Saturday, 14 July 2018

গ্রাফিন : কাৰ্বনৰ ধাতবীয় ৰূপভেদ


গ্ৰাফিন এক ধৰণৰ কার্বনৰ ৰূপভেদ, যিয়ে এটা অতি সূক্ষ্ম ষড়ভূজাকাৰ আকৃতিত বিৰাজ কৰে। এই ষড়ভূজৰ ক্ষেত্রফল যিমানেই ডাঙৰ নহওক কিয়, ইয়াৰ প্ৰস্থ কিন্তু এটি পৰমাণুৰ আকাৰৰ সমান। গ্ৰাফিনৰ পৰমাণুবোৰ এনেদৰে বিন্যস্ত হৈ থাকে যে, ই এটি দ্বিমাত্রিক, অতি পাতল মৌচাকৰ দৰে আকৃতি ধাৰণ কৰে।


২০০৪ চনৰ অক্টোবৰ মাহত গ্রাফিন আবিষ্কাৰৰ কথা ঘোষণা কৰা হৈছিল। এটি আবিষ্কাৰৰ বাবে আন্দ্রে গেইম আৰু কনষ্টানটিন নভোচেলভক যুটীয়া ভাবে ২০১০ চনত পদার্থবিজ্ঞানৰ নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।



গ্রাফিন নামৰ পদার্থবিধ অতি পাতল। গ্ৰাফিনৰ এটি পাতল তৰপৰ ব্যাস ০.১ ৰ পৰা ০.৫ নেন'মিটাৰ মাত্ৰ। অৰ্থাৎ গ্ৰাফিন পৃথিৱীৰ সকলোতকৈ পাতল পদাৰ্থ। গ্ৰাফিন সমূহ আইনাৰ দৰে স্বচ্ছ। গ্ৰাফিনৰ আন এক বৈশিষ্ট হ'ল যে ই এবিধ অতি শক্তিশালী পদাৰ্থ আৰু কঠিনতাৰ ক্ষেত্ৰত ধাতুকৈও কঠিন কাৰ্বনৰ এটি ৰূপভেদ। পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে গ্ৰাফিন তীখা বা ষ্টীলতকৈ ১০০ গুণ দৃঢ় । তদুপৰি গ্ৰাফিন সকলোবোৰ মৌল বা যৌগৰ ভিতৰতেই ভাল বিদ্যুৎ আৰু তাপৰ পৰিবাহী। অতি কম ভৰ বিশিষ্ট গ্ৰফিন সমূহ "সুপাৰ ফ্লেক্সিব'ল" বা অতি নমনীয় ধাতু। সেয়ে গ্ৰাফিনক যিমানেই টানি দীঘল কৰাৰ চেষ্টা নকৰক কিয়, ই কেতিয়াও ছিঙি নেযায়। 



গ্ৰাফিন এবিধ দ্বি-মাত্ৰিক পদাৰ্থ। অৰ্থাৎ গ্ৰাফিনৰ দৈর্ঘ্য আৰু প্রস্থ আছে যদিও ইয়াৰ উচ্চতা নাই (উপেক্ষিত)। সেয়ে গ্ৰাফিনৰ আয়তন শূন্য বুলি ধৰা হয়। ফলত গ্ৰাফিনৰ আন এটা বিচিত্ৰতা হ'ল - ইয়াৰ ঘনত্বও নাই।



গ্রাফিনৰ আৱিষ্কাৰে ইতিমধ্যে বিজ্ঞান জগতত তুমুল আলোড়ন সৃষ্টি কৰিছে। গ্ৰাফিনৰ ব্যৱহাৰে আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰিব। ইতিমধ্যে কৃষিক্ষেত্র, শস্য সুৰক্ষা, কেঞ্চাৰ কোষ প্রতিহত কৰা, ৰোগীৰ দেহৰ বিভিন্ন স্থানলৈ ঔষধৰ পৰিবহন, বেটাৰীৰ আয়ুকাল বৃদ্ধি, ৰঙৰ স্থায়ীত্ব বৃদ্ধি, পানী পৰিশোধন, "সুপাৰকেপাচিটৰ" বা অতি-বিদ্যুতধাৰক তৈয়াৰ, পেকেজিং আৰু ওৱাটাৰপ্রুফিং, চোলাৰ চেল, এল.ই.ডি, স্মার্টফোন, কম্পিউটাৰ, ফ্লেক্সিবল ইলেক্ট্রনিক্স আদি নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰাফিনৰ ভূমিকা অপৰিসীম বুলি বিবেচিত হৈছে। তদুপৰি গ্ৰাফিনক ধাতুৰ বিকল্প হিচাবে ব্যৱহাৰ কৰি মামৰ প্ৰতিৰোধী সামগ্ৰী তৈয়াৰ কৰিব পৰা যাব। 



গ্রাফিনৰ এক উল্ল্যেখনীয় বৈশিষ্ট হ'ল "ৰেডিও এক্টিভ ডিচপোজেল"। অৰ্থাৎ কোনো "ৰেডিও এক্টিভ" বা তেজস্ক্ৰিয় ধাতুক গ্রাফিনৰ তৰপ এটাৰে আৱৰি ৰাখি ধাতুটোৰ ঘাটক ৰেডিয়েচন বা বিকিৰণৰ পৰা বাচিব পৰা যাব। গ্রাফিনৰ ব্যবহাৰ কৰি মানুহৰ দেহত সংস্থাপন কৰিব পৰা নকল মাংসপেশী বা "আর্টিফিচিয়েল মাচ'ল" তৈয়াৰ কৰা সম্ভব হৈ উঠিব। মুঠতে গ্ৰাফিনৰ আৱিষ্কাৰ মানৱ সমাজলৈ এক বৰদান হিচাবে বিবেচিত হৈছে।

