত চার্লিক চুক্তিবদ্ধ কৰে। লাহে লাহে চাৰ্লিৰ ভাগ্য উদয় হ'বলৈ ধৰে। পৰবৰ্তী বছৰত চাৰ্লিৰ কেইবাখনো ছবি মুক্তি পায়। ৰাতিটোৰ ভিতৰতেই চাৰ্লি পৰিচিত হৈ পৰে চৌদিশে। ১৯১৮ চনৰ পৰা ১৯২৩ চনলৈ পুনৰ ৯ খন চলচিত্রই তেওঁৰ জনপ্ৰিয়তাক সাৰ্বজনীন কৰি তোলে। ১৯২৫ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচিত্ৰৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় "একাডেমী এৱার্ড"। ১৯৩৬ চনত মুক্তি পায় তেওঁৰ অন্যতম জনপ্ৰিয় ছবি "মর্ডান টাইমচ" আৰু ১৯৫২ চনত মুক্তি পায় "লাইম লাইট" নামৰ তেওঁৰ আত্মজীবনীমূলক ছবিখন। এই ছবিখনৰ মাধ্যমেৰে পৃথিৱীৰ সকলো দর্শকে জানিবলৈ পায় অগণন মানুহৰ মুখত হাঁহি বিৰিঙাই সকলোৰে অলক্ষিতে চকুলো টোকা চাৰ্লি চেপলিনৰ দুখময় তথা সংগ্ৰামী শৈশৱ আৰু যৌৱনৰ সেই দিনবোৰৰ কথা।

পুনশ্চ : জীৱনত কিবা এটা কৰিবলৈ বা কিবা এটা পাবলৈ হলে সপোন দেখিবলৈ শিকিব লাগিব। বিল গেইটচ্, মার্ক জুকাৰবার্গ আৰু ষ্টিভ জবচ – এই তিনিওজনৰ মাজত এটা মিল আছে। কি জানেনে? তেওঁলোক তিনিওজনেই ইউনিভাৰ্চিটি "ড্রপ আউট" স্টুডেণ্ট! জুকাৰবাৰ্গৰ বাৰু এটা বেচ্ছেল'ৰ ডিগ্রী আছেই, কিন্তু আন দুজনৰ সেয়াও নাই! শিক্ষাৰ্থী হিচাবে চূড়ান্তভাবে ব্যৰ্থ এই তিনিও জনৰেই কিন্তু আছিল ব্যৰ্থতাক ভৰিৰে মোহাৰি সফলতাৰ পিছত দৌৰাৰ একোটিকৈ দুৰন্ত সপোন আৰু সপোনক বাস্তৱত ৰূপ দিয়াৰ মানসিক দৃঢ়তা।

এণ্ড্ৰু কার্নেগী আছিল অতি গৰীব ঘৰৰ সন্তান। তেওঁ এটি সাধাৰণ কাৰখানাত মজদুৰ হিচাবে কাম আৰম্ভ কৰিছিল আৰু তাৰপৰাই পৰৱৰ্তী সময়ত তেওঁ নিজকে আমেৰিকাৰ অন্যতম শ্রেষ্ঠ ধনী ব্যক্তি হিচাবে প্ৰতিষ্ঠা কৰিছিল। হলিউডৰ বিখ্যাত অভিনেতা ব্রেড পিটে জীৱনৰ আৰম্ভণিতে এখন ৰেষ্টোৰেণ্টত "ৱেইটাৰ" হিচাবে কাম কৰিছিল। দুভৰিৰ যাদুৰে বিশ্বপ্ৰসিদ্ধ ফুটবলাৰ লিওনেল মেচিয়েও ফুটবলৰ প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰিবলৈ চাহৰ দোকানত কাম কৰিছিল।

বিজ্ঞানী টমাচ এলভা এডিচনক ছাত্ৰাৱস্থাত "ঘোলা কণী" বুলি শিক্ষকে উপহাস কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰেল ষ্টেচনত বাতৰি কাকত বিক্ৰী কৰি পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছিল। কিন্তু পিছলৈ এইজন টমাচ এলভা এডিচনেই বৈদ্যুতিক বাল্বৰ পৰা আৰম্ভ কৰি একাধিক আৱিষ্কাৰেৰে এজন বিশ্ববিখ্যাত বিজ্ঞানীলৈ পৰিণত হৈছিল।

প্রতিজন মানুহৰ জীৱনতেই ব্যর্থতা আহে। কোনো সপোনেই এবাৰতেই পূৰণ নহয়। এয়া জীৱনৰেই এটা অংশ। পৃথিবীত অসাধাৰণ সাফল্য সেই সকল মানুহেই অর্জন কৰিছে, যিসকলে বাৰে বাৰে ব্যর্থ হোৱাৰ পিছতো চেষ্টা অব্যাহত ৰাখিছে। এবাৰ ব্যর্থ হোৱাৰ পিছত তেওঁলোকে ভুলৰ পৰা শিক্ষা লৈছে আৰু পৰবৰ্তী প্ৰচেষ্টাত তাক শুধৰাই লৈছে। তেওঁলোকেই এদিন সফলতাৰ শিখৰত আৰোহণ কৰিছে, সলনি কৰি দিছে পৃথিবীৰ ইতিহাস। তেওঁলোক আমাৰ আৰু আমাৰ উত্তৰ পুৰুষসকলৰ বাবে একোজন আদৰ্শ, একোটোকৈ অনুপ্ৰেৰণা।
 

Saturday, 4 April 2020

মঙ্গল গ্ৰহৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত


সূৰ্যোদয় আৰু সূর্যাস্তৰ সময়ত পৃথিৱীৰ আকাশ হেঙুলীয়া হয়। সুৰুযটো ৰঙাকৈ জিলিকি উঠে। দুৰ দিগন্তলৈ আকাশত সানি দিয়ে সোণালী হেঙুলীয়া মুঠি মুঠি ৰং। পৃথিৱীৰ আকাশত সূৰ্যোদয় আৰু সূর্যাস্তই সৃষ্টি কৰে একোটি মায়াময় পৰিবেশৰ। কিন্তু আমাৰ সৌৰজাগতিক প্রতিবেশী গ্রহ মঙ্গলৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূর্যাস্ত দেখাত বাৰু কেনে হ'ব পাৰে?

