Sunday, 11 September 2016

ৰিও দ্যা জেনিৰ' অলিম্পিকত খেলুৱৈ সুলভ মনোভাৱ



ব্ৰাজিলৰ ৰিও দ্যা জেনিৰ'। অলিম্পিকত মহিলাৰ 5000 মিটাৰ দৌৰৰ ছেমি ফাইনেল। প্ৰতিযোগী সকল সাজু। নিউজিলেণ্ডৰ খেলুৱৈ নিকি হাম্বলিনৰ পিছতেই আমেৰিকাৰ আবি দি আগষ্টিনো। সংকেত বাজি উঠাৰ লগে লগে দৌৰ আৰম্ভ হ'ল। ষ্টেডিয়ামত দৰ্শকৰ উল্লাস। দৌৰ থকা খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে দৰ্শকে হাত চাপৰি বজাইছে। ইতিমধ্যে দৌৰৰ প্ৰায় খিৰিকীৰ দূৰত্ব অতিক্ৰম কৰা হৈ গৈছে। আমেৰিকাৰ খেলুৱৈ আগষ্টিনোই নিউজিলেণ্ডৰ নিকি হাম্বলিনক অতিক্ৰম কৰি কিছু আগবাঢ়ি গৈছে। কিন্তু এইয়া কি ? ট্ৰেকত দৌৰি থকা নিকি হাম্বলিন হঠাতেই ট্ৰেকৰ ওপৰত বাগৰি পৰিল। তেওঁৰ থিক পিছতেই থকা আমেৰিকাৰ আগষ্টিনো নিকি হাম্বলিনৰ গাত খুন্দা খাই বাগৰি পৰিল। তেওঁলোকৰ পিছে পিছে দৌৰি অহা এগৰাকী খেলুৱৈ দুয়োজনৰ ওপৰেৰে জাপ মাৰি আগবাঢ়ি গ'ল। মূহুৰ্ততে আগষ্টিনো বাগৰি পৰাৰ পৰা উঠিল। কিন্তু তেতিয়াও যে নিকি মাটিতেই পৰি আছে ! উঠিবলৈ চেষ্টা কৰিও অসমৰ্থ হৈ নিকি হতাশ হৈ পৰে। অলিম্পিকৰ দৰে এখন প্ৰতিযোগিতাৰ মঞ্চত এয়া সঁচাকৈয়ে এক মৰ্মান্তিক ঘটনা। ভূলুণ্ঠিত নিকিৰ ওচৰলৈ আগবাঢ়ি আহিল আগষ্টিনো । নিকিক উঠিবলৈ সহায় কৰাৰ উদ্দেশ্যে আগষ্টিনোই নিজৰ হাতখন তেওঁলৈ আগবঢ়াই দিলে। তেওঁৰ হাতত ধৰি নিকিয়ে থিয় হ'বলৈ চেষ্টা কৰিলে। সমগ্ৰ ষ্টেডিয়াম তেতিয়া স্তব্ধ। মেডেল লাভ কৰাৰ বাসনা লৈ অলিম্পিকলৈ অহা আগষ্টিনোই মেডেলৰ কথা যেন পাহৰি গ'ল। তেওঁ নিকি হাম্বলিনক সাহস দি ক'লে: Come on, get up ! We have to finish this. 


হাম্বলিনৰ হাতত ধৰি নিকি থিয় হ'ল আৰু দুয়োজনেই দৌৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেয়া বেছি দূৰ সম্ভৱ নহ'ল। নিকিৰ লগত খুন্দা খাওঁতে আগষ্টিনো আঘাত প্ৰাপ্ত হৈছিল। প্ৰচণ্ড বিষত চিৎকাৰ কৰি এইবাৰ আগষ্টিনো ট্ৰেকৰ ওপৰত বাগৰি পৰিল। দৌৰিবলৈ এৰি এইবাৰ ৰৈ গ'ল নিকি হাম্বলিন। হাউলি আগষ্টিনোৰ কান্ধত হাতখন ৰাখি তেওঁক সান্তনা দিলে। ইতিমধ্যে দৌৰত অংশ লোৱা আনবোৰ প্ৰতিযোগী বহু দূৰত আগবাঢ়ি গৈছে। হতাশাত ভাঙি পৰা আগষ্টিনোই ক'লে: I can't put weight on my knee.' It is buckling. Go on, go on. I don't know if I can run, keep going, keep going ! 



অসহায় দৃষ্টিৰে নিকি হাম্বলিনে কেউদিশে চকু ফুৰালে। তেওঁ পুনৰ আগষ্টিনোলৈ হাতখন আগবঢ়াই দি তেওঁক উঠিবলৈ অনুপ্ৰাণিত কৰিলে: Come on ! You can do this. 




প্ৰচণ্ড বিষকো আওকাণ কৰি আগষ্টিনো পুনৰ থিয় হ'ল। লেকেচিয়াই লেকেচিয়াই তেওঁ নিকি হাম্বলিনৰ লগত পুনৰ দৌৰিবলৈ ল'লে। ষ্টেডিয়ামৰ মানুহবোৰে পুনৰ হাত চাপৰিৰে তেওঁলোকক উৎসাহিত কৰিলে। ইতিমধ্যে অলিম্পিক কমিটিৰ বিষয়ববীয়া সকলে আগষ্টিনোৰ বাবে হুইল চেয়াৰ আনি Finish lineত সাজু কৰি ৰাখিছে। ইতিমধ্যে 4½পাক দৌৰ সম্পন্ন কৰা আগষ্টিনো আৰু নিকিয়ে সকলোৰে শেষত দৌৰ সমাপ্ত কৰিলে। নিকি হাম্বলিনে 16 মি 43.61 ছেকেণ্ড আৰু আগষ্টিনোই 17 মি 10.02 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি অন্তিম স্থান দুটা পালে। 