Wednesday, 4 July 2018

অনাদি অনন্ত প্ৰসাৰী


আধুনিক মনৰ চালিকা শক্তি হ'ল বৈজ্ঞানিক দৃষ্টিভংগী। বৰ্তমান সময়চোৱাত সমগ্ৰ বিশ্বতেই সৰ্বসাধাৰন মানুহৰ মাজতো বিজ্ঞানৰ প্ৰতি আকৰ্ষণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এয়া শুভ লক্ষণ। কোমল বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞানৰ বিভিন্ন বিষয় অথবা পৰিঘটনাবোৰে ৰেখাপাত কৰে। ভৱিষ্যত প্ৰজন্মৰ মাজত এক সুস্থ বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ তেওঁলোকক বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰি তুলিব লাগিব। তাৰবাবে পাঠ্যপুথিৰ উপৰিও অন্যান্য বিজ্ঞান বিষয়ক তথ্যৰ যোগান ধৰাটোওঁ এক গুৰুত্বপূৰ্ণ বিষয়।


তেনে এক উদ্যেশ্য আগত ৰাখিয়েই বিজ্ঞানৰ কিছু নিৰ্বাচিত বিষয়বস্তু সামৰি লৈ সকলো মানুহে বুজিব পৰাকৈ "অনাদি অনন্ত প্ৰসাৰী" নামত এই পুথিখন প্ৰকাশ কৰা হৈছে। পুথিখন বৰ্তমান গুৱাহাটী আৰু টংলাৰ কিতাপ দোকানত উপলব্ধ হৈছে। অনতি পলমে আমাৰ দ্বিতীয়খন গ্ৰন্থ "অনাদি অনন্ত প্ৰসাৰী" এমাজনত মুকলি কৰা হ'ব।

https://nenow.in/north-east-news/assam-anadi-ananta-prashari-released-in-udalguri.html

Tuesday, 26 June 2018

মাইণ্ড আপলোডিং : ভৱিষ্যতৰ প্ৰযুক্তি


মানুহৰ মগজুক কম্পিউটাৰৰ লগত সংযোগ কৰি মগজুৰ তথ্যবোৰ কম্পিউটাৰৰ ড্ৰাইভত সংৰক্ষণ কৰিব নেকি ? আচৰিত হৈছে নিশ্চয় ! এটা উদাহৰণ লওঁ আহকচোন। আপুনি নিশ্চয় লেপটপ বা কম্পিউটাৰৰ লগত "পেন ড্ৰাইভ" বা মোবাইল ফোনটো সংযোগ কৰি পাইছে। এনেদৰে সংযোগ কৰা পেন ড্ৰাইভ বা মোবাইল ফোনৰ বিভিন্ন তথ্য বা ডাটাসমূহ অতি সহজেই কম্পিউটাৰলৈ স্থানান্তৰ বা আপলোড কৰিব পাৰি। তদুপৰি কম্পিউটাৰ নেটৱৰ্কিং ব্যৱস্থাৰ জৰিয়তে এনে তথ্যবোৰ আন এটি কম্পিউটাৰলৈও প্ৰেৰণ কৰা বা ডিজিটেল ডাটা হিচাপে ভৱিষ্যতলৈ সংৰক্ষণ কৰাটো সম্ভৱ। 

কম্পিউটাৰৰ কাম কাজবোৰ মানুহৰ মগজুৱে কাম কৰা পদ্ধতিৰ লগত প্ৰায় একে। এক জটিল "নিউৰেল নেটৱৰ্কিং" পদ্ধতিৰে আমাৰ মগজুৱে কাৰ্য সম্পাদন কৰে। জীৱবিজ্ঞানী সকলে মগজুৰ এই নিউৰেল নেটৱৰ্কিং ব্যৱস্থাটো কম বেছি পৰিমাণে আয়ত্ব কৰি পেলাইছে যাৰ ফলত বিজ্ঞানীসকলে মানুহৰ মগজুৰ ক্ৰিয়াবিধি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি বলিষ্ঠ ভাবে ঘোষণা কৰিছে। বৰ্তমান জীৱবিজ্ঞানী সকল কম্পিউটাৰ ইঞ্জিনিয়াৰৰ সহযোগত মানুহৰ মগজুৰ জটিল নিউৰেল নেটৱৰ্কিং ব্যৱস্থাৰ এক "ডিজিটেল ভাৰ্চন" তৈয়াৰ কৰাত ব্যস্ত, যিবোৰ এটা ডিজিটেল কম্পিউটাৰত ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি থ'ব পৰা যায়। 

মানুহৰ মগজুৰ বিভিন্ন চিন্তাধাৰা, বুদ্ধিমত্তা, আবেগ, অনুভূতি আদিবোৰ এনেদৰে ডিজিটেল ডাটা হিচাবে কম্পিউটাৰ বা পেন ড্রাইভত কপি কৰি ৰখা আৰু প্রয়োজন অনুসৰি সেই ডাটাবোৰ আন কোনো মিডিয়াত ডাউনলোড কৰিব পৰা এই নতুন প্ৰযুক্তিৰ ধাৰণাটোকেই "মাইণ্ড আপলোডিং" বোলা হয়। মাইণ্ড আপলোডিঙৰ জৰিয়তে এজন মানুহৰ চিন্তাধাৰা বা বুদ্ধিমত্তাক চিৰকালৰ বাবে সংৰক্ষণ কৰাটো সম্ভৱ হৈ উঠিব। 

এই প্রযুক্তিৰ মাধ্যমত বিজ্ঞানীসকলৰ উদ্দেশ্য হ'ল কোনো এজন বিশেষ ব্যক্তিৰ বুদ্ধিমত্তা, চিন্তাধাৰা অথবা তেওঁৰ ব্যক্তিত্ব এটি পৃথক তন্ত্ৰত ক্লোন বা প্ৰতিৰূপ হিচাবে চিৰদিনৰ বাবে সংৰক্ষণ কৰা আৰু পৰবৰ্তী সময়ত কৃত্ৰিম ভাবে কোষ সৃষ্টি কৰি সেই কোষত মগজুৰ সংৰক্ষিত ডিজিটেল ভাৰ্চন প্ৰতিস্থাপন কৰি আগতে সংৰক্ষণ কৰি থোৱা ডিজিটেল ভাৰ্চনক পুনৰ নিউৰেল ভাৰ্চনলৈ সলনি কৰি সেই বিশেষ বুদ্ধিমত্তাক পুনৰ কামত লগোৱা।

এই সমস্ত বিষয়টি চাইন্স ফিকচন বা কোনো হলিউডৰ চিনেমাৰ কাহিনীৰ দৰে লাগিলেও বর্তমানে এই প্রযুক্তিক সফল কৰাৰ উদ্দেশ্যে "২০৪৫-ইনিচিয়েটিভ" নামেৰে এটি প্রজেক্ট আৰম্ভ হৈছে। বিজ্ঞানীসকলৰ মতে ২০৪৫ চনৰ ভিতৰতেই তেওঁলোকে এই প্ৰযুক্তিক সম্পূৰ্ণ কৰি তুলি মানুহৰ মন আৰু মগজুক অমৰত্ব  প্ৰদান কৰিব। অৱশ্যে সময়েহে ক'ব এই প্ৰযুক্তিয়ে আমাৰ জীৱনলৈ কেনে পৰিবৰ্তন আনিব।

মানুহৰ এখন দেশলৈ



কোনেনো বুজিব
প্ৰবাহমান নদীৰ বেদনা
যাক সাৱটি লৈ
বসুন্ধৰাই উচুপে নীৰবে,

টকাৰে জানো কিনিব পাৰি
জোনাকৰ ৰূপালী চুমা
অথবা একাজলি মানৱতা !

ইয়াত এতিয়া মাথোন
জুয়ে জুয়ে ঘৰ্ষণ
প্ৰেমহীন জীৱনৰ শব্দহীন বিষ্ফোৰণ
হিংসা, যুদ্ধ আৰু দগ্ধ মঙহৰ
সঘন বৰষুণ।

সময়ে কঢ়িয়াই আনে 
বুকুতেই ৰোৱা গোলাপৰ
কোমল পাহিবোৰ দহি নিয়া
জুঁইৰ সপোন,
শেতেলীত মুৰ থ'লেই 
দীঘল হৈ আহে
নিষ্ফল ৰাতিৰ আষ্ফালন ।

মানুহৰ মনবোৰ
মানুহৰ বিবেকবোৰ 
এতিয়া নিদ্ৰামগ্ন,
ডাৱৰে আৱৰা আকাশত ওলমি থাকে
নিস্তেজ সূৰ্যোদয়ৰ সপোন

আইতাই চোতালত বহি
শুনাইহি বীতশ্ৰদ্ধ জীৱনৰ
নাতিদীৰ্ঘ সাধু,
সাধু শুনিয়েই টোপনি যাও……

চিলমিল টোপনিত
এখন নৈ বৈ আহে
বুকুত গুজি এখনি পালতৰা নাও,
দুখৰ ঢৌবোৰ নেওচি
নাৱৰীয়াই বঠা বায়……

জুমি জুমি চাও
কোন সেই অচিনাকী নাৱৰীয়া
নৈৰ হেঙুলীয়া পানীত
বঠা বায় আগুৱাই যায়,

হেৰা নাৱৰীয়া…
দুখৰ নদীৰে যে 
তুমি মেলি দিলা নাও ?
এখন্তেক ৰৈ
মিচিকিয়া হাঁহিটো ওঠত গুজি
বেলিটোৰ পিনে
তেওঁ দুহাত মেলি দিলে
আৰু ক'লে : আহা
আমি একেখন নাৱৰে যাত্ৰী হও
এখন মানুহৰ দেশলৈ……

Wednesday, 20 June 2018

ৰহস্যময় ব্লেকহোললৈ ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ


ষ্টিফেন হকিং এটি কিংবদন্তীৰ নাম। তেখেতৰ বৈজ্ঞানিক অনুসন্ধানবোৰৰ ভিতৰত কৃষ্ণগহ্বৰ বা ব্লেকহোল অন্যতম। তেখেতৰ প্ৰিয়তম ব্লেকহোল আছিল পৃথিৱীৰ আটাইতকৈ নিকটবৰ্তী ব্লেকহোল "1A-0620-00" বা "V616-মনোচেৰ'টিচ"।


