Sunday, 17 November 2024
কাফ্কা আৰু এটি ভ্ৰমণকাৰী পুতলা
Friday, 15 November 2024
On not being a Medical Practitioner
ষ্টাৰলিংক : ইন্টাৰনেটৰ নতুন দিগন্ত
Friday, 20 September 2024
ৰাণাদালৈ ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি

Thursday, 19 September 2024
ভাৰতীয় মহাকাশ ষ্টেচন
কে. সিভানৰ অৱসৰৰ পিছত ২০২৩ চনত ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ এছ. সোমানাথে কৈছিল যে ইতিমধ্যে ইছৰোৰ গগনযান কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীক সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে মহাকাশলৈ প্ৰেৰন কৰিবলৈ "স্পেচ ফ্লাইট"ৰ কাম কাজবোৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু ইয়াৰ পিছতেই পৰৱৰ্তী মডিউলসমূহত ভাৰতৰ নিজস্ব "স্পেচ ষ্টেচন" নিৰ্মাণৰ প্ৰক্ৰিয়াটো তৰান্বিত কৰা হ'ব।
প্ৰস্তাৱিত এই মহাকাশ ষ্টেচন প্ৰকল্পৰ সময়সীমা ব্যাপক। আগন্তুক ২০ বছৰৰ ভিতৰত ভাৰতৰ নিজস্ব মহাকাশ ষ্টেচন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পৰিকল্পনাক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছে। ২০২৫ চনৰ পৰা ভাৰতীয় মহাকাশ ষ্টেচনৰ বাবে উন্নয়নমূলক পৰীক্ষাবোৰ আৰম্ভ হ’ব আৰু ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ ষ্টেচন প্ৰকল্পটোৰ চূড়ান্ত সংস্কৰণটো নিৰ্মাণ সম্পূৰ্ণ হ'ব। অৱশ্যে ইয়াৰ পূৰ্বে অৰ্থাৎ ২০২৮ চনত ইছৰোৱে মহাকাশ ষ্টেচনৰ এটা প্ৰাথমিক মডেল স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগে লগে ২০৪০ চনৰ ভিতৰত ইছৰোৱে চন্দ্ৰলৈ এটা মানৱ অভিযান সম্পন্ন কৰাৰো প্ৰস্তুতি আৰম্ভ কৰিছে। এই পৰিকল্পনাৰ অংশ হিচাবে সোনকালেই মানৱহীন চন্দ্ৰযান-৪ অভিযান আৰম্ভ হ'ব, যত জোনবাইৰ বুকুৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি মহাকাশযান পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলি আছে।
তলত দিয়া ইছৰোৰ লিংকটো খুলি অধিক তথ্য চাব পাৰে 👇
https://www.isro.gov.in/
পৃথিৱীৰো এটা আঙুঠি আছিল
প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত, বহুত উল্কাপিণ্ডই আমাৰ পৃথিৱীত একেলেথাৰিয়ে খুন্দিয়াইছিল। ইয়াৰ ফলত পৃথিৱীৰ বুকুত ভূতাত্ত্বিকভাৱে অতি কম সময়ৰ ভিতৰতে বহুতো খাদৰ সৃষ্টি হৈছিল। বৰ্তমান সময়ত আমি উল্কাপিণ্ডৰ আঘাতৰ ফলত সৃষ্টি হোৱা এনে ২১টা খাদৰ বিষয়ে জানো। তদুপৰি ইউৰোপ, ৰাছিয়া আৰু চীনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বিভিন্ন শিলাখণ্ডবোৰত উল্কাপিণ্ডৰ অৱশেষৰ সন্ধান পোৱা গৈছে।
অষ্ট্ৰেলিয়াৰ ম'নাচ বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ববিদ এণ্ডি টমকিন্স আৰু তেখেতৰ সহকর্মীসকলে সম্পন্ন কৰা গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি পৃথিৱীৰ সৈতে সংঘটিত হোৱা এনে মহাজাগতিক সংঘৰ্ষৰ ফলত আজিৰ পৰা প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত এটা ডাঙৰ গ্ৰহাণু চূৰ্ণ বিচূৰ্ণ হৈ গ্ৰহাণুটোৰ ধ্বংসাৱশেষবোৰে বহুদিন ধৰি পৃথিৱীৰ বুকুত উল্কাপাতৰ সৃষ্টি কৰিছিল আৰু আপেক্ষিক ভাবে সৰু সৰু ধ্বংসাৱশেষবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ দ্বাৰা প্ৰভাৱিত হৈ পৃথিৱীৰ বিষুৱৰেখাৰ চাৰিওফালে ধ্বংসাবশেষৰ এটা বলয়ৰ সৃষ্টি কৰিছিল আৰু এই বলয়টোৱে সৌৰজগতৰ শনি গ্ৰহৰ চাৰিওফালে থকা আঙুঠিটোৰ দৰেই আমাৰ পৃথিৱীৰ চৌদিশে পৰিক্ৰমা কৰিছিল।
প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত, আমাৰ পৃথিৱীখন নাটকীয়ভাৱে ঠাণ্ডা হ’বলৈ আৰম্ভ কৰিছিল আৰু হিমযুগৰ আৰম্ভনি হৈছিল। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ চৌদিশে সৃষ্টি হোৱা এই:আঙঠিটোৰ বাবেই পৃথিৱীলৈ হিমযুগ আহিছিল।
তলৰ লিংকটো চাব পাৰে
https://www.monash.edu/science/news-events/news/current/earth-may-have-had-a-ring-system-466-million-years-ago
Sunday, 15 September 2024
এটা নতুন জোনবাই