মঙ্গল এটি ৰঙচুৱা গ্রহ। ইয়াৰ কাৰণ হ'ল মঙ্গল গ্ৰহৰ শিল আৰু মাটিত যথেষ্ঠ পৰিমানে লো, ক্ল'ৰিণ আৰু ছালফাৰ আছে। মঙ্গল গ্ৰহৰ কাৰ্বন ডাইঅক্সাইডেৰে ভৰা বায়ুমণ্ডলৰ প্ৰভাৱত মঙ্গলৰ বুকুত থকা এই শিলাখণ্ডবোৰ যুগ যুগ ধৰি ক্ষয়প্রাপ্ত হৈ আহি ক্ষূদ্ৰ ক্ষূদ্ৰ ধূলিকণালৈ পৰিবৰ্তিত হৈছে। এই ধূলিকণাবোৰৰ ৰং ৰঙা। তদুপৰি মাটিত যথেষ্ঠ পৰিমাণৰ আইৰণ বা লৌহ জাতীয় যৌগ থকা বাবে মঙ্গল গ্রহৰ মাটিও ৰঙচুৱা। মঙ্গলৰ বায়ুমণ্ডলৰ ৰঙচুৱা ধূলিকণা আৰু ৰঙচুৱা মাটিৰ বাবেই পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙচুৱা দেখো।

কিন্তু আচৰিত এয়ে যে ৰঙচুৱা মঙ্গল গ্ৰহত সূৰ্যোদয় আৰু সূর্যাস্তৰ সময়ত কিন্তু সূৰ্যটো হেঙুলীয়া বৰণৰ সলনি নীলা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ গৱেষণা সংস্থা নাছাই মঙ্গল গ্ৰহলৈ পঠিওৱা মহাকাশ যান কিউৰিওছিটিৰ লগত যোৱা ৰোবটটোৱে ২০১৫ চনৰ এপ্ৰিল মাহত মঙ্গল গ্রহৰ বুকুৰ পৰা প্রথমবাৰৰ বাবে মঙ্গলৰ বুকুৰ পৰা পৃথকে পৃথকে সূৰ্যোদয় আৰু সূর্যাস্তৰ ৰঙীণ ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। নাছাৰ বিজ্ঞানী সকলে সেই ছৱিৰ বিশ্লেষণ কৰি জানিবলৈ দিছে যে মঙ্গল গ্রহৰ সূৰ্যোদয় আৰু সূর্যাস্তৰ ৰং নীলা।

নাছাই মঙ্গল গ্ৰহলৈ প্ৰেৰণ কৰা কিউৰিওছিটি ৰোভাৰত থকা ৰোবটটোৱে মঙ্গল গ্রহৰ এটি বৃহৎ খাদ ‘'গেল ক্রেটাৰ''ৰ সমীপৰ পৰা তোলা বিশেষ ছৱিখনত মঙ্গলৰ আকাশৰ নীলাভ দৃশ্য বন্দী হৈছে। দেখাত এখন সৰু গাড়ীৰ দৰে এই স্বয়ংক্রিয় ৰোবটটো ২০১২ চনৰ ০৬ আগষ্টত মঙ্গলৰ বুকুত অবতৰণ কৰে। অৱতৰণৰ প্রায় এহেজাৰ দিন পিছত ৰোবটটো "গেল ক্রেটাৰ"ৰ ওচৰত থমকি ৰয়হি আৰু তাৰ পৰাই সংগ্ৰহ কৰে মঙ্গল গ্ৰহৰ সূৰ্যাস্তৰ ছৱিখন।

নাছাৰ বিজ্ঞানী সকলৰ মতে মঙ্গল গ্ৰহৰ বুকুত থকা ক্ষূদ্ৰ ক্ষূদ্ৰ ৰঙচুৱা ধূলিকণাবোৰ গ্ৰহটোৰ বায়ুমণ্ডলত মিহলি হৈ পৰে। মঙ্গল গ্ৰহৰ ধূলিকণাবোৰ পৃথিৱীৰ ধূলিকণাতকৈ বেছি ক্ষুক্ষ্ম আৰু স্বচ্ছ। উদিত বা অস্তগামী সূৰ্যৰ পোহৰ মঙ্গলৰ বায়ুমণ্ডলত থকা ধূলিকণাবোৰৰ মাজেৰে পাৰ হৈ আহোতে পোহৰৰ বিচ্ছুৰণ ঘটি সূৰ্যৰ সাতটা ৰঙৰ ভিতৰত কেৱল নীলা ৰঙটোহে মঙ্গলৰ পৃষ্ঠত পৰেহি। আৰু সেইবাবেই মঙ্গল গ্ৰহৰ দিগন্তত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ বৰণ নীলা।

Saturday, 28 March 2020

ক'ৰোনা ৰুধিবলৈ ভেকচিন আৱিষ্কাৰ


চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা মাৰাত্মক ক'ৰোনাভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈকে সমগ্ৰ বিশ্বত প্ৰায় ৫,৮০,০০০ জন লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৭,০০০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ চীনৰ পৰা অহা পৰ্যটকৰ যোগেদি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ বিয়পা কৰোনাভাইৰাছৰ সন্ত্ৰাস বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষতো৷ ক'ৰোনা ভাইৰাছৰ সন্দৰ্ভত ইজৰাইলৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে চীনৰ সামৰিক গৱেষণাগাৰত জৈৱ ৰাসায়নিক অস্ত্ৰৰূপে ক'ৰোনাভাইৰাছ উৎপাদন কৰিছিল৷ ৰঙা চীনে শত্ৰুৰ বাবে প্ৰস্তুত কৰা এই যুদ্ধাস্ত্ৰৰূপী ভাইৰাছে পৃথিৱীখনক বিপদৰ মাজলৈ থেলি দিছে৷ লক্ষ্যণীয়ভাৱে ৱাশ্বিংটন প’ষ্টেও সমৰ্থন কৰিছে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই কৰা এই দাবীক৷