যি সময়ত প্ৰতিযোগিতাত জিকি মেডেল লাভ কৰাটোৱেই প্ৰতিজন খেলুৱৈৰ সপোন, সেই একে সময়তেই খেলপথাৰত খেলুৱৈ সুলভ মনোভাৱ আৰু মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা নিউজিলেণ্ডৰ নিকি হাম্বলিন আৰু আমেৰিকাৰ দি আগষ্টিনো নিসন্দেহে প্ৰশংসাৰ যোগ্য। প্ৰতিযোগিতাৰ মঞ্চত প্ৰতিযোগী মনোভাৱৰ লগতে আদৰ্শনীয় খেলুৱৈ সুলভ মনোভাৱৰ চিনাকী দি অলিম্পিকৰ মূৰত উদ্দেশ্য সাধন হোৱাত যথাৰ্থতে মহৎ নিদৰ্শন দাঙি ধৰা এই দুই খেলুৱৈক ৰিও অলিম্পিকত সোন, ৰূপ বা ব্ৰঞ্জৰ মেডেল নিদিলেও আন এক সন্মানীয় পদক The Pierre de Coubertin medal ৰে সন্মানিত কৰা হয়। ধন্য নিকি হাম্বলিন আৰু দি আগষ্টিনো।

তলৰ লিংকটোত সেই দৌৰৰ নিৰ্বাচিত অংশ পাব....

https://www.youtube.com/watch?v=dCVlRFWOjgE&app=desktop

আশুতোষৰ সেই বিশেষ চকীখন



বিৰলা ইনষ্টিটিউট অফ টেকনোলজী এণ্ড ছায়েন্স বা চমুকৈ বিটছ পিলানী। ইয়াৰেই এজন ছাত্ৰ আশুতোষ প্ৰকাশে বেটাৰী চালিত এখন বিশেষ হুইলচেয়াৰ নিৰ্মাণ কৰি লাভ কৰিছে এক বিৰল কৃতিত্ব। এই হুইল চেয়াৰখনত আছে ভইচ কমাণ্ডৰ বা ধ্বনি নিৰ্দেশৰ ব্যৱস্থা। আশুতোষৰ ককাকৰ স্বনিৰ্ভৰশীল হৈ থকাৰ ইচ্ছাই আছিল এই হুইলচেয়াৰখনৰ আঁৰৰ অনুপ্ৰেৰণা। বিটচ পিলানীৰ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আশুতোষৰ ককাক বাৰ্ধক্যজনিতঅসুস্থতাৰ বাবে শাৰীৰিক ভাবে অক্ষম হৈ পৰে আৰু নিজাকৈ চলা-ফুৰা কৰাত বাধাৰ সৃষ্টি হয়। পিছে তেওঁৰ ককাকক যেতিয়া কোনোবাই সহায় কৰিবলৈ বিচাৰে তেতিয়া তেওঁৰ খং উঠে, বিৰক্তি অনুভৱ কৰে। এক কথাত ক'বলৈ হ'লে আশুতোষৰ ককাক শাৰীৰিক বাধা অতিক্ৰম কৰি স্বাধীন ভাবে চলা-ফুৰা কৰাৰ বাবে বৰ আগ্ৰহী। আশুতোষ নিশ্চিত হৈছিল যে তেওঁৰ ককাকৰ দৰে আন বহু লোক আছে, যিসকলে একে ধৰণৰ সমস্যাত ভূগি আছে। সেয়ে আশুতোষে তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ বিচাৰিছিল আৰু পৰিকল্পনা কৰিলে এনে এখন হুইল চেয়াৰ যিখন চেয়াৰ বা চকীয়ে ইয়াত বহা মানুহজনৰ ধ্বনি নিৰ্দেশনা মানি আগলৈ বা পিছলৈ, বাওঁফাল বা সোঁফাললৈ আপোনা আপুনি চলাচল কৰিব পাৰিব। আইআইটি পাটনাত ইন্টাৰ্ণশ্বিপ কৰি থাকোঁতে ড: অতুল থাকুৰৰ তত্বাৱধানত আশুতোষে এই হুইল চেয়াৰখনৰ পৰিকল্পনা সম্পূৰ্ণ কৰি পেলালে আৰু কেইদিনমানৰ ভিতৰতে এই বিশেষ হুইল চেয়াৰখন নিৰ্মাণ কৰি উলিয়ালে। এই হুইল চেয়াৰখন বনাওতে তেওঁৰ খৰছ হৈছিল মাত্ৰ বিশ হেজাৰ টকা। ইয়াত এটা ভইচ প্ৰচেছৰ সংলগ্ন কৰি ৰখা হৈছে আৰু এই প্ৰচেছৰটোৰ বাবে ধ্বনি নিৰ্দেশণাৰে হুইল চেয়াৰখন নিয়ন্ত্ৰণ কৰিব পাৰি। ৮০ কিলো ওজনৰ এজন ব্যক্তিৰ ভৰ সহিব পৰা এই হুইল চেয়াৰখন ব্যক্তিজনৰ ওজনৰ সৈতে মিলাই সালসলনি ঘটাই ল'ব পাৰি। ষ্টিফেন হকিঙৰ বিশেষ হুইল চেয়াৰখনৰ সৈতে তুলনা হোৱা এই হুইল চেয়াৰখন ব্যৱহাৰ কৰিবলৈ তেনেই উজু । ইয়াক অতি সাধাৰণ কেইটামান ভইচ কমাণ্ডেৰে পৰিচালনা কৰিব পাৰি। ই আনকি ওখোৰা-মোখোৰা তল আৰু চিৰিৰ ওচৰ পোৱাৰ লগে লগে ৰৈ যায়। বিহাৰৰ আশুতোষে তৈয়াৰ কৰা এই বিশেষ চকীখনে ভাৰতৰ লগতে বৰ্তমান সমগ্র বিশ্বতেই চৰ্চা লাভ কৰিছে। 