সূৰ্যৰ মাধ্যকৰ্ষণ বলৰ প্ৰভাৱত সৌৰজগতৰ ভিতৰত ঘূৰি ফুৰা এই গ্ৰহাণুটোক পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে কিছু সময়ৰ বাবে টানি আনিব। অহা ২৯ ছেপ্টেম্বৰত পৃথিৱীৰ চৌদিশৰ এক নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰি এই গ্ৰহাণুটো অহা ২৫ নৱেম্বৰলৈকে পৃথিৱীৰ চৌদিশে ঘূৰি থাকিব। বিজ্ঞানীসকলে এই পৰিঘটনাক এক দুৰ্লভ মহাজাগতিক ঘটনা বুলি বৰ্ণনা কৰিছে।
''২০২৪ পিটি৫'' নামৰ এই গ্ৰহাণুটো প্ৰায় ৩৩ ফুট ব্যাসৰ এক প্ৰকাণ্ড শিলাখণ্ড। যদিও এই গ্ৰহাণুটোৱে পৃথিৱীৰ চৌদিশৰ কক্ষপথত ঘূৰিব, গ্ৰহাণুটোৱে কিন্তু পৃথিৱী চৌদিশে এটা সম্পূৰ্ণ পৰিক্ৰমা সমাপ্ত কৰিব নোৱাৰে। তাৰ সলনি ই পৃথিৱীৰ চাৰিওফালে অৰ্ধবৃত্তাকাৰ এক কক্ষৰে ঘূৰি ২৫ নৱেম্বৰৰ দিনা পুনৰ মহাকাশত বিলীন হৈ যাব।
‘'২০২৪ পিটি৫’' ক্ষূদ্ৰাকৃতিৰ হোৱাৰ লগতে এক ক্ষন্তেকীয়া মহাজাগতিক অতিথি হ'লেও, ই মহাকাশ বিজ্ঞানীসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ ইয়াৰ সহায়ত বিজ্ঞানীসকলে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত গ্ৰহাণুবোৰৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। এই তথ্যবোৰে আগলৈ পৃথিৱীত খুন্দা খোৱাৰ সম্ভাৱনা থকা গ্ৰহাণুবোৰৰ বিষয়ে গৱেষণাৰ কামত যথেষ্ঠ সহায় কৰিব। বৰ্তমান, পৃথিৱীৰ কক্ষপথলৈ সেই নতুন মহাজাগতিক অতিথিৰ আগমনৰ বাবে বিজ্ঞানীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে।
তলৰ লিংকটো খুলি চাব পাৰে:
https://eyes.nasa.gov/apps/asteroids/#/home
Tuesday, 3 September 2024
পোহৰ আৰু সময়
পোহৰৰ বেগত গতি কৰিলে, সকলো ঘড়ী থমকি ৰয়। শূন্য আকাৰ বা ছিঙ্গুলাৰিটিলৈ সংকুচিত হয় মহাবিশ্ব। গতিশীল ঘড়ীবোৰ স্থিৰ অৱস্থাৰ ঘড়ীবোৰৰ তুলনাত লেহেমীয়া হয়। যেতিয়া কোনো গতিশীল ঘড়ীৰ বেগ, পোহৰৰ বেগৰ প্ৰায় সমান হয়, তেতিয়া সেই ঘড়ীৰ কাটাবোৰ প্ৰায় স্তব্ধ হৈ পৰে। এইখিনিতেই আমি এটা আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ - যিহেতু তীব্ৰগতি সম্পন্ন ফোটন কণাবোৰে পোহৰৰ বেগত গতি কৰে আৰু পোহৰৰ বেগেই গতিশীল সকলো বস্তুৰ বেগৰ চূড়ান্ত সীমা, তেনে ক্ষেত্ৰত পোহৰ বা পোহৰৰ ফোটন কণাবোৰৰ বাবে "সময়" বুলি কিবা এটা ভৌতিক ৰাশি থকাটো সম্ভৱ নে? পোহৰৰ বাবে সময় সদায়েই স্থবিৰ নহয়নে?
Saturday, 31 August 2024
অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং
অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং (Subconscious negative programming) মানে কেতবোৰ প্ৰচলিত বিশ্বাস, চিন্তা বা মনোভাৱক বুজায় যিবোৰ মানুহৰ অৱচেতন মনৰ মাজত লুকাই থাকি মানুহৰ আচৰণ আৰু দৃষ্টিভংগীক ঋণাত্মক দিশত প্ৰভাৱিত কৰে। এই ধাৰণাবোৰ সাধাৰণতে পূৰ্বৰ কিছুমান অভিজ্ঞতা, আনৰ পৰা শুনা কিছুমান ঘটনাৰ বৰ্ণনা অথবা নিজৰ জীৱনৰ বিফলতাৰ পৰাই গঢ় লৈ উঠে।
উদাহৰণস্বৰূপে, যদি কোনোৱে বাৰে বাৰে আনৰ মুখত যেনে পিতৃ-মাতৃ, আত্মীয়-স্বজন বা গুৰুৰ পৰা শুনে যে "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা", - তেন্তে এই কথাবোৰ ব্যক্তিজনৰ অৱচেতন মনত ছাপ বহুৱাই ৰৈ যায়। ফলত, তেওঁলোকে অজানিতে নিজৰ প্ৰচেষ্টাবোৰকেই ব্যৰ্থ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকলৈ অহা সুযোগবোৰৰ সৎব্যৱহাৰ নকৰি সেইবোৰ অনায়াসে এৰি দিয়ে।
আমাৰ মনক প্ৰফুল্লিত কৰি ৰখাৰ বাবে পুনৰায় প্ৰগ্ৰেমিং কৰাটো অত্যন্ত জৰুৰী। আমাৰ কেতিয়াবা এনে লাগে যেন আমি নিজেই নিজৰ বাবে এখন বাধাৰ প্ৰাচীৰ। মনোবিজ্ঞানী সকলৰ মতে এয়া অৱচেতন মনৰ নেগেটিভ প্ৰগ্ৰেমিঙৰ ফল। সেই সময়ত আমাৰ ঋণাত্মক বিশ্বাসবোৰ বেছি গভীৰ হয়, যিবোৰে আমাক কানে কানে কৈ যায়হি যে - "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা"। যিসকল মানুহে এই সময়খিনিতেই নিজৰ মনক পুনৰায় প্ৰোগ্ৰামিং কৰাই ল'ব, তেওঁলোকৰ মনৰ পৰা নেগেটিভ চিন্তাবোৰ লাহে লাহে নোহোৱা হয়। নিজৰ মনক পুনৰায় প্ৰগ্ৰেমিং কৰিবলৈ আমি প্ৰথমে আমাৰ নেগেটিভ চিন্তাবোৰ চিহ্নিত কৰি, তাৰ পৰিবৰ্তে ধনাত্মক চিন্তাধাৰাৰে আগুৱাব পাৰিব লাগিব। আমি যদি ধ্যানৰ অভ্যাসৰ লগতে নিজকে উৎসাহজনক বাৰ্তাৰ মাজত আৱৰি ৰাখিবলৈ শিকো বা চেষ্টা কৰো, তেন্তে আমাৰ মনোভাৱৰ ধনাত্মক পৰিবর্তন আৰম্ভ হয়। আমাৰ মনোজগতৰ ভিতৰখনত এটা উৎসাহজনক পৰিবেশ সৃষ্টি কৰি সুন্দৰ জীৱন যাপন কৰিব পৰা ক্ষমতা আমাৰ হাততেই থাকে। আমাক মাথোন প্ৰয়োজন হয় ইচ্ছা শক্তিৰ।