মহামাৰী হিচাবে চিহ্নিত হোৱা এই ক'ৰোনা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ গৈ বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্র, ইটালী, স্পেইন আৰু জার্মানীৰ দৰে দেশেও ত্ৰাহি ত্ৰাহি সুঁৱৰিব লগা হৈছে। কাৰণ, ৰহস্যময় এই ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়ালৈ কোনো প্ৰতিষেধক বা ভেকচিন আৱিষ্কাৰ হোৱা নাই। ফলস্বৰূপে ক'ৰোনাত আক্রান্ত আৰু ক'ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা প্রতিনিয়ত ভাবে বৃদ্ধি হৈ আহিছে। সম্প্ৰতি চিকিৎসক সকলে ক'ৰোনাত আক্ৰান্ত ৰোগীৰ অন্যান্য উপসর্গবোৰ বিবেচনা কৰি তাৰ ওপৰতহে চিকিৎসা প্ৰদান কৰি আহিছে।

বৰ্তমান সময়ত চিকিৎসকসকলে বিশেষ কেইবিধ মান ঔষধ ক'ৰোনা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰি আহিছে। সেইবোৰৰ ভিতৰত WHOৰ পৰামৰ্শ অনুযায়ী চিকিৎসক সকলে এবিধ বিশেষ ভাইৰাছ প্ৰতিৰোধী যৌগ "Remdesivir" ব্যৱহাৰ কৰিছে। তদুপৰি মেলেৰীয়া ৰোগত ব্যৱহাৰ কৰা দৰৱ ক্লৰ'কুইন আৰু হাইড্ৰক্সিক্লৰ'কুইনৰ লগতে HIV Drugs যেনে Lopinavir আৰু Ritonavir ৰ এক মিশ্ৰন ব্যৱহাৰ কৰি আহিছে। থিক তেনেদৰে Interferon Alfa 2b নামৰ এক প্ৰকাৰৰ সংশ্লেষিত প্ৰটিনো ক'ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰাৰ বিষয়ে জানিব পৰা গৈছে।

কিন্তু সম্প্ৰতি এটা সুখৱৰ আহিছে। বিশেষজ্ঞ সকলে ক'ৰোনাভাইৰাছত আক্রান্ত হোৱা মানুহৰ বাবে জীৱনদায়ী এক ধৰণৰ চিকিৎসা পদ্ধতিৰ কথা প্রকাশ কৰিছে। নেদাৰলেণ্ডৰ ইৰাছমাছ মেডিকেল চেণ্টাৰ আৰু ৰোটাৰডাম ইউনিভাৰ্চিটিৰ গৱেষকসকলে "দ্য ইৰাছমাছ মেগাজিন" নামৰ জাৰ্নেলখনত প্ৰকাশ কৰা গৱেষণা গ্ৰন্থখনত ক'ৰোনা ভাইৰাছ বা কভিড-১৯ৰ এণ্টিবডি বা প্ৰতিদেহ আবিষ্কাৰৰ কথা ঘোষণা কৰে। বিজ্ঞানী সকলৰ মতে অতি সোনকালেই মানুহে ক'ৰোনাৰ বিৰুদ্ধে আৰম্ভ হোৱা  যুঁজখনত জয় লাভ কৰিব। কিন্তু কেনেকৈ…?

তাৰবাবে চমুকৈ বুজি লোৱা হওঁক - এণ্টিবডি মানে নো কি ? যেতিয়া আমাৰ দেহত কোনো বহিৰাগত পদার্থ বা অনুজীৱ প্রবেশ কৰে, তেতিয়া আমাৰ দেহে সেই পদার্থটো বা অনুজীৱটো চিনাক্ত কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল অনুজীৱ বা বহিৰাগত পদাৰ্থটোৰ দেহৰ অণু-পৰমাণুবোৰ আমাৰ দেহৰ অনুবোৰতকৈ ভিন্ন ৰসায়নিক গুণসম্পন্ন হয়। এই বহিৰাগত অনুবোৰে আমাৰ দেহত এক ধৰণৰ প্রতিৰক্ষী উদ্দীপকৰ ভূমিকা পালন কৰে। এই সময়ত আমাৰ দেহৰ এই অবৈধ অনুপ্রবেশকাৰী অনুবোৰ ধ্বংস কৰাৰ বাবে আমাৰ তেজত থকা "বি লিম্ফোচাইট" কোষবোৰে এক ধৰণৰ প্ৰতিৰক্ষা মূলক পদাৰ্থ নিঃসৰণ কৰিবলৈ আৰম্ভ কৰে। এই প্ৰতিৰক্ষা মূলক পদাৰ্থবোৰকেই প্ৰতিদেহ বা "এণ্টিবডি" বোলা হয়। 