Saturday, 3 September 2016

You Can And You Will


বিদ্বান লোকসকল অথবা বিজ্ঞানীসকল আমাৰ দৰেই মানুহ। ছাত্ৰাৱস্থাৰ পৰাই তেওঁলোক বিচক্ষণ আছিল নে ? অথবা তেওঁলোক শ্ৰেণীত সদায় প্ৰথম হৈছিল নে ? মহান বিজ্ঞানীসকলৰ বিষয়ে পঢ়িলে পোৱা যায় যে কথাটো তেনে নহয়। বৰং তেওঁলোকৰ বহুজনেই একোজন সাধাৰণ ছাত্ৰ বা ছাত্ৰীয়েই আছিল। কিন্তু তেখেতসকলৰ আছিল একোটাকৈ অনুসন্ধিৎসু মন আৰু একাগ্ৰতা। প্ৰকৃতাৰ্থত মানুহৰ অনুসন্ধিৎসুু মনোভাৱেই মানুহক আন প্ৰাণী সমূহৰ পৰা পৃথক কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে। উদাহৰণ স্বৰূপে জুই দেখিলে সকলো প্ৰাণীয়েই ভয় কৰি তাৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰে। কিন্তু দূৰ অতীতৰ কোনোবা মূহুৰ্তত এটি অনুসন্ধিৎসু মন লৈ মানুহে জুইৰ কাষলৈ গৈ জুইকুৰাক বুজিবলৈ চেষ্টা কৰিছিল। কেৱল সেয়াই নহয়, জুইকুৰাৰ উৎস, প্ৰকৃতি আৰু নিয়ন্ত্ৰণ সম্বন্ধে একাগ্ৰতাৰে বুজিবলৈ চেষ্টা কৰিছিল। অনুসন্ধিৎসু আদিম পূৰ্বপুৰুষ সকলৰ এনে প্ৰচেষ্টাই আমাক সভ্যতাৰ জখলাত বগাই আজিৰ অৱস্থাত উপনীত কৰোৱাইছে। বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক টমাচ আলভা এডিচনক “ঘোলা কণী” বিশেষণেৰে তিৰষ্কাৰ কৰি বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। বিদ্যুত চুম্বকীয় আৱেশৰ আৱিষ্কাৰক মাইকেল ফেৰাডৰ আনুষ্ঠানিক কোনো শিক্ষাই নাছিল। বংশগতি বিজ্ঞানৰ পিতৃ গ্ৰেগৰ জোহান্স মেণ্ডেলে আকৌ শিক্ষক হোৱাৰ বাবে যোগ্যতা নিৰূপক পৰীক্ষাতেই অনুত্তীৰ্ণ হৈ গীৰ্জাৰ যাজক হিচাবে সংসাৰ চলাব লগা হৈছিল। পিছে, এই সকলৰ প্ৰত্যেকজনেই পৰবৰ্তী সময়ত একোজন মহান বিজ্ঞানী হিচাবে সমগ্ৰ বিশ্বক এঢাপ আগুৱাই যোৱাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। সংগীতজ্ঞ হোৱাৰ বাসনাৰে প্ৰচেষ্টা অব্যাহত ৰখা গেলিলিও পৰবৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰহে হৈছিল। আধাতেই চিকিৎসা বিজ্ঞান এৰি অহা গলিলিও এজন মহান বিজ্ঞানী হ’ব বুলি তেতিয়া কোনেও ভবা নাছিল। কলেজৰ পাঠ্যক্ৰমৰ প্ৰায়বোৰ বিষয়তেই অকৃতকাৰ্য হৈ ছাত্ৰ জলপানী বা স্কলাৰশ্বিপ হেৰুওৱা ৰামানুজনৰ গণিতত বুৎপত্তিৰ কথা নক’লোৱেই বা !! আচলতে বিদ্বান বা মনীষী হ’বলৈ শ্ৰেণীত প্ৰথম হোৱাৰ প্ৰয়োজন নাই, প্ৰয়োজন আত্মবিশ্বাস, একাগ্ৰতা, আগ্ৰহ আৰু এটি অনুসন্ধিৎসু মনৰ। প্ৰসংগক্ৰমে মহান পুৰুষ আব্দুল কালাম চাৰে কোৱা এষাৰ কথা প্ৰণিধান যোগ্য : The best brains of the nation may be found on the last benches of the classroom. 
(মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে)

Sunday, 28 August 2016

অনুভূতি


বিগত ২৪টা বছৰত শিক্ষক হিচাবে বহুতো ছাত্ৰ-ছাত্ৰী লগ পালো। তাৰে বহুজনক এতিয়া বাটে পথে দেখিলে চিনি পোৱা কঠিন হয় কাৰণ তেওঁলোক কৈশোৰৰ দেওনা অতিক্ৰম কৰি বৰ্তমান একোজন প্ৰতিষ্ঠিত নাগৰিক। লগতে তেওঁলোকৰ চেহেৰা পাতিবোৰো সেই তাহানিৰ দৰে হৈ থকা নাই। তেনে ছাত্ৰ ছাত্ৰীবোৰে বাটে পথে লগ পালে মাতষাৰ লগাই খবৰ সোধে। বজাৰে সমাৰে, বিয়াই সবাহে, বিহুতলী, থিয়েটাৰ সকলোতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগত সাক্ষাত হয় সদায়েই। এইয়া প্ৰতিজন শিক্ষকৰ দৈনন্দিন জীৱনৰ একোটা নৈমিত্তিক ঘটনা।