Friday, 30 August 2024
আফ্ৰিকা দ্বিখণ্ডিত হোৱাৰ সম্ভাবনা
আফ্ৰিকাৰ ভূতত্ত্বৰ এক বৃহৎ পৰিবৰ্তন পোহৰলৈ আহিছে। বিজ্ঞানীসকলৰ মতে আফ্ৰিকাৰ পূৱ অংশটো মূল ভূখণ্ডৰ পৰা বেলেগ হোৱাৰ পথত। ইয়াৰ কাৰণ হ'ল পূৱ আফ্ৰিকাৰ ভূখণ্ড ধীৰ গতিৰে বেলেগ হোৱাৰ দিশে আগবাঢ়িছে, যাৰ ফলত এখন নতুন মহাসাগৰ সৃষ্টি হোৱাৰ আশঙ্কা কৰা হৈছে।
এই পৃথকীকৰণৰ বাবে যি প্রধান কাৰক বুলি অভিহিত কৰা হৈছে, সেয়া হ'ল ইষ্ট এফ্ৰিকান ৰিফ্ট (East African Rift) নামৰ এক ডাঙৰ ফাট। ইয়াৰ ফলত ইথিঅ'পিয়া, কেনিয়া, আৰু টাঞ্জানিয়া আদি দেশবোৰ দ্বিখণ্ডিত হোৱাৰ আশংকা কৰা হৈছে।
এই প্ৰক্ৰিয়া মহাদেশীয় পৰিবৰ্তন আৰু ভূত্বকীয় আন্দোলনৰ এক অনন্য উদাহৰণ হিচাপে গণ্য হৈছে।এই পৰিবর্তনে আমাৰ পৃথিৱীৰ ইতিহাসত কিমান গভীৰ প্ৰভাৱ পেলাব সেয়া সময়েই ক'ব। তথাপি, ইয়াৰ বিজ্ঞানসন্মত ভিত্তি আৰু সম্ভাৱনীয়তাৰ কথা চিন্তা কৰি, আমাৰ প্ৰাকৃতিক বিশ্বৰ ওপৰত হোৱা এই পৰিবর্তনবোৰৰ বিষয়ে আমি সজাগ হৈ থকাটো অত্যন্ত গুৰুত্বপূর্ণ।
Wednesday, 28 August 2024
স্পিন-লঞ্চ টেকন'লজী : এক নতুন অধ্যায়
SpinLaunchৰ সমগ্ৰ ব্যৱস্থাটো এটা ডাঙৰ ভেকুৱাম চেম্বাৰৰ ভিতৰত থাকে, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো বায়ুৰ ঘর্ষণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে। ভেকুৱাম চেম্বাৰৰ ভিতৰত থকা চেণ্ট্ৰিফিউজত উপগ্ৰহটোৱে প্ৰয়োজনীয় গতি লাভ কৰাৰ পাছত, ঘূৰণীয়া বাহুৰ লগত সংলগ্ন উপগ্ৰহটো এটা বিশেষ ভাবে সজ্জিত "লঞ্চ টিউব"ৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হয়। পৰীক্ষাৰ সময়ত দেখা গৈছে যে এনেদৰে উৎক্ষেপন কৰা উপগ্ৰহবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বিপৰীতে প্ৰায় ৬০ পৰা ১০০ কিমি উচ্চতালৈ অনায়াসে উঠিব পাৰে।
SpinLaunch টেকন'লজীৰ মূল সুবিধা সমূহৰ ভিতৰত এটা হৈছে এই পদ্ধতিত খৰচৰ মাত্ৰা অতি কম। পৰম্পৰাগত ৰকেটে বৃহৎ পৰিমাণৰ ইন্ধন দহন কৰে। কিন্তু SpinLaunch পদ্ধতিত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি কাইনেটিক এনৰ্জি ব্যৱহাৰ কৰাৰ বাবে ইন্ধনৰ প্ৰয়োজনীয়তা অতি মাত্ৰা কমি গৈছে। তদুপৰি ইন্ধন দহনৰ প্ৰয়োজনীয়তা কমি যোৱাৰ ফলত SpinLaunch পদ্ধতিটো পৰিৱেশৰ অনুকুল হৈ পৰিছে।
স্পিন-লঞ্চ পদ্ধতিটোৰ সীমাবদ্ধতা নথকা নহয়। উৎক্ষপনৰ সময়ত উপগ্ৰহটোৱে উচ্চ-গতিৰ ঘূৰণৰ বাবে তীব্ৰ G-ফৰ্চৰ সন্মুখীন হয় (১০,০০০ G পৰ্যন্ত), যিয়ে উপগ্ৰহ আৰু ইয়াৰ উপাদানবোৰক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা থাকে। তদুপৰি SpinLaunch পদ্ধতিৰে সাম্প্ৰতিক সময়ৰ টেকন'লজীৰে উপগ্ৰহ এটাক অধিক উচ্চ উচ্চতাৰ কক্ষপথলৈ প্ৰেৰণ কৰিব নোৱাৰি।
স্পিন-লঞ্চ কোম্পানীয়ে তেওঁলোকৰ টেকন’ল’জীৰ ওপৰত বিভিন্ন প্ৰ’ট’টাইপ পৰীক্ষাবোৰ কৰি আহিছে। বিগত ২০২১ চনত, কোম্পানীটোৱে নিজৰ "চাবঅৰ্বিটাল এক্সিলেৰেট"ৰ ব্যৱস্থাৰ সহায়ত ইতিমধ্যে এটা পৰীক্ষামূলক উৎক্ষেপনৰ সফল পৰীক্ষা সম্পন্ন কৰিছে আৰু এই পৰীক্ষাৰ সময়ত তেওঁলোকে উপগ্ৰহ এটাক পৃথিৱীৰ পৰা দহ হাজাৰ ফুট উচ্চতালৈ প্ৰক্ষেপ কৰিব পাৰিছিল। এই পৰীক্ষাবোৰে স্পিন-লঞ্চৰ ধাৰণাটোৰ কাৰ্যক্ষমতা প্ৰমাণ কৰিছে আৰু সেইবাবে স্পিন-লঞ্চে তেওঁলোকৰ টেকন’ল’জীটো অধিক উন্নত কৰিবলৈ অহৰহ গৱেষণা কৰি আছে।
অধিক তথ্যৰ বাবে স্পিন-লঞ্চৰ ৱেবচাইট চাব পাৰে: 👇
https://www.spinlaunch.com/#p4
Sunday, 7 July 2024
ৰহস্যময় কৈলাশ পৰ্বত
পৃথিৱীৰ কেইটামান উল্ল্যেখযোগ্য স্মাৰকবোৰৰ মাজৰ দূৰত্ব হৈছে :
▪️কৈলাশ -- উত্তৰ মেৰু : ৬৬৬৬ কি.মি.
▪️কৈলাশ -- ষ্টোনহেঞ্জ : ৬৬৬৬ কি.মি.
▪️পিৰামিড -- উত্তৰ মেৰু : ৬৬৬৬ কি.মি.
▪️ষ্টোনহেঞ্জ -- ডেভিল’চ টাৱাৰ : ৬৬৬৬ কি.মি.
▪️ষ্টোনহেঞ্জ -- বাৰ্মুডা ত্ৰিভূজ : ৬৬৬৬ কি.মি.
▪️বাৰ্মুডা ত্ৰিভূজ -- ইষ্টাৰ আইলেণ্ড : ৬৬৬৬ কি.মি.
▪️ইষ্টাৰ আইলেণ্ড -- তাজুমাল – ৬৬৬৬ কি.মি.
