Tuesday, 26 April 2016

ইকুৱেডৰৰ গতিশীল গছবোৰ


লেটিন আমেৰিকাৰ ইকুৱেডৰত এবিধ বিশেষ প্ৰজাতিৰ গছ আছে যাৰ বৈজ্ঞানিক নাম Socratea exorrhiza (চক্ৰেটি এক্সৰহিজা)। গছজোপাৰ বিশেষত্ব এইটোৱেই যে গছজোপাই প্ৰতি দিনে 2-3 ছেন্টিমিটাৰ বা বছৰত প্ৰায় 18-20 মিটাৰ দূৰত্ব খোজকাঢ়ি আগুৱাই যাব পাৰে। ঋতু পৰিবৰ্তনৰ ফলত সূৰ্যৰ আপেক্ষিক অৱস্থানৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই গছজোপাই পোহৰৰ দিশে এক বিশেষ প্ৰক্ৰিয়াৰে আগবাঢ়ি যায়। ইয়াৰ বাবে গছজোপাই পোহৰ আৰু কোমল তথা আৰ্দ্ৰ মাটিৰ দিশত নতুন শিপা সৃষ্টি কৰি মাটিত খোপনি পুতি লয়। নতুন শিপাই মাটিত দৃঢ় ভাবে খোপনি পোতাৰ পিছত পুৰণি শিপাবোৰ মৰি যায়। এনেদৰে নতুন নতুন শিপা সৃষ্টি কৰি গছজোপা ক্ৰমান্বয়ে এটা নিৰ্দিষ্ট দিশত আগবাঢ়ি যায়। ইকুৱেডৰৰ এই গছবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটকে ইয়ালৈ ঢাপলি মেলে। সঁচাকৈয়ে বিচিত্ৰ এই পৃথিৱীৰ জীৱকুল, বিচিত্ৰ ক্ৰমবিকাশ।

Thursday, 21 April 2016

ভূমিকম্পৰ পৰা ৰক্ষাকাৰী বিচনা


ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ আৰু এনে দুৰ্যোগৰ পৰা ৰক্ষা পৰাৰ বাবে সাবধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। আমাৰ বাবে এটি সুখবৰ এইয়ে যে শেহতীয়াকৈ Wang Wenxi নামৰ এজন লোকে ভূমিকম্পৰ পৰা হ'ব পৰা সম্ভাব্য বিপদ বা আঘাতৰ পৰা আমাক ৰক্ষা কৰিব পৰা এখন বিচনা সাজি উলিয়াইছে। এই বিচনাখনত Wenxi এ বিশেষ ধৰণৰ অতি সংবেদী কেতবোৰ বৈদ্যুতিক আহিলা সংলগ্ন কৰি ৰাখিছে। ইয়াৰ ফলত বিচনাখনেভূপৃষ্ঠৰ যিকোনো কম্পন তৎকালীন ভাবে অনুভৱ কৰি বিচনাখনত শুই থকা ব্যক্তি গৰাকীক সুৰক্ষা দিব পাৰে। Wang Wenxiএ 2010 চনতেই এই ভূমিকম্প সংবেদী বিচনা খনৰ আৰ্হিটো তৈয়াৰ কৰি উলিয়াই ইয়াৰ পেটেন্ট লাভ কৰিছিল। বৰ্তমান এই ভূমিকম্প সংবেদী বিচনাখনৰ ব্যৱসায়িক উৎপাদন আৰম্ভ হৈছে। হয়তো আৰু কেইমাহমান পিছতেই বজাৰত এই বিচনাখন উপলব্ধ হ'ব।

Friday, 15 April 2016

মোৰ আৰু পৃথিৱীৰ


এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা,

বাৰে বাৰেদুহাতেৰে দাঙি ল’ব লাগে |

 জিভাত দুখৰ ঘৰৰ লোণ,ওকালিত ওলাই আহে ভাতৰ নিসনি |

 খং মোৰ সহজতে নুঠে |

দায়িত্বশীল পিতাৰ দৰে ম‍ই জানোখং কেনেকৈ সামৰি থ’ব লাগে;