কেইদিনমান আগৰ কথা….। সিদিনা দেওবাৰ। চুলি কটাম বুলি চেলুনলৈ ওলালোঁ। চেলুনবোৰত মানুহৰ ভিৰ। নাই, ইয়াত নহ’ব। আন এখনলৈ যাওঁ। মটৰ চাইকেলখন ষ্টাৰ্ট কৰি আগবাঢ়িলো। কিছুদুৰ আগবাঢ়ি আন এখন চেলুনৰ সম্মুখত উপস্থিত হ’লো। সচৰাচৰ মই নিৰ্দিষ্ট এখন চেলুনতেই চুলি কটাও। আজি সেই চেলুনখন বন্ধ। চেলুনৰ নাপিত “চুটকা” বিহাৰৰ নিজা ঘৰলৈ গৈছে। জীয়েকৰ বিয়া হেনো। মটৰ চাইকেলখন ৰখাই মই চেলুনখনৰ ভিতৰলৈ সোমাই আহিলো। দুজন নাপিতে গ্ৰাহকৰ চুলি কাটি আছে। কিছুপৰ অপেক্ষাৰ অন্তত মোৰ পাল পৰিল। কম বয়সীয়া নাপিত এজনে মোক তেওঁৰ ওচৰলৈ মাতিলে।

চকীখনত বহাৰ মাত্ৰকে নাপিতজনে মাত লগালে : চাৰ ভালনে আপোনাৰ?
মই সন্মতি সূচক দৃষ্টিৰে এটা হাঁহি মাৰি তেওঁৰ মুখলৈ চাই ভাবিবলৈ ধৰিলোঁ- এই মুখখনতো মোৰ চিনাকি। কিন্তু মই সঠিক মনত পেলাব পৰা নাই……।


হয়তো কম বয়সীয়া নাপিতজনে মোৰ মনৰ ভিতৰত দুলি থকা ভাবৰ বুৰবুৰণিবোৰৰ উমান পাইছিল। তেওঁ ক’লে – মোক চিনি পাইছেনে চাৰ? 2005 চনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছিলো। মই “——-” চাৰ। (নামটো ইচ্ছাকৃত ভাবে প্ৰকাশ নকৰিলো)।

মূহুৰ্ত এটিৰ বাবে হ’লেও মই কিছু অপ্ৰস্তুত হৈ পৰিলো। এৰা, এৰা মনত পৰিছে। তেওঁ মোৰ ছাত্ৰ আছিল। মই কিবা এটা কোৱাৰ আগতেই তেওঁ মোৰ গাত এখন কাপোৰ মেৰিয়াই দি কেঁচি ফনিবোৰ উলিয়াই লৈ মোৰ চুলি কাটিবলৈ ধৰিলে। তেওঁ চুলি কাটি কাটি সংক্ষেপে কৈ গ’ল তেওঁলোকৰ ঘৰুৱা অৱস্থাৰ কথা, ৰুগ্ন দেউতাক আৰু ভায়েকহঁঁতৰ বাবে ল’ব লগীয়া দায়ীত্বৰ কথা। মই মাথোন শুনি গৈছো নীৰবে।

মনত পৰিছিল সেই ছাত্ৰ-ছাত্ৰী সকলৰ মুখবোৰ, যিসকলে JEE, CEE আদি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ দি ভৰি চুই সেৱা কৰি যায়, যিসকল বেংক বা অন্যান্য প্ৰতিষ্ঠানত চাকৰিত নিয়োগ হয়, উচ্চ শিক্ষাৰ বাবে দিল্লী বা বাংগালোৰলৈ পঢ়িবলৈ গুচি যায় অথবা ব্যৱসায়ত উন্নতি কৰি ক্ৰমে শিখৰলৈ গতি কৰে। চকুৰ আগত ভাঁহি উঠিল চিলমিলকৈ দুই এখন মুখ, যিবোৰ মুখৰ অধিকাৰী ছাত্ৰই চকুৰ সন্মুখেৰে পাৰহৈ গ’লেও মাত এষাৰ দিবলৈ টান পায়। সঁচাকৈয়ে বিচিত্ৰ এই জগত। 

চুলি কটাৰ সুবিধাৰ্থে মোৰ মুৰটো সামান্য আগলৈ থেলি দি তেওঁ ক’লে : চাৰ মই সুখী। পিতৃৰ পদাংক অনুসৰণ কৰি এই ব্যৱসায়ত নামিছো আৰু ঘৰৰ দায়িত্বও ল’ব পাৰিছোঁ। দুখ এটাই ৰৈ গ’ল চাৰ….!

মই সুধিলো “কি” ?