কৈলাশ পৰ্বত বা মাউন্ট মেৰু নামেৰে জনাজাত এই পৰ্বত হিমালয় সকলো পৰিসৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় পৰ্বত শৃংগসমূহৰ ভিতৰত এটা। বহুতো কাৰণে এই শৃংগক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় ঠাইবোৰৰ ভিতৰত এটা কৰি তোলে। ৰাছিয়া আৰু আমেৰিকাৰ বিজ্ঞানীসকলে এঈ পৱিত্ৰ শৃংগটো পৃথিৱীৰ ভৌগলিক কেন্দ্ৰত অৱস্থিত বুলি ক'ব খোজে আৰু সেইবাবেই কৈলাশ পৰ্বতক "এক্সিছ মুণ্ডি" (Axis Mundi) নামেৰে নামাকৰণ কৰিছে। হিন্দু দৰ্শনত কৈলাশ পৰ্বতক আন কিছুমান নামেৰেও জনা যায়, যেনে মেৰু পৰ্বত, সুমেৰু পৰ্বত, সুষুম্না পৰ্বত, হিমাদ্ৰী, দেৱ পৰ্বত, গণ পৰ্বত আদি।
বেদত কৈলাশ পৰ্বতক বিশ্ব-বৃক্ষ হিচাপে বৰ্ণনা কৰা হৈছে। মহাভাৰতত বৰ্ণিত পাণ্ডৱ আৰু দ্ৰৌপদীয়ে এই পৰ্বত আৰোহণ কৰিয়েই স্বৰ্গলৈ গৈছিল। বেদত বৰ্ণনা কৰা মতে কৈলাশ পৰ্বতেই স্বৰ্গ আৰু পৃথিৱীৰ দুৱাৰমুখ।
অধিক তথ্যৰ বাবে :
https://www.triptotemples.com/blogs/kailash-mansarovar/mysterious-mount-kailash
Friday, 5 July 2024
টাইটানিকৰ অকথিত কথা
টাইটানিকৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতে, বৃটিছ হোৱাইট ষ্টাৰ লাইন কোম্পানীয়ে টাইটানিকৰ ঐতিহাসিক প্ৰথমটো সাগৰীয় যাত্ৰাৰ বাবে টিকটৰ বিক্ৰী আৰম্ভ কৰিছিল। সেয়া আছিল ১৯১২ চন। ৬ এপ্ৰিল তাৰিখে, উইলিয়াম ক্লাৰ্ক নামৰ এজন স্কটিছ কৃষকে নিজৰ পৰিয়ালটোৰ বাবে টাইটানিকৰ সাতটা টিকট বুকিং কৰিলে।
ক্লাৰ্কৰ এটা সপোন আছিল আৰু সেই সপোনৰ পম খেদিয়েই তেওঁ নিজৰ সন্তান আৰু পত্নীৰ সৈতে যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। তাৰ বাবে ক্লাৰ্ক আৰু তেওঁৰ পত্নীয়ে কঠোৰ পৰিশ্ৰম কৰি ধন সাঁচি ৰাখিছিল। আৰু অৱশেষত ১৯১২ চনৰ ৬ এপ্ৰিল তাৰিখে ক্লাৰ্কে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাৰ বাবে প্ৰয়োজনীয় পাছপ'ৰ্ট আৰু আৰ.এম. এছ. টাইটানিকৰ টিকটৰ সংৰক্ষণ লাভ কৰিলে।
ক্লাৰ্কৰ পৰিয়ালৰ সকলো সদস্যৰে মনবোৰ উদ্দীপনাৰে ভৰা। মনত অযুত সপোন। আমেৰিকাত যদিহে নতুন সংস্থাপন এটা বিচাৰি পোৱা যায়, তেন্তে তেওঁলোক দাৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব পাৰিব! কিন্তু, কথাতেই কয় নহয় - ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।
যাত্ৰাৰ দুদিন পূৰ্বে ক্লাৰ্কৰ সৰু সন্তানটোক কুকুৰে কামুৰিলে। ডাক্তৰে সন্তানটিৰ ঘাঁডোখৰ ডাঙৰ হোৱা বাবে চিলাই কৰি ৰেবিচৰ দ্বাৰা আক্ৰান্ত নহ'বলৈ প্ৰয়োজনীয় বেজী দি ক্লাৰ্কক উপদেশ দিলে যে ৰেবিছ ভাইৰাছৰ সংক্ৰমনৰ সম্ভাৱনা থকা বাবে তেওঁলোকৰ সৰু ল'ৰাটো চৌধ্য দিনৰ বাবে অকলশৰীয়াকৈ (quarantine) থাকিব লাগিব। তদুপৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰি বিভাগীয় লোক আহি ক্লাৰ্কৰ ঘৰৰ দুৱাৰমুখত এখন ডাঙৰ হালধীয়া কাগজত "quarantined" বুলি লিখি ওলোমাই দিলে।
ক্লাৰ্ক আৰু তেওঁৰ পৰিয়ালৰ সপোনবোৰ যেন ভাঙি পৰিল। কাৰণ, তেওঁলোকে পৰিকল্পনা অনুসাৰে এতিয়া আমেৰিকালৈ যাত্ৰা কৰিব নোৱাৰিব। "Quarantine"ত থকা সৰু শিশুটি এৰি থৈ আমেৰিকালৈ যোৱাৰ প্ৰশ্নই নাহে। ক্লাৰ্কৰ পত্নীয়ে ক্লাৰ্কক বাকী সন্তান কেইটাৰ সৈতে যাবলৈ কৈছিল যদিও ক্লাৰ্কে কুকুৰে কামোৰা সন্তানটিক মাকৰ সৈতে এৰি থৈ যাবলৈ সাহস গোটাব পৰা নাছিল। হতাশাই জুমুৰি দি ধৰিছিল ক্লাৰ্কক। তেওঁ আৰু তেওঁৰ পত্নীয়ে কঠোৰ পৰিশ্ৰম কৰি ধন সাঁচি ৰখা ধনেৰে কিনি অনা টাইটানিকৰ টিকটবোৰো অপ্ৰত্যাৰ্পনীয় (nonrefundable)।
দুখ আৰু হতাশাৰে ভাৰাক্ৰান্ত পিতৃয়ে ১০ এপ্ৰিলৰ দিনা সেমেকা দুচকুৰে বন্দৰলৈ গৈছিল টাইটানিকৰ যাত্ৰা চাবলৈ। নীলাভ সাগৰৰ বিশালতাৰ মাজত টাইটানিক জাহাজখন অদৃশ্য হৈ নপৰালৈ তেওঁ মাথোন চাই ৰৈছিল পৰিয়ালটোৰ সপোনবোৰ চুৰমাৰ কৰি ৰাজকীয় ভংগীমাৰে আটলাণ্টিকৰ বিশালতাত ধীৰে ধীৰে অদৃশ্য হৈ পৰা টাইটানিকলৈ। হতাশাৰ চকুপানী টুকি টুকি তেওঁ যেন ভগবানক কৈফিয়ত বিচাৰিছিল!