ক্ষমায়েই বা কাক বোলে | 

প্ৰচুৰ দায়িত্ব মোৰ |

দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,

একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,

কিবা এটা ক’ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰেঅজানিত তেজ 

মুখৰ ভিতৰে-বাহিৰে |


মমবাতিৰ শিখাত হীৰাৰ টুকুৰা


বিজ্ঞানৰ বিচিত্ৰ জগতত এইবাৰ এটি নতুন আৱিষ্কাৰ এই যে আপুনি বা মই জ্বলোৱা মমবাতিৰ শিখাত সৃষ্টি হয় অযুত হীৰাৰ টুকুৰা !! St Andrews বিশ্ববিদ্যালয়ৰ এদল গৱেষকে Prof Wuzong Zhouৰ তত্বাবধানত এই তথ্য আৱিষ্কাৰ কৰিছে। আজিৰ পৰা 2000 বছৰ পূৰ্বে চীনত আৱিষ্কাৰ হোৱা মমবাতিৰ ওপৰত এলানি পৰীক্ষা সম্পন্ন কৰি মাইকেল ফেৰাডেই আগবঢ়াইছিল তেখেতৰ বিখ্যাত Christmas Lecture আৰু তেখেতে Chemical History of Candle Flame নামৰ বক্তৃতা লানিত মমবাতিৰ শিখাত দেখা যোৱা উজ্জ্বলতাক হীৰাৰ চিকমিকনিৰ লগত ৰিজাইছিল। এই উক্তিৰ দ্বাৰা প্ৰভাম্বিত হৈ গৱেষক সকলে মমবাতিৰ শিখাৰ ওপৰত আৰম্ভ কৰিলে এলানি পৰীক্ষা। তেখেতসকলে জ্বলন্ত মমবাতিৰ শিখাৰ মাজৰ পৰা অতি সাবধানতাৰে পদাৰ্থৰ কণিকা সংগ্ৰহ কৰি তাত কাৰ্বনৰ প্ৰতিটো বহুৰূপৰ সম্ভেদ পায়। তেখেত সকলে পৰীক্ষাৰ সময়ত লক্ষ্য কৰিছিল যে মমবাতিৰ শিখাৰ নিম্ন অংশত সৃষ্টি হোৱা হাইড্ৰকাৰ্বন সমূহ শিখাটোৰ উৰ্ধত কাৰ্বন-ডাইঅক্সাইড গেছলৈ সলনি হয়। কিন্তু শিখাটোৰ মাজ অংশত হাইড্ৰকাৰ্বন সমূহ ক্ষন্তেক সময়ৰ বাবে হীৰাৰ ক্ষুদ্ৰতম কণা বা Nanoparticle হিচাবে উপলব্ধ হয়। অৱশ্যে পৰবৰ্তী সময়ত এই হীৰাৰ ক্ষুদ্ৰ কণা সমূহ জ্বলন প্ৰক্ৰিয়াত কাৰ্বন-ডাইঅক্সাইড গেছলৈ পৰিবৰ্তিত হয়। এই পৰীক্ষাৰ ফলাফলে যথেষ্ট আশাবঞ্জক বতৰা আনিছে কিয়নো ইয়াৰ দ্বাৰা বিজ্ঞানী সকলে হীৰা তৈয়াৰ কৰিব পৰা এটি কৌশল উদ্ভাৱন কৰিব পাৰিব।