তেওঁ কলে – ময়ো এজন শিক্ষক হোৱাৰ আশা এটি পুহি ৰাখিছিলো…..! পিছে সেয়া সম্ভৱ নহ’ল।……

কি ক’ম কি নক’ম ভাবি থাকোতেই তেওঁৰ চুলি কটা শেষ হ’ল। মই লাহেকৈ চকীখনৰ পৰা উঠি পকেটৰ পৰা উৰ্মালখন উলিয়াই মুখখন মচি লৈ ৱালেটটোলৈ বুলি হাতখন আগবঢ়ালোঁ। তেওঁ মূহুৰ্ততে প্ৰতিবাদ কৰি উঠিল আৰু ক’লে : নহয় চাৰ, নহয় ! পইচাৰ বিনিময়ত মই কেতিয়াও আপোনাৰ চুলি কাটিব নোৱাৰিম। মোৰ সৌভাগ্য যে মই মোৰ শিক্ষাগুৰুৰ চুলি কাটিবলৈ পালোঁ। আপুনি আকৌ আহিব চাৰ। এইবুলি তেওঁ হাউলি মোৰ ভৰি দুখন চুই আশীৰ্বাদ বিচাৰিলে। এবুকু আশীৰ্বাদ দি মই ঘৰলৈ উভটি আহিলো কিন্তু মনৰ মাজত অযুত খেলিমেলি ভাবে দোলা দি থাকিল ওৰেটো দিন।

একে কক্ষপথেৰে আৱৰ্তন কৰা শনিৰ বিস্ময়কৰ উপগ্ৰহ দুটা


সৌৰজগতৰ এটি অনন্য সুন্দৰ গ্ৰহ হ'ল শনি। 0.687 gm/cm3 ঘণত্বৰ পানীতকৈও পাতল এই গ্ৰহটোৰ বুকুত নাই কোনো কঠিন পদাৰ্থ। ই মূলতঃ এক বিশাল গেছীয় গ্ৰহ যাৰ মূল উপাদানবোৰ হ'ল হাইড্ৰজেন, মিথেন, এমোনিয়া, হিলিয়াম আদি গেছ সমূহ আৰু এই গেছবোৰৰ তৰল ৰূপসমূহ। শনিগ্ৰহৰ 62টা উপগ্ৰহৰ উপৰিও আন বহুতো ক্ষুদ্ৰ উপগ্ৰহিকা বা moonlets আছে। এই উপগ্ৰহবোৰৰ ভিতৰত দুটা বিস্ময়কৰ উপগ্ৰহ হ'ল Saturn-X (Janus) আৰু Saturn-XI (Epimetheus). এই দুয়োটাই শনিৰ আভ্যন্তৰীণ উপগ্ৰহ আৰু এই দুই উপগ্ৰহ শনিগ্ৰহৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০,০০০ কিমি আঁতৰত থাকি শনিৰ চৌদিশে আৱৰ্তন কৰি আছে। আচৰ্যকৰ কথা এইটোৱেই যে এই দুয়োটা গ্ৰহই একেটা কক্ষপথেৰে শনিগ্ৰহৰ চৌদিশে আৱৰ্তন কৰি আছে। বিজ্ঞানীসকলৰ মতে আদিতে এই দুয়োটা উপগ্ৰহ এটাই আছিল। কেইবা মিলিয়ন বছৰ আগেয়ে হোৱা কোনো মহাজাগতিক সংঘৰ্ষৰ ফলত সেই আদিম উপগ্ৰহটো ভাঙি দ্বিখণ্ডিত হৈছিল আৰু তেতিয়াৰ পৰাই এই খণ্ড দুটাই একেটা কক্ষপথেৰে শনিগ্ৰহৰ চাৰিওফালে একে আৱৰ্তন বেগেৰে আৱৰ্তন কৰি আহিছে। স্বাভাৱিকতে আমাৰ মনলৈ এটি প্ৰশ্ন আহিব যে একেটা বেগত একে কক্ষপথেৰে আৱৰ্তন কৰা এই দুই উপগ্ৰহই সংঘৰ্ষত পতিত নহয় নেকি? কেনেকৈ সম্ভৱ হৈছে এই অবিশ্বাস্য পৰিঘটনা? বিজ্ঞানীসকলৰ মতে এই দুই উপগ্ৰহ যেতিয়া কক্ষপথত প্ৰায় ওচৰা ওচৰি অৱস্থান প্ৰাপ্ত হয়, তেতিয়াই উপগ্ৰহ দুটাই সাময়িক ভাবে কিছুু পৰিমাণৰ ভৰবেগৰ আদান প্ৰদান কৰি কক্ষপথত সামান্য পৰিমাণে বিচ্যুত হৈ এটাই আনটোক বাট এৰি দি সংঘৰ্ষৰ পৰা আঁতৰি থাকে। এনেদৰে ভৰবেগৰ আদান প্ৰদান কৰাৰ ফলত Epimetheusএ Janusৰ বেগক অতিক্ৰম কৰি কক্ষপথত আগবাঢ়ি যায় আৰু Janusএ নিজ কক্ষপথৰ পৰা প্ৰায় 50 কিমি আঁতৰি Epimetheusক আগবাঢ়ি যোৱাত সহায় কৰে, যেন ব্যস্ত ৰাজপথত দ্ৰুতবেগী বাহন এখনক আগবাঢ়ি যাবলৈ দিয়াৰ বাব আপুনি আপোনাৰ বাহনখন পথৰ দাঁতিলৈ লৈ গৈছে !! Epimetheus আগবাঢ়ি যোৱাৰ পিছত আচৰিত ভাবে Janus পুনৰ আগৰ কক্ষপথলৈ ঘুৰি আহে। প্ৰতি চাৰি বছৰৰ মুৰত এনেদৰে উপগ্ৰহ দুটাই ভৰবেগৰ আদান প্ৰদান কৰি আহিছে আৰু ভৱিষ্যতেও এনেদৰেই শনিগ্ৰহৰ চৌদিশে আৱৰ্তন কৰি যাব। সমগ্ৰ সৌৰজগতত এইটো এটি বিস্ময়কৰ মহাজাগতিক ঘটনা। এইখিনিতে এটা প্ৰশ্ন আহে : নিউটনৰ সূত্ৰ অনুসৰি গতিশীল বস্তুৰ ভৰবেগ, দিশ অথবা বেগৰ পৰিবৰ্তনৰ বাবে বাহ্যিক বলৰ প্ৰয়োজন। পিছে উপগ্ৰহ দুটাই কক্ষপথত বৰ্তি থাকিবলৈ প্ৰয়োজন হোৱা এই বিশেষ কৌশল প্ৰয়োগ কৰিবলৈ আৱশ্যকীয় বল ক'ত পায়- সেই লৈ বিজ্ঞানীসকলে অব্যাহত ৰাখিছে তেখেতসকলৰ গৱেষণা। সঁচাকৈয়ে আচৰিত আমাৰ সৌৰজগত আৰু সৌৰজগত পৰিচালিত হোৱা নিয়মবোৰ !!!

বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ সংযোগ


27 আগষ্টৰ সন্ধিয়া সূৰ্যাাস্তৰ প্ৰায় 40 মিনিট পিছত পশ্চিম আকাশত দেখা পোৱা গ'ল আন এক বিৰল মহাজাগতিক দৃশ্য, যিটো দৃশ্য পৃথিৱীৰ পৰা পুনৰ দেখা পোৱা যাব 2065 চনৰ নৱেম্বৰ মাহত। হয়, পশ্চিম আকাশত হেঙুলীয়া ৰহণ সানি বেলি বুৰ যোৱাৰ প্ৰায় 40 মিনিট পিছত শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ সংযোগে এক বিৰল মহাজাগতিক দৃশ্যৰ অৱতাৰণা কৰি দুয়ো একেলগ পশ্চিম আকাশত মাৰ যোৱাৰ দৃশ্যৰ কথাকেই ক'বলৈ ওলাইছো। শুক্ৰ আৰু বৃহস্পতি গ্ৰহ এনেদৰে যুগ্ম ভাবে দেখা পোৱা পৰিঘটনাটোক বিজ্ঞানীসকলে Conjunction বা Appulse বুলি কয়। পৃথিৱীৰ প্ৰায় সকলো স্থানৰ পৰা দৃশ্যমান এই পৰিঘটনাটো খালী চকুৰে দেখা পোৱা যায়। পৰিস্কাৰ আৰু ফৰকাল বতৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ আকাশতো আজি সন্ধিয়া এই বিশেষ মহাজাগতিক দৃশ্যটো সুন্দৰকৈ দৃশ্যমান হৈছিল। শুক্ৰ আৰু বৃহস্পতিৰ এই সংযোগৰ কাৰণ বুজিবলৈ পোষ্টটোৰ লগত সন্নিবিষ্ট ছবিখন চালে দেখা যায় যে 2016 চনৰ 27 আগষ্টৰ দিনা সূৰ্যই পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ সোঁমাজত অৱস্থান গ্ৰহণ কৰিছে। আনহাতে পৃথিৱী, শুক্ৰ আৰু বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে আৱৰ্তন কৰা সময়ত একেডাল সৰলৰেখাত অৱস্থান গ্ৰহণ কৰিছে। সেয়ে, সূৰ্যাস্তৰ পিছত পৃথিৱীৰ পৰা পশ্চিম আকাশলৈ চালে একে সৰলৰেখাত অৱস্থিত শুক্ৰ আৰু বৃহস্পতি গ্ৰহক প্ৰায় একেলগে ওচৰা ওচৰিকৈ দেখা গৈছিল। আজি সন্ধিয়া গুৱাহাটীৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ পথত শৰাইঘাট দলঙৰ পৰা আমিও এই মনোৰম মহাজাগতিক দৃশ্যটো উপভোগ কৰিবলৈ পাইছিলো।

Wednesday, 10 August 2016

সৌৰজগতৰ সুন্দৰ গ্ৰহ শনি


সৌৰজগতৰ পৰিসীমাৰ ভিতৰত পৃথিৱীৰ পৰা খালী চকুৰে দেখা আটাইতকৈ দূৰৰ গ্ৰহটোৱেই হ'ল শনি গ্ৰহ। খালী চকুৰে দেখিবলৈ সাধাৰণ যেন লগা এই গ্ৰহটো পিছে দূৰবীন যন্ত্ৰৰ সহায়ত চালে অনুভৱ কৰিব পৰা যায়- কিহৰ বাবে বিজ্ঞানী সকলে এই গ্ৰহটোক (পৃথিৱীৰ বাদে) সৌৰজগতৰ আটাইতকৈ সুন্দৰ গ্ৰহ বুলি কয়। বৃহস্পতি গ্ৰহৰ পিছতেই সৌৰজগতৰ দ্বিতীয় বৃহৎ এই গ্ৰহটো আয়তনত প্ৰায় 760 খন পৃথিৱীৰ সমান। অৱশ্যে আয়তনত ইমান বৃহৎ হোৱাৰ পিছতো ভৰৰ ক্ষেত্ৰত ই পৃথিৱীত কৈ মাত্ৰ 95 গুণ বেছি। ইয়াৰ কাৰণ হ'ল গ্ৰহটোৰ ঘনত্ব। ঘনত্বৰ দিশৰ পৰা শনি গ্ৰহ সৌৰজগতৰ আটাইতকৈ পাতল গ্ৰহ আৰু অবিশ্বাস্য হ'লেও এইটো সত্য যে শনি গ্ৰহ পানীত ওপঙি থাকিব। শনি গ্ৰহই নিজ অক্ষৰ ওপৰত অতি বেছি বেগেৰে আৱৰ্তন কৰে বাবেই গ্ৰহটো ইয়াৰ বিষুবীয় অঞ্চলত উখহি উঠা। শনিৰ বায়ুমণ্ডল প্ৰধানকৈ হাইড্ৰজেন গেছেৰে গঠিত। হাইড্ৰজেনৰ বাহিৰে ইয়াৰ বায়ুমণ্ডলত হিলিয়াম, এমোনিয়া আৰু মিথেন গেছ সামান্য মাত্ৰাত পোৱা যায়। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা 62 টা। এইবোৰৰ ভিতৰত টাইটান হ'ল সৰ্ববৃহৎ আৰু বৰ্তমান এই উপগ্ৰহটো অগণন সাধাৰণ মানুহৰ লগতে বিজ্ঞানী সকলৰো চৰ্চাৰ কেন্দ্ৰবিন্দু কাৰণ টাইটানৰ গঠন, বায়ুমণ্ডল, খনিজ আৰু জুলীয়া মিথেন জীৱনৰ উপস্থিতিৰ বাবে অতি সম্ভাৱনাময়। হয়তো টাইটানৰ বুকুতেেই লুকাই আছে আমি বিচাৰি ফুৰা বহিৰ্বিশ্বৰ কোনো সুহৃদ !!!