পাঁচ দিনৰ পাছত, অৰ্থাৎ ১৫ এপ্ৰিলৰ দিনা দুৰ্ভাগ্যজনক খবৰটো সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল। কেতিয়াব ডুবিব নোৱাৰা বুলি ভবা টাইটানিক জাহাজখন আটলাণ্টিকৰ বুকুত ডুব গ’ল আৰু শতাধিক মানুহৰ প্ৰাণ গ'ল। স্কটলেণ্ডত ৰৈ যোৱা ক্লাৰ্কেও খৱৰটো পালে। কেইটামান মূহুৰ্ত ক্লাৰ্ক যেন অপ্ৰস্তুত হৈ পৰিল - তেওঁ দুখ কৰিব নে আনন্দত আত্মহাৰা হ'ব! তেওঁ যেন উপলব্ধি কৰিলে যে তেওঁৰ পৰিয়ালটো এৰি বিগত ১০ এপ্ৰিলৰ দিনা গভীৰ সমুদ্ৰৰ মাজত অদৃশ্য হৈ যোৱা টাইটানিকে তেওঁলৈ দুৰ্ভাগ্য নহয়, বৰং একাজলি আশীৰ্বাদ ছটিয়াই থৈ হেৰাই গ'ল আটলাণ্টিকৰ গভীৰতাত।
(Ashu Gupta ৰ "The Untold Story of The Titanic"ৰ ছাঁ লৈ)
Thursday, 20 June 2024
ৰঙৰ বিভ্ৰান্তি
কিন্তু এয়া কেনেকৈ সম্ভৱ? দৰাচলতে এয়া এক দৃষ্টিভ্ৰম। ইয়াত "ৰঙৰ পৰস্পৰ বিৰোধ প্ৰভাৱ" আৰু "ৰঙৰ স্থিৰতা" নামৰ দুটা বিশেষ পৰিঘটনাই কাম কৰিছে। যেতিয়া একাধিক নিৰ্বাচিত ৰঙক একেলেথৰিয়ে ওচৰা ওচৰিকৈ নিৰ্দিষ্ট ক্ৰমত সজাই ৰাখি কোনো বিশেষ পৰিৱেশৰ প্ৰেক্ষাপটত পৰ্যবেক্ষণ কৰা হয়, তেতিয়া ৰঙৰ পৰস্পৰ বিৰোধিতা আৰু স্থিৰতাই ওচৰা ওচৰিকৈ থকা ৰঙবোৰক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলত আমাৰ মগজুত বিভ্ৰান্তিৰ সৃষ্টি হয়। এই বিভ্ৰান্তিৰ বাবে আমাৰ মগজুৱে ৰঙৰ ভুল তথ্য আহৰণ কৰে আৰু সেইবাবে আমি প্ৰকৃত ৰঙৰ সলনি বেলেগ এটা ৰঙৰ অনুভূতি গ্ৰহণ কৰো।
পোষ্টটোৰ লগত সংলগ্ন ছৱিখনৰ কোকাকোলাৰ টেমাটো আচলতে ক'লা ৰঙৰ। কিন্তু ৰঙৰ এক বিভ্ৰান্তি সৃষ্টি কৰিব পৰাকৈ কোকাকোলাৰ টেমাৰ এই ক'লা ৰঙটো নিৰ্দিষ্ট কিছুমান পাতল নীলা আৰু সেউজীয়া ৰঙৰ "পেটাৰ্ণ" বা নমুনাৰ মাজত এনেদৰে সজ্জিত কৰি ৰখা হৈছ যে ইয়াৰ ফলত আমাৰ মগজুৱে ৰঙৰ ভুল তথ্য আহৰণ কৰিবলৈ বাধ্য হৈছে আৰু ক'লা ৰঙৰ টেমাটো ৰঙা ৰঙৰ বুলি মগজুৱে আমালৈ ভুল তথ্য প্ৰেৰণ কৰিছে। এই ধৰণৰ বিভ্ৰান্তিবোৰকেই দৃষ্টিভ্ৰম বোলা হয়। অৱশ্যে এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ অভিজ্ঞতাও কিছু পৰিমানে জগৰীয়া। কাৰণ আমি সকলোৱে ইতিপূৰ্বে বহুবাৰ দেখি অহা কোকাকোলাৰ টেমাটো ৰঙা ৰঙৰ বুলিয়েই আমাৰ মগজুত তথ্য সঞ্চিত হৈ আছে।
চকুৰে দেখা সকলোবোৰ দৃশ্য, প্ৰেক্ষাপট বা ঘটনা সঁচা নহ'বও পাৰে। আকাশত দেখা ৰামধেনুখন, মৰুভূমিৰ মৰিচীকা, অথবা আকাশৰ নীলা ৰঙবোৰ বাৰু সঁচানে?
২০ জুন, ২০২৪; টংলা।
Tuesday, 18 June 2024
মহাকাশৰ হাতবাউলি
Monday, 20 May 2024
এই সুৰটো মই সৰগত শুনিম…
বিটোভেনৰ সুখ্যাতি ইতিমধ্যে চৌদিশে প্ৰসাৰিত হৈছে। ১৮১৭ চনৰ কথা। লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পত্ৰ যোগে তেওঁলোকৰ বাবে এটি চিম্ফনী তৈয়াৰ কৰিবলৈ বিটোভেনক বিশেষ ভাবে অনুৰোধ কৰা হ’ল। পত্ৰখন পোৱাৰ পিছতো বিটোভেনে বিশেষ গুৰুত্ব নিদি সংগীতৰ আন কিছুমান কামতহে নিয়োজিত হৈ ৰ’ল। আচলতে বিটোভেনে ১৭৯৩ চনতেই যেতিয়া তেওঁ এজন ২৩ বছৰীয়া যুৱক, তেতিয়াৰ সুবিখ্যাত কবি Friedrich Schillerৰ “Ode to Joy” নামৰ কবিতাটো সুৰেৰে সজোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছিল। কিন্তু তেওঁৰ মনোমত এটি সুৰে যেন আহি ধৰা দিয়াহি নাই। সৃষ্টিশীল সুৰকাৰজনে সৃষ্টি কৰিব নোৱাৰাৰ এক অব্যক্ত বেদনা বুকুত বান্ধি লৈ পাৰ কৰিছে ২৩টা বছৰ। তেনে এক সময়ত অৰ্থাৎ ১৮১৭ চনত লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা অহা পত্ৰখন তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰিছিল। ইফালে বহুদিন পাৰ হৈ যোৱাৰ পিছতো বিটোভেনৰ কোনো সঁহাৰি নোপোৱাত ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পুনৰ অনুৰোধ কৰা হ’ল। দ্বিতীয়বাৰৰ বাবে অহা এই অনুৰোধত বিটোভেন যেন সচকিত হ’ল। এৰা, কিবা এটা কৰিবই লাগিব……
১৮২২ চনত বিটোভেন নিমগ্ন হ’ল ফিলহাৰমোনিক চ’ছাইটিৰ অনুৰোধ ৰক্ষা কৰাৰ লগতে ২৩ টা বছৰৰ অপূৰ্ণ আশাটিক পূৰ্ণতা দিয়াৰ বাবে। তেওঁ হৃদয়ত অনুৰণিত হৈ ৰোৱা অস্ফুট স্বৰবোৰক একোটা চিম্ফনীৰূপে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে তেওঁ চিম্ফনীটোৰ তিনিটা মুভমেন্ট সম্পূৰ্ণ কৰিছে। এতিয়া চিম্ফনীটোৰ চতুৰ্থ তথা অন্তিম মুভমেন্টটোহে বাকী। চিম্ফনীটোৰ অন্তিম মুভমেন্টটো তৈয়াৰ কৰিবলৈ গৈ বিটোভেনৰ মনত নতুন চিন্তাই বাহ ল’লে। কিবা এটা নতুনত্বৰ সন্ধানত যেন তেওঁ অস্থিৰ হৈ পৰিছে!