বুধ গ্ৰহৰ বালক গমন


অহা 9 মে, 2016 তাৰিখে আমি এটি বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পাম। সিদিনা বিয়লি সমূহ বিশ্ববাসীয়ে অতি উৎসুকতাৰে প্ৰত্যক্ষ কৰিব সূৰুজৰ পৃষ্ঠৰ মাজেৰে অতি ধীৰ গতিৰে পাৰ হৈ যোৱা বিন্দু সদৃশ এটি ছায়া- যাৰ নাম বুধ গ্ৰহ। সূৰুজৰ পৃষ্ঠৰ ওপৰেদি ধীৰে ধীৰে পাৰ হৈ যাব লগীয়া বুধ গ্ৰহৰ এই বিৰল পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত "বালক গমন" বা Transit of Mercury বোলা হয়। বুধৰ বালক গমন এক বিৰল মহাজাগতিক পৰিঘটনা। সাধাৰণতে বুধৰ বালক গমন শতিকাত মাত্ৰ 13 বা 14 বাৰহে দেখা যায়। পোনপ্ৰথম বাৰৰ বাবে বুধৰ বালক গমন দেখা পাইছিল 7 November, 1631 চনত Pierre Gassendi নামৰ এজন বিজ্ঞানীয়ে। ইয়াৰ পিছত 1639 চনত Jeremiah Horrocks নামৰ আন এজন বিজ্ঞানীয়ে শুক্ৰৰ বালক গমন বা Transit of Venus দেখা পায়। পৃথিৱী আৰু সূৰ্যৰ মাজত যেতিয়া বুধ বা শুক্ৰ গ্ৰহই অৱস্থান লাভ কৰে, তেতিয়াই এই বিৰল মহাজাগতিক পৰিঘটনা দৃশ্যমান হয়। অহা 9 মেত সংঘটিত হ'ব লগীয়া বুধৰ বালক গমন আবেলি 4:42 বজাৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ পৰা দেখা পোৱা যাব। প্ৰয়োজন হ'ব এটি ফৰকাল বতৰ আৰু কিছু সাবধানতা। সূৰ্যক প্ৰত্যক্ষ ভাবে চোৱা অনুচিত। সেয়েহে কিছু সাবধানতাৰ প্ৰয়োজন। পৰবৰ্তী সময়ত আমি এই সাৱধানতা সম্বন্ধে আলোচনা কৰিম। 

Sunday, 10 April 2016

বাঁহ গছৰ ফুল


প্ৰতি দিনে প্ৰায় 10 ছে:মি: কৈ দীঘল হোৱা বাঁহ গছবোৰ অতি দ্ৰুত হাৰত বৃদ্ধি হোৱা উদ্ভিদ বোৰৰ ভিতৰত অন্যতম। বাঁহৰ কেতবোৰ প্ৰজাতি আকৌ প্ৰতি মিনিটত 0.5 মি:মি: পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। বাঁহ গছৰ আন এটা বৈশিষ্ট্য হ'ল এইয়ে যে গড়ে 50 বছৰ পৰমায়ু বিশিষ্ট বাঁহ গছক সম্পূৰ্ণ পৈণত হ'বলৈ সময়ৰ প্ৰয়োজন হয় মাত্ৰ 5 বা 6 বছৰ। এনে দ্ৰুত হাৰত বৃদ্ধি হোৱা এই বাঁহ গছবোৰক পিছে ফুল ফুলাৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ প্ৰয়োজন হয় অতি বেছি সময়ৰ। সাধাৰণতে বাঁহ গছত প্ৰতি 60 ৰ পৰা 90 বছৰৰ মূৰতহে ফুল ফুলা দেখা যায়। বাঁহ গছৰ এই অতি লেহেমিয়া হাৰত ফুল ফুলা প্ৰক্ৰিয়াটো উদ্ভিদ বিজ্ঞানী সকলৰ বাবেও এক জটিল আৰু ৰহস্যময় বিষয়। বাঁহ গছত ফুল ফুলাৰ পিছত বীজ সৃষ্টি হয়। এই বীজ বোৰক বাঁহৰ ধান বা Bamboo Rice বোলা হয়। এইদৰে বাঁহ গছত বীজ সৃষ্টি হোৱাৰ ফলত এন্দুৰ জাতীয় প্ৰাণীবোৰৰ বাবে খাদ্যৰ উভৈনদী হৈ পৰে আৰু এই প্ৰাণীবোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এনেদৰে হঠাতে অত্যাধিক হাৰত এন্দুৰ জাতীয় প্ৰাণীবোৰৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহৰ লগতে আন আন প্ৰাণীবোৰৰ মাজত টাইফয়ড, টাইফাচ, প্লেগ জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়। সেই বাবেই আমাৰ সমাজত বাঁহ গছৰ ফুল ফুলা ঘটনাটো অমংগলৰ চিন বুলি প্ৰচলিত হৈ আহিছে।

