বিশ্বৰ অন্যান্য মহাকাশ সংস্থাৰ লগতে ভাৰতৰ এৰোস্পেচ খণ্ডতো সম্প্ৰসাৰণৰ বাবে নতুন নীতি প্ৰণয়ন কৰা হৈছে আৰু আমেৰিকাৰ শৈলীত ভাৰতীয় মহাকাশ উদ্যোগত ব্যক্তিগত খণ্ডকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি ইছৰোত এফ. ডি. আই. অনুমোদন কৰা হৈছে যাতে ইছৰ’ই এতিয়ালৈকে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰে। ২০৪০ চনৰ ভিতৰত বিশ্বৰ মহাকাশ বজাৰ খনৰ মূল্য প্ৰায় ২ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে, যাৰ বাবে ভাৰতীয় মহাকাশ সংস্থা "ইছৰো"ৱে অধিক কাৰ্যক্ষম হৈ উঠাৰ লগতে সংস্থাটোৱে বিশ্বৰ মহাকাশ বজাৰখনত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে।
২০১৭ চনতেই চেন্নাইত প্ৰতিষ্ঠা কৰা হৈছিল অগ্নিকুল কচমছ। শ্ৰীনাথ ৰবিচন্দ্ৰন, মইন এছ. পি. এম. আৰু আই. আই. টি. মাদ্ৰাজৰ অধ্যাপক এছ. আৰ. চক্ৰৱৰ্তীয়ে যৌথভাৱে আৰম্ভ কৰিছিল অগ্নিকুল কচমচ। বৰ্তমান তিনিও গৰাকী মহাকাশ বিজ্ঞানীয়ে মিলি আনন্দ মহিন্দ্ৰাই প্ৰদান কৰা পুঁজিৰে অগ্নিকুল কচমছৰ বাবে আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তি আৰু ভূমি পৰীক্ষণৰ দৰে বিভিন্ন কাম কাজবোৰ কৰি আহিছে। বিগত সময়োৱাত ক'ভিড মহামাৰীৰ বাবে অগ্নিকুল কচমচৰ কাম কাজবোৰত বাধা আহি পৰিছিল যদিও বৰ্তমান অগ্নিকুল কচমচে ক্ষিপ্ৰতাৰে কাম কাজবোৰ আগবঢ়াই নিছে। মেফিল্ড ইণ্ডিয়াৰ মেনেজিং পাৰ্টনাৰ বিক্ৰম গডছে অচিৰেই অগ্নিকুল কচমছৰ ব’ৰ্ডত যোগদান কৰিব। বৰ্তমান অগ্নিকুলে নিৰ্মাণ কৰি আছে এটা সৰু ব্যক্তিগত ৰকেট বা উৎক্ষেপণ যান। এই ৰকেটৰ নাম অগ্নিবান। এই উৎক্ষেপণ যানখনে পৃথিৱীৰ নিম্ন কক্ষপথত ১০০ কিলোগ্ৰাম পৰ্যন্ত উপগ্ৰহ স্থাপন কৰিবলৈ সক্ষম হ'ব।