এণ্টিবডিবোৰ যদি এবাৰ উৎপাদন হোৱা আৰম্ভ হয়, তেন্তে এই প্রক্রিয়া অব্যাহত থাকে আৰু আমাৰ দেহৰ তেজত এণ্টিবডিবোৰ প্রবাহমান হৈ থাকে। ইয়াৰ ফলত আমাৰ দেহে সেই বিশেষ অনুজীৱটো বা বহিৰাগত পদাৰ্থবোৰৰ বিৰুদ্ধে যুঁজিবলৈ এক দীর্ঘস্থায়ী অসংক্রম্যতা বা প্ৰতিৰোধ ক্ষমতা লাভ কৰে। জীৱবিজ্ঞানৰ ভাষাত যিকোনো বেক্টেৰীয়া বা ভাইৰাছৰ সংক্ৰমণৰ পিছত আমি যদি সুস্থ হৈ উঠো, তেন্তে আমাৰ দেহত সেই ভাইৰাছ বা বেক্টেৰীয়াটোৰ বিৰুদ্ধে স্বাভাৱিকতেই এটা এণ্টিবডি সৃষ্টি হয় আৰু এই এণ্টিবডিটোৱে পৰৱৰ্তী সময়ত আমাক আজীৱন সেই বেক্টেৰীয়া বা ভাইৰাছৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। 

এতিয়া পুনৰ আহিছো ক'ৰোনা ভাইৰাছৰ প্ৰসংগলৈ। আমি সকলোৱেই জানো যে ক'ৰোনাত আক্ৰান্ত বহুকেইজন ৰোগীয়েই ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু তেওঁলোকে স্বাভাৱিক জীৱনো আৰম্ভ কৰিছে। বিজ্ঞানী সকলৰ মতে তেওঁলোক ভৱিষ্যতে পুনৰ ক'ৰোনাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য। কাৰণ ইতিমধ্যে তেওঁলোকৰ দেহত ক'ৰোনা প্ৰতিৰোধী এক বিশেষ এণ্টিবডি সৃষ্টি হৈছে। নেদাৰলেণ্ডৰ ইৰাছমাছ মেডিকেল চেণ্টাৰ আৰু ৰোটাৰডাম ইউনিভাৰ্চিটিৰ গৱেষক সকলে ক'ৰোনাৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা মানুহৰ তেজৰ নমুনাত সেই বিশেষ এণ্টিবডিৰ চিনাক্তকৰণ আৰু নিষ্কাষণৰ ওপৰতেই গৱেষণা চলাই আহিছিল। 

গৱেষক দলটিৰ মূখ্য গৱেষক তথা ৰোটাৰডাম ইউনিভাৰ্চিটিৰ "চেল বায়োলজি"ৰ অধ্যাপক ফ্রাঙ্ক গ্রোজভেল্ডে বিগত ২৫ মাৰ্চ, ২০২০ তাৰিখে কয় যে ক'ৰোনাৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা ১৮০ জন লোকৰ তেজৰ নমুনা তন্ন তন্নকৈ বিশ্লেষণ কৰি ইতিমধ্যে তেওঁলোকে সেই বিশেষ এণ্টিবডিটো ধৰা পেলোৱাৰ লগতে সফল ভাৱে তেজৰ নমুনাৰ পৰা ইয়াক পৃথকো কৰিছে। অৱশ্যে এই নমুনাৰ বিশুদ্ধিকৰণ হ'বলৈ এতিয়াও বাকী আছে। 

প্রাণঘাতী ক'ৰোনাক জয় কৰি অহা এই ব্যক্তি সকলৰ তেজৰ প্লাজমাত থকা এণ্টবডি বৰ্তমানৰ আক্রান্ত ৰোগীসকলৰ দেহত প্ৰয়োগ কৰিলে সুফল পোৱা যাব। তদুপৰি এই "প্লাজমা এণ্টিবডি"ৰ ইনজেকচন নিৰোগী লোকৰ দেহত প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰি তেওঁলোকৰ "ইমিউন চিষ্টম" বা প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি তেওঁলোকক অসংক্ৰম্যতা প্ৰদান কৰিব পৰা যাব। অৱশ্যে এই ভেকচিন বজাৰত উপলব্ধ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ নতুন ঔষধ বা ভেকচিন এটা বজাৰত উপলব্ধ হোৱাৰ আগত কেইবালানিও Clinical Trialsৰ দেওনা অতিক্ৰম কৰাৰ পিছতহে  এই  ঔষধ বিধক মানুহৰ দেহত প্ৰয়োগ কৰা আৰু বজাৰত বিক্ৰী কৰাৰ বাবে Approval বা লাইচেন্স দিয়া হয়। সকলো থিকে থাকিলে, ক'ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় এই জীৱনদায়ী ঔষধ বা ভেকচিন ২০২০ চনৰ জুন বা জুলাই মাহৰ পিছতহে বজাৰত উপলব্ধ হ'ব।


Link: https://nltimes.nl/2020/03/14/dutch-researchers-first-find-covid-19-antibodies-report

Friday, 27 March 2020

দুগৰাকী বৰেণ্য ব্যক্তিৰ শৈশৱৰ ঘটনাটো


স্কটলেণ্ডৰ এখন সৰু গাওঁ লকফিল্ড। সেই গাওঁ খনতেই হিউ ফ্লেমিং নামৰ এজন দুখীয়া খেতিয়কৰ ঘৰত ১৮৮১ চনৰ ৬ আগষ্টত জন্ম হৈছিল এটি বালকৰ। পিতৃ মাতৃয়ে মৰমতে নাম দিলে "এলেক্স"। মাত্ৰ সাত বছৰ বয়সতেই এলেক্সে তেওঁৰ দেউতাকক হেৰুৱায়। দাৰিদ্রতাই জুমুৰি দি ধৰা পৰিয়ালটিৰ ল'ৰা এলেক্স প্ৰাথমিক শিক্ষাৰ বাবে কোনো ৰকমে স্কুললৈ অহাযোৱা কৰি আছিল। পিন্ধিবলৈ কাপোৰৰ অভাৱৰ বাবে মাজে সময়ে এলেক্সে স্বৰ্গগামী দেউতাকৰ চিন স্বৰূপ হাফপেণ্টটোৱেই কঁকালত ৰচীৰে বান্ধি স্কুললৈ যাবলগীয়া হয়। পিছে, এনেদৰে আৰু কিমান দিন ! চূড়ান্ত আৰ্থিক দুৰাৱস্থাৰ বাবেই এলেক্সে এদিন বিদ্যালয়লৈ যোৱা বন্ধ কৰিবলৈ বাধ্য হ'ল। তাৰ সলনি এলেক্স খুড়াকৰ লগত খেতি পথাৰলৈ যায়।