Friday, 8 April 2016

ধুমকেতুৰ সংক্ষিপ্ত বুৰঞ্জী


সৌৰজগত এখন ৰহস্যময় জগত। সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ, শিলাখণ্ড, উল্কাপিণ্ডকে আদি কৰি বিভিন্ন মহাজাগতিক পদাৰ্থ পিণ্ডৰ লগতে সততে আলোচ্য আন এক অতিথি হ'ল ধুমকেতু বোৰ। প্ৰাচীন কালৰে পৰাই ধুমকেতু বোৰে মানুহক আকৰ্ষণ কৰি আহিছে। ভাৰতবৰ্ষত ধুমকেতু বোৰক অশান্তি, অমংগল, যুদ্ধ-বিগ্ৰহ, বেমাৰ-আজাৰ আদিৰ কাৰক বুলি বিশ্বাস কৰা হৈছিল। পিছে এই ধুমকেতু বোৰৰ লগত জড়িত এনে বিশ্বাস বোৰৰ যুক্তিযুক্ততাক আধুনিক বিজ্ঞানে নুই কৰিছে।সৌৰজগত গ্ৰহ নেপচুনৰ কক্ষপথৰ পৰা আঁতৰত থকা কুইপাৰ বেল্ট নামৰ অংশৰ লগতে সৌৰজগতৰ শেষ প্ৰান্তত থকা উৰ্ট মেঘৰ পটীৰ অসংখ্য গোলাকাৰ বৰফ পিণ্ডবোৰৰ পৰাই ধুমকেতু বোৰৰ জন্ম হয়। 