দুবছৰ জোৰা গভীৰ সাধনাৰ অন্তত বিটোভেনে তৈয়াৰ কৰি উলিয়ালে তেওঁৰ চিম্ফনীটো। এই চিম্ফনীটোত তেওঁ ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ অপূৰ্ব সমাহাৰেৰে এক মায়াময় মাদকতা প্ৰদান কৰিছে। তেখেতৰ এই চিম্ফনীটোক আজি আমি বিটোভেনৰ নৱম চিম্ফনী বুলি জানো। বিটোভেনে তেখেতৰ এই নৱম চিম্ফনীটো সৃষ্টি কৰাৰ সময়ত তেওঁ সম্পূৰ্ণ বধিৰ। কাণেৰে একোৱেই নুশুনে। ফিলহাৰমোনিক চ’ছাইটিৰ সদস্য সকলে বিটোভেনক তেওঁৰ নৱম চিম্ফনীটো ভিয়েনাতেই সৰ্বপ্ৰথম ৰাইজৰ বাবে পৰিবেশন কৰাৰ বাবে অনুৰোধ কৰে।
সেয়া ৭ মে, ১৮২৪। স্থান ভিয়েনা। ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহ মানুহেৰে ভৰি পৰিছে। মঞ্চত অৰ্কেষ্ট্ৰাৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰীসকল সাজু হৈছে। বিটোভেনে মানুহেৰে ঠাহ খাই পৰা অৰ্কেষ্ট্ৰা গৃহৰ দৰ্শকৰ পিনে পিঠি দি বাদ্যযন্ত্ৰী সকলৰ চকুত চকু থৈ ইংগিতেৰে চিম্ফনীটোৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিলে। ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ আদিৰ বাদ্যযন্ত্ৰী সকলে ছন্দোময় ভাবে বিটোভেনৰ নিৰ্দেশ অনুসৰণ কৰি চিম্ফনীটো বজাই গ’ল। অৰ্কেষ্ট্ৰা গৃহত গিজগিজাই থকা অগনন শ্ৰোতা সুৰৰ মায়াজালত তন্দ্ৰামগ্ন। এটা দুটাকৈ চিম্ফনীটোৰ তিনিটা মুভমেন্ট শেষ হ’ল। চতুৰ্থ মুভমেন্টৰ কোৰাচ আৰু বাদ্যযন্ত্ৰী সকলৰ সমলয়ে ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহলৈ কঢ়িয়াই আনিছে এক অনন্য মাদকতা। শ্ৰোতাসকলে যেন উশাহ ল’বলৈও পাহৰি গৈছে। তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ শব্দই যেন কলুষিত কৰি তুলিব অৰ্কেষ্ট্ৰা গৃহৰ স্বৰ্গীয় অনুভূতিবোৰ……!
অগনন গুণমূগ্ধ শ্ৰোতাৰ হৃদয়ত অনাবিল আনন্দৰ বিমল অনুভূতি প্ৰদান কৰি বিটোভেনৰ নৱম চিম্ফনীটো শেষ হ’ল। অৰ্কেষ্ট্ৰা গৃহৰ সকলোবোৰ মানুহেই থিয় হৈ হাতচাপৰি বজাইছে। চৌদিশে কেবল হাতচাপৰিৰ শব্দ। দৰ্শকৰ পিনে পিঠি দি নিৰ্বিকাৰ হৈ থিয় হৈ থাকিল বিটোভেন। তেওঁ যে শ্ৰোতাৰ হাতচাপৰিৰ শব্দবোৰ একেবাৰেই নুশুনিলে ! শ্ৰবন শক্তি হেৰুৱাই পেলোৱা বিটোভেনে যে নুশুনিলে তেৱেই সৃষ্টি কৰা মায়াময় নৱম চিম্ফনীটোৰ এটাও মুভমেন্ট অথবা সুৰৰ মূৰ্চনা !!
অৰ্কেষ্ট্ৰা দলৰেই বাদ্যযন্ত্ৰী কেৰ’লিন আঙ্গাৰে কথাটো অনুধাৱন কৰিলে। তেওঁ নিজৰ আসনৰ পৰা উঠি আহি বিটোভেনৰ দুবাহুত ধৰি তেওঁক দৰ্শকৰ দিশলৈ ঘুৰাই দিলে। বিটোভেনে দেখিলে যে সমগ্ৰ অৰ্কেষ্ট্ৰা গৃহৰ সকলো শ্ৰোতাই থিয় হৈ বিটোভেনৰ লগতে চিম্ফনীটোত অংশগ্ৰহন কৰা শিল্পীসকলক অভিবাদন জনাইছে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰে। বিটোভেনৰ মুখমণ্ডলত অলেখ ভাবৰ অব্যক্ত প্ৰকাশ। কেৰ’লিন আঙ্গাৰে বিটোভেনৰ ওচৰলৈ আহি হাতৰ অংগীভংগীৰে বুজাব চেষ্টা কৰিলে যে সুৰসম্ৰাট বিটোভেনৰ চিম্ফনীৰ মায়াময় সুৰে সকলোকে সন্মোহিত কৰি তুলিছে আৰু সকলো দৰ্শকে এই চিম্ফনীটোক অপূৰ্ব, অভুতপূৰ্ব বুলি প্ৰশংসা কৰিছে। বিটোভেনে বুজি পাইছিল কেৰ’লিন আঙ্গাৰৰ অংগীভংগীৰ ভাষা। কাৰণ তেতিয়ালৈ বিটোভেনৰ দুচকুৰ কোন দুটা আনন্দৰ দুটোপাল লোতকেৰে ভৰি উঠিছিল। বিটোভেন দৰ্শকৰ পিনে দুখোজ আগবাঢ়ি গ’ল আৰু সোঁহাতখনৰ তৰ্জনী আঙুলিটো আকাশৰ পিনে দাঙি ধৰি ক’লে : “I will hear it in heaven!”