এদিনৰ কথা। খুড়াকৰ সতে পথাৰত এলেক্স ব্যস্ত হৈ আছিল। তেনেতে তেওঁলোকৰ কাণত পৰিল কোনো অচিনাকী বালকৰ এক আৰ্তস্বৰ। দুয়ো মন কৰিলে যে চিঞৰটো ওচৰৰে পুখুৰীটোৰ দিশৰ পৰাই আহিছে। "বচোৱা, বচোৱা" বুলি কাতৰ ভাৱে চিঞৰিছে বালকজনে।

পথাৰৰ পৰা ৰুদ্ধশ্বাসে দৌৰি আহিল দুয়ো। পুখুৰীৰ ওচৰলৈ গৈ তেওঁলোকে দেখা পালে যে এলেক্সৰ সমবয়সীয়া এজন ল'ৰা পুখুৰীৰ এডিঙি পানীত পৰি ককবকাই আছে। ভয়াৰ্ত বালকজনে প্ৰাণেপণে নিজকে বচাবৰ বাবে প্ৰয়াস কৰিছে। কিন্তু তেওঁ নিজকে বচাব পৰা নাই। ধীৰে ধীৰে তেওঁ পুখুৰীৰ পানীত ডুবি যাব ধৰিছে। মৃত্যুৰ পৰা বাচিবলৈ তেওঁ যুঁজ দি দি ক্ৰমে যেন অসাৰ হৈ পৰিছে। পুখুৰীৰ পাৰত চৌখিন পোচাক পৰিধান কৰা আন এজন ব্যক্তিয়েও বালকজনক বচাবলৈ কাতৰে আৰ্তনাদ কৰি আছে। 

অপৰিচিত ব্যক্তিজনে কাতৰ স্বৰে এলেক্সৰ খুড়াকক ক'বলৈ ধৰিলে : অনুগ্ৰহ কৰি তেওঁক বচাওঁক। মই সাতুৰিব নেজানো। 

যেন সম্বিত ঘূৰাই পালে এলেক্সৰ খুড়াকে। এক মূহুৰ্তও পলম নকৰি তেওঁ পুখুৰীৰ পানীত জপিয়াই  পানীত ডুবিবলৈ ধৰা বালকজনক উদ্ধাৰ কৰি পুখুৰীৰ পাৰলৈ লৈ আহিল। এলেক্সে তেওঁৰ পেটটো হেচুকি মুখেৰে পানীবোৰ উলিয়াই দিলে। এক নিশ্চিত মৃত্যুৰ পৰা হাত সাৰি অহা বালকজনৰ চকুৱে মুখে তেতিয়াও অজান ভয়ৰ ছাপ পৰিষ্কাৰ। বালকজনৰ লগত অহা চৌখিন পোচাক পৰিধান কৰা লোকজনে এলেক্স আৰু তেওঁৰ খুড়াকৰ নাম ঠিকনাবোৰ লৈ ধন্যবাদ জনাই গুছি গ'ল।

ঠিক তাৰ পিছদিনা এলেক্সহঁতৰ ঘৰৰ সন্মুখত ৰ'লহি এখন বিলাসী ঘোৰাগাড়ী। ঘোৰাগাড়ী খনৰ পৰা প্ৰথমে নামি আহিল অস্ত্ৰশস্ত্ৰৰে সজ্জিত এজন গাৰ্ড। গাৰ্ডজনে ঘোৰাগাড়ীৰ দৰ্জাখন মেলি এক বিশেষ ভঙ্গীমাৰে থিয় হোৱাৰ পিছতেই নামিল পৰিষ্কাৰ পোচাক পৰিধান কৰা এজন সম্ভ্রান্ত ভদ্রলোক। দুয়ো গাড়ীখনৰ পৰা নামি এলেক্সহঁতৰ ঘৰৰ জপনা পাৰ হৈ চোতাল পালেহি। এলেক্সহঁতৰ পৰিয়ালৰ মানুহবোৰ হতভম্ব। 

ভদ্ৰলোকজনে অত্যন্ত বিনয়েৰে সুধিলে : পুখুৰীৰ পানীৰ পৰা ল'ৰাজনক কালি আপোনালোকেই উদ্ধাৰ কৰিছিল, নহয়নে?

ভয় আৰু আশংকাৰে সন্মতিসূচক ইংগিত এটাৰে মুৰটো দুপিয়ালে এলেক্সৰ খুড়াকে।

ভদ্ৰলোকজনে ক'বলৈ ধৰিলে : সেই ল'ৰাজন মোৰেই সন্তান। আপনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ। আপোনালোকে যি উপকাৰ কৰিল, তাৰ প্রতিদান দিবলৈ মোৰ একোৱেই নাই। তথাপি মই আনন্দিত হ'ম যদি আপোনালোকক কিবা সহায় কৰিব পাৰো।

অতি আধ্যৱন্ত এনে এজন মানুহ দুখীয়া কৃষকৰ পঁজাত দেখি ভয় আৰু বিস্ময়ত বিতত হৈ পৰা এলেক্সহঁত নিশ্চুপ হৈ পৰিছিল। কোনোমতে সাহস গোটাই এলেক্সৰ খুড়াকে ক'লে : মহাশয়, আমি যি কৰিছো তাৰ কোনো প্রতিদান আমি নিবিছাৰো। ল'ৰাজনক ৰক্ষা কৰাতো মোৰ কৰ্তব্য আছিল। তাৰবাবে আমি আপোনাৰ পৰা একো নিবিছাৰো।আশাকৰো আপুনি আমাক ক্ষমা কৰিব।

এনেতে ভদ্ৰলোকজনৰ চকুত পৰিল ওচৰতে ৰৈ থকা তেওঁৰ ল'ৰাৰ সমবয়সীয়া এলেক্সৰ ওপৰত। তেখেতে সুধিলে, "এইজন আপোনাৰ ল'ৰা?"