এই বৰফৰ পিণ্ডবোৰ সৌৰজগতৰ বহিঃগ্ৰহ যেনে ইউৰেনাচ আৰু নেপচুন তথা উৰ্ট মেঘৰ নিকটবৰ্তী কোনো নক্ষত্ৰৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত কেতিয়াবা সূৰ্যৰ চাৰিওফালে এক উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰিবলৈ লয়। এনে গোলাকাৰ বৰফৰ পিণ্ডবোৰই একোটা ধুমকেতুলৈ সলনি হয় আৰু সূৰ্যৰ চৌদিশে এক নিৰ্দ্দিষ্ট কক্ষপথেৰে প্ৰদক্ষিণ কৰিবলৈ লয়। এই ধুমকেতু বোৰৰ পৰ্যায়কাল নিৰ্ভৰ কৰে সৌৰজগতৰ বিশাল গ্ৰহবোৰৰ মাধ্যাকৰ্ষণ বলৰ ওপৰত। বৃহস্পতিৰ দৰে বিশাল গ্রহবোৰৰ মাধ্যাকর্ষণ বলৰ প্রভাবত একোটি ধুমকেতু কক্ষচ্যুত হৈ সৌৰজগত এৰি আঁতৰি যাব পাৰে কাৰণ এই বিশাল গ্রহবোৰৰ মহাকর্ষণীয় বল ধুমকেতু বোৰৰ ক্ষেত্ৰত সূৰ্যতকৈও বেছি হ'ব পাৰে আৰু সেয়ে ধুমকেতু বোৰ সূর্যৰ আকর্ষণ ভেদ কৰি মহাকাশৰ অজান ঠাইলৈ গুচি যাব পাৰে। উদাহৰণ স্বৰূপে Tempel-Swift-LINEAR ধুমকেতুটো ১৮৬৯ চনত আবিষ্কৃত হলেও ১৯০৮ চনৰ পিছত আৰু দেখা নগৈছিল কাৰণ বৃহস্পতিৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ধুমকেতুটো কক্ষচ্যুত হৈ পৰিছিল। অৱশ্যে ২০০১ চনত LINEARৰ দ্বাৰা পুণৰ আবিষ্কৃত হয়। সাধাৰণতে সূৰ্যৰ চৌদিশে ১০০০ৰ পৰা ১০০০০ বাৰ প্ৰদক্ষিণ কৰাৰ পিছত ধুমকেতু এটাৰ সকলো উদ্বায়ী পদাৰ্থ শেষ হৈ যায়। দীৰ্ঘ দূৰত্বৰ ধুমকেতুৰ ক্ষেত্ৰত এই উদ্বায়ী পদাৰ্থৰ ভাণ্ডাৰ অৱশ্যে ৫০০ টা প্ৰদক্ষিণৰ পিছতেই শেষ হৈ যাব পাৰে। এই উদ্বায়ী পদাৰ্থৰ ভাণ্ডাৰটো শেষ হৈ যোৱাৰ পিছত ধুমকেতু বোৰৰ মৃত্যু হয় আৰু সূৰ্য্যৰ বুকুত জাহ যায়। কিছুমান ধুমকেতু সূৰ্য্যৰ চৌদিশে প্ৰদক্ষিণ কৰাৰ সময়ত টুকুৰা-টুকুৰ কৈ ভাঙি যোৱাৰ উদাহৰণো পোৱা যায়। তেনে এটা ধুমকেতু হ'ল Schwassmann Wachmann-3 নামৰ ধুমকেতুটো, যিটো 1995 চনত প্ৰদক্ষিণৰ সময়ত সূৰ্য্যৰ কাষলৈ গৈ তিনিটা খণ্ডত ভাঙি পৰিছিল। সৌৰজগতৰ কিছুমান ধুমকেতু আকৌ বিশালকায় গ্ৰহবোৰৰ লগত সংঘৰ্ষত পতিত হৈ ধ্বংস প্ৰাপ্ত হয়। 1994 চনত Shoemaker-Levy নামৰ ধুমকেতুটো বৃহস্পতি গ্ৰহৰ মাধ্যাকৰ্ষণৰ দ্বাৰা প্ৰভাবিত হৈ গ্ৰহটোৰ বুকুত পতিত হৈ ধ্বংস হৈছিল। একেদৰে হাৱার্ড-কুমন-মিছেল নামৰ ধুমকেতুটো ১৯৭৯ চনৰ আগষ্ট মাহত ইউৰেনাছৰ বুকুত জাহ গৈছিল।




আমাৰ পৃথিৱীৰ বুকুতো ধুমকেতুৰ সংঘৰ্ষ হোৱা বুলি কোৱা হয়। এনে সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ পৰা ডাইনোচৰৰ দৰে বিশাল সৰীসৃপ সমূহ বিলুপ্ত হোৱা বুলি এচাম বিজ্ঞানীয়ে তথ্য দাঙি ধৰিছে।