ইতিমধ্যে সমূহ দৰ্শক তথা শ্ৰোতাৰ চকুবোৰ চলচলীয়া হৈ পৰিছিল। ভাগ্যৰ কি যে বিড়ম্বনা – যি সুৰে সমগ্ৰ বিশ্বক মোহাচন্ন কৰি ৰাখিছে, সেই মায়াময় সুৰটো সুৰৰ স্ৰষ্টাজনে কিন্তু কাহানিও শুনিবলৈ নোৱাৰিলে।
Sunday, 5 May 2024
পেচমেকাৰৰ বাবে অক্সিজেন বেটাৰী
পেচমেকাৰৰ বেটাৰীবোৰ লিথিয়াম আয়’ডাইড কোষ যিবোৰ সাধাৰণতে ৭ৰ পৰা ৮ বছৰ মানহে কাৰ্যক্ষম হৈ থাকে। ইয়াৰ ফলত জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে এই সঁজুলিবোৰ চলাই ৰাখিবলৈ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ইয়াৰ বেটাৰী সলনি কৰিবলগীয়া হয়। কিন্তু বৰ্তমান গৱেষকসকলে এই অসুবিধাসমূহ দূৰ কৰিবলৈ মানৱ শৰীৰৰ অক্সিজেন ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰতে এই ইমপ্লাণ্টেড বেটাৰীবোৰ পুনৰ চাৰ্জ হ'ব পৰা বেটাৰী প্ৰস্তুত কৰিছে।
ইয়াৰ বাবে গৱেষকসকলে বেটাৰীৰ ইলেক্ট্ৰ’ডসমূহ চুলিৰ প্ৰস্থতকৈও হাজাৰ গুণ সূক্ষ্ম আৰু ছিদ্ৰযুক্ত নেন’প’ৰাছ সোণ আৰু ছডিয়াম ব্যৱহাৰ কৰি তৈয়াৰ কৰা এবিধ বিশেষ মিশ্ৰণ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছিল। এই মিশ্ৰণটো মানৱ শৰীৰৰ বাবে নিৰাপদ কাৰণ ছডিয়াম মানুহৰ শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান আৰু সোণ মানৱ দেহৰ জৈৱিক ব্যৱস্থাৰ সৈতে কাম কৰাৰ ক্ষমতাৰ বাবে সুপৰিচিত এবিধ মৌল।
বিদ্যুৎ উৎপাদন কৰিবলৈ ইলেক্ট্ৰ’ডবোৰে মানুহৰ শৰীৰৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰে। পৰীক্ষাৰ বাবে বিজ্ঞানীসকলে নিগনিৰ পিঠিৰ ছালৰ তলত এই বেটাৰী স্থাপন কৰি বেটাৰীয়ে উৎপাদন কৰা বিদ্যুতৰ পৰিমাণ জুখিছিল। দুসপ্তাহৰ পিছত যেতিয়া তেওঁলোকে বেটাৰীটো পুনৰ পৰীক্ষা কৰিছিল, তেতিয়া তেওঁলোকে আৱিষ্কাৰ কৰিলে যে এই বেটাৰীবোৰে ১.৩ আৰু ১.৪ ভ'ল্টৰ ভিতৰত এক স্থিৰ ভল্টেজ উৎপন্ন কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ শক্তি ঘনত্ব ২.৬ μW/cm2।
চিকিৎসা সঁজুলি পেচমেকাৰক নিৰবছিন্ন ভাবে শক্তি প্ৰদান কৰিব পৰাকৈ উৎপাদন কৰা বেটাৰীৰ ডিজাইনে নিসন্দেহে হৃদৰোগী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
Saturday, 13 April 2024
হাতীপটিৰ কেন্দ্ৰত 'শিৱ' আৰু 'শক্তি'
জ্যোতিৰ্বিজ্ঞানী সকলে 'শিৱ’ আৰু ‘শক্তি’ নামেৰে নামাকৰণ কৰা দুটা প্ৰাচীন তৰাৰ ধাৰা চিনাক্ত কৰিছে, যিবোৰ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ আদিম "বিল্ডিং ব্লক" সমূহৰ ভিতৰত অন্যতম। ইউৰোপীয় মহাকাশ সংস্থাৰ "গিয়া" নামৰ মহাকাশ দূৰবীণ ব্যৱহাৰ কৰি 'শিৱ’ আৰু ‘শক্তি’ৰ তথ্য পোৱা হৈছে।
জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে, এই 'শিৱ’ আৰু ‘শক্তি’ প্ৰায় ১২ বিলিয়ন বছৰ আগতে কোনো প্ৰাচীন তাৰকাৰাজ্যৰ আদিম টুকুৰাবোৰৰ সৈতে একত্ৰিত হোৱা দুখন সুকীয়া তাৰকাৰাজ্যৰ ধ্বংসাৱশেষ। গৱেষকসকলে জনোৱা মতে এনে সৰু সৰু তাৰকাৰাজ্যবোৰ একত্ৰিত হৈ একোটা বৃহৎ তাৰকাৰাজ্য গঠন কৰে। তেওঁলোকৰ মতে আমাৰ হাতীপটি তাৰকাৰাজ্যখন শিৱ’ আৰু ‘শক্তি’ নামৰ দুই প্ৰাচীন তাৰকাৰাজ্যৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে। 'শিৱ' আৰু ‘শক্তি’ৰ প্ৰতিটো তৰাৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায় এক কোটি গুণ বেছি!
গৱেষক দলটোৰ মূখ্য বিজ্ঞানী ড° মালহানৰ মতে এই দুই প্ৰাচীন মহাজাগতিক গঠনক হিন্দু ধৰ্মৰ অন্যতম প্ৰাথমিক দেৱতা "শিৱ" আৰু তেওঁৰ পত্নী হিচাপে চিত্ৰিত কৰা নাৰী "শক্তি"ৰ নামেৰে নামাকৰণ কৰা হৈছে। এই 'শিৱ’ আৰু ‘শক্তি' প্ৰাচীন তাৰকাৰাজ্য দুখন আমাৰ হাতীপটিৰ কেন্দ্ৰস্থলত আজিও বিদ্যমান।
Monday, 5 February 2024
মানুহৰ মগজুত মাইক্ৰচিপ স্থাপন
বিগত সপ্তাহত ইলন মাস্কে ঘোষণা কৰিছে যে তেওঁৰ কোম্পানী নিউৰালিংকে প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত Brain Machine Interface (BMI) বা সাধাৰণ অৰ্থত কম্পিউটাৰৰ মাইক্ৰচিপ সংস্থাপন কৰিছে। উল্ল্যেখযোগ্য যে মানুহৰ মগজুত মাইক্ৰচিপ সংস্থাপনৰ পৰীক্ষা আৰম্ভ কৰিবলৈ ইলন মাস্কৰ কোম্পানীটোৱে তাৰ বাবে আন্তৰ্জাতিক খাদ্য আৰু ঔষধ প্ৰশাসন (এফ.ডি.এ)ৰ তৰফৰ পৰা বিগত বছৰৰ মে মাহত প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে।