এলেক্সৰ দেউতাকৰ মৃত্যুৰ পিছত নিসন্তান খুড়াকে এলেক্সক বৰ মৰমেৰে ডাঙৰ কৰিছিল। তেওঁ এলেক্সক নিজৰ ওচৰলৈ টানি আনি সাৱটি ধৰি ক'লে, "হয়, এলেক্স মোৰেই ল'ৰা।"

ভদ্ৰলোকজনৰ মুখত এটা হাহি বিৰিঙি উঠিল। তেওঁ ক'লে : আপুনি মোৰ এটা কথা ৰাখিব লাগিব। আপোনাৰ এই ল'ৰাটোক মই নিজৰ লগত ৰাখি পঢ়াশুনাৰ সমস্ত দায়িত্ব ল'ম। তাক চহৰৰ ভাল স্কুলত মোৰ ল'ৰাৰ লগত একেলগে পঢ়িবলৈ সুবিধা কৰি দিম। চাব, এদিন আপোনাৰ ল'ৰা খুব ভাল হব। হয়তো এদিন তাকলৈ গৌৰৱ কৰিব পাৰিব।"

ভদ্ৰলোকৰ কথা শুনি এলেক্স আৰু মাকৰ চকুত আনন্দৰ ভাৱ ফুটি উঠিছিল। এলেক্সৰ খুড়াকেও তেওঁলোকৰ চকুত ফুটি উঠা আনন্দৰ চিন ভালদৰেই বুজি পাইছিল। খুড়াকে ভদ্ৰলোকৰ কথাত মান্তি হোৱাত এলেক্স ভদ্ৰলোকজনৰ লগত গুছি গ'ল।

ভদ্ৰলোকজনেও তেওঁৰ কথা ৰাখি এলেক্সক নিজৰ ল'ৰা উইনষ্টনৰ লগত একেখন স্কুলতে নাম লিখি দিলে। কালক্ৰমত দুয়ো বৰ ভাল বন্ধুও হৈ পৰিল। বিদ্যালয়ত এলেক্সৰ ৰাপ বিজ্ঞান আৰু উইনষ্টনৰ ৰাপ কলা বিষয়ত। দুয়োজনেই পঢ়াশুনাতো ভাল। যথা সময়ত এলেক্সে বিদ্যালয়ৰ শিক্ষা সুখ্যাতিৰে সাং কৰি এজন চিকিৎসক হোৱাৰ আশাৰে লণ্ডনৰ চেইন্ট মেৰিজ হস্পিতাল মেডিকেল কলেজত আৰু উইনষ্টনে সেনাবাহিনীত যোগ দিয়াৰ আশাৰে লণ্ডনৰ হাৰাও ৰাইফেল কর্পোৰেশনত নামভৰ্তি কৰে।

পৰবর্তী সময়ত এলেক্সে সমগ্ৰ বিশ্বকে প্ৰথম এণ্টিবায়টিক "পেনিচিলিন" আৱিষ্কাৰেৰে ধন্য কৰি গ'ল। এই দুখীয়া কৃষকৰ সন্তান এলেক্সেই হ'ল নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী চাৰ আলেকজেণ্ডাৰ ফ্লেমিং। আৰু পুখুৰীৰ পানীত ডুবিবলৈ ওলোৱা অভিজাত পৰিয়ালৰ ল'ৰাজনেই হ'ল ইউনাইটেড কিংডমৰ প্ৰধান মন্ত্ৰী তথা নবেল বঁটা বিজয়ী সুলেখক চাৰ উইনষ্টন চার্চিল।

{Based on an Urban Myth}
উৎস : Internet

Tuesday, 24 March 2020

অতৃপ্ত সপোনৰ মেতমৰা বোজাবোৰ


সেয়া মোৰ সোণালী শৈশৱৰ কথা। মায়ে হাতখন মোৰ মুৰত থৈ আশীর্বাদ দি কৈছিল : "ভালদৰে পঢ়া-শুনা কৰা, ভাল মানুহ হ'ব লাগিব৷ তাতোকৈয়ো ডাঙৰ কথাটো হ'ল জীৱনত সফল হ’ব লাগিব……।" দেউতাই আনি দিয়া নতুন কিতাপৰ গোন্ধটো গভীৰভাৱে বুকুলৈ টানি নি অনুভৱ কৰিবলৈ চেষ্টা কৰো যে এই পাঠ্যপুথি বোৰৰ মাজতেই ক'ৰবাত হয়তো লুকাই আছে সফল হোৱাৰ গোপন মন্ত্ৰ। 

গৰমৰ বন্ধত ককাহঁতৰ ঘৰলৈ গ'লে চোতালত বহি মোৰ নিৰক্ষৰ আইতাই প্ৰায়েই মোক শুনাইছিল নীতি বচনেৰে ভৰা সাধুকথাবোৰ। সাধুবোৰ শেষ হোৱাৰ পিছত মায়ে সুধিছিল : সাধুটোৰ পৰা কি বুজি পালা? পাকে প্ৰকান্তৰে মায়ে মোক বুজাবলৈ চেষ্টা কৰিছিল সাধুটোৰ মাজত লুকাই থকা গূঢ়াৰ্থখিনি। উদ্দেশ্য মোক সফল হোৱাৰ দিশত আগবঢ়াই নিয়া।

স্কুলত হেডচাৰে অঙ্কৰ কিতাপখন সামৰি থৈ হাতত সৌকাডাল লৈ গলগলীয়া মাতেৰে প্ৰায়েই কৈছিল : ভালদৰে পঢ়িবি। হাতৰ আখৰবোৰ ভাল কৰিবি। সেই সময়ত চেকনিৰ আগত বিদ্যা আছিল। স্বীকাৰ কৰিবই লাগিব যে আমাৰ দৰে নিম্ন বুদ্ধিৰ ছাত্ৰবোৰৰ বাবে সেই ব্যৱস্থাটো বৰ জৰুৰীও আছিল। সেই সৌকাৰ কোববোৰতেই যেন লুকাই আছিল "মানুহ হোৱা" ভৱিষ্যতৰ একাজঁলি প্ৰতিশ্ৰুতি। ভূগোলৰ চাৰ আৰু মৌখিকৰ চাৰ শ্ৰেণীলৈ আহিলৈ সৌকা দাল লগত আহিবই। আঠুকঢ়া, কাণত ধৰা, বেঞ্চৰ ওপৰত থিয় হোৱাবোৰতো আছেই।

তেতিয়া পঞ্চম শ্ৰেণীত। প্ৰথমবাৰলৈ পাঠ্যক্ৰমত ইংৰাজী বিষয়টো আহিল। ইংৰাজী বৰ্ণমালাৰ লগত চিনাকী পৰ্ব চলি আছিল। চাৰে শিকোৱাৰ দৰে ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ কোনোমতেই ভাল কৰিব পৰা নাই। চেষ্টা নকৰাও নহয়। চাওঁতে চাওঁতে ছয়মাহিলী পৰীক্ষাৰ সময়েই হ'ল। এদিনাখনৰ কথা। চাৰে "হোমৱৰ্ক" দিছিল। নিয়মমাফিক কৰিও আনিছিলোঁ। বহীখন জমা দি শ্ৰেণীত বহি আছো। কিছুপৰ পিছত হঠাতেই এহাতত মোৰ বহীখন আৰু আনখন হাতত সৌকাডাল লৈ চাৰে গৰ্জন কৰি উঠিল : উঠি আহ,  এইবোৰ কাৰ মুৰ লিখিছ? ইতিমধ্যে মই বুজি উঠিছিলোঁ যে আজি নিস্তাৰ নাই…। 

ভৰিত এচাত দি বহীখনৰ পিনে সৌকাডালেৰে টোঁৱাই চাৰে ক'বলৈ ধৰিলে : এইবোৰ আখৰ নেকি? তোৰ মুৰটো লিখি আনিছ। খঙৰ ভমকত চাৰে খিৰিকীৰে মোৰ বহীখন দলিয়াই দিলে। বহীখন গৈ স্কুলৰ চৌহদৰ বাহিৰৰ ঢেকীয়াৰ মাজত পৰিলগৈ। লেইজাৰত মই জেওঁৰা পাৰ হৈ ঢেকীয়াৰ মাজৰ পৰা ইংৰাজীৰ বহীখন উঠাই আনিছিলোগৈ। চাৰৰ প্ৰতি কোনোদিনেই মোৰ শ্ৰদ্ধা কমি যোৱা নাছিল। আজি অৱশ্যে মোৰ ইংৰাজীৰ লগতে অসমীয়া হাতৰ আখৰবোৰ ভাল বুলি সকলোৱে কয়। তাৰ সমস্ত কৃতিত্ব চাৰৰ। ইয়াত মোৰ কোনো কৃতিত্ব নাই।

দিনবোৰ পাৰ হৈ গ’ল। সময়ৰ সোঁতত আইতাও এদিন এই পৃথিৱীখন এৰি গুচি গ’ল৷ পুৰণি এলবামত থকা আইতাৰ ফটোখন দেখিলে মনত পৰে তেওঁৰ সেই সাধুকথাবোৰলৈ৷ স্কুলীয়া দিনৰ হেডচাৰো স্বৰ্গগামী হ'ল। সময়ৰ কঠিন হাতে মোৰ মা আৰু দেউতাকো স্পৰ্শ কৰিছে। আজি পঞ্চাশৰ দেওঁনা অতিক্ৰম কৰি মই প্ৰায়েই অনুভৱ কৰিব চেষ্টা কৰো তাহানিতে দেউতাই দোকানৰ পৰা আনি দিয়া নতুন পাঠ্যপুথিৰ সেই আমোলমোল গোন্ধটো, মায়ে মোৰ মুৰত আঁকি দিয়া তেওঁৰ হাতৰ সেই কোমল ঐশ্বৰীক স্পৰ্শটো, হেডচাৰৰ সেই গলগলীয়া মাতটো অথবা স্কুলীয়া দিনৰ সৌকাৰ কোবকেইটা……। প্ৰতিটোৰ মাজতেইতো লুকাই আছিল মোক "মানুহ" হিচাবে গঢ় দিয়াৰ একান্ত প্ৰয়াস। 

এতিয়া আজৰি পৰত প্ৰায়েই অতীতলৈ ঘূৰি যাওঁ। আচলতে স্মৃতিয়ে আমনি কৰে। অতীতৰ মাজত হেৰাই নগৈ নিজকে প্রশ্ন কৰোঁ, - মায়ে আশাকৰাৰ দৰেই জীৱনত বাৰু সফল হ’লোঁ নে? হেডচাৰৰ কথাবোৰ মই ৰাখিব পাৰিলোঁনে? আইতাৰ সাধুবোৰ বাৰু অথলেই গ'ল নেকি? আৰু কিমান দূৰ আগুৱাই গ’লে বাৰু মানুহ সফল হয়? সফলতাৰ সংজ্ঞাই বা কি?

সাধাৰণ অৰ্থত সফল মানুহ বুলিলে টনকিয়াল আৰ্থিক অৱস্থা, ঘৰ, মাটি, গাড়ী ইত্যাদি বহুতো স্থাৱৰ-অস্থাৱৰ সম্পত্তি, সামাজিক প্ৰতিপত্তি, পিন্ধন-উৰণ, চাল-চলন আৰু সামগ্ৰিক জীৱন শৈলীত ফুটি উঠা সম্ভ্ৰম ইত্যাদিৰ অধিকাৰী হৈ উঠিব পাৰিলেই সফল মানুহ। কিন্তু হোমেন বৰগোহাঞিদেৱে লিখিছিল যে সফলতাই মানুহৰ ব্যক্তিত্বৰ পৰম মানদণ্ড হʼব নোৱাৰে। মানুহৰ গুণসমূহ যেনে সততা, কৰ্মনিষ্ঠা, সাহস, দয়া, ক্ষমা,  পৰোপকাৰিতা ইত্যাদিবোৰ যদি মানুহৰ ধনাত্মক পৰিচয় হয়, তেন্তে তেওঁ হয়তো এজন সফল ব্যক্তি। সফল মানুহ সেইজনহে, যিয়ে আনৰ জীৱনত জ্ঞাত বা অজ্ঞাতভাৱে হʼলেও ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 

দেউতাই কৈছিল : "সফল হʼবলৈ জীৱনত এটা লক্ষ্য থকাটো অনিবাৰ্য্য। লক্ষ্য নোহোৱাকৈ সফলতাৰ কথা চিন্তা কৰাতো অবান্তৰ। আনহাতে লক্ষ্যত উপনীত হ'বলৈ লাগিব ঐকান্তিক চেষ্টা। জীৱনত যদি কোনো লক্ষ্যই নাথাকে তেন্তে সেই জীৱন এক দুখজনক অপব্যয় মাথোন……।"

এৰা, দেউতাই থিকেই কৈছিল। লক্ষ্য থিৰ কৰি লৈছিলোঁ। হয়তো চেষ্টাত কোনো ক্ৰুটি ৰৈ গ'ল। যিকোনো ক্ষেত্ৰতে লক্ষ্য সদায়েই প্ৰত্যাহ্বাণপূৰ্ণ। এই প্ৰত্যাহ্বাণে মানুহৰ আভ্যন্তৰীণ শক্তিক জাগৃত কৰি তেওঁক শক্তিমন্ত কৰি তুলিব পাৰিব লাগিব। হয়তো প্ৰত্যাহ্বাণৰ সন্মূখত মই হাৰি গ'লো। সম্ভাৱনাৰ মৰীচিকাৰ পিছত দৌৰি দৌৰি মই যেন পথভ্ৰষ্ট হ'লো। দেউতাই সাৱধানত বাণীত কোৱাৰ দৰেই জীৱনটো কিজানি দুখজনক অপব্যয়লৈ পৰ্যবেশিত হ'ল।

কেতিয়াবা নিজকে সান্তনা দিওঁ যে মই জীৱনৰ লক্ষ্য বুলি দৰাচলতে মোৰ আকাংক্ষা বোৰকেই থিৰ কৰি লৈছিলোঁ আৰু জীৱনকালত সেই আকাংক্ষা বোৰকেই পূৰ্ণ কৰিব খুজিছিলোঁ। মোৰ অপৰিপক্ক শৈশৱকালৰ সেই আকাংক্ষা সমূহকেই জীৱনৰ লক্ষ্য হিচাপে থিৰ কৰি লোৱাতোৱেই মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ ভুল আছিল। 

কোনোবা এজনে কৈছিল সফলতা অথবা বিফলতা বিচাৰ কৰিবলৈ সময় নথকাটোৱেই হ’ল মানুহৰ জীৱনৰ সফলতা৷ পোৱা-নোপোৱাৰ হিচাপবোৰ কৰি নেথাকি কাম কৰি আগুৱাই যাব পৰাতোৱেই জীৱনৰ প্ৰকৃত সফলতা৷ মই জানো - দৰচলতে মই নিজকে ফাঁকি দি সান্তনা লভাৰ প্ৰয়াস কৰিছোঁ। তাৰ প্ৰধান কাৰণ হ'ল জীৱনত সফলতাৰ সলনি কেৱল বিফলতাৰ সতেহে মই মোকাবিলা কৰি আহিছোঁ অহৰহ। মই জানো যে যিকোনো কামৰ আৰম্ভণিতেই ব্যর্থতা অহাতো খুবেই স্বাভাবিক। জীৱনটো যেনেকৈ পুষ্পশয্যা নহয় তেনেকৈ জীৱনত সফলতা লাভৰো কোনো চমু পথ নাই। মোৰ জীৱনৰ দীঘলীয়া বিফলতাৰ তালিকাখনে অৱশ্যেই মোক জোকাৰি যায়। সঘনে মোক ব্যতিব্যস্ত কৰি ৰাখে। তেনে কঠিনতম সময়বোৰত মোৰ দুচকুত ভাঁহি উঠে প্ৰতিজন শুভাকাংক্ষীৰ ছৱি যিসকলে মোক "মানুহ" হিচাবে গঢ় দিবলৈ অহৰহ চেষ্টা কৰিছিল। শৈশৱৰ পৰা সদায়েই মোক সফল হিচাবে গঢ় দিবলৈ চেষ্টা কৰি অহা মোৰ শিক্ষাগুৰু সকলৰ ঐকান্তিক প্ৰচেষ্টাবোৰ, দেউতাৰ চকুৰ আশাভৰা আকুল চাঁৱনিটো, আইতাৰ সাধুকথাবোৰ অথবা মাৰ হাতৰ সেই ঐশ্বৰীক পৰশত লাগি থকা প্ৰেৰণাময় আশীষবোৰৰ ওচৰত আজি মই কিদৰে ক্ষমা খোজো বাৰু ?