শক্তিৰ ঘাইশিপা বিচাৰি


বিগ বেং বা মহানাদৰ ফলত দৃশ্যমান বা অদৃশ্য পদাৰ্থকণা বোৰৰ লগতে বিশ্বব্ৰহ্মাণ্ডখনো সৃষ্টি হৈছিল। পিছে বিশ্বব্ৰহ্মাণ্ডত শক্তি ক'ৰ পৰা আহিল ? এই শক্তিৰ আদিমতম উৎসই বা কি ? প্ৰশ্নটো হয় বৰ জটিল অথবা অপ্ৰাসংগিক। কিয়নো বিজ্ঞানৰ সাধাৰণ সূত্ৰ অনুসৰি শক্তিৰ সৃষ্টি বা বিনাশ অসম্ভৱ। তেন্তে, শক্তি ক'ৰ পৰা আহিল ? বিগত নৱেম্বৰ, 2015 চনত মুম্বাইস্থিত ভাবা পাৰমাণবিক গৱেষণা কেন্দ্ৰ (BARC)ৰ TIFRত নাছাৰ পৰা অহা বিখ্যাত Planetary Scientist Dr Henry Throopক লগ পোৱাৰ সৌভাগ্য হৈছিল। তেখেতক এই বিষয়ে সুধিছিলো। উত্তৰত তেখেতে কৈছিল যে এইটো এটা অতি জটিল প্ৰশ্ন। তেখেতৰ মতে শক্তি এটা এনেকুৱা ৰাশি বিশ্বব্ৰহ্মাণ্ডত যাৰ মান সদায় স্থিৰ বা ধ্ৰুৱক। সেই দিশৰ পৰা শক্তিৰ আদিম উৎস কেৱল আমাৰ মনলৈ আহিব পৰা এটি উত্তৰবিহীন প্ৰশ্ন মাথোন। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ পিছত সংঘটিত বিভিন্ন পৰিঘটনাৰ পাকচক্ৰত সময়ে সময়ে শক্তি ভৰলৈ আৰু ভৰ শক্তিলৈ সলনা সলনি হৈ আহিছে। ভৰ আৰু শক্তিৰ এই সালসলনি প্ৰক্ৰিয়াৰ লগতে শক্তি ইয়াৰ বিভিন্ন প্ৰকাৰ যেনে গতিশক্তি, স্থিতিশক্তি, বৈদ্যুতিক শক্তি আদিৰ মাজত ৰূপান্তৰিত হৈ থাকে। এনেদৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ মূহুৰ্তৰ পৰাই আমাৰ লগত শক্তি আছে আছে বিশ্বব্ৰহ্মাণ্ডৰ অন্তিম মূহুৰ্তলৈ থাকিব। সেয়েহে Henry Throopৰ ভাষাত: Thus, finding the origin of energy is beyond the scope of our present day research.

Friday, 1 April 2016

জুইৰ বিষয়ে যৎকিঞ্চিত


প্রাচীন কালত গ্রীক অ্যালকেমিস্ট সকলে জুইক এটি মৌল বুলি ভাবিছিল। তেওঁলোকে মাটি, বায়ু, পানী আদিকো মৌল উপাদান হিচাবে বিবেচনা কৰিছিল। কিন্তু মৌলৰ আধুনিক সংজ্ঞাৰ পৰা আমি জানিব পাৰিছো যে এইবোৰৰ কোনোটিয়েই মৌল নহয়, বৰং এইবোৰ বিভিন্ন মৌলৰ সমন্বয়ত গঠিত কেতবোৰ পদাৰ্থ। কিন্তু আমি আগতে উল্লেখ কৰা জুইৰ ক্ষেত্ৰত প্ৰশ্নটো কিছু জটিল। সাধাৰণতে জুই হ'ল উত্তপ্ত গেছৰ এটি মিশ্রণ। ৰাসায়নিক বিক্রিয়াৰ ফলত, বায়ুৰ উপাদান অক্সিজেন আৰু বিভিন্ন ধৰণৰ দাহ্য পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হোৱা তপত গেছীয় পদাৰ্থবোৰ আমি জুইৰ শিখা ৰূপে দেখো। এনে বিক্রিয়াৰ ফলত কার্বন ডাই অক্সাইড, জলীয় বাষ্প, পোহৰ আৰু তাপ আদি উৎপন্ন হয়। এনে ধৰণৰ তাপবৰ্জী বিক্ৰিয়াত তাপৰ পৰিমাণ যিমানেই বাঢ়ে, দাহ্য পদাৰ্থত উপস্থিত থকা কার্বন অথবা অন্যান্য মৌলৰ পৰমাণুসমূহে সিমানেই বেছি পোহৰ বিকিৰণ কৰে। এই তাপৰ দ্বাৰা পোহৰ উৎপাদন প্রক্রিয়াকেই Incandescence বা তাপোজ্বলতা বোলা হয়। এই একে প্রক্রিয়াৰেই এটি বৈদ্যুতিক বাল্বে পোহৰ বিলায়। যদি অগ্নিশিখা যথেষ্ট উত্তপ্ত হয়, তেতিয়া গেছীয় পৰমাণুবোৰ আয়নিত হয় আৰু পদার্থৰ অন্য এটি অবস্থালৈ গুচি যায়। পদাৰ্থৰ এই অৱস্থাটোক প্লাজমা বোলা হয়। অগ্নিশিখাৰ ৰঙৰ তাৰতম্য নির্ভৰ কৰে দহন কৰা পদাৰ্থৰ গুণাগুণ আৰু দাহ্য পদাৰ্থৰ উষ্ণতাৰ ওপৰত। সাধাৰণতে জুইৰ আটাইতকৈ উত্তপ্ত অংশৰ বৰণ নীলা কাৰণ এই অংশই নীলা বৰণৰ পোহৰ বিকিৰণ কৰে। আনহাতে জুইৰ শিখাৰ আটাইতকৈ শীতল অংশটো হ'ল শিখাৰ শীর্ষ অংশটো য'ত কমলা বা হালধীয়া-কমলা বৰণ দেখা যায়। জুইৰ শিখাৰ আকাৰ মাধ্যাকর্ষণ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জুইৰ শিখাৰ মধ্যবর্তী অৱস্থানত থকা উত্তপ্ত গেছৰ ঘনত্ব শিখাটোৰ চৌপাশৰ বায়ুৰ ঘণত্বত কৈ কম। কিন্তু এই অংশৰ গেছীয় পদাৰ্থৰ তাপমাত্রা চৌপাশৰ বায়ুৰ তুলনাত অনেক বেছি। ফলত এই উত্তপ্ত গেছীয় পদাৰ্থবোৰ অধিক ঘনত্বৰ অঞ্চলৰ পৰা কম ঘনত্বৰ দিশে গতি কৰে। মাধ্যাকর্ষণ বলৰ কাৰণে শিখাৰ গেছীয় পদাৰ্থবোৰে এনেদৰে গতি কৰে যে আমি সদায়ে দেখি অহা জুইৰ শিখাৰ গতি উৰ্ধমুখী। কিন্তু মাধ্যাকৰ্ষণহীন পৰিবেশত, যেনে মহাকাশত অথবা স্পেচ শ্বাটলত যদি আমি একুৰা জুই জ্বলাও, তেন্তে জুইৰ শিখাটোৱে এটি গোলাকাৰ পিণ্ডৰ আকৃতি ধাৰণ কৰে !