Thursday, 21 July 2016

ইতিহাসৰ পাতত জুইৰ আদিমতম ব্যৱহাৰ



নিসন্দেহে জুইৰ ব্যৱহাৰে আমাক সভ্যতাৰ বাটত খোজ দিবলৈ শিকাইছিল। জুইৰ ব্যৱহাৰ শিকাৰ পিছৰ পৰাই মানুহে (মানুহৰ পূৰ্বপুৰুষে) বাস্তবিকতে খাদ্য সেকি বা পুৰি খাবলৈ লৈছিল। ক্ৰমান্বয়ে তেওঁলোকে শিকিছিল যে নিশাৰ অন্ধকাৰ নাশিবলৈ জুইৰ আৱশ্যক। একেদৰেই তেওঁলোকে বুজি উঠিছিল যে জুইকুৰা দীৰ্ঘ সময়ৰ বাবে ধৰি ৰাখিবলৈ ইন্ধনৰ প্ৰয়োজন। অৰ্থাৎ তেওঁলোকে পৰ্যায়ক্ৰমে জুই একুৰা নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে। লাহে লাহে আমাৰ পূৰ্বপুৰুষ সকলে বন্য জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ অথবা কৃষিৰ বাবে প্ৰয়োজনীয় একোখন ক্ষেত্ৰ মুকলি কৰিবলৈ হাবি জংঘল পুৰিবলৈ জুইৰ ব্যৱহাৰ কৰিবলৈ শিকে। তেওঁলোকে দেখিছিল যে জুয়ে পোৰা মাটি কঠিন হয়। সেই পৰ্যবেক্ষণে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল মাটিৰ পাত্ৰ গঢ়িবলৈ। এনেদৰে ক্ৰমান্বয়ে আমাৰ পূৰ্বপুৰুষ সকল সভ্যতাৰ জখলাৰে বগাই কাৰিকৰী দিশতো পাৰ্গত হৈ পৰিছিল। পিছলৈ ধাতুৰ আৱিষ্কাৰ হোৱাত, জুইৰ ব্যৱহাৰ দুগুণে চৰিল। তেওঁলোকে জুইৰ সহায়ত ধাতু গলাবলৈ শিকে আৰু ধাতুৰ অস্ত্ৰৰ লগতে বিভিন্ন পাত্ৰ আদি তৈয়াৰ কৰিবলৈ শিকে। শেহতীয়াকৈ প্ৰকাশিত Journal of Human Evolution নামৰ গৱেষণা গ্ৰন্থখনত বিজ্ঞানী সকলে প্ৰকাশ কৰা মতে প্ৰায় 2.8 মিলিয়ন বছৰ আগতে হোমো গণ (Genus- Homo)ৰ অন্তৰ্গত Homo habilis নামৰ আমাৰ পূৰ্বপুৰুষ সকলে সৰ্বপ্ৰথম জুইৰ বিষয়ে জ্ঞাত হৈছিল। কিন্তু 1.9 মিলিয়ন বছৰ আগেয়ে Homo erectus নামৰ আমাৰ পূৰ্বপুৰুষ সকলেহে জুইৰ প্ৰথম ব্যৱহাৰ শিকিছিল। আজিৰ পৰা প্ৰায় 1.5 মিলিয়ন বছৰ আগৰ Homo antecessor সকলে জুইৰ ব্যৱহাৰ কিছু বিস্তৃত ভাবে শিকিছিল আৰু 1.2 মিলিয়ন বছৰ আগতে মানুহ বা Homo sepiens সকল জুইৰ ব্যৱহাৰত পাকৈত হৈ পৰিছিল।

Sunday, 17 July 2016

ফৰমেলিনেৰে সংৰক্ষণ কৰা মাছ আৰু আমাৰ স্বাস্থ্য


বজাৰত কিনিবলৈ পোৱা চালানী মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিবলৈ মাছ বেপাৰী সকলে বৰফ ব্যৱহাৰ কৰে বুলি আমি সকলোৱে জানো। মাছ বেপাৰী সকলে পিছে বৰফৰ উপৰিও মাছবোৰ সতেজ কৰি ৰাখিবলৈ ফৰমেলিন নামৰ এবিধ বিষাক্ত ৰসায়নিক পদাৰ্থও ব্যৱহাৰ কৰে। ফৰমেলদিহাইড বা মিথানালৰ 40% সংপৃক্ত দ্ৰৱণক ফৰমেলিন বোলা হয়। এই বিষাক্ত দ্ৰব্য বিধ সাধাৰণতে জীৱদেহৰ বিভিন্ন কলাৰ পৰা পানী শোষণ কৰাৰ লগতে বিষাক্ত অনুজীৱ যেনে বেক্টেৰীয়া আদি ধ্বংস কৰাত ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে আপেক্ষিক বা সম্পূৰ্ণ শুষ্ক অৱস্থাত থকা কোষ বা কলাত বেক্টেৰীয়া থাকিব নোৱাৰে আৰু সেয়েহে তেনে কলা সমূহ বহুদিন ভালে থাকে। উদাহৰণ স্বৰূপে শুকান ফলমূলৰ কথাটো মনলৈ আনিব পাৰে। বেক্টেৰীয়া সমূহ শীতল পৰিবেশতো প্ৰায় অক্ষম হৈ পৰে। সেয়ে শীতলীকৰণ যন্ত্ৰ বা ৰিফ্ৰিজেৰিটৰত খাদ্য বহুপৰ ভালে থাকে। মাছ বেপাৰী সকলে উপৰোক্ত দুয়োটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰাবোৰত নিৰ্দিষ্ট পৰিমাণৰ ফৰমেলিন ছটিয়াই দিয়ে। এই ফৰমেলিনখিনি মাছৰ কলাতন্ত্ৰত প্ৰবেশ কৰে আৰু মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখে। পিছে আমাৰ বাবে আটাইতকৈ ভয়াবহ কথাটো হ'ল, এই ফৰমেলিন যিহেতু বিষাক্ত পদাৰ্থ, এই পদাৰ্থ বিধ খাদ্য শৃংখলৰ মাধ্যমত আমাৰ দেহত প্ৰৱেশ কৰে আৰু শৰীৰত বিভিন্ন বিসংগতিৰ সৃষ্টি কৰে। বিজ্ঞানী সকলৰ মতে ফৰমেলিনে মানুহৰ খাদ্যনলী আৰু পাকস্থলীৰ কোমল কলা সমূহক ক্ষতিগ্ৰস্থ কৰে। ফৰমেলিনে সৃষ্টি কৰা ফৰমেলদিহাইড গেছে মানুহৰ মূূৰৰ বিষ সৃষ্টি কৰে। সঘনাই চালানী মাছ খোৱা সকলৰ দেহত "জৈৱ-বিবৰ্ধন" বা Biological Magnificationৰ বাবে ফৰমেলিনৰ মাত্রা বৃদ্ধি পায় আৰু তেনে লোকৰ পাকস্থলীত ঘাঁ হৈ তীব্ৰ বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞৰ মতে ইয়াৰ ফলত পাকস্থলীৰ ভিতৰত ৰক্তক্ষৰণ পৰ্যন্ত হ'ব পাৰে। মাত্ৰাধিক ফৰমেলিনে মানুহৰ বৃক্ক আৰু স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাব পেলায় আৰু মানুহৰ দেহত জটিল ব্যাধিৰ সৃষ্টি কৰিব পাৰে।

Saturday, 9 July 2016

তিনিবাৰ সূর্যোদয়-সূর্যাস্ত হোৱা দৈত্যকায় গ্ৰহ আবিষ্কাৰ


পৃথিবীৰ পৰা 340 আলোকবর্ষ দূৰৰ এটি নতুন গ্রহৰ সন্ধান পাইছে মহাকাশ বিজ্ঞানীসকলে। এই গ্রহৰ আয়তন আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ চাৰি গুণ। এই গ্রহটোৰ বয়স অন্তত 1 কোটি 60 লাখ বছৰ। সেইদিশৰ পৰা এই গ্ৰহটো এতিয়ালৈকে আবিষ্কৃত আটাইতকৈ কম বয়সীয়া গ্রহ। আচৰিত হ'লেও সত্য যে এই গ্রহটোৱে তিনিটা নক্ষত্রক প্রদক্ষিণ কৰে। ফলস্বৰূপে প্ৰতি দিনে গ্ৰহটোৰ বুকুত তিনিবাৰ কৈ ‘সূর্যোদয়’ আৰু ‘সূর্যাস্ত’ হয়। মার্কিন যুক্তৰাষ্ট্ৰৰ এৰিযোনা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে এই গ্রহটোৰ সন্ধান পাইছে। এই বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড্যানিয়েল এপাৰ মতে, সদ্য আবিষ্কৃত গ্রহটোোৰ নাম HD 131399 AB। গ্রহটোৰ আয়তন অনুসৰি ইয়াৰ ভৰো বৃহস্পতিকৈ চাৰি গুণ বেছি। এই গ্রহৰ তাপমাত্রা 580 ডিগ্রী চেলচিয়াছ। অৰ্থাৎ বাস্তবিকতে এই গ্ৰহটোত জীৱনৰ কোনো সম্ভাৱনা নাই। গবেষক দলটোৰ আন এজন সদস্য কেভিন ওৱাগনাৰৰ মতে গ্রহটোৰ পৰা বছৰৰ প্ৰতিটো মূহুৰ্ততেই তিনিওটা নক্ষত্র একেলগে দেখা যায়। উল্লেখযোগ্য যে পৃথিবীৰ হিচাপত 550 বছৰ এই নব্য আৱিষ্কৃত গ্ৰহটোৰ বাবে মাত্ৰ এক বছৰ !