প্ৰতিটো ওয়াৰলেচ নিউৰেলিং ডিভাইচ বা মাইক্ৰচিপত ১০০০ৰো অধিক অতিপাতল, নমনীয় পৰিবাহীৰ চিপ আৰু ইলেক্ট্ৰ’ড থাকে যিবোৰ এটা অস্ত্ৰোপচাৰ কৰিব পৰা ৰবটে মানুহৰ মস্তিষ্কৰ কৰ্টেক্সত স্থাপন কৰে। এই মাইক্ৰচিপবোৰে মানুহৰ মগজুত সৃষ্টি হোৱা বৈদ্যুতিক তৰংগবোৰৰ মাধ্যমেৰে প্ৰকাশ পোৱা চিন্তা ধাৰাবোৰ ডিজিটেল ৰূপত ধৰা পেলাই মগজুৰ চিন্তাধাৰাৰ লগতে মগজুৰ কাৰ্যশক্তিক নিয়ন্ত্ৰণ কৰিবলৈ ডিজাইন কৰা হয়।
মানুহৰ মগজুৰ মাইক্ৰ’চিপ, যাক সাধাৰণতে ব্ৰেইন ইমপ্লাণ্ট বা নিউৰেল ইমপ্লাণ্ট বুলি কোৱা হয়, ই এবিধ মানুহৰ মগজুৰ স্নায়ুবৰ্তনীৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰস্তুত কৰা যন্ত্ৰ। এই মাইক্ৰচিপবোৰে মগজুৰ স্নায়ুৰ কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰি বিভিন্ন স্নায়ুজনিত অৱস্থা, যেনে পাৰ্কিনছন ৰোগ বা মৃগীৰোগৰ চিকিৎসাৰ লগতে পেৰালাইচিচত আক্ৰান্ত ব্যক্তিৰ দেহত স্বাভাৱিক অংগ সঞ্চালনৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনা সৃষ্টি কৰিছে। এই গৱেষণাৰ আন এটা প্ৰধান লক্ষ্য হৈছে মানুহৰ জ্ঞানমূলক কাৰ্য্য বৃদ্ধিৰ বাবে বা আনকি মানৱ মগজুক বাহ্যিক যন্ত্ৰৰ সৈতে সংযোগ কৰাৰ বাবে উন্নত প্ৰযুক্তি বিকশিত কৰা।
মানুহৰ মগজুত বহুল ভাবে মাইক্ৰ’চিপ সংস্থাপনৰ সম্ভাৱনা স্নায়ু প্ৰযুক্তিৰ গৱেষণাৰ উন্নতিৰ লগত নিহিত হৈ আছে।গৱেষকসকলে বিগত কিছুবছৰ ধৰি মানুহৰ মগজু-মেচিন আন্তঃপৃষ্ঠ (BMI)ৰ বিকাশৰ বিষয়ে অন্বেষণ কৰি আহিছে। বৰ্তমানৰ অধ্যয়নসমূহত পশুৰ দেহৰ লগতে মানুহৰ দেহতো আশাব্যঞ্জক ফলাফল দেখুৱাইছে, যিয়ে মানুহৰ দেহত কৃত্ৰিম অংগৰ নিয়ন্ত্ৰণ, সংবেদনশীল কাৰ্য্যৰ পুনৰুদ্ধাৰৰ লগতে মানুহৰ জ্ঞানমূলক ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।
এনে ইমপ্লাণ্টৰ বিকাশ আৰু ব্যৱহাৰৰ নৈতিক চিন্তা আৰু গোপনীয়তাৰ সমস্যাৰ বাবে, বিষয়টো কিছু পৰিমানে বিতৰ্কিত হৈ আছে যদিও বিজ্ঞানীসকলে মনপুতি নিজৰ গৱেষণা অব্যাহত ৰাখিছে।
Monday, 22 January 2024
ৰহস্যময় নক্ষত্ৰ : মাইৰা
এই তৰাটো আমাৰ সৌৰজগতৰ পৰা প্ৰায় ২৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু তৰাটো সূৰ্য্যতকৈ প্ৰায় ৩০০ গুণ ডাঙৰ। ই এটা বিৰল আৰু বৃদ্ধ ৰঙা দৈত্য তৰা। কোটি কোটি বছৰ আগতে ই আমাৰ সূৰ্য্যৰ দৰেই আছিল যদিও সময়ৰ লগে লগে তৰাটোৱে নিজৰ ইন্ধন প্ৰায় শেষ কৰি বৰ্তমান এটা ৰঙা দৈত্যলৈ পৰিণত হৈছে। "মাইৰা-এ" নামৰ এই তৰাটো "চিটাছ" বা তিমি নক্ষত্ৰমণ্ডলত অৱস্থিত। বিজ্ঞানীসকলে এই তৰাটোক "অমাইক্ৰন চেটি'' বুলি নামাকৰণ কৰিছে।
মাইৰা প্ৰকৃততে এক বাইনাৰী তৰাতন্ত্ৰ। এই বাইনাৰী ব্যৱস্থাটো সদায় দুটা একেলগে তৰা থাকে। মাইৰা বাইনাৰী তন্ত্ৰটোত থকা তৰাদুটাক ক্ৰমে "মাইৰা-এ" আৰু "মাইৰা-বি" বুলি জনা যায়। এই তৰা দুটাই প্ৰতি ৫০০ বছৰত এবাৰকৈ ইটোৱে সিটোৰ চাৰিওফালে ঘূৰে। "মাইৰা-বি" নামৰ তৰাটো বৰ্তমান এটা বগা বামন তৰালৈ পৰিণত হৈছে।
জীৱন কালৰ অন্তিম দশাত এই তৰাটোৱে প্ৰতি ১০ বছৰত এখন পৃথিৱীৰ সমান ভৰৰ নাক্ষত্ৰিক পদাৰ্থ যেনে গেছ, প্লাজমা আদি হেৰুৱাই আহিছে। এই পদাৰ্থবোৰ তৰাটোৰ পৃষ্ঠৰ পৰা মহাবিশ্বৰ বুকুলৈ ছিটিকি যায়। ইতিমধ্য তৰাটোৱে ইয়াৰ নিজস্ব ভৰৰ আধা পৰিমাণৰ ভৰ হেৰুৱাই পেলাইছে। বিগত ৩০ হাজাৰ বছৰত তৰাটোৱে যিমান পদাৰ্থ হেৰুৱাইছে, সেইবোৰেৰে পৃথিৱীৰ আকাৰৰ ৫০০০ টা গ্ৰহৰ জন্ম হ’ব পাৰিব!
জীৱনৰ অন্তিম দশাত উপনীত হোৱাৰ পৰাই তৰাটোৱে এনেদৰে অবিৰত ভাবে হেৰুৱাই অহা গেছ আৰু প্লাজমাবোৰ তৰাটোৰ মহাকৰ্ষণ বলৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই আৰু সেয়ে এই সকলোবোৰ পদাৰ্থই গতিশীল তৰাটোৰ গতিৰ বিপৰীত দিশে অৱস্থান কৰি তৰাটোৰ পিছে পিছে মহাকাশৰ বুকুত ১৩ আলোকবৰ্ষ দীঘল এডাল প্ৰকাণ্ড নেজ হৈ তৰাটোৰ পিছে পিছে দৌৰি ফুৰিছে অহৰহ! এই বিশালকায় নেজডালৰ বাবে তৰাটো বিজ্ঞান মহলত এক ৰহস্যময় তৰা।
অনুজ্বল হ'লেও ফৰকাল জোনাকবিহীন ৰাতিৰ আকাশত মাইৰা তৰাতন্ত্ৰটো সহজেই দেখা পোৱা যায়। আকাশৰ তৰা আৰু গ্ৰহবোৰৰ অৱস্থান সম্বন্ধে সামান্য অভিজ্ঞতা থাকিলে বৃহস্পতি গ্ৰহ আৰু মীন ৰাশিৰ ওচৰত অৱস্থান কৰা তৰাটো দেখা পোৱা যায়। অৱশ্যে, ২৫০ আলোকবৰ্ষ দূৰৰ এই তৰাটোৰ নেজডাল চাবলৈ আপোনাক এটা দূৰবীণ লাগিব। অধিক তথ্যৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে 👇
https://youtu.be/siHcFTbpkxg?si=voz54Sp4118wP6_b