Thursday, 24 March 2016

ৰেলগাড়ীৰ ব্ৰেক আৱিষ্কাৰ কৰা অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাস

সেয়া 1905 চনৰ কথা। বৰপেটাৰ বিলৰতাৰি হাটীৰ ৰামপ্ৰসাদ দাসৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ-মাতৃয়ে নাম ৰাখিলে গুৰুপ্ৰসাদ। প্ৰাথমিক শিক্ষা সাং কৰি গুৰুপ্ৰসাদে নামভৰ্তি কৰিলে Barpeta Govt High Schoolত। পিছে গুৰুপ্ৰসাদৰ পঢ়াশুনালৈ বেছি মন নাই। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই গুৰুপ্ৰসাদৰ মুৰত ব্যৱসায়ৰ চিন্তাই বাহ লয়। বৰপেটাৰ Ojha Store নামৰ কাপোৰৰ দোকানৰ স্বত্তাধিকাৰী এজনৰ পৰা কেইখনমান এৰী, মূগা আৰু পাটৰ কাপোৰ লৈ গুৰুপ্ৰসাদে এদিন ঘৰৰ কাকো নজনোৱাকৈ ব্যৱসায়ৰ লক্ষ্যৰে কলিকতালৈ বুলি যাত্ৰা কৰিলে। কলিকতাৰ বিভিন্ন স্থানত ঘুৰি ফুৰি গুৰুপ্ৰসাদে আৰম্ভ কৰিলে এক লক্ষ্যহীন জীৱন। হাতৰ কাপোৰ কেইখন বিক্ৰী হোৱাৰ পিছত আৰ্থিক তাগিদাত পৰি গুৰুপ্ৰসাদে ব্যৱসায়ৰ চিন্তা বাদ দি নতুন কামৰ সন্ধান আৰম্ভ কৰিলে। আৰু সোনকালেই গুৰুপ্ৰসাদে এটা মটৰগাড়ীৰ গেৰেজত মেকানিক হিচাবে নতুন কৰ্মময় জীৱন আৰম্ভ কৰিলে।