যোৱা ২০১৮ চনৰ শুকুৰবাৰ, ১৫ জুনৰ দিনা ইউৰোপীয় মহাকাশ সংস্থা (European Space Agency)ৰ বিজ্ঞানীসকলে ষ্টিফেন হকিঙৰ পৰিয়ালৰ সদস্য আৰু বিশ্বৰ বিভিন্ন দেশৰ বচা বচা ১০০০ জন বিশেষ ভাবে আমন্ত্ৰিত অতিথিৰ উপস্থিতিত প্ৰয়াত বিজ্ঞানী ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ স্পেইনৰ বিশালকায় ডিচ এণ্টেনাৰ জৰিয়তে পৃথিৱীৰ পৰা ৩৪৫৭ আলোকবৰ্ষ আঁতৰৰ ব্লেকহোল V616-মনোচেৰ'টিচলৈ প্ৰেৰণ কৰিছে। ডিজিটেল ডাটা হিচাবে প্ৰেৰণ কৰা কণ্ঠস্বৰটি আৰম্ভ হৈছে এনেদৰে : "মই ষ্টিফেন হকিং। বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাত ওপঙি ফুৰা ক্ষূদ্ৰকায় পৃথিৱী নামৰ গ্ৰহটোৰ এজন বাসিন্দা……

পূৰ্বতেই বাণীবদ্ধ কৰি থোৱা ষ্টিফেন হকিঙৰ মানৱতা, শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোৰৰ বাৰ্তাবাহী এটি ভাষণৰ ৬ মিনিটৰ নিৰ্বাচিত অংশটো প্ৰখ্যাত গ্ৰীক সংগীতজ্ঞ ভাঞ্জালিচৰ সুৰত বান্ধি ডিজিটেল ডাটা হিচাবে পৃথিৱীৰ পৰা ৩৪৫৭ আলোকবৰ্ষ আঁতৰৰ V616-মনোচেৰ'টিচ নামৰ ব্লেকহোলটোলৈ প্ৰেৰণ কৰা হৈছে। বিজ্ঞানীসকলৰ মতে আজিৰ পৰা ৩৪৫৭ বছৰ পিছত ষ্টিফেন হকিঙৰ এই কণ্ঠস্বৰ সেই নিৰ্দিষ্ট ব্লেকহোলটোৰ ইভেণ্ট হ'ৰাইজনত হেৰাই যাব।

বিগত মাৰ্চ মাহৰ ১৪ তাৰিখে ষ্টিফেন হকিঙৰ দেহাৱসান ঘটে। শেষকৃত সমাপন হোৱাৰ পিছত তেখেতৰ সংৰক্ষিত অস্থিভষ্ম বিগত ১৫ জুনৰ দিনা হকিঙৰ জীয়ৰী লুচি হকিঙে লণ্ডনৰ Westminster Abbeyত সমাধিস্থ কৰে। এই বিশেষ অনুস্থানৰ লগত সংগতি ৰাখি ইউৰোপীয় মহাকাশ সংস্থাই ষ্টিফেন হকিঙৰ কণ্ঠস্বৰ ব্লেকহোললৈ প্ৰেৰণ কৰে।

প্ৰতিপদাৰ্থ বা এণ্টিমেটাৰ : এক সম্ভাৱনা




প্ৰতিপদাৰ্থ বা Antimatter হ'ল সাধাৰণ পদাৰ্থৰ বিপৰীতধৰ্মী কিছুমান পদাৰ্থ। এইবোৰ সাধাৰণ পদাৰ্থবোৰৰ দৰেই অনু পৰমাণুৰ দ্বাৰা গঠিত। অৰ্থাৎ গঠনৰ দিশৰ পৰা সাধাৰণ যিকোনো পদাৰ্থৰ লগত এণ্টিমেটাৰৰ তেনে কোনো পার্থক্য নাই। এই প্ৰতিপদাৰ্থবোৰৰ সাধাৰণ পদাৰ্থৰ লগত থকা মূল পাৰ্থক্যটো হ'ল এয়ে যে প্ৰতিপদাৰ্থবোৰ গঠনকাৰী অৱপাৰমাণবিক কণা সমূহৰ আধানৰ বিপৰীতধৰ্মী গুণ। পদাৰ্থৰ পৰমাণুত প্ৰটন, নিউট্ৰন আৰু ইলেকট্ৰণ থকাৰ দৰেই প্ৰতিপদাৰ্থ বা Antimatter পৰমাণুত প্ৰতিপ্ৰটন, প্ৰতিনিউট্ৰন আৰু প্ৰতিইলেকট্ৰন থাকে। পদাৰ্থৰ পৰমাণু গঠনকাৰী অৱপাৰমাণবিক কণা যেনে প্ৰটনৰ আধান ধনাত্মক, কিন্তু প্ৰতিপদাৰ্থ বা এণ্টিমেটাৰৰ প্ৰতিপ্ৰটন বা এণ্টিপ্ৰটনৰ আধান ঋণাত্মক। একেদৰে পদাৰ্থৰ ইলেকট্রনসমূহ ঋণাত্মক আধানযুক্ত হোৱাৰ বিপৰীতে প্রতিপদার্থত থকা প্রতিইলেকট্রন বা Positron বোৰ ধনাত্মক আধানযুক্ত। প্রতিপদার্থ (Antimatter) আৰু পদার্থ (Matter) যিহেতু সম্পূর্ণ বিপৰীতধর্মী কণাৰ দ্বাৰা গঠিত, সেয়ে এইবোৰ পৰস্পৰৰ সংস্পর্শত আহিলে ধ্বংসপ্ৰাপ্ত হয় আৰু তাৰ ফলস্বৰূপে বিপুল পৰিমাণৰ শক্তি নিৰ্গত হয়।

মাত্ৰ ১ গ্রাম পৰিমাণৰ প্ৰতিপদাৰ্থ যদি মাটিত পেলাই দিয়া হয়, তেন্তে মাটিত থকা সাধাৰণ পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ লগে লগেই এটা অতি ভয়ংকৰ বিস্ফোৰণ ঘটিব আৰু ইয়াৰ পৰা উৎপন্ন হোৱা শক্তিৰ পৰিমাণ পাৰমাণবিক বোমাতকৈও কেইবা হেজাৰ গুণ বেছি হ'ব। প্ৰতিপদাৰ্থ আৰু পদাৰ্থৰ সংস্পৰ্শত এনেদৰে নিৰ্গত হ'ব পৰা শক্তিক নিয়ন্ৰণ কৰিব পাৰিলে ভৱিষ্যতে মানৱজাতিৰ শক্তিৰ ভাণ্ডাৰটো যথেষ্ঠ টনকিয়াল হ'ব। ইতিমধ্যে এই বিষয়ে গুণাগঠা আৰম্ভ হৈছে। বিজ্ঞানীসকলে প্ৰতিপদাৰ্থক মহাকাশযানৰ ইন্ধন হিচাবে ব্যৱহাৰ কৰি মহাকাশযানৰ গতিবেগ পোহৰৰ বেগৰ ৫০% হাৰত বৃদ্ধি কৰাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। যদি এয়া সম্ভৱ হৈ উঠে, তেন্তে পৃথিৱীৰ পৰা দূৰ দূৰণিৰ গ্ৰহসমূহলৈ মানুহৰ যাতায়ত ব্যৱস্থা যথেষ্ঠ সুচল হৈ পৰিব।

প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও এণ্টিমেটাৰ কিন্তু দুস্প্ৰাপ্য। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বুকুত এণ্টিমেটাৰ নাই। অৱশ্যে প্রাকৃতিকভাবে পৃথিৱীৰ বায়ুমণ্ডলত কিছু এণ্টিমেটাৰ সৃষ্টি হয়। যেতিয়া পৃথিবীৰ বায়ুমণ্ডলত উচ্চ শক্তিসম্পন্ন মহাজাগতিক ৰশ্মিয়ে আঘাত কৰে, তেতিয়া অতি সামান্য পৰিমাণে এণ্টিমেটাৰ সৃষ্টি হয়। এই এণ্টিমেটাৰ ক্ষণস্থায়ী। পৃথিবীৰ বায়ুমণ্ডলৰ বিভিন্ন গেছীয় পদাৰ্থ কণাৰ সংস্পৰ্শলৈ আহি এই এণ্টিমেটাৰবোৰ ধ্বংস হয়। 

তথাপি বিজ্ঞানীসকল পিছ পৰি ৰোৱা নাই। তেওঁলোকে পৃথিৱীৰ বুকুতেই কৃত্ৰিম ভাবে এণ্টিমেটাৰ তৈয়াৰ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে। চুইজাৰলেণ্ডৰ এটি বিজ্ঞানাগাৰত "হাইড্রন কোলাইডাৰ" নামৰ এটি বিশেষ যন্ত্রৰ সহায়ত এণ্টিমেটাৰ সৃষ্টি কৰাৰ বাবে আগবাঢ়ি আহিছে বিজ্ঞানীসকল। এই হাইড্রোন কোলাইডাৰৰ সহায়ত প্রতি মিনিটত প্রায় ১০ মিলিয়ন এণ্টিপ্রটন তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। পিছে, ১০ মিলিয়ন এণ্টিপ্রটন খুবেই সামান্য পৰিমাণৰ প্ৰতিপদাৰ্থ কণা। প্ৰতি মিনিটত ১০ মিলিয়ন এণ্টিপ্রটন সৃষ্টি কৰাৰ যি লেহেমীয়া প্ৰক্ৰিয়া, সেই হাৰত ১ গ্ৰাম ভৰৰ প্ৰতিপদাৰ্থ সৃষ্টি কৰিবলৈ প্ৰয়োজন হ'ব প্ৰায় ১০ লাখ বছৰ !!!

তথাপি বিজ্ঞানীসকলে আশা এৰি দিয়া নাই। তেওঁলোক গভীৰ ভাবে মগ্ন এণ্টিমেটাৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো অধিক উন্নত আৰু খৰতকীয়া কৰাৰ বিষয়টো লৈ। হয়তো বিজ্ঞানীসকলৰ প্ৰচেষ্টাই অদূৰ ভৱিষ্যতে ইয়াৰ এক সমাধান সূত্ৰ বাহিৰ কৰিব আৰু মানৱজাতিৰ কল্যাণৰ অৰ্থে প্ৰতিপদাৰ্থবোৰ প্ৰয়োগ হ'ব।

হৃদযন্ত্ৰৰ যান্ত্ৰিক নিয়ন্ত্ৰণ আৰু পেচমেকাৰ


আমাৰ হৃদযন্ত্ৰই অতি নিয়মিত ভাবে অৰ্থাৎ মিনিটত গড়ে ৭২ বাৰকৈ সংকোচন আৰু প্ৰসাৰণৰ মাধ্যমেৰে দেহত তেজৰ সঞ্চালন কৰি আছে। এটি সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে এইটো অতি প্ৰয়োজনীয়। হৃদযন্ত্ৰ সঁচাকৈয়ে এক অভিনৱ অংগ, যি আমাৰ জন্মৰ আগৰে পৰাই নিৰবচিন্ন ভাবে স্পন্দিত হৈ আছে আৰু আমাৰ মৃত্যু পৰ্যন্ত আমাৰ বাবেই কাম কৰি যাব।

সুস্থ মানুহৰ দেহত হৃদযন্ত্ৰই অতি নিয়াৰিকৈ হৃদপেশীৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে দেহত তেজৰ সৰবৰাহ কৰে। হৃদপেশীৰ এই সংকোচন-প্ৰসাৰণ নিয়ন্ত্ৰণৰ বাবে এক নিজস্ব ব্যৱস্থা আছে। এই ব্যৱস্থাটোৰ বাবে হৃদযন্ত্ৰৰ সোঁ-অলিন্দত এক বিশেষ মাংসপেশী বা প্ৰাকৃতিক পেচমেকাৰ আছে যিয়ে অতি নিয়মিত হাৰত বৈদ্যুতিক সংকেত সৃষ্টি কৰি হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰে। 

কিছুমান মানুহৰ দেহত অৱশ্যে প্ৰাকৃতিক পেচমেকাৰৰ অস্বাভাৱিকতাৰ বাবে হৃদযন্ত্ৰই স্বাভাৱিক হাৰত বৈদ্যুতিক সংকেত সৃষ্টি কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদযন্ত্ৰৰ সংকোচন-প্ৰসাৰণ নিয়ন্ত্ৰণহীন হৈ পৰে। হৃদযন্ত্ৰৰ এই অস্বাভাৱিকতাৰ বাবে তেওঁলোক গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। তেনে ৰোগীৰ দেহত ৰক্ত সঞ্চালনত বিঘিনি ঘটাৰ লগতে শ্বাস সমস্যাই দেখা দিয়ে। ৰোগীয়ে ক্লান্তি অনুভৱ কৰে আৰু বহু ক্ষেত্ৰত ৰোগী অজ্ঞান হৈও পৰে। হৃদযন্ত্ৰৰ এই জটিল ৰোগত ৰোগীৰ মৃত্যু পৰ্যন্ত হয়। 

এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসা বিজ্ঞানত এক অভিনৱ পদ্ধতি অৱলম্বন কৰা হয়। তাৰ বাবে কৃত্ৰিম ভাবে হৃদযন্ত্ৰৰ বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পৰা এক বিশেষ যতন সাজি উলিওৱা হৈছে। এই বিশেষ যতনটোৰ নামেই হ'ল পেচমেকাৰ। ৰোগীৰ হৃদযন্ত্ৰৰ অপাৰেচন কৰি প্ৰাকৃতিক পেচমেকাৰৰ ঠাইত কৃত্ৰিম ভাবে বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পৰা পেচমেকাৰ সংস্থাপন কৰি তেওঁলোকৰ হৃদযন্ত্ৰৰ স্পন্দন যান্ত্ৰিক ভাবে নিয়ন্ত্ৰণ কৰোৱা হয়। এই পেচমেকাৰবোৰে বেটাৰীৰ সহায়ত নিয়মিত হাৰত বৈদ্যুতিক সংকেত প্ৰেৰণ কৰি সমগ্ৰ বিশ্বতেই অগণন লোকৰ হৃদয়ৰ স্পন্দন নিয়ন্ত্ৰণ কৰি আছে।


পৃথিৱীৰ চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন


আমি সকলোৱে জানো যে চুম্বক শলা বা কম্পাছৰ উত্তৰ মেৰুৱে পৃথিৱীৰ উত্তৰ মেৰুৰ দিশতেই অৱস্থান কৰে। কিন্তু এয়া চিৰসত্য নহয় কিয়নো অদূৰ ভৱিষ্যতে আমি থিক ইয়াৰ ওলোটা ঘটনা দেখা পাম। আচৰিত যেন লাগিলেও এয়া সত্য যে এদিন কম্পাছৰ উত্তৰ মেৰুৱে পৃথিৱীৰ উত্তৰ মেৰুৰ সলনি দক্ষিন মেৰুৰ দিশতে অৱস্থান কৰিব !! বিজ্ঞানী সকলৰ মতে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু পৃথিৱী সৃষ্টি হোৱাৰে পৰা এতিয়ালৈ ১৭০ বাৰ এনেদৰে পৃথিৱীৰ ভূ-চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন হৈছে। অৰ্থাৎ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱে এতিয়ালৈ ১৭০ বাৰ পৰস্পৰে পৰস্পৰৰ লগত স্থান সলনা সলনি কৰিছে। 

পিছে, কি যুক্তিৰ আধাৰত বিজ্ঞানী সকলে এই তথ্য আগবঢ়াইছে বাৰু ? তেওঁলোকৰ মতে আগ্নেয়গিৰিৰ লাভাত যি শিলাখণ্ড ভূগৰ্ভৰ পৰা ওলাই আহে, সেই আগ্নেয় শিলৰ মাজত যথেষ্ঠ পৰিমানে ধাতৱ অক্সাইড থাকে। এই ধাতৱ অক্সাইড সমূহ চৌম্বিক পদাৰ্থ হোৱা বাবে গলিত শিলাখণ্ডৰ মাজত থকা অৱস্থাতেই পৃথিৱীৰ ভূ-চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত বিশেষ ধৰণে বিন্যস্ত হৈ পৰে। সেয়েহে আগ্নেয় শিলৰ মাজত থকা ধাতৱ অক্সাইডবোৰৰৰ বিন্যাস তথা "কাৰ্বন ডেটিং" পদ্ধতিৰে শিলাখণ্ডৰ বয়স নিৰ্ধাৰণ কৰি লাখ লাখ বছৰ আগতে পৃথিৱীৰ ভূ-চুম্বকীয় মেৰু কোন দিশত আছিল সেইটো শুদ্ধকৈ নিৰ্ধাৰণ কৰিব পাৰি।

কিন্তু কিহৰ বাবে এনেদৰে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱে পৰস্পৰে পৰস্পৰৰ লগত স্থান সলনা সলনি কৰিছে ? এই প্ৰশ্নৰ উত্তৰত বিজ্ঞানী সকলে যুক্তি দাঙি ধৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগ ধীৰে ধীৰে শীতল হ'বলৈ ধৰিছে আৰু সেয়েহে পৃথিৱীৰ আভ্যন্তৰীণ তৰল মেগমাৰ স্তৰত বিগলিত শিলাখণ্ড সমূহৰ গতিবেগ আৰু গতিৰ দিশ উভয়ে প্ৰভাবিত হৈছে। ভূগৰ্ভৰ শিলাখণ্ড আৰু বিভিন্ন ধাতৱ অক্সাইড সমূহৰ গতিবেগ আৰু প্ৰবাহিত হোৱাৰ দিশৰ পৰিবৰ্তনৰ বাবেই পৃথিৱীৰ ভূ-চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন হৈছে।


Sunday, 10 June 2018

"জিৰো গ্ৰেভিটি" আৰু ওজনহীনতা




মহাকাশত "জিৰো গ্ৰেভিটি" বা মাধ্যাকৰ্ষণহীনতা বোলা কথাষাৰ প্ৰকৃতাৰ্থত শুদ্ধ নহয়, কিয়নো "জিৰো গ্ৰেভিটি" হ'ল এনে এক স্থান, য'ত মাধ্যাকৰ্ষণ বলৰ মান শূণ্য। মহাকাশৰ বুকুত এনে এটুকুৰা স্থান বিচাৰি পোৱা কঠিন, য'ত মহাকৰ্ষণ বলে ক্ৰিয়া কৰা নাই। ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উচ্চতাত থকা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ মান তেনেই নগন্য, কিন্তু ইয়াৰ মান শূণ্য নহয়। অৰ্থাৎ জিৰো গ্ৰেভিটি দৰাচলতে "জিৰো" নহয়, বৰং "মাইক্ৰ" হে। বিজ্ঞানত তথাকথিত জিৰো গ্ৰেভিটিক "মাইক্ৰ গ্ৰেভিটি" বুলিহে আলোচনা কৰা হয়।

আমাৰ মনত আন এটা ধাৰণা আছে যে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকা সময়ত বিজ্ঞানীসকলৰ দেহৰ ওজন শূণ্য। কথাটো পিছে তেনে নহয়। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত বিজ্ঞানীসকলৰ দেহৰ ওজন প্ৰকৃততে পৃথিৱীত তেওঁলোকৰ দেহৰ ওজনৰ ৯০ শতাংশ। অৰ্থাৎ তেওঁলোকে দেহৰ ওজন থকা স্বত্তেও মহাকাশত ওজনহীনতা অনুভৱহে কৰে।

তেন্তে ওজনহীনতানো কি ? কথাটো বুজিবলৈ এটা সহজ উদাহৰণ ল'ব বিচাৰিছোঁ। ধৰি লোৱা হ'ল আপুনি গাড়ীৰে ওখ দলং এখনৰ ওপৰলৈ গৈ, পিছ মূহুৰ্ততে দলংখনৰ আনটো দিশৰ এঢলিয়া পথটোৰে তীব্ৰ বেগত গাড়ীৰে নামি আহিছে। থিক সেই সময়ত ক্ষন্তেকৰ বাবে হ'লেও আপুনি দেহত ওজন কমি যোৱাৰ এক বিশেষ ধৰণৰ অনুভূতি লাভ কৰিব। লিফ্টেৰে নামি আহোতেও থিক একে ধৰণৰ অনুভৱ হোৱা দেখা যায়। আচলতে তললৈ গতি কৰা যিকোনো বস্তুৰ ক্ষেত্ৰত কম বেচি পৰিমানে এনে অনুভৱ হয়। কিন্তু কিয় ??

ধৰি লওঁক বন্দুকৰ পৰা ভূপৃষ্ঠৰ আনুভূমিক দিশত এটা গুলী মাৰি পঠিওৱা হ'ল। এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পিছত গুলীটোৱে এটা বক্ৰ পথেৰে আহি পুনৰ পৃথিৱীৰ বুকুত পৰিবহি। যদিহে গুলীটোৰ এই বক্ৰ পথটো পৃথিৱীৰ পৰিধিৰ বক্ৰতাৰ সতে হবহু একে হয়, তেন্তে গুলীটো পৃথিৱীৰ বুকুলৈ সৰি পৰাৰ সলনি পৃথিৱীৰ চৌদিশে এক নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰিব। এই ক্ষেত্ৰত গুলীটোৰ ওপৰত পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে অহৰহ ক্ৰিয়া কৰি থকাৰ পিছতো গুলীটো মাটিত নপৰি পৃথিৱীৰ চৌদিশে ঘূৰি থাকিব। যিহেতু মাধ্যাকৰ্ষণ বলে গুলীটোৰ ওপৰত ক্ৰিয়া কৰি আছে, সেয়ে গুলীটো ওজনহীন হ'বই নোৱাৰে। অথচ গুলীটো "ওজনহীন" যেন হৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলক অৱমাননা কৰি মাটিত সৰি নপৰাকৈ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীৰ চৌদিশে ঘূৰি আছে !

থিক সেইদৰেই পৃথিৱীৰ চৌদিশে জোনবাইটো ঘূৰি আছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। মাটিৰ পৰা ৪৫০ কিমি ওপৰত থাকি ঘণ্টাত ২৮,০০০ কিমি বেগত গতি কৰি থকা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটিও ওপৰৰ উদাহৰণটোত উল্ল্যেখ কৰা বন্দুকৰ গুলীটোৰ দৰেই পৃথিৱীৰ মাধ্যাকৰ্ষণ বলক অৱমাননা কৰি পৃথিৱীৰ চৌদিশে ঘূৰি আছে। এনে অৱস্থাত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ প্ৰতিজন বিজ্ঞানীয়েই ওজনহীনতা অনুভৱ কৰিব যদিও তেওঁলোকৰ দেহৰ ওজন শূণ্য নহয়। অৰ্থাৎ মাইক্ৰ গ্ৰভিটিৰ মহাকাশত কোনো বস্তুৱেই ওজনহীন নহয়। ওজনহীনতা গতি আৰু গতিৰ দিশৰ লগত জড়িত এক অনুভৱহে মাত্ৰ !

স্তিমিত হৈ যাব নেকি পৃথিৱীৰ গতি ?



পাৰমাণৱিক ঘড়ীৰ আৱিষ্কাৰে বিজ্ঞানীসকলক সময়ৰ নিৰ্ভুল হিচাব ৰখাত সহায় কৰে। এনে ঘড়ীৰ সহায় লৈ ইতিমধ্যে বিজ্ঞানীসকলে সময় সম্পৰ্কীয় বহুতো গৱেষণাই সম্পন্ন কৰিছে। এই গৱেষণাবোৰৰ ভিতৰত এটা বিশেষ গৱেষণাই আন এক গুৰুত্বপূৰ্ণ তথ্য আমাৰ আগত দাঙি ধৰিছেহি। এই তথ্যটোৰ মতে পৃথিৱীখন ক্ৰমে স্তিমিত হৈ আহিব ধৰিছে। অৰ্থাৎ নিজ মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ ঘূৰ্ণন (আহ্নিক গতি) ক্ৰমে ধীৰ হৈ পৰিছে। গৱেষণাটোৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি প্ৰতি এশ বছৰত একোটা সৌৰদিন ১.৭ মিলিছেকেণ্ড দীঘল হৈ আহিছে।

ভূ-বিজ্ঞানী সকলে পৃথিৱীৰ আভ্যন্তৰীন শিলাস্তৰৰ গঠন পুংখানুপুংখ ভাবে অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হৈছে যে আজিৰ পৰা প্ৰায় ৪৫০ কৌটি বছৰ আগতে পৃথিৱীত এটা সৌৰদিনৰ দৈৰ্ঘ আছিল মাত্ৰ ৬ ঘণ্টা। অৰ্থাৎ তেতিয়া আমাৰ পৃথিৱীখন নিজ মেৰুদণ্ড সাপেক্ষে বৰ্তমানৰ তুলনাত চাৰিগুণ অধিক বেগত ঘূৰিছিল। কিন্তু ক্ৰমান্বয়ে মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ গতি ধীৰ হৈ আহিবলৈ ধৰে। এনেদৰে ধীৰ হৈ অহা পৃথিৱীৰ আহ্নিক গতিৰ বাবে পৃথিৱীৰ দিনবোৰ দীঘল হৈ পৰিবলৈ ধৰে। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে আজিৰ পৰা ২৫০ কৌটি বছৰ আগত পৃথিৱীৰ এটা সৌৰদিনৰ দৈৰ্ঘ আছিল প্ৰায় ২০ ঘণ্টা, যি আজিৰ দিনৰ এটা সৌৰদিনতকৈ ৪ ঘণ্টা কম। 

কিন্তু কিয় এনেদৰে পৃথিৱীৰ গতি ক্ৰমে স্তিমিত হৈ আহিছে ? এই প্ৰশ্নটোৰ উত্তৰত বিজ্ঞানী সকলে তিনিটা যুক্তি দেখুৱাইছে : 

১) সাগৰ মহাসাগৰবোৰত সৃষ্টি হোৱা জোৱাৰ ভাটাৰ ঘৰ্ষণ বলে পৃথিৱীৰ গতিৰ বিপৰীত দিশে ক্ৰিয়া কৰি পৃথিৱীৰ আহ্নিক গতিক স্তিমিত কৰি তুলিছে। 

২) জোনবাইৰ মাধ্যাকৰ্ষণ বলে পৃথিৱীৰ গতিক প্ৰভাৱিত কৰাৰ ফলত পৃথিৱীখন ধীৰ হৈ পৰিছে। 

৩) পৃথিৱীৰ টেকটনিক প্লেট সমূহৰ সামূহিক সঞ্চালনৰ বাবে জড়ভ্ৰামক পৰিবৰ্তিত হৈ পৃথিৱীৰ ঘূৰ্ণণক প্ৰভাৱিত কৰিছে।

এই হাৰত সৌৰদিনৰ দৈৰ্ঘ বাঢ়ি থাকিলে আগন্তুক ১৫০ কৌটি বছৰ পিছত পৃথিৱীৰ এটা সৌৰদিন ৪০ ঘণ্টাৰ হ'বগৈ। অৰ্থাৎ ২০ ঘণ্টা দিন আৰু ২০ ঘণ্টা ৰাতি !