 এদিন মটৰগাড়ীৰ খুটিনাটি লৈ সেই গেৰেজলৈ আহিছিল THOMPSON & CO নামৰ তীখা উদ্যোগৰ এজন বৃটিছ ব্যৱসায়ী। গুৰুপ্ৰসাদৰ কামত মুগ্ধ হৈ তেওঁ গুৰুপ্ৰসাদক CALCUTTA TECHNICAL SCHOOLত নামভৰ্তি কৰাই দিয়াৰ লগতে নিজৰ তীখা উদ্যোগতো এটি কাম দিলে। তিনিটা বছৰ পিছত গুৰুপ্ৰসাদে CALCUTTA TECHNICAL SCHOOLৰ পৰা কাৰিকৰী শিক্ষাৰ ডিপ্লোমা লাভ কৰে। কেইবছৰমান পিছত কলকাতাৰ ইডেন গাৰ্ডেনত সৰ্বভাৰতীয় পৰ্যায়ত এখন কাৰিকৰী মেলা অনুস্থিত হৈছিল য'ত THOMPSON & COক প্ৰতিনিধিত্ব কৰি গুৰুপ্ৰসাদে অংশগ্ৰহণ কৰিছিল। গুৰুপ্ৰসাদৰ কৌশলী উদ্ভাৱন ক্ষমতা দেখি বৃটিছ ইঞ্জিনীয়াৰ সকলে তবধ মানিছিল। 1925 চনৰ সেই কাৰিকৰী মেলাত তেতিয়াৰ অসমৰ গৱৰ্ণৰ Bilton Bellএ গুৰুপ্ৰসাদৰ উদ্ভাৱন ক্ষমতা দেখি তেওঁক উন্নত কাৰিকৰী শিক্ষা লাভৰ বাবে ইংলেণ্ডলৈ পঠিওৱাৰ যো-জা কৰিলে। 1927 চনত সম্পূৰ্ণ চৰকাৰী উদ্যোগত গুৰুপ্ৰসাদ ইংলেণ্ড পালেগৈ। ইংলেণ্ডত তেওঁ বাস্প ইঞ্জিন সম্বন্ধে শিক্ষা গ্ৰহণ কৰি সফলতাৰে ডিপ্লোমা লাভ কৰে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে বৃটিছ চৰকাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে। গুৰুপ্ৰসাদে সফলতাৰে ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰে আৰু বৃটিছ চাবমেৰিনত প্ৰথম ভাৰতীয় মেকানিকেল ইঞ্জিনীয়াৰ হিচাবে কাম আৰম্ভ কৰে। পৰবৰ্তী সময়ত গুৰুপ্ৰসাদ জাৰ্মানীলৈ গৈ বাস্প ইঞ্জিনৰ ওপৰত বিশদ ভাবে অধ্যয়ন কৰে। এই সময়চোৱাতেই তেওঁ Heat Meter নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে। ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে Imperial Railway Serviceত ইঞ্জিনীয়াৰ হিচাবে যোগদান কৰে আৰু 1930 চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। এই ভেকুৱাম ব্ৰেকক আজিও গুৰুপ্ৰসাদ দাসৰ নাম অনুসৰি GP Vacuum Brakes বুলি কোৱা হয়। 1931 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি কলকাতাৰ হাওৰা ৰেল ষ্টেচনৰ Asst Superintendent হিচাবে কামত যোগদান কৰে। পৰবৰ্তী সময়চোৱাত তেওঁ ভাৰতৰ বিভিন্ন প্ৰদেশত কাৰ্যনিৰ্বাহ কৰি 1970 চনত অৱসৰ গ্ৰহণ কৰে। 1982 চনত এই মহান অসমীয়া বিজ্ঞানীজন পত্নী চঞ্চলা দাস আৰু দুই পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক কন্দুৱাই বৈকুণ্ঠগামী